বিশ্বজনীন গণকণ্ঠ ।। অনামিকা শৰ্মা
মুক্ত চিন্তা। দ্বাদশ বছৰ। প্ৰথম সংখ্যা
হে গণকণ্ঠ,
তুমি হেৰোৱা নাই—
কেৱল থমকি ৰৈছে
তোমাৰ কণ্ঠৰ দৃশ্যমান যাত্ৰা।
আজিও
নদীৰ বুকুত,
শ্ৰমিকৰ ঘামভৰা দুহাতত,
ক্ষুধাতুৰ শিশুৰ দুচকুত,
অন্যায়ৰ বিৰুদ্ধে থিয় হোৱা
মানুহৰ বুকুত
তোমাৰ গান বাজি থাকে।
তুমি গাইছিলা গান মানুহৰ বাবে!
জাতিৰ সীমা পাৰ হৈ,
ভাষাৰ প্ৰাচীৰ ভাঙি,
ধৰ্মৰ আন্ধাৰ আঁতৰাই
মানুহক দিছিলা মানুহৰ গান।
সেই গান আজিও বাজি আছে
মানুহৰ প্ৰাণে প্ৰাণে
পৃথিৱীৰ নিপীড়িত মানুহৰ
একতাৰ সুৰ এটি হৈ।
যিদিনালৈকে
মানুহে দেখি থাকিব
মুকুতিৰ সপোন,
সেইদিনালৈকে বাজি থাকিব এই সুৰ
তোমাৰ বজ্ৰ কণ্ঠেৰে নি:সৰিত গান
মানুহৰ গান
মানুহৰ সুৰ।

