সীমাৰেখা মোহাৰি – ‘মেঘ থম থম কৰে……’।। কল্যাণী কোঁৱৰ
মুক্ত চিন্তা।দ্বাদশ বছৰ। ১ম সংখ্যা
ড° ভূপেন হাজৰিকা দেৱৰ অনবদ্য সৃষ্টি ‘বুকু হম হম কৰে’ গীতটিৰ একে সুৰত আৰু সেই একে আবেদনক পৰিস্ফুট কৰা বাংলা গীত- ‘মেঘ থম থম কৰে’। এই জনপ্ৰিয় আৰু ঐতিহাসিক বাংলা গীতটোৰ শিল্পী তথা সুৰকাৰ ভূপেন হাজৰিকা। গীতিকাৰ শিৱদাস বন্দ্যোপাধ্যায়। এই গীতটো বিখ্যাত চলচ্চিত্ৰকাৰ আলমগীৰ কবিৰৰ নিৰ্দেশনাত ১৯৭৭ চনত মুক্তি লাভ কৰা বাংলা চলচ্চিত্ৰ ‘সীমানা পেৰিয়ে’ ৰ এটি গীত। চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছে ভূপেন হাজৰিকা দেৱে। ‘সীমানা পেৰিয়ে’ আলমগীৰ কবিৰ আৰু ভূপেন হাজৰিকা যুটিৰ অনবদ্য সৃষ্টি বুলি ক’ব পাৰি। অৱশ্যে এই লেখাটোত চলচ্চিত্ৰখনৰ বিষয়ে আলোচনা কৰিব খোজা নাই। ‘মেঘ থম থম কৰে’ গীতটিৰ কথা, সুৰ আৰু গায়কীয়ে মোৰ দৰে ভূপেন্দ্ৰ সংগীতৰ এগৰাকী সহজ আৰু সাধাৰণ শ্ৰোতাৰ মনটোত দোলা দিয়া কিছু অনুভৱ আৰু উপলব্ধি পাঠকৰ সৈতে বিনিময় কৰিব খুজিছোঁ।
এই গীতটোত জীৱনৰ নিঃসঙ্গতা, অসহায়বোধ, প্ৰকৃতিৰ ৰূপ আৰু মানুহৰ জীৱনত ভঙা আৰু গঢ়াৰ অন্তহীন যুঁজৰ ছবিখন স্পষ্ট হৈ উঠিছে। গীতটোত পুৰণিক বিদায় দি নতুন সম্ভাৱনাক আকোৱালি লোৱাৰ আহ্বান আছে, আশা আছে। গীতটো শুনিলে জীৱনৰ বিশালতাক বুজি উঠাৰ উপলব্ধিৰে মন আৱেশিত হয়। ভূপেন দাৰ কণ্ঠই গীতটোৰ প্ৰতিটো শব্দ যি অনুভৱেৰে প্ৰকাশ কৰিছে সি গীতটোৰ চিৰন্তন সজীৱতা বহন কৰে আৰু শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি ৰাখে। ‘মেঘ থম থম কৰে’ গীতটোৰ কথা চলচ্চিত্ৰ ‘সীমানা পেৰিয়ে’ ৰ কাহিনীৰ দাবীত সৃষ্টি হৈছে।
১৯৭০ চনত বাংলাদেশত হোৱা ধ্বংসাত্মক ঘূৰ্ণীবতাহৰ তিনিমাহ মানৰ পাছত এটা বিচ্ছিন্ন দ্বীপত প্ৰায় আদিম অৱস্থাত উদ্ধাৰ হৈছিল এহাল নাৰী-পুৰুষ। এই খবৰটো সাধাৰণ মানুহৰ বাবে এটা অলৌকিক ঘটনা হিচাপে পৰিগণিত হৈছিল। কিন্তু এই খবৰটোক এটা সমাজতাত্বিক প্ৰশ্ন হিচাপে ৰাখি আলমগীৰ কবিৰে চলচ্চিত্ৰৰ কাহিনীটো নিৰ্মাণ কৰিছিল। নাৰীগৰাকী অভিজাত ধনী পৰিয়ালৰ আৰু পুৰুষজন নিম্ন শ্ৰেণীৰ প্ৰান্তীয় পৰিয়ালৰ, যাৰ মাজত প্ৰজন্ম জুৰি বৰ্তি আছে ধনী-দুখীয়াৰ সেই বিশাল প্ৰাচীৰ। তেনে এহাল নাৰী-পুৰুষক প্ৰাকৃতিক দুৰ্যোগে যদি এক আদিম অৱস্থালৈ লৈ যায় য’ত সমাজে নিৰ্মাণ কৰি দিয়া বাধা-প্ৰাচীৰ সাময়িকভাৱে নাইকিয়া হৈ যায়। সিহঁত উদ্ধাৰ হয়, পুনৰ সেই বৈষম্যপূৰ্ণ সমাজলৈ সিহঁতক চোচৰাই নিয়া হয়। কিন্তু সকলো নিষ্ঠুৰ সামাজিক নিয়ম তথা পক্ষপাতিত্ব ভংগ কৰি, পাৰস্পৰিক প্ৰতিশ্ৰুতিৰে সিহঁতি একেলগে থকাৰ সিদ্ধান্ত লয়।
গীতটোৰ
“মেঘ থম থম কৰে কেউ নেই নেই,
জল থৈ থৈ কৰে কিছু নেই নেই।” – পংক্তিটোত অনুভৱ হয় মেঘে উন্দোলাই অনা এক গহীন ভাৱ, বৰ্ষাৰ বৃষ্টিৰ শূন্যতা আৰু একাকীত্ব। এনে লাগে যেন মানুহৰ ব্যক্তি জীৱনৰ কোনো পৰিস্থিতি সাপেক্ষে মনলৈ অহা নিসংগতাৰ অনুভৱ উপলব্ধি কৰিব পৰাকৈ গীতৰ কথাত সুৰ আৰোপিত হৈছে আৰু কন্ঠস্বৰৰ ৰূপান্তৰ ঘটিছে।
“ভাঙ্গনেৰ যে নেই পাৰাপাৰ,
তুমি আমি সব একাকাৰ।” –
মানুহৰ জীৱনলৈ অহা যিকোনো ভাঙোন, সংকট বা বিপদৰ সন্মুখত উচ-নীচ, ধনী- দুখীয়াৰ মাজত পাৰ্থক্য নাইকিয়া হৈ যায়। মানৱ জীৱনৰ চিৰাচৰিত ঘটনাই যি অনুভূতি জাগ্ৰত কৰে, সি যেনেদৰে ভেদাভেদ নাৰাখে ঠিক তেনেদৰে প্ৰাকৃতিক প্ৰলয়েও বিভিন্ন শ্ৰেণীত বিভক্ত এখন সমাজক ধ্বংসৰ কৰাল গ্ৰাসেৰে যেন একাকাৰ কৰি পেলায়।
“কোথায় জানি না, কি ছিল যে কোথায়,
সীমানা পেৰিয়ে সব মিশে যেতে চায়।” –
গীতৰ এই পংক্তিটো শুনিলে এনে লাগে- ক’ত যে কি হৈ গ’ল, ক’ৰ পৰা সেই বিভেদৰ বীজ ৰোপণ হ’ল! প্ৰকৃতিৰ সন্তান মানৱ, সকলোতে একে। ভূপেন হাজৰিকাৰ কথাৰে ক’ব পাৰি – আমি এনে এজন মানুহ পাম জানো, যাৰ ৰক্ত বগা হ’ব? জাতি,বৰ্ণ, ধৰ্ম নিৰ্বিশেষে, সীমাৰ এইপাৰে হওক বা সিপাৰে হওক সেই একে মানুহৰ দুখ, বেদনা আৰু যন্ত্ৰণা। তেনে সেই ৰেখা মোহাৰি, সীমা অতিক্ৰম কৰি আমি সকলো মিলি এক হৈ যোৱাৰ মন। সভ্যতাৰ ইতিহাসত সদায়েই সীমা বা ৰেখা টনা হয় আনৰ অধিকাৰ কাঢ়ি লোৱাৰ স্বাৰ্থত আৰু ইয়াত গীতটোত সেই সীমাৰেখা মোহাৰি পেলোৱাৰ কথা আছে। এই সৰু এটা পংক্তিত মানৱ মুক্তিৰ চিৰন্তন আহ্বান অনুভৱ কৰিব পাৰি। সেইদৰে প্ৰেমত আকূল এহাল নাৰী-পুৰুষৰ মনৰ অৱস্থাকো একে গভীৰতাৰে অনুভৱ কৰিব পাৰি। সেই চিৰন্তন আকূলতা আৰু আহ্বান উপলব্ধি কৰাৰ পাছতো সমাজ-বাস্তৱতাত আকৌ অনিশ্চয়তা আৰু শূন্যতাই গ্ৰাস কৰে। অমানিশাৰ আন্ধাৰে যেনেকৈ ইপাৰ-সিপাৰ একো মনিব নোৱৰা কৰে, ঠিক তেনেকৈ অনিশ্চয়তাই সকলোকে অন্ধকাৰলৈ নিক্ষেপ কৰে-
“মেঘ থম থম কৰে কেউ নেই নেই,
জল থৈ থৈ কৰে কিছু নেই নেই।
আঁধাৰেৰ যে নেই পাৰাপাৰ
তুমি আমি সব একাকাৰ ।”
গীতটোৰ ইয়াৰ পিছৰ পংক্তিত আছে পৰিৱৰ্তন আৰু মুক্তিৰ বাৰ্তা –
“পুৰনো সব নিয়ম ভাঙে অনিয়মেৰ ঝড়
ঝড়ো হাওয়া ভেঙে দিও মিথ্যে তাসেৰ ঘৰ
নতুন মাটিতে আসে ফসলেৰই কাল
আঁধাৰ পেৰিয়ে আসে আগামী সকাল” –
পুৰণি জীৰ্ণ নিয়ম ভাঙি, অতীতৰ মিছা অহংকাৰে নিৰ্মিত তাচপাতৰ ঘৰ ভাঙি, নিয়ম ভঙাৰ নিয়ম প্ৰৱৰ্তন কৰি এক নতুন পৃথিৱী গঢ়াৰ আশা ব্যক্ত হৈছে। মানুহৰ মাজৰ দূৰত্বৰ ব্যৱধান আঁতৰাই নতুন সমাজ গঢ়াৰ সংকল্প আছে। নতুন মাটিত নতুন শস্য সিঁচাৰ সপোনৰ কথা কোৱা হৈছে। আন্ধাৰৰ সীমা অতিক্ৰমি নতুন প্ৰভাতৰ আগমনৰ আহ্বান আছে।
“ৰাত ঘুম ঘুম ভোৰে জাগে ঐ
ৰোদ ঝলমল কৰে দেখ ঐ
বাতাসেৰ যে নেই হাহাকাৰ
পথ নেই যে পথ হাৰাবাৰ
ৰাত ঘুম ঘুম ভোৰে জাগে ঐ” –
ৰাতিৰ অন্ধকাৰৰ দৰে সমাজৰ এলান্ধুকলীয়া নিয়ম ভাঙি নতুনক আদৰাৰ সংকল্পই যেন ৰাতিৰ ঘুমতি ভাঙি উজ্জ্বল ৰ’দে জলমলাই থকা এটি ৰাতিপুৱাৰ অনুভৱ কৰায়। শান্ত শীতল বতাহজাকে মনলৈ প্ৰশান্তি আনে। নতুন পথৰ সন্ধানে এতিয়া আৰু পথ হেৰুওৱাৰ কথা নকয়।
আচলতে এই গীতটোয়ে থুলমূলকৈ চলচ্চিত্ৰখনৰ কাহিনীটোকে যেন ব্যাখ্যা কৰে। গীতটোৰ কথা এটা সহজ আৰু সাধাৰণ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত, সেইয়া হৈছে মানুহৰ মাজৰ পাৰস্পৰিক সন্মান। আমাৰ সমাজ ব্যৱস্থাই বাৰে বাৰে সেই সন্মানত আঘাত কৰে, তাৰ নিজৰ স্বাৰ্থৰ সাপেক্ষে নিৰ্মিত কিছুমান নীতি নিয়মেৰে। সেই তথাকথিত নীতি-নিয়মৰ ফোপোলা স্বৰূপ উদঙাই দিয়ে মানুহৰ জীৱনলৈ অহা কিছুমান জটিল সন্ধিক্ষণে। তেতিয়াহে সাধাৰণ মানুহে উপলব্ধি কৰে ‘মানুহৰ বাবে মানুহ’ ৰ গূঢ়াৰ্থ। কিন্তু শিল্পীৰ দৃষ্টিত, শিল্পীৰ উপলব্ধিত মানৱীয় মূল্যবোধৰ দৰ সদায়েই ওপৰত। সেইবাবেই ভূপেন হাজৰিকা কেৱল গীতিকাৰ, সুৰকাৰ বা সংগীতকাৰ নহয় । তেখেত প্ৰকৃত অৰ্থত এজন গণশিল্পী।
গণশিল্পী ভূপেন হাজৰিকা দেৱে একে সুৰতে সৃষ্টি কৰা – অসমীয়া ভাষাত ‘বুকু হম হম কৰে মোৰ আই’, বাংলা ভাষাত ‘মেঘ থম থম কৰে কেউ নেই নেই’, হিন্দী ভাষাত ‘দিল হুম হুম কৰে ঘবৰায়ে’ এই তিনিটা গীত চলচ্চিত্ৰৰ কাহিনী সাপেক্ষে সৃষ্টি হোৱা গীত। গীত কেইটাৰ অন্তৰালত থকা কাহিনীৰ পটভূমি বেলেগ হোৱাৰ বাবে গীতৰ কথা আৰু তাত সংগত বাদ্যযন্ত্ৰী বেলেগ হৈছে। তদুপৰি হাজৰিকা দেৱৰ জীৱনৰ বেলেগ বেলেগ সময়ত সৃষ্টি হৈছে গীতকেইটা। এই সকলোবোৰ কাৰকে প্ৰতিটো গীতক স্বতন্ত্ৰ কৰাৰ উপৰিও অনন্য কৰি তুলিছে। যিয়ে নহওক, মাথোঁ এই গীত কেইটাই নহয়, ভূপেন হাজৰিকা দেৱৰ আন আন গীতসমূহ আমি বিভিন্ন দিশৰ পৰা আলোচনা, অধ্যয়ন তথা বিশ্লেষণ কৰিব পাৰোঁ। কিন্তু তাৰ আগতে গীতবোৰ শুনি, ‘সংগীত’ৰ সেই চিৰন্তন আৱেশেৰে, ভাষাৰ অন্তৰায়ৰ সীমাৰেখা মোহাৰি নিজৰ অন্তৰাত্মাক উদ্বেলিত কৰি ৰাখোঁ, আহক।
