কেন্দ্ৰীয় নিবন্ধ

ভূপেন হাজৰিকাৰ ভাষণত জাতীয় চেতনা আৰু দায়বদ্ধতাৰ প্ৰতিফলন ।। ড০ সীমা ভূঞা

মুক্ত চিন্তা। দ্বাদশ বছৰ। প্ৰথম সংখ্যা
অসমীয়া সমাজ, সাহিত্য, সংস্কৃতি আদি সকলো ক্ষেত্ৰতে ভূপেন হাজৰিকাৰ অৱদান অনস্বীকাৰ্য। গায়ক, গীতিকাৰ, সুৰকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, লেখক, সম্পাদক আদি বিবিধ পৰিচয়ৰ মাজতে এগৰাকী সু-বক্তা হিচাপেও ভূপেন হাজৰিকাৰ অন্য এক পৰিচিতি আছে। বিভিন্ন সময়ত, বিভিন্ন প্ৰসংগত ভূপেন হাজৰিকাই প্ৰদান কৰা ভাষণসমূহত সামাজিক দায়বদ্ধতা আৰু জাতীয় তথা সাংস্কৃতিক চেতনাৰ সমাহাৰ লক্ষ্য কৰা যায়। অসমীয়া জাতিৰ স্বকীয়তা, অসমীয়া গীতৰ সাহিত্যিক মূল্যায়ন, সাংস্কৃতিক সাংবাদিকতা, অসমৰ জনসংস্কৃতিৰ ভৱিষ্যৎ, অসমীয়া জাতিৰ অস্তিত্ব আদি বহু গুৰুত্বপূৰ্ণ প্ৰসংগ হাজৰিকাই ভাষণৰ মাজেৰে দাঙি ধৰিছে। ভূপেন হাজৰিকাৰ গীতৰ বিষয়ে ইতিপূৰ্বে অধ্যয়ন গৱেষণা হৈছে যদিও, তেওঁৰ ভাষণসমূহৰ বিষয়ে বিশেষ প্ৰণালীবদ্ধ অধ্যয়ন আৰু আলোচনা পৰিলক্ষিত হোৱা নাই। সেইবাবে এই আলোচনাত ভূপেন হাজৰিকাৰ ভাষণত প্ৰতিফলিত সমাজ আৰু সংস্কৃতিৰ বিভিন্ন দিশ সম্পৰ্কে আলোকপাত কৰাৰ চেষ্টা কৰা হৈছে। 
ভূপেন হাজৰিকাই সৰু-বৰ অলেখ সভাত ভাষণ প্ৰদান কৰিছিল, কিন্তু আটাইবোৰ ভাষণে লিপিবদ্ধ আৰু সংৰক্ষিত ৰূপ লাভ কৰা নাই। সেইবাবে বিষয়টোৰ অধ্যয়নৰ পৰিসৰত ভূপেন হাজৰিকাৰ ৰচনাৱলীত সন্নিৱিষ্ট তেওঁৰ গুৰুত্বপূৰ্ণ ঊনৈছটা ভাষণকহে সামৰি লোৱা হৈছে। অৰ্থাৎ, ১৯৬৩ চনত অসম সাহিত্য সভাৰ নাজিৰা অধিৱেশনৰ সাংস্কৃতিক সন্মিলনীৰ সভাপতি ৰূপে দিয়া ভাষণৰপৰা ২০০৫ চনত গুৱাহাটীত অনুষ্ঠিত সপ্তম উত্তৰ-পূব গ্ৰন্থমেলাৰ উদ্বোধনী ভাষণলৈকে সামৰি আলোচনা কৰাৰ চেষ্টা কৰা হৈছে। 
ভূপেন হাজৰিকাই দেশ-বিদেশৰ বিভিন্ন সভা আৰু গুৰুত্বপূৰ্ণ চেমিনাৰত মৌখিক তথা লিখিত ৰূপত ভাষণ প্ৰদান কৰিছিল। এই ভাষণসমূহ সময়ে-সময়ে বিভিন্ন কাকত-আলোচনীৰ পাতত প্ৰকাশ পাইছিল। সমাজ-ভাষা-সাহিত্য-সংস্কৃতি আদি বিবিধ বিষয়ক ভাষণসমূহৰ প্ৰাসংগিকতা আজিও নোহোৱা হৈ যোৱা নাই। ঐতিহাসিক দিশৰপৰাও ভূপেন হাজৰিকাৰ ভাষণখিনিৰ গুৰুত্ব আৰু প্ৰাসংগিকতা আছে। ভূপেন হাজৰিকাৰ ভাষণ প্ৰসংগত ৰচনাৱলীৰ পাতনিত সূৰ্য হাজৰিকাই উল্লেখ কৰিছে এনেদৰে–
“যুগজয়ী শিল্পী ভূপেন হাজৰিকাই তেওঁৰ গীতসমূহ যিদৰে চমকপ্ৰদ শব্দচয়নেৰে মায়াবী কৰি তোলে আৰু গদ্যসমূহ যিদৰে স্বকীয় কথনশৈলীৰে মনোৰম কৰি তোলে, সেইদৰে সভা-সমিতিত আগবঢ়োৱা ভাষণবোৰো স্বকীয় বচনভংগীৰে মনোগ্ৰাহী কৰি তোলে। অতি কম কথাৰে বহুতো অৰ্থৱহ কথা প্ৰকাশ কৰাটো তেওঁৰ ভাষণৰ এক সুকীয়া বৈশিষ্ট্য।(পৃ.-২১)
ভূপেন হাজৰিকাই বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানত প্ৰদান কৰা গুৰুত্বপূৰ্ণ ভাষণসমূহৰ ভিতৰত উল্লেখযোগ্য হ’ল–
সুন্দৰৰ ন দিগন্ত : সাংস্কৃতিক সন্মিলনীৰ সভাপতিৰূপে দিয়া ভাষণ, অসম সাহিত্য সভাৰ নাজিৰা অধিৱেশন, ১৯৬৩ চন। 
বোলছবি আৰু আৱেগিক ঐক্য : ভাৰতীয় শ্ৰেষ্ঠ কথাছবিলৈ ৰাষ্ট্ৰপতিৰ পুৰষ্কাৰ বিতৰণ উৎসৱত ফিল্ম ফ’ৰামৰ ছেমিনাৰত আমন্ত্ৰিত অতিথিৰূপে দিয়া ভাষণ, ১৯৬৫ চন । 
সাহিত্য আৰু সাহিত্যিকঃ সাহিত্য সভাৰ সংগ্ৰামী অধিৱেশন, অসম সাহিত্য সভাৰ মুখ্য অতিথিৰূপে দিয়া ভাষণ, ডিফু ১৯৮২। 
সংস্কৃতিয়ে মনৰ সেঁতু গঢ়ে : সদৌ অসম জনসাংস্কৃতিক পৰিষদৰদ্বাৰা গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত আয়োজিত বিষ্ণুৰাভা দিৱসৰ সাংস্কৃতিক সন্ধিয়াত পৰিষদৰ সভাপতিৰূপে দিয়া উদ্বোধনী ভাষণ। 
অসমখন কাৰো পৈত্ৰিক পৰীক্ষাগাৰ নহয় : সমন্বয় সাংস্কৃতিক বাহিনীৰ অভিযানত দিয়া ভাষণ। ১৯৮৩ চন। 
অসমীয়া সমাজ বহুৰঙী সূতাৰে বোৱা এখন গামোচা : পাভৈ চাহ বাগিচাত আয়োজিত সমন্বয় সাংস্কৃতিক বাহিনীৰ অভিযানত দিয়া ভাষণ। 
অসমৰ জনসংস্কৃতি কোন ফালে : ১৯৮৫ চনত সদৌ অসম জনসাংস্কৃতিক পৰিষদৰ দ্বিতীয় ৰাজ্যিক অধিৱেশনত যোৰহাটত অনুষ্ঠিত সভাত দিয়া ভাষণ। 
তদুপৰি, ‘বিষ্ণুৰাভাৰ সান্নিধ্যত’, ‘লোকসংগীত আৰু গণ সংগীত’, ‘সাংস্কৃতিক সমন্বয়ৰ এনাজৰী, গীতৰ ৰথত উঠি মই মানৱ সমাজক চাওঁ’ আদি তেওঁৰ উল্লেখযোগ্য ভাষণ। অসম সাহিত্য সভাৰ ৫৯ সংখ্যক অধিৱেশনত সভাপতিৰূপে দিয়া ভাষণ ‘অসম সাহিত্য সভা হওক সমন্বয়ৰ এক বিশাল মঞ্চ’ ভূপেন হাজৰিকাই প্ৰদান কৰা এটা গুৰুত্বপূৰ্ণ ভাষণ। বিদেশৰ মাটিত অৰ্থাৎ ৰাছিয়াত আয়োজিত এক আন্তজাৰ্তিক আলোচনা সত্ৰত ভূপেন হাজৰিকাই ‘ফক মিউজিক এণ্ড মাচ কমিউনিকেশ্যন’ শীৰ্ষক ভাষণ ইংৰাজীতে প্ৰদান কৰিছিল। 
ভূপেন হাজৰিকাৰ গীতৰ মাজত জাতীয় চেতনাৰ তীব্ৰ সুৰ যিদৰে শুনা যায়, সেইদৰে ভাষণসমূহতো জাতীয় চেতনাৰ আভাস পোৱা যায়। ১৯৬৩ চনত অসম সাহিত্য সভাৰ নাজিৰা অধিৱেশনৰ সাংস্কৃতিক সন্মিলনীৰ সভাপতিৰূপে দিয়া ‘থকাখিনি আৰু ৰাখিবলগীয়াখিনি’ভাষণত অসমীয়া জাতিৰ গৌৰৱময় অতীতক স্মৰণ কৰাৰ লগতে জাতীয় কৰ্তব্যকো সোঁৱৰাই দিছে। ১৯২১ চনত ‘ইষ্ট ইণ্ডিয়া’ কাকতত মহাত্মা গান্ধীয়ে অসমীয়া জাতিৰ প্ৰসংগত কোৱা বক্তব্যৰ বিষয়ে ভূপেন হাজৰিকাই এনেদৰে উল্লেখ কৰিছে-“মই ভুলক্ৰমে অসমীয়াক পিণ্ডাৰী আৰু আন আন জংঘলী জাতিৰ শাৰীত থোৱা কথাটো কিছুমান (ব্ৰিটিছ) চৰকাৰী বিষয়াই অসমীয়াক সোঁৱৰাই দিছে। সেইবাবে মই অসমীয়া ৰাইজৰ আগত ত্ৰুটী স্বীকাৰ কৰিছোঁ। যি অসমীয়া জাতি ভাৰতবৰ্ষৰ কোনো শিক্ষিত জাতিতকৈ কোনো বিষয়তেই কম নহয়, সেই মহৎ জাতি এটাৰ কথা মই তেনেদৰে লিখি ঘোৰ অন্যায় কৰিছিলোঁ। (পৃ.- ১২১৩)। অসমীয়া জাতিক বৰ্হিজগতৰ মানুহে এইদৰে জংঘলী জাতি হিচাপে গণ্য কৰা কাৰ্যক ভূপেন হাজৰিকাই ভাষণ প্ৰসংগত এক জীয়া সমস্যা হিচাপেই অভিহিত কৰি গৈছে। হাজৰিকাৰ মতে, দুই ধৰণে এই সমস্যাৰ সমাধান কৰিব পাৰি। তেওঁ ভাষণত এনেদৰে উল্লেখ কৰি গৈছে—
“এহাতে আমি ঘোষণা কৰি থাকিব পাৰোঁ যে ‘আমি অসমীয়া নহওঁ দুখীয়া’– আমাৰ ভাৰতীয় শাস্ত্ৰৰ সৈতে সূত্ৰ থকা অথচ স্বকীয় ৰূপ পোৱা সুৰ আছে, মাতো আছে, মহাপুৰুষ শংকৰ আৰু তেৰাৰ শিষ্যবৰ্গই বৈজ্ঞানিক ভেটিত গণতান্ত্ৰিকতা কৰা সত্ৰৰ সংস্কৃতিও আছে, সেইসমূহৰ জটিল প্ৰকাশক জীৱন্ত কৰি তুলিব পৰা শিল্পী আজিও বাচি আছে। (পৃ.-১২১৩)
সমন্বয় সাংস্কৃতিক বাহিনীৰ অভিযানত ‘অসমখন কাৰো পৈত্ৰিক পৰীক্ষাগাৰ নহয়’ শীৰ্ষক ভাষণত ভূপেন হাজৰিকাই ‘অসমীয়া কোন’ এই প্ৰশ্নৰ উত্তৰৰ ব্যাখ্যা-বিশ্লেষণ আগবঢ়োৱাৰ চেষ্টা কৰিছে। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে বৃহৎ অসমীয়া জাতিৰ চেতনাৰে উদ্বুদ্ধ হ’বলৈ আহ্বান জনাই তেওঁ এনেদৰে কৈ গৈছে–
“এইখন আজান ফকীৰৰ দেশ, বিষ্ণু ৰাভাৰ দেশ, জ্যোতিপ্ৰসাদৰ দেশ—এইখন শংকৰদেৱৰ দেশ। আমি যদি সকলো ধৰ্মৰ মানুহক, সকলো ভাষা-ভাষী মানুহক সন্মান কৰি একেলগে থাকোঁ, তেন্তে আমি সকলোৰে আস্থা পাম। আৰু তেতিয়া চিঞৰি চিঞৰি মাত ভাগি গ’লেও গাব পাৰিম—‘মোৰ গান হওক আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান। ’ (পৃ.-১২৩৬)
ভূপেন হাজৰিকাই প্ৰদান কৰা বহু ভাষণত সংস্কৃতিৰ বিভিন্ন প্ৰসংগৰ বিচাৰ-বিশ্লেষণ পোৱা যায়। ‘সদৌ অসম জনসাংস্কৃতিক পৰিষদৰ এক ৰাজ্যিক পৰ্যায়ৰ অধিৱেশন’ত সভাপতিৰ ভাষণ প্ৰসংগত তেওঁ সংস্কৃতিৰ এক সংজ্ঞা দাঙি ধাৰ প্ৰয়াস কৰিছিল। বিখ্যাত নৃতত্ত্ববিদ ডব্লিউ এ হাভিলেণ্ডৰ সংস্কৃতি সম্পৰ্কীয় চিন্তাৰ সৈতে সামঞ্জস্য ৰাখি ভূপেন হাজৰিকাই সংস্কৃতিৰ সংজ্ঞা এনেদৰে আগবঢ়াইছে—
“যিটো জনগোষ্ঠীৰ অস্তিত্বৰ প্ৰৱহমান এটি জীৱনধাৰা থাকে, সেই জীৱনধাৰাক নিশ্চয়তা প্ৰদান কৰা প্ৰকাশখিনিকে সংস্কৃতি বুলিব পাৰি।” (পৃ.-১২৩৯)
ভূপেন হাজৰিকাৰ বহু ভাষণত সাংস্কৃতিক সমন্বয় আৰু ঐক্যৰ সুৰ শুনা যায়। ১৯৮২চনত সদৌ অসম জনসাংস্কৃতিক পৰিষদৰদ্বাৰা আয়োজিত বিষ্ণুৰাভা দিৱসৰ সাংস্কৃতিক সন্ধিয়াত পৰিষদৰ সভাপতি ৰূপে দিয়া ভাষণত তেওঁ ‘সংস্কৃতিয়ে মনৰ সেঁতু গঢ়ে’ শীৰ্ষক ভাষণ প্ৰদান কৰে। এই ভাষণত হাজৰিকাই সাংস্কৃতিক সমন্বয়ৰ মাধ্যমেৰে ভিন ভিন জাতি-গোষ্ঠীৰ লোকৰ মনৰ সমন্বয় গঢ়াত গুৰুত্ব প্ৰদান কৰি গৈছে। পাভৈ চাহ বাগিচাত সমন্বয় সাংস্কৃতিক বাহিনীৰ অভিযানত দিয়া ভাষণতো তেওঁ অসমীয়া সমাজক বহুৰঙী সূতাৰে বোৱা গামোচা বুলি উল্লেখ কৰিছে। অসমীয়া সংস্কৃতিৰ মূলসুঁতিৰ লগত মিলি পৰিলেহে ক্ষুদ্ৰ জাতিসত্ত্বাবোৰৰ অস্বিত্ব অধিক প্ৰকট হ’ব, সেই প্ৰসংগত তেওঁ ভাষণত এনেদৰে উল্লেখ কৰিছে—
“মই ভাবিলোঁ, মোৰ অসম মাতৃক, আমি খুব ভাল ভাৰতীয়, সেইটোা প্ৰমাণ কৰিব লাগিব আৰু অসমৰ ভাই-ভনী অসমবাসী যিমান আছে, তেওঁ অসমীয়া কথা কোৱা মানুহক কিম্বা ফাকিয়াল মানুহ—এইসকলে নিজৰ কৃষ্টি ৰাখিব লাগিব, অথচ বিশাল লুইতৰ লগত মিলিও যাব লাগিব—ঠিক তেনেকৈ, নেপালীসকলো মিলি গৈছে। আমাৰ বাংলাভাষীসকলো মিলি গৈছে, বহুদিন আগতে অহা মৈমনসিঙীয়া ভাইসকলেও সুন্দৰ সুন্দৰ পথাৰ শস্য-শ্যামলা কৰি তুলিছে।’’ (পৃ.-১২৩৬)
অসমৰ জনসংস্কৃতিৰ ভৱিষ্যৎ সম্পৰ্কে ভূপেন হাজৰিকাই এক ভাষণত ‘অসমৰ জনসংস্কৃতি কোন দিশে’ বুলি শংকা প্ৰকাশ কৰিছিল। অসমৰ সাংস্কৃতিক গাঁথনিত ভাঙোন ধৰা প্ৰত্যক্ষ কৰি ভূপেন হাজৰিকাই ভাষণ প্ৰসংগত এনেদৰে কৈছিল—
“আমি বহুদিনৰপৰাই উপলব্ধি কৰিছোঁ আৰু চিঞৰিও আছোঁ যে অসমৰ জনসংস্কৃতি বহু যুগৰপৰা বৈজ্ঞানিকভাৱে প্ৰৱাহিত আৰু ৰচিত এটি সংমিশ্ৰণৰ সংস্কৃতি (কম্প’জিত কালচাৰ)। এই সামূহিক সত্তাটোত আজি ভাঙোন ধৰিছে নেকি? ….এটা গোষ্ঠীয়ে আন এটা গোষ্ঠীৰ সংস্কৃতি খাই পেলাব, গিলি পেলাব, আমাৰ অস্তিত্ব থাকিব ক’ত, কেনেকৈ? গতিকে আমি প্ৰতি গোষ্ঠীয়ে অকলে অকলে একোটি একোটি কৃষ্টিৰ দ্বীপ সাজি থাকোঁহঁক আহাঁ বুলি আৰ্তনাদ কৰা শুনা গৈছে।” (পৃ.-১২৩৮)
সাংস্কৃতিক দিশক ৰাজনৈতিক প্ৰভাৱৰপৰা দূৰত ৰাখিবলৈ ভূপেন হাজৰিকাই চেষ্টা কৰিছিল। তেওঁৰ মতে, সংস্কৃতি আৰু শাসন সম্পূৰ্ণ সুকীয়া বস্তু, এই দুয়োটা দিশক একাকাৰ কৰাটো শুভ লক্ষণ নহয়। সেইবাবেই তেওঁ ভাষণত উল্লেখ কৰিছে—
“সংস্কৃতি আৰু শাসন দুটা বেলেগ বস্তু। ছাবডিভিজন কৰা, ছেপাৰেট ষ্টেট কৰা বেলেগ বস্তু আৰু সাংস্কৃতিক আদান-প্ৰদান বেলেগ বস্তু।” (পৃ.- ১২৪৪)
ইয়াৰপৰাই অনুমান কৰিব পাৰি যে ভূপেন হাজৰিকাই সংস্কৃতিক এক সমন্বয় আৰু সমাহৰণৰ মাধ্যম হিচাপে গ্ৰণ কৰিছিল আৰু সকলোকে সেই দিশৰপৰাই সংস্কৃতিক গ্ৰহণ কৰাৰ বাবে অনুপ্ৰাণিত কৰিব বিচাৰিছিল। 
ভূপেন হাজৰিকাৰ বহু ভাষণত ঐক্য আৰু সমন্বয়ৰ সুৰো শুনা যায়। বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ সকলো জাতি-গোষ্ঠীক একতাৰ এনাজৰীৰে বান্ধিবলৈ গীতৰ মাজেৰে তেওঁ যিদৰে অহোপুৰুষাৰ্থ কৰিছিল, সেইদৰে বক্তৃতাৰ মাজেৰেও এই প্ৰয়াস অব্যাহত ৰাখিছিল। অসম সাহিত্য সভাৰ সভাপতিৰ ভাষণত ভূপেন হাজৰিকাই বৰাক উপত্যকাৰ বাংলাভাষী লোকসকলক আপোন বুলি আকোঁৱালি ল’বলৈ আহ্বান জনাই গৈছে। পেট কটা ‘ৰ’ আৰু তলত বিন্দু থকা ‘ৰ’ৰ প্ৰচীনত্বক লৈ বিতৰ্ক কৰি থকাতকৈ দুয়োটা ভাষাৰে ঐতিহ্যক স্বীকৃতি প্ৰদান কৰাৰ সপক্ষে তেওঁ বক্তব্য আগবঢ়াই গৈছিল। ভূপেন হাজৰিকাৰ মতে—
“আমাৰ ক্ষুদ্ৰ বুদ্ধিৰে ভাবোঁ যে কোনটো কাৰ ‘অপ্ৰভ্ৰংশ’ বা ধুঁৱলী-কুঁৱলী হৈ থকা অতীতত কোন বংগীয় ৰজাৰ সময়ৰ তামৰ ফলিত পেট কটা ‘ৰ’ আৰু ‘ব’ৰ তলত বিন্দু থকা ‘ৰ’ —এই দুয়োটা ভাৰতৰ বিশাল পূৰ্বাঞ্চলত সাৰ্বজনীনভাৱে প্ৰচলিত থকাটোহে সঁচা ইত্যাদি প্ৰত্নতাত্ত্বিক বিতৰ্কত অধিক গুৰুত্ব দিয়াতকৈ বৰাক উপত্যকাৰ ভাষাক স্বকীয় শ্ৰীভূমিৰ থলুৱা প্ৰকাশ বুলি সন্মান কৰি বুজাবুজিৰে আগুৱাব লাগে বুলি ভবাটো আৰু বৰাক উপত্যকাত অসমীয়া ভাষাটোক বুকুত বান্ধি ৰখা সংখ্যালঘু জনসমষ্টিক বৰাকে স-সন্মানে অসমীয়া ভাষাৰ বিকাশ ঘটোৱাত আন্তৰিক সহায় কৰাটোহে বৈজ্ঞানিক কথা হ’ব। ” (পৃ.-১২৬৮)
অসমৰ বিভিন্ন জাতি-জনজাতিৰ সমন্বয়ৰ সংস্কৃতিক বহুৰঙী সূতাৰে বোৱা এখন গামোচা বুলি ভূপেন হাজৰিকাই অভিহিত কৰিছিল। অসমৰ জাতি-জনজাতিৰ মাজত কেতিয়াবা ঐক্য আৰু সম্প্ৰীতিৰ অভাৱ দেখা পালে ভূপেন হাজৰিকাই দুখ প্ৰকাশ কৰিছিল এনেদৰে–
“আজি এনেকুৱা এটা সময় আহিছে, যিটো সময়ত আমাৰ অসমত চাৰিওফালে কান্দোনৰ ৰোল উঠিছে। আজি ভালকৈ বিহু নাগায় কোনেও (বড়োসকলেও)। কোকৰাঝাৰলৈ গৈ মই বৈশাগু ভালকৈ শুনা নাই আৰু ক’তো মাদল ভালকৈ বজা শুনা নাই, ক’তো নেপালীসকলে ভালকৈ গান গোৱা শুনা নাই। গতিকে, এনেকুৱা এটা সময়ত আহিছোঁ—যিটো সময়ত আমি আপোনালোকক কি সান্ত্বনা দিম, আপোনালোকক কি ক’ম, আমিও মৰি নগ’লোঁ কিয়?? (পৃ-১২৩৬)
অসমৰ জাতি-জনজাতিৰ মাজত থকা ঐক্য আৰু সমন্বয় বিনষ্ট হ’ব পাৰে বুলি তেওঁ গভীৰ আশংকা কৰিছিল। যাৰবাবে বহু ভাষণত তেওঁ এইধৰণৰ আশংকা প্ৰকাশ কৰা দেখা গৈছিল। অসম সাহিত্য সভাৰ সভাপতিৰ ভাষণত ভূপেন হাজৰিকাই তেওঁ এই প্ৰসংগ উনুকিয়াই গৈছে—
“….আমাৰ বসুমতাৰীসকলক, ৰংপিসকলক, পেগুসকলক আমি কিবা কাৰণত হেৰুৱাইছোঁ নেকি? অধিক ভীতি, অধিক উগ্ৰতা, অধিক ক্ৰোধ, অধিক সংকীৰ্ণতাজনিত মনোভাৱ বা অধিক একাকীত্ব থকা বহু ক্ষুদ্ৰ কৃষ্টিৰ নাম বা স্থিতি ইতিহাসে নিঃশ্চিহ্ন কৰি দিয়াও দেখিছোঁ।” (পৃ.- ১২৬৫) ভূপেন হাজৰিকাই সেই সময়তে উনুকিয়াই যোৱা এই চিন্তাৰ প্ৰাসংগিকতা আজিও বৰ্তি আছে। 
অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি দায়বদ্ধতা ভূপেন হাজৰিকাৰ লেখা-মেলাৰ মাজেৰে যিদৰে প্ৰকাশ পায়, সেইদৰে তেওঁ প্ৰদান কৰা ভাষণসমূহতো এই সচেতনতা লক্ষ্য কৰা যায়। অসমীয়া ভাষা নিভাঁজ শব্দবোৰ থকাৰ পিছতো অন্য ভাষাৰ শব্দ ব্যৰৱহাৰ কৰাৰ পক্ষপাতী ভূপেন হাজৰিকা নাছিল। অসম সাহিত্য সভাৰ সভাপতিৰ ভাষণ প্ৰসংগত তেওঁ এই বিষয়ে উল্লেখ কৰি কেতবোৰ উদাহৰণ দাঙি ধৰিছিল। যেনে, ভেটি বুজাবলৈ কাঠামো, ধুমুহা বুজাবলৈ ‘ঝৰ’, শোভাযাত্ৰা বা সমদল বুজাবলৈ ‘মিছিল’ আদি শব্দ ব্যৱহাৰৰ তেওঁ বিৰোধিতা কৰিছিল। ণত্ববিধি. ষত্ববিধি, প্ৰত্যয়, উপসৰ্গ, সমাসৰ নিয়ম প্ৰণালী, ‘ৱ’ৰ ব্যৱহাৰ, চন্দ্ৰবিন্দুৰ অপ-প্ৰয়োগ আদিৰ বিষয়েও ভূপেন হাজৰিকাই এই ভাষণত উল্লেখ কৰি গৈছে। সমাপিকা ক্ৰিয়াত ‘য়’ৰ ঠাইত ‘ই’, অসমাপিকা ক্ৰিয়াত ‘ই’ৰ ঠাইত ‘য়’ৰ ব্যৱহাৰ, ‘বৈচিত্ৰ্যতা, বৈষম্যতা, প্ৰাচুৰ্য্যতা, দাৰিদ্ৰ্যতা আদিৰ দৰে শব্দৰ ভুল প্ৰয়োগৰ বিষয়েও ভাষণত ভূপেন হাজৰিকাই আঙুলিয়াই গৈছে। অসমীয়া ভাষাৰ আখৰ-জোঁটনিৰ ক্ষেত্ৰত হাজৰিকাই প্ৰচলিত নীতিকে মানি চলাৰ পোষকতা কৰি গৈছে এনেদৰে—-
“চিৰাচৰিত প্ৰথাৰ ভাষাক ভিত্তি কৰি , ইয়াৰ পৰম্পৰা আৰু ৰীতি-নীতি ৰক্ষা কৰি , ইয়াৰ পৰম্পৰা আৰু ৰীতি-নীতি ৰক্ষা কৰি বৈজ্ঞানিক ভিত্তিত যেতিয়ালৈকে কোনো সংস্কাৰ কৰা নহয়, তেতিয়ালৈকে আমি প্ৰচলিত প্ৰকাশহে মানি চলা উচিত। নহ’লে বিভ্ৰান্তি ঘটাৰ আশংকা।” (পৃ.- ১২৭১)
অসম সাহিত্য সভাৰ সংগ্ৰামী অধিৱেশনত ‘সাহিত্য আৰু সাহিত্যিক’ শীৰ্ষক ভাষণ প্ৰদান কৰি ভূপেন হাজৰিকাই অসমীয়া ভাষা-সাহিত্যৰ ইতিহাসত আলোকপাত কৰি গৈছে। অসমীয়া ভাষা-সাহিত্যৰ উদ্ভৱ আৰু বিকাশ সম্পৰ্কে এই ভাষণত তেওঁ কিছু দিশ উল্লেখ কৰি গৈছে। অসমীয়া চুটিগল্প, উপন্যাস, নাটক, গীতি সাহিত্য, সাহিত্য সমালোচনা আদি সাহিত্যৰ বিভিন্ন ক্ষেত্ৰক সমৃদ্ধ কৰা সাহিত্যিকসকলৰ নামৰ এক সমীক্ষাত্মক আলোকপাত তেওঁ আগবঢ়াই গৈছে। সমসাময়িক সাহিত্য জগতত গুণগত মানতকৈ সংখ্যাগত মান অধিক হোৱা বুলি ভূপেন হাজৰিকাই অনুভৱ কৰি তেওঁ বক্তব্যত সেই কথা প্ৰকাশ কৰিছিল। অৱশ্যে সমসাময়িক কবিতা আৰু গল্প সাহিত্যৰ ক্ষেত্ৰত গুণগত মান বৃদ্ধি হোৱা বুলিও হাজৰিকাই উল্লেখ কৰি গৈছে—
“বৰ্তমান অসমীয়া সাহিত্য সৃষ্টিত সংখ্যাগত বৃদ্ধি মন কৰিবলগীয়া। কিছু কিছু ক্ষেত্ৰত ই আমনিলগা যদিও দোষণীয় নহয়। যি গুণগত বৃদ্ধি দেখাগৈছে, সেই বৃদ্ধি কিন্তু চকুতলগা হৈছে—বিশেষকৈ কবিতা আৰু গল্পৰ ক্ষেত্ৰত। ” (পৃ.-১২২৮) ভূপেন হাজৰিকাই সাহিত্যকো সমন্বয়ৰ আহিলা হিচাপেই অভিহিত কৰি গৈছে। তেওঁৰ মতে, অসমীয়া সাহিত্যৰ অতীত, বৰ্তমানৰ সৃষ্টিত সংহতিৰ বীজ নিহিত আছে। এনে ঐতিহ্যপূৰ্ণ মহান সংহতি বিনষ্ট কৰিব খোজা অশুভ শক্তিৰ বিৰুদ্ধে সদায় সচেতন হৈ থাকিবলৈকো তেওঁ ভাষণৰ মাজেৰে কৈ গৈছে। 
কাব্যিকতা আৰু গীতিময়তাই ভূপেন হাজৰিকাৰ ভাষণসমূহৰ ভাষাক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। ভূপেন হাজৰিকাই ভাষণৰ আৰম্ভণিতে বা মাজে মাজে গীত বা কবিতাৰ পংক্তি ব্যৱহাৰ কৰাটো মন কৰিবলগীয়া। তদুপৰি, গীতৰ জৰিয়তে ‘মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ’ বুলি কৈ যোৱাৰ দৰে প্ৰতিখন সভাতে তেওঁ দৰ্শকসকলক বিশেষ সন্মান প্ৰদৰ্শন কৰিবলৈ নাপাহৰে। অসম সাহিত্য সভাৰ নাজিৰা অধিৱেশনত দিয়া ভাষণৰ আৰম্ভণিতেও দৰ্শকক উদ্দেশ্য কৰি ভাষণ আৰম্ভ কৰিছে এনেদৰে—
‘‘মোৰ মনৰ ঈশ্বৰ
মোৰ শিৰৰ নিৰ্মালি
মোৰ বুকুৰ আপোন
মোৰ ভ্ৰম সংশোধক
মোৰ সৃষ্টিৰ উৎস
মোৰ অনুপ্ৰেৰণা যোগাওঁতা
মোৰ দিশ দৰ্শাই দিওঁতা
মোৰ শ্ৰদ্ধাৰ
মোৰ চেনেহৰ
সমবেত সাহিত্যসেৱী আৰু সুন্দৰসেৱী ৰাইজ।’’ (পৃ.- ১২১১)
ভূপেন হাজৰিকাৰ ভাষণৰ আৰম্ভণি সদায় আকৰ্ষণীয়। পলাশবাৰী অঞ্চলত এক বঁটা বিতৰণী অনুষ্ঠানত দিয়া ভাষণৰ আৰম্ভণি আছিল এনেধৰণৰ—
“মই আহিছোঁ
মই আহিছোঁ
মই আহিছোঁ….
মই ক’লৈ আহিছোঁ? মোক সবাতোকৈ যিয়ে বেছি মৰম কৰে, তেওঁলোকৰ কাষলৈ অৰ্থাৎ পলাশবাৰীলৈ আহিছোঁ।” (পৃ.- ১২৫৯)
ভাষাৰ লালিত্য ভূপেন হাজৰিকাৰ ভাষণৰ গদ্যতো পৰিস্ফূট। ছন্দোময় কথনভংগীৰে ভূপেন হাজৰিকাই ভাষণৰ বক্তব্যক অধিক প্ৰাণস্পৰ্শী কৰি তুলিব পাৰিছিল। এঠাইত ভাষণ প্ৰসংগত তেওঁ নিজকে জীৱন সংগ্ৰামত বিধ্বস্ত বনুৱা বুলি অভিহিত কৰি কৈ গৈছে—-
“সুন্দৰৰ পৃথিৱীৰ অতি সাধাৰণ বনুৱা এজন, জীৱন সংগ্ৰামৰ নিষ্ঠুৰ হেঁচাত পৰি সময়ৰ আগচুলিত ধৰি ধৰি পৃথিৱীৰ দিহিঙে দিচাঙে ঢপলিয়াই ফুৰা অঘৰী, অশান্ত, কেতিয়াবা হঁহা, কেতিয়াবা ৰোহ পতা, কেতিয়াবা কন্দা বনুৱা এজন, সংস্কৃতিৰ মহা মহা সাগৰৰ পাৰে পাৰে কেঁচুৱাৰ দৰে মুকুতা বুটলি ভুলতে মাজে-সময়ে শামুকৰ খোলাও বুটলি লৈ আপোনপাহৰা আমাৰ দৰে বনুৱা এজনে ৰাইজৰ এই মহামেলত কিবা দিগ্‌দৰ্শন কৰিব? (পৃঃ ১২১১)
কথাৰ মাজে মাজে গীতৰ কলি আওৰাই যোৱাটো ভূপেন হাজৰিকাৰ ভাষণৰ এক বিশেষত্ব। লিপি বা ভাষা-সাহিত্যই মানুহৰ মাজত বিভেদৰ সৃষ্টি নকৰে, বৰঞ্চ সমন্বয়ৰ সেঁতুহে গঢ়ে, সেই বিষয়ে ক’বলৈ গৈ ভূপেন হাজৰিকাই ১৯৬০ চনৰ ভাষা আন্দোলনৰ সময়ত লিখা নিজৰেই গীত এটি আওৰাইছিল এনেদৰে—
‘‘ভাষা নুবুজিও
যুগে যুগে আহে
মানুহ মানুহৰ পিনে
মৰমৰ ভাষাৰে
আখৰ নাইকিয়া
বুজিব খুজিলেই চিনে। ’’ (পৃ.- ১২২৭))
ভূপেন হাজৰিকাৰ ভাষণত ৰবীন্দ্ৰনাথ, সত্যজিৎ ৰায়ৰ প্ৰসংগ যিদৰে উল্লিখিত হয়, সেইদৰে অসমীয়া জাতিৰ ভেটি নিৰ্মাতা তথা ভাষা-সাহিত্য-সংস্কৃতিৰ গুৰি ধৰোঁতা শংকৰদেৱ, মাধৱদেৱ, বেজবৰুৱা, জ্যোতি-বিষ্ণু-ফণী শৰ্মা আদিৰ নামো সঘনে উচ্চাৰিত হয়। ‘বিষ্ণু ৰাভাৰ সান্নিধ্যত’ শীৰ্ষক এক ভাষণত ভূপেন হাজৰিকাই ৰাভাৰ সান্নিধ্যৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে ৰাভাক এগৰাকী মহামনীষী হিচাপে অভিহিত কৰি গৈছে–
“বিষ্ণু ৰাভাদেৱৰ কথা কৈ থাকিলে শেষ নহয়। তেওঁ অতি আধুনিক মানুহ আছিল। অতি সুন্দৰ উপজাতি আছিল। অতি সুন্দৰ বিশ্বপ্ৰেমিক আছিল। বিষ্ণুপ্ৰসাদ ৰাভাক যদি সন্মান কৰে, তেতিয়া ভাৰতবৰ্ষৰ এজন মহামনীষীক সন্মান কৰা হ’ব বুলি মই ভাবোঁ।”(পৃ.- ১২৪০)
ভূপেন হাজৰিকাই স্বদেশ আৰু স্বজাতিৰ মংগলৰ হকে চিন্তা কৰিছিল। বিশেষকৈ অসমৰ জাতীয় ঐক্য আৰু সম্প্ৰীতিক লৈ তেওঁ গৌৰৱ অনুভৱ কৰিছিল আৰু এই সাতামপুৰুষীয়া ঐক্য বিনষ্ট হ’ব পাৰে বুলি আশংকাও প্ৰকাশ কৰিছিল। ভাষা-সাহিত্য-কলা-সংস্কৃতি সকলোতে সমন্বয় আৰু সমাহৰণৰ প্ৰসংগৰে তেওঁ এক বিশাল আৰু উদাৰ ব্যক্তিসত্ত্বাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। বিভিন্ন সময়ত ভূপেন হাজৰিকাই প্ৰদান কৰা সমাজ-ভাষা-সাহিত্য-সংস্কৃতি আদি বিবিধ বিষয়ক ভাষণসমূহৰ প্ৰাসংগিকতা আজিও নোহোৱা হৈ যোৱা নাই। তদুপৰি, ঐতিহাসিক দিশৰপৰাও এই ভাষণখিনিৰ গুৰুত্ব আৰু প্ৰাসংগিকতা আছে আৰু সদায় থাকিব। ইয়াত অতি সীমিত পৰিসৰত বিষয়টোত চমু আলোকপাত কৰা হ’ল। নিশ্চিতভাৱে ইয়াৰ অধিক অধ্যয়ন আৰু আলোচনাৰ অৱকাশ আছে।
সহায়ক গ্ৰন্থপঞ্জী:
হাজৰিকা, সূৰ্য। সম্পা.। ভূপেন হাজৰিকা ৰচনাৱলী, প্ৰথম খণ্ড৷ গুৱাহাটী। এছ এইছ শৈক্ষিক ন্যাস, ২০০৮ চন। মুদ্ৰিত।
হাজৰিকা, সূৰ্য। সম্পা.। ভূপেন হাজৰিকা ৰচনাৱলী, দ্বিতীয় খণ্ড। গুৱাহাটী। এছ এইছ শৈক্ষিক ন্যাস, ২০০৮ চন। মুদ্ৰিত।
হাজৰিকা, সূৰ্য। সম্পা.। ভূপেন হাজৰিকা ৰচনাৱলী, তৃতীয় খণ্ড। গুৱাহাটী। এছ এইছ শৈক্ষিক ন্যাস, ২০১১ চন। মুদ্ৰিত।
হাজৰিকা, সূৰ্য। সম্পা. । ভূপেন হাজৰিকাৰ গীত সমগ্ৰ। গুৱাহাটী । এছ এইছ শৈক্ষিক ন্যাস, ১৯৯৩ চন। মুদ্ৰিত।

Leave a Reply

Your email address will not be published. Required fields are marked *