গল্প-কবিতা

ন‌ইজ ।। কিশোৰ

মুক্ত চিন্তা। দ্বাদশ বছৰ। ১ম সংখ্যা

(১)

— সঁচাকৈয়ে ঘটনাটো ঠিক এনেকুৱাই নে?

— কেনেকুৱা।

— এই যে বাতৰিবোৰত, এই যে পোৰ্টেলবোৰত, ছ’চিয়েল মিডিয়াত…

— আপুনি ইয়ালৈ আহিছে যেতিয়া নিজেই বিচাৰ কৰক, আমি কি কম। মানুহজনৰ চিলাই মেচিনৰ ছন্দোবদ্ধ শব্দটোৱে দুপৰীয়াৰ নিৰ্জনতাক ওভতি ধৰিছিল। দূৰৈত ক’ৰবাত কপৌ এটাই ৰৈ ৰৈ ৰুন দিছিল।

— বহিব পাৰো নে?

পূৰ্বৰ বগা ৰং নোহোৱা হৈ হৈ কাঠবোৰ ওলাই যোৱা দীঘল বেঞ্চ এখন বাৰান্দাতে আছিল।

— বহক, ক’ৰ পৰা আহিছে।

— আহিলোঁ, আচলতে ঘটনাটো কি ঘটিছিল সেয়া জনাৰ বাবে আহিলোঁ।

— আচ্ছা। গাৱঁৰ মানুহবোৰক সোধক। ভিতৰলৈ সোমাই সোধ-পোছ কৰক। মই কি ক’ম। ইয়াতে কাপোৰ চিলাই কৰি কৰি বুঢ়াই হ’লো। কেতিয়াও এনে হোৱা নাছিল। কি যে হৈ গ’ল। কেইবছৰ মানৰ আগৰে পৰা কথাবোৰ বেলেগ হৈ গ’ল।

— কি বেলেগ।

— ময়ো ভালদৰে নাজানো। সলনি হৈছে।

— সলনি হ’ব‌ই। এইটো স্বাভাৱিক কথা নহয় জানো।

— হয়। কিন্তু বাপু। মোতকৈ তুমি সৰু হ’বা বুলি তেনেদৰে কৈছোঁ, বিশ্বাস নোহোৱা হৈ গৈছে, বুজিছা। তুমি দূৰৈৰ পৰা আহিছা, মই তোমাক বিশ্বাসত ল’ব পৰা নাই। মই সেই কথাবোৰে তোমাক কম যিবোৰ ক’লে মোৰ একো বিপদ নহয়। মোৰ এই দোকানখন যাতে কোনোৱে ভাঙি নিদিয়ে।

— কোনে ভাঙিব?

— নাজানো, সব মোৰ চিনাকি মানুহ। কি হিন্দু, কি মুছলমান কেইবা পীৰিৰ ল’ৰা ছোৱালীয়ে ম‌ই চিলাই কৰা কাপোৰ পিন্ধি পিন্ধি স্কুল-কলেজলৰ পঢ়া সাং কৰিলে।

মানুহজন উদাস হৈ পৰিল। সন্মুখৰ ৰাস্তাটো পাৰ হৈয়ে থকা পুখুৰীৰ নিস্তৰংগ পানীখিনিত চকুযুৰি স্থিৰ হৈ ৰ’ল। তেখেতে আৰু একো নকলে। ক’ব নিবিচাৰিলে।

— হত্যাকাণ্ড …

— মই নাজানো, আপুনি যি শুনিছে সেইবোৰেই মই জানো।

(২)

— আপোনাৰ লগত কি কথা পাতিব আছে।

— গাৱঁৰ মুৰব্বী হিচাপে…

— আপুনি মোক সোঁৱৰাই দিব নালাগে। মোৰ দায়িত্ব ম‌ই পালন কৰিছোঁ। মই জানো, মই কি কৰিব লাগে। মোৰ পৰা যি বিচৰা হৈছে সেয়া মই দিছোঁ। ভৱিষ্যতেও কৰি যাম।

— সঁচাকৈয়ে জাভেদে মাৰ্দাৰ কৰিছেনে?

মানুহজন যেন কিছু শান্ত হʼল।

— সেইবোৰ অনুসন্ধান কৰা পুলিচৰ কাম। মোৰ নহয়। পুলিচৰ আগত জাভেদে নিজেই স্বীকাৰ কৰিছে যে সিয়ে মাৰ্দাৰাৰ। তাৰ পিছত আমি কি কৰিম।

— নন জুডিচিয়েল কিলিংৰ কথা আজিকালি বহুত শুনা যায়।

— সেইবোৰ মোৰ বিষয় নহয়। অনুসন্ধান হʼব লাগে

— হয়। নহলে আজি জাভেদ, কালি আপুনি, পৰহি মই।

(৩)

— তাৰপাছত

— সি তাইক আগভেটি ধৰি উপৰ্যুপৰি প্ৰহাৰ কৰিলে। হাতত থকা দা খনেৰে কোবাই মূৰ ভাঙি দিলে। আনকি তাইৰ লগত অহা ডেকাটোকো কাটিলে।

— তাৰপাছত

— ডেকা ল’ৰাটো ঠিতাতেই মৰিল, তাইক চিকিৎসালয়লৈ নিয়া হ’ল। তাই হয়তো মৰিব। কি নিৰ্দয়। ইমানে ডাকু চলি। ইমান বল। একেঘাপে ডেকাটোৰ গল ছিঙি গৈছিল।

— আপুনি দেখিছিল?

— নাই দেখা, দেখোতাই কৈছে।

(৪)

— আপুনি কোন?

— মই কাৰ্ডখন দেখুৱাবলৈ বাধ্য হ’লো।

মানুহজনে ভালদৰে পঢ়ি চালে।

— এতিয়া ক‌ওকছোন। ঘটনাটো কি?

— কি কম। কোৱাৰ কি আছে। সবে জানে। ইহঁতৰ বিৰাট দাদাগিৰি। ইহঁত বিৰাট সেই। খচ্চৰ। হিন্দু ছোৱালী লাগে। মুঠতে নিজৰ জাতত তুলিব লাগে। গৰু খুৱাব লাগে।

— আগতেও এনে ঘটনা ঘটিছিল নেকি ইয়াত?

— কিমান ঘটিছে। আগতে কেৱল মাত নামাতিছিল। ভয় কৰিছিল। এতিয়া নহ’ব নহয়। পুলি পোখা একো নেৰিম। বুল্ডোজাৰ চলাই পিঠা কৰি দিয়া হ’ব। দুদিন থাকি সেই ঘটনাবোৰ চাই যাওক। লিখিব পাৰিব। কেবল সিহঁতৰ লগত অন্যায় হ’ল বুলি নিলিখিব। লিখিব ন্যায় দেৰি হ’ল বুলি।

— আগৰ দুই এটা ঘটনা আপুনি ক’ব নেকি। এনে ঘটনাযে ঘটি আছে তাৰেই দুই এটা উদাহৰণ।

— একো ক’বলৈ নাই। নিজে অনুসন্ধান কৰক। এনেই মক্কেলামি কৰি থকা বুলি ভাবিছে নেকি?

(৫)

— আপোনাক বহুত বিচাৰি বিচাৰি এইখিনি পালোঁ। সকলোৱে কৈছে আপুনি হেনো প্ৰত্যক্ষদৰ্শী।

— নাই, নাই। মই এতিয়া একো ক’ব নোৱাৰো। যি ক’ব আছে মই পুলিচক কৈছোঁ। যাক যাক ক’ব লগা আছে কৈছোঁ।

— সঁচাকৈয়ে আপুনি তাক স্পষ্টকৈ দেখিছিল নে। শুনামতে ঘটনাটো ঘটিছিল কাণিমুনি পৰত। তেতিয়াতো মানুহৰ মুখ দেখা নাযায়।

— ক’ব নোৱাৰিম বুলি কৈছোঁ নে নাই। আপুনি নুশুনে নেকি?

মানুহজনে চিঞৰি উঠিল। চিঞৰটো শুনিয়ে নেকি গাভৰু এজনী ওলাই আহিল। ছোৱালীজনী আমাৰ কাষত ৰৈ থাকিল। সি তাইকে সুধিলে-

তুমি!

— নমস্কাৰ। মই এখেতৰে ছোৱালী।

— নমস্কাৰ। মই গম পালোঁ এখেত প্ৰত্যক্ষদৰ্শী!

— হয়। ছোৱালীজনীক আৰু লগৰ ডেকা ল’ৰাটোক সঁচাকৈয়ে হত্যা কৰা হৈছিল ।

সি ওলাই আহিবলৈ লৈ আৰু এটা প্ৰশ্ন কৰিলে-

— জাভেদ?

— সি বহুত ভাল ল’ৰা। সি, মই একেলগে পঢ়া। সি যে হত্যা কৰিব মই ভাবিবই নোৱাৰোঁ। সি আমাৰ ঘৰলৈ প্ৰায়েই আহিছিল। মোৰ দেউতাৰ পৰা বাঁহ-বেতৰ কাম শিকিছিল। এতিয়া মই সি এনে কাম কৰিব নোৱাৰে বুলি ক’লেই তাৰ লগত মোৰ সম্পৰ্ক আছে বুলি মোকেই  আক্ৰমণ কৰা হয়। তেনে কথা মানুহৰ মুখে মুখে শুনিব। তাৰ সপক্ষে কোৱা মানে এতিয়া তাৰ সমানে অপৰাধী। এতিয়া আপুনি যাব পাৰে। আপোনাৰ লগত বেছি কথা পাতিলে আমাৰো বিপদ আছে।

(৬)

— এই মাটিবোৰ এতিয়া সিহঁতক লাগে। ইয়াত এটা কাৰখানা হ’ব। মানুহবোৰে লগ হৈ তাৰ প্ৰতিবাদ কৰি আছে। ইয়াত এখন ভূমি সুৰক্ষা কমিটি আছে। সকলো জাতি, ধৰ্মৰ মানুহ লগ লাগি সেই কমিটিখন গঠন হৈছে। সেই কাৰণেই এই ভূমিবোৰ এতিয়াও মানুহবোৰৰ হাতে হাতে আছে। শস্য মৎস্যৰ অধিকাৰ নিজৰ হাতত আছে। হাট বজাৰ চলি আছে। কাৰোবাৰ মাটি নাই আধি লৈ চলি আছে। কাৰোবাৰ মাটি আছে অথচ নিজে পৰা নাই আধি লৈ দিছে। নিৰ্ভৰশীল হৈ চলি আছে। ধৰ্ম আৰু জাত-পাত নাই বুলি অতিৰঞ্জিত কৰিব নোৱাৰিলেও মিলা-মিচাৰ মাজত সকলো চলি আছে। জাভেদ আছিল ভূমি সুৰক্ষা কমিটিৰ সমন্বয়ক। বিশেষকৈ টকাৰ পৰিমাণ দেখি দুই এজনে মাটি বিক্ৰী কৰিব ওলাইছিলে। ইমান টকা। কাৰ লোভ নালাগিব। চাৰি লাখৰ মাটিত দহ লাখ দি আছে। ভাৱক। ধৰক কাৰোবাৰ পাছ বিঘা মাটি আছে। সিহঁতে লোভ দেখুৱাইছে। ‘কি কৰিবি ইমান মাটি। লগত লৈ যাবি। ৰুপিত মাটি বিক্ৰী কৰ এয়ে চাঞ্চ। ঘৰ বান্ধ। গাড়ী ল। বাকী থকা দিনকেইটা মস্তি কৰ। মাটি মাটিয়ে হৈ থাকিব পথাৰতে আৰু জীৱনটো উৰুখা চালৰ তলত, অভাৱত থাকি থাকি সিপুৰী পাবি। কি মানে হʼল তোৰ মানৱ জীৱনৰ।’ এখন লোভনীয় পৃথিৱী, এখন সপোনৰ দৰে লগা পৃথিৱীৰ স্বপ্নত আতুৰ হৈছিল কিছু লোক। যাৰ মাটি আছে কিন্তু দুৰ্দশাৰ অন্ত নাই তাৰ বিচাৰ বুদ্ধি একোৱে কাম নকৰে। তেতিয়াই জাভেদে কেতিয়াবা নিজে, কেতিয়াবা আন কিছু মানুহ লগত লৈ মাটি যাতে বিক্ৰী নকৰে তাৰ বাবে মাটিৰ গৰাকীক বুজাইছিলগৈ। ঘৰে ঘৰে গৈছিল। চৰকাৰী বাহিনী, কেতিয়াবা দালাল সকলোৰে বিপক্ষে সি এখন যুঁজ কৰি আছিল। আনকি নিজ মানুহবোৰৰ লগতো।

— বুজিলোঁ। কিন্তু প্ৰেমৰ প্ৰতাৰণাৰ লগত ইয়াৰ সম্পৰ্ক কি। কথাটো ধৰক এনেকুৱা নেকি, সকলোৱে এই মানুহবোৰক ঠগি আছে, কিছুমান নেৰেটিভ এনেদৰে সৃষ্টি কৰা হৈছে যেন এওঁলোক মানুহেই নহয়। শেষত যেতিয়া তেওঁৰ প্ৰেমাস্পদে তেওঁক প্ৰতাৰণা কৰিছে। সকলো মৰ্যাদা তেওঁৰ কাঢ়ি লোৱা হৈছে। ঠিক সেই পুঞ্জীভূত ক্ষোভে জাভেদক এজন হত্যাকাৰী হ’বলৈ বাধ্য কৰাইছে। এটা মানসিক ভাৰসাম্যহীন অৱস্থা।

— ঠিক কথা, এই কথাবোৰৰ বিচাৰ নহ’বনে। ভাৰসাম্যহীন অৱস্থাবোৰৰ। যোৱা পাছ বছৰৰ মানসিক চাপবোৰৰ। নে দস্যু বুলি গুলীয়াই দিয়া হ’ব। ঘৰ জ্বলাই দিয়া হ’ব। জন্তু জানোৱাৰৰ দৰে পিঞ্জৰাত থাকিবলৈ বাধ্য কৰা হ’ব।

— কথাবোৰ ঠিকেই

— আৰু বেছিদিন নাই। মাটিবোৰ যাব।

— এজনৰ মৃত্যুৱে তেনে কৰিব পাৰিব নে?

— আপুনি কি মৃত্যু দেখিছে নাজানো, মই জানো, ইয়াত বহু কথাই সমাধিস্থ হ’ল। আৰু ৰক্ষা নাই।

(৭)

তাত ঘৰ বুলিবলৈ একোৱে নাছিল। ক’লা এঙাৰৰ স্তূপ। বৰষুণে ছাইবোৰ ধুই নি এঙাৰবোৰ আৰু বেছি ক’লা কৰি তুলিছে। এখন নীলা প্লাষ্টিকৰ তলতে জাভেদৰ পৰিয়ালটো আছে। বেৰ বুলিবলৈ আধা ভঙা টিন কিছুমান। মোৰ লগত আছিল গাঁৱৰ এজন ডেকা। সিয়ে জাভেদৰ বাপেকক মাত লগালে। বাপেক মাত শুনি ওলাই আহিল। পিচে পিচে এজনী গাভৰু, এজনী মহিলা। পূৰ্বৰ ধাৰণাৰ ভিত্তিত অনুমান কৰিলোঁ এজনী ভনীয়েক, আনজনী মাকে হ’ব।

— ক’। এখেত?

— ৰিপ’ৰ্টাৰ। তোৰ লগত কথা পাতিব বিচাৰিছে।

গাভৰু ছোৱালীজনীয়ে এখন ভঙা প্লাষ্টিকৰ চকী আনি দিলে

— হ’ব, হ’ব, ঠিক আছে।

— কি কথা আছে, সোধক।

— আপোনাৰ ল’ৰাটো, মানে ঘটনাটো সম্পৰ্কে আপুনি…

— সকলোৱে জানেই। ম’বাইল টিভিত বাজিয়ে আছে। মোৰ বেলেগ কথা নাই।

— ল’ৰাটোৱে সেইটো সঁচাকৈয়ে কৰা বুলি আপুনি বিশ্বাস…

— বিশ্বাস অবিশ্বাসৰ কথা নাই। ৰাইজে যি কৈ আছে সেয়াই সত্য হ’ব। ঘটনাটো ঘটাৰ সময়ত মই ঘৰতে নাছিলোঁ। সমবায়ৰ ফিচাৰিত লাগি আছিলোঁ। নতুনকৈ মাছৰ পোনা মেলিব লাগে। পুৰণি মাছ উঠাব লাগে। দুটামান বেপাৰীৰ আহিছিল, সিহঁতৰ লগত কথা পাতি আছিলোঁ। ৰাতিয়ে হৈছিল। সমবায়ৰ চলিকেইটা অহা কথা আছিল। হঠাৎ কোনোবাই খবৰ দিলে। ঘৰলৈ আহিলোঁ। ইতিমধ্যে হাহাকাৰ লাগিছিলে। মই ইহঁতক দুটাক তাৰ কথা সুধিলোঁ। ছোৱালীজনীয়ে দুপৰীয়া ভাত খায়ে ওলাই যোৱা বুলি ক’লে। ৰাতি বাহিৰতে বহি আছিলোঁ। এনেতে মোৰ ভতিজা এটাই আহি ক’লে তহঁত ইয়াত থাকিব নালাগে। বেলেগলৈ যাগৈ। ক’ত যাম ৰাতি। সমবায়ৰ ফিচাৰিতে এটা সৰু চাং ঘৰ আছিল। ৰাতি তাতে থাকিলোঁ। আন্ধাৰে-মুধাৰে, মহে দাহে একাকাৰ। ৰাতিপুৱা গম পালো ডাঙৰক মানে জাভেদক পুলিচে ধৰিছে আৰু ৰাতি আমাৰ ঘৰ পুৰি চাফা হৈ গৈছে। ভয়তে তাৰ পৰা ওলাই অহা নাছিলোঁ। সমবায়ৰ চলিকেইটাই গম পাইছিল। সিহঁতে আমাৰ প্ৰাণ বচালে। খোৱা-লোৱাৰ সুবিধা কৰি দিলে। সিদিনা দুপৰীয়া গম পালোঁ পুলিচৰ গাড়ীৰ পৰা পলাব খোজোঁতেই সি জখম হৈছে। চিভিল হাস্পতাললৈ নিছে। পিছদিনা পুৱাই গমেই পালোঁ কথাটো। সি আৰু নাই । শেষ। তাৰ পিছত আৰু কি বাকী থাকিল। ইয়ালৈ আহিলো। কিনো আৰু লুকাই থাকিম। জানাজা সম্পন্ন কৰিলোঁ।

— সঁচাকৈয়ে জাভেদে…

— সিয়ে হয়, সিয়ে। দোষ কৰিছে শাস্তি পাইছে।

বাপেক মাটিতে বহি পৰিল। জাভেদৰ মাকে মানুহজনক সামৰি লব চেষ্টা কৰিলে। ভনীয়েকে ঘৰটোত দুৱাৰমুখত পৰ্দাৰ দৰে আৰি থোৱা কাপোৰখনত মুখ ঢাকি ফেকুৰি উঠিল। মুখত অস্ফুট মাত ‘দাদা ঐ, দাদা ঐ’।

(৮)

— অসভ্য। ইহঁতৰ মান সন্মান নাই। জংঘলে-মঙ্গলে কিমান দিন কিমানে দেখিছে। ছোৱালীজনী কম নেকি? ভালে হৈছে। বংশৰ দুৰ্নাম। যি ড্ৰেছ। এটাৰে নহয়ে, সাতটা মানৰ লগত আছে তাইৰ। আজি আৰ, কালি তাৰ বাইকৰ পাছত ঘূৰি ফুৰে। ৰাতি দিন নাই। ৰাতি ৰাতি ছোৱালীয়ে ঘূৰি ফুৰা কি স্বভাৱ। গাত হালি-জালি কথা নাপাতিলে নহয়ে। পাইছে এতিয়া। এই জাতিটোৰ লগত সম্পৰ্ক নকৰিলে ইহঁতৰ নচলে। ভালকৈ পাইছে। কোনো সংস্কাৰ নাই। মাক বাপেকৰ দোষ।

(৯)

— কোনে দেখিছিল?

— কোনোৱে মাৰি থকা দেখা নাই।

— তেনে জাভেদক কিয় সন্দেহ কৰা হʼল।

— তাক ঘটনাটোৰ কিছু সময় আগলৈকে চাইকেল এখন লৈ তাত ৰৈ থকা দেখা গৈছিল। দুই এজনে সোধোঁতে সি কাৰোবালৈ ৰৈ থকা বুলি কৈছিল। দুয়োৰে মাজত সম্পৰ্ক আছিল। এইটো সকলোৱে জানে।

— তুমি জানিছিলা?

— উম, জানিছিলোঁ।

— কিন্তু এতিয়া সম্পৰ্কটো আগৰদৰে নাছিল। মই জনামতে তাক এদিন বহু কেইটা ল’ৰাই বাট আগচি ভাবুকি দিছিল। তাইকো দিছিল। এনেই জাভেদ ভয় খোৱা ল’ৰা নহয়। কিন্তু কিয় জানো এইটো ক্ষেত্ৰত সি বৰ ভয় খাইছিল।

— তেনে তাক কিয় সন্দেহ কৰা হʼল।

— তাৰ চাইকেলখন ঘটনাটোৰ কাষতে পোৱা গৈছিল। তাৰ পাছত সি নোহোৱা হৈছিল। পুলিচে ধৰাৰ আগতে তাক কোনোৱে আৰু দেখা নাছিল। গোটেই গাত জখম আছিল। আৰু মাথাটোৰ পিছফালে নায়েই। বোধহয় জীপৰ পৰা জাপ মাৰোতে…

ল’ৰাজনৰ মাতটো কঁপি উঠিল আৰু নাকেৰে ঘোৰ্ঘোৰণি শব্দ ওলাল।

(১০)

— ধেই, আপুনিও আৰু। তথ্যৰ বিশ্লেষণ হ’ব লাগিব না।

— আপুনি কি ভাৱে

— মাৰ্দাৰ।

— জাভেদে?

— ক’ত জাভেদে। ঘটনাটো জেগাত প্লেচ কৰি দিছে আৰু মাইলেচ লৈ লৈছে। কথা ইমান। এক গুলিত দুই চিকাৰ এনে কথা এটা আছে নহয় পিচে দুই চিকাৰ নহয় বহু চিকাৰ হৈ গৈছে। কোনে মাথা মাৰিব। যি বজাব দিয়া হৈছে, যিবোৰ বাজি আছে দিনে নিশাই মানুহে তাকেই গিলি আছে। যাৰ কথাবোৰ এনেদৰে হজম হোৱা নাই সেইবোৰো বহি আছে। দুই এটাই ক্ষীণ কণ্ঠত কিবা এটা কৈছে। কোনে শুনে। ভাইৰেল কৰাৰো মেকানিজিম আছে, টেকনিক আছে, টিম আছে।

— এতিয়া কি কৰিব আপোনালোকে। কিবা…

— একো নকৰো, কি কৰিব আছে। অলগৰ্ধ য’ত সব। নিজৰ বাপেকৰো দম নাই যে  ঘটনাটোৰ বিৰুদ্ধে কিবা কথা ক’ব। বাকী বাদ দিয়ক। বেচেৰা জাভেদ, ছোৱালীজনী আৰু তাইৰ লগৰ লৰাটো এনেই মৰিল। এনেই মানে কি আৰু কাৰোবাৰ লাভেই লাভ।

— এইবোৰ কথা কাৰোবাক আগতে কৈছে নে?

— কৈছোঁ, কোনে শুনে। ৰাতি ৰাতি মোৰ ঘৰত দস্যু কেইটামানে শিল দলিয়াই আছিল। কি কৰিব। ক’বলৈ বাদ দিয়া নাই। কৈয়ে আছোঁ। কেইটামানে মোক ভয় ভাবুকি দিছিল। ভয় কৰা ভকত মই নহয়।

— পুলিচৰ ভূমিকা।

— এইবোৰ অ’পেন ছিক্ৰেট। মোৰ ধাৰণা জীৱন্ত অৱস্থাত পুলিচে কাকো পোৱা নাই।

— কোনে?

— যিয়ে আটাইতকৈ বেছি মাইলেচ পাব, যাৰ আটাইতকৈ লাভ হ’ব। এইবোৰ লক্ষ্য কৰি থাকিব লাগিব। তেতিয়াই আপুনি সত্যৰ কাষ চাপিব। কিন্তু এই সত্যৰ কোনো কাম নাই। মূল চালিকা শক্তি হʼল নেৰেটিভটো, সত্যটো নহয়। নেৰেটিভটো কোনে, কেনেদৰে আৰু কিয় তৈয়াৰ কৰে  সেয়াটো স্পষ্ট‌ই।

(১১)

— আগতে কেতিয়াও হোৱা নাই, আপুনি ক‌ওক। প্ৰেমত সন্দেহ, হিংসা, পুৰুষতান্ত্ৰিকতা এই সকলোবোৰ নোহোৱা প্ৰেম আপুনি কম দেখিব। এনেদৰে কিমান হত্যা হৈছে । আপোনাৰ অগণন। মানসিক হত্যাৰ কথা কʼব‌ই নালাগে। কিন্তু কিছুমান হত্যাইহে দেশ তল-ওপৰ কৰে। কিয়? আপুনি এইবোৰ ভাবিব। আৰু লিখিব। আৰু মোৰ ক’বলগীয় নাই।

(১২)

— হেল্ল’! হয়। কোৱা?

— ক’ত এতিয়া?

— ইয়াতে, চাৰিআলি এটাত ৰৈ আছোঁ। কি পাও চাওঁচোন। সৰু সৰু গাড়ী চলে। তুমি ক’ত?

— ম…ই।

বিভিন্ন গাড়ীৰ আৱাজ। হৰ্ণৰ শব্দ। বতাহৰ শোঁ শোঁৱনীত তাইৰ কথাবোৰ একো বুজা নাযায়।

— কোৱা, একো বুজি পোৱা নাই। ইমান ন‌ইজ।

— এতিয়া শু-নি-ছা-নে?

— ভালদৰে শুনা নাই।

কিছু সময় বিৰতি

— এতিয়া!

— ক্লিয়েৰ হোৱা নাই কিন্তু বতাহৰ শব্দ নাই।

— ৰৈ দিছোঁ। তথাপিও শুনা নাই?

— বিভিন্ন আৱাজ আহি আছে।

— এই ডালত ঠগিলে বুজিছা। কি চাই যে নেকবেণ্ড ডাল অৰ্ডাৰ কৰি আনিলো। ইয়াত কোনো ANC নাই।

— কি?

— ধেই, Active Noise Cancellation বাবা ANC। শুনিবলগীয়া যি সেয়া নুশুনি। ন‌ইজত আচল কথাবোৰ হেৰায় থাকে। কি কাৰবাৰ।।

— Hybrid ANC নাথাকিলে ইমান বেছি ন‌ইজ প্ৰতিৰোধ কৰা সহজ নহয়।

ফোনটো কাটি গ’ল।

 কেতিয়াবা কিছুমান ফটো ভিনটেজ ধৰণৰ বিশ্বাসযোগ্যতা আৰোপ কৰিবলৈ নইজ সৃষ্টি কৰা হয়। মৰ্ফি (Morphing) কৰি কৰি কিযে প্ৰতিষ্ঠা কৰা হয়। সেই কথাটোৱে তাৰ সেই মুহূৰ্তত মনলৈ আহিল।

Leave a Reply

Your email address will not be published. Required fields are marked *