তথ্যৰ অতিভাৰ আৰু ইয়াৰ দ্বাৰা আক্ৰান্ত সমাজৰ কিছু দিশ ।। দয়াসাগৰ কলিতা
‘মুক্ত চিন্তা’ আলোচনীৰ একাদশ বছৰ, তৃতীয় সংখ্যাৰ সম্পাদকীয়টোৱে বৰকৈ আকৰ্ষিত কৰাৰ লগতে তথ্যৰ ধুমুহাই কেনেদৰে মানৱজাতিৰ মনস্তত্ত্বক প্ৰভাৱিত কৰিছে সেইবিষয়ে বাৰুকৈয়ে ভাবিবলৈ বাধ্য কৰিলে। এই ক্ষেত্ৰত প্ৰথমেই টি. এচ. এলিয়টৰ বেছ বিখ্যাত পংক্তিলৈ মনত পৰে। তেওঁ ১৯৩৪ চনতে ‘The Rock’ শীৰ্ষক নাটকখনত লিখা কাব্যিক অনুভূতিটো আছিল এনেধৰণৰ—
“Where is the life we have lost in Living?
Where is the wisdom we have lost in knowledge?
Where is the knowledge we have lost in information?” (Eliot, 1934).
কেৱল এলিয়টেই কিয়! তেওঁৰ পৰাও যদি আগুৱাই যাওঁ আমি লগ পাম মহান দাৰ্শনিক ছেনেকাক (Seneca)। খৃষ্টাব্দ ৬০-তে লেটিন ভাষাত লিখা তেওঁৰ প্ৰখ্যাত গ্ৰন্থ ‘De Tranquillitate Animi’-ত সমসাময়িক গ্ৰন্থাগাৰসমূহত পৰি ৰোৱা অপঠিত গ্ৰন্থসমুহৰ সম্পৰ্কে এনেদৰে লিখিছে—“… ‘the abundance of book is distracting’ and preferable to devote time to a few for true wisdom” (Grokipedia)।
আমি এফালে যদি তথ্যৰ মহাসাগৰত ভাৰাক্ৰান্ত নাবিকৰ দৰে দিকবিদিক হেৰুৱাইছোঁ আনফালে জ্ঞান, দৰ্শন ইত্যাদি তাত্ত্বিক দিশবোৰ আমাৰ পৰা বহু যোজন আঁতৰি গৈ আছে। সি যিয়েই নহওক, তথ্যৰ মহাবিস্ফোৰণ অথবা অতিভাৰ ধাৰণাটো এতিয়া বহুলভাৱে প্ৰচাৰ হ’লেও কিন্তু ই বৰ নতুন ধাৰণাও নহয়। ইয়াৰ শিপাডাল ১৬ আৰু ১৭ শতিকাৰ ইউৰোপতে দেখা পোৱা যায়। এই সময়ছোৱাতে ইউৰোপত কিতাপ তথা অন্যান্য বৰ্ণনাত্মক তথ্যৰ বিশাল জাগৰণ আৰম্ভ হৈছিল। ছপাকাৰ্যৰ ব্যাপক উত্থানৰ ফলতেই এই জাগৰণৰ অভ্যুদয় বুলিব পাৰি। সেইবাবেই হয়তো Leibniz-এ ১৬৮০ চনতে সংশয় প্ৰকাশ কৰিছিল এইদৰে “the horrible mass of books which keeps on growing” (Rosenberg, 2003)।
যদিও তথ্যৰ অতিভাৰ ধাৰণাটোৰ এক সৰ্বসন্মত সংজ্ঞা নাই তথাপি ইংৰাজীত ইয়াক আন বহু কেইটা জনপ্ৰিয় নামেৰে বুজোৱা হয়। উদাহৰণস্বৰূপে information overabundance, infobesity, data fog, information pollution, infostress, infoxication, cognitive overload ইত্যাদি। (Bawden & Robinson, 2020)। উল্লেখযোগ্য যে, আধুনিক সমাজত আলোচনা কৰিব পৰাকৈ ‘Information Overload’ বা তথ্যৰ অতিভাৰৰ তাত্ত্বিক ধাৰণাটো বিখ্যাত জাৰ্মান দাৰ্শনিক সমাজতত্ত্ববিদ জৰ্জ জিমেলৰ পৰা ধাৰ কৰা হৈছে (Savolainen, 2007)। ‘Information overload’ শীৰ্ষক ইংৰাজী বাক্যাংশটো সমাজতত্ত্ববিদ এলভিন টফলাৰে ১৯৭০ চনৰ তেখেতৰ বিখ্যাত গ্ৰন্থ ‘Future Shock’ -ত পোন প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল। যদিও পূৰ্বৰে পৰা তাত্ত্বিকভাৱে চলি আহিছিল কিন্তু ‘Information Overload’ বাক্যাংশটোক আমেৰিকান সমাজ দাৰ্শনিক Bertram Gross-এহে জনপ্ৰিয় কৰিছিল (Bawden & Robinson, 2020)। আনহাতে এইক্ষেত্ৰত আমি Luciano Floridi-ৰ ‘Fourth Revolution’-ৰ ধাৰণাটোও পাহৰিলে নহ’ব। য’ত তেওঁ মানৱ সভ্যতাৰ বিকাশত তথ্য বা Information-ক আধাৰ হিচাপে গ্ৰহণ কৰিছে । তেখেতে মানৱ-সভ্যতাৰ বিকাশৰ তিনিটা ক্ষণৰ কথা উল্লেখ কৰিছে, Pro- history— যিসময় নথিভুক্ত তথ্যৰ আগৰ, History— যিসময়ত সু-শৃংখলিতভাৱে লিপিবদ্ধ তথ্যই সমাজক বাট দেখুৱাইছে আৰু Hyper-history— য’ত তথ্যৰ মহাবিস্ফোৰণে মানৱ জীৱনক ছানি ধৰিছে আৰু তাৰ দ্বাৰাই সমাজখন নিয়ন্ত্ৰিত হৈছে।
অন্যহাতে, ১৯৪৮ চনত ৰয়েল চোচাইটিয়ে অনুষ্ঠিত কৰা চাইণ্টিফিক ইনফৰমেচন কনফাৰেন্সয়েও (Scientific Information Conference) এই সংক্ৰান্তত বিশদ আলোচনা কৰিছিল। এই কনফাৰেন্সৰ ধাৰণা আছিল এনেধৰণৰ—“Not for the first time in history, but more acutely than ever before, there was a fear than scientific would be overwhelmed, that they would no longer be able to control the vast amounts of potentially relevant material that were pouring forth from the world’s presses.” (Bawden & Robinson, 2009)।
ইয়াৰ উপৰিও, ১৯৭০ চনতে প্ৰকাশ পোৱা ‘Future Shock’ শীৰ্ষক গ্ৰন্থখনত Alvin Toffler-এ পৰিৱৰ্তিত ঔদ্যোগিক সমাজখনত ব্যাপক কাৰিকৰী প্ৰসাৰতাৰ ফলত সৃষ্টি হোৱা তথ্য, জ্ঞান আৰু ধাৰণাৰ অতিমাত্ৰাই মানুহৰ জীৱনত কেনেধৰণে চুই গৈছে সেয়া বিতংকৈ আলোচনা কৰিছে। তেওঁৰ অধ্যয়নৰ সাৰমৰ্ম হ’ল অতিমাত্ৰা তথ্য অথবা ধাৰণাই মানুহক শাৰিৰীক আৰু মানসিক দুয়োফালে ৰুগ্ন কৰি তোলে(Toffler, 1970)।
Horkheimer আৰু Adorno-ৰ তত্ত্বৰ আধাৰত গৱেষক Spier-এ আমাক জনাইছে যে তথ্যৰ অতিমাত্ৰা প্ৰৱাহ হ’ল পুঁজিবাদী সাংস্কৃতিক কাৰাখানাৰ এক বৈশিষ্ট্য আৰু ই মানুহক সমালোচনাত্মক গুণৰ পৰা বিচলিত কৰি হেৰাই যোৱাৰ ভীতি সৃষ্টি কৰাত সহায় কৰে (Spier, 2016)। আন এজন গৱেষক Capurro-এ Heidegger আৰু Foucault-ৰ তত্ত্বৰ আধাৰত এই বিষয়ে বিশদ আলোচনা কৰিছে (Capurro, 2014)।
একে আষাৰতে যদি সোধা যায় তথ্যৰ মহাবিস্ফোৰণ কি কি কাৰণত হ’ব পাৰে? এই বিষয়ে Eppler আৰু Mengis-এ সুন্দৰকৈ বৰ্ণনা কৰিছে। এওঁলোকৰ গৱেষণা অনুযায়ী ব্যক্তিগত কাৰক, তথ্যৰ বৈশিষ্ট্য, কাৰ্য আৰু পদ্ধতিৰ মান, সাংগঠনিক ৰূপ, তথ্য প্ৰযুক্তি ইত্যাদি সমূহেই হ’ল মুখ্য কাৰণ। যি কি নহওক ইয়াৰ সৰ্বসন্মত কাৰকসমূহ এনেধৰণৰ—১) Too much of information ২) Diversity, complexity and novelty of information ৩) Pervasive and pushed information ৪) Personal factors and individual differences। তথ্যৰ অতিমাত্ৰা প্ৰৱাহৰ বিষয়ে মাত্ৰ দুটা উদাহৰণ দিলেই পাঠকসকলে সুন্দৰকৈ বুজিব পাৰিব। তাৰে প্ৰথমটো হ’ল ১৯৭০ চনৰ এক সমীক্ষা অনুসৰি কেৱল এটা বিষয়ৰ এটা বছৰত প্ৰকাশিত সকলো গৱেষণা পত্ৰ পাঠ কৰিবলৈ সাতশ বছৰ লাগিব। ঠিক তেনেদৰে ২০১২ চনৰ তথ্য অনুসৰি কেৱল এটা দিনত প্ৰকাশিত সকলো তথ্য যদি পুথিভঁৰালত ৰাখিবলৈ বিচৰা হয় তেতিয়া আমেৰিকাৰ সকলো পুথিভঁৰাল আঠবাৰকৈ ভৰ্তি হ’ব (Bawden & Robinson, 2020)। ইয়াৰ উপৰিও কেতিয়াবা দেখা যায় যে বহু তথ্যৰ সমাহাৰে এক অস্পষ্ট আৰু সঠিক ধাৰণাবিহীন এক পৰিবেশৰ সূচনা কৰে আৰু ই প্ৰয়োজনীয় তথ্য আহৰণৰ ক্ষেত্ৰত গুৰুতৰ সমস্যাৰ সৃষ্টি কৰে। এনে পৰিস্থিতিকে সহজ ভাষাত data smog বুলি ক’ব পাৰি (Shenk, 1997)। এইখিনিতে pushed information-ৰ কথাটো উনুকিয়াই নগ’লে আধৰুৱা হ’ব। পাঠকসকলে যদি বৰ্তমান সামাজিক পৰিস্থিতিলৈ মন কৰিলেই এইটো বুজাত বৰ অসুবিধা নহ’ব। আজিকালি ৰাজনৈতিকেই হওক বা বাণিজ্যিক ক্ষেত্ৰত বহু সত্য বা অসত্য তথ্য উদ্দেশ্যপ্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয়। এনে তথ্যই সাধাৰণ ব্যক্তি অথবা উপভোক্তাসকলক বিপথে পৰিচালিত কৰাৰ অৱকাশ থাকে।
গোলকীয় গাওঁত তথ্যৰ মহাবিস্ফোৰণে এক শ্ৰেণীৰ মানুহক যেনেদৰে সহায় কৰিছে আৰু আন এক শ্ৰেণীৰ তথা সামগ্ৰিকভাৱে সকলোৰে জীৱন কেনেদৰে ভাৰাক্ৰান্ত কৰিছে তাক খুব ভালকৈ অধ্যয়ন কৰাৰ প্ৰয়োজন আছে। মই ব্যক্তিগতভাৱে Global Village বা গোলকীয় গাঁৱৰ ধাৰণাটো তথ্য আৰু ইয়াৰ ব্যৱসায়ীকৰণে সৃষ্টি কৰা এক নেৰেটিভ হিচাপেহে গণ্য কৰোঁ। সেইখন এনে এখন গাঁও য’ত যিসকলৰ হাতত পৰ্যাপ্তভাৱে প্ৰকৃত তথ্যৰ ভাণ্ডাৰ আছে তেওঁলোকে গাঁওৰ সকলো ক্ষমতা হস্তগত কৰি ৰাখিছে আৰু যিসকল দৰিদ্ৰ, পিছপৰা তেওঁলোকক তথ্যৰ অভাৱত অথবা অসত্য তথ্য বা উদ্দেশ্যপ্ৰণোদিত তথ্যৰে কমাৰ্চিয়েল লেব হিচাপে গণ্য কৰা হৈছে। আপোনালোকে বিখ্যাত দাৰ্শনিক মিশ্বেল ফুক’ৰ Birth of the Clinic অথবা Panopticon-ৰ ধাৰণালৈ চালেই সকলো কথাৰ ভু ল’ব পাৰিব। ইয়াৰ বাহিৰও Digital Divide তত্ত্বৰ কথা ক’বই লাগিব। ভাৰতবৰ্ষতে এচাম মানুহৰ হাতত ম’বাইল ইণ্টাৰনেট ইত্যাদি সকলো আছে আৰু এচাম মানুহে এসাঁজ ভাতৰ বাবে হাহাকাৰ কৰিছে। এইসকল লোকৰ সন্তানসকল স্বাভাৱিকতে Information Poverty-ৰ চিকাৰ হৈছে। তাত্ত্বিকভাৱে তথ্যৰ দৰিদ্ৰতাই দুইধৰণৰ কথা সূচায়—প্ৰযুক্তিগত অনগ্ৰসৰতা আৰু বিশাল তথ্যৰ মাজৰ পৰা নিজৰ প্ৰয়োজনীয়তাখিনি বিচাৰি লোৱাৰ অৰ্হতা নথকা। এই প্ৰযুক্তিগত অনগ্ৰসৰতাকে digital divide তত্ত্বটোত সামৰি লোৱা হৈছে।
এইটো কথাও অনস্বীকাৰ্য যে তথ্যৰ অবিহনে মানৱ-সভ্যতাৰ উত্তৰণৰ কল্পনা কৰাটোও অবান্তৰ। প্ৰকৃত তথ্যৰ সমাহাৰেহে মানুহক বিজ্ঞানৰ ন উন্মেষৰ দুৱাৰ মুকলি কৰে। এইয়া কৰিবলৈ যাওঁতে আমি সঞ্চিত তথ্যৰ বৈজ্ঞানিক মানসিকতাৰে বিশ্লেষণ কৰিহে সিদ্ধান্তলৈ আহিব লাগিব। এইক্ষেত্ৰত সঠিক যুক্তি আৰু প্ৰজ্ঞাৰ বৰ প্ৰয়োজন। এই আপাহতে ভাৰতৰ বৰ্তমান সমাজখনৰ কথা নক’লে আধৰুৱা হ’ব। বৰ্তমান সময়ত দেখা গৈছে যে ৰাজনৈতিক উদ্দেশ্যপ্ৰৱণ শক্তিসমূহে সংবাদসেৱাকে ধৰি বিভিন্ন মাধ্যমেৰে জনসাধৰণৰ মাজত সততে বিভিন্ন প্ৰকাৰৰ ভ্ৰান্ত আৰু পক্ষপাতিত্বসূচক তথ্যৰে সমাজখনক উপচাই পেলোৱা দেখা গৈছে। যাৰ ফলত আমাৰ সমাজৰ এটা শ্রেণী বৰ দুখ লগাকৈ বিপথে পৰিচালিত হৈছে। যিটো আমাৰ সমাজৰ উত্তৰণৰ বাবে অতিশয় নিৰাশজনক।
সি যিয়েই নহওক, তথ্যৰ অতিভাৰে মানুহৰ ওপৰত পেলোৱা নেতিবাচক দিশৰ বিষয়ে কৰা আলোচনাত সমাজ-দাৰ্শনিকসকলে মনস্তাত্বিক দিশটোকে প্ৰধানকৈ গুৰুত্ব দিছে। কেতবোৰ উদাহৰণ এনেধৰণৰ—আমাৰ working memory-ৰ ওপৰত কি ধৰণৰ প্ৰভাৱ, আমি mental concentration-ৰ পৰা কেনেদৰে কক্ষচ্যুত হওঁ, আমাৰ মনত কেনেদৰে ‘হেৰাই যোৱাৰ ভীতি’ বা FOMO সঞ্চাৰিত কৰা হয় ইত্যাদি। আনহাতে এইধৰণৰ যথেষ্টখিনি ধাৰণাৰো জন্ম হৈছে। উদাহৰণস্বৰূপে R.S. Wurman-ৰ ‘information anxiety’, ‘information assault’ অথবা Bawden আৰু Robinson-ৰ ‘information violence’ উল্লেখযোগ্য। এইবিলাকৰ লগতে জড়িত আন কেতবোৰ pathological ধাৰণা হ’ল— ‘technological anxiety’, ‘computer anxiety’, ‘library anxiety’ আৰু ‘techno-stress’ ইত্যাদি।
ঠিক তেনেদৰে infobesity বুলি এটা ধাৰণা আছে। যেনেদৰে ‘over-indulgence in unhealthy খাদ্যই আমাৰ শৰীৰত obesity-ৰ সৃষ্টি কৰিছে, তেনেদৰে overflow of misguided information-য়েও আমাৰ মনত মেদবহুলতাৰ সৃষ্টি কৰে। মনস্তত্ত্ববিদসকলৰ মতে ‘a diet of good information in the right quality’-ৰে এই ৰোগ ঠিক কৰিব পাৰি। গৱেষক Brophy আৰু Bawden-ৰ মতে ‘infobesity’ শব্দটো পোনপ্ৰথমবাৰৰ বাবে Carnegie Mellon বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ গুৰু James Morris-এ উল্লেখ কৰিছিল। গৱেষকসকলে তথ্য-মেদবহুলতাক সুন্দৰকৈ সংজ্ঞায়িত কৰিছে। উদাহৰণস্বৰূপে— গৱেষক Kwanya-ৰ মতে, “…infobesity is a condition caused by an uncontrolled feasting on the vast volumes of data that is currently available in the infosphere as a consequence of the big data syndrome.” আনহাতে, Eppler আৰু Mengis-ৰ মতে, “…infobesity occurs when information received becomes a hindrance rather than a help, even though the information may be potentially useful.”। আন এজন গৱেষক Maxwell-ৰ মতে তথ্য-মেদবহুলতা কেৱল এটা সমস্যা নহয়, ই এক মহামাৰীত পৰিণত হৈছে। তেওঁৰ ভাষাত, “…infobesity is currently an epidemic because of the readily-available sources and channels of information making it easier for people to become infobese.” (Awuor, Afline & Kwanya, Tom & Nyambok, Grace, 2019).
অন্যহাতে, তথ্যৰ অতিভাৰক fatigue syndrome, thought disorder, self-doubt, headache, depressions, বিভিন্নধৰণৰ পেটৰ সমস্যা উচ্চ ৰক্তচাপ আৰু হৃদৰোগ ইত্যাদিৰো অন্যতম কাৰক হিচাপে চিহ্নিত কৰা হৈছে। পিছে তথ্যৰ অতিভাৰৰ ফলত হোৱা পাৰ্শ্বক্ৰিয়াসমূহ ৰোধ কৰাৰো উপায় নথকা নহয়। যেনেদৰে filtering and avoiding, তেনেদৰে information withdrawal য’ত আমি ব্যৱহাৰ কৰি থকা সামাজিক মাধ্যমটোত কেনেকুৱা সূচনা অহাটো বিচাৰোঁ, তাক নিয়ন্ত্ৰণ কৰিব পাৰোঁ, মিছা বা উত্তেজিত কৰিব পৰা তথ্য বিয়পাই থকা সমাজিক মাধ্যমৰ একাউন্টবোৰক আনফ্ৰেইন্ড বা আনফ’ল’ কৰি দিব পাৰোঁ। অথবা আমাৰ ভ্ৰাম্যভাষটো কিছুসময়ৰ বাবে বন্ধ কৰি ৰাখিব পাৰোঁ আৰু কেৱল পূৰ্বনিৰ্ধাৰিত জ্ঞান অৰ্জনৰ কামত নিজকে নিয়োজিত কৰি ৰাখিব পাৰোঁ।
সহায়ক গ্ৰন্থ-পঞ্জী
১. Awuor, Afline & Kwanya, Tom & Nyambok, Grace. (2019). The Influence of Infobesity on the Information Seeking Behaviour of Undergraduate Students in Tangaza University College.
২. Bawden, D. & Robinson, L. (2020). Information Overload: An Overview. In: Oxford Encyclopedia of Political Decision Making. Oxford: Oxford University Press.
৩. Bawden, D. & Robinson, L. (2009). The dark side of information: overload, anxiety and other paradoxes and pathologies. Journal of Information Science, 35(2), 180-191.
৪. Capurro, R. (2014). Medicine 2.0: reflections on a pathology of information society. Infopreneurship Journal, 1(2), 31-47.
৫. Eliot, T. S. (1934). The Rock. FABER & FABER Ltd.
৬. Eppler, M.J & Mengis, J. (2004). The concept of information overload: a review of literature from organizational science, accounting, marketing, MIS and related disciplines. The Information Society, 20(5), 325-344.
৭. Gang, Liu. (2011). From Leibniz to Modal Information Theory.
৮. Grokipedia: Information explosion
https://grokipedia.com/page/Information_explosion#ref-28
৯. Rosenberg, D. (2003). Early modern information overload. Journal of the History of Ideas, 64(1), 1-9.
১০. Savolainen, R. (2007). Filtering and withdrawing: strategies for coping with information overload in everyday contexts. Journal of Information Science, 33(5), 611-621.
১১. Shenk, D. (1997). Data smog: surviving the information glut. New York: Harper Edge.
১২. Spier, S. (2016), From culture industry to information society: how Horkheimer and Adorno’s conception of the culture industry can help us examine information overload in the capitalist information society. In M. Kelly & J. Bielby (Eds.), Information cultures in the digital age: a festschrift in honor of Rafael Capurro (pp. 385-396). Wiesbaden: Springer.
১৩. Toffler. A. (1970). Future Shock. A Bantam Book. USA.

