ভূপেন হাজৰিকাৰ গীত : মানৱতা আৰু সাম্যৰ স্বৰ।। জিণ্টি দাস
মুক্ত চিন্তা। দ্বাদশ বছৰ। প্ৰথম সংখ্যা
প্ৰগতিশীল চেতনাই সমাজ-সংস্কৃতিৰ সকলো ক্ষেত্ৰতে অগ্ৰগতি, ক্ৰমোন্নতি বা উত্তৰণৰ আদৰ্শত বিশ্বাস তথা আস্থা ৰাখে। শিল্পীসকলে প্ৰগতিশীল চেতনাৰে মানুহৰ জীৱন আৰু সমাজৰ বাস্তৱ অৱস্থাৰ কলাত্মক ৰূপায়ণ ঘটায় আৰু প্ৰচলিত জীৱন আৰু সমাজৰ সীমাবদ্ধতাসমূহ অতিক্ৰম কৰি আপেক্ষিকভাৱে এক উন্নত স্তৰলৈ গতি কৰিবলৈ প্ৰেৰণা যোগায়। শিল্পৰ উৎস, ধাৰক আৰু বাহক হ’ল সমাজ। শিল্প-সাহিত্য হ’ল এক বিশেষ সমাজৰ মানুহৰ চিন্তাধাৰাৰ প্ৰতিচ্ছবি। শিল্প-সাহিত্যৰ কেঁচামাল হৈছে জনগণৰ জীৱন-যাত্ৰা। শিল্পীসকলে প্ৰগতিশীল চেতনাৰে প্ৰচলিত ব্যৱস্থাৰ অন্যায়-অশুভ দিশবোৰ কলাত্মকভাৱে তুলি ধৰি ব্যৱস্থাটোৰ ইতিবাচক পৰিৱৰ্তনৰ পোষকতা কৰে, সমাজ ব্যৱস্থাৰ ঐতিহাসিক উত্তৰণৰ প্ৰয়োজনীয়তা আৰু অনিবাৰ্যতা ব্যঞ্জিত কৰে। শিল্প, সংস্কৃতি কেৱল সমাজৰ দাপোন নহয়। ই সমাজ ৰূপান্তৰৰো আহিলা। প্লেখানভে কৈছে ‘শিল্প হ’ল সামাজিক ঘটনা। শিল্প একান্ত ব্যক্তিৰ নহয়।’১
ভূপেন হাজৰিকাই তেওঁৰ গীতৰ যোগেদি সমাজ ৰূপান্তৰৰ চেষ্টা কৰিছিল। হাজৰিকাই সমাজ পৰিৱৰ্তনৰ বাবে সংগীতক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। ভূপেন হাজৰিকা অসমৰ সংগীত, সাহিত্য আৰু সংস্কৃতি জগতৰ এক মহান ব্যক্তিত্ব। তেওঁ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ, চলচ্চিত্ৰ নির্মাতা আৰু সমাজ সচেতন চিন্তাবিদ। ভূপেন হাজৰিকাৰ গীতে ভাৰত তথা অসমৰ সংস্কৃতি জগতত এক নতুন ইতিহাসৰ সূচনা কৰে। হাজৰিকাৰ গীতে ভাৰতৰ জনসাধাৰণক ক্ষয়িষ্ণু সমাজ ব্যৱস্থাৰ বিপক্ষে জাগ্ৰত কৰে। ভূপেন হাজৰিকাৰ গীতত প্ৰচলিত সমাজ ব্যৱস্থাৰ শোষণ-নিৰ্যাতন, অন্যায়-অনীতি, অশুভ-অসুন্দৰ আদি দিশ উদঙাই তাৰ পৰিৱৰ্তনৰ বাবে সমাজক উদ্বুদ্ধ কৰা দেখিবলৈ পোৱা যায়। ভূপেন হাজৰিকাৰ গীতসমূহত সমাজ বাস্তৱতা, শোষিত-নিপীড়িত মানুহৰ দুখ-কষ্ট, মানৱতাবাদ আৰু বিশ্বভ্ৰাতৃত্ববোধ স্পষ্টভাৱে প্ৰতিফলিত হৈছে। তেওঁৰ গীত কেৱল মনোৰঞ্জনৰ বাবে নহয়, সমাজক সচেতন আৰু পৰিৱৰ্তনৰ দিশে আগবঢ়াবলৈও অনুপ্ৰাণিত কৰি আহিছে। তেওঁৰ গীতত পৰিৱৰ্তনৰ আহ্বান স্পষ্টভাৱে প্ৰকাশ পাইছে। মানুহে মানুহৰ বাবে, বিস্তীৰ্ণ পাৰৰে আদি গীতৰ জৰিয়তে তেওঁ অসমীয়া সংগীতক আন্তর্জাতিক স্তৰত প্ৰতিষ্ঠা কৰিছে। তেওঁৰ সৃষ্টিয়ে সাম্য, প্ৰগতিশীলতা আৰু মানৱপ্ৰেমৰ বাণী বহন কৰে। সেইবাবেই ভূপেন হাজৰিকা কেৱল অসমীয়াৰ নহয়, সমগ্ৰ ভাৰতীয় সংস্কৃতিৰ এক অমূল্য সম্পদ।
ভূপেন হাজৰিকাৰ গীতত প্ৰগতিশীল চেতনা অতি গভীৰ আৰু স্পষ্টভাৱে প্ৰতিফলিত হৈছে। তেওঁ কেৱল এজন সংগীতশিল্পী নহয়, সমাজ-সচেতন চিন্তাবিদ হিচাপেও পৰিচিত।
ভূপেন হাজৰিকাৰ গীতত শ্ৰমিক আৰু সাধাৰণ মানুহৰ জীৱন-চেতনা
সমাজ পৰিৱৰ্তনশীল। সময়ৰ লগে লগে সমাজ উন্নতিৰ দিশে গতি কৰিবলৈ চেষ্টা কৰে। মানৱ সমাজ বৰ্তমান অৱস্থালৈ কেনেকৈ আহিল, কিয় পৰিৱৰ্তন হ’ল আৰু ভৱিষ্যতে মানুহৰ ইতিহাসত কি পৰিৱৰ্তন কৰিব পৰা যাব এই সকলোবোৰৰ আলোচনা মাৰ্ক্সীয় প্ৰগতিশীল দৃষ্টিভংগীৰে কৰাটোৱেই যুক্তিযুক্ত। সামাজিক দায়বদ্ধতা প্ৰগতিশীল চেতনাৰ অন্যতম লক্ষণ। শিল্প কেৱল মনোৰঞ্জনৰ বাবে নহয়, শিল্প হ’ব লাগে মানুহৰ বাবে সমাজৰ বাবে। শিল্পই যুগে যুগে মানুহক নিজৰ জীৱন আৰু সমাজৰ ৰূপান্তৰৰ বাবে অনুপ্ৰাণিত কৰি আহিছে। ভূপেন হাজৰিকাই তেওঁৰ সৃষ্টিৰ মাজেৰে গভীৰ সামাজিক দায়বদ্ধতাৰ নিদর্শন দাঙি ধৰিছে। ভূপেন হাজৰিকাই তেওঁৰ গীতত শ্ৰমিক, কৃষক, মজুৰ, নাৱৰীয়া আদি সাধাৰণ মানুহৰ দুখ-কষ্ট, শোষণ আৰু সংগ্ৰামক প্ৰাধান্য দি তেওঁলোকৰ মুক্তিৰ বাবে গীত ৰচনা কৰিছে। ‘ভাঙ শিল ভাঙ’, ‘ৰুদ্ধ কাৰাৰ দুৱাৰ ভাঙি’, ‘এন্ধাৰ কাতিৰ নিশাতে’ আদি গীতত শ্ৰমিক আৰু সাধাৰণ অৱহেলিত মানুহৰ জীৱন সংগ্ৰামৰ দিশ দাঙি ধৰিছে। ‘ভাঙ শিল ভাঙ’ গীতটিত সমাজৰ নিম্নশ্ৰেণীক কৰা শোষণৰ বাস্তৱ চিত্র অংকিত কৰিছে এনেদৰে—
ভাঙ ভাঙ ভাঙ শিল ভাঙোতা
তোৰ ঘাম ভৰা নঙঠা পিঠি
তপত ৰ’দত যায় ফাটি
কোমল ভৰিৰ তলুৱাত জ্বলে
তপত ৰঙা ৰঙা মাটি
তথাপি তোৰ নাই গুণ গাওঁতা।২
শ্ৰম প্ৰধান, তাৰ পাছতহে আহে মূলধন। মূলধন হৈছে শ্ৰমৰেই ফল। শ্ৰম কিন্তু মূলধনৰ ওপৰত নিৰ্ভৰশীল নহয়, শ্ৰম সম্পূৰ্ণৰূপে স্বাধীন। শ্ৰম নহ’লে মূলধনৰ কোনো অস্তিত্বই নাথাকিব। এতেকে, শ্ৰমৰ ফালে বিশেষভাৱে নজৰ দিয়া উচিত। কিন্তু পুঁজিবাদী সমাজত শ্ৰমিকৰ শ্ৰমক উচিত মূল্য দিয়া নহয়। গীতিকাৰে ‘ভাঙ শিল ভাঙ’ গীতটিৰ যোগেদি শ্ৰমিক শ্ৰেণীৰ শ্ৰমৰ উচিত মূল্যৰ পৰা বঞ্চিত দিশটোকেই দাঙি ধৰিছে। মূলধন শ্ৰম ফল আৰু শ্ৰমৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ পাছতো এই শ্ৰমিক শ্ৰেণীয়ে শ্ৰমৰ উচিত মূল্য নাপায় আৰু সদায় পুঁজিপতি শ্ৰেণীৰ পৰা অবহেলিত হ’ব লগা হয় আৰু শোষণৰ বলি হ’ব লগা হয়। মাৰ্ক্সীয় প্ৰগতিশীল দৃষ্টিভংগীয়ে শ্ৰমিক শ্ৰেণীৰ মুক্তিৰ হকে প্ৰতিবাদ কৰি তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ বাবে যুঁজ কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান কৰে। হাজৰিকাই গীতটোত শ্ৰমিকসকলক নিজৰ শক্তিৰ কথা মনত পেলাই উন্নতিৰ দিশত আগবাঢ়ি যাবলৈ আহ্বান জনাইছে।
আকাশ পৰশা ক’লা শিলবোৰে
যুগ যুগ আছে উন্নত শিৰে
ভাবে সৰু সৰু মানুহৰ নাই শক্তি
চূৰ্ণ কৰিব শিল শক্তিৰ মূৰ্তি
ভাবে নাই নাই নাই হাত দাঙোতা।
ভাঙ! ভাঙ!! ভাঙ!!! ভাঙোতা, শিল ভাঙ।৩
মাৰ্ক্সৰ মতে মালিকীস্বত্বৰ বিলোপ সাধনেৰে শ্ৰেণীহীন সমাজ গঢ়ি তুলিব পাৰে আৰু পুঁজি আৰু শ্ৰমৰ দ্বন্দ্বই নতুন সমাজ গঢ়াত নিশ্চিতভাৱে ইন্ধন যোগায়। সমাজ সচেতন গীতিকাৰ ভূপেন হাজৰিকাই সমাজৰ সৰ্বহাৰা দৰিদ্ৰসকলৰ জীৱনৰ মৰ্মবেদনা, দুখ-দুৰ্দশা, জীৱন-সংগ্ৰামৰ দিশ দাঙি ধৰিছে ‘এন্ধাৰ কাতিৰ নিশাতে’ গীতটোত। গীতটোত সমাজৰ বৰ মানুহৰ হাতত লাঞ্ছিত আৰু বঞ্চিত সাধাৰণ মানুহৰ জীৱন-যন্ত্ৰণা প্ৰতিফলিত হৈছে। অন্ন, বস্ত্ৰ, বাসস্থানৰ দৰে জীৱন নিৰ্বাহ বাবে অতি প্ৰয়োজনীয় সম্পদৰ অভাৱত অকালতে এই দৰিদ্ৰ শ্ৰেণীয়ে মৃত্যুক সাৱটি ল’ব লগা হয়। গীতটোত পানেইৰ পোনাটোৱে ভোকত খাবলৈ নাপাই, অসুস্থ শৰীৰত ঔষধ খাবলৈ নাপাই মৃত্যুক সাৱতি ল’ব লগা হৈছে। পানেই আৰু পুত্ৰৰ দুৰৱস্থাই দৰিদ্ৰ পৰিয়ালৰ জীৱন সংগ্ৰামৰ ছবিখন দাঙি ধৰিছে। গীতটোত মৃত পুত্ৰক লৈ পৰিৱৰ্তনৰ বাবে নতুনৰ আশাৰে শ শ বিদ্ৰোহী পাণেই ওলাই আহিছে। গীতটোত সাম্যবাদৰ বাণীৰে উজ্জীৱিত হৈ প্ৰগতিশীল চেতনা প্ৰকাশ পাইছে।
বাচা উভতি যিদিনা আহিবি
ন ন জীৱনৰ মূৰতি দেখিবি
বৰ বৰ মানুহৰ ভঁৰালৰ পৰা মই
কাঢ়ি আনি ফল দিম,
দৰৱ-জাতি দিম,
গাখীৰ গুড় দিম
পঢ়াশালি পাতি দিম
ওঁঠত হাঁহি দিম
পুতলা নো কত দিম
ন ন ৰহনে সজা
উজলাবি পাণেইৰ পঁজা।
ভোকত শুকাব মন্ত্ৰী ৰজা আৰু যত আছে
চোৰ মহাৰজা৪
হাজৰিকাই এই গীতসমূহ ৰচনা কৰা মূল উদ্দেশ্য আছিল শোষণ আৰু বন্ধন মুক্তিৰ বাবে প্ৰকৃত পথৰ সন্ধান কৰা। সঁচা সৰু মানুহৰ প্ৰতি থকা তেওঁৰ নিভাঁজ প্ৰেমেই অনুপ্রাণিত কৰিছিল এই শ্ৰেণীৰ গীত ৰচিবলৈ।৫
শোষণ আৰু অসমতাৰ বিৰুদ্ধে প্রতিবাদ
মাৰ্ক্সবাদৰ প্ৰভাৱতেই শিল্পী ভূপেন হাজৰিকাই শোষণকাৰীৰ বিৰুদ্ধে গীত লিখিছিল, সাম্যৰ এখন সমাজ বিচাৰিছিল। সমাজ-সচেতন শিল্পী-সাহিত্যিকসকলে জনগণৰ বিৰুদ্ধে থিয় দিয়া শোষক, পুঁজিপতিসকলৰ ভণ্ডামি উদঙাই দি জনগণক সচেতন কৰিবলৈ চেষ্টা কৰে। শোষক শ্ৰেণীৰ প্ৰকৃত চৰিত্ৰ তুলি ধৰি তেওঁলোকৰ বিৰুদ্ধে বিদ্ৰোহ কৰি জনগণৰ জয়যাত্ৰাৰ পথ নিশ্চিত কৰিবলৈ চেষ্টা কৰে। নিজৰ প্ৰাপ্যৰ বাবে সংগ্ৰাম কৰা জনগণক প্ৰকৃত পথৰ নিৰ্দেশ দি সেইবোৰৰ বিষয়ে তেওঁলোকক সচেতন কৰাৰ ক্ষেত্ৰত সমাজ-সচেতন প্ৰগতিশীল শিল্পীসকলৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে। লেখক-শিল্পীসকলে তেওঁলোকৰ সৃষ্টিৰে জনসাধাৰণক ঐক্যবদ্ধ কৰি তুলি বিপ্লৱী আদৰ্শেৰে উদ্বুদ্ধ কৰে।
ভূপেন হাজৰিকাই গীতত পুঁজিবাদী শোষণ, সামাজিক বৈষম্য, শ্ৰেণীবৈষম্যৰ বিৰোধিতা, সমাজৰ অন্যায় অবিচাৰ আদিৰ বিপক্ষে বিদ্ৰোহ কৰিছিল। অর্থনৈতিক শোষণকাৰীক সমাজৰ পৰা নাশ কৰি সর্বসাধাৰণ মানুহৰ প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰাৰ প্ৰতিবাদী কণ্ঠ গীতবোৰত ফুটি উঠিছে।
শোষণকাৰীৰ বিৰুদ্ধে, অত্যাচাৰীৰ বিৰুদ্ধে, দমনকাৰীৰ বিৰুদ্ধে, দৰিদ্ৰ বা শ্ৰমিকে ভুগিবলগীয়া হোৱা নিৰ্যাতনৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ মানুহক প্ৰেৰণা যোগোৱাত তেওঁৰ বিদ্ৰোহী গীতবিলাকে শক্তিশালী অস্ত্ৰৰ ভূমিকা গ্ৰহণ কৰিছে। স্বদেশ অনুৰাগৰ অগনিৰে হাজৰিকাই ষোল্ল বছৰ বয়সতে ৰচনা কৰে তেওঁৰ দ্বিতীয় গীত ‘অগ্নিযুগৰ ফিৰিঙতি মই’। এই গীতটিত সৰ্বহাৰাৰ দ্বাৰা শোষক, অত্যাচাৰীৰ বিৰুদ্ধে যুঁজ কৰি নতুন অসম তথা ভাৰত গঢ়াৰ আশা ব্যক্ত কৰিছে।
নৰ-কঙ্কালৰ অস্ত্ৰ সাজি
শোষণকাৰীক বধিম
সর্বহাৰাৰ সৰ্বস্ব
পুনৰ ফিৰাই আনিম
নতুন ভাৰত গঢ়িম৬
মাৰ্ক্সৰ মতে যিহেতু শ্ৰমিক শ্ৰেণী উৎপাদক; অথচ উৎপাদিত সামগ্ৰী বা উৎপাদনৰ আহিলাৰ ওপৰত কোনো কৰ্তৃত্ব নাই, এতেকে সেই অসন্তুষ্টিয়ে বিপ্লৱী সৃষ্টি কৰিবই। শ্ৰমিক আৰু মালিকৰ সামাজিক ব্যৱধান সম্প্ৰসাৰিত হৈ গৈ থাকে আৰু লগে লগে শ্ৰমৰ ওপৰত পুঁজিৰ শাসন-ক্ষমতাও অভাৱনীয়ভাৱে জোৰদাৰ হৈ উঠে। অন্য ধৰণে ক’বলৈ হ’লে শ্ৰমিক নিজেই হৈ পৰে বন্দীত্বৰ শিকলি, যাৰ ফলত শ্ৰমিকৰ জীৱটো ধৰি ৰাখিব পৰাকৈ কেৱল জীৱিকা থাকে, জীৱন নাথাকে। কাৰণ শ্ৰমিকে পুঁজিপতিক শ্ৰমেই বিক্ৰী নকৰে, বিক্ৰী কৰে শ্ৰমশক্তিৰ নামত দেহ-মন সকলো। পুঁজিপতিয়ে নানা কৌশলৰে এই শ্ৰমিক শ্ৰেণীক লুণ্ঠন কৰে। আনহাতে শাসক শ্ৰেণীটো সদায়েই পুঁজিপতিৰ সহযোগী। পুঁজিপতিৰ স্বাৰ্থতেই শাসক শ্ৰেণীয়ে অনুৰ্বৰ স্থৱিৰ চিন্তা-চেতনাৰে ৰাইজৰ মুক্ত চিন্তাত তলা লগাই থ’ব খোজে। শ্ৰমজীৱি মানুহক এনে অন্ধতাৰ মোহৰ পৰা মুক্ত কৰি সংগ্ৰামী ইতিহাসৰ গতিবোধৰ আত্মস্থ কৰাই হ’ল সৃজনীশীল কামৰ সামাজিক ভূমিকা। উৎপাদন শক্তি আৰু উৎপাদন সম্পৰ্কৰ বিৰোধ হ’লে উৎপাদন ব্যৱস্থা আগুৱাই যাব খোজে আৰু তাক আগুৱাই নিব খোজে প্ৰগতিশীল শ্ৰেণীয়ে। আনহাতে এই অগ্ৰগতিক বাধা দি ৰাখিব খোজে প্ৰতিক্ৰিয়াশীল সামন্ততন্ত্রই। দোলাভাৰীসকলৰ জীৱনক লৈ হাজৰিকাই ৰচনা কৰিছে ‘হে’ দোলা হে’ দোলা’ গীতটো। গীতটোত হাজৰিকাই দোলাক সামন্ত যুগৰ শোষণৰ প্ৰতীক ৰূপত দাঙি ধৰিছে। আজিৰ সমাজত সামন্ত যুগ নাই যদিও এক শ্ৰেণী বৰ মানুহে শ্ৰমিক শ্ৰেণীৰ ওপৰত শোষণ চলাই আহিছে। গাৰ ঘাম মাটিত পেলাই যুগে যুগে মেটমৰা বোজা বহন কৰা সৰু মানুহৰ মনোকষ্ট আৰু জীৱন সংগ্ৰামৰ এখন বাস্তৱচিত্ৰ অংকন কৰিছে। বৰ মানুহৰ দোলা কঢ়িয়াই লৈ ফুৰা সেই দোলাভাৰী কেইজনে নিজৰ ল’ৰাটিক সূতাৰ চোলা এটা দিব নোৱাৰা দুখ মনৰ মাজত সাঁচি ৰাখিছে। কিন্তু দোলাত উঠি যোৱা বৰ বৰ মানুহৰ চহকী পাটৰ কাপোৰ জিলিকি আছে। যুগে যুগে এই শ্ৰমিকসকল শোষণৰ বলি হ’ব লগা হৈ আহিছে। তেওঁলোকৰ প্ৰাপ্যৰ পৰা সদায় বঞ্চিত হয়। গীতটোত দোলাভাৰী শ্ৰেণীৰ জীৱন সংগ্ৰামৰ প্ৰতিচ্ছবি দাঙি ধৰিয়েই ক্ষান্ত থকা নাই। গীতিকাৰে শোষণকাৰীৰ অহংকাৰ চূৰ্ণ কৰাৰ হাতিয়াৰ যে সমাজৰ শ্ৰমিক শ্ৰেণীৰ হাততে মজুত আছে তাৰ ইংগিত গীতটোত দিছে আৰু বিভেদকামী শক্তিৰ বিৰুদ্ধে বিদ্ৰোহীৰ মনোভাব তীব্র ৰূপত প্ৰকাশ পাইছে। গীতটোত এই শোষণ আৰু অসমতাৰ প্ৰতিবাদ কৰি লিখিছে—
যুগে যুগে জাপি দিয়ে মেটমৰা বোজাটি
কান্ধ ভাঙো ভাঙো কৰে, হে কৰে
বৰ বৰ মানুহে দোলাত টোপনিয়ায়
আমাৰহে ঘামবোৰ সৰে অ’ সৰে।৭
মানৱতাবাদ আৰু বিশ্বভ্ৰাতৃত্ব
ভূপেন হাজৰিকাৰ গীতত সংকীৰ্ণ জাতীয়তা, ধৰ্ম, বৰ্ণভেদৰ উৰ্ধত মানৱতাবাদৰ বাৰ্তা পোৱা যায়। ‘অগ্নিযুগৰ ফিৰিঙতি মই’, ‘মানুহে মানুহৰ বাবে’ আদি গীতত ধৰ্ম নিৰপেক্ষ বিশ্বৰ ধাৰণাৰ দৃষ্টিভংগী প্ৰতিফলিত হৈছে। ‘অগ্নিযুগৰ ফিৰিঙতি মই’ গীতটো জাতি, ধৰ্ম, বৰ্ণৰ ভেদাভেদ ভাঙি সমতাৰ দেশ গঢ়াৰ সপোন দেখিছে যাৰ জৰিয়তে প্ৰগতিশীল চেতনাৰ প্ৰতিফলিত হৈছে।
হৰিজন, পাহাৰী, হিন্দু-মুছলিমৰ
বড়ো, কোঁচ, চুতীয়া, কছাৰী, আহোমৰ
অন্তৰ ভেদি মৌ বোৱাম
ভেদাভেদৰ প্ৰাচীৰ ভাঙি
সাম্যৰ সৰগ ৰচিম
নতুন ভাৰত গঢ়িম৮
মানৱতাবাদী ভাব প্ৰকাশক গীতবোৰত সমাজৰ নিষ্পেষিত-শোষিত মানুহৰ কল্যাণ কামনা প্ৰকাশ পাইছে। ‘মানুহে মানুহৰ বাবে’ গীতটোত মানুহে মানুহক সহানুভূতি দেখুওৱাৰ আহ্বান কৰিছে। সমাজৰ শোষিত, নিষ্পেষিত, দৰিদ্ৰ শ্ৰেণীৰ জীৱনত সহায় কৰিলে সহায় কৰোতাজনৰ কোনো হানি-বিঘিনি নহয়। তাকেই গীতটো এনেদৰে দাঙি ধৰিছে—
দুৰ্বল মানুহে যদি
জীৱনৰ কোবাল নদী
পাৰ হয় তোমাৰে সাহত
তুমি হেৰুৱাবানো কি৯
‘যুৱতী অনামিকা গোস্বামী’ গীতটোত জাতিগত গোড়ামিৰ বাবে সম্বন্ধ স্থাপনত বাধা প্ৰাপ্ত হোৱা যুৱতী অনামিকা গোস্বামী আৰু যুৱক প্ৰশান্ত দাসৰ বৈবাহিক সম্বন্ধক গীতিকাৰ গৰাকীয়ে উদাৰচিত্তে আদৰণি জনাই তেওঁ প্ৰগতিশীল চিন্তাধাৰা প্ৰকাশ কৰিছে।
এয়া প্ৰশান্ত আৰু অনামিকাৰ
জাতিকুল নেওচা হোমাগ্নিৰ যুগ
এয়া জনাৰ যুগ
এয়া বুজাৰ যুগ
এয়া জেট যুগ
আনবিক যুগ
এইয়া সীমাৰ পৰিধি ভঙাৰ যুগ১০
বিপ্লৱী আৰু পৰিৱৰ্তনৰ আহ্বান
শিল্পৰ মাধ্যমেৰেই বৈপ্লৱিক চিন্তাধাৰাক বিস্তাৰিত কৰিব পাৰি আৰু সাহিত্য-শিল্পৰ অবিহনে বিপ্লৱী সংগ্ৰামত জয়লাভ কৰা সম্ভৱ নহয়। ‘আহ্ আহ্ ওলাই আহ্ সজাগ জনতা’ গীতটোত সাম্যবাদী চিন্তাৰ বৈপ্লৱিক উষ্মা আৰু বিদ্ৰোহী চেতনা পৰিলক্ষিত হয়। গীতটোত দেশত থকা ৰাৱণক বধ কৰিবলৈ, সমাজৰ অন্যায়-অত্যাচাৰৰ বিৰুদ্ধে যুজিবলৈ সকলো সজাগ জনতাক আহ্বান কৰিছে। গীতটোত বুভুক্ষু শিশুৰ তিল তিল মৃত্যুৰ সংবাদ শুনিও নিৰ্বিকাৰ হৈ ৰোৱা শোষণকাৰীহঁতৰ বিৰুদ্ধে প্ৰতিবাদৰ ধ্বনি শুনা যায়। গীতটোত ইতিহাসৰ জনতাৰ সংগ্ৰামৰ জয় যাত্ৰাৰ কথা সোঁৱৰাই দি সজাগ জনতাক ওলাই আহিবলৈ আহ্বান কৰিছে।
ৰামৰে দেশতে থাকা ৰাৱণ বধোতে
যায় যদি যায় জীৱনটো যাক! আহ্…
তই নকৰিবি কিয় তোৰ শেষ প্ৰতিবাদ?
সংগ্ৰাম আন এটি নাম জীৱনৰে
ইতিহাসে চিঞৰে ‘জয় জনতাৰে’
ত্ৰাস এৰি দানৱক বধোগৈ আহ্১১
‘সংগ্ৰাম যদি জীৱনৰ এটি নাম’ গীতটোত জীৱনত হতাশ নহৈ জীৱনৰ প্ৰত্যেক সংগ্ৰামৰ সৈতে যুঁজিবলৈ আহ্বান কৰিছে। গীতটোত বিপ্লৱেৰে নিজৰ প্ৰাপ্য কাঢ়ি ল’বলৈ প্ৰেৰণা দিছে।
তোৰ দৰে হেজাৰে চিঞৰি চিঞৰি সৌৱা
আগবাঢ়ে পৃথিৱী কঁপাই
যি তই নাপালি, কাঢ়ি কিয় নানিলি
ইংগিত নুবুজাটো হৱ!১২
মাৰ্ক্সৰ মতে সংগ্ৰামৰ মাজেদি এটা শক্তিশালী সংগঠন গঢ় লৈ উঠে। এনেকৈয়ে সমাজ ৰূপান্তৰ হয়, এখন নতুন পৃথিৱী গঢ় লৈ উঠে। পৰস্পৰবিৰোধী সমাজত হিংসা-ঘৃণা-বিদ্বেষ থাকিবই। সংঘাতৰ মাজে দিয়েই শ্ৰমিক শ্ৰেণী এদিন বিজয়ী হ’ব লাগিব। ৰাজনৈতিক ক্ষমতাও হস্তগত কৰিব লাগিব। তেতিয়াহে সমতাৰ ভেটিত নতুন সমাজ গঢ়ি তুলিব পৰা যাব আৰু তেতিয়াহে মানুহে পাব এখন শান্তি-সম্প্ৰতিৰ পৃথিৱী। নৱপ্ৰজন্মক নতুন দিনৰ আশা আৰু পৰিৱৰ্তনৰ সপোন দেখুৱাইছে ‘তুমি নতুন পুৰুষ’ শীৰ্ষক গীতটোত। গীতিকাৰে নৱ প্ৰজন্মক অনাগত দিনৰ জাগ্ৰত প্ৰহৰী হিচাপে থিয় হ’বলৈ আহ্বান জনাইছে। গীতিকাৰে বিশ্বাস কৰিছিল প্ৰতিষ্ঠিত সমাজক সলনি কৰা ক্ষমতা নৱ প্ৰজন্মৰ হে আছে।
তুমি নৱ সপোন, নৱ অংগীকাৰ
তুমি নৱ সংগ্ৰাম শত শত ঝঞ্ঝাৰ।
বিপদৰ প্ৰস্তৰ বিচূৰ্ণ কৰি
সজাবা নতুন পথ হাতৰে গঢ়ি।
বজাবা তুমি আশাৰ গগনা
নোপোৱাৰ হাহাকাৰ নোহোৱা কৰি১৩
হাজৰিকাৰ গীতত সামাজিক পৰিৱৰ্তন আৰু নতুন সমাজ গঢ়াৰ আহ্বান আছে। ‘বিস্তীৰ্ণ পাৰৰে’ গীতটোত ব্যক্তিকেন্দ্ৰিকতা, নৈতিকতাৰ স্খলন মানৱতাৰ পতন হোৱা দেখিও কিয় বুঢ়া লুইত নিৰৱে বৈ আছে তাক প্ৰশ্ন কৰিছে। গীতটোত সমাজৰ এই শিথিলতা ভাঙি বিপ্লৱৰ মাজৰে হ’লেও অজস্ৰ বীৰক জগাই তুলি সমাজ পৰিৱৰ্তনৰ আহ্বান জনাইছে। গীতটোত শিল্পীগৰাকীয়ে অসমৰ শক্তি, গতি আৰু জীৱনপ্ৰবাহৰ প্ৰতীকস্বৰূপ ব্ৰহ্মপুত্ৰ নদীক জাতীয় জীৱনৰ মহানায়কৰূপে কল্পনা কৰিছে। সেয়ে দুয়োপাৰৰ অসংখ্য জনগণৰ হাহাকাৰক উপেক্ষা কৰি নিৰ্বিকাৰভাৱে প্ৰবাহিত হৈ থকা বুঢ়া লুইতক শিল্পীগৰাকীয়ে প্ৰশ্ন বাণেৰে কটাক্ষ কৰিছে।
উন্মত্ত ধৰাৰে
কুৰুক্ষেত্ৰৰে
শৰ শয্যাকে
আলিংগন কৰা
ভীষ্মৰূপী
অজস্ৰ বীৰক
জগাই নোতোলা কিয়?১৪
সমাজ সচেতন, সমাজৰ প্ৰতি দায়বদ্ধ গীতিকাৰ ভূপেন হাজৰিকাৰ গীতত সুন্দৰ, সুস্থ সমাজ গঢ়াৰ আশাবাদী দৃষ্টিভংগী প্ৰতিফলিত হৈছে। ‘হে দোলা’, ‘বিস্তীৰ্ণ পাৰৰে’, ‘ভাঙ শিল ভাঙ’, ‘এন্ধাৰ কাতিৰ নিশাতে’, ‘আহ্ আহ্ ওলাই আহ্ সজাগ জনতা’, ‘সংগ্ৰাম যদি জীৱনৰ এটি নাম’, ‘অগ্নিযুগৰ ফিৰিঙতি’, ‘মানুহে মানুহৰ বাবে’, ‘তুমি নতুন পুৰুষ’, ‘যুৱতী অনামিকা গোস্বামী’ এই গীতকেইটাত শ্ৰমিক আৰু সাধাৰণ মানুহৰ জীৱন-চেতনা, শোষণ আৰু অসমতাৰ বিৰুদ্ধে প্ৰতিবাদ, মানৱতাবাদ আৰু বিশ্বভ্ৰাতৃত্ববোধ, বিপ্লৱ আৰু পৰিৱৰ্তনৰ আহ্বান আদি প্ৰগতিশীল চেতনাৰ দিশসমূহ প্ৰতিফলিত হৈছে। হাজৰিকাৰ গীতত কৃষক-বনুৱা, মাছমৰীয়া, দোলাভাৰী, শিল ভাঙোতা, ৰে’লগাড়ী চলাওঁতা আদি শ্ৰেণীৰ জীৱন সংগ্ৰামৰ প্ৰতিচ্ছবি আৰু বিভেদকামী শক্তিৰ বিৰুদ্ধে বিদ্ৰোহীৰ মনোভাব তীব্র ৰূপত প্ৰকাশ পাইছে। ‘ভাঙ শিল ভাঙ’, ‘ৰুদ্ধ কাৰাৰ দুৱাৰ ভাঙি’, ‘এন্ধাৰ কাতিৰ নিশাতে’ আদি গীতত শ্ৰমিক আৰু সাধাৰণ অৱহেলিত মানুহৰ জীৱন সংগ্ৰামৰ ছবি প্ৰতিফলিত হৈছে। গাৰ ঘাম মাটিত পেলাই যুগে যুগে মেটমৰা বোজা বহন কৰা নিম্ন শ্ৰেণী লোকৰ মনোকষ্ট আৰু জীৱন সংগ্ৰামৰ বাস্তৱচিত্ৰ অংকন কৰিছে ‘হে’ দোলা’ গীতটোত।
হাজৰিকাৰ গীতে মানুহক সমাজৰ অন্যায়-অবিচাৰৰ বিপক্ষেও যুঁজি দি সেইবিলাক আঁতৰাই নতুন সমাজ গঢ়াৰ বাবে অনুপ্ৰাণিত কৰিছে। ‘অগ্নিযুগৰ ফিৰিঙতি মই’ গীতটিত সৰ্বহাৰাৰ শোষক, অত্যাচাৰৰ বিৰুদ্ধে যুঁজ কৰি নতুন অসম তথা ভাৰত গঢ়াৰ আশা কৰিছে। হাজৰিকাই নতুন সমাজ গঢ়াৰ ক্ষেত্ৰত যে নতুন পুৰুষৰ অৰ্থাৎ নৱ প্ৰজন্মৰ দায়িত্ব আছে তাকে৷ বাৰে বাৰে প্ৰকাশ কৰিছে। ‘তুমি নতুন পুৰুষ’ শীৰ্ষক গীতটোত নৱপ্ৰজন্মক নতুন দিনৰ আশা আৰু পৰিৱৰ্তনৰ সপোন দেখুৱাইছে।
শ্ৰেণীবৈষম্য, জাতিগত বৈষম্যৰ উৰ্ধত গৈ হাজৰিকাই কেৱল মানুহে মানুহৰ বাবে জীয়াই থকা এখন সুন্দৰ সুস্থ সমাজৰ সপোন দেখিছিল। ‘মানুহে মানুহৰ বাবে’ গীতটোত গভীৰ মানৱতাবাদী মনোভাব প্ৰতিফলিত হৈছে। ‘যুৱতী অনামিকা গোস্বামী’ গীতটোত জাতিগত গোড়ামীৰ বাবে সম্বন্ধ স্থাপনত বাধাপ্ৰাপ্ত হোৱা যুৱতী অনামিকা গোস্বামী আৰু যুৱক প্ৰশান্ত দাসৰ বৈবাহিক সম্বন্ধক গীতিকাৰ গৰাকীয়ে উদাৰচিত্তে আদৰণি জনাই তেওঁ প্ৰগতিশীল চিন্তাধাৰা প্ৰকাশ কৰিছে।
শিল্পৰ মাধ্যমেৰেই বৈপ্লৱিক চিন্তাধাৰাক বিস্তাৰিত কৰিব পাৰি আৰু সাহিত্য-শিল্পৰ অবিহনে বিপ্লৱী সংগ্ৰামত জয়লাভ কৰা সম্ভৱ নহয়। ‘আহ্ আহ্ ওলাই আহ্ সজাগ জনতা’ গীতটোত সাম্যবাদী চিন্তা আৰু বিদ্ৰোহী চেতনা পৰিলক্ষিত হয়। ‘সংগ্ৰাম যদি জীৱনৰ এটি নাম’ গীতটোত জীৱনত হতাশ নহৈ জীৱনৰ প্ৰত্যেক সংগ্ৰামৰ সৈতে যুঁজিবলৈ আহ্বান কৰিছে।
হাজৰিকাৰ গীতবোৰত সমাজৰ আৰ্তজনৰ প্ৰতি সহানুভূতিৰ মনোভাব প্ৰকাশ পোৱাৰ লগতে হত্যা-হিংসা, দুৰ্নীতি-লুণ্ঠন সকলোবোৰ মষিমূৰ কৰি সৰ্বসাধাৰণ দুখীয়া-নিচলা, পীড়িতজনৰ প্ৰতি কল্যাণ কামনাৰ কাতৰ আহ্বান প্ৰকাশ পাইছে।
প্ৰসংগ-সূত্ৰ
১. তোষেশ্বৰ চেতিয়া, বিশ্বৰ প্ৰগতিশীল সাহিত্যৰ ৰূপৰেখা, পৃ.২৯
২. সূৰ্য্য হাজৰিকা(সম্পা.), ড০ ভূপেন হাজৰিকাৰ গীত সমগ্ৰ : গীতাৱলী, পৃ.৩৫৯
৩. পূৰ্বোল্লিখিত, পৃ.৩৫৯
৪. পূৰ্বোল্লিখিত, পৃ.১২৪
৫. ভূপেন হাজৰিকা, মই এটি যাযাবৰ, পৃ. ৫৪
৬. ভূপেন হাজৰিকা, পূৰ্বোল্লিখিত, পৃ. ৪১
৭. পূৰ্বোল্লিখিত, পৃ.৫১৭
৮. পূৰ্বোল্লিখিত, পৃ.৪২
৯. পূৰ্বোল্লিখিত, পৃ.৩৯৩
১০. পূৰ্বোল্লিখিত, পৃ.৪১৮
১১. পূৰ্বোল্লিখিত, পৃ.৯০
১২. দিলীপ কুমাৰ দত্ত, ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ, পৃ.৫৫
১৩. ভূপেন হাজৰিকা, পূৰ্বোল্লিখিত, পৃ.২৫৩
১৪. পূৰ্বোল্লিখিত, পৃ.৩৪৯
সহায়ক গ্ৰন্থপঞ্জী
চেতিয়া, তোষেশ্বৰ, বিশ্বৰ প্ৰগতিশীল সাহিত্যৰ ৰূপৰেখা, নন্দন প্রকাশন, প্ৰথম প্ৰকাশ, ২০০১
দত্ত, দিলীপ কুমাৰ, ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ, বনলতা, পঞ্চম সংস্কৰণ ডিচেম্বৰ, ২০১১
নাথ, ৰতি মোহন, কলাৰত্ন ড০ ভূপেন হাজৰিকা, ভূঞা ব্ৰাদাৰ্ছ ষ্টেডিয়াম মাৰ্কেট, প্ৰথম প্ৰকাশ ১৯৮৬
ভট্টাচাৰ্য, দেবেন (অনূ.), মাৰ্ক্সবাদ, নৱযুগ প্ৰকাশক, প্ৰথম প্ৰকাশ, ২০১৭
ৰাজবংশী, পৰমানন্দ (সম্পা.), ড০ ভূপেন হাজৰিকা জীৱন আৰু সংগ্ৰাম, অসম সাহিত্য সভা, চন্দ্ৰকান্ত সন্দিকৈ ভৱন, প্ৰথম প্ৰকাশ ২০১২
হাজৰিকা, সূৰ্য্য (সম্পা.), ড০ ভূপেন হাজৰিকা ৰচনাৱলী (প্ৰথম খণ্ড), সূৰ্য হাজৰিকা শৈক্ষিক ন্যাসৰ দ্বাৰা প্ৰকাশিত, প্ৰথম প্ৰকাশ ২০০৮ চন
হাজৰিকা, সূৰ্য্য (সম্পা.), ড০ ভূপেন হাজৰিকাৰ গীত সমগ্ৰ : গীতাৱলী, এছ.এইছ, শৈক্ষিক ন্যাস, চতুৰ্থ মুদ্রণঃ ২০১৪
মই এটি যাযাবৰ, ১৯৯৩
ইছলাম শইকীয়া, নুৰুল (সম্পা.), প্ৰগতিশীল সাহিত্য তত্ত্ব, নতুন সাহিত্য পৰিষদ, প্ৰথম প্ৰকাশ ২০২৫
ইংৰাজী গ্ৰন্থ
Burns, Emile, What is Marxism, Published by International Bookshop pty. Ltd, First Australian edition 1945
Marx, Karl, Capital (Vol. I), Progress Publishers, English edition first published 1887
Manifesto of Communist Party, 1848
(প্ৰবন্ধটো লেখিকাৰ গৱেষণাপত্ৰ এখনৰ সংক্ষিপ্ত ৰূপ)

