তথ্য-প্ৰযুক্তি বিপ্লৱৰ নিৰ্মম পৰিহাস : পুঁজিবাদৰ পোতাশালত বিজ্ঞান
(১)
শিৰোনামত ‘বিজ্ঞান’ শব্দটো আছেই যেতিয়া প্ৰথমতেই বিজ্ঞানৰ গৱেষণাপত্ৰই দিয়া দুটি বাতৰিৰে আৰম্ভ কৰিছোঁ। বাতৰিলৈ যোৱাৰ আগতে প্ৰাসংগিক কথা কেইটিমান কৈ থোৱা উচিত হ’ব। শিমলু আলু (Cassava : Manihot esculenta) হৈছে ক্ৰান্তীয় অঞ্চলৰ বহু কেইখন দেশৰ অনেক মানুহৰ অন্যতম প্ৰধান খাদ্য। পিছে, এই খাদ্যবিধ মুখলৈ নিয়াৰ আগতে কিছুমান কাম কৰিবই লাগিব—যেনে, আলুবোৰ ৰ’দত ভালদৰে শুকুৱাব লাগিব, বাকলি গুচাব লাগিব—তাৰ পাছতো কৰিব লাগিব আৰু বহুতো কাম। কিয়নো, শিমলু আলুত চায়ান’জেনিক গ্লুক’চাইড (Cyanogenic glucosides) নামৰ কিছুমান বিষাক্ত ৰাসায়নিক পদাৰ্থ থাকে, খোৱাৰ আগতে তেনে কামসমূহ নকৰিলে শিমলু আলুৰপৰা সেইবোৰ মানুহৰ দেহত সোমাই পৰিব পাৰে। এতিয়া বাতৰি দুটিলৈ আহিছোঁ। ক্ৰান্তীয় অঞ্চলৰ এখন দেশ তাঞ্জানিয়া। ১৯৮৮ চনত সেইখন দেশত বতৰ বৰ খৰাং হৈ পৰাৰ বাবে অন্য কৃষিজাত খাদ্য প্ৰায় নোহোৱাৰ দৰে হৈছিল। শিমলু আলুৰ গছত একধৰণৰ প্ৰতিৰোধী শক্তি থাকে; গতিকে তাঞ্জানিয়াৰ সেই ভয়াবহ খৰাং পৰিস্থিতিতো এইবিধ গছৰ সিমান হানি হোৱা নাছিল। দেশখনৰ দুখীয়া সৰ্বসাধাৰণ মানুহে অন্য খাদ্যৰ অভাৱত নিয়মীয়া পদ্ধতিবোৰ বাদ দি, শিমলু আলুবোৰ মাত্ৰ খুন্দি, খৰখেদাকৈ আটা প্ৰস্তুত কৰি খাবলৈ বাধ্য হৈছিল। তাৰ ফলত অগণন মানুহৰ শৰীৰত চাইনাইড বিষক্ৰিয়াৰ (Cyanide toxicity) মাৰাত্মক লক্ষণে দেখা দি ভয়াবহ স্বাস্থ্যজনিত সংকটৰ সৃষ্টি কৰিছিল (দ্ৰষ্টব্য : N. Mlingi, N. H. Poulter and H. Rosling, An outbreak of acute intoxications from consumption of insufficiently processed cassava in Tanzania, Nutrition Research, 12 : pp.677-687, 1992)। দ্বিতীয় বাতৰিটিও আমাক জানিবলৈ দিছে অন্য এখন গৱেষণাপত্ৰই। ডেমক্ৰেটিক ৰিপাব্লিক অৱ কংগো, মোজাম্বিক, চেণ্ট্ৰেল আফ্ৰিকান ৰিপাব্লিক, তাঞ্জানিয়া, আংগোলা, কেমেৰুণ, জাম্বিয়া আদি কেইবাখনো আফ্ৰিকীয় দেশৰ বিস্তীৰ্ণ অঞ্চলত সম্প্ৰতি ‘কনজো’ (Konzo) নামৰ এক মাৰাত্মক স্নায়ুক্ষয়কাৰী ৰোগে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। বৈজ্ঞানিকসকলৰ মতে, সঠিকভাৱে প্ৰক্ৰিয়াকৰণ (Processing) নকৰাকৈ, শিমলু আলুক প্ৰধান খাদ্য হিচাপে নিয়মীয়াকৈ গ্ৰহণ কৰাৰ সৈতে এই ৰোগৰ পোনপটীয়া সম্পৰ্ক আছে [E. K. Abotnes, D. Okitundu, D. Mumba, M. J. Boivin, T. Tylleskar, D. T. Katumbay, Konzo : a distinct neurological disease associated with food (cassava) cyanogenic poisoning, Brain Research Bulletin, 145: pp. 87-91, 2019]।
আমাৰ এই আলোচনা যে খাদ্য-বিজ্ঞান বা চিকিৎসাশাস্ত্ৰৰ সন্দৰ্ভত নহয়, সেইটো কোৱাৰ প্ৰয়োজনেই নাই। শিমলু আলুৰ বিস্তৃত ইতিবৃত্তও প্ৰসংগান্তৰৰ কথা। প্ৰসংগটো সম্পৰ্কিত হৈ আছে মানুহে পৰ্যবেক্ষণৰপৰা আহৰণ কৰা তথ্য, তথ্যৰ বিশ্লেষণ আৰু তৎজনিত জ্ঞানৰ উন্মেষ আৰু বিস্তাৰণৰ বিশেষ এটা দিশৰ সৈতেহে। আমাৰ উদাহৰণ দুটিয়ে বৰ স্পষ্টকৈ সকীয়াই দিয়ে যে খোৱাৰ আগতে শিমলু আলুৰ প্ৰক্ৰিয়াকৰণ এটা বৰ জৰুৰী কথা—তাকে নকৰিলে স্বাস্থ্যজনিত গুৰুতৰ বিপদ ঘটাৰ সম্ভাৱনা থাকে। তেনে বিপদ এই আধুনিক যুগতো সময়ে সময়ে দেখা দিয়েহি। এই সংক্ৰান্তত আমি এটা বিস্ময়কৰ আৰু চিন্তাউদ্ৰেককাৰী তথ্য পাওঁ বিশ্বকোষীয় জ্ঞানৰ অধিকাৰী, বিজ্ঞানৰ ইতিহাসক এটা গুৰুত্বপূৰ্ণ বৈদ্যায়তনিক বিষয় হিচাপে প্ৰতিষ্ঠা কৰা তীক্ষ্মধী পণ্ডিত জৰ্জ ছাৰ্টনৰ ৰচনাত। তেখেতে উনুকিয়াইছে যে দক্ষিণ এমেৰিকাৰ আদিম মানুহে স্মৰণাতীত কালতেই গছৰ নমনীয় বাকলিৰে যতন এটি সাজি, সেইটোৰে শিমলু আলুৰ ৰস নিষ্কাশন কৰাৰ পাছত বিষাক্ত উপাদানখিনি পৃথক কৰাৰ চমকপ্ৰদ কৌশল এটা উদ্ভাৱন কৰিছিল। যতনটোক এতিয়া তিপিতি (Tipiti) নামেৰে জনা যায় (জৰ্জ সাৰ্টন, প্ৰাচীন বিজ্ঞানেৰ ইতিহাস, ১ম খণ্ড, অনুবাদ : মহীউদ্দীন, পৃ. ৪, ২০১৫)। পণ্ডিতগৰাকীয়ে বিস্ময় প্ৰকাশ কৰিছে, সেই তেতিয়া—প্ৰাগৈতিহাসিক যুগতেই—আদিম মানুহে শিমলু আলুৰ বিষাক্ত অংশ পৃথক কৰি পুষ্টিকৰ খাদ্য প্ৰস্তুত কৰাৰ জটিল প্ৰক্ৰিয়াকৰণ পদ্ধতি এটাৰ উদ্ভাৱন কৰিছিল কেনেকৈ!
আমি যৌক্তিক অনুমানৰ ভিত্তিত কাহিনীটোৰ পুনৰ্নিমাণ হয়তো কৰি ল’ব পাৰোঁ। আদিম মানুহে শিমলু আলু ভক্ষণ কৰি প্ৰথমতে নিশ্চয় বিপদৰ মুখত পৰিছিল। কিন্তু তীক্ষ্ন আৰু নিবিড় পৰ্যবেক্ষণৰ মাজেদি তেওঁলোকে হয়তো দেখিছিল যে ৰ’দত শুকাই যোৱা শিমলু আলু ভক্ষণ কৰিলে বিষক্ৰিয়া সিমান মাৰাত্মক নহয়। তাৰ পাছত হয়তো তেওঁলোকে আৰম্ভ কৰিলে নিজেই সচেতনভাৱে আলুবিধ শুকুৱাই লোৱা কামটো। তেনেদৰে ঢাপে ঢাপে নতুন কৌশল যোগ হৈ থাকিল, আৰু এটা সময়ত তেওঁলোকে তিপিতি নামৰ যতনটো সাজিবলৈ সক্ষম হ’ল। কোৱা বাহুল্য হ’ব, তিপিতি সেই অঞ্চলৰ আদিম মানুহৰ হাতলৈ একেদিনাই অহা নাছিল, নাছিল তাৰ কোনো একক উদ্ভাৱক—এক দীৰ্ঘ যাত্ৰাৰ সমূহীয়া প্ৰচেষ্টাৰ ফলতহে উক্ত উদ্ভাৱন সম্ভৱ হৈছিল।
(২)
কেইটিমান বিশেষ উদাহৰণৰ বোকোছাত উঠি এই আলোচনালৈ অহা শিমলু আলু, চায়ান’জেনিক গ্লুক’চাইড, তিপিতি আদিক ইয়াতেই বিদায় জনাই, গোটেই ঘটনাবোৰক এতিয়া সামগ্ৰিকভাৱে অৱলোকন কৰাৰ চেষ্টা কৰা যাওক। তিপিতিৰ উদাহৰণটোৰপৰা বৰ্তমানৰ আলোচনাৰ বাবে সকলোতকৈ প্ৰাসংগিক দিশটো এইদৰে ওলাই আহিছে—প্ৰাগৈতিহাসিক উদ্ভাৱন-আৱিষ্কাৰসমূহ আদিম মানুহৰ একক প্ৰচেষ্টাৰ—মাত্ৰ এদিন-দুদিনৰ—কৰ্মকাণ্ডৰ পৰিণতি নাছিল; সেইসমূহ আছিল মানুহে সুদীৰ্ঘ কাল ধৰি চলাই যোৱা দলগত প্ৰচেষ্টাৰ শ্ৰমসাধ্য ফচল। চৌপাশৰ বস্তুজগতখনৰ প্ৰতি আদিম মানুহৰ পৰ্যবেক্ষণ আছিল সূক্ষ্ম আৰু দলগত। অৱশ্যে তেতিয়া তেওঁলোকৰ জ্ঞান আৰু অভিজ্ঞতা আছিল কম। তাৰ মাজতো তেওঁলোকে—অনেক ভুল-ভ্ৰান্তিৰ মাজেৰে—অপৈণত পৰীক্ষা-নিৰীক্ষাৰ দৰে কাৰ্য কিছুমান নিৰন্তৰভাৱে কৰি গৈছিল। তেনে আদিম পৰীক্ষা-নিৰীক্ষাৰপৰা তেওঁলোকে কিছুমান তেনেই প্ৰাথমিক সিদ্ধান্তলৈ আহিবলৈও সক্ষম হৈছিল। তেনে সিদ্ধান্ত যে সদায় নিৰ্ভুল আছিল তেনে নহয়; তেওঁলোকৰ তেনে প্ৰয়াসক আধুনিক দৃষ্টিৰে বিজ্ঞান বুলিও নোৱাৰি—সেইসমূহ প্ৰধানতঃ মেজিকধৰ্মী কাম আছিল বুলি পণ্ডিতসকলে দেখুৱাই দিছে। সি যিয়েই নহওক, প্ৰাগৈতিহাসিক যুগতেই তেনে সংগৃহীত তথ্যৰ ক্ৰমবৰ্ধমান পৰিমাণে অধিক সূক্ষ্ম আৰু পৰিশীলিত সিদ্ধান্তলৈ অহাত তেতিয়াৰ মানুহক যে প্ৰভূত সহায় কৰিছিল—সেই বিষয়ে আমি মুক্ত চিন্তাৰ পূৰ্বৰ সংখ্যা এটিত উল্লেখ কৰিছিলোঁ (ছপা মাধ্যমত দ্ৰষ্টব্য: কৌশিক দাস, গোলকীয় গাঁৱত তথ্যৰ ধুমুহা : আক্ৰান্ত বিজ্ঞানমনস্কতা, অসমীয়া খবৰ, ২৮ জুন, ২০২৬। আলোচনাটি মুক্ত চিন্তাত পঢ়িবলৈ ইয়াতে টিপক)। যদিও সেইটো বিষয় ইয়াতো অতিকৈ প্ৰাসংগিক, তথাপি তাৰ পুনৰাবৃত্তি নকৰি অন্য এটি দিশলৈহে আমাৰ এই আলোচনাটোক লৈ যাম।
আদিম মানুহে তেনে পৰ্যবেক্ষণ-পৰীক্ষা-উদ্ভাৱন-আৱিষ্কাৰ আদি মাত্ৰ মনৰ চখত কৰি আছিল বুলি ভাবিলে ডাঙৰ ভুল হ’ব। সেইসমূহ প্ৰধানতঃ সম্পৰ্কিত হৈ আছিল মানুহ পৃথিৱীত বৰ্তি থকাৰ সংগ্ৰামৰ সৈতে। জৰ্জ ছাৰ্টনে তেখেতৰ পূৰ্বোক্ত মহাগ্ৰন্থখনত উল্লেখ কৰিছে যে সাগৰৰ পাৰত বাস কৰা অথচ নাও চালনা কৰিব নজনা কোনো আদিম মানৱ-জাতিৰ সন্ধান পোৱা নাযায়; তেখেতৰ মতে ডিঙাৰ উদ্ভাৱনৰ কথা ধনু-কাঁড়ৰো আগৰ কাহিনী, এতিয়াৰপৰা আনুমানিক ত্ৰিছ হাজাৰ বছৰৰ আগতে আদিম নাৱে তেনে জনগোষ্ঠীসমূহৰ সমাজত ভূমুকি মাৰিছিল (জৰ্জ ছাৰ্টন, পূৰ্বোক্ত গ্ৰন্থ, পৃ. ৬)। আমি যুক্তিসংগতভাৱেই অনুমান কৰিব পাৰোঁ যে পাহাৰত কিম্বা মৰুভূমিত বাস কৰা জনগোষ্ঠীৰ মাজত নাও চালনাত পাৰদৰ্শী লোকৰ উপস্থিতিৰ কথা বাদ—ডিঙাৰ কল্পনা হয়তো তেওঁলোকৰ মনলৈ অহাই নাছিল। কিয়নো, তেতিয়াৰ সময়ত বাস্তৱৰ প্ৰয়োজনে দিয়া হেঁচাই চৌপাশৰ জগতখনতহে তেওঁলোকৰ পৰ্যবেক্ষণৰ তীক্ষ্ণ দৃষ্টি সীমাবদ্ধ কৰি ৰাখিছিল।
আদিম মানুহৰ জীৱন-সংগ্রামৰ সৈতে সম্পৃক্ত হৈ থকা তথ্য-সংগ্রহ, সেইসমূহৰ বিচাৰ-বিশ্লেষণ আৰু তৎজনিত আৱিষ্কাৰ-উদ্ভাৱনক নিশ্চয় আধুনিক পদ্ধতিগত সুশৃংখল বিজ্ঞানৰ সমৰূপ বুলি ভাবিব নোৱাৰি, সেই কথাটো আমি উনুকিয়াই আহিছোঁ। হ’লেও, প্রাগৈতিহাসিক মানুহৰ তেনে প্রচেষ্টাৰ মাজতেই নিহিত হৈ আছিল ভৱিষ্যতৰ বিজ্ঞানৰ ভ্রূণ—সেই কথাটোও এটা তৰ্কাতীত সত্য। দেখ্দেখ্ কথা, সুদীৰ্ঘ কাল ধৰি, এটাৰ পাছত এটাকৈ চৌপাশৰ পৰ্যবেক্ষণ আৰু পৰীক্ষাসম্ভূত তথ্য তেওঁলোকে সংগ্ৰহ কৰিছিল, তেনে তথ্য সঞ্চিত হৈ সেইসমূহ নিৰ্বিৰোধে বাগৰি পৰিছিল আদিম সমাজখনৰ মানুহৰ মাজত। ইয়াত আমি নিৰ্বিৰোধ শব্দটোত গুৰুত্ব দিবলৈ সচেতন পাঠকক অনুৰোধ কৰিছোঁ, কিয়নো সেই দিশটো হৈছে এই আলোচনাৰ অন্যতম কেন্দ্রীয় প্রসংগ। মানুহে লাগতীয়াল তথ্য সংগ্রহ কৰাৰ লগতে সেইসমূহ সকলোৰে সৈতে স্বতঃস্ফূৰ্তভাৱে ভাগ-বতৰা কৰি লৈছিল—যাবতীয় তথ্য লুকুৱাই থোৱাৰ প্রশ্নই নাছিল, —নাছিল তথ্যসমূহৰ কোনো একক অধিকাৰী। কিয়নো, তথ্যৰ সংগ্রহ আৰু সেইসমূহৰ বিচাৰ-বিশ্লেষণ পোনে পোনে জড়িত হৈ আছিল আদিম সমাজখনৰ সমূহীয়া স্বাৰ্থৰ লগত। আদিম সমাজতো আৱশ্যে বহু “গোপন জ্ঞান” (যেনে, গোপন ঔষধি, মেজিক বা ধৰ্মীয় আচাৰ) কেৱল ওজা বা গোটৰ মুৰব্বীৰ মাজত আৱদ্ধ আছিল বুলি পণ্ডিতসকলে দেখুৱাই দিছে। তেনে গোপনীয়তাৰ চৰিত্রটো আমি কিন্তু আজিৰ পটভূমিত বিচাৰ কৰি চালে ভুল হ’ব। আদিম গোপনীয়তাৰ আঁৰত মালিকীস্বত্বতকৈ সমূহীয়া কল্যাণৰ দিশটোহে (যেনে, ৰোগমুক্তি) মুখ্য আছিল বুলি ধাৰণা কৰিব পাৰি। সি যিয়েই নহওক, তেতিয়াৰ সময়ত তথ্য-সংগ্রহ, জ্ঞান অৰ্জন, উদ্ভাৱন-আৱিষ্কাৰ—এই সকলোৰে মুখ্য স্বৰূপ আৰু চৰিত্র আছিল একান্ত সমষ্টিগত।
(৩)
সমাজ-বিকাশৰ পৰৱৰ্তী পৰ্যায়ত কথাবোৰ কিন্তু লাহে লাহে সলনি হ’বলৈ আৰম্ভ কৰিছিল। আদিম জনজাতীয় গোষ্ঠীগত সমাজখন ভাগি শ্রেণীসমাজৰ উদ্ভৱ হ’ল—সমাজত শ্রেণী-বৈষম্য ক্রমাৎ প্রকট হৈ আহিল। তেনে পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে সংগতি ৰাখি তথ্য, জ্ঞান আদিৰো সামাজিক অভিব্যক্তিলৈ ৰূপান্তৰ আহিল। তথ্য, জ্ঞান আদি লাহে লাহে সম্পৰ্কিত হৈ পৰিল শ্রেণী-ক্ষমতা আৰু শ্রেণী-শোষণৰ লগত। শ্রেণী-ক্ষমতা বৰ্তাই ৰাখিবলৈ তথ্য, জ্ঞান আদিক শক্তিশালী হাতিয়াৰ কৰি পেলোৱা হ’ল। এই প্রসংগত আমি মাত্র এটা উদাহৰণলৈ লক্ষ্য কৰিলেই কথাটো জল্জল্-পট্পট্কৈ ওলাই পৰিব। প্রাচীন ভাৰতবৰ্ষত ধৰ্মক ব্যৱহাৰ কৰি উচ্চশ্রেণীৰ লোকসকলে—বৰ্ণবাদী চতুৰামিৰে—নিম্নশ্রেণীৰ লোকসকলক জ্ঞান আৰু দীক্ষাৰ জগতখনৰপৰা চলে-বলে-কৌশলে আঁতৰাই ৰাখিছিল। একলব্যৰ সৰ্বজনবিদিত কাটি যোৱা আঙুলিটোৰ কাহিনী আমি এইখিনিতে স্মৰণ কৰি ল’ব পাৰোঁ। দেশভেদে খুটি-নাটিৰ প্রভেদ থাকিলেও, সকলো শ্রেণীবিভক্ত সমাজতেই এই ঘটনাটো সংঘটিত হৈছিল। প্ৰাচীন ইজিপ্ট, গ্ৰীচ আদিত দাসসকলকো তেনেদৰেই বঞ্চিত কৰি ৰখা হৈছিল। অৰ্থাৎ, শ্রেণীবিভক্ত সমাজখনৰ পাতনিৰ পাছতেই তথ্যৰ ভাগ-বতৰা আৰু জ্ঞানৰ সঞ্চালন আৰু নিৰ্বিৰোধ হৈ নাথাকিল। হ’লেও, মানুহৰ জাগতিক স্বাৰ্থৰ বাবেই তথ্য আৰু জ্ঞানৰ আদান-প্রদানক সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াটো সম্ভৱ নাছিল। তাৰ লগতে জড়িত হৈ আছিল মানুহৰ সহজাত অনুসন্ধিৎসাবোধ আৰু জ্ঞানাৰ্জনৰ প্রতি থকা স্পৃহাৰ কথাটো।
একেবাৰে আদিম কালত নতুন তথ্য কিম্বা ‘আৱিষ্কাৰ’-ৰ কথা মানুহে কেনেকৈ অন্যক জনাইছিল, কেনেকৈ সেইবোৰ প্ৰকাশ কৰিছিল? আমাৰ এটি যৌক্তিক অনুমানৰ কথা উনুকিয়াই আহিছিলোঁ—কোনো এজনে সংগ্রহ কৰা তথ্য বা নতুনৰ সন্ধানৰ কথা তৎমুহূৰ্ততে গোটৰ অন্য লোকক স্বতঃস্ফূৰ্তভাৱে জানিবলৈ দিছিল। তাৰ পাছৰ পৰ্যায়ত চলিছিল তেনে তথ্য আৰু ‘আৱিষ্কাৰ’-ৰ বিস্তাৰণৰ কথাটো। আদিম সমাজখনৰ সৰল ৰূপটোৱে তথ্য-আৱিষ্কাৰ-উদ্ভাৱনৰ বিস্তাৰণৰ গতি-প্রকৃতিটোকে তেনেই সৰল কৰি ৰাখিছিল। কিন্তু সমাজ-বিকাশৰ লগে লগে সমাজখন ক্রমাৎ জটিল হৈ আহিছিল, জটিল হৈ আহিছিল মানুহৰ নিজৰে মাজৰ আন্তঃসম্পৰ্ক। তাৰ লগতে আমি পাহৰি গ’লে নহ’ব—মানুহৰ তথ্য-সংগ্রহ, বিচাৰ-বিশ্লেষণ, সিদ্ধান্ত গ্রহণ আদিৰ প্ৰক্ৰিয়াও দ্রুত গতিত জটিলৰপৰা জটিলতৰ হৈ পৰিবলৈ ধৰিছিল। ফলত আদিম মানুহৰ যুগৰ তথ্য আৰু ‘আৱিষ্কাৰ’-ৰ বিস্তাৰণৰ সহজ-সৰল ৰূপটো আৰু বৰ্তি নাথাকিল।
(৪)
সমাজৰ ৰেহৰূপৰ বাস্তৱ পৰিৱৰ্তনৰ সৈতে সংগতি ৰাখি কেনেদৰে জ্ঞান-তথ্যৰ বিস্তাৰৰ প্রক্রিয়াটোও সলনি হৈ পৰিছিল—সেই কথাটো এইখিনিতে আমি চমুকৈ মনত পেলাই ল’ব পাৰোঁ। মানৱ-সভ্যতাৰ প্রাৰম্ভিক স্তৰত সেইসমূহ মানুহৰ মাজত বিয়পি পৰিছিল ঘাইকৈ কথন-শ্রৱণৰ মৌখিক পৰম্পৰা আৰু প্ৰত্যক্ষ অভিজ্ঞতাৰ আদান-প্ৰদানৰ জৰিয়তে। কৃষি কাৰ্যৰ আৰম্ভণিৰ সময়চোৱাত নানা জৰুৰী তথ্য-পাতি—যেনে, ঋতু পৰিৱৰ্তন, নক্ষত্ৰৰ গতিবিধি, বানপানী, ঔষধি উদ্ভিদৰ ব্যৱহাৰ আদিৰ বা-বাতৰি—প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সাধু, গীত বা ব্যৱহাৰিক শিক্ষাৰ মাধ্যমেৰে বাগৰি আহিছিল, কিয়নো লিখন পদ্ধতিৰ আৱিষ্কাৰ তেতিয়াও আছিল ভৱিষ্যতৰ গৰ্ভত। পৰৱৰ্তী সময়ত মেচ’পটেমিয়া, মিচৰ, ভাৰতবৰ্ষ, চীনৰ দৰে প্ৰাচীন সভ্যতাসমূহত যেতিয়া লিখন পদ্ধতি আৰু লিপিৰ বিকাশ ঘটিল, তেতিয়া তথ্য আৰু জ্ঞানক ধৰি ৰখাৰ এক স্থায়ী মাধ্যম পোৱা গ’ল (বিস্তাৰিত আলোচনাৰ বাবে দ্ৰষ্টব্য : কৌশিক দাস, কিতাপৰ কথা : অলপ চিন্তা, অলপ দুশ্চিন্তা, সাতসৰী, মাৰ্চ, ২০২২। লিখাটো মুক্ত চিন্তাত পঢ়িবলৈ ইয়াতে টিপক)। সুপ্রাচীন সেই যুগতেই পোৰা মাটিৰ ফলক, পেপিৰাছ বা সাঁচিপাত-তালপাতত নানান তথ্য লিপিবদ্ধ কৰি ৰখা আৰম্ভ হ’ল। কোনো সন্দেহ নাই, এতিয়াৰ তুলনাত সেয়াও অতি আহুকলীয়া পদ্ধতি আছিল। তাৰ লগে লগে আমি কিন্তু মনত ৰাখিব লাগিব যে পূৰ্বৱৰ্তী যুগতকৈ তেনে পদ্ধতি আছিল বহু উন্নত। তাৰ পৰৱৰ্তী সময়ত পৃথিৱীৰ জ্ঞান-বিজ্ঞান চৰ্চাৰ অভিকেন্দ্র ঘাইকৈ প্রাচীন গ্রীচ, আলেকজেণ্ড্রিয়া আদিলৈ গুচি গ’ল। প্ৰাচীন গ্ৰীচৰ অনেক দাৰ্শনিক আৰু বিজ্ঞানী যেনে—থেলীছ, পাইথাগোৰাছ, প্লেটো, এৰিষ্ট’টল আদিৰ সময়ত জ্ঞানৰ বিস্তাৰ ঘটিছিল প্ৰধানকৈ শৈক্ষিক আলোচনা চক্ৰ আৰু তৰ্ক-বিতৰ্কৰ মাধ্যমেৰে। প্ৰাচীন ভাৰতবৰ্ষতো চিকিৎসাবিজ্ঞান, জ্যোতিৰ্বিজ্ঞান আদি পৰম্পৰাগত শিক্ষা আশ্ৰমসমূহৰ জৰিয়তে প্ৰসাৰিত হৈছিল। খ্ৰীষ্টপূৰ্ব দ্বিতীয়-তৃতীয় শতিকাত ইজিপ্তত স্থাপিত হোৱা আলেকজেণ্ড্ৰিয়াৰ বিখ্যাত গ্ৰন্থাগাৰ আছিল তেতিয়াৰ বিশ্বৰ এটা বৃহৎ তথ্য আৰু জ্ঞানৰ কেন্দ্ৰ; গ্ৰন্থাগাৰটোৰ সকলো পাণ্ডুলিপি জ্ঞান পিপাসু ব্যক্তিৰ বাবে উন্মুক্ত কৰি দিয়া হৈছিল। অৰ্থাৎ, তেতিয়াৰ শ্রেণীবিভক্ত সমাজখনতো, এটা সীমাৰ ভিতৰত, তথ্য আৰু জ্ঞানক সামাজিক সম্পদ বুলি গণ্য কৰা প্রমূল্যটো বৰ্তি আছিল। বিক্ষিপ্তভাৱে, গুৰুদক্ষিণা আদিৰ মাজেৰে কেতিয়াবা জ্ঞান-তথ্যৰ বিতৰণক ধনাৰ্জনৰ উপায় কৰাৰ প্ৰমাণ থাকিলেও, তাৰ পৰিসৰ বৰ এটা বৃহৎ নাছিল।
মধ্যযুগৰ আদি চোৱাত—যেতিয়া য়ুৰোপত অন্ধকাৰ যুগ চলি আছিল বুলি সততেই কোৱা হয়, তেতিয়া—বাগদাদৰ বাইত অল-হিকমাহ (জ্ঞানপ্ৰজ্ঞাৰ আলয়) পৰিণত হৈছিল আছিল বিশ্বৰ জ্ঞান-বিজ্ঞানৰ সজীৱ প্রাণকেন্দ্ৰলৈ। এই কেন্দ্ৰটো প্ৰতিষ্ঠা কৰা হৈছিল বিখ্যাত খলিফা হাৰুন অল ৰছিদৰ পৃষ্ঠপোষকতাত। সেই সময়চোৱাত অন্য দেশৰ আৰু ভিন্ন ভাষাৰ প্রাচীন মূল পুথিসমূহ অতি উদ্যম-উৎসাহৰ মাজেৰে আৰবী ভাষালৈ অনুবাদ কৰা হৈছিল। আল-খাৰিজমি, ইবন আল-হাইথাম, ইবন চিনা আদিৰ দৰে কৃতবিদ্য বিজ্ঞানীসকলৰ চিন্তা পাণ্ডুলিপিৰ ৰূপত মধ্যপ্রাচ্যৰপৰা য়ুৰোপলৈ লাহে লাহে বিয়পি পৰিছিল।
পৰৱৰ্তী সময়ত য়ুৰোপত ব’ল’না, পেৰিছ আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ দৰে বিশ্ববিখ্যাত শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ জন্ম হ’বলৈ ধৰিলে। এই সময়ত বৈজ্ঞানিক তৰ্ক বা আৱিষ্কাৰসমূহ সাধাৰণ মানুহৰ মাজলৈ যোৱাৰ সলনি কেৱল লেটিন ভাষা জনা উচ্চ শিক্ষিত সমাজখনতে সীমাবদ্ধ হৈ পৰিছিল। এজন বিজ্ঞানীয়ে চিঠিৰে আন বিজ্ঞানীক নিজৰ আৱিষ্কাৰৰ কথা জনাইছিল। জ্ঞানৰ বিতৰণৰ দ্রুতি তেতিয়াও আছিল অতি ধীৰ, কাৰণ হাতেৰে গ্রন্থ নকল কৰা কামটো বৰ সহজ নাছিল। পঞ্চদশ শতিকাৰ মাজভাগত জন গুটেনবাৰ্গে ছপাযন্ত্র উদ্ভাৱন কৰাৰ লগে লগে জ্ঞানৰ জগতত এটা ডাঙৰ উলম্ফন ঘটে। হাতেৰে লিখা গ্ৰন্থৰ স্থান ল’লে ছপা কিতাপে, যাৰ ফলত জ্ঞান বহুলোকৰ বাবে সুলভ হৈ পৰিল।

এই পটভূমিতেই সপ্তদশ শতিকাত আধুনিক বিজ্ঞানৰ প্ৰসাৰৰ বাবে এক আনুষ্ঠানিক ব্যৱস্থাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছিল। ইয়াৰ পৰিণতিতে ১৬৬০ চনত প্রতিষ্ঠা হৈছিল ৰয়েল ছচাইটি অৱ লণ্ডনৰ (Royal Society of London)। প্রতিষ্ঠানটোৰ তেতিয়াৰ সচিব হেনৰী অল্ডেনবাৰ্গৰ (Henry Oldenburg) সম্পাদনাত প্ৰকাশ পাইছিল বিশ্বৰ প্ৰথমখন আনুষ্ঠানিক বৈজ্ঞানিক গৱেষণা-পত্ৰিকা— Philosophical Transactions—১৬৬৫ চনত। সেইসময়ত এই পত্ৰিকাখনৰ মূল উদ্দেশ্য আছিল বিজ্ঞানীসকলৰ মাজত চিন্তা-চৰ্চা আৰু পৰীক্ষা-নিৰীক্ষাৰ তথ্যসমূহ মুক্তভাৱে বিতৰণ কৰা, যাতে এজনে কৰা আৱিষ্কাৰৰ ওপৰত ভিত্তি কৰি আন এজনে নতুন গৱেষণা আৰম্ভ কৰিব পাৰে। এই পত্ৰিকাখনে প্রদান কৰা কেইটিমান চকুত পৰা ইতিবাচক ফলৰ কথা উদাহৰণ হিচাপে এইখিনিতে উল্লেখ কৰিব পাৰি। ইয়াতেই ১৬৭২ চনত আইজাক নিউটনৰ পোহৰ আৰু ৰং সম্পৰ্কীয় যুগান্তকাৰী গৱেষণা-পত্রখন প্ৰকাশ পাইছিল, যাৰ ওপৰত ভিত্তি কৰিয়েই বিকাশ ঘটিছিল আধুনিক আলোকবিজ্ঞানৰ; নিউটনৰ নাম-যশ তাৰ পিছৰেপৰাই চৌদিশে বিয়পি পৰিছিল (বিস্তাৰিতভাৱে পঢ়িবলৈ ইয়াতে টিপক ।) একেদৰে ১৬৭৭ চনত এই পত্ৰিকাতে ওলন্দাজ অণুবীক্ষণবিদ এণ্টনী ভেন লিউৱেনহুকৰ গৱেষণা-পত্রত অণুজীৱৰ কথা প্ৰকাশ পাইছিল, যাৰ ফলত জন্ম হৈছিল অণুজীৱ বিজ্ঞানৰ (বিস্তাৰিতভাৱে পঢ়িবলৈ ইয়াতে টিপক)। বেঞ্জামিন ফ্ৰেংকলিনৰ চিলাৰ বিখ্যাত পৰীক্ষাটোৰ প্রস্তাৱৰ কথাও পত্ৰিকাখনলৈ প্রেৰণ কৰা পত্রৰ জৰিয়তেই পণ্ডিতসমাজে জানিবলৈ পাইছিল ১৭৫২ চনত। এনেকুৱা উদাহৰণৰ সংখ্যা অজস্র। কোৱা বাহুল্য হ’ব, বৈজ্ঞানিক তথ্য-পাতিৰ তেনে সুগম বিস্তাৰৰ ফলত বিজ্ঞানৰ বিকাশৰ গতি অভাৱনীয়ভাৱে বৃদ্ধি পাইছিল। পৰৱৰ্তী পৰ্যায়ত তেনে আৰ্হিৰেই দেশে দেশে বিভিন্ন গৱেষণা পত্রিকা প্রকাশ হ’বলৈ ধৰিলে।
(৫)
বৈজ্ঞানিক গৱেষণাৰ তথ্য-পাতি-সিদ্ধান্ত-ফলাফল আদি গৱেষণা-পত্রিকাত প্রকাশৰ এই আৰ্হিটো অতি সৰল, সুশৃংখল আৰু পদ্ধতিগত। বিজ্ঞানীয়ে পৰীক্ষাগাৰত অহৰহ শ্ৰম কৰি নতুন তথ্য আৱিষ্কাৰ কৰে আৰু তেনে গৱেষণাৰ বিস্তাৰিত আৰু সূক্ষ্ম বৰ্ণনাৰে তাক গৱেষণা-পত্রৰ ৰূপ প্রদান কৰে। গৱেষণা-পত্ৰিকাত সেয়া প্ৰকাশ পায় যাতে পৃথিৱীৰ যিকোনো প্ৰান্তৰ আগ্রহী গৱেষকে সেইখন পঢ়িব পাৰে। মন কৰিবলগীয়া কথা, বিভিন্ন পত্ৰিকাই ইতিহাসৰ এক সুদীৰ্ঘ সময় ধৰি কোনো ব্যৱসায়িক লাভ নোহোৱাকৈ, কেৱল জ্ঞানৰ বিস্তাৰৰ বাবেহে তেনে কাম কৰিছিল। বিজ্ঞানৰ লক্ষ্য বিশ্বজনীন কল্যাণ—এই মূল্যবোধটো আছিল তেনে গৱেষণা-পত্ৰিকাৰ চালিকা শক্তি। তাৰ লগতে, গৱেষণা-পত্ৰসমূহৰ গুণগত মানো অতি উন্নত হৈ পৰিল। কিয়নো, গৱেষণাপত্ৰ এখন তেনে পত্ৰিকালৈ পঠিয়ালেই যে প্ৰকাশ পাব, তেনে নহয়। সম্পাদকমণ্ডলীয়ে তন্ন তন্নকৈ পৰীক্ষা কৰাৰ অন্তত একাধিক পুনৰ্নিৰীক্ষকলৈ (Reviewer) গৱেষণা-পত্ৰখন প্ৰেৰণ কৰা হয়। সাধাৰণতে তেওঁলোকৰ পৰামৰ্শ মতে বহুবাৰ বিজ্ঞানীগৰাকীয়ে গৱেষণা-পত্ৰখন পুনৰ্লিখন কৰিবলগীয়া হয়। সংযোজন, পৰিমাৰ্জন আৰু সংশোধনৰ কঠিন বাট পাৰ হোৱাৰ পাছতহে সেইখনক পৰিশ্রুতৰূপত প্ৰকাশ কৰা হয়। গুণগত মানত সম্পাদক আৰু পুনৰ্নিৰীক্ষক সন্তুষ্ট নহ’লে গৱেষণা-পত্ৰখন কেতিয়াও প্ৰকাশ কৰা নহয়। এইটো প্ৰক্ৰিয়াই হৈছে বৰ্তমানৰ যুগত বৈজ্ঞানিক তথ্য-আৱিষ্কাৰ-উদ্ভাৱন অন্যক অবগত কৰাৰ পদ্ধতি। পদ্ধতি হিচাপে এইটো খুবেই বিজ্ঞানসন্মত আৰু সৰ্বজনমান্য।
কিন্তু বিংশ শতিকাৰ শেষৰ ভাগ আৰু একবিংশ শতিকাৰ আৰম্ভণিতে ঘটা তথ্য-প্ৰযুক্তিৰ বিপ্লৱে সমগ্র পটভূমিটোলৈ কঢ়িয়াই আনিলে বিৰাট পৰিৱৰ্তন। বিশেষকৈ ইণ্টাৰনেটৰ দ্ৰুত বিস্তাৰে তথ্য লাভৰ প্ৰক্ৰিয়াটোক তেনেই সহজ কৰি পেলালে। কাগজৰ গধুৰ গধুৰ গ্রন্থ বা ছপা পত্ৰিকাৰ ওপৰত মানুহৰ—বিশেষকৈ নতুন প্রজন্মৰ—নিৰ্ভৰশীলতা দ্রুত গতিত হ্ৰাস পাবলৈ আৰম্ভ কৰিলে। পৃথিৱীৰ কোনো এটা চুকত বহি থকা মানুহ এজনে চকুৰ পলকতে বিশ্বৰ অন্য এটা চুকৰ তথ্য অনায়াসে ইণ্টাৰনেটৰপৰা বুটলিব পৰা হ’ল।
প্রথম দৃষ্টিত এনে লাগিছিল যেন তথ্য-প্রযুক্তিৰ মহাবিপ্লৱে মানুহৰ জ্ঞানৰ বিস্তাৰণক অচিৰেই অধিক সুলভ আৰু সম্পূৰ্ণ সাৰ্বজনীন কৰিব পেলাব—যেন ই হ’বগৈ এটা গণতান্ত্ৰিক ডিজিটেল বিপ্লৱ। কিয়নো তথ্য-প্রযুক্তি বিপ্লৱৰ পৰিণতিত গৱেষণা-পত্ৰিকাসমূহৰ হাজাৰ হাজাৰ কপি ছপা কৰি, সেইবোৰ বিভিন্ন দেশৰ গ্রন্থাগাৰ-বিশ্ববিদ্যালয়লৈ প্ৰেৰণ কৰাৰ জঞ্জাল আৰু নাথাকিল; কেইটামান ডিজিটেল ক্লিকৰ জৰিয়তে পৃথিৱীৰ সকলো প্ৰান্তৰ ছাত্ৰ-শিক্ষক-গৱেষকৰ ওচৰলৈ জ্ঞানৰ সুগম বিস্তাৰ সম্ভৱপৰ হৈ পৰিল। ইণ্টাৰনেটৰ এই মুক্ত প্ৰকৃতিয়ে ক্ষণিকৰ বাবে মানুহৰ মনত আশা যোগাইছিল যে এতিয়াৰে পৰা তথ্য আৰু জ্ঞানৰ ওপৰত কাৰো একচেটিয়া অধিকাৰ নাথাকিব, মানুহ বাস কৰিব তথ্য আৰু জ্ঞানৰ এখন উন্মুক্ত পৃথিৱীত।
কিন্তু তেনে চিন্তাত অচিৰেই বৰফ-চেঁচা পানী পৰিল—তেনে ধাৰণা সম্পূৰ্ণ ইউটোপীয় বা স্বপ্নলৌকিক বুলি পৰিগণিত হ’ল—কিয়নো তথ্য-প্রযুক্তিৰ ৰংগমঞ্চলৈ অৱধাৰিতভাৱে সোমাই আহিল আগ্ৰাসী পুঁজিবাদৰ সৰ্বগ্রাসী হাতোৰা।
(৬)
পুনৰাবৃত্তিৰ দোষে চুলেও এটা সহজ আৰু সাধাৰণ কথা বাৰম্বাৰ কৈ থকা উচিত যে পুঁজিবাদৰ সাৰকথা হৈছে মুনাফা অৰ্জন। সকলোকে পণ্যত পৰিণত কৰি ল’ব পৰাটো পুঁজিবাদৰ স্বভাৱজাত বৈশিষ্ট্য। স্বাভাৱিকতেই, তথ্য-প্ৰযুক্তিৰ বিপ্লৱকো অতি সোনকালেই পুঁজিবাদী কৰ্পোৰেট জগতখনে নিজৰ স্বাৰ্থৰ অনুকূলে পৰিচালিত কৰিবলৈ ধৰিলে। যি তথ্য আৰু জ্ঞান সহজলভ্য, মুক্ত আৰু সাৰ্বজনীন হৈ পৰিব বুলি ধাৰণা কৰা হৈছিল—, তাক কৰ্পোৰেট পুঁজিয়ে অতি লাভজনক ব্যৱসায়িক পণ্যতহে পৰিণত কৰি পেলালে। পুঁজিবাদে নিৰংকুশভাৱে পৰিচালনা কৰিবলৈ ধৰিলে বিশ্বৰ বৈজ্ঞানিক গৱেষণাৰ প্ৰকাশন ব্যৱস্থাটোক।
আজিৰ দিনত কেইটামান বৃহৎ বহুজাতিক প্ৰকাশনগোষ্ঠীয়ে সমগ্ৰ বিশ্বৰ বৈজ্ঞানিক জ্ঞানৰ ভঁৰালটো নিয়ন্ত্ৰণ কৰে। এই ব্যৱস্থাটোৰ ব্যৱসায়িক আৰ্হিটোলৈ লক্ষ্য কৰিলে সহজতে ধৰিব পাৰি, বিজ্ঞানীসকলৰ শ্ৰম আৰু মেধাক কিদৰে শোষণ কৰা হয়। বিজ্ঞানীসকলে বছৰ বছৰ ধৰি ঐকান্তিক সাধনাৰে দিন-ৰাতি একাকাৰ কৰি, বিভিন্ন চৰকাৰী বা ৰাজহুৱা অনুদানৰ ধনেৰে গৱেষণা সম্পন্ন কৰে। কিন্তু যেতিয়া তেওঁলোকে নিজৰ গৱেষণা-পত্ৰ বৃহৎ বহুজাতিক প্ৰকাশনগোষ্ঠীৰ গৱেষণা-পত্ৰিকাত প্ৰকাশ কৰে, তেতিয়া তাৰ বাবদ প্ৰকাশন গোষ্ঠীসমূহে বিজ্ঞানীজনক ফুটা কড়ি এটাও মাননী হিচাপে নিদিয়ে। সাধাৰণ সাহিত্য-সংস্কৃতিৰ আঞ্চলিক আলোচনীয়েই লেখকক মাননী দিয়ে। কিন্তু বিজ্ঞানৰ ক্ষেত্ৰত বিজ্ঞানীগৰাকীয়ে নিজৰ আৱিষ্কাৰ-উদ্ভাৱনটো প্ৰকাশনগোষ্ঠীৰ হাতত বিনামূলীয়াকৈহে অৰ্পণ কৰিবলগীয়া হয়। উল্লেখ কৰা হৈছিল যে গৱেষণাপত্রৰ গুণগত মান পৰীক্ষা কৰিবলৈ অন্য বিশেষজ্ঞ বিজ্ঞানীৰ ওচৰলৈ সেইখন পঠোৱা হয়। এই অত্যন্ত দায়িত্বপূৰ্ণ আৰু জটিল প্ৰক্ৰিয়াটোক ‘Peer Review’ বোলে। আচৰিত কথা যে, এই পৰীক্ষা কৰা বিজ্ঞানীসকলকো প্ৰকাশন গোষ্ঠীবোৰে পৰা কোনো ধৰণৰ পাৰিশ্ৰমিক নিদিয়ে। বিজ্ঞানীসকলে এই অতি গধুৰ আৰু কষ্টকৰ কামটো বিনামূলীয়াকৈ কৰি দিয়ে শৈক্ষিক দায়িত্ববোধ আৰু বিজ্ঞানৰ স্বাৰ্থৰ বাবে ।
বিনামূলীয়াকৈ তেনেদৰে শ্ৰম আৰু মেধা শোষণ কৰাৰ পাছত, এইবাৰ বৃহৎ প্ৰকাশন গোষ্ঠীবোৰে আচল লাভৰ কৌশলবোৰ প্ৰয়োগ কৰে। উল্লেখ কৰিব পাৰি যে এই বৃহৎ বজাৰখন মূলতঃ পাঁচটা ডাঙৰ প্ৰকাশন গোষ্ঠীৰদ্বাৰা বৰ্তমানে নিয়ন্ত্ৰিত হৈ আছে— এলচেভিয়াৰ, ব্লেক এণ্ড উইলী, টেইলৰ এণ্ড ফ্ৰান্সিছ, স্প্ৰিংজাৰ নেচাৰ আৰু ছেজ। এই পাঁচটা গোষ্ঠীয়ে মিলি সমগ্ৰ বজাৰখনৰ ৫০%-তকৈও অধিক অংশ নিয়ন্ত্ৰণ কৰে। এলচেভিয়াৰ হৈছে এই উদ্যোগটোৰ আটাইতকৈ ডাঙৰ প্ৰকাশন গোষ্ঠী। সমগ্ৰ বজাৰখনৰ প্ৰায় ১৬% অংশ ইয়াৰ অধীনত আৰু ইয়াৰ ৩,০০০-তকৈও অধিক শৈক্ষিক জাৰ্নেল আছে। এই প্ৰকাশ গোষ্ঠীসমূহৰ লাভ সঁচাই অভাবনীয়—এলচেভিয়াৰৰ প্ৰফিট মাৰ্জিন প্ৰায় ৪০%-ৰ ওচৰা-উচৰি। এইটো পৰিমাণ মাইক্ৰ’ছফ্ট, গুগল, কোকা-কোলা আদিৰ দৰে অত্যধিক লাভ অৰ্জন কৰা বহুজাতিক কোম্পানীবোৰতকৈও অধিক, আৰু তেনে লাভৰ লেখচিত্ৰ ক্ৰমাগতভাৱে ওপৰলৈ গতি কৰি আছে (দ্ৰষ্টব্য: Martin Hagve, The money behind academic publishing, Tidsskriftet, 140 : 17 August 2020; অনলাইনত পঢ়িবলৈ ইয়াতে টিপক )।
প্রশ্ন উঠিব এইখিনিতেই, মাত্ৰ বিজ্ঞানী আৰু পুনৰ্নিৰীক্ষকক বিনামূলীয়াকৈ কামত খটুৱাই ইমান লাভ অৰ্জন কৰাটো জানোঁ সম্ভৱ? বিজ্ঞানীৰ মেধা আৰু শ্ৰম নগ্নভাৱে শোষণ কৰাটো মুনাফা বৃদ্ধিৰ এটা সামান্য দিশহে মাত্ৰ, আচল লাভৰ অংকটো কিন্তু তাত নাই। কৰ্পোৰেট প্ৰকাশন গোষ্ঠীবোৰৰ সুচতুৰ কৌশল অধিক প্ৰকট হৈ দেখা দিয়ে অন্য কিছুমান দিশত। গৱেষণা, গৱেষণা-পত্ৰৰ ৰচনা, পুনৰীক্ষণৰ কামত ফুটা কড়ি এটাও বিজ্ঞানীক নিদিয়াকৈ যেতিয়া গৱেষণা-পত্ৰখন ডিজিটেল ৰূপত প্ৰকাশ পায়, তেতিয়া প্ৰকাশন গোষ্ঠীবোৰে তাৰ চাৰিওফালে থিয় কৰাই দিয়ে এডাল হেঙাৰ—যিডাল বুজন পৰিমাণৰ ধন জমা দিয়াৰ পাছতে অতিক্ৰম কৰাটো সম্ভৱ। সহজ কথাত, কোনো আগ্ৰহী ছাত্র-ছাত্রী বা গৱেষকে যদি সেই গৱেষণা-পত্ৰখন সম্পূৰ্ণকৈ পঢ়িবলৈ আগ্ৰহী, তেন্তে তেওঁ মোটা অংকৰ ধন ভৰাৰ পাছতহে সেইখন পঢ়িবলৈ পাব। সেইটো হ’ল ব্যক্তিগত পৰ্যায়ৰ কথা। শৈক্ষিক প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়সমূহেও এতিয়া বিপুল পৰিমাণৰ ধন ভৰি একো একোটা প্ৰকাশনগোষ্ঠীৰপৰা গোট হিচাপে ডিজিটেল গৱেষণা-পত্ৰিকাসমূহ ক্ৰয় কৰিবলগীয়া হয়। ইয়াৰ আঁৰত থকা গুৰুতৰ বিসংগতিটো সচেতন পাঠকৰ নিশ্চয় চকুত পৰিছে। যিসমূহ গৱেষণা সাধাৰণ জনতাৰ কৰৰ ধনেৰে সম্পন্ন কৰা হ’ল, সেই গৱেষণাৰ ফলাফল পঢ়িবলৈ—বিশ্ববিদ্যালয়ৰ বিদ্বানেই হওক বা সাধাৰণ জনতাই হওক—পুনৰ বুজন পৰিমাণৰ ধন ভৰিব লাগিব।
গতিকে বুজা যায়, কৰ্পোৰেট প্ৰকাশনগোষ্ঠীসমূহৰ লাভাংকৰ হাৰ কিয় ইমান বেছি। তেওঁলোকৰ ব্যৱসায়ত কোনো উৎপাদন খৰচ নাই। কেঁচামাল, অৰ্থাৎ গৱেষণা বিজ্ঞানীয়ে যোগান ধৰে, তাৰ গুণগত পৰীক্ষা সম্পন্ন কৰে বিশেষজ্ঞ বিজ্ঞানীয়ে; তথ্য-প্ৰযুক্তিৰ বিবিধ যতনৰ বাবে কাগজত ছপা কৰাৰ খৰচো নাই। তেনে প্ৰকাশনগোষ্ঠীসমূহৰ কাম কেৱল এটা ডিজিটেল ডাটাবেচ বা ৱেবচাইট অতি সুচাৰুৰূপে চলাই যোৱা, চমকপ্ৰদ দক্ষতাৰে যাবতীয় সকলো ব্যৱস্থাপনা কৰি যোৱা, লগতে তথ্য আৰু জ্ঞানক বন্দী কৰি বিশ্বজুৰি ব্যৱসায় কৰা। সচেতন পাঠকে মন কৰিব, গৱেষণাপত্রসমূহৰ গুণগত মানৰ ক্ষেত্রত সমস্যাটো নাই—সিংহভাগ তেনে গৱেষণাপত্রৰ মান অতি উন্নত—, সংকট আহিছে মুনাফা অৰ্জনৰ দিশটোৰপৰা, পুঁজিবাদী ব্যৱস্থাটোৰপৰা।
(৭)
এই পুঁজিবাদী মুনাফাসৰ্বস্ব ব্যৱস্থাটোৰ ভয়াবহ প্ৰভাৱ পৰিছে তুলনামূলকভাৱে অনগ্ৰসৰ দেশসমূহৰ বিদ্যাৰ্থী আৰু গৱেষকৰ ওপৰত। তেনে দেশৰ বহুতো মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠানে অৰ্থাভাৱৰ বাবে ব্যয়বহুল গৱেষণা-পত্ৰিকাসমূহ ক্ৰয় কৰিবলৈ সক্ষম নহয়; তেনে দেশসমূহৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিৰ লাইব্ৰেৰীৰ শিতানত বাজেট অতি কম। তেনে দেশৰ ছাত্ৰ-ছাত্রী আৰু গৱেষকসকলে বিশ্বৰ আধুনিকতম গৱেষণাৰ তথ্যৰপৰা বঞ্চিত হ’বলগীয়া হয়—ফলত তেওঁলোকৰ গৱেষণাৰ মানো নিম্নস্তৰত ৰৈ যোৱাৰ আশংকা প্ৰকট হৈ পৰে।
প্ৰশ্ন উঠিব, তেনে প্ৰকাশন-প্ৰতিষ্ঠানৰ পত্ৰিকাৰ পৰিৱৰ্তে, গৱেষকসকলে অন্য ক্ষুদ্ৰ পত্ৰিকালৈ গৱেষণাপত্ৰ প্ৰেৰণ নকৰে কিয়? তেনে কৰিলেই দেখোন সমস্যাটোৰ সমাধান হ’ব! কথাটো ইমান সহজ-সৰল নহয়। পুঁজিবাদী ব্যৱস্থাটোৱে সমগ্ৰ ব্যৱস্থাটো নিজৰ স্বাৰ্থৰ অনুকূলে, নিটোলভাৱে সজ্জিত কৰি পেলাইছে। এই প্ৰসংগত বিস্তাৰিত আলোচনা পৰিহাৰ কৰি মাত্ৰ দুটা দিশ উনুকিয়াই যাওঁ। প্ৰথম দিশটো এনেধৰণৰ—বৰ্তমানৰ পুঁজিবাদী শৈক্ষিক ব্যৱস্থাত চাকৰি পাবলৈ, কিম্বা চাকৰিত পদোন্নতি লাভ কৰিবলৈ বৃহৎ জাৰ্নেলত গৱেষণাপত্ৰ প্ৰকাশ কৰাটো এটা অত্যাৱশ্যকীয় অৰ্হতা বুলি গণ্য কৰা হয়। এইটো উচিত নে অনুচিত—সেইটো প্ৰসংগ এই আলোচনাত নাহে। আমাৰ বাবে প্ৰাসংগিক দিশটো হৈছে ছাত্ৰ-ছাত্রী আৰু গৱেষকৰ ওপৰত পৰা এই ব্যৱস্থাগত প্রচণ্ড চাপে তেওঁলোকক বৃহৎ কৰ্পোৰেট প্ৰকাশনসমূহৰ ওচৰত—মোনাৰ ধন ভৰি—শিৰ নত কৰিবলৈ বাধ্য কৰে। কিয়নো, ক্ষুদ্ৰ জাৰ্নেলত মানসম্পন্ন গৱেষণাৰ ফল প্ৰকাশ পালেও, ব্যৱস্থাটোৱে তাক বৃত্তিগত দিশত কম মূল্যৰ বুলিহে গণ্য কৰিব। দ্বিতীয় দিশটো আৰু চমকপ্ৰদ! আজিকালি গৱেষণাপত্ৰ প্ৰকাশ হ’লেই নহ’ব, সেইখন কিমান মানুহৰ কাষলৈ গৈছে, কিমানে সেইখনৰ উদ্ধৃতি দিছে নিজৰ গৱেষণাপত্ৰবোৰত—সেইটোও এটা বৃত্তিগত অৰ্হতাৰ গুৰুত্বপূৰ্ণ সূচক বুলি গণ্য কৰা হয়। এইটো কথাৰ বাবে এগৰাকী বিদ্যাৰ্থী বা গৱেষকে কামনা কৰে—তেওঁৰ গৱেষণাপত্ৰখন অধিক সংখ্যক পাঠকে পাঠ কৰক, সেইখনৰ উদ্ধৃতি অন্য গৱেষকে দিয়ক। কিছুমান গৱেষকে এই বৃত্তিগত অৰ্হতাৰ দিশটো উপেক্ষা কৰিও আশা কৰিব পাৰে যে তেওঁৰ শ্ৰমসাধ্য গৱেষণাৰ ফল সকলোৰে জ্ঞাত হওক। কিন্তু সকলোৱে তেওঁ গৱেষণাপত্ৰখন পঢ়িব কেনেকৈ—পঢ়িবলৈ যে ভৰিব লাগিব বুজন পৰিমাণৰ ধন! তাৰ ব্যৱস্থাও কৰ্পোৰেট প্ৰকাশন গোষ্ঠীবোৰে কৰি থৈছে—গৱেষক বা ছাত্ৰ-ছাত্ৰীয়ে যদি লাখৰ ঘৰত টকা দিয়ে, তেনেহ’লে সেইখন গৱেষণাপত্ৰ সকলোৱে পঢ়িব পৰাকৈ ইণ্টাৰনেটত উপলভ্য কৰি দিয়া হ’ব! এইটো কৌশলৰ বাবেও বহুতেই বুজন পৰিমাণৰ ধন ব্যয় কৰি গৱেষণাপত্ৰ প্ৰকাশ কৰিবলৈ আগ বাঢ়ে।
সামৰণিৰ এই দফাটোত উপস্থিত হৈ আমি প্ৰবন্ধটোৰ আৰম্ভণিৰ সেই শিমলু আলুৰ কথালৈ ক্ষন্তেকৰ বাবে উভতি চাওঁ। কোনো কোনো পাঠকৰ মনলৈ হয়তো এনে ভাব আহিব—শিমলু আলুৰ সেই কাহিনীৰ সৈতে আলোচনাৰ মূল প্ৰতিপাদ্য বিষয়টোনো কেনেকৈ সম্পৰ্কিত? আমি অলপ গমি চালেই অনুভৱ কৰিম—সেই প্ৰাগৈতিহাসিক যুগত তথ্য আৰু জ্ঞানৰ সঞ্চাৰণ কিমান যে মুক্ত, কিমান যে নিৰ্বিৰোধ, কিমান যে স্বাৰ্থহীন আছিল! এজন আদিম মানুহে যেতিয়া বনৰীয়া শিমলু আলু খান্দি উলিয়াইছিল বা তাক জুইত পুৰি খোৱাৰ কৌশল আৱিষ্কাৰ কৰিছিল, তেতিয়া তেওঁ সেই জ্ঞানক কেৱল নিজৰ মাজতে আবদ্ধ কৰি ৰখা নাছিল। বৰঞ্চ সমগ্ৰ দলটোৰ মাজত, সমগ্ৰ সমাজখনৰ মাজত তাক মুক্তভাৱে বিলাই দিছিল। তথ্য আৰু জ্ঞানৰ ক্ষেত্রত মালিক বা স্বত্বাধিকাৰীৰ কোনো ধাৰণাই নাছিল তেতিয়া।
কিন্তু শ্ৰেণী-বিভক্ত সমাজখনৰ আৰম্ভণিৰ পৰা তথ্য আৰু জ্ঞানৰ বিস্তাৰৰ গতি-প্ৰকৃতি যে লাহে লাহে সলনি হৈছিল, সেই কথাটোও আমি ইতিহাসৰ বিভিন্ন পৰ্যায়ৰ মাজেৰে চমুকৈ আলোচনা কৰি আহিলোঁ। এতিয়াৰ পুঁজিবাদী আগ্ৰাসনৰ যুগত জ্ঞান-তথ্যৰ বিস্তাৰণ নিষ্কণ্টকতো নহয়েই, বৰঞ্চ তাক যে শ্ৰেণী-স্বাৰ্থ পূৰণ কৰিবলৈ প্ৰচণ্ড শক্তিৰে হেঁচা মাৰি ধৰা হৈছে—সেই কথাটো আমি বিশ্ববিখ্যাত কৰ্পোৰেট প্ৰকাশন গোষ্ঠীসমূহৰ কেইটামান উদাহৰণৰ সহায়েৰে উত্থাপন কৰাৰ প্ৰয়াসো কৰিলোঁ। আপাতঃদৃষ্টিত প্ৰসংগৰ বাহিৰৰ যেন লগা আদিম মানুহৰ উদাহৰণসমূহ আমি সচেতনভাৱে আলোচনালৈ আনিছিলোঁ কেৱল এটা বিশেষ কাৰণত— সেই আদিম সাম্যৰ পটভূমিৰ সৈতে এতিয়াৰ লুণ্ঠনসৰ্বস্ব পুঁজিবাদী মূল্যবোধৰ চূড়ান্ত বৈপৰীত্য আৰু নগ্নতাৰ দিশটো প্ৰকট কৰি দেখুৱাবলৈ। আদিম বিজ্ঞানৰ প্ৰাৰম্ভিক যাত্ৰা আছিল অজ্ঞানতাৰ অন্ধকাৰৰপৰা জ্ঞানৰ পোহৰৰ অভিমুখে—তাত সমাজৰ সকলো দিশ, পোহৰাই তোলাৰ এক বিশ্বজনীন প্ৰতিশ্ৰুতি আছিল। কিন্তু সাম্প্ৰতিক বিশ্বৰ স্বাৰ্থান্ধ পুঁজিবাদী ব্যৱস্থাটোৱে বিজ্ঞানৰ পোহৰকো পোতাশালৰ নিৰন্ধ্ৰ কোঠাত বন্দী কৰি ৰাখিবলৈ উদ্যত হৈছে। তথ্য-প্ৰযুক্তিৰ বিপ্লৱক—যাৰ দ্বাৰা জ্ঞান আৰু তথ্য আটাইতকৈ সুলভ হ’ব লাগিছিল— এই ব্যৱস্থাটোৱে জ্ঞান বিতৰণৰ উমৈহতীয়া মাধ্যম কৰাৰ পৰিৱৰ্তে বহুজাতিক কোম্পানীৰ মুনাফা অৰ্জনৰ এক নতুন আৰু অত্যাধুনিক সঁজুলিলৈ পৰিৱৰ্তন কৰি পেলালে।
বিজ্ঞান কোনো এক নিৰ্দিষ্ট ব্যক্তি, গোষ্ঠী বা ৰাষ্ট্ৰৰ একক সম্পত্তি নহয়। বিজ্ঞানৰ এক অন্তৰ্নিহিত সাৰ্বজনীন ৰূপ আছে, যাৰ একমাত্ৰ লক্ষ্য হোৱা উচিত সত্যৰ সন্ধান আৰু মানৱজাতিৰ উমৈহতীয়া কল্যাণ। কিন্তু যিটো ব্যৱস্থাত তেনে সুস্থ প্ৰমূল্যভিত্তিক চিন্তাক ভৰিৰে মোহাৰি, বিজ্ঞানৰ নামত কৰ্পোৰেট প্ৰকাশন গোষ্ঠীয়ে অবাধে প্ৰচুৰ মুনাফা লুণ্ঠন কৰি লয়—সেই ব্যৱস্থাক প্ৰকৃত অৰ্থত আধুনিক বুলি ক’ব নোৱাৰি। এয়া কোনো সুস্থ ব্যৱসায় নহয়, এয়া হৈছে মানুহৰ মেধা আৰু শ্ৰম কুক্ষিগত কৰা বিৰাট আৰু পদ্ধতিগত মহালুণ্ঠনৰ এটা প্ৰক্ৰিয়া। এইটো এটা ভয়াবহ পৰিস্থিতি, দিনে দিনে এই সংকট ঘনীভূত হৈ পৰাৰ আশংকা অতি বেছি। আমি অতি স্পষ্টকৈ বুজিব লাগিব যে বৰ্তমানৰ এই গভীৰ সংকট কিন্তু বিজ্ঞান বা বিজ্ঞানীৰ পৰা জন্ম হোৱা নাই। সমস্যাৰ আচল উৎস হৈছে পুঁজিবাদ। যেতিয়ালৈকে সমাজত এই পুঁজিবাদী মুনাফাসৰ্বস্ব মূল্যবোধ জীয়াই থাকিব, তেতিয়ালৈকে জ্ঞান আৰু মেধাৰ এনে নগ্ন লুণ্ঠন চলিয়েই থাকিব। অৱশ্যে, বিভিন্ন কল্যাণকামী চিন্তা বা ‘মুক্ত বিজ্ঞান’-ৰ (Open Science) দৰে আন্দোলনে গৱেষকসকলক কিছু দূৰলৈ সাময়িক সকাহ হয়তো দিব পাৰে; কিন্তু পুঁজিবাদী ব্যৱস্থাটো বৰ্তি থকালৈকে বিজ্ঞান আৰু বিজ্ঞানীয়ে কেতিয়াও সম্পূৰ্ণকৈ মুক্তি লাভ কৰিব নোৱাৰে। আটাইতকৈ পৰিহাসৰ কথাটো হ’ল— আজিৰ দিনৰ বহুতো তীক্ষ্ণধী, প্ৰতিভাশালী বিজ্ঞানীয়েও এই পুঁজিবাদী শোষণচক্ৰৰ কথাটো সঠিকভাৱে অনুধাৱন কৰা দেখা নাযায়, বৰঞ্চ তেওঁলোকেও ইয়াৰ অলিখিত নিয়মবোৰকে স্বাভাৱিক বুলি নীৰৱে মানি লৈছে। গতিকে আলোচনা-বিলোচনাৰ মাজেৰে বিজ্ঞানীসকলৰ মাজতো এই দিশটোত সচেতনতা অনাটো বৰ জৰুৰী।

