গল্প-কবিতা

গান্ধীৰ পুতলা ।। আকাংক্ষা গগৈ

মুক্ত চিন্তা। দ্বাদশ বছৰ। প্ৰথম সংখ্যা

তোমাৰ খিৰিকীমুখৰ দেৱালত
কৰাল বন্ধা ৰঙা দাগ
তুমি দেখিছা,
ছিটিকি, নিগৰি, গোট মৰা তেজ
আৰু কৈছা,
এইয়া এবষ্ট্ৰেক্ট আৰ্ট,
চিত্ৰকৰ চাগে অখ্যাত।

তোমাৰ খিৰিকীমুখৰ দেৱালত
বাপুকণৰ দেউতাকে লগাইছে
ইলেকচনৰ প’ষ্টাৰ
তুমি শুনিছা,
গামোছা বন্ধা পেটৰ কুৰকুৰণি, আৰু
মহাজনৰ বলীয়ান হুংকাৰ
তুমি নিজক বুজাইছা,
এইয়া সময় নহয় আমাৰ।

তোমাৰ খিৰিকীমুখত
সৌৱা ভোক হৰতাল
অন্যায়ী পক্ষ নিমাত, নিতাল
জৰ্জৰিত জনতাই তোমাৰ অভিমত বিচাৰে,
তুমি কৈছা –
লাভ নাই একো,
নিজা জীৱন জীয়াই ভাল।

তুমি দেখিছা।
তুমি শুনিছা।
তুমি কৈছা।

তুমি মূক, তুমি বধিৰ, তুমি অন্ধ
এইয়া গান্ধীৰ দেশ
গান্ধীৰ পুতলা,
আমি ভণ্ড।

One thought on “গান্ধীৰ পুতলা ।। আকাংক্ষা গগৈ”

  • কবিতাটোৱে সমাজৰ অন্যায়, শোষণ আৰু ক্ষুধাৰ সন্মুখত আমাৰ নীৰৱতা আৰু উদাসীনতাক অতি তীক্ষ্ণভাৱে প্ৰতিফলিত কৰিছে। “তুমি মূক, তুমি বধিৰ, তুমি অন্ধ”—এই পংক্তিকেইটাই যেন সমগ্ৰ কবিতাটোৰ দাপোন। পঢ়ি শেষ কৰাৰ পাছতো প্ৰশ্ন এটা মনত ৰৈ যায়—অন্যায় দেখি নীৰৱ হৈ থকাটোও জানো এক প্ৰকাৰৰ ভণ্ডামি নহয়? শক্তিশালী আৰু চিন্তনীয় কবিতা।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *