কেন্দ্ৰীয় নিবন্ধ

ড০ ভূপেন হাজৰিকাৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ প্ৰতি অনুৰাগ ।। ড০ দিলীপ ৰঞ্জন বৰঠাকুৰ

মুক্ত চিন্তা। দ্বাদশ বছৰ। ১ম সংখ্যা

আধুনিক অসমীয়া সংগীতৰ অনন্য প্রতিভাশালী শিল্পী ড° ভূপেন হাজৰিকাৰ সংগীতৰ অন্যান্য দিশৰ দৰে ভাৰতীয় শাস্ত্রীয় সংগীতৰ প্ৰতি থকা গভীৰ আগ্ৰহৰ কথা হয়তো বহুতৰ চকুত পৰা নাই। সেয়েহে এই লেখাত তেখেতৰ শাস্ত্রীয় সংগীত চর্চা আৰু তেখেতৰ স্বজ্ঞানে বা অজানিতে ৰাগ সংগীতৰ সংযোগত কেবাটিও গীতত সুৰাৰোপ কৰাৰ সম্পৰ্কে থুলমূল আভাস এটি দাঙি ধৰিবলৈ প্ৰয়াস কৰা হ’ল।

প্ৰকৃততে নিজৰ অনুভূতিক সকলোৰে বাবে বিলাই দিব পৰা যি প্রচেষ্টা তেনে ধৰণৰ প্ৰচেষ্টা সুন্দৰভাৱে উপস্থাপন কৰিব পৰাৰ পৰাই যেন শিল্প সজীৱ হৈ উঠে। ড° ভূপেন হাজৰিকাৰ জীৱন-দৰ্শনত সেই কথা সুন্দৰকৈ প্রতিফলিত হয়। তেখেতৰ গীতৰ শব্দ-চয়ন, পৰিশীলিত স্পষ্ট উচ্চাৰণ, কাব্যিক লাৱণ্য, সুৰ-সংযোজনাৰ অপূৰ্ব সৌন্দর্য, ধ্বনিৰ লালিত্য, ভাব-ছন্দ-ৰসৰ সুসমন্বিত ৰূপ, পৰিশীলিত সুমধুৰ কণ্ঠৰ স্বৰ-পক্ষেপন আৰু কল্পনাৰ সুক্ষ্ম সৃজনী শক্তিৰ বাবে যে তেখেতে বিশ্বক আপোন কৰি তুলিবলৈ সহজ হৈ পৰিছিল সেই কথা নোদোহাৰিলেও হ’ব। তেখেতৰ কথা আৰু গীতৰ সুৰৰ লগত আছে এক গভীৰ জীৱনবোধ। নিজৰ জীৱনকালত থকা সাধাৰণ পৰিৱেশনৰ ৰীতিৰ পৰা কিছু ফালৰি কাটি গৈ, যুগৰ লগত খাপ-খোৱাকৈ, এটি স্বকীয় বৈশিষ্ট্যপূর্ণ নতুন ধাৰা সৃষ্টি কৰিলে ড° ভূপেন হাজৰিকাদেৱে। বিশেষভাবে স্বৰ-সাধনা আৰু পৰিশীলিত সুন্দৰ কণ্ঠৰ অবিহনে এনেদৰে নিজৰ ভাৱ আৰু বক্তব্য (Message) প্রকাশ কৰাতো সম্ভৱপৰ নহয়। তেখেতৰ গানৰ সুৰে যেন শ্রোতা দৰ্শকৰ মনত সুপ্ত হৈ থকা প্রত্যেকটো অনুভূতিক – জগাই তোলে এনে লাগে। হয়তো ইয়াৰ ফলত শ্রোতাই – তেখেতৰ ভাৱানুভূতিত একীভূত হৈ সেই তৃপ্তি উপভোগ – কৰিবলৈ সমর্থ হয়। তেখেতৰ সুৰ আৰু বক্তব্যৰ সম্বন্ধ অতি নিবিড়। পৰিৱেশন কৰাৰ সময়ত ৰাগ সংগীতৰ বিদগ্ধ সাধক বা তাপসৰ দৰে নিজৰ সুৰ ভাৱত নিজেই বিলীন হৈ যায় সমস্ত সত্ত্বা ঢালি। যাৰ ফলত শ্ৰোতাই তেখেতৰ ভাৱানুভূতিত একীভূত হৈ সেই তৃপ্তি লাভ কৰিবলৈ সমর্থ হয়। ড° ভূপেন হাজৰিকাই নিজেই কৈছে: “ৰংগমঞ্চত মই যেতিয়া গান পৰিৱেশন কৰোঁ – তেতিয়া আৱেগিক হৈ যাওঁ বুলি মোক মানুহে কৈ আহিছে আজীৱন। মই নিজকে নিজেতো নেদেখোঁ । যেতিয়া মই emotionally involved হৈ যাওঁ -তেতিয়া মই নিজত নাথাকো।

ঘৰৰ পৰিয়ালৰ পৰিৱেশে স্বাভাৱিকতে প্রতিভা আহৰণ আৰু বিকাশত শিল্পীক বহু সময়ত সহায় কৰিব পাৰে। লগতে ব্যক্তিত্ব গঠনতো বিশেষভাবে প্রভাৱ পেলায়। ড° ভূপেন হাজৰিকাৰ দেউতাক-মাক আৰু পৰিয়ালৰ কেইবাগৰাকীও সংস্কৃতিৱান লোক আৰু সেই ঠাইৰ সংগীত পৰিৱেশৰ প্ৰভাৱত হয়তো তেখেত হৈ পৰিছিল বিশাল অন্তৰৰ এগৰাকী স্বভাৱসুলভ শিল্পী। কিছুমান মানুহে জন্মগত ভাৱে কিছু সাংগিতীক প্ৰতিভাৰ অধিকাৰী হৈ আহে। ভূপেন হাজৰিকাৰ সুৱদী কণ্ঠ আছিল জন্মগত। কোনো কোনোৱে শিল্পীসুলভ মনোভাবেৰে সেই সম্পদ চৰ্চা কৰি নতুনত্ব আনে। ফলত ক্রমে উচ্চ শিখৰলৈ আৰোহণ কৰি কেতিয়াবা হয়তো স্থায়ী বা কালজয়ী হৈ পৰে। ভূপেন হাজৰিকাই নিজেই কৈছে : যদিও কণ্ঠটো আছিল জন্মগত তথাপিও Training যে কৰিব লাগে এই ধম্‌কিটো পাইছিলোঁ জ্যোতিপ্রসাদ আৰু বিষ্ণুপ্ৰসাদৰ পৰা। এই দুয়োজনেই কৈছিল কণ্ঠ, চর্চাইহে ৰাখিব পাৰে, নহ’লে ঈশ্বৰে দিয়া বস্তুটো নোহোৱা হ’ব। এতিয়া মোক ঈশ্বৰে দিলেনে কোনে দিনে নাজানো- যিটো কণ্ঠ আছিল সেইটোৰ কামবিলাক, সৰু সৰু মূর্ছনা বিলাক, Nuances বিলাক, অলংকাৰ বিলাক সেইটো মোৰ লগত জন্মৰ পৰা অহা নাই নিশ্চয় Training কৰিছিলো।

ভাবেই সংগীতৰ প্ৰাণ। ৰচনা আৰু সুৰ উভয়তে সৃষ্টিশীল প্রতিভা আৰু মৌলিকতা প্রকাশ আদি গুণেই ভূপেন হাজৰিকাৰ সৃষ্টিক মহান কৰিব পাৰিলে। চিৰকাৰল মানুহৰ মনত এক বর্ণনাৰ অতীত সৌন্দর্যোপলব্ধি সঞ্চাৰণ কৰিব তেখেতৰ সৃষ্টিয়ে। জ্যেতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্রভাৱত থাকিবলৈ পাই ভূপেন হাজৰিকাই জানিছিল যে আধুনিক গীত চর্চা বা সৃষ্টি কৰিবলৈ হ’লেও ভাৰতীয় শাস্ত্রীয় সংগীতৰ কিছু জ্ঞান আহৰণ কৰাৰ প্ৰয়োজন আছে। বেনাৰসৰ কাশী বিশ্ববিদ্যালয়ত পঢ়া সময়ৰ কথা ওলাওঁতে এক সাক্ষাৎকাৰত ভূপেন হাজৰিকাই কৈছিল: “আমাৰ বিশ্ববিদ্যালয়ৰ চৌহদতে এটা সুন্দৰ সংগীত ভৱন আছিল- তাত সুন্দৰ সংগীতজ্ঞাই আমাক শিকাইছিল- আমি সন্ধিয়া সন্ধিয়া গৈ শিকিছিলোঁ। এতিয়া এই চাৰি বছৰত ন্যূনতম ভাৰতীয় সংগীতৰ ব্যাকৰণখিনি, কিছু ৰাগ-ৰাগিনী, কিছু ছন্দ জ্ঞান, কিছু পৰিবেশন-ৰীতি বুটলি লৈছিলোঁ। কাৰণ মই জানো, মই যদি কবিতা লিখিব লাগে- গ্ৰামাৰটো অলপ জানিব লাগিব। মই আধুনিক গীত বা সুগম সংগীত যদি সৃষ্টি কৰিবলৈ বিচাৰোঁ Vacum ৰ ওপৰতো আৰু একো কৰিব নোৱাৰিম। পাণিণি হ’ব নালাগে কালিদাস হ’বলৈ। কিন্তু কালিদাস হ’বলৈ কিছু পাণিণিতো হ’ব লাগিব।”

ভূপেন হাজৰিকাই শিশু কালত বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ওচৰত ভাৰতীয় শাস্ত্রীয় সংগীতৰ শিক্ষাৰ পাতনি মেলিছিল। সেই সম্পর্কে ভূপেন হাজৰিকাই কৈছে- “শাস্ত্রীয় সংগীতৰ শিক্ষা গ্রহণ আমাৰ দিনত অসমত সুবিধা নাছিল যদিও বিষ্ণুপ্রসাদ – ৰাভাদেৱে আমাৰ কেইটিমান সৰু খেয়াল শিকাইছিল।” সেই সময়ত বেংগলী থিয়েটৰ হলত বিভিন্ন সময়ত হোৱা খেয়ালৰ প্ৰতিযোগিতাত বালক ভূপেনে পুৰস্কাৰ লাভ কৰিছিল। কৈশোৰ অৱস্থাতেই ভূপেন হাজৰিকাই ভাৰতীয় শাস্ত্রীয় সংগীতলৈ এক নতুন পথৰ সন্ধান দিয়া পণ্ডিত বিষ্ণুনাৰায়ণ ভাতখণ্ডেৰ সংগীতৰ কিতাপ অধ্যয়ন কৰিছিল বুলি তেখেতে নিজেই কৈছে এনেদৰে: “তেতিয়া আমি ভাতখাণ্ডে নামৰ মানুহ এজনৰ কথা শুনিছিলো। তেওঁ ভাৰতীয় সংগীতক বুটলি জাৰি-জোকাৰি পাঠ্য পুথিলৈ ৰূপান্তৰিত কৰি Bhatkhande School of Music কৰিছে। গতিকে সেই শৈক্ষিক ধাৰণাটো মই ভাটখণ্ডেৰ বঙালী কিতাপ এখনত পঢ়িছিলোঁ। ভাটখণ্ডেৰ বঙালী সংস্কৰণখনত খুব সুন্দৰকৈ লিখা আছিল সা-ৰে-গা-মা কেনেকৈ পঢ়িব লাগে, কোনটো ৰাগ দুপৰীয়া গাব লাগে- কোনটো ৰাতিপুৱা গাব লাগে এইবোৰ খুব সুন্দৰকৈ বৰ্ণনা কৰা আছে। আমি শিকোঁতে সেইবোৰ লৈ গাইছিলোঁ।

গুৱাহাটীৰ বংশীবৎ পাণ্ডে নামৰ এগৰাকী সংগীতজ্ঞৰ ওচৰত ভূপেন হাজৰিকাই শৈশৱ কালৰ ১৪-১৫ বছৰ বয়সত কিছুদিন শাস্ত্রীয় সংগীতৰ শিক্ষা গ্রহণ কৰিছিল। সেই কথা ভূপেন দাৰ মুখৰ পৰা নিজেই শুনাৰ উপৰিও তেখেতৰ এগৰাকী সম্বন্ধৰ ভায়েক বিশিষ্ট গায়ক অপূর্ব কুমাৰ দাসেও কৈছে ‘অনুনাদ’ নামৰ এখনি মাহিলী আলোচনীত। আকৌ ভূপেন হাজৰিকাৰ লগত সেই সময়ত একেলগে শাস্ত্রীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰা তেখেতৰ সেই সময়ৰ বন্ধু প্রিয় বৰবৰা নামৰ এগৰাকীয়ে এই সম্পর্কে কি লেখিছে চাওঁচোন। তেখেতে লিখিছেঃ “কটন কলেজত পঢ়ি থকা সময়ত ওস্তাদ বংশীবৎ পাণ্ডে মহাৰাষ্ট্ৰৰ কামাখ্যা সংগীতালয়ত প্রায় দুবছৰমান শাস্ত্রীয় সংগীতৰ (কণ্ঠ) শিক্ষা লৈছিলোঁ আৰু সেই সংগীতালয়ত শিক্ষা লোৱা (কণ্ঠ সংগীতৰ) কটনৰ ছাত্ৰ (সমসাময়িক) শ্রদ্ধেয় বন্ধু সুধাকণ্ঠৰ অধিকাৰী সুৰৰ অপূৰ্ব মায়াজাল সৃষ্টি কৰোতা আজিৰ বিশ্ববৰেণ্য সংগীত শিল্পী শ্রী ভূপেন হাজৰিকাকো লগ পাইছিলোঁ, তেওঁৰ কণ্ঠ মাধুর্য আৰু সুৰৰ মূর্ছনাই আমাক অনিৰ্বাৰ অনুপ্ৰেৰণা যোগাইছিল – আজিও সংগীতৰ প্ৰতি এটি প্ৰৱল অনুৰাগ নির্বাপিত নোহোৱাকৈ আছে।

১৯৪২ চনত ৱাৰাণসীৰ কাশী হিন্দু বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ গৈ ভূপেন হাজৰিকাই পাইছিল শাস্ত্রীয় সংগীত চর্চাৰো এক অন্য পৃথিৱী, য’ত আছিল ভাৰতৰ মুধাফুটা বহুগৰাকী শাস্ত্রীয় সংগীত-সাধকৰ পূৰ্ণ পয়োভৰ। ড° ভূপেন হাজৰিকাই নিজেই কৈছেঃ “তাত পণ্ডিত ওংকাৰ নাথ ঠাকুৰ আছিল, তাত কণ্ঠে মহাৰাজে তবলা বজাইছিল। তেতিয়া তাত অনোখেলালে তবলা বজায়, সিদ্ধেশ্বৰী দেৱীয়ে কাজ্‌ৰী গায়, ফৈয়াজ খাঁ চাহাব আহে, পট্টৱৰ্দ্ধন আহে, হীৰাবাঈ বৰোদাকৰ আহে। তাত কথাই কথাই সংগীত সম্মিলন হৈ থাকে আৰু আমাৰ ইউনিভাৰচিটিতো…। তেখেতে আত্মজীৱনী মই এটি যাযাবৰত লিখিছেঃ “পিছত এম-এ পাছ কৰি যেতিয়া, ৪৬৩ আহিলোঁ তেতিয়া কি এটা মন লৈ আহিলোঁ জানো। ভাৰতীয় সংগীতৰ বিষয়ে শিকিলোঁ। ভাৰতীয় শাস্ত্রীয় সংগীত, যিটো নাপাইছিলোঁ তেজপুৰ, গুৱাহাটীত সেইখিনি দেখিলোঁ।” এনে ধৰণৰ কথাই ড° ভূপেন হাজৰিকাৰ ভাৰতীয় সংগীতৰ অনুৰাগৰ কথা নিশ্চয় সূচায়।

আকৌ এই সম্পর্কে ডিব্ৰুগড়ৰ এগৰাকী বিশিষ্ট নাগৰিক, জেষ্ঠ অধিবক্তা শিশিৰ কুমাৰ বৰদলৈয়ে আমাক কৈছিল যে, তেখেতে ভূপেন হাজৰিকাৰ লগত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত একেলগে স্নাতক আৰু স্নাতকোত্তৰ শ্রেণীত পঢ়িছিল। অর্থাৎ সহপাঠী আছিল। বৰদলৈৰ তবলা বাদনতো প্রতিভা আছিল। তেখেতে বাল্যকালতেই তেখেতৰ জন্মস্থান নগাঁৱত বেহেলা আৰু তবলাৰ শিক্ষা গ্রহণ কৰিছিল – সুশীল কুমাৰ বানার্জী নামৰ এগৰাকী সংগীতজ্ঞৰ ওচৰত। ভূপেন হাজৰিকাৰ লগত যে এই শিশিৰ কুমাৰ বৰদলৈৰ বন্ধুত্ব বৰ গভীৰভাৱে গঢ়ি উঠিছিল সেই কথা পৰৱৰ্তী কালতো দেখা গৈছিল। দুয়োগৰাকীৰ মাজত ‘তই তই’ সম্বোধন আছিল। সেই বেনৰসত থকা কালৰ এখন ফটো শিশিৰ কুমাৰ  বৰদলৈয়ে মোক দেখুৱাইছিল, যিখনত তেওঁলোক দুজনৰ লগত আৰু এজনৰ ফ’টো আছে। শিশিৰ কুমাৰ বৰদলৈৰ পৰা জানিব পাৰিছিলোঁ যে, বেনাৰসত থকা কালত ভূপেন হাজৰিকাই শাস্ত্রীয় সংগীতৰ চৰ্চাত গভীৰভাৱে সোমাই পৰিছিল। বিশ্ববিদ্যালয়ৰ চৌহদতে শাস্ত্রীয় সংগীত শিকাৰ ব্যৱস্থা আছিল। দুয়ো বন্ধুৱে ভাৰতৰ মুধাফুটা সংগীতজ্ঞ কেইবাগৰাকীৰো পৰিৱেশন সঘনে ওচৰত বহি শুনাৰ সৌভাগ্য ঘটিছিল। ভূপেন হাজাৰিকাই ৰাগ-সংগীতৰ চৰ্চা কৰোঁতে প্ৰায়েই শিশিৰকাই তবলা সংগত কৰিছিল। শিশিৰ কুমাৰ বৰদলৈৰ মৃত্যুৰ (মৃত্যু ২ ফেব্ৰুৱাৰী, ২০০৬) পিছতে প্রকাশ হোৱা এখনি ‘সোঁৱৰণী’ত তেখেতৰ পুত্ৰ (মুম্বাইত থকা সাংবাদিক তথা এই লিখকৰ তবলাৰ এগৰাকী শিষ্য) সব্যসাচী – বৰদলৈয়ে দেউতাকৰ মুখত প্ৰায়েই শুনা কথা এনেদৰে প্রকাশ কৰিছে – “A musician to his very core, he used to narrate to us about his various musical experiences during his student days in Benaras Hindu University. Along with Dr. Bhupen Hazarika, Mr. Sukumar Das and other Assamese friends of BHU they used to attend various ‘Galsas’ of famous classical musical legends of that period including Kanthi Maharaj, Bade Ghulam Ali Khan among of others.”

ভূপেন হাজৰিকাই নিজে কৈছে: বাৰাণসীতে বি-এ পঢ়ি থকা কালত কণ্ঠে মহাৰাজ অনোখেলালৰ ঘৰলৈকো গৈছিলোঁ। বিছমিল্লা খানৰ ঘৰৰ বাহিৰত ৰৈ ৰৈ তেওঁ ৰেওয়াজ শুনো।”

আকৌ ড° ভূপেন হাজৰিকাই যে পিচলৈও যিখিনি সময় পাই শাস্ত্রীয় সংগীতৰ সাধনা অব্যাহত ৰাখিছিল, সেই কথা প্রতীয়মান হয় তেখেতে কোৱা  এষাৰ কথাৰ পৰা। তেখেতে কৈছেঃ “প্রতি মূহুর্ততে মই যেন গান গাম এইটো যেতিয়া ৰাইজৰ পৰা মই পাই আছোঁ তেতিয়া মোৰ কণ্ঠ সাধনা হৈ গৈ আছে। আৰু যেতিয়া নাপাওঁ- এটা Gap পৰে তেতিয়া মই লাহেকৈ হাৰমণিয়ামটো লৈ মোৰ ৰুমত বহি অকলে মোৰ নিজৰ কণ্ঠ সাধনা কৰোঁ। এইটো খুব দৰকাৰ, কাৰণ অকল প্রকৃতিয়ে দিয়া কণ্ঠ এটাৰে মন জয় কৰিব নোৱাৰি লক্ষ লোকৰ। এইখিনিতে অসমৰ এগৰাকী লব্ধ প্রতিষ্ঠ সংগীতজ্ঞ পণ্ডিত কৰুণাশংকৰ ঠাকুৰীয়াই কৈ যোৱা কিছু কথা এই প্রসংগত ক’বলৈ মন গৈছে। তেখেতে আমাৰ আগত কোৱা কথাখিনি পিছত বোধকৰোঁ ‘অনুবাদ’ নামৰ সংগীতৰ মাহেকীয়া আলোচনীৰ কাৰ্যবাহী সম্পাদক অনুভৱ পৰাশৰৰ আগতো কৈছিল। ‘অনুনাদ’ত লিখা কথাখিনি আৰু এই লিখকে শুনা কথাখিনি থোৰতে এনে: যোৱা শতিকাৰ পঞ্চম দশকৰ প্ৰথম ছোৱাত গুৱাহাটীত হোৱা ‘সদৌ অসম সংগীত সম্মিলন’ত ড° ভূপেন হাজৰিকাৰ পত্নী বিশিষ্টা নৃত্য শিল্পী প্রিয়ম হাজৰিকাৰ শাস্ত্রীয় নৃত্য এটিৰ লগত সেই সময়ৰ প্রতিভাৱান শিল্পী কৰুণাশংকৰ ঠাকুৰীয়াকে বাঁহী বজাই সংগত কৰিবলৈ আনে। সেই সময়ত ঠাকুৰীয়াই অঁনাতাৰ কেন্দ্ৰৰ বাঁহীবাদক ৰূপে (স্টাফ আর্টিষ্ট) আছিল। কিন্তু সেই সময়ত ঠাকুৰীয়াই তাত সংগত কৰিব পৰাকৈ ‘মালকোশ’ ৰাগটো সঠিকভাবে নাজানিছিল। সেয়েহে ভূপেন হাজৰিকাই সেই ৰাগটিৰ আৱশ্যকীয় কথাখিনি শিকাই দি সেই ৰাগৰ এটি ‘বন্দিচ’ দেখুওৱাত কৰুণাশংকৰে সকলোকে মুগ্ধ কৰি বজাবলৈ সমৰ্থ হ’ল।- এই কথাৰ পৰাই ভূপেন হাজৰিকাদেৱৰ ৰাগ সংগীতৰ ওপৰত থকা দখল আৰু নিষ্ঠা সম্পর্কে নিশ্চয় আপোনাসৱেও উপলব্ধি কৰিব পাৰিছে। সেয়াই নহয়, সেই সময়ছোৱাতে এবাৰ ঠাকুৰীয়াই ভাৰতৰ এগৰাকী লব্ধপ্রতিষ্ঠ সংগীতজ্ঞ পণ্ডিৎ বিনায়ক ৰাও পট্টৱৰ্দ্ধনৰ ৰাগ পৰিৱেশন (যোৱা শতিকাৰ পঞ্চম দশকৰ আগছোৱাত হোৱা ‘সদৌ অসম সংগীত সম্মিলন’ত) শুনি মুগ্ধ হৈ গৰাকী মহান সাধকৰ ওচৰত শিক্ষা গ্রহণ কৰিবলৈ ব্যাকুল হৈ এই সম্পর্কে ড° ভূপেন হাজৰিকাক জনোৱাত তেখেতে সম্মিলনৰ পিছ দিনাই উজান বজাৰৰ তিলক দাস নামৰ সংগীত ৰসিক ব্যক্তি এজনৰ ঘৰত পট্টৱৰ্দ্ধনজীৰ সৈতে লগ লগাই দিয়ে আৰু ভূপেন হাজৰিকাৰ কথা পেলাব নোৱাৰি এই গুৰুজনাই কৰুণা শংকৰক শিষ্যৰূপে ল’ম বুলি কথা দিলে। সেয়েহে কৰুণা শংকৰ পুণালৈ গৈ এই গৰাকী মহান গুৰুৰ ওচৰত ঘৰুৱাভাৱে সংগীত শিক্ষা গ্রহণ কৰাৰ সৌভাগ্য ঘটিল। পৰৱৰ্তী কালত সেই কৰুণাশংকৰ ঠাকুৰীয়াই এগৰাকী মহান গুৰু ৰূপে গুৰু পট্টৱৰ্দ্ধনজীৰ ওচৰত লাভ কৰা বিদ্যা অসমৰ চুকে কোণে প্ৰচাৰ আৰু প্ৰসাৰত আত্মনিয়োগ কৰি জনাজাত হৈ পৰিল। বিশিষ্ট গায়ক অপূর্ব কুমাৰ দাসৰ আগতো কৰুণাশংকৰ ঠাকুৰীয়াই এগৰাকী মহান গুৰু ৰূপে গুৰু পট্টৱৰ্দ্ধনজীৰ ওচৰত লাভ কৰা বিদ্যা অসমৰ চুকে কোণে প্ৰচাৰ আৰু প্ৰসাৰত আত্মনিয়োগ কৰি জনাজাত হৈ পৰিল। বিশিষ্ট গায়ক অপূৰ্ব কুমাৰ দাসৰ আগতো কৰুণাশংকৰ ঠাকুৰীয়াই কৃতজ্ঞ হৈ এনেদৰে কৈছিল: “হাজৰিকাদেৱে কোৱাৰ বাবেই পট্টবর্দ্ধনজীয়ে মোক তেখেতৰ শিষ্য ৰূপে গ্রহণ কৰিলে। হাজৰিকাদেৱে এইখিনি উপকাৰ নকৰাহেঁতেন হয়তো মই আজিও শাস্ত্রীয় সংগীতৰ জ্ঞানৰ পোহৰ নেদেখিলোহেঁতেন।”

আকৌ এই গৰাকী ভাবিব নোৱাৰা ব্যস্ত শিল্পী ভূপেন হাজৰিকাই তাৰ মাজতে সময় উলিয়াই কলকাতাত হোৱা শাস্ত্রীয় সংগীতৰ সন্মিলনত ৰসিক শ্রোতা ৰূপে থাকিবলৈও যে নাপাহৰিছিল সেই কথা বিশিষ্ট শিল্পী অভিজিৎ বেনার্জীয়ে কেনেকৈ প্রকাশ কৰিছে চাওঁচোন। তেখেতে লিখা কথাখিনি অসমীয়াত এনে হ’ব – “কলকাতাত অনুষ্ঠিত শাস্ত্রীয় সংগীত সমাৰোহত ড° ভূপেন হাজৰিকাক দৰ্শকৰ আসনত বহি থকা মুগ্ধ দৰ্শকৰ ৰূপত আৱিস্কাৰ কৰিছিলোঁ। অনুষ্ঠান শেষ হোৱাৰ পিছতে তেওঁ গ্রীণৰূপলৈ আহিছিল আৰু স্বাভাৱিক ভংগীমাৰে অনুষ্ঠানৰ প্ৰশংসা কৰিছিল। তেওঁৰ এই ভংগীমা আমাৰ বাবে সদায়েই প্ৰেৰণাদায়ক আছিল। হৃদয়ংগম কৰিব পাৰিছে  সেই কথা সহজেই অনুমেয়।… আচলতে সি (ভূপেন হাজৰিকা) এটা মস্ত, Philosopher, বাহিৰৰ পৰা বুজা নাযায়। তাৰ কথা, সুৰ আৰু ভাবৰ জবাব নাই আৰু অসমখনক, সাধাৰণ মানুহক বৰ ভাল পায়, গৱেষণা দৰকাৰ। অন্তৰৰ ভিতৰৰ ভূপেন আৰু বাহ্যিক ভূপেন দুটা ভিন্ন ব্যক্তিত্ব।” সঁচাকৈয়ে নিজস্ব সুৰৰ ‘ধেক’ বা ‘ঢঙ’, বিপ্লৱী চেতনা আৰু গভীৰ ভাবে তেখেতৰ গীতক মহীয়ান কৰি তুলিছে।

ড° ভূপেন হাজৰিকাৰ বহুখিনি গীততেই যে ৰাগৰ প্ৰভাৱ আছে সেই দিশটোৰ সম্পর্কে ন-কৈ নক’লেও হ’ব। এসময়ত কিছু শাস্ত্রীয় সংগীতৰ জ্ঞান আহৰণ, কিছু চৰ্চা, অন্তৰৰ গভীৰ অনুভূতি আৰু ৰাগ সংগীতৰ ৰসিক শ্রোতা ৰূপে থকা অভিজ্ঞতাৰ পৰাই এই গৰাকী ব্যক্তিত্বশালী সৃষ্টিমুখী শিল্পীৰ সুৰ-সৃষ্টিত ৰাগৰ প্রভাবো মাজে মাজে দেখা যায়। এই সম্পর্কে অসমৰ এগৰাকী শীর্ষস্থানীয় গীতিকাৰ আৰু সুৰকাৰ অধ্যাপক তফজ্জুল আলিদেবে ড° ভূপেন হাজৰিকাৰ অসাধাৰণ সাংগীতিক প্রতিভাৰ কথা ব্যক্ত কৰোতে উদাহৰণ স্বৰূপে ৰাগৰ পৰশ থকা কেইটিমান গীত বিশ্লেষণ কৰি দেখুৱাইছিল এইদৰে:

‘স্নেহে আমাৰ শত শ্ৰাৱণৰ’ গীতটোৰ সুৰ সাৰংগ ৰাগৰ আধাৰত ৰচিত বুলি এগৰাকী বিজ্ঞ ব্যক্তিয়ে উল্লেখ কৰিছে, কিন্তু আমাৰ বোধেৰে সুৰটো মেঘ-মল্লাৰ ৰাগৰ লগতহে অধিক মিলে। দুয়োটা ৰাগৰ মাজত স্বৰৰ ব্যৱহাৰৰ কিছু মিল নথকা নহয়, ‘স্নেহে আমাৰ’ গীতটোত তেনেদৰে হোৱা নাই, বৰং মেঘ-মল্লাৰৰ কাড়ি মধ্যম বৰ্জিত উত্তৰাংগ স্বৰৰ সঞ্চাৰণহে সঘনে হৈছে। সেয়েহে সুৰটোত মেঘ-মল্লাৰ ৰাগৰ ৰূপ অধিক প্রস্ফুটিত হৈ গীতৰ কথাৰ সৈতে খাপ খাই পৰিছে। সি যি কি নহওক ৰাগৰ পৰশ পোৱা এইটো এটা সুন্দৰ আধুনিক গীত।

সেইদৰে ‘ৰুদ্ধ কাৰাৰ দুৱাৰ ভাঙি’ গীতটো সম্পূৰ্ণৰূপে বাগেশ্ৰী ৰাগৰ স্বৰ গাঁথনিৰ মাজত সোমাই আছে। ‘নতুন নিমাতী নিয়ৰৰে নিশা’ গীতটোৰ আৰম্ভণিতে কেদাৰ ৰাগৰ সঁহাৰি পোৱা যায়, কিন্তু প্রথম দুশাৰীৰ পিছতে সুৰকাৰে বোধহয় ইচ্ছা কৰিয়েই ৰাগৰ ৰূপ ভাঙি দি সুৰটো আনফালে লৈ গ’ল। এনেদৰে ঘাইকৈ ব্যক্তিনিষ্ঠ আৰু সৃষ্টিধর্মী নতুন সুৰৰ কাৰিকৰ ড° হাজৰিকাৰ সুৰৰ মাজতে সময়ে সময়ে ভাৰতীয় শাস্ত্রীয় সংগীতে লুকা-ভাকু খেলি গৈছে।

শাস্ত্রীয় সংগীতৰ শিল্পী নন্দ বেনার্জীয়েও ড° ভূপেন হাজৰিকাৰ “বিজুলীৰ পোহৰ মোৰ নাই”, “শাৰদী ৰাণী তোমাৰ হেনো নাম”, “আহ আহ ওলাই আহ”, “সেন্দুৰ সেন্দুৰ ফোটটিয়ে”, “বুকু হম হম কৰে” আদি কে’বাটিও গীতৰ সুৰক বিশ্লেষণ কৰি কিদৰে, কেনে ৰাগৰ প্ৰভাৱ পৰিছে ফঁহিয়াই দেখুৱাইছে। লগতে ভূপেন হাজৰিকাৰ গায়ন-শৈলীৰ সম্পৰ্কেও লিখিছে। আকৌ ড° ভূপেন হাজৰিকাৰ ভনীজোৱাঁয়েক অসমৰ এগৰাকী লব্ধপ্রতিষ্ঠ গায়ক দিলীপ শৰ্মাইও ভূপেন হাজৰিকাৰ গীতৰ সম্পৰ্কে কৈছেঃ “তেওঁৰ কিছুমান গীতত ভাৰতীয় উচ্চাংগ সংগীতৰো আভাস পোৱা যায়।” তেখেতে ইয়াৰ উদাহৰণো দাঙি ধৰিছে।

ড° ভূপেন হাজৰিকাৰ গীত সমূহ বিচাৰ কৰি চালে এই কথা প্রতীয়মান হয় যে, কিছু পশ্চিমীয়া সুৰ আৰু লোক সংগীতৰ ভাব, বিষয়, প্রক্ষেপন ৰীতি (ধেক্) এই সকলো হৃদয়স্পর্শীকৈ ব্যৱহাৰ কৰি তেখেতৰ নিজৰ গীতৰ সৌধটো ৰচনা কৰিলেও তেখেতৰ গীতৰ মাজত অন্তৰ্ফল্গুৰ দৰে ৰাগ সংগীতৰ প্ৰভাৱ এটি নিৰন্তৰ বৈ আছে।

(প্ৰৱন্ধটি ২০১৩ চনত ডিব্ৰুগড়ৰ DHSK মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ স্মৃতিগ্ৰন্থ ‘অনিৰ্বাণ’ৰ পৰা কিঞ্চিৎ সম্পাদনাসহ পুনৰ প্ৰকাশ কৰা হ’ল)

Leave a Reply

Your email address will not be published. Required fields are marked *