গল্প-কবিতা

খেলখন চলি থাকে ।। বসন্ত বৰা

মুক্ত চিন্তা।একাদশ বছৰ।। ৫ম সংখ্যা

কোনো কথাই শেষ কথা নহয়
কোনো কাহিনীয়েই শেষ কাহিনী নহয়
কোনো মৃত্যুয়ে শেষ মৃত্যু নহয়

ইয়াৰ পৰা তালৈ
তোমাৰ পৰা মোলৈ

ক’তো শেষ নাই

এন্ধাৰে পোহৰে
নিজানে কোলাহলে
সকলোতে খেল এখন চলি থাকে

আয়োজক,দৰ্শক
কোনে কাক চিনে
খেলখন মাথো চলি থাকে

খেলৰ মাজতো কত খেল চলি থাকে
মগজুৰ, চিন্তাৰ, চেতনাৰ জোখেৰে দি লোৱা হয় খেলৰ নাম
ভিন ভিন আটোম-টোকাৰিকৈ ৰখা ফলাফলৰ ৰঙীণ পেকেজ

হাঁহিৰ মাজতো হাহাকাৰ
চকুলোৰ মাজতো চপলতা

সঁচাৰ মাজতো অলেখ সঁচা
মিছাৰ মাজতো অলেখ মিছা

এখন ব্ৰহ্মাণ্ডৰ মাজতো অলেখ ব্ৰহ্মাণ্ড

তুমি তোমাতেই শেষ নহয়
ময়ো মোতেই

খেলখন চলি থাকে….

Leave a Reply

Your email address will not be published. Required fields are marked *