বিবিধ চিন্তা

প্ৰসংগ — ‘খিলঞ্জীয়া’ : এক কাউণ্টাৰ নেৰেটিভৰ প্ৰয়োজনীয়তা ।। হৰকুমাৰ গোস্বামী

মুক্ত চিন্তা। দ্বাদশ বছৰ। প্ৰথম সংখ্যা

মাৰ্ক্সে ‘দি কমিউনিষ্ট মেনিফেষ্টো’ৰ পাতনিত লিখিছিল—’এতিয়ালৈকে বিদ্যমান সকলো সমাজৰ ইতিহাস হ’ল শ্ৰেণী-সংগ্ৰামৰ ইতিহাস।’ কোনো সমাজৰ ৰাজনীতিক বুজিবলৈ হ’লে প্ৰথমে বুজিব লাগিব উৎপাদন সম্পৰ্কক, অৰ্থাৎ চাব লাগিব—সমাজখনৰ ভিতৰত কোনে উৎপাদন কৰে, কোনে সম্পদৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে, আৰু ৰাষ্ট্ৰীয় ক্ষমতা কাৰ স্বাৰ্থত ব্যৱহাৰ হয়।

অসমৰ ৰাজনীতিৰ এক কেন্দ্ৰীয় শব্দ হৈছে ‘খিলঞ্জীয়া’। যোৱা কেইটামান দশকত এই শব্দটোক কেৱল সাংস্কৃতিক বা ঐতিহাসিক পৰিচয়ৰ প্ৰশ্ন হিচাপে নহয়, বৰঞ্চ ইয়াক গঢ়ি তোলা হৈছে এক ৰাজনৈতিক প্ৰপঞ্চ হিচাপে। এই নেৰেটিভ বা বাগধাৰাৰ কেন্দ্ৰীয় যুক্তি হ’ল—অসমৰ সকলো সংকটৰ মূলতে আছে ‘খিলঞ্জীয়া বনাম অখিলঞ্জীয়া’ৰ দ্বন্দ্ব। ফলত ভূমি, জীৱিকা, সম্পদ, নাগৰিকত্ব, নিয়োগ, ভাষা আদি সকলো প্ৰশ্ন শেষত গৈ এই একেটা বিভাজনতে সীমাবদ্ধ হৈ পৰে।

কিন্তু প্ৰশ্ন হ’ল—এই নেৰেটিভে কাৰ স্বাৰ্থ ৰক্ষা কৰে? ই প্ৰকৃততে শোষিত মানুহৰ মুক্তিৰ ৰাজনীতি আগুৱাই নিয়ে নে আধিপত্যশীল শক্তিৰ হাতত ই এক নতুন ৰাজনৈতিক অস্ত্ৰ হৈ পৰে?

শাসকশক্তিয়ে এই শব্দটোক ব্যৱহাৰ কৰিছে ৰাজ্যখনৰ আধিপত্যকামী সংখ্যাগুৰু সম্প্ৰদায়ৰ মাজত জাতীয়তাবাদী আৱেগ সৃষ্টিৰ বাবে। পৰিহাস এয়ে যে, শাসকবিৰোধী শক্তিৰ একাংশৰ ৰাজনীতিও একেই নেৰেটিভৰ ভিতৰত আবদ্ধ। তেওঁলোকৰ প্ৰতিবাদৰ ভাষাইও পাকঘূৰণি খায় একেই শব্দশৈলীৰ মাজত : ‘খিলঞ্জীয়াৰ অধিকাৰ’, ‘খিলঞ্জীয়াৰ ভূমি’, ‘খিলঞ্জীয়াৰ উচ্ছেদ নচলিব’–ইত্যাদি। ফলাফল কি?  মাৰ্ক্স কথিত বিদ্যমান যি শ্ৰেণী সংঘাত, তাকেই ই আঁৰ কৰে, অদৃশ্যমান হৈ ৰয়।

এই বাগধাৰাৰ মৌলিক সমস্যা হ’ল—ই শ্ৰেণী-বাস্তৱতাক ঢাকি জাতীয় পৰিচয়ক ৰাজনীতিৰ কেন্দ্ৰীয় বিষয়ত পৰিণত কৰে। ফলত মানুহৰ প্ৰধান বিভাজন শোষক আৰু শোষিতৰ মাজত নহৈ ‘খিলঞ্জীয়া’ আৰু ‘অখিলঞ্জীয়া’ৰ মাজত স্থাপন কৰা হয়। এইটোৱেই আধিপত্যশীল শ্ৰেণীৰ বাবে সুবিধাজনক।

এই বাস্তৱতা বুজিবলৈ গৰুখুটি আৰু ডলু চাহ বাগানৰ উচ্ছেদৰ ঘটনাই যথেষ্ট। গৰুখুটিত চৰকাৰে উচ্ছেদ অভিযানক ‘অবৈধ দখলমুক্তি’ৰ অভিযান হিচাপে প্ৰচাৰ কৰিলে। আনহাতে ডলু চাহ বাগানত বিমানবন্দৰ নিৰ্মাণৰ নামত চাহ বাগানৰ বিস্তীৰ্ণ ভূমি অধিগ্ৰহণ কৰি হাজাৰ হাজাৰ শ্ৰমিকৰ জীৱন-জীৱিকাৰ ওপৰত আঘাত কৰা হ’ল। দুয়োটা ঘটনাৰ চৰিত্ৰ একে—পুঁজি আৰু তথাকথিত উন্নয়নৰ স্বাৰ্থত শ্ৰমজীৱী মানুহক উচ্ছেদ। কিন্তু জনমতক কিদৰে প্ৰভাৱিত কৰা হ’ল? প্ৰভাৱিত কৰা হ’ল দুটা ভিন্ন উপায়েৰে। গৰুখুটিৰ ক্ষেত্ৰত উচ্ছেদৰ বলি হোৱা মানুহৰ সম্প্ৰদায়গত পৰিচয়ক কেন্দ্ৰ কৰি বিতৰ্ক চলোৱা হ’ল; আনহাতে ডলুৰ ক্ষেত্ৰত  উন্নয়নৰ স্বাৰ্থত ইমান খিনি ত্যাগতো কৰিব লাগিবই বুলি স্বাভাৱিক কৰিবলৈ চেষ্টা কৰা হ’ল। অথচ দুয়োটা ক্ষেত্ৰতেই মৌলিক প্ৰশ্ন একেই আছিল—ভূমিৰ ওপৰত নিয়ন্ত্ৰণ কাৰ হাতলৈ গৈছে? লাভবান কোন হৈছে? আৰু নিজৰ জীৱন-জীৱিকা হেৰুৱাইছে কোনে? এই প্ৰশ্নবোৰক আঁৰ কাপোৰৰ আঁতৰলৈ ঠেলি ‘খিলঞ্জীয়া’ নেৰেটিভে মূল শ্ৰেণীগত দ্বন্দ্বক গৌণ কৰি পেলালে।

মাৰ্ক্স আৰু এংগেলছে দেখুৱাইছিল যে শাসক শ্ৰেণীৰ ধাৰণাই সমাজৰ প্ৰধান ধাৰণা হৈ পৰে। শাসক শ্ৰেণীয়ে কেৱল অৰ্থনীতিকেই নিয়ন্ত্ৰণ নকৰে; শিক্ষা, সংবাদমাধ্যম, সংস্কৃতি আৰু ৰাজনীতিৰ জৰিয়তে মানুহৰ চিন্তাধাৰাকো নিয়ন্ত্ৰণ কৰে। ফলত মানুহে নিজৰ শোষণৰ প্ৰকৃত উৎস চিনাক্ত কৰাৰ সলনি কৃত্ৰিম শত্ৰু বিচাৰি ফুৰে। আজিৰ অসমৰ ‘খিলঞ্জীয়া বনাম অখিলঞ্জীয়া’ বিতৰ্ক ইয়াৰেই উদাহৰণ।

কাজিৰঙা অঞ্চলত ভূমি অধিকাৰ আন্দোলনৰ নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰৰ ঘটনাটো এই প্ৰসংগত তাৎপৰ্যপূৰ্ণ। তেওঁ বা তেওঁৰ সংগঠনে কৰ্পোৰেট স্বাৰ্থত চাহ বাগানৰ চিলিং বহিৰ্ভূত ভূমিত বহু বছৰ ধৰি বসবাস কৰি অহা শ্ৰমজীৱী পৰিয়ালসমূহক উচ্ছেদ কৰাৰ বিৰোধিতা কৰিছিল। কিন্তু এই ঘটনাৰ প্ৰতিবাদত বহু বিৰোধী কণ্ঠই বিষয়টোক ‘খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ’ৰ মাজত সীমাবদ্ধ কৰি পেলালে। শুনিবলৈ এই বক্তব্য ন্যায়সংগত যেন লাগিলেও, ইয়াৰ অন্তৰ্নিহিত ৰাজনীতি অতি গুৰুত্বপূৰ্ণ। কাৰণ, এই যুক্তিয়ে নীৰৱে এটা কথাক স্বীকাৰ কৰি লয়—যিসকল ‘খিলঞ্জীয়া’ সংজ্ঞাৰ বাহিৰত, তেওঁলোকৰ ভূমিৰ অধিকাৰ একে ধৰণে গুৰুত্বপূৰ্ণ নহ’বও পাৰে। অৰ্থাৎ, যদি উচ্ছেদৰ বলি হোৱা মানুহ ‘অখিলঞ্জীয়া’ হয়, তেন্তে তেওঁলোকৰ অধিকাৰৰ প্ৰশ্ন গৌণ।

মাৰ্ক্সবাদী বিশ্লেষণে ইয়াত মৌলিক প্ৰশ্নটো উত্থাপন কৰে—যদি উচ্ছেদ হোৱা মানুহ ‘অখিলঞ্জীয়া’ হয়, তেন্তে তেওঁলোকৰ অধিকাৰৰ কি হ’ব? কৰ্পোৰেট পুঁজিৰ স্বাৰ্থত যদি দৰিদ্ৰ কৃষক বা শ্ৰমিক উচ্ছেদ হয়, তেন্তে তেওঁলোকৰ জাতিগত পৰিচয়েহে ন্যায়-অন্যায় নিৰ্ধাৰণ কৰিব নেকি?

এই প্ৰশ্নৰ উত্তৰ মাৰ্ক্সবাদে স্পষ্টকৈ দিয়ে। উৎপাদনৰ সৈতে জড়িত সকলো শ্ৰমজীৱী মানুহৰ স্বাৰ্থ একেই। তেওঁলোকৰ জাতি, ভাষা, ধৰ্ম বা জাতিগত পৰিচয় ভিন্ন হ’ব পাৰে; কিন্তু শোষিত হোৱাৰ অভিজ্ঞতা একে। সেয়ে শ্ৰেণীগত ঐক্যই তেওঁলোকৰ ৰাজনীতিৰ ভিত্তি হ’ব লাগে।

লেনিনে জাতীয় প্ৰশ্ন সম্পৰ্কে আলোচনা কৰোঁতে কৈছিল যে জাতীয় নিপীড়নৰ বিৰুদ্ধে সংগ্ৰামৰ প্ৰয়োজন আছে, কিন্তু সেই সংগ্ৰাম কেতিয়াও শ্ৰমিক শ্ৰেণীৰ ঐক্য ভংগ কৰা জাতীয়তাবাদত পৰিণত হ’ব নালাগে। যদি জাতীয় পৰিচয়ক শ্ৰেণী-সংগ্ৰামৰ উৰ্দ্ধত ৰখা হয়, তেন্তে শেষ বিচাৰত তাৰ লাভ আদায় কৰিব বুৰ্জোৱা শ্ৰেণীয়েই।

আজিৰ অসমত ঠিক এইটোৱেই ঘটিছে। কৰ্পোৰেট পুঁজিক লাগে ভূমি, প্ৰাকৃতিক সম্পদ আৰু সস্তীয়া শ্ৰম। চৰকাৰে দায়িত্ব লৈছে ভূমি আৰু সস্তীয়া শ্ৰম যোগান নিশ্চিতকৰণৰ। সেই স্বাৰ্থতেই আজিৰ উচ্ছেদ অভিযান। বন, নদী, চাহ বাগান, চৰ অঞ্চল, কৃষিভূমি—সকলো ঠাইতে চলিছে বুলড’জাৰ উচ্ছেদ।

উচ্ছেদৰাজৰ বিৰুদ্ধে প্ৰতিবাদৰ ভাষা যদি ‘খিলঞ্জীয়া’ৰ মাজত আবদ্ধ থাকে, তেন্তে লাভ শাসক শ্ৰেণীৰেই। প্ৰণৱ দলে, আদিত ৰাভা আদিক খিলঞ্জীয়াৰ স্বাৰ্থৰ হকে যুজঁ দিয়া নেতা হিচাপে যিমানে সাব্যস্ত কৰা হ’ব, সিমানে সংকুচিত হ’ব ন্যায় প্ৰাপ্তিৰ যুঁজখন। ‘মইতো খিলঞ্জীয়াৰ ভিতৰত নপৰোঁ’– এই বুলিয়েই মুখ ঘূৰাব উচ্ছেদৰ বলি হোৱা মিঞা খেতিয়কজনে, উচ্ছেদৰ বলি হোৱা পদপথৰ বিহাৰী পাচলি বেচোতাজনে, উচ্ছেদৰ বলি হোৱা বঙালী হকাৰজনে কিম্বা স্থায়ী কৰ্মসংস্থানৰ পৰা উচ্ছেদিত দুৰ্বল নেপালী অস্থায়ী শ্ৰমিকজনে….।

শাসকশক্তিয়ে সহজেই শোষিত মানুহক ভাগ কৰিব পাৰে। এজন শ্ৰমজীৱিক আন এজন শ্ৰমজীৱিৰ বিৰুদ্ধে থিয় কৰাব পাৰে। এই বিভাজনেই পুঁজিবাদী শাসনৰ ‘আদৰ্শগত’ শক্তি। ইয়াকেই মাৰ্ক্সবাদে মিছা চেতনা (False Consciousness) বুলি কয়। মানুহে নিজৰ প্ৰকৃত শত্ৰুক—কৰ্পোৰেট পুঁজি আৰু তাৰ ৰাষ্ট্ৰীয় ৰক্ষকক—চিনাক্ত নকৰি আন এক শোষিত গোটকেই নিজৰ প্ৰতিদ্বন্দ্বী বুলি ভাবিবলৈ আৰম্ভ কৰে। ফলত শ্ৰেণী-সংগ্ৰাম দুৰ্বল হয় আৰু পুঁজিৰ আধিপত্য অধিক শক্তিশালী হয়। গ্ৰামছিয়ে ইয়াক আধিপত্য (Hegemony) বুলি ব্যাখ্যা কৰিছিল। শাসকশ্ৰেণীয়ে কেৱল বলপ্ৰয়োগেৰে শাসন নকৰে; মানুহৰ চিন্তা, ভাষা আৰু ‘সাধাৰণ বুদ্ধি’কো নিয়ন্ত্ৰণ কৰে। ফলত শোষিত মানুহেও শাসকৰ ভাষাকে আওৰাই পৃথিৱীক চাবলৈ আৰম্ভ কৰে।

আজিৰ ‘খিলঞ্জীয়া’ বাগধাৰা সেই আধিপত্যৰে এক ৰূপ। যেতিয়া বিৰোধী শক্তিয়েও একেই ভাষা ব্যৱহাৰ কৰে, তেতিয়া তেওঁলোকে অজানিতে শাসকশ্ৰেণীৰ আদৰ্শগত আধিপত্যকেই শক্তিশালী কৰে। এই প্ৰসংগত এটা উদাহৰণ নিশ্চয় প্ৰাসংগিক হ’ব। এন আৰ চি প্ৰক্ৰিয়া চলাকালীন কিদৰে এন আৰ চি কৰ্তৃপক্ষই নাগৰিকক খিলঞ্জীয়া– অখিলঞ্জীয়া বিভাজনেৰে বিভাজিত কৰিছিল, সেয়া সকলোৰে মনত আছে নিশ্চয়। এখন শুদ্ধ নাগৰিক পঞ্জীৰ পোষকতা কৰা আমি কোনেও এই বিভাজন নীতিৰ বিৰোধিতা নকৰিলোঁ, ফলত ইয়ে প্ৰশস্ত কৰি দিছিল অগণিত মানুহৰ ওপৰত ৰাষ্ট্ৰৰ অমানৱিক হাৰাশাস্তি চলোৱাৰ পথ। নাগৰিকত্ব হেৰুওৱাৰ আশংকাত, ট্ৰ’মাজনিত কাৰণত শতাধিক মানুহৰ আত্মহননে উদঙায় সেই হাৰাশাস্তিৰ নৃশংসতা। অৰ্থাৎ, ‘খিলঞ্জীয়া’ নেৰেটিভে শেষ পৰ্যন্ত গণতান্ত্ৰিক অধিকাৰ সুৰক্ষিত কৰা নাছিল; বৰঞ্চ অসমৰ সমাজ জীৱনৰ অংশীদাৰ বিশাল এটা অংশৰ ওপৰত ৰাষ্ট্ৰীয় দমনৰ সামাজিক বৈধতা সৃষ্টি কৰিছিল।

শাসক শ্ৰেণীৰ আদর্শগত আধিপত্যবাদৰ বিপৰীতে গ্ৰামছিয়ে Counter-Hegemony বা বিকল্প আদৰ্শগত আধিপত্য গঢ়ি তোলাৰ কথা কৈছিল। অসমৰ পৰিপ্ৰেক্ষিতত সেই কাউণ্টাৰ নেৰেটিভৰ ভিত্তি হ’ব লাগিব শ্ৰমিক শ্ৰেণীৰ ৰাজনীতি।

গ্ৰামছিয়ে শাসকীয় আধিপত্যৰ বিপৰীতে counter-hegemony বা প্ৰতিৰোধ গঢ়ি তোলাৰ বাবে organic intellectual-ৰ ভূমিকাক বিশেষ গুৰুত্ব দিছিল। তেওঁৰ মতে, প্ৰতিটো শ্ৰেণীয়েই নিজৰ সংগ্ৰামৰ মাজৰ পৰাই এনে বুদ্ধিজীৱী সৃষ্টি কৰে, যিসকলে সেই শ্ৰেণীৰ বিশ্বদৃষ্টিভংগীক সমাজত প্ৰতিষ্ঠা কৰাৰ কাম কৰে। কিন্তু অসমৰ সাম্প্ৰতিক অভিজ্ঞতাই এক জটিল বাস্তৱতাক উন্মোচন কৰিছে। জনগোষ্ঠীগত চেতনাক কেন্দ্ৰ কৰি গঢ়ি উঠা বহু বাওঁপন্থী বা বিপ্লৱী বুদ্ধিজীৱীয়েও এনে এক নেৰেটিভ নিৰ্মাণ কৰিছে, যিয়ে শেষ পৰ্যন্ত শাসকীয় ভাৰতীয় পুনৰুত্থানবাদী জাতীয়তাবাদকেই শক্তিশালী কৰে।

‘খিলঞ্জীয়া’ নেৰেটিভৰ পৰিসৰৰ ভিতৰত জনজাতি, আদিবাসী আদি জনগোষ্ঠীৰ ন্যায্য অধিকাৰৰ দাবীয়ে ক্ৰমাৎ এনে এক ৰাজনৈতিক দিশলৈ গতি কৰিছে, য’ত সেই দাবীসমূহ বিজেপিৰ হিন্দুত্ববাদী প্ৰকল্পৰ সৈতে সংঘাতত লিপ্ত হোৱা প্ৰত্যক্ষ কৰা হোৱা নাই, বিপৰীতে সেই হিন্দুত্ববাদী প্ৰকল্পৰেই অংশ হৈ পৰাহে দেখা গৈছে। জনগোষ্ঠীৰ ধনী আৰু প্ৰভাৱশালী শ্ৰেণীৰ নেতৃত্বত জনগোষ্ঠীগত গণতান্ত্ৰিক অধিকাৰৰ ৰাজনীতি এইদৰে এক প্ৰতিক্ৰিয়াশীল ৰূপান্তৰৰ মাজেৰে পাৰ হৈছে। এই বেলিৰ বিধান়সভা নিৰ্বাচনৰ পূৰ্বে উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়াকে ধৰি কেতবোৰ ঠাইত আদিবাসীসকলৰ এছ টি স্বীকৃতি আৰু ভূমি অধিকাৰৰ প্ৰশ্নক সন্মুখত ৰাখি বিশাল বিশাল সমাৱেশ প্ৰত্যক্ষ কৰা গৈছিল। ভূমিৰ ইছ্যুটোক কিদৰে কৌশলগতভাৱে শাসকপক্ষৰ হৈ সংঘ পৰিয়ালে ব্যৱহাৰ কৰিলে, সেয়াও সচেতন মহলে প্ৰত্যক্ষ কৰিলে। ফলত, জনগোষ্ঠীটোৰ ভিতৰত বিজেপি-আৰ এছ এছৰ সাংগঠনিক ভিত্তি অধিক শক্তিশালী হ’ল। নিৰ্বাচনৰ ফলাফলে এই বাস্তৱতাকে স্পষ্টকৈ প্ৰতিপন্ন কৰিছে।

ইয়াৰ বিপৰীতে ডলু চাহ বাগিচাৰ আন্দোলনে জনগোষ্ঠীগত পৰিচয়ৰ সলনি শ্ৰমিক পৰিচয়ক কেন্দ্ৰ কৰি সংগ্ৰাম গঢ়ি তুলিছিল। সেইবাবেই এই আন্দোলনে সীমিত পৰিসৰতো বিজেপিৰ বিভাজনমুখী ৰাজনীতিক প্ৰত্যাহ্বান জনাব পাৰিলে। একেদৰে জুবিন গাৰ্গৰ  মৃত্যুক কেন্দ্ৰ কৰি শ্ৰমজীৱী জনতাৰ স্বতঃস্ফূৰ্ত আৱেগিক সমাৱেশেও শাসকক উদ্বিগ্ন কৰি তুলিছিল। কাৰণ শ্ৰমিক হিচাপে গঢ় লৈ উঠা চেতনাই জাতি, জনগোষ্ঠী আৰু পৰিচয়ৰ সংকীৰ্ণ সীমা অতিক্ৰম কৰি এক বিস্তৃত সামাজিক ঐক্যৰ সম্ভাৱনা সৃষ্টি কৰে। বিপৰীতে জনগোষ্ঠীগত চেতনাৰ বিকাশে বহুক্ষেত্ৰত মানুহক বিজেপিয়ে নিৰ্মাণ কৰা ‘ভাৰতীয়ত্ব’ৰ সাংস্কৃতিক আধিপত্যৰ মাজলৈ টানি নি তাত জিন যাবলৈ বাধ্য কৰে।

সেয়ে অসমৰ বাওঁ ৰাজনীতিৰ আগত আজিৰ মৌলিক প্ৰশ্নটো হ’ল—কেৱল জনগোষ্ঠীগত পৰিচয়ৰ ৰাজনীতিৰ ভিতৰত আবদ্ধ থাকিব নে শ্ৰমজীৱী মানুহৰ অভিন্ন স্বাৰ্থৰ ওপৰত ভিত্তি কৰি এক নতুন কাউণ্টাৰ-হেজিমনী গঢ়ি তুলিব? এই প্ৰক্ৰিয়াত এক নতুন ধৰণৰ বুদ্ধিজীৱী শক্তিৰ উন্মেষ ঘটিছে। তেওঁলোকক হয়তো গ্ৰামচিৰ organic intellectual-ৰ পৰম্পৰাগত সংজ্ঞাৰে সম্পূৰ্ণ ব্যাখ্যা কৰিব নোৱাৰি। কিন্তু শাসকীয় নেৰেটিভৰ বিপৰীতে নতুন শ্ৰমিকমুখী নেৰেটিভ, নতুন সাংস্কৃতিক ভাষা আৰু নতুন গণ আৱেগ গঢ়ি তোলাৰ বাস্তৱ উপাদান এই উদীয়মান বুদ্ধিজীৱীসকলেই। সেয়ে তেওঁলোকক সমবেত কৰি শ্ৰমিক শ্ৰেণীৰ দৃষ্টিভংগীক সমাজৰ কেন্দ্ৰীয় ৰাজনৈতিক চেতনালৈ উন্নীত কৰাটো আজিৰ সময়ৰ অন্যতম ঐতিহাসিক দায়িত্ব।

গৰুখুটিৰ কৃষিজীৱী হওক, ডলু চাহ বাগানৰ শ্ৰমিক হওক, কাজিৰঙাৰ ভূমিহীন কৃষক হওক বা বৰদুৱাৰৰ বাগান শ্ৰমিক—যেতিয়ালৈকে তেওঁলোকক পৃথক পৃথক পৰিচয়ৰ আধাৰত চোৱা হ’ব, তেতিয়ালৈকে শাসকশ্ৰেণীয়ে তেওঁলোকৰ মাজত বিভাজন সৃষ্টি কৰি যাব। কিন্তু যেতিয়া এই সকলো সংগ্ৰামক শ্ৰম, ভূমি আৰু জীৱন-জীৱিকাৰ অধিকাৰৰ একেটাই শ্ৰেণীগত সংগ্ৰাম হিচাপে দেখা হ’ব, তেতিয়াহে কৰ্পোৰেট আগ্ৰাসন আৰু বুলড’জাৰ ৰাজনীতিৰ বিৰুদ্ধে বহল গণঐক্য গঢ়ি তোলা সম্ভৱ হ’ব।

এই ৰাজনীতিৰ মূল কথা স্পষ্ট— গড় হিচাপত ন্যূনতম পৰিমাণৰ মাটিত ভোগ-দখল সাব্যস্তকাৰী গৰাকীয়ে সেই মাটিৰ মালিক। সেই মাটি–আশ্ৰয় কিম্বা জীৱিকা নিৰ্বাহৰ সমল-সি যিয়েই নহওঁক কিয়, তেওঁক দিব লাগিব মাটিৰ পট্টা। যিজনে শ্ৰম কৰে, উৎপাদন কৰে, সমাজ গঢ়ে, তেওঁৰ জীৱন-জীৱিকাৰ অধিকাৰ সৰ্বাগ্ৰে।

শোষিত মানুহৰ কোনো জাতি নাই; শোষকৰো কোনো জাতি নাই, ধৰ্ম নাই। পুঁজিয়ে লাভৰ স্বাৰ্থত সকলো জাতিৰ শ্ৰমিকক শোষণ কৰে। সেয়ে শোষিত মানুহৰ ঐক্য‌ইও জাতি-সম্প্ৰদায়গত সীমা অতিক্ৰম কৰিব লাগিব। বহু গণতন্ত্ৰবাদীৰ তুলনাত, আনকি বাওঁপন্থী একাংশৰ  তুলনাত, এই প্ৰশ্নত জুবিনৰ দৃষ্টিভংগী আছিল অধিক স্পষ্ট।

এই দৃষ্টিভংগীত চাহ বাগানৰ শ্ৰমিক, মিছিং কৃষক, বড়ো কৃষিজীৱী, অসমীয়া দৰিদ্ৰ কৃষক, বাংলাভাষী কৃষি-শ্ৰমিক, সংখ্যালঘু দিনমজুৰ, দলিত শ্ৰমিক—সকলো একে শ্ৰেণীৰ অংশ। তেওঁলোকৰ মূল দ্বন্দ্ব ইজনে-সিজনৰ লগত নহয়; কৰ্পোৰেট পুঁজি, পুঁজিৰ মধ্য-স্বত্ব ভোগী দালাল, মুনাফাখোৰ কোম্পানী আৰু সেই স্বাৰ্থ ৰক্ষা কৰা ৰাষ্ট্ৰীয় ক্ষমতাৰ লগতহে।

সেয়ে ভূমি অধিকাৰৰ আন্দোলনৰ শ্ল’গানো সলনি হ’ব লাগিব। ‘খিলঞ্জীয়াৰ ভূমি ৰক্ষা’ নহয়, ‘দুখীয়া শ্ৰমজীৱী মানুহৰ ভূমিৰ অধিকাৰ’, ‘কৰ্পোৰেটৰ বাবে উচ্ছেদ নচলিব’, ‘যিয়ে মাটি চহায়, মাটি তেওঁৰ’—এই দাবীসমূহহে শ্ৰেণীগত ৰাজনীতিৰ প্ৰকাশ।

অসমত সাম্প্ৰদায়িকতা, জাতিগত বিভাজন আৰু পৰিচয়ভিত্তিক ৰাজনীতিৰ শক্তি ভাঙিব লাগিলে কেৱল নিৰ্বাচনী ৰাজনীতিয়েই যথেষ্ট নহয়। প্ৰয়োজন শোষিত শ্ৰেণীৰ ঐক্যৰ ওপৰত ভিত্তি কৰি নতুন ৰাজনৈতিক ভাষা গঢ়ি তোলা। সেই ভাষাইহে মানুহক বুজাব পাৰিব যে প্ৰকৃত সংঘাত ‘খিলঞ্জীয়া বনাম অখিলঞ্জীয়া’ নহয়; প্ৰকৃত সংঘাত পুঁজি বনাম শ্ৰম, শোষক বনাম শোষিত।

মাৰ্ক্সবাদৰ শিক্ষা এইটোৱেই—মুক্তিৰ ৰাজনীতি কোনো সংকীৰ্ণ পৰিচয়ৰ ৰাজনীতি নহয়; ই উৎপাদন সম্পৰ্ক সলনি কৰাৰ, শোষণহীন সমাজ গঢ়াৰ ৰাজনীতি।

জাতীয়তাবাদী বাওঁপন্থাৰ দেউলীয়াপনা ইতিমধ্যেই আমি প্ৰত্যক্ষ কৰিছোঁ। কৰ্পোৰেট আগ্ৰাসনৰ বিৰুদ্ধে, বুলড’জাৰ-ৰাজৰ বিৰুদ্ধে সমবেত হোৱা শ্ৰমজীৱী মানুহৰ মাজতো যেতিয়া কোনোবাই এই সন্দেহৰ বীজ সিচিবলৈ চেষ্টা কৰে—’কেৱল কৰ্পোৰেটকেই দিবলৈ নহয়, মাটিবোৰত বাংলাদেশৰ পৰা অহা বঙালী হিন্দুবোৰকো সংস্থাপিত কৰাৰ ষড়যন্ত্ৰ চলিছে নেকি, সেইটো চাব লাগিব’—তেতিয়া সেয়া শাসকশ্ৰেণীয়ে সৃষ্টি কৰা বিভাজনমূলক নেৰেটিভকেই পুনৰ শক্তিশালী কৰে। এনে ৰাজনীতি কৰ্পোৰেট আগ্ৰাসনৰ বিৰুদ্ধে সংগ্ৰামক শ্ৰেণীগত ভিত্তিৰ পৰা আঁতৰাই জাতিগত সন্দেহ আৰু বিভাজনৰ দিশে ঠেলি দিয়ে।

অসমৰেই নহয়, অসমৰ বাহিৰৰো বহুতে অখিল গগৈৰ ৰাজনীতিক বিজেপিৰ স্বৈৰতান্ত্ৰিক-সাম্প্ৰদায়িক ৰাজনীতিৰ এক বিকল্প ধাৰা হিচাপে চিহ্নিত কৰে। কিন্তু মাৰ্ক্সবাদী বিশ্লেষণত এই ৰাজনীতি শাসকীয় ৰাজনীতিৰ কোনো মৌলিক নাকচ নহয়; বৰং একে আধিপত্যবাদী ৰাজনৈতিক পৰিসৰৰ ভিতৰতে গঢ় লৈ উঠা বাওঁপন্থী বাক্যবিন্যাসৰ আৱৰণত সুবিধাবাদ, নিৰ্বাচনী কেৰিয়াৰবাদ আৰু উগ্ৰ জাতীয়তাবাদৰ এক অদ্ভুত সংমিশ্ৰণ। ইয়াৰ ৰাজনৈতিক সংঘাত শাসক শ্ৰেণীৰ আধিপত্য ভাঙি নতুন শ্ৰেণী-সম্পৰ্ক গঢ়ি তোলাৰ লক্ষ্যত পৰিচালিত নহয়; বৰং বিদ্যমান ক্ষমতা-কাঠামোৰ ভিতৰতে স্থান আৰু অংশীদাৰিত্বৰ পুনৰ্বিন্যাসতেই  সীমাবদ্ধ। সেইবাবেই আপাত দৃষ্টিত এই ৰাজনীতি প্ৰতিবাদী যেন লাগিলেও, ই শাসকীয় নেৰেটিভৰ সীমা অতিক্ৰম কৰি কোনো সুসংহত প্ৰতিআধিপত্য নিৰ্মাণ কৰিব পৰা নাই। এই অৰ্থত, এই ৰাজনীতিক শাসকীয় ৰাজনীতিৰেই অন্য এক সুঁতি বুলি অভিহিত কৰিলে হয়তো অত্যুক্তি কৰা নহ’ব।

গণতান্ত্ৰিক আৰু বিপ্লৱী আন্দোলনে যেতিয়ালৈকে আধিপত্যবাদী নেৰেটিভক প্ৰত্যাহ্বান জনাব পৰাকৈ কাউণ্টাৰ নেৰেটিভ সৃষ্টি কৰিব নোৱাৰে, যেতিয়ালৈকে জাতীয়তাবাদৰ সীমা অতিক্ৰম কৰি শ্ৰেণী-সংগ্ৰামৰ ৰাজনীতিক কেন্দ্ৰীয় স্থানত প্ৰতিস্থাপিত কৰিব নোৱাৰে, জানি ৰাখক, তেতিয়ালৈকে সংঘ পৰিয়ালৰ দুৰ্গ অক্ষত হৈ ৰ’ব। তেতিয়ালৈকে সকলো বাদ-প্ৰতিবাদ শাসকশ্ৰেণীয়ে সৃষ্টি কৰা বিভাজনৰ মেৰজালৰ মাজতেই  ককবকাই থাকিব, আৰু তাৰ বিপৰীতে অব্যাহত থাকিব কৰ্পোৰেট পুঁজিৰ আধিপত্য।

Leave a Reply

Your email address will not be published. Required fields are marked *