এগৰাকী কবিৰ জীৱনী।। মূল : মাৰ্ক আইনাৰ :: অনুবাদ : অৰুণ কুমাৰ শৰ্মা
মুক্ত চিন্তা।একাদশ বছৰ।। ৫ম সংখ্যা
চতুৰ্দশ অধ্যায়
এমেৰিকা
তাৰ পাছত বগাই বগাই মাটিৰ চিৰি
ভয়ানক ঘন বন-জংঘলৰ মাজেৰে
আহি পাইছিলোঁ মই তোমাক, হে মাচ্ছু পিচ্ছু।
ঢাপে ঢাপে উঠি যোৱা এখন শিলৰ নগৰ
মেদিনীয়ে ৰাতিৰ চোলাৰ তলত লুকাই নোথোৱা এটি ঘৰ।
মানুহ আৰু বজ্ৰপাতৰ দুটি ৰেখাই সমান্তৰালকৈ মিলিছিল তোমাত,
তোমাৰ কণ্টকিত বতাহৰ দোলনাত।
— “মাচ্ছু পিচ্ছুৰ শিখৰ’’

দ্বিতীয়বাৰ ফ্ৰাঞ্চৰ পৰা ওভতাৰ পথত, নেৰুডা আৰু দেলিয়াই পানামা কেনেল পাৰ হৈ পেৰুৰ ৰাজধানী লিমাত জাহাজৰ পৰা নামিছিল। কাৰণ, তাত তেওঁ এটি নৈশ ভোজমেলত ভাষণ দিয়াৰ বাবে আমন্ত্ৰিত হৈছিল। সেই ৰাতি তেওঁৰ বক্তব্যৰ পৰা এয়া স্পষ্ট হৈ পৰিছিল যে, তেওঁ তেতিয়া ইউৰোপৰ পৰা মনোযোগ আঁতৰাই নিজৰ মহাদেশৰ জনগণ আৰু ইয়াৰ চিত্ৰবিচিত্ৰ সভ্যতা-সংস্কৃতিৰ সৈতে যেন একাত্ম হ’বলৈ ব্যাকুল হৈ পৰিছিল। তেওঁৰ বক্তব্যৰ সাৰমৰ্ম আছিল এনেকুৱা :
“আমি এমেৰিকাৰ জনগণ আজিও এক দৰদহীন ৰুক্ষ জগতত সোমাই আছোঁ; সাক্ষী হিচাপে ভগ্নস্তুপস্বৰূপ পূজ্যপাদ প্ৰাচীন শিলাস্তম্ভবোৰে আমাক ৰিঙিয়াই মাতে যদিও আমি যেন আমাৰ নিৰ্জনতাপূৰ্ণ ৰহস্যময় ভূভাগ সম্পৰ্কে এতিয়াও সন্দেহৰ আৱৰ্তত। অথচ আমি এনে নিৰ্জনতাৰে আমাৰ আশাক উদ্দীপিত কৰি প্ৰতিৰোধ গঢ়ি তোলাৰ বাবে সাজু হ’ব লাগিব, কাৰণ, আজি নহ’লেও কাইলৈ হ’লেও কোনোবাই নহয় কোনোবাই ইতিহাসৰ পাত লুটিয়াই আমাৰ মৌনতাক জবাবদিহি কৰিব।’’
নেৰুডাই এতিয়া, ইনকাৰ দাসসকলে গঢ়ি তোলা মাচ্ছু পিচ্ছুৰ গৌৰৱময় সংগ্ৰামী অধ্যায়ৰ পৰা শিক্ষা লৈ, বৰ্তমানৰ অন্যায় অবিচাৰেৰে ভৰা শোষণ ভিত্তিক সমাজখনৰ উত্তৰণ বিচাৰি, শতাব্দীজোৰা সমগ্ৰ এমেৰিকা মহাদেশৰ সংগ্ৰামৰ মাজত প্ৰোথিত সামগ্ৰিক চেতনাৰ বীজৰ স্ফুৰণ ঘটোৱাৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰিছিল। স্পেইনত তেওঁ ফেচিবাদৰ বিৰুদ্ধে যুঁজিছিল, আৰু লেটিন এমেৰিকাত এই যুঁজ ইয়াৰ ভূমিপুত্ৰ আৰু শ্ৰমিক শ্ৰেণীয়ে সাম্ৰাজ্যবাদৰ বিৰুদ্ধে তেওঁলোকৰ অধিকাৰ ৰক্ষাৰ নিমিত্তে গঢ়ি তুলিব লাগিব বুলি জোৰ দি কৈছিল।
১৯৩৯ চনৰ শেষৰ পিনে নেৰুডা আৰু দেলিয়াই চিলিৰ ছাণ্টিয়াগোৰ মাপুছো ষ্টেছনত উপস্থিত হোৱাত, পুনৰ্বাৰ এক বিশাল সমাৱেশে তেওঁক যশস্বী ব্যক্তি হিচাপে সম্ভাষণ জনাইছিল। কুই হিউবো আলোচনীখনে দাঙি ধৰা বৃত্তান্ত অনুযায়ী, “জনগণৰ কবি পাবলো নেৰুডা দীৰ্ঘজীৱী হওক’’ ধ্বনিৰে আকাশ-বতাহ মুখৰিত কৰি সেই সমাৱেশত গোট খোৱা চিলিৰ বুদ্ধিজীৱী আৰু শ্ৰমিক শ্ৰেণীয়ে, সাধাৰণ লোক আৰু স্পেনিছ শৰণাৰ্থীসকলে, লেখক, ৰাজনীতিবিদ, শিক্ষক, কলাকুশলী আৰু অগণন গুণমুগ্ধই, নেৰুডাই ৰে’লখনৰ পৰা নমাৰ লগেলগে এজন এজনকৈ আগবাঢ়ি গৈ তেওঁক সাবটি ধৰি আলিংগন কৰিছিল।
নেৰুডা আৰু দেলিয়াৰ বাবে এই ওভোতনি যাত্ৰা, তিতা আৰু মিঠা সোৱাদেৰে পৰিপূৰ্ণ আছিল। নেৰুডাৰ ইচ্ছা আছিল স্পেইনৰ সমগ্ৰ শৰণাৰ্থীৰে সংস্থাপন নিশ্চিত কৰা। কিন্তু, তেওঁ তেওঁৰ সপোন পূৰাব নোৱাৰিলে। ইতিমধ্যে ইউৰোপৰ কেম্পে কেম্পে ৰৈ যোৱা শৰণাৰ্থীসকলৰ কিছুমানে মৃত্যু বৰণ কৰিছিল। ফ্ৰেংকোৰ স্পেইনলৈ ওভতাই পঠিওৱাসকলৰ কিছুৱে চৰম দৰিদ্ৰতাক আকোঁৱালি ল’বলগীয়া হৈছিল আৰু আন কিছুৱে কাৰাগাৰৰ জীৱন যাপন কৰিবলগীয়াত পৰিছিল। চিলিৰ চৰকাৰে এই ক্ষেত্ৰত গ্ৰহণ কৰা নিৰপেক্ষ নীতিক তেওঁ সমৰ্থন জনাব পৰা নাছিল।
যিহেতুকে মেক্সিকোৰ নতুন পদৱীত তেওঁ তাৎক্ষণিকভাৱে যোগ দিয়াৰ কথা নাছিল, সেয়ে নেৰুডা আৰু দেলিয়াই, ছাণ্টিয়াগোৰ পৰা পয়সত্তৰ মাইল দূৰৈত অৱস্থিত ইছলা নেগ্রা নামৰ সৰু মাছমৰীয়া গাঁও এখনত কিছুদিন কটাবলৈ মনস্থ কৰিছিল। সাগৰতীৰত ওপৰলৈ মূৰ দাঙি থিয় হৈ, সমুদ্ৰৰ পিনে চাই থকা শিলাখণ্ডটোৰ নামেৰে এই গাঁওখনৰ নাম ইছলা নেগ্রা ৰখা হৈছিল। উক্ত শিলাখণ্ডটোৰ ওপৰতে সজা ঘৰটোৰ প্ৰাকৃতিক সৌন্দৰ্যই তেওঁক বিমোহিত কৰিছিল। কাৰণ, ঘৰটোৰ পৰা দৃশ্যমান প্ৰশান্ত মহাসাগৰখনে ইয়াৰ অগণিত ঢৌবোৰেৰে উপকূলৰ গাতে লাগি থকা দৈত্যকায় খহটা শিলবোৰক অনৱৰত আছাৰি থকা দেখা গৈছিল। তাত বতাহে বতাহে বিয়পি আছিল নিমখ আৰু বালিৰ নিৰ্যাস। সেইদৰে গছৰ ডালে ডালে ফুলি থকা ফুল আৰু গুল্মজাতীয় গছবোৰে ঠাইখিনিৰ সৌন্দৰ্য্যত ৰহণ চৰাইছিল। সঁচাকৈয়ে কবিতা লিখাৰ বাবে এয়া যে এক মনোৰম ঠাই, সেয়া নেৰুডাই মৰ্মে মৰ্মে উপলব্ধি কৰিছিল, আৰু সেই বাবে, নেৰুডা আৰু দেলিয়াই ঘৰটোকে ধৰি মাটিখিনি সমাজবাদী নাবিক এজনৰ পৰা কিনি লৈছিল। কালক্ৰমত ই ইছলা নেগ্ৰা চহৰত পৰিণত হৈছিল।
এতিয়া দম্পতীহালে ইয়াৰ পৰাই ছাণ্টিয়াগোলৈ গৈ তাত অনুষ্ঠিত সামাজিক আৰু ৰাজনৈতিক আলাপ-আলোচনাবোৰত সক্ৰিয়তাৰে অংশ গ্ৰহণ কৰিবলৈ লৈছিল। দেলিয়াৰ জীৱনীকাৰ ফাৰ্ণাণ্ডো ছেৱিজে তেওঁলোকৰ তদানীন্তন কালৰ বিষয়ে এইদৰে লিখিছিল :
দেলিয়াৰ ভূমিকা আছিল ভৱিষ্যতলৈ দৃষ্টি ৰাখি কবিৰ কামত সহযোগ কৰা। কিন্তু তাকে কৰিবলৈ গৈ তেওঁ প্ৰায়ে অশান্তিকৰ পৰিস্থিতিৰ সম্মুখীন হ’বলগীয়াত পৰিছিল। চিলিৰ বন্ধুবৰ্গৰ সৈতে হোৱা বিষয়ভিত্তিক আলোচনা-পৰ্যালোচনা আৰু তৰ্কবিতৰ্কবোৰ তেওঁৰ ভাল লাগিছিল ঠিকেই, কিন্তু অতিৰিক্ত মদ্যপানেৰে ৰমৰমোৱা পাৰ্টিবোৰত তেওঁ জানিব নোখোজা গোপন তথ্যবোৰ প্ৰায়ে প্ৰকাশিত হোৱাত তেওঁ সিবোৰৰ পৰা নিজকে নিলগাই ৰখাতো কৰ্তব্য বুলি বিবেচনা কৰিছিল। মাজে সময়ে তেওঁ তেনে ঘটনাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ গৈ অপ্ৰীতিভাজন হ’লেও সুৰক্ষা কৰ্মীৰ ভূমিকা পালন কৰিবলগীয়া হৈছিল। প্ৰায়ে তেওঁ তেওঁৰ বিৰক্তি আৰু খং প্ৰকাশ কৰি, তাৰপৰা ওলাই আহিছিল যদিও, তেওঁ জানিছিল যে তেওঁৰ অসন্তুষ্টিৰ ইয়াত কোনো মূল্য নাই।
পিছে, এই ধৰণে থিতাপি লগা তেওঁলোকৰ ঘৰুৱা কালছোৱা আছিল তেনেই ক্ষন্তেকীয়া। ১৯৪০ চনৰ জুন মাহৰ ঊনৈছ তাৰিখে, ৰাষ্ট্ৰপতি এগিৰে ছেৰ্দা আৰু নতুন বৈদেশিক মন্ত্ৰী, ক্ৰিষ্টোবেল চায়েঞ্জে নেৰুডাক সচিব পদৰ সলনি চিলিৰ মুখ্য বাণিজ্যদূত হিচাপে মেক্সিকোত নিযুক্তি দি বাৰ্তা প্ৰেৰণ কৰিছিল। তাৰে এমাহ পাছত, বিদায় সম্ভাষণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আদিত যোগদান কৰাৰ অন্তত নেৰুডাই দেলিয়াক লৈ পুনৰ সমুদ্ৰ যাত্ৰাত ভৰি দিছিল।
কেবাদিন জোৰা ভ্ৰমণৰ অন্তত, ১৯৪০ চনৰ একৈছ আগষ্টত তেওঁলোকে মেক্সিকো নগৰী পোৱাত, নেৰুডাই চৰকাৰীভাৱে মেক্সিকোত কাৰ্যভাৰ গ্ৰহণ কৰিছিল, আৰু সিদিনাই উক্ত নগৰীত, ৰাজনৈতিক আশ্ৰয়ত থকা, ষ্টেলিনৰ মুখ্য প্ৰতিদ্বন্দ্বী লিওন ট্ৰটস্কীক আততায়ীয়ে আইচ-পিকেৰে (বৰফ ভঙা কুঠাৰেৰে) হত্যা কৰিছিল। অনেকৰ ধাৰণামতে, ষ্টেলিনে চতুৰালিৰে ট্ৰটস্কীক একাষৰীয়া নকৰালৈকে, ট্ৰটস্কীয়েই আছিল লেনিনৰ উত্তৰসূৰী নেতা। সেয়েহে, ট্ৰটস্কী আৰু তেওঁৰ বহুতো সমৰ্থকে ষ্টেলিনক শাসনৰ পৰা উৎখাত কৰাটো বিচাৰিছিল, যাতে বিসম্বাদী নেতাজনে ছোভিয়েট ইউনিয়নৰ নতুন নেতাস্বৰূপে কাৰ্যভাৰ চম্ভালিব পাৰে। এনে পটভূমিত দেশে-বিদেশে বিসম্বাদীসকলৰ বিৰুদ্ধে ছোভিয়েটে তীব্ৰতৰ কৰা ব্যাপক অভিযানৰ মূল লক্ষ্য হৈ পৰিছিল ট্ৰটস্কী, যিগৰাকী ব্যক্তি ১৯৩০-৪০ চনৰ কালছোৱাত ষ্টেলিনৰ নেতৃত্বত প্ৰচলিত ছোভিয়েট সাম্যবাদী মতাদৰ্শৰ প্ৰতি ভাবুকিস্বৰূপ হৈ পৰিছিল।
বহুতে নেৰুডাক এই হত্যাকাণ্ডৰ সৈতে সাঙুৰিব বিচাৰিছিল, কাৰণ তেওঁ আছিল ষ্টেলিনভক্ত। হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহৰ বাবেই যে নেৰুডাই ১৯৬০ৰ দশকত নোবেল বঁটা পোৱা নাছিল, তাকো বহুতে যুক্তিসহকাৰে প্ৰতিপন্ন কৰিব বিচাৰিছিল। ৱিকলী ষ্টেণ্ডাৰ্ডৰ দৰে গোড়া কাকতখনে ২০০৪ চনত “দুষ্টপ্ৰকৃতিৰ কবি, নিকৃষ্ট মানুহ’’ শিৰোনামেৰে এটি প্ৰবন্ধ প্ৰকাশ কৰিছিল। ষ্টিফেন স্কৱাৰ্টজে আৰু এখোপ আগবাঢ়ি গৈ লিখিছিল যে, নেৰুডাই “আনকি এই হত্যাকাণ্ডৰ ষড়যন্ত্ৰৰ অংশীদাৰ আছিল।’’ ২০০৬ চনত লণ্ডন টাইমছ্ত চলন্ত টিপ্পনী দাঙি ধৰি লেখক অলিভাৰ কেমে উল্লেখ কৰিছিল যে, নেৰুডাই “মাত্ৰাধিক আনুগত্যেৰে ইমানেই ষ্টেলিনভক্ত আছিল যে, চিলিৰ মুখ্য বাণিজ্যদূত হিচাপে ১৯৪০ চনত কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাত ট্ৰটস্কী হত্যাকাণ্ডৰ চক্ৰান্তত লিপ্ত হৈছিল।’’ যিয়েই নহওক, নেৰুডাই মেক্সিকোত আহি উপস্থিত হোৱা বিষয়টোৰ সৈতে হত্যাকাণ্ডৰ কেৱল যে কাকতালীয় সংযোগহে আছিল, তাক তথ্য প্ৰমাণে স্পষ্ট কৰি দিছিল। ট্ৰটস্কীৰ চিঞৰ শুনাৰ পাছত দেহৰক্ষীসকলে দৌৰি গৈ যেতিয়া তেওঁৰ কোঠাত সোমাইছিল, তেতিয়া তেওঁলোকে তাত মাথোঁ এজন ব্যক্তিকেই দেখিছিল আৰু সেইজন আছিল স্বয়ং ছোভিয়েট গুপ্তচৰ বাহিনীৰ প্ৰতিনিধি। নেৰুডাই স্পষ্টকৈ কৈছিল, “ওচৰৰ পৰাই হওক কিম্বা নিলগৰ পৰাই হওক, জীৱিত বা মৃত অৱস্থাতে হওক’’, তেওঁ জীৱনত কোনোদিনে ট্ৰটস্কীক দেখাই নাই।
পিছে, যিয়েই নহওক, চাকৰিত যোগদানৰ পাছতে, নেৰুডাই মেক্সিকোৰ দেৱাল চিত্ৰকৰ ডেভিদ আলফাৰো চিকুৱেৰছৰ পৰা এখন চিঠি পাইছিল। তেওঁলোকৰ প্ৰথম দেখাসাক্ষাৎ হৈছিল বুৱেনছ্ এয়াৰছ্ত আৰু দ্বিতীয়বাৰৰ বাবে তেওঁলোক মিলিত হৈছিল স্পেইনত, যেতিয়া তেওঁ ফ্ৰেংকো বিৰোধী যুঁজত সম্মুখ সমৰত যোগ দিছিল। ১৯৩৯ চনত চিকুৱেৰছে মেক্সিকোলৈ ওভোতাৰ পৰত, সেই দেশৰ ৰাষ্ট্ৰপতি লেজাৰো কৰ্দেনাছৰ অনুগ্ৰহত ৰাজনৈতিক আশ্ৰয়ত থকা ট্ৰটস্কীক হত্যা কৰাৰ বাবে কেজিবিয়ে জাল বিস্তাৰ কৰিছিল। স্পেইনত থাকোঁতে চিকুৱেৰছৰ এজন ৰাছিয়ানৰ সৈতে চিনাকি হৈছিল, যিজন বৰ্তমান কেজিবি বিষয়া হিচাপে ট্ৰটস্কীক হত্যা কৰাৰ আঁচনিৰে মেক্সিকোত নিয়োজিত আছিল। পৰিকল্পনাৰ অংশ হিচাপে এই কেজিবি বিষয়াজনে দুটা বাহিনী গঠন কৰি তাৰে এটাৰ নেতৃত্ব বহনৰ দায়িত্ব চিকুৱেৰছক দিছিল। ১৯৪০ চনৰ মে’ মাহত, আইচপিকৰ ঘটনাই বিশ্ববাসীৰ মনোযোগৰ কেন্দ্ৰবিন্দু হোৱাৰ তিনি মাহ আগৰে পৰাই, আন্তৰ্জাতিকভাৱে প্ৰশংসিত চিত্ৰকৰৰ দলটোৱে তেওঁলোকৰ কামকাজ চলাই লৈ গৈছিল। চিকুৱেৰছে কুৰিজন মেক্সিকান আৰু স্পেনিছ কমিউনিষ্টক লৈ, (যিসকলৰ প্ৰায়ভাগেই গৃহযুদ্ধৰ অভিজ্ঞতাৰে পুষ্ট প্ৰৱীণ লোক আছিল), ট্ৰটস্কীৰ বাসভৱনত অস্ত্ৰশস্ত্ৰেৰে প্ৰবল আক্ৰমণ কৰিছিল, যদিও সেয়া ব্যৰ্থ হৈছিল। তেওঁলোকে দেহৰক্ষী এজনক হত্যা কৰিব পাৰিছিল যদিও, ট্ৰটস্কীৰ ওচৰ চাপিব পৰা নাছিল। পৰৱৰ্তী সময়ত, চিকুৱেৰছক গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু তেওঁ কৰ্তৃপক্ষৰ ওচৰত জবাবদিহি হৈ কৈছিল যে, তেওঁ মেক্সিকো চৰকাৰৰ বিৰুদ্ধে ট্ৰটস্কীয়ে চলোৱা প্রতিবিপ্লৱী কামকাজৰ তথ্য সংগ্ৰহৰ বাবেহে তালৈ গৈছিল, হত্যাৰ পৰিকল্পনাৰে যোৱা নাছিল। মেক্সিকোৰ চৰকাৰে চিকুৱেৰছৰ কথাৰ ওপৰত ভিত্তি কৰি তেওঁক জামিনত মুকলি কৰি দিছিল যদিও মোকৰ্দমা চলি আছিল। দেৱাল চিত্ৰকৰজনে আদালতৰ শুনানিত উপস্থিত নহৈ পৰ্বতে-কন্দৰে পলাই ফুৰিছিল। এনে অৱস্থাত, নেৰুডাই তেওঁৰ পদৱীত যোগ দিয়াৰ সময়ত তেওঁ চিকুৱেৰছৰ পৰা এটি সৰু বাৰ্তা পাইছিল। বাৰ্তাটোত লিখা আছিল:
“আদালতৰ তলবৰ পৰা পলাই থাকিবলগীয়া মই, চিকুৱেৰছে আপোনাক আদৰণি আলিংগন জনাব নোৱাৰি অতিশয় দুঃখিত। যিয়েই নহওক, এতিয়া মই আপোনাক কাকূতি কৰিছোঁ, যাতে আপুনি, এঞ্জেলিকাই ক’ব বিচৰা কথাখিনি মনোযোগেৰে শুনে….’’
চিকুৱেৰছৰ দ্বিতীয়া পত্নী, এঞ্জেলিকা এৰিনেলে নেৰুডাৰ পৰা কি বিচাৰিছিল, সেয়া অজানা থাকিল যদিও, ইয়াৰ কিছুদিন পাছতে চিত্ৰকৰজন গ্ৰেপ্তাৰ হৈছিল। অকণো কুণ্ঠিত নোহোৱাকৈ নেৰুডাই তেওঁক মুকলি হোৱাত সহায় কৰিছিল।
ট্ৰটস্কী হত্যাকাণ্ডত নেৰুডাৰ হাত থকা বুলি কিছুমানে দাবী কৰিলেও, তথ্য-প্ৰমাণে কিন্তু সেয়া সাব্যস্ত কৰিব নোৱাৰিলে। অৱশ্যে এয়াও অনস্বীকাৰ্য যে, তেওঁ এগৰাকী অবিচলিতভাৱে ষ্টেলিনপন্থী হোৱাৰ পথত অগ্ৰসৰ হৈছিল। উক্ত ঘটনাৰ পৰাই চিকুৱেৰছ আৰু নেৰুডাৰ মাজৰ বন্ধুত্বই চিৰস্থায়ী ৰূপ পৰিগ্ৰহণ কৰিছিল। এনেদৰে, ষ্টেলিনবাদ, সাম্যবাদ আৰু বাঁওপন্থী মতবাদৰ সমৰ্থক হ’বলৈ গৈ তেওঁ সেই সময়ৰ মহান কলাকাৰ আৰু বুদ্ধিজীৱীসকলৰ সৈতে ভ্ৰাতৃত্বৰ দোলেৰে বান্ধ খাই পৰিছিল।
*
নেৰুডা আৰু দেলিয়াই পূৰ্বৰ বাণিজ্য দূতৰ কাৰ্যালয়টো আহল-বহল এবেনিদা ব্ৰাছিললৈ স্থানান্তৰ কৰিছিল আৰু তাতেই তেওঁ তেওঁৰ বাসস্থানৰ ওচৰতে, চিলি আৰু মেক্সিকোৰ ছাত্ৰসকলে পঢ়িব পৰাকৈ এটি লাইব্ৰেৰী প্ৰতিষ্ঠা কৰিছিল। অতি শীঘ্ৰে, কবি-বাণিজ্যদূতগৰাকীৰ যশস্যা চাৰিওপিনে ফাটিফুটি পৰাত, মেক্সিকোৰ কলাকাৰ, বুদ্ধিজীৱী আৰু বাঁওপন্থী কৰ্মীসকলৰ সৈতে তেওঁৰ নকৈ বন্ধুত্ব গঢ়ি উঠিছিল। স্পেইনৰ গৃহযুদ্ধৰ পৰা পলাই আহি ইয়াত নিগাজীকৈ থাকিবলৈ লোৱা বহু পুৰণি বন্ধুৰ সৈতে নেৰুডা আৰু দেলিয়াৰ নতুনকৈ পুনৰ চা-চিনাকি হৈছিল। তেওঁলোকে ভাড়ালৈ লোৱা কালে ৰেভিল্লাহিহেদো এপাৰ্টমেণ্টটো সামাজিক কামকাজৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছিল। মেক্সিকোৰ নাট্যকাৰ ৱিলবেৰ্তো কেণ্টনে কোৱামতে, নানাৰঙী শামুকৰ খোলাৰ সংগ্ৰহেৰে দেখনিয়াৰ কৰি ৰখা এপাৰ্টমেণ্টটোত নেৰুডাক সদায় মুকলি মনে হাঁহি থকা দেখিছিলোঁ। এপাৰ্টমেণ্টৰ বেৰ শোভা কৰি আছিল তিনিখন অংকিত চিত্ৰই। ইয়াৰে এখন তৈলচিত্ৰ আছিল, সোতৰ শতিকাৰ মহান কবি আৰু স্পেইনৰ সোণালী যুগৰ নাট্যকাৰ লোপে দা ভেগাৰ আৰু আনখন আছিল ফেডেৰিকো গাৰ্ছিয়া লোৰকাৰ।
নেৰুডা আৰু দেলিয়াই পাছত কয়োকানত থকা এটি প্ৰকাণ্ড ভিলাত থাকিবলৈ লৈছিল। য’তেই নাথাকক কিয়, সঘনাই মহোৎসৱ পতাটো আছিল তেওঁৰ জীৱনৰ এৰাব নোৱাৰা কাৰ্যসূচীৰ অন্তৰ্গত বিষয়। মাজেসময়ে তেওঁ ফেঁচাৰ ৰূপত আৱিৰ্ভূত হৈছিল, কেতিয়াবা তেওঁ আকৌ অগ্নিনিৰ্বাপক বাহিনীৰ লোক, অথবা সেনাধ্যক্ষ কিম্বা ট্ৰেইন টিকট কালেক্টৰৰ ভাওত অৱতীৰ্ণ হৈ সমজুৱাৰ মাজে মাজে ঘূৰি টিকট পৰীক্ষা কৰিছিল (তেওঁৰ উপন্যাসিক বন্ধু আন্দ্ৰে হেনিস্তোছাৰ মতে, নেৰুডাই নিজৰ কুশ্ৰীতাক ঢকাৰ বাবেই তেনে কৰিছিল)। এবাৰ হেনিস্তোছাৰ জীয়েকৰ খ্ৰীষ্টধৰ্মত শৰণ লোৱা কাৰ্য উপলক্ষে আটাইতকৈ ডাঙৰ মহোৎসৱৰ আয়োজন কৰা হৈছিল। চাৰিশ অতিথিয়ে অংশগ্ৰহণ কৰা এই মহোৎসৱ দুদিন ধৰি চলিছিল আৰু দুয়োদিনে অতিথিবৃন্দই মদ্যপান কৰি নাচিবাগি, গান গাই আনন্দৰ আতিশয্যত উত্ৰাৱল হৈ নেৰুডাৰ বাগিচাৰ গছে গছে বগাই ফুৰিছিল। ই ইমানেই হুলস্থূলীয়া হৈছিল যে খঙতে জ্বলিপকি ভিলাৰ মালিকে তেওঁলোকক ঘৰ এৰি দিবলৈ নিৰ্দেশ দিয়াত তেওঁলোকে গ্ৰেণ্ড পেছিও দা লা ৰিফৰ্মাৰ ওচৰৰ এপাৰ্টমেণ্টলৈ বাসস্থান সলনি কৰিবলগীয়া হৈছিল।
যেতিয়া ৱিলবেৰ্তো কেণ্টনে প্ৰথমবাৰৰ বাবে নেৰুডাৰ কবিতা আবৃত্তি শুনিছিল তেতিয়া তেওঁ তেওঁৰ “নাসিকাৰে উচ্চাৰিত গীতিময় কথনভংগী শুনি আচৰিত হৈছিল : এনে লাগিছিল যেন তেওঁৰ শব্দাংশবোৰত প্ৰতিভাত হৈছিল মধ্যযুগীয় পুৰোহিতৰ সহজ-সৰল আদিম সুৰীয়া কণ্ঠস্বৰ।’’
দিন যোৱাৰ লগে লগে, নেৰুডাই কবিতা আবৃত্তি কিম্বা ভাষণ প্ৰসংগত বাৰে বাৰে উত্থাপন কৰা সমগ্ৰ দক্ষিণ এমেৰিকাৰ জনগণৰ একাত্মতাৰ বিষয়টোক সকলোৱে গুৰুত্ব দিবলৈ লৈছিল। নেচনেল প্ৰিপেয়াৰেটৰী স্কুলত দিয়া ভাষণত তেওঁ মেক্সিকো আৰু চিলিৰ দৰে আপাতদৃষ্টিত বৈসাদৃশ্যৰে পূৰ্ণ দুখন ভনী দেশৰ গভীৰ নৈকট্যৰ কথা দোহাৰি কৈছিল : “একাপুলকো সমুদ্ৰতীৰৰ পৰা আৰম্ভ কৰি দক্ষিণ মেৰু অঞ্চলৰ পুণ্টা ক্ষেত্ৰলৈকে এইযে বিস্তৃত ভূভাগ, ইয়াতেই পৰিব্যাপ্ত হৈ আছে বিভিন্ন জাতি-উপজাতি আৰু বৈচিত্ৰ্যপূৰ্ণ জলবায়ু….মেক্সিকান আৰু চিলিয়ানসকলক ভিন ভিন পৰিৱেশত নিতান্ত অকলশৰীয়া যেন লাগিলেও তেওঁলোকৰ শিপা কিন্তু প্ৰোথিত হৈ আছে একে মহাদেশীয় ভূখণ্ডতে আৰু তাতেই আমি আমাক সন্ধান কৰিব লাগিব : আমি আমাৰ ভোকৰ সন্ধান কৰিব লাগিব শিপাৰ অসন্তুষ্টিৰ মাজত; একেই প্ৰয়োজনীয়তা আৰু একেই বেদনাৰে আমি সন্ধান কৰিব লাগিব এই ভূভাগতে আমাৰ ৰুটিৰ আৰু সত্যৰ; সামগ্ৰিকভাৱে উৎস যদিও একেই, তথাপি আমি আমাৰ নিজৰ নিজৰ ক্ষুদ্ৰ পৰিসৰৰ জাগতিক সংগ্ৰামত ব্ৰতী হ’বলৈ গৈ বিভ্ৰান্ত হওঁ আমাৰ নিজৰেই আপোন ভাইসকলক লৈ, যিসকলৰ সকলোৱে ৰুটিৰ সন্ধানত ব্ৰতী, একেই ৰুটিৰ দাস তেওঁলোকো পৃথিৱীৰ হতভাগা দৰিদ্ৰসকলৰ মাজৰেই একো একোজন।’’
মেক্সিকোতো সোঁপন্থী আৰু বাঁওপন্থীসকলৰ মাজত ঘটা মেৰুবিভাজন, আৰু ফেচিবাদৰ পক্ষে-বিপক্ষে লোৱা অৱস্থানে অধিক বিস্ফোৰক পৰ্যায়লৈ গতি কৰিবলৈ লৈছিল। ১৯৪১ চনৰ জুলাই মাহৰ চব্বিছ তাৰিখে, দক্ষিণ আমেৰিকাৰ মুক্তিদাতা বীৰ, বলিভাৰৰ ১৫৮তম জন্মদিৱস উপলক্ষে, তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই, জাতীয় বিশ্ববিদ্যালয়ৰ আড়ম্বৰপূৰ্ণ ছাইমন বলিভাৰ এম্ফিথিয়েটাৰত অনুষ্ঠিত সভাত নেৰুডাই বক্তব্য ৰাখিবলগীয়া হৈছিল। উল্লেখযোগ্য যে এই হলটোৰ ভিতৰত থকা মঞ্চৰ পাছফালৰ বেৰখন দিয়েগো ৰিভেৰাই অঁকা দেৱালচিত্ৰৰে শোভিত আছিল। সভাত মুখ্য বক্তা হিচাপে স্পেনিছ দাৰ্শনিক জোৱাকিন জিৰাওৱে ভাষণ ৰখাৰ পাছত, সভাপতিৰ আহ্বানমৰ্মে নেৰুডাই মঞ্চলৈ আগবাঢ়িছিল আৰু “বলিভাৰৰ সোঁৱৰণত এটি গান’’ নামৰ স্বৰচিত কবিতাটো গভীৰ প্ৰত্যয়সহকাৰে পাঠ কৰিবলৈ লৈছিল। বলিভাৰৰ বিষয়ে ক’বলৈ গৈ তেওঁ “পৃথিৱীত জনমি, তুমি আমাৰ জনক হৈছিলা’’ বোলা কবিতাটোৰে পাতনি মেলিছিল। নেৰুডাই আবৃত্তি কৰা এই কবিতাটোৰ শেষৰ শাৰীকেইটা আছিল এনেকুৱা :
মাদ্ৰিদত, পঞ্চম ৰেজিমেণ্টৰ
দুৱাৰ-মুখত, এদিন ৰাতিপুৱা হঠাতে মই দীঘলীয়া সময়ৰ বাবে বলিভাৰক লগ পাইছিলোঁ।
হে পিতা, আপুনি আপুনিয়েনে
নে আন কোনোবা, অথবা আপুনিয়েবা কোন?
আৰু পৰ্বতৰ ওপৰৰ সেনা-ছাউনীবোৰৰ পিনে চাই তেওঁ কৈছিল :
“মই প্ৰতি শ বছৰৰ মূৰে মূৰে জাগ্ৰত হওঁ, যেতিয়া মানুহবোৰো জাগ্ৰত হয়।’’
কবিতাটো শুনাৰ পাছত অভিভূত শ্ৰোতামণ্ডলীয়ে নেৰুডাৰ প্ৰশংসাত গদগদ হৈ হাত চাপৰিৰে তেওঁক অভিনন্দন জনোৱাৰ পৰত, পাছফালে বহি থকা কেইজনমান ফেচিবাদৰ সমৰ্থক ডেকাই নেৰুডাৰ কবিতাত স্পেইনৰ উল্লেখ থকা দেখি উত্তেজিত হৈ “স্পেনিছ প্ৰজাতন্ত্ৰ ধ্বংস হওক !’’ “ সৰ্বাধিনায়কৰ জয় হওক’’ ধ্বনি দিবলৈ আৰম্ভ কৰিছিল। তাতেই ক্ষান্ত নাথাকি তেওঁলোকে বিশ্ববিদ্যালয়ৰ মৰ্যদা হানি কৰা বাবে বৰ্বৰ বাঁওপন্থীসকলক অশ্ৰাব্য গালিগালাজ পাৰিছিল।
ঘটনাই অন্যফালে গতি কৰা দেখি বিশ্ববিদ্যালয়ৰ ডীন, নেৰুডা আৰু অন্যান্য অতিথিবৃন্দই খৰখেদাকৈ আগ বাঢ়ি আহিছিল আৰু শ্ৰোতামণ্ডলীৰ অৱশিষ্ট অংশই ফেচিষ্টসকলৰ বিৰুদ্ধে ৰাজকীয়ভাৱে প্ৰত্যক্ষ সংঘৰ্ষত লিপ্ত হৈ তেওঁলোকক হলৰ বাজ কৰি দিছিল। ডীনগৰাকীয়ে ঘটি যোৱা ঘটনাৰ বাবে খেদ প্ৰকাশ কৰি নেৰুডাৰ ওচৰত ক্ষমা বিচাৰিছিল। পাছত, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নেৰুডাৰ কবিতাটো এটি বিশেষ সংস্কৰণত প্ৰকাশ কৰি বহুলভাৱে প্ৰচাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছিল।
*
নেৰুডাই তেওঁৰ বাণিজ্যদূতৰ দায়িত্ব দক্ষতাৰে পালন কৰাৰ লগতে, কবিতা চৰ্চা আৰু সামাজিক কৰ্তব্যসমূহো নিয়াৰিকৈ পালন কৰি যোৱা দেখি চিলিৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰথমাৱস্থাত তেওঁক ভূয়সী প্ৰশংসা কৰিছিল। তেওঁৰ অধ্যৱসায়ত সন্তুষ্ট হৈ মেক্সিকোত কাৰ্যনিৰ্বাহ কৰা চিলিৰ ৰাষ্ট্ৰদূত মেনুৱেল হিদালগো প্লাজাই তেওঁৰ বছৰেকীয়া প্ৰতিবেদনত এইদৰে মন্তব্য দিছিল : “ সন্মানীয় ৰেয়েজে আমাৰ দেশৰ বৌদ্ধিক মূল্যবোধক বিয়পাই দিয়াৰ বাবে বৰ আকৰ্ষণীয় ৰূপত প্ৰচাৰৰ কাৰ্যসূচীসমূহ ৰূপায়ণ কৰাৰ উপৰিও আমাৰ উৎপাদিত পণ্যসামগ্ৰীসমূহ বিপণনৰ ক্ষেত্ৰত বিজ্ঞানসন্মত দৃষ্টিভংগীৰে আগুৱাই নিয়াত সফল হৈছে।’’
কিন্তু ইয়াৰ ঠিক কিছুদিন পাছতে, যেতিয়া তেওঁ আৰাকেনিয়া নামৰ এখন আলোচনী প্ৰকাশ কৰিছিল, তেতিয়া তেওঁ সেই একেই মন্ত্ৰালয়ৰ ৰোষত পৰিছিল। উক্ত আলোচনীখনৰ বেটুপাতত (উজলা) ডাঙৰ ডাঙৰ দাঁতকেইটা উলিয়াই মুকলিমনে হাঁহি থকা মাপুছো তিৰোতা এজনীৰ (চিলিৰ দক্ষিণ অঞ্চলৰ আদিবাসী) ফটো ছপা কৰা কাৰ্যক চিলিৰ মন্ত্ৰালয়ে এক ৰুচি-বিগৰ্হিত কাম বুলি কৈ তেওঁক ভৎৰ্সনা কৰিছিল। তেওঁলোকৰ মতে, ইয়াৰ দ্বাৰা চিলিক বহিৰ্জগতত হেয় প্ৰতিপন্ন কৰা হৈছিল। নেৰুডাই এই বিষয়ে স্মৃতিকথাত লিখিছিল এইদৰে : “ অথচ কোনে নাজানে, আমাৰ ৰাষ্ট্ৰপতি ডন পেড্ৰো এগিৰে ছেৰ্দাৰ মনোৰম আৰু অভিজাত মুখখনত সানমিহলি জাতিসত্তাৰ সকলো বৈশিষ্ট্যই বিদ্যমান।’’ আলোচনীখনৰ এটা সংখ্যা ওলোৱাৰ পাছতে অপমৃত্যু ঘটিছিল।
কিন্ত ইয়াতোকৈ অধিক বিপত্তিয়ে তেওঁৰ বাবে বাট চাই আছিল। ১৯৪১ চনৰ এপ্ৰিলত, তেওঁ জানিব পাৰিছিল যে, মেক্সিকোৰ চৰকাৰে চিকুৱেৰছক জে’লত ৰখাৰ পক্ষপাতী নাছিল। মেক্সিকোৰ ৰাষ্ট্ৰপতি এভিলা কামাছো আছিল প্ৰগতিবাদী দৃষ্টিভংগীৰ, আনহাতে, চিকুৱেৰছ আছিল দেশখনৰ এগৰাকী বিখ্যাত চিত্ৰকৰ। মেক্সিকোৰ চৰকাৰৰ বিভাগীয় কৰ্তাসকলে ধাৰণা কৰিছিল যে, চিকুৱেৰছৰ বন্ধু হিচাপে আৰু এগৰাকী প্ৰভাৱশালী বাণিজ্যদূত হোৱাৰ সুবাদত নেৰুডাই চিত্ৰকৰগৰাকীক চিলিলৈ নিয়াৰ বাবে প্ৰয়োজনীয় ভিছাৰ বন্দৱস্ত কৰিব পাৰিব। ইতিমধ্যে, নেৰুডা আৰু চিকুৱেৰছৰ মাজত ওচৰ সম্পৰ্ক গঢ়ি উঠিছিল। পৰিকল্পনা হৈছিল যে, এজন আমোলাৰ সহযোগত নেৰুডাই চিকুৱেৰছক জে’লৰ কৰা নৈশ আহাৰৰ নিমিত্তে উলিয়াই আনিব আৰু চিলিৰ এখন চহৰীয়া স্কুলত, (যিখন অলপতে হোৱা ভূমিকম্পত ক্ষতিগ্ৰস্ত হৈছিল) চিকুৱেৰছৰ দেৱালচিত্ৰ থকাৰ অজুহাতত ভিছা মঞ্জুৰ কৰিব।
ভবামতে কাম হৈছিল যদিও, চিলিৰ বৈদেশিক মন্ত্ৰালয়ে উক্ত ভিছা বাতিল কৰিবলৈ নেৰুডাক নিৰ্দেশ দিছিল। কবিয়ে, তেওঁৰ কাৰ্যৰ সমৰ্থনত যুক্তি দৰ্শাই, চৰকাৰী নিৰ্দেশ মানিবলৈ অস্বীকাৰ কৰি কেবলবাৰ্তা পঠিয়াইছিল। পাছদিনা, পুনৰ নেৰুডাই ভিছা বাতিলৰ চৰকাৰী নিৰ্দেশেৰে দ্বিতীয় কেবলবাৰ্তা পাইছিল। এইবাৰ নেৰুডাই এখন দীঘলীয়া চিঠি লিখি জনাইছিল যে, চিত্ৰকৰগৰাকীয়ে চিলিৰ নেচনেল মিউজিয়ামৰ সঞ্চালকৰ দ্বাৰা নিমন্ত্ৰিত হৈছে, গতিকে ভিছা বাতিল কৰাৰ প্ৰশ্নই নুঠে। এপ্ৰিল মাহৰ তিনি তাৰিখে, নেৰুডাৰ চিঠিৰ উত্তৰত মন্ত্ৰালয়ে তেওঁৰ কাৰ্যক “সাংঘাতিক বিভ্ৰান্তিকৰ’’ আখ্যা দিছিল। নেৰুডাই ইয়াৰ প্রত্যুত্তৰত চাকৰি ইস্তফা দিয়াৰ কথা ব্যক্ত কৰিছিল। ইপিনে চিকুৱেৰছ আৰু তেওঁৰ পত্নী এঞ্জেলিকা এৰিনেলে চিলিৰ পথত ভৰি দিছিল। তেওঁলোকক দুমাহ থাকিবলৈ অনুমতি দিয়া হৈছিল। শাস্তি হিচাপে নেৰুডাক এমাহৰ বাবে চাকৰিৰ পৰা নিলম্বিত কৰাৰ উপৰিও উক্ত মাহৰ দৰমহাৰ পৰা বঞ্চিত কৰা হৈছিল।
যদিও কবিয়ে ইতিমধ্যে পদত্যাগপত্ৰ প্ৰেৰণ কৰিছিল, চৰকাৰী নিন্দা আৰু এমাহৰ দৰমহা কৰ্তনৰ নিৰ্দেশ পাই তেওঁ ক্ৰোধান্বিত হৈছিল। নেৰুডাই সেই সময়ত কমিউনিষ্ট পাৰ্টিত যোগ দিয়া নাছিল যদিও, এনে ধৰণৰ প্ৰৰোচনাই তেওঁক ৰাজনৈতিকভাৱে আগতকৈও বেছি সৰৱ হ’বলৈ উদ্গনি দিছিল। ১৯৪১ চনৰ জুন মাহৰ আঠ তাৰিখে, তেওঁ কমিউনিষ্ট পাৰ্টিৰ সম্পাদক, চিনেটৰ কাৰ্লছ কন্ত্ৰেৰা লেবাৰ্কালৈ এইমৰ্মে লিখিছিল :
“মৰমৰ কাৰ্লছ, মোৰ বেলিকা, এইযে ঘটনাবোৰ ঘটিছে, সেই সম্পৰ্কে তুমি ভাবা নেকি যে, এই ধৰণৰ প্ৰৰোচনাবোৰ মই গিলি যাম। পিছে, মোৰ পক্ষে এয়া সম্ভৱপৰ নহয় এই কাৰণেই যে, মোক চাকৰিৰ পৰা নিলম্বিত কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াটোৱে আক্ৰমণাত্মক আৰু অসন্মানজনক। মই এই বিষয়টোক ইমানতে এৰি দিম, নে চিলিলৈ উভতি গৈ তোমাৰ সংগ্ৰামৰ সহযোগী হ’ম।’’
স্পেইনত মৃত্যু বৰণ কৰা কমৰেডসকলৰ চিন্তাই নেৰুডাক বৰকৈ বিব্ৰত কৰি আছিল, আৰু তেওঁ এক সুচিন্তিত অৱস্থান গ্ৰহণ কৰিবলৈ বিয়াকুল হৈ পৰিছিল। তেওঁৰ এয়াও বুজিবলৈ বাকী থকা নাছিল যে, তেওঁৰ বৰ্তমানৰ চাকৰিটো, তেওঁক চিলিৰ ৰাজনীতিৰ পৰা আঁতৰাই ৰখাৰ এক চৰকাৰী কূটকৌশলত বাহিৰে আন একো নহয়।
*
নিলম্বিতকৰণৰ অপমানৰ মাজতে তেওঁ তেওঁৰ মহাদেশখন ভ্ৰমণ কৰিবলৈ ওলাইছিল। কাৰণ, যিমানেই তেওঁ মধ্য আৰু দক্ষিণ এমেৰিকাৰ দেশবোৰ ভ্ৰমণৰ সুযোগ পাইছিল, সিমানেই ইয়াৰ পৰা লব্ধ অভিজ্ঞতাই তেওঁৰ চিন্তা-চেতনা, অন্তৰ্দৃষ্টি আৰু বিবেকক প্ৰভাৱান্বিত কৰিবলৈ সমৰ্থ হৈছিল। তাৰ উপৰি, এই ভ্ৰমণে দেলিয়াৰ সৈতে সম্পৰ্ক সহজ কৰাৰ ক্ষেত্ৰতো অনবদ্য ভূমিকা গ্ৰহণ কৰিছিল। উনুকিয়াবলগীয়া যে, মেক্সিকোত থকা কালৰে পৰা নেৰুডাৰে স’তে দেলিয়াৰ সম্পৰ্ক কিছু পৰিমাণে অশান্তিপূৰ্ণ হৈ পৰিছিল। অনৱৰত পাৰ্টিবোৰক লৈ ৰংৰহইচত ব্যস্ত থকা নেৰুডাক দেলিয়াই নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈছিল। নেৰুডাৰ ল’ৰামতীয়া কাৰবাৰবোৰে দেলিয়াক ইমানেই বিৰক্ত কৰিছিল যে, তেওঁ নেৰুডাৰ ব্যক্তিগত সচিব আৰু কবিতা-সম্পাদনাৰ দায়িত্বও পালন কৰিব নোৱাৰা হৈছিল। কিন্তু ঘৰৰ বাহিৰ ওলালেই তেওঁলোকৰ জীৱন স্বচ্ছন্দময় হৈ পৰিছিল।
তেওঁলোকে গাড়ীৰে গুৱাটেমালা অভিমুখে অগ্ৰসৰ হৈছিল। তাত তেওঁলোকে লেখক মিগুৱেল এঞ্জেল এষ্টুৰিয়াছৰ ঘৰত এসপ্তাহ আছিল আৰু এই সুবাদতে তেওঁলোক প্ৰগাঢ় বন্ধুত্বৰ দোলত বান্ধ খাই পৰিছিল। সেই সময়ত, একনায়ক জৰ্জে উবিকোৱে গুৱাটেমালা শাসন কৰি আছিল। তেওঁৰ শাসনকালত বাক-স্বাধীনতাক অৱদমিত কৰা হৈছিল, যাৰ ফলত, এষ্টুৰিয়াছে তেওঁৰ “ৰাষ্ট্ৰপতি’’ নামৰ উপন্যাসখন প্ৰকাশ কৰিব পৰা নাছিল। স্বেচ্ছাচাৰী শাসক এজনৰ দুৰাচাৰী কামকাজক উক্ত উপন্যাসে উদঙাই দিছিল। ঘটনাক্ৰমে, এই উপন্যাসখনে ১৯৬৭ চনত সাহিত্যৰ নোবেল বঁটা লভিবলৈ সক্ষম হৈছিল। নেৰুডাৰ এই ভ্ৰমণৰ সময়ত, গুৱাটেমালাৰ তৰুণ কবিসকলে (উবিকোৰ অনুমতি সাপেক্ষে) নেৰুডাক কবিতা আবৃত্তি কৰিবলৈ অনুৰোধ জনাইছিল। নিৰ্যাতন সত্বেও, ভাবৰ মুকলি আদান প্ৰদান হোৱাৰ আশাৰে, যেতিয়া নেৰুডাই উৎসাহসহকাৰে কবিতা আবৃত্তি কৰিবলৈ লৈছিল, তেতিয়া সভাঘৰৰ সম্মুখ শাৰীত দেশৰ পুলিচ বিভাগৰ মুৰব্বীজন সকলোৰে চকুত পৰাকৈ বহি আছিল। নেৰুডাই পাছত জানিব পাৰিছিল যে, চাৰিটা মেছিনগান শ্ৰোতামণ্ডলী আৰু তেওঁৰ পিনে টোঁওৱা আছিল যাতে পুলিচৰ মুৰব্বীজনে থিয় হৈ কবিতা আবৃত্তি বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ মুহূৰ্ততে সেইবোৰ গৰজি উঠিব পাৰে।
কেনেকৈ স্বেচ্ছাচাৰী শাসন ব্যৱস্থাই এখন দেশৰ অনিষ্ট সাধন কৰাৰ লগতে জনসাধাৰণক গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত কৰিব পাৰে তাক নেৰুডাই এইবাৰৰ মধ্য আমেৰিকা ভ্ৰমণৰ সময়ত নিজ চকুৰে প্ৰত্যক্ষ কৰিছিল।
গুৱাটেমালাত উবিকোৰ অপকৰ্ম আৰু বিদেশী কোম্পানীসমূহৰ নিৰ্বিচাৰ লুণ্ঠন কাৰ্যত অতিষ্ঠ হৈ নেৰুডাই গীতিময়তা পৰিহাৰ কৰি চিধাচিধি অৰ্থত “ইউনাইটেড ফ্ৰু্ট্ কোম্পানী’’ নামৰ এটি কবিতা লিখিছিল। নেৰুডাই শৈলী হিচাপে প্রয়োগ কৰা চুটি চুটি শাৰীবোৰে কবিতাটোক শৌৰ্যশালী কৰাত সহায়ক হৈছিল। ৰবাৰ্ট হাছে লক্ষ্য কৰাৰ দৰে, নেৰুডাৰ অভিপ্ৰায় আছিল, “নিহিত শক্তিক অৰ্থৱহৰূপে ইন্দ্ৰিয়গ্ৰাহ্য কৰা।’’
যেতিয়া শিঙা বাজিছিল,
মৰতৰ সকলোবোৰকে সাজু কৰা হৈছিল
আৰু জেহোভাই পৃথিৱীখনক
বিতৰণ কৰিছিল কোকাকোলা ইঞ্চিওৰেঞ্চ কোম্পেনী, আনাকোণ্ডা,
ফৰ্ড মটৰছ্ আৰু অন্যান্য সকলৰ মাজত :
ফ্ৰুট্ কোম্পেনী ইঞ্চিওৰেঞ্চৰ ভাগত পৰিছিল
মোৰ মহাদেশৰ আটাইতকৈ ৰসাল মধ্যম অংশটো,
যাক কোৱা হয় মধ্যম উপকূল
অথবা দক্ষিণ এমেৰিকাৰ
কমনীয় কঁকাল।
…………..
কোম্পানীবোৰে অৱৰোহণ কৰিছিল
ভেনভেনাই উৰি থকা তেজপিয়া মাখিৰ মাজত,
আৰু আমাৰ মহাদেশৰ বুকুত ট্ৰেই পাতি ভৰাই থোৱা ৰত্নবোৰ,
কফি আৰু ফলমূলেৰে সৈতে জাহাজৰ গললৈকে নেকনেকীয়াকৈ ভৰাই আয়াসেৰে ধাৱমান হৈছিল।
আৰু অপকৰ্মবোৰ ঢাকিঢুকি ৰাখিবলৈ বন্দৰ আকৰ্ষণীয় কৰি
তোলা হৈছিল,
যাৰ ভয়ানক অতল তলিত,
ৰেডইণ্ডিয়ানসকল পোত গৈ নেদেখা হৈছিল বোৱাৰীপুৱাৰ
ধুঁৱলীকুঁৱলীত :
ভাহি থকা এটি দেহনো কি, নামবিহীন এটি বস্তু,
এটি পতিত সংখ্যা,
পচনৰ দমত ঢোলোকনি খাই
পৰা এথোপ মৃত ফল।
এই কবিতাটোত, (যিটো পাছত কেণ্টো জেনেৰেলৰ অন্তৰ্ভুক্ত কৰা হৈছিল) নেৰুডাই দাবী কৰিছিল যে, ইউনাইটেড ফ্ৰুট্ কোম্পেনী আৰু অন্যান্যসকলে, সাম্ৰাজ্যবাদীসকলৰ স্বাৰ্থত “নগ্ন উল্লাসেৰে’’, “নগ্ন ঈৰ্ষাৰে’’, “নিজ খুচিমতে’’ “কৌতুকপূৰ্ণ নাট অনুষ্ঠিত কৰি’’ আৰু “চিজাৰৰ সিংহাসন’’ বহতীয়াসকলক অৰ্পণ কৰি তেওঁলোকৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিছিল। তেওঁ দক্ষিণ আমেৰিকাৰ একনায়কসকলৰ নাম বাৰে বাৰে উচ্চাৰণ কৰি, তেওঁলোকক “ভেনামাখি’’ আখ্যা দিছিল। প্ৰথমে উল্লেখ কৰা তেনে একনায়কজন আছিল সেনাপ্ৰধান ৰাফেল ট্ৰুজিলো মোলিনা—যিজন আছিল আটাইতকৈ উদ্ধত একনায়ক। “অস্কাৰ ওৱাওৰ চমকপ্ৰদ চমু জীৱন’’ নামৰ উপন্যাসখনৰ বৰ্ণনাকাৰী যুনত ডিয়াজোৰ ভাষাত—এইজন দুৰ্দান্ত শাসকে ডমিনিকান ৰিপাব্লিকখনক ১৯৩০ চনৰ পৰা ১৯৬১ চনলৈ, গুপ্তহত্যাৰ বলি নোহোৱা পৰ্যন্ত অতি নিষ্ঠুৰতাৰে শাসন কৰিছিল।
ইয়াৰ পাছত নেৰুডাই উল্লেখ কৰিছিল নিকাৰাগুৱাৰ হত্যাকাৰী একনায়ক এনেষ্টেছিও চোমোজা গাৰ্ছিয়াৰ নাম। “টাচো’’ উপনামেৰে এইজন ৰক্তলোলুপ শাসকো, ১৯৬১ চনত গুপ্তহত্যাৰ বলি নোহোৱালৈকে সুদীৰ্ঘ একত্ৰিছ বছৰ নিষ্ঠুৰতাৰে দেশ শাসন কৰিছিল। ফ্ৰেঙ্কলিন দা ৰুজভেল্টে তেওঁৰ বিষয়ে ব্যংগ কৰি কৈছিল, “চোমোজা ঢেকুৰীৰ সন্তান হ’ব পাৰে, পিছে, যিয়েই নোকোৱা, তেওঁ আছিল আমাৰেই ঢেকুৰীৰ পুত্ৰ।’’ তেওঁৰ হত্যাকাণ্ডৰ পৰবৰ্তী সময়ত দুই পুত্ৰই পৰিয়ালকেন্দ্ৰিক শাসন চলাইছিল যদিও, ১৯৭৯ চনৰ ছেন্দিনিস্তা বিপ্লৱে ইয়াক উৎখাত কৰিছিল।
আন এজন একনায়ক আছিল, টিবুৰ্চিও কেৰিআচ এন্দিনো, যিজনে বেনানা কোম্পেনীবোৰৰ সমৰ্থন লৈ ১৯৩২ৰ পৰা ১৯৪৯ চনলৈ হোন্দুৰাছ শাসন কৰিছিল। শাসনলৈ অহাৰ প্রাকমুহূৰ্তত এই একনায়কজনে বাক স্বাধীনতা ৰুদ্ধ কৰি, ধৰ্মঘটক বেআইনী ঘোষণা কৰি, শ্ৰমিক আন্দোলন মষিমূৰ কৰাৰ উপৰিও কমিউনিষ্ট পাৰ্টিক নিষিদ্ধ কৰিছিল।
এইবাৰ নেৰুডাই উল্লেখ কৰিছিল এল ছালভেদৰৰ নাম। ১৯৩১ চনত, ফেচিষ্ট অভ্যুত্থানৰ জৰিয়তে মেক্সিমিলানোৱে এই দেশত শাসন কায়েম কৰিছিল। এবছৰ পাছত, তেওঁৰ নিষ্ঠুৰ শাসনৰ বিৰুদ্ধে যি গণবিদ্ৰোহ সংগঠিত হৈছিল, তাক নিৰ্মম হাতেৰে দমন কৰিবলৈ গৈ, সংঘটিত কৰা ভয়াৱহ হত্যাকাণ্ডত এইজন শাসকে চল্লিশ হাজাৰৰ দৰে কৃষকৰ প্ৰাণ লৈছিল।
শেষত তেওঁ উল্লেখ কৰিছিল, গুৱাটেমালাৰ নাম। ১৯৩১ৰ পৰা ১৯৪৪ চনলৈ চলা একনায়ক জৰ্জে উবিকোৰ শাসনকালত, ইউনাইটেড ফ্ৰুট্ কোম্পেনীয়ে সেই দেশত নিগাজীকৈ বৰপীৰা পাৰি বহি লৈছিল। এই কোম্পেনীটোৱে উবিকোৰ পৃষ্ঠপোষকতাত বিশাল ভূসম্পত্তিৰ অধীশ্বৰ হৈছিল। প্ৰভূত পৰিমাণৰ কৰ ৰেহাই লভা কোম্পেনীটোৰ হাতত ৰে’লপথ আৰু বিদ্যুৎ উৎপাদনৰ দায়িত্ব দিয়াৰ উপৰিও প্ৰধান কেৰিবিয়ান বন্দৰটোৰ দখলীস্বত্বও অৰ্পণ কৰিছিল। ইয়াৰ বিপৰীতে, নেৰুডাৰ ভাষাত, “দেশীয় লোকসকলে চৰম দাৰিদ্ৰ্য-পীড়িত জীৱন অতিবাহিত কৰিবলগীয়াত পৰিছিল।’’
*
জুলাই মাহত নেৰুডাৰ নিলম্বিতকৰণৰ এমাহ অতিক্ৰান্ত হোৱাত তেওঁ পুনৰ বাণিজ্যদূতৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল। চিকুৱেৰছ পৰ্বক লৈ চৰকাৰী হুকুমক নেওচা দিয়া নাটখনৰ প্ৰতিক্ৰিয়াৰো তিমানতে অন্ত পৰিছিল; আৰু বৈদেশিক মন্ত্ৰালয়ে কৰ্তন কৰা এমাহৰ দৰমহাও ঘূৰাই দিছিল।
এনে সময়তে বিশ্বৰ ঘটনাৱলীয়ে অন্য ফালে মোৰ লৈছিল। ১৯৪১ চনৰ ২২ জুন তাৰিখে, জাৰ্মানীয়ে ৰাছিয়া আক্ৰমণ কৰাত অৱধাৰিতভাৱে ইউৰোপজুৰি যুদ্ধৰ দামামা বাজি উঠিছিল। পৰিৱৰ্তিত পৰিস্থিতিত, নেৰুডাই তেওঁৰ কূটনৈতিক বাবটোক, সাহিত্যিক-ৰাজনৈতিক ক্ৰিয়াকাণ্ডৰ বাটত হেঙাৰস্বৰূপ কৰি ৰাখিব নোৱাৰা হৈ পৰিছিল।
আনপিনে,ফেচিবাদৰ বিৰুদ্ধে যুঁজৰ বাস্তৱ অভিজ্ঞতাই নেৰুডাৰ সাহিত্যিক জীৱনটোক আক্ষৰিক অৰ্থত খুন্দিয়াই গৈছিল। ১৯৪১ চনৰ খ্ৰীষ্টমাছৰ ঠিক পাছতে এদিন, নেৰুডা আৰু দেলিয়াই, বাণিজ্য সচিবগৰাকীৰ সৈতে কুৱেৰনাভাকা পাৰ্কত বহি আছিল। সাত ডিচেম্বৰত জাপানে পাৰ্ল হাৰ্বাৰত আক্ৰমণ কৰাৰ পাছতে এমেৰিকাই ৰোম-বাৰ্লিন-জাপান অক্ষশক্তিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাত উৎফুল্লিত হৈ তেওঁলোকে তাত ৰুজভেল্টৰ সুস্বাস্থ্য কামনা কৰি সুৰা পান কৰিছিল। তেওঁলোকে আনকি মেক্সিকোৰ নতুন ৰাষ্ট্ৰপতি, এভিলা কেমাছো, উইনষ্টন চাৰ্চিল আৰু ষ্টেলিনৰ সমৰ্থনতো আনন্দ প্ৰকাশ কৰিছিল। এনেতে, ওচৰতে বহি থকা দহৰ পৰা তেৰজনৰ দৰে নাজী সমৰ্থকে আচম্বিতে আমোদ-প্ৰমোদত মতলীয়া দলটোৰ ওপৰত মিলিটাৰী কায়দাৰে চকী-টেবিল আৰু বটলেৰে আক্ৰমণ কৰাতেই ক্ষান্ত নাথাকি প্ৰচণ্ডভাৱে ঘুচিয়াঘুচিত লিপ্ত হৈছিল। নেৰুডাৰ মতে, “নাজী বাহিনীৰ উন্মত্ত সমৰ্থকসকলে, মাৰধৰ অভিযানত লিপ্ত হোৱাৰ আগতে হাত দাঙি নাজী ছেলিউট দি “হেইল হিটলাৰ” বুলি চিঞৰিছিল।’ “সিহঁতৰ লাঠিৰ প্ৰহাৰত আমাৰ কবিবৰে মূৰত চাৰি ইঞ্চি দীঘলীয়া ক্ষতৰ সম্মুখীন হৈছিল। পুলিচ অহাৰ লগে লগে আক্ৰমণকাৰীসকল পলাই পত্ৰং দিছিল”।
এছোচিয়েটেড এণ্ড ইউনাইটেড প্ৰেছে নেৰুডা আৰু তেওঁৰ আঘাত সম্বলিত ফটোসহ ঘটনাৰ বিবৰণী বিশ্বজুৰি প্ৰচাৰ কৰিছিল (নিউয়ৰ্ক টাইমছ্, বাল্টিমোৰ ছান, আৰু অন্যান্য কাকতবোৰে বাতৰিটো চমুকৈ প্ৰকাশ কৰিলেও, আমোদজনকভাৱে, উক্ত বাতৰিত নেৰুডাক এগৰাকী বৰেণ্য কবি বুলি উল্লেখ নকৰি চিলিৰ বাণিজ্যদূত হিচাপেহে প্ৰক্ষেপ কৰিছিল)। পিছে, পৃথিৱীজুৰি শ শ গুণগ্ৰাহীয়ে কবিগৰাকীৰ কুশল কামনা কৰি টেলিগ্ৰাম পঠিয়াইছিল।
মূৰৰ আঘাত সত্ত্বেও তেওঁ নতুন বছৰ উদযাপনৰ পৰা আঁতৰি থকা নাছিল। এইবেলি তেওঁৰ লগ হৈছিল ইউৰোপৰ পৰা নিৰ্বাসিত হৈ অহা বন্ধুসকল। সেই পহিলা জানুৱাৰীৰ আগদিনা ৰাতি তেওঁলোকে লগ হৈ সমাজবাদী আৰু সাম্যবাদী জাতীয় সংগীত “ইণ্টাৰনেশ্যনেল’’, স্পেনিছ, ফৰাচী, জাৰ্মান, পোলিছ, ৰোমানিয়ান আৰু চ্চে’ক ভাষাত গাইছিল। এই পাৰ্টিতে তেওঁলোকে জীৱন্তে লগ পাইছিল ইটালীৰ কিম্বদন্তীমূলক কমিউনিষ্ট ফটোগ্ৰাফাৰ, অভিনেত্ৰী, আৰু সমাজকৰ্মী টিনা মোডোটিক। উৎসৱৰ পাঁচ দিন পাছত তেওঁ, অনুমান কৰামতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰিছিল। কিন্তু বহুতৰ সন্দেহ যে, তেওঁক হত্যা কৰা হৈছিল। নেৰুডাৰ বাবে মোডোটি আছিল অনুপ্ৰেৰণাৰ বাহক। নেৰুডাই এতিয়া কবিতাৰ মাজেৰে যি কৰি আছে, মোডোটিয়ে সেয়া ফটোগ্ৰাফৰ মাজেৰে কৰিছিল। তেওঁ অন্যায়-অবিচাৰ আৰু ফেচিবাদৰ বীভৎস কাহিনীবোৰ আলোকচিত্ৰৰ মাজেৰে জাজ্বল্যমানকৈ তুলি ধৰিছিল। প্ৰয়োজনত তেওঁ কেমেৰা আঁতৰাই থৈ কমিউনিষ্ট পাৰ্টিৰ কামত জড়িত হৈ পৰিছিল, যি পথৰ পথিক এতিয়া নেৰুডায়ো হ’ব খুজিছে। মোডোটিয়ে লিখিছিল, “সাহিত্যকলাৰ মাজত বুৰ গৈ থাকি জীৱনৰ জ্বলন্ত সমস্যাসমূহ মই সমাধান কৰিব নোৱাৰোঁ।’’ নেৰুডাই তেওঁৰ মৃত্যুত এটি শোকগাথা লিখিছিল, আৰু সেইটো তেওঁ মোডোটিৰ অন্ত্যেষ্টিক্ৰিয়াত পঢ়ি মহিয়সী নাৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছিল :
তোমাৰ দেশৰ প্ৰাচীন ৰান্ধনিশালবোৰত, তোমাৰ দেশৰ ধূলিময় ৰাস্তাবোৰত,
তুমি কোৱা কথাবোৰৰ কিছুমান অন্তৰ্ধান হৈছিল যদিও,
কিছু উভতি আহিছিল, শিখা হৈ তোমাৰ সোণালী মানু্হবোৰৰ ওচৰলৈ, যিবোৰে সাৰে থাকি গান গায়।
*
সেই বুলি কবিৰ সামাজিক জীৱন যে সকলো সময়তে শান্তিপূৰ্ণ আৰু সৌহাৰ্দ্যপূৰ্ণ আছিল সেয়া নহয়। নেৰুডা আৰু অন্যান্য কবি-সাহিত্যিক আৰু বুদ্ধিজীৱীসকলৰ মাজত মাজে মাজে মতানৈক্যই দেখা দিছিল। তেনেকুৱা এটি বিৰোধ দেখা দিছিল অক্টাভি়ও পাজৰ সৈতে। পাজ আছিল “কাৰখানা” নামৰ এখন পত্ৰিকাৰ সঞ্চালক। নেৰুডাই উক্ত পত্ৰিকাত প্ৰকাশ কৰিবৰ বাবে এটি সৰু নিবন্ধ পাজলৈ পঠিয়াইছিল, যিটোত প্ৰতিদ্বন্দ্বী জুৱান ৰেমন জিমেনেজৰ বিৰুদ্ধে কিছু কটাক্ষভৰা উক্তি আছিল। এক “অক্ষমণীয় ভুল’’ৰ ফলস্বৰূপে, পত্ৰিকাখনৰ সূচীপত্ৰত নেৰুডাৰ নামটো প্ৰকাশ হোৱা নাছিল। আলোচনীখনৰ একে সংখ্যাতে পাজে ৰাফেল এলবাৰ্টিৰ এটি কবিতা প্ৰকাশ কৰিছিল, যিটো কবিতা এলবাৰ্টিয়ে যোছ বাৰ্জেমিনৰ প্ৰতি উছৰ্গা কৰিছিল। এইখিনিতে মন কৰা দৰকাৰ যে, কবি বাৰ্জেমিনৰ সৈতে নেৰুডাৰ আছিল দীৰ্ঘকালীন বিবাদ। গতিকে, বাৰ্জেমিনৰ প্ৰতি উছৰ্গা কৰা কবিতাটো আলোচনীখনত প্ৰকাশ পোৱাত নেৰুডাই পাজৰ ওপৰত খৰ্গহস্ত হৈ লিখিছিল : “ মোৰ বিৰুদ্ধে ৰচা ষড়যন্ত্ৰৰ তুমিও সহযোগী’’ (এই সামান্য ঘটনাটোৱে যিমানেই আলোড়নৰ সৃষ্টি নকৰক কিয়, কাৰখানা নামৰ পত্ৰিকাখনক খুব কম সংখ্যকেহে জানিছিল, আৰু পাজও কবি-সাহিত্যিক হিচাপে তেতিয়াও বিশেষ জনাজাত হোৱা নাছিল যদিও, তেওঁ এই ঘটনাৰ বহু পাছতহে, ১৯৯০ চনত নোবেল বঁটা পাইছিল)। আত্মম্ভৰিতাপূৰ্ণ নেৰুডাৰ অন্যান্য সাহিত্যকসকলৰ প্ৰতি আছিল অহেতুক ভীতি। ইয়াক এক প্ৰকাৰৰ মানসিক ৰোগ বুলিও ক’ব পাৰি, যিটো তেওঁ আজীৱন লগত লৈ ফুৰিছিল।
একে সময়তে, পাজ আৰু বাৰ্জেমিনে, “লৰেল” নামৰ আধুনিক হিস্পানিক কবিতাৰ এটি নতুন সংকলন সম্পাদনাৰ দায়িত্বত ব্ৰতী হৈছিল। মেক্সিকো আৰু স্পেইনৰ দুজনকৈ কবিৰ কবিতা বাছনি কৰাৰ দায়িত্ব বাৰ্জেমিনক দিয়া হৈছিল। ইয়াতো নেৰুডাই আকৌ উত্তেজিত হৈছিল, যেতিয়া বাৰ্জেমিনে ফেচিষ্ট ফ্ৰেংকোৰ জে’লত আৱদ্ধ হৈ থকা স্পেইনৰ কবি মিগুৱেল হাৰ্নান্দেজৰ কবিতা বাছনি কৰা নাছিল। নেৰুডাই তেওঁৰ কেণ্টো জেনেৰেল কবিতাপুথিখনত অন্তৰ্ভুক্ত “স্পেইনৰ কাৰাগাৰত হত্যাৰ বলি হোৱা, মিগুৱেল হাৰ্নান্দেজৰ প্ৰতি’’ শীৰ্ষক কবিতাটোৰে হেৰোৱা বন্ধুগৰাকীক শ্ৰদ্ধা জনাবলৈ গৈ, বাৰ্জেমিন আৰু “লৰেল” আলোচনীখনৰ বিৰুদ্ধে বিষোদগাৰ কৰাতেই ক্ষান্ত নাথাকি লৰেলত তেওঁৰ কবিতা অন্তৰ্ভুক্ত নকৰিবলৈ সম্পাদকমণ্ডলীক জনাই দিছিল। এঘাৰশ চৌত্ৰিছ পৃষ্ঠাৰ সংকলনখনত, এলবাৰ্টি, ছেৰ্নুদা, আলেক্সেন্দ্ৰী, এলটোলাগিৰে আৰু লোৰকাৰ কবিতা আছিল। কিতাপখনৰ শেষ পৃষ্ঠাৰ তলৰ পিনে বিশেষ দ্ৰষ্টব্যেৰে লিখিছিল; “(গ্ৰন্থাকাৰে এই সংকলনত পাবলো নেৰুডা আৰু লিও ফেলিপৰো কবিতা অন্তৰ্ভুক্ত কৰিছিল, কিন্তু ছপা কাম চলি থকা অৱস্থাত, এই দুগৰাকী ভদ্ৰলোকে সম্পাদকদ্বয়ক তেওঁলোকৰ কবিতা নছপাবলৈ কোৱাত, অত্যন্ত দুখেৰে আমি তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰিবলগীয়াত পৰিছিলোঁ।)’’।
এবছৰ পাছত পাজে লিখিছিল : “পাবলোৱে তেতিয়াও দুয়োজন “বিশুদ্ধ কবিক’’ তুচ্ছ মনোভাৱেৰে ট্ৰটস্কাইত বুলি ক’ব এৰা নাছিল (ষ্টেলিনৰ নেতৃত্বৰ বিৰোধিতা কৰা বাবে তেওঁ পাজক ট্ৰটস্কাইত আখ্যা দিছিল।)। মই দুঃসাহস দেখুৱাই দুয়োজনৰে পক্ষ লোৱাত তেওঁ আচৰিত হৈ, প্ৰায় অবিশ্বাস সহকাৰে মোৰ পিনে চাইছিল আৰু তাৰ পাছত বৰ অভদ্ৰ আচৰণৰেৰে ইয়াৰ প্ৰত্যুত্তৰ দিছিল। আমি আৰু কেতিয়াও এই বিষয়ে কথা পতা নাছিলোঁ যদিও, মোৰ অনুভৱ হৈছিল যে, তেওঁ মোক বিশ্বাসত ল’ব পৰা নাছিল। মই তেওঁৰ অনুগ্ৰহৰ পৰা বঞ্চিত হৈছিলোঁ।’’
আৰু সঁচাসঁচিকৈয়ে লৰেলখন প্ৰকাশিত হোৱাৰ মাত্ৰ কেইটামান দিন পাছত, নেৰুডাৰ সন্মানত নৈশ ভোজমেল আয়োজন কৰাৰ দিনা উত্তেজনাই চৰম সীমা পাইছিল। সিদিনা গধূলি নেৰুডাই অস্বাভিকভাৱে মদ্য পান কৰি ভোজমেলত উপস্থিত হৈছিল। সন্মানীয় টেবুলখনত কিছুসময় গম্ভীৰভাৱে বহি থাকি তেওঁ এটা সময়ত কৈছিল, “পাজ ক’ত, মই তেওঁক অভিনন্দন জনাব বিচাৰোঁ।’’
কাষৰ আন এটি কোঠাত বহি থকা পাজক যোছ লুই মাৰ্টিনেজে মাতি আনিছিল। পাজে আহিয়েই নেৰুডাক সম্ভাষণ জনাব বিচৰাত নেৰুডাই পাজক উপেক্ষা কৰি কৈছিল, “মই নষ্টচন্দ্ৰ এজনৰ স’তে কুশল বাৰ্তা বিনিময় নকৰোঁ। মই আপোনাক নষ্টচন্দ্ৰ বুলি কৈছোঁ, কাৰণ, আপুনি ঢেকুৰীৰ পুতেকৰ দৰে নষ্টচন্দ্ৰসোপাৰ (বাৰ্জেমিন আৰু ’লৰেল’ৰ অন্যান্য সম্পাদকৰ সৈতে) লগ লাগিছে। এই অপমান ইমানেই ৰুচিবিগৰ্হিত আছিল যে, থতমত খাই দেলিয়াই,“পাবলো, তুমি এয়া কি কৰিছা,’’ বুলি ক’বলৈ বাধ্য হৈছিল।
শেষনিশা বিদায় পৰ্বত তেওঁ, পাজে পিন্ধি থকা চোলাটোক উদ্দেশ্য কৰি বক্ৰোক্তিৰে “এইটো কিন্তু আপোনাৰ বিবেকতকৈ পৰিষ্কাৰ।’’ বুলি কৈ, পাজৰ মাকক ধৰি অপমান কৰি, পাজৰ চোলাটো এনেদৰে খামুচি ধৰিছিল যে, ইয়াৰ কলাৰটো ফালি গৈছিল। এনে অমাৰ্জিত কাম কৰাতেই ক্ষান্ত নাথাকি তেওঁ “জহন্নামে যোৱা সংকলনখনৰ’’ স্ৰষ্টাসকলক গালিগালাজ পাৰি অতি আক্ৰোশেৰে ভোজমেল পৰিত্যাগ কৰিছিল।
সিদিনা ৰাতিয়ে তেওঁ, স্পেইনৰ কবি জুৱান লেৰিয়েক কৈছিল : “জুৱান, আপুনি কি ভাবে মই নাজানোঁ। কিন্তু, মোৰ হ’লে কবিতা ভাল নলগা হৈছে। মোৰ ভাব হৈছে যে, মই এতিয়াৰ পৰা নিজকে ৰাজনীতি আৰু সাগৰীয় শামুক সংগ্রহত নিয়োজিত কৰিম।’’ কিন্তু, নেৰুডাই যিয়েই নকওক, তেওঁ কবিতাক এৰাই চলিব পৰা নাছিল ; এয়াযে আছিল তেওঁৰ ৰাজনৈতিক ভাব প্ৰকাশৰ প্ৰধান মাধ্যম। লেৰিয়েক কোৱা কথাৰ পৰা এয়া স্পষ্ট হৈছিল যে, নেৰুডাৰ মনত তেতিয়া ৰাজনীতিক কবিতাৰ মাজেৰে পোনপটীয়াকৈ প্ৰকাশ কৰাৰ আকাংক্ষা আগতকৈও অধিক দুৰ্বাৰ হৈ পৰিছিল।
মৰতৰ আবাসৰ তৃতীয় খণ্ডৰ দ্বিতীয়াৰ্দ্ধত নেৰুডাই, স্পেইনৰ চিত্ৰপটৰ পৰা গৈ ৰাছিয়াৰ ৰণাংগণত দৃষ্টি নিবদ্ধ কৰিছিল। ১৯৪২ চনৰ গ্ৰীষ্ম কালত, হিটলাৰে শিল্পনগৰী ষ্টেলিনগ্ৰাদ অৱৰোধ কৰিবলৈ লৈছিল। এই অৱৰোধকাৰ্য, এতিয়ালৈকে সংঘটিত যুদ্ধবোৰৰ ভিতৰত আটাইতকৈ ৰক্তাক্ত আৰু আটাইতকৈ দিশ নিৰ্ণয়কাৰী যুদ্ধস্বৰূপে পৰিগণিত হৈছিল। ষ্টেলিনে ষ্টেলিনগ্ৰাদবাসীসকলক পলালেই গুলীওৱা হ’ব বুলি সতৰ্ক কৰি দি, সকলো নাগৰিককে শত্ৰুক ভেটা দিয়াৰ সংকল্পেৰে বেৰিকেড সৃষ্টিৰে প্ৰতিৰক্ষাবেহু গঢ়ি তোলাত নিয়োজিত হ’বলৈ আদেশ দিছিল। নাজীবাহিনীয়ে যুঁজাৰু বিমানেৰে অবিৰত বোমা নিক্ষেপ কৰাত, সৰ্বগ্রাসী জুইশিখাৰ ভয়ানক ধুমুহাই নগৰীখন ছানি ধৰিছিল। বাৰুদৰ জুয়ে নগৰীখনক ছাই আৰু ধ্বংসস্তুপত পৰিণত কৰাত হাজাৰ হাজাৰজন মৃত্যুমুখত পতিত হৈছিল। প্ৰতিৰোধী যুদ্ধখনো সমানে অব্যাহত আছিল। ৰং নকৰাকৈয়ে, নৱনিৰ্মিত টেংকবোৰ খৰধৰকৈ কাৰখানাৰ পৰা পোনে পোনে যুদ্ধক্ষেত্ৰলৈ লৈ অনা হৈছিল। আধা নিযুতৰো অধিক ৰাছিয়ান সৈন্যই এই যুদ্ধত প্ৰাণ আহুতি দিছিল আৰু প্ৰায় দুই নিযুতজন ঘাইল হৈছিল।
এনে ভয়ানক অৱস্থাত পৃথিৱীব্যাপী কমিউনিষ্ট আৰু অন্যন্যসকলে যেতিয়া ৰাছিয়াক ৰক্ষা কৰাৰ বাবে হিটলাৰৰ বিৰুদ্ধে দ্বিতীয় ফ্ৰণ্ট খুলিবলৈ মিত্ৰশক্তিক অনুৰোধ কৰিছিল, তেতিয়া তেওঁলোকে “দেখা যাওক, কি হয়’’ (Wait and see) নীতি গ্ৰহণ কৰি যুক্তফ্ৰণ্ট তৈয়াৰ কৰাত বিলম্ব ঘটাইছিল। এই বিষয়টোকে নেৰুডাই “ষ্টেলিনগ্ৰাদৰ গান’’ নামেৰে কবিতাত মূৰ্ত কৰিছিল এইদৰে :
যেতিয়া হাজাৰ হাজাৰ কামানে তোমাৰ হৃদয় চূৰমাৰ কৰিছিল,
তেতিয়া হে ৰাছিয়া,
চৌদিশে বিৰাজ কৰা নিৰ্লিপ্ততাই তোমাক যে কিমান
অকলশৰীয়া কৰিছিল;
আৰু হায় ষ্টেলিনগ্ৰাদ,
যেতিয়া বৃশ্চিকবোৰে অতি নিষ্ঠুৰতাৰে তোমাৰ ভিতৰত সোমাই কুটিকুটি খাই বিহ ঢালিছিল,
তেতিয়া নিউয়ৰ্কে নাচিছিল, লণ্ডনে
কৰিছিল তপস্যা,
আৰু মই কৈছিলোঁ,
“থুই, দগাবাজহঁত ক’ৰবাৰ’’!
কাৰণ মোৰ অন্তৰখনে সহিব পৰা
নাছিল, আৰু আমাৰ হিয়াবোৰো ভাঙিছিঙি থানবান হৈছিল;
ভাবি আচৰিত হৈছিলোঁ
কিদৰেযে সিহঁতে এই জগতত আমাৰ বীৰবোৰক অকলে
মৰিবলৈ এৰি দিছিল!
কিয় বাৰু তোমালোকে আমাৰ দেশপ্ৰেমিক বীৰ যোদ্ধাসকলক
সংগ দিয়া নাছিলা?
কিয় বাৰু তোমোলোকে তেওঁলোকৰ
কাষত থিয় দিয়া নাছিলা?
তজবজীয়া জীৱনবোৰ সমাধিক্ষেত্ৰলৈ গতি কৰক, আৰু মানুহৰ হাঁহিবোৰ
শৌচাগাৰ আৰু অশ্বাৰোহী সৈন্যই
মচি পেলাওঁক?
এয়াইকি বিচাৰিছিলা তোমালোকে?
সহাঁৰি কিয় নাই?
নামাতা কিয়?
কিয়, কিয়, কিয়?
সর্বহাৰাৰ পৰা বুদ্ধিজীৱীলৈকে সামৰি, তৃণমূল পৰ্যায়ত জনগণৰ চেতনা আৰু সক্ৰিয়তাক উজ্জীৱিত কৰাৰ মানসেৰে নেৰুডাই এই কবিতাটো লিখিছিল। উল্লেখিত কবিতাটো তেওঁ পোনপ্ৰথমতে, মেক্সিকোৰ বিদ্যুৎ কৰ্মচাৰীসকলৰ ইউনিয়নৰ সভাত পাঠ কৰিছিল। কবিতাটো শুনি কৰ্মচাৰীসকল ইমানেই অনুপ্ৰাণিত হৈছিল যে, তেওঁলোকে ইয়াক প’ষ্টাৰত ছপাই ৰাজধানী বুৱেনছ্ এয়াৰছ্ৰ দেৱালে দেৱালে আঁৰি দিছিল। অতি ক্ষীপ্ৰতাৰে কবিতাটো উত্তৰলৈ বিয়পাৰ উপৰিও যুক্তৰাষ্ট্ৰ আৰু কানাডা অতিক্ৰমি সুদূৰ সাগৰৰ সিপাৰলৈ ধাৱমান হৈছিল।
কিন্তু, বহুতো সমালোচকে নেৰুডাৰ ৰাজনৈতিক কবিতাটোৰ বিৰুদ্ধে খৰখেদাকৈ সম্মুখ সমৰত হাজিৰ হৈছিল। বৈদেশিক মন্ত্ৰালয়ে নেৰুডাৰ এনে ৰাজহুৱা মন্তব্যত বৰ বিপাঙত পৰিছিল। সমালোচনাৰ প্ৰত্যুত্তৰত নেৰুডাই এইবাৰ লিখিছিল, “ষ্টেলিনগ্ৰাদৰ প্ৰতি নতুন প্ৰেমৰ গান”:
মই ৰচিছিলোঁ বতৰ আৰু পানীক
লৈ কবিতা,
মই আঁকিছিলোঁ ৰাতিপুৱাক
আৰু বিবৰিছিলোঁ ইয়াৰ ৰক্তনীলা
ধাতৱ অনুভূতিক,
মই লিখিছিলোঁ নীলাকাশ আৰু আপেলৰ বিষয়ে,
এতিয়া মই লিখোঁ ষ্টেলিনগ্ৰাদৰ কথা।
নিউয়ৰ্ক টাইমছ্-এ, উপৰিউক্ত দুয়োটা কবিতা পৰ্যালোচনা কৰি লিখিছিল, “নেৰুডাই এই দুটি দীঘলীয়া কবিতাৰ জৰিয়তে ভাব প্ৰকাশৰ উত্তুংগ স্তৰলৈ নিজকে উন্নীত কৰিব পাৰিছে। প্ৰকৃততে, তেওঁৰ প্ৰজন্মৰ আটাইতকৈ স্মৰণীয় ইতিহাসপ্ৰসিদ্ধ ঘটনা এটিক কবিতাত ৰূপ দিবলৈ গৈ তেওঁ তেওঁৰ বদ্ধমূল বিশ্বাসক অত্যন্ত দৃঢ়তাৰে সাব্যস্ত কৰিব পাৰিছে।’’
*
প্ৰায় এবছৰৰো অধিক কাল ধৰি যুক্তৰাষ্ট্ৰৰ পৰা পোৱা তীব্ৰ হেঁচাৰ পৰিপ্ৰেক্ষিতত, চিলিয়ে অৱশেষত নিৰপেক্ষ অৱস্থানৰ অৱসান ঘটাই ১৯৪৩ চনৰ জানুৱাৰী মাহত, জাৰ্মানী, জাপান আৰু ইটালীৰ সৈতে কূটনৈতিক সম্পৰ্ক বাতিল কৰিছিল। ইয়াৰ পাছতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় দপ্তৰে নেৰুডাক, “আমেৰিকাৰ নৈশোৎসৱ’’ নামৰ গীত, মাত, নৃত্যৰ অনুষ্ঠান এটিলৈ নিমন্ত্ৰণৰ শৰাই আগবঢ়াইছিল, য’ত আমেৰিকাৰ সৈতে লেটিন আমেৰিকাৰ শিল্পীসকলেও যোগদান কৰিছিল। পেন-আমেৰিকান ডেমক্ৰেছিৰ পৰিষদখন আছিল এই উৎসৱৰ উদ্যোক্তা। ইয়াৰ কাৰ্যসূচীসমূহ মাৰ্টিন বেক থিয়েটাৰ হলত (বৰ্তমান আল হাৰ্চফিল্ড থিয়েটাৰ নামে জনাজাত) অনুষ্ঠিত হৈছিল। ফেব্ৰুৱাৰীৰ ১৪ তাৰিখে যুক্তৰাষ্ট্ৰৰ পৰা প্ৰকাশিত সমূহ কাকতৰ শিৰোনাম নেৰুডাই দখল কৰিছিল। নিউয়ৰ্ক টাইমছ্ত নৈশোৎসৱৰ বিজ্ঞাপন প্ৰকাশিত হৈছিল এইদৰে :
আমেৰিকানসকলৰ নৈশ উৎসৱ
প্ৰধান বক্তাসকল
ভিছেণ্টি লম্বাৰ্দো টোলেদানো,
সভাপতি, কনফেডাৰেশ্বন লেটিন
আমেৰিকান ৱৰ্কাৰছ / পাবলো নেৰুডা, চিলিৰ মহান কবি, মেক্সিকোতিস্থ চিলিৰ বাণিজ্য দূত।
ঘোষকৰ দায়িত্বত
লেংস্তন হিউজ।
জনসমাৱেশত নেৰুডাই টেলকাহুনোৰ কয়লা খনিৰ প্ৰসংগ টানি কৈছিল যে, যেতিয়া চিলিৰ বন্দৰত প্রথমখন ছোভিয়েট জাহাজ উপস্থিত হৈছিল, তেতিয়া “আন্তৰ্জাতিক ভ্রাতৃত্ব’’ৰ চিনস্বৰূপে খনিশ্ৰমিকসকলে হাতে হাতে লেম লৈ পাহাৰৰ বগাই ওপৰৰ পৰা সংকেত দি সম্ভাষণ জনাইছিল। ভাষণৰ সামৰণিত তেওঁ “সকলোবোৰ দেশকে তাৰকাজগতৰ তলত আত্মঅন্বেষণত ব্ৰতী হৈ মহাসাগৰৰ দৰে এক হ’বলৈ আবেদন জনাইছিল।’’
অনুষ্ঠানৰ বাহিৰত, সাংবাদিকৰ মুখামুখি হৈ তেওঁ আত্মপ্ৰণোদিত হৈ ব্যক্ত কৰিছিল যে, পৰিৱৰ্তিত পৰিস্থিতিত, এতিয়া চিলিয়ে নিশ্চয় নিজৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ৰাছিয়াৰ সৈতে সম্পৰ্ক নৱীকৰণ কৰিবলৈ উপযোগী সিদ্ধান্ত গ্ৰহণ কৰিব। তেওঁৰ বক্তব্যবোৰ লগে লগে নিজ দেশৰ কাকতবোৰত গুৰুত্বসহকাৰে ছপা হৈ ওলাইছিল। পিছে, এইবাৰো চিলিৰ বৈদেশিক মন্ত্ৰালয়ে আন্তৰ্জাতিক মঞ্চত দাঙি ধৰা নেৰুডাৰ বক্তব্যক অনুপযুক্ত বুলি কৈ অসন্তুষ্টি ব্যক্ত কৰিছিল। গতিকে, দুয়ো পক্ষৰ মাজত উত্তেজনাই গা কৰি উঠিছিল।
*
মাৰ্চ মাহত, দেলিয়া আৰু নেৰুডাই ৱাশ্বিংটন ডি চিলৈকে প্ৰস্থান কৰিছিল, য’ত তেওঁক এগৰাকী যশস্বী ব্যক্তি আৰু মৰ্যাদাসম্পন্ন কবি হিচাপে সম্বৰ্ধনা জনোৱা হৈছিল। লক্ষণীয় যে, ৱাশ্বিংটনৰ সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ বিশিষ্ট লোকসকলে তেওঁক লগ কৰাৰ বাবে অধীৰ হৈ অপেক্ষা কৰি আছিল। ৱাশ্বিংটন পোষ্টে নেৰুডাক “তেওঁৰ প্ৰজন্মৰ এগৰাকী অত্যুত্তম স্পেনিছ কবি’’ বুলি উল্লেখ কৰিছিল। তেওঁৰ বাবে চিলিৰ আমেৰিকাস্থ ৰাষ্ট্ৰদূতাবাসত ভোজমেলৰ আয়োজন কৰা হৈছিল। তাতে তেওঁ পেন আমেৰিকান ইউনিয়নৰ সভাত ভাষণ দিছিল। এটৰ্ণী ফ্ৰেঞ্চিছ বিদেলে নেৰুডাক চাহমেললৈ নিমন্ত্ৰণ কৰিছিল। তেওঁৰ পত্নী কেথাৰিন গেৰিছন ছেপিন এগৰাকী কবি আৰু সাহিত্যানুৰাগী আছিল। মুখ্য লাইব্ৰেৰিয়ান, কবি আৰ্চিবল্ড মেকলেইছে তেওঁক লাইব্ৰেৰী অৱ কংগ্ৰেছলৈ নিমন্ত্ৰণ কৰিছিল। তাত তেওঁ তেওঁৰ “হৃদয়ত স্পেইন’’ নামৰ কবিতাপুথিখনৰ পাঁচটা কপি, লাইব্ৰেৰীত জমা দিয়া স্বত্ব প্ৰদান কৰি স্বাক্ষৰ কৰিছিল।
১৯৪৩ চনৰ মাৰ্চ মাহৰ ঊনৈছ তাৰিখে, চিলিৰ প্ৰতিনিধি দলত ছুইজাৰলেণ্ডলৈ যোৱা কাৰ্লছ মোৰ্লা লিঞ্চে ছাণ্টিয়াগোলৈ এটি তাঁৰবাৰ্তা পঠিয়াইছিল : “মাৰুকাই হলেণ্ডৰ পৰা জনাইছে যে, তেওঁ সৰু জীয়াৰী মালভাই কোনো কষ্ট নোপোৱাকৈ মাৰ্চৰ দুই তাৰিখে ঢুকাইছে। আৰু তেওঁ যিমান দূৰ সম্ভৱ সোনকালে স্বামীৰ সৈতে পুনৰ্মিলনৰ আশাৰে বাট চাই আছে।’’
বাতৰিটো পোৱাৰ পাছত কবিৰ কেনে ধৰণৰ প্ৰতিক্ৰিয়া হৈছিল, তথ্যপাতিৰ পৰা সেই বিষয়ে একো জনা নগৈছিল, আৰু মালভা মেৰিনা সম্পৰ্কে, কবিয়ে কিবা কোৱাও কোনো বন্ধুৰ মনত পৰা নাছিল। তেওঁ যিদৰে কিছু দিন আগতে টিনা মোডোটিৰ মৃত্যুত কবিতা লিখিছিল, বা তাৰ আগতেও প্ৰয়াত অন্যান্য বন্ধুসকলৰ স্মৃতিত কবিতা লিখিছিল, এইবাৰ পিছে, জীয়েকৰ প্ৰয়াণত দুখ প্ৰকাশ কৰি একোকে লিখা নাছিল।
ন দিন পাছত আন এটি মৃত্যুৰ ঘটনা ঘটিছিল, যিটোৱে তেওঁক জীয়েকৰ মৃত্যুতকৈয়ো অধিক আঘাত দিছিল। তেওঁ আছিল স্পেইনৰ তৰুণ কবি মিগুৱেল হাৰনান্দেজ। তিনি বছৰে তেওঁক ইখনৰ পাছত সিখন জে’ললৈ স্থানান্তৰ কৰা হৈছিল। স্পেইনৰ আলিকেন্তে জে’ল আছিল তেওঁৰ বাৰ নম্বৰ জে’ল, আৰু ইয়াতেই তেওঁ চিকিৎসা নোপোৱাকৈ যক্ষ্মা ৰোগত মৃত্যু বৰণ কৰিছিল। নেৰুডা, দেলিয়া আৰু বহুতে, কেথলিক গীৰ্জাৰ ধৰ্মগুৰুসকলক কবিগৰাকীৰ মুক্তিৰ বাবে হস্তক্ষেপ কৰিবলৈ আবেদন জনাইছিল যদিও, তেওঁলোকে একোকে কৰা নাছিল। এইগৰাকী কবিৰ কবিতাকে তেওঁ লৰেলত প্ৰকাশ কৰিবলৈ অক্টাভি়অ’ পাজক অনুৰোধ জনাইছিল। অন্তিম সময়ত হাৰনান্দেজে আটাইতকৈ উৎকৃষ্ট কবিতা কেইটিমান ৰচনা কৰিছিল। তেওঁ তেওঁৰ অন্তিম কবিতাটো, বিছনাৰ কাষতে লাগি থকা কাৰাগাৰৰ বেৰত খৰধৰকৈ আৰু লেপাথেপাকৈ লিখিছিল, যিটোৰ দুটা শাৰী আছিল এনেকুৱা :
“বিদায় ভাইসকল, কমৰেডসকল, আৰু বন্ধুসকল : বেলিটোৰ পৰা
আৰু গমৰ পথাৰখনৰ পৰা
মোক বিদায় ল’বলৈ দিয়া।’’
নেৰুডা আৰু দেলিয়াই তেওঁৰ মৃত্যুত শোকে-দুখে বাৰুকৈয়ে পীড়িত হৈছিল। এই দুখে তেওঁলোকৰ ৰাজনৈতিক দায়বদ্ধতাক আৰু অধিক দৃঢ় কৰিছিল।
দুমাহ পাছত, মোৰ্লা লিঞ্চে নেৰুডাক টেলিগ্ৰামযোগে জনাইছিল যে, মাৰুকাই চিলিলৈ উভতিব বিচাৰে আৰু এইমৰ্মে তেওঁক এখন চিলিৰ পাছপোৰ্টৰ ব্যৱস্থা কৰি দিব লাগে। পিছে, এই ক্ষেত্ৰত নেৰুডাৰ সহাঁৰি আছিল সংযত : “ৰাষ্ট্ৰদূত বেৰোজৰ আগ্ৰহক তাৰিফ কৰিও মই স্পষ্টকৈ ক’ব খোজোঁ যে, মই মোৰ পূৰ্বৰ পত্নী মাৰুকাক চিলিলৈ অহাটো নিবিচাৰোঁ আৰু যদি তৎসত্বেও তেওঁ আহে, মই তেওঁৰ মাহেকীয়া ভাট্টা সাময়িকভাৱে বন্ধ কৰিবলৈ বাধ্য হ’ম।”
আচলতে নেৰুডাই, মালভাৰ মৃত্যুৰ পুৰ্বেই বিবাহবিচ্ছেদৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। তেওঁ কুৱেৰনাভাকাৰ এগৰাকী বিচাৰকৰ ওচৰত এইমৰ্মে এখন দৰখাস্তও দাখিল কৰিছিল। সেই সময়ৰ মেক্সিকোত, এপিনে প্ৰগতিবাদী দৃষ্টিভংগীক জোৰদাৰ কৰিবলৈ আৰু আনপিনে বিদেশীসকলক আকৰ্ষণ কৰাৰ উদ্দেশ্য, বিবাহবিচ্ছেদবোৰ কম খৰচত ত্বৰান্বিত কৰিবলৈ আইন প্ৰণয়ন কৰা হৈছিল।
নেৰুডাৰ উকীলে মেৰিয়া এণ্টোনীয়া হাগেনাৰক সম্বোধন কৰি বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি আইনগত জাননী এখন ক্ষুদ্ৰ পৰিসৰত প্ৰচাৰিত বাতৰি কাকতত দিছিল আৰু ইয়াৰ উদ্যোগ নেফটালি ৰিকাৰ্ডো ৰেয়েজে লোৱা বুলি উল্লেখ কৰিছিল আৰু ই যে মিটমাট কৰিব নোৱাৰা বিধৰ, তাকো উল্লেখ কৰিছিল। আইনগত জাননীখনত হাগেনাৰক তিনিদিনৰ ভিতৰত আদালতত হাজিৰ হ’বলৈ তলব কৰা হৈছিল, অন্যথা, একপক্ষীয় সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি লিখা হৈছিল। বাস্তৱিকতে তেতিয়া, মাৰুকাই নাজী অধিগৃহীত হলেণ্ডত থকা হেতুকে তেওঁৰ ৰুগীয়া জীয়েকৰ সৈতে মেক্সিকোলৈ অহাটো অসম্ভৱ হোৱাত বাদেও, তেওঁ আনকি জাননীখনো নেদেখাত, স্বাভাৱিকতে ইয়াৰ উত্তৰ সময়ত দিয়াটো সম্ভৱ হোৱা নাছিল।
যথাসময়ত, নেৰুডাৰ বিবাহ বিচ্ছেদ মঞ্জুৰ হৈছিল আৰু ১৯৪৩ চনৰ দুই জুলাই তাৰিখে দিনৰ এটা বজাত নেৰুডাই দেলিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। প্ৰচণ্ড গৰম আৰু মহৰ উৎপাত সত্বেও তেওঁলোকে অতিথিসকলৰ বাবে ভোজনৰ আয়োজন কৰিছিল আৰু ৰাতি হোৱালৈকে মদ্যপান কৰি, নাচি-বাগি গান গাই, কবিতা পঢ়ি এই বিয়া উদযাপন কৰিছিল। পাবলোৱে তেওঁৰ নতুন পত্নীক মেক্সিকোৰ ওহাকা প্ৰদেশৰ ৰূপেৰে গঢ়া এডাল নেকলেছ উপহাৰ দিছিল। তেওঁ উত্ৰাৱল হৈ ঘোষণা কৰিছিল যে, সকলোবোৰ বন্ধুৱে তেওঁক দিব নোৱাৰা সম্পদ তেওঁ দেলিয়াৰ বুকুতেই পাইছিল।
*
ব্ৰাজিলত ঘটা এটি শোকাৱহ ঘটনাই নেৰুডাক বাণিজ্য দূতৰ দায়িত্বক নেওচি ৰাজনীতিত যোগ দিয়াৰ প্ৰৱণতাক ত্বৰান্বিত কৰিছিল। সেই সময়ত, সোঁপন্থী একনায়ক এজনৰ দ্বাৰা শাসিত ব্ৰাজিলত সকলো বাঁওপন্থী চিন্তাধাৰাক বেআইনী ঘোষণা কৰা হৈছিল। ১৯৩৫ চনত, নেৰুডাৰ ভাষাত, ব্ৰাজিলবাসীৰ “আশাৰ মধ্যমনি’’ স্বৰূপ লুই কাৰ্লছ প্ৰেষ্টিছক গ্ৰেপ্তাৰ কৰি অকথ্য নিৰ্যাতন চলোৱা হৈছিল। তেওঁৰ মাক স্পেইনলৈ পলাই গৈছিল আৰু পাছত মেক্সিকোত থাকিবলৈ লৈছিল। নেৰুডাই প্ৰেষ্টিছক জে’লৰ পৰা মুকলি কৰাৰ উদ্দেশ্যেৰে তেওঁক দিহাপৰামৰ্শ দি সহায় কৰি থকা অৱস্থাতে ১৯৪৩ চনৰ জুন মাহত প্ৰেষ্টিছৰ মাকৰ মৃত্যু হৈছিল। মেক্সিকোৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি লেজাৰো কাৰ্দেনাছে টেলিগ্ৰাম মাৰফৎ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি গেতুলিও ভাৰ্গাছক মাকৰ অন্ত্যেষ্টি ক্ৰিয়াত থাকিব পৰাকৈ প্ৰেষ্টিছক জে’লৰ পৰা মুকলি কৰি দিয়াৰ বাবে অনুৰোধ কৰিছিল; তেওঁ আনকি প্ৰেষ্টিছক জে’ললৈ ওভতাই পঠোৱাৰ বাবে ব্যক্তিগতভাৱে সকলো দায়িত্ব ল’ব বুলিও কৈছিল। কিন্তু, ভাৰ্গাই তেওঁৰ অনুৰোধ প্ৰত্যাখ্যান কৰাত বুদ্ধিজীৱী আৰু শ্ৰমিকসকলে অন্ত্যেষ্টিক্ৰিয়াটোক গণপ্ৰতিবাদলৈ ৰূপান্তৰিত কৰিছিল। নেৰুডাই উক্ত সমাৱেশত “কৰ্কশ বন্দনা’’ নামৰ এটি দীঘল কবিতা পাঠ কৰিছিল, যিটো পাছত মৰতৰ আবাসৰ তৃতীয় খণ্ডত অন্তৰ্ভুক্ত হৈছিল। নেৰুডাৰ কবিতা আৰু বক্তব্যত ৰুষ্ট হৈ মেক্সিকোস্থিত ব্ৰাজিলৰ ৰাষ্ট্ৰদূতজনে চিলিৰ চৰকাৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। মেক্সিকো নগৰীৰ এখন সোঁপন্থী বাতৰিকাকতে এই প্ৰসংগত নেৰুডাৰ প্ৰতিক্ৰিয়া এইদৰে ব্যক্ত কৰিছিল :
“চিলিৰ প্ৰধান বাণিজ্যদূত হিচাপে (কূটনৈতিক প্ৰতিনিধি হিচাপে নহয়), মোৰ কৰ্তব্য হ’ল মেক্সিকো আৰু মোৰ দেশৰ মাজত সাংস্কৃতিক আৰু বাণিজ্যিক সম্পৰ্ক দৃঢ়তৰ কৰা। কিন্তু, এগৰাকী লেখক হিচাপে মোৰ কৰ্তব্য হ’ল, পৰম উৎকৰ্ষতাৰে সামাজিক আৰু মানৱিক চৰ্তসমূহ পূৰণ কৰিব পৰাকৈ স্বাধীনতাক সুৰক্ষা প্ৰদান কৰা। সেয়েহে, মোৰ বিৰুদ্ধে কোনোবাই প্ৰতিবাদত গৰ্জি উঠিলেও বা তেনে ধৰণৰ কিবা কৰিলেও মোৰ অৱস্থান অথবা কবিতাৰ কোনো সালসলনি নহয়।’’
অতিষ্ঠ নেৰুডাই বাণিজ্য দূতৰ দায়িত্বৰ পৰা অব্যাহতি লৈ চিলিলৈ প্ৰত্যাৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সত্য আৰু ন্যায়ৰ হকে চলোৱা সক্ৰিয় কৰ্মকাণ্ডৰ ফলত, তেওঁৰ বাবে চাকৰি চলাই নিয়াটো অসম্ভৱ হৈ পৰিছিল।
উত্তাল ইউৰোপীয় পৰিস্থিতিৰ মুখামুখি হোৱাৰ পাছত, আৰু মেক্সিকোৰ উচ্চ মালভূমিকে ধৰি মধ্য আমেৰিকা ভ্ৰমণৰ প্ৰেক্ষাপটত, সামগ্ৰিকভাৱে ব্যাপকতৰ পৰিসৰত দেখিবলৈ পোৱা অন্যায় অবিচাৰৰ বিৰুদ্ধে অতি স্পষ্টকৈ লিখাৰ এক প্ৰবল বাসনাই তেওঁৰ মনত গুজৰি-গুমৰিবলৈ আৰম্ভ কৰিছিল। চিলিলৈ ওভতাৰ আগে আগে, তেওঁ নিজকে ইউৰোপীয় মনোযোগৰ পৰা আঁতৰাই, তেওঁৰ কাব্যিক ধাৰাৰ পুনৰ্বিন্যাস ঘটাই “চিলিৰ কেণ্টো জেনেৰেল’’খনক পূৰ্ণাঙ্গ ৰূপ দিয়াৰ বাবে তৎপৰ হৈ পৰিছিল। দক্ষিণ এমেৰিকাৰ চিত্ৰপটত তেওঁ ইয়াৰ কবিতাবোৰক নতুন সাঁচত ঢালিব বিচাৰিছিল, যাৰ প্ৰাসংগিকতা তেওঁ মাচ্ছু পিচ্ছুৰ শিখৰ অৱলোকনৰ পাছতে আবিষ্কাৰ কৰিছিল। ইতিমধ্যে আমি লক্ষ্য কৰিছোঁ যে, তেওঁ বলিভাৰৰ দৰে দক্ষিণ আমেৰিকাৰ মহান মুক্তিদাতাগৰাকীক তেওঁৰ ভাব প্ৰকাশৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ “বলিভাৰৰ সোঁৱৰণত এটি গান’’ নামৰ কবিতাটো আছিল ইয়াৰ আগতীয়া উদাহৰণ।
মহাকাব্যখনৰ আৰম্ভণিতে
তেওঁ যে নিজকে চিত্ৰপটখনৰ সৈতে
সম্পূৰ্ণৰূপে একীভূত কৰিব পাৰিছে
সেই বিষয়ে নিশ্চিত হ’ব লাগিব।
তেওঁ প্ৰতিপন্ন কৰিব পাৰিব লাগিব যে, তেওঁৰ এখন অনুভূতিপ্ৰৱণ হৃদয় আৰু কাব্যিক নৈপুণ্য আছে, যাৰ জৰিয়তে তেওঁ ভূগোল, বুৰঞ্জীৰ সৈতে সম্পৃক্ত হৈ থকা প্ৰাচীন লোকসকলৰ গাঁথাক গীতি কবিতাৰ মাজেৰে প্ৰকাশ কৰি বৰ্তমানৰ প্ৰজন্মক পৰিৱৰ্তনৰ পথ দেখুৱাব পাৰে। এই শক্তি তেওঁ তেওঁৰ কবিতা “দক্ষিণ আমেৰিকা, মই তোমাক অনাহকত আৱাহন কৰা নাই’’, নামৰ কবিতাটোত ইতিমধ্যে প্রতিপাদন কৰিব পাৰিছে। উল্লেখিত কবিতাটো পোন প্ৰথমে মেক্সিকোৰ পৰা প্ৰকাশিত আলোচনী ৰিভিষ্টা আমেৰিকাত ১৯৪৩ চনত প্ৰকাশিত হৈছিল আৰু ই কেণ্টো জেনেৰেলত এক মুখ্য শিল্পকৰ্ম হিচাপে বিবেচিত হৈছিল। কাব্যিক দক্ষতা আৰু প্ৰগতিবাদী আদৰ্শেৰে পৰিপুষ্ট, একমাত্ৰ তেওঁকেই যেন ইয়াৰ মৰ্মন্তুদ প্ৰতিটি শাৰীয়ে মুখ্য ভূমিকা গ্ৰহণ কৰাৰ বাবে নিৰ্বাচিত কৰিছে। আৰু নতুন আহ্বানৰ প্ৰতি যথাযথভাৱে সঁহাৰি জনোৱা নেৰুডাইও, মহাদেশখনৰ চেতনাক বাঙ্ময় কৰি সুৰাৰোপ কৰাৰ দায়িত্বেৰে দায়ৱদ্ধ হোৱাটোকেই তেওঁৰ প্ৰত্যয়পত্ৰ বুলি দৃঢ়তাৰে সাব্যস্ত কৰিছিল।
“দক্ষিণ আমেৰিকা, মই তোমাক অনাহকত আৱাহন কৰা নাই,
যেতিয়া মই তৰোৱালখন মোৰ হৃদয়ত গুজি দিও,
যেতিয়া মই আত্মাৰ লীকবোৰ প্ৰতিহত কৰোঁ,
যেতিয়া তোমাৰ নতুন দিনে
খিৰিকীৰে সোমাই মোক বিদ্ধ কৰে,
উদ্ভাসিত পোহৰত কেৱল
মই আৰু মই
যিয়ে মোক জনম দিয়ে,
মই বাস কৰোঁ মোক
নিৰূপণ কৰা ছাঁত,
মই শোৱোঁ আৰু জাগি উঠোঁ
তোমাৰ প্ৰভাতী নিৰ্মলতাত,
তুমি আঙুৰৰ দৰে মিঠা আৰু ভয়ানক,
তুমি চেনি আৰু কঠোৰতা পৰিবাহী,
তোমাৰ প্ৰজাতিৰ বীর্য্যত সিক্ত তুমি,
স্তন্যপায়ী তোমাৰ তেজৰ ঐতিহ্য।
নেৰুডাই মেক্সিকো ত্যাগ কৰাৰ আগৰ সপ্তাহটো, বন্ধুবৰ্গৰ সৈতে উদযাপন কৰাৰ লগতে পুৰণি বিবাদবোৰকো পুনৰুজ্জীৱিত কৰিবলৈ লৈছিল। তেওঁ অক্টাভিঅ’ পাজক খোঁচ মাৰিবলৈ গৈ, “হোয়’’ নামৰ এখন প্ৰভাৱশালী আলোচনীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কৈছিল, “মেক্সিকোক কৃষিবিদ আৰু চিত্ৰকৰ অধ্যুষিত অঞ্চল বোলা যায়,’’ আৰু সেয়েহে, “মেক্সিকোৰ কবিতাত বাস্তৱিকতে চকুত পৰাকৈ দিশ নিৰ্দেশনা আৰু নৈতিক সৌজন্যতাৰ চৰম অভাৱ দেখা যায়।’’
ইয়াৰ উত্তৰ ততাতৈয়াকৈ পাজে ৰাজহুৱাকৈ সদৰী কৰিছিল এইদৰে :
“ৰাজনীতিবিদ আৰু সাহিত্যসমালোচক হিচাপে খ্যাত, চিলিৰ বাণিজ্য দূত আৰু কবি, মহামহিম পাবলো নেৰুডা” তেওঁৰ ‘বন্ধু’ বুলি ভবা কিছু চাটুকাৰৰো সহৃদয় পৃষ্ঠপোষক। এই ধৰণৰ অসংগতিপূৰ্ণ কাৰ্যপ্ৰণালীয়ে তেওঁৰ স্বপ্নক ছায়াচ্ছন্ন কৰাৰ উপৰিও তেওঁৰ বিচাৰ-ক্ষমতাক বিকৃত কৰে : তেওঁৰ সাহিত্য ৰাজনীতিৰ দ্বাৰা প্ৰদূষিত, সেইদৰে তেওঁৰ ৰাজনীতিও সাহিত্যৰ দ্বাৰা কলংকিত, আৰু তেওঁৰ সমালোচকসকল বন্ধুত্বৰ ভাও দিয়া একো একোজন কুকৰ্মৰ সহযোগীহে….’’।
বিদায়ীসভাখনৰ দিন, ২৭ আগষ্ট নিৰ্ধাৰণ কৰা হৈছিল। সমগ্ৰ মেক্সিকো মহানগৰীতে পোষ্টাৰ আঁৰি ৰাইজক উপস্থিত থাকিবলৈ আবেদন জনোৱা হৈছিল। ৰাষ্ট্ৰদূত অস্কাৰ স্নাকে ছাণ্টিয়াগোলৈ প্ৰত্যুত্তৰত জনাইছিল যে, এহাজাৰতকৈয়ো অধিক লোকৰ উপস্থিতিয়ে নেৰুডাক মহিমামণ্ডিত হোৱাকৈ শ্ৰদ্ধাঞ্জলি যাঁচিছিল :
সভাখন বৰ্ণনা কৰিব নোৱাৰা ধৰণৰ চিত্ত আলোড়ণকাৰী আৰু চমকপ্ৰদ আছিল। ই মেক্সিকোৰ জাইআলাই হলৰ দৰে এটি প্ৰকাণ্ড হলত অনুষ্ঠিত হৈছিল যদিও, এই সভাত যোগদানকাৰীসকলৰ বহুতে বহিবলৈ আসন পোৱা নাছিল। কবিগৰাকীৰ প্ৰতি শ্ৰদ্ধাভক্তিত কিমান যে উচ্ছলিত নাছিল এই লোকসকল, আৰু এই গুণানুকীৰ্তন আছিল অবিস্মৰণীয়…..বৰ্তমান নেৰুডা হৈ পৰিছে পৱিত্ৰতাৰ প্ৰতিমূৰ্ত্তি, দক্ষিণ আমেৰিকাৰ কবিকুলৰ মানৱীয় প্ৰতিৰূপ ; তেওঁ এতিয়া দৃঢ় আৰু অচঞ্চল, আদৰ্শৰ প্ৰতি বদান্যতাৰে সমৰ্পিত প্ৰাণ তেওঁৰ।’’
পেৰিছ আৰু মেক্সিকোত পূৰ্বৰে পৰা চিনাকি, ফ্ৰাঞ্চৰ লেখক চিমন টেৰিয়ে নেৰুডাৰ সুস্বাস্থ্য কামনা কৰি দিয়া ভাষণত কৈছিল : তূণমূলৰ সৈতে সম্পৰ্ক থকা পাবলো নেৰুডা যিদৰে সহজ-সৰল আৰু ৰহস্যময়, সেইদৰে সন্মোহিনী শক্তিৰে মহীয়ান তেওঁ। সৈনিক, ৰাজনীতিক, অথবা অধ্যাপক, যিজনৰে তেওঁৰ সৈতে সময় কটোৱাৰ সৌভাগ্য হৈছে, তেওঁৱেই একোজন সপ্ৰতিভ যুৱক হৈ ওলাই আহিছে।’’
মেক্সিকোৰ হাউচ অফ ৰিপ্রেজেণ্টেটিভৰ ভূতপূৰ্ব সভাপতি, চিজাৰ মেৰিনো উক্ত সভাত নেৰুডাক উদ্দেশ্য কৰি কৈছিল : “আপুনি মেক্সিকোলৈ অহা দিন ধৰি, অন্যায়ভাৱে লুণ্ঠিত আমাৰ দেশৰ অতীতক সকলোৰে সম্মুখত তুলি ধৰি আছে। সেইদৰে, আপুনি আমাৰ বৰ্তমানকো তুলি ধৰিছে, যি বৰ্তমানত আমি মুক্ত মানুহৰ সৈতে থিয় হৈ ইয়াৰ ভাগ্য নিয়ন্ত্ৰণৰ বাবে শক্তিশালী সংগ্ৰামত অৱতীৰ্ণ হৈছোঁহক আৰু যিসকল এতিয়াও স্বাধীন হোৱা নাই, তেওঁলোকৰো অন্তৰত স্বাধীনতাস্পৃহা জগাই তোলাৰ বাবে ব্ৰতী হৈছোঁহক। আমাৰ লক্ষ্য হ’ল, এক সুন্দৰ ভৱিষ্যত, যি ভৱিষ্যতত বিৰাজিব সকলোৰে বাবে ন্যায় আৰু বৈভৱ।’’
১৯৪৩ চনৰ আগষ্টৰ ৩০ তাৰিখে, নেৰুডা আৰু দেলিয়াক বিদায় দিবলৈ প্ৰায় দুশ লোক মেক্সিকোৰ এয়াৰোপুৱেৰ্টো চেণ্ট্ৰেলত গোট খাইছিল।
*
নেৰুডাই অৱশ্যে ততাভুকুতাকৈ ঘৰলৈ উভতি নাহি দক্ষিণ আমেৰিকাৰ পশ্চিম ফাল পৰিভ্ৰমণ কৰাৰ নিমিত্তে ঢাপলি মেলিছিল, “শুই থকাসকলক জগোৱাৰ নিমিত্তে, আৰু সাৰে থকাসকলক উৎসাহিত কৰাৰ বাবে।’’
অন্য নহ’লেও, অন্ততঃ বাঁওপন্থীসকলে সমগ্ৰ মহাদেশতে তেওঁক লোকনায়ক হিচাপে বন্দিত কৰিছিল। যাত্ৰাপথত তেওঁ কলম্বিয়াৰ বাঁওপন্থী ৰাষ্ট্ৰপতি এলফোঁচো লোপেজ পুমাৰেজোৰ নিমন্ত্ৰণক্ৰমে তাত কিছুদিন কটাবলগীয়া হৈছিল। তাত থকাকালত, তেওঁ আৰু দেলিয়াই কেল্ডাছৰ কফি উৎপাদনকাৰী অঞ্চল এটি দৰ্শন কৰিছিল। এণ্ডিজ পৰ্বতমালাৰ পাদদেশত অৱস্থিত ইয়াৰ গাঁৱলীয়া স্কুলখনক ল’ৰা-ছোৱালী সমন্বিতে শ্ৰমিকসকলে তেওঁৰ উপস্থিতিক কেন্দ্ৰ কৰি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰি “পাবলো নেৰুডা’’ নামেৰে নামকৰণ কৰিছিল।
পিছে, নেৰুডাৰ বাবে অভ্যৰ্থনাবোৰ সকলো সময়তে সুখকৰ নাছিল। তেওঁৰ ব্যক্তিত্ব, তেওঁৰ ৰাজনীতি, তেওঁৰ কবিতা, কিছুমানৰ বাবে চকুৰ কুটা, দাঁতৰ শাল স্বৰূপ আছিল। তেওঁৰ সমালোচকসকলৰ মাজত কবি পেদ্ৰো ৰুৱেদা মাৰ্টিনেজ আছিল অন্যতম, যিগৰাকীয়ে এল্ চিগ্লো নামৰ বাতৰি কাকতখনত নেৰুডাৰ ৰাজনৈতিক দৃষ্টিভংগীক দুৰ্বলতাৰ নিদৰ্শন বুলি কৈছিল। তেওঁৰ ভাষাত, “তেওঁ তেওঁৰ কবিতাক শ্ৰেণীযুদ্ধৰ আৱেগেৰে সঞ্চালিত কৰিব বিচাৰিছে, আৰু এই কাৰ্যক এজন গোড়ামীপূৰ্ণ সৰ্বহাৰাৰ কামৰ দৰে লাগে, যিজনে কলাসন্মত প্ৰবল অনুভূতিবোৰক নিলগাই থৈ দলগতভাৱে ঘৃণাক উচটনি দিয়ে।’’
আনকি এই কাকতখনৰ প্ৰতিষ্ঠাপক লৰেনো গোমেজেও, কলম্বিয়াৰ উদাৰপন্থী চৰকাৰখনে নেৰুডাক সন্মান জনোৱাটো সহ্য কৰিব পৰা নাছিল। তেওঁ, ছদ্মনামত নেৰুডাৰ বিৰুদ্ধে কুৎসা ৰটনা কৰি এটি কবিতা লিখিছিল। নেৰুডায়ো ইয়াৰ প্ৰত্যুত্তৰত গোমেজক ব্যংগ কৰি ছন্দৱদ্ধ ৰূপত এটি শক্তিশালী আৰু আমোদজনক কবিতা লিখিছিল।
ইয়াৰ পাছত দেলিয়া আৰু নেৰুডাই পেৰুৰ ৰাজধানী লিমাত উপস্থিত হৈছিল, য’ত ৰাষ্ট্ৰপতি মেনুৱেল প্ৰেদোৱে তেওঁলোকৰ সন্মানাৰ্থে অনুষ্ঠিত কৰা ভোজমেলত যোগ দিবলগীয়া হৈছিল। উল্লেখযোগ্য যে, তেতিয়া পেৰুত গণতন্ত্ৰ পুনঃপ্ৰতিষ্ঠা হৈছিল মাত্ৰ। ইয়াৰ পাছদিনা নেৰুডাই আড়ম্বৰপূৰ্ণ টিয়েত্ৰো মিউনিচিপেল হলত, “কবিতাৰ মাজেৰে মোৰ ভ্ৰমণ’’ শীৰ্ষক এটি ভাষণ দিছিল। তাৰ পাছতে, পেৰুৰ লেখকসকলক উপলক্ষ কৰি দিয়া বক্তব্যত “দক্ষিণ আমেৰিকা, তোমালোকৰ চাকিবোৰ জ্বলাই ৰাখা’’ নামৰ সদ্যৰচিত কবিতা এটি পাঠ কৰিছিল। কবিতাটোত চিলি আৰু পেৰুৰ বন্ধনক সুদৃঢ় কৰাৰ বাবে গুৰুত্ব আৰোপ কৰিছিল, যি বন্ধন তেওঁ মেক্সিকোৰ সৈতেও বিচাৰিছিল। এইযে ঐক্যবদ্ধ দক্ষিণ আমেৰিকাৰ আৱাজ তেওঁ সৰ্বত্ৰ ঘোষণা কৰি আছিল, তাক তেওঁ সাকাৰ ৰূপ দিছিল তেওঁৰ “কেণ্টো জেনেৰেল’’ত, য’ত তেওঁ দক্ষিণ আমেৰিকাবাসীৰ জন্মৰ বিষয়টোক “পৃথিৱীৰ এগছি চাকি’’ নামৰ কবিতাৰ মাধ্যমত জীৱন্ত ৰূপত বৰ্ণনা কৰিছিল।
নেৰুডা আৰু দেলিয়াই মাচ্ছু পিচ্ছু পৰিদৰ্শন কৰিব বিচৰাত, ৰাষ্ট্ৰপতি প্ৰেদোৱে তেওঁলোকৰ ভ্ৰমণ ফলপ্ৰসূ কৰাৰ বাবে যাৱতীয় সহযোগ আগবঢ়াইছিল। সেই সময়ত, ইনকা সভ্যতাৰ ধ্বংসাৱশেষ হিচাপে জনাজাত ঠাইখন পৰ্যটন কেন্দ্ৰ ৰূপে গঢ়ি উঠা নাছিল। যাতায়াতৰ ব্যৱস্থা নথকা হেতুকে তেওঁলোকে তিনিদিন ধৰি গাধৰ পিঠিত যোৱাৰ উপৰিও খোজকাঢ়ি যাবলগীয়া হৈছিল। ঐন্দ্ৰজালিক এই ঠাইখন দৰ্শন কৰাৰ পাছতে, অনুপ্ৰাণিত হৈ তেওঁ তেওঁৰ প্ৰসিদ্ধ কবিতা ‘মাচ্ছু পিচ্ছুৰ শিখৰ’ ৰচনা কৰিছিল। যিটোক তেওঁ কেণ্টো জেনেৰেলৰ দ্বিতীয় খণ্ডত স্থান দিছিল। “মোৰ বিশ্বাস, ই হ’ল দক্ষিণ এমেৰিকাৰ ধুৰা, আৰু ইয়াক কেন্দ্ৰ কৰিয়েই আৱৰ্তিত হৈছে দক্ষিণ এমেৰিকাৰ ইতিহাস; ই হ’ল কেন্দ্ৰবিন্দু, আৰু সমগ্ৰ দক্ষিণ এমেৰিকা মহাদেশৰ উৎপত্তিস্থল। মোৰ ধাৰণা ইয়াৰ মহিমাময়তাক ইউৰোপীয়সকলে প্ৰশংসা কৰিলেও, তেওঁলোকে ইয়াৰ লগত বিজড়িত ঐতিহাসিক আৱেগক অনুধাৱন কৰিব নোৱাৰে, অথচ এই আৱেগেই আমাক যুগেযুগে অনুপ্ৰাণিত কৰি আহিছে।’’
নেৰুডাই স্বীকাৰ কৰিছিল যে, এই সুপ্ৰাচীন ঠাইখন দৰ্শন কৰাৰ পাছতে, প্ৰথম অৱস্থাত লিখিবলৈ লোৱা কেণ্টো জেনেৰেলখনক মাথোঁ চিলিৰ মাজতে আবদ্ধ নাৰাখি সমগ্ৰ দক্ষিণ আমেৰিকাক সাঙুৰি বহল ভিত্তিত ৰচনা কৰাৰ তাগিদা অনুভৱ কৰিছিল। তেওঁৰ ভাষাত, “ এই ৰচনাখনৰ বীজ মোৰ দেশত ৰোপণ কৰা হৈছিল যদিও, মেক্সিকো, পেৰু আৰু বিশেষকৈ মাচ্ছু পিচ্ছু ভ্ৰমণৰ পাছতে, মই ব্যক্তিগতভাৱে সমগ্ৰ দক্ষিণ এমেৰিকা মহাদেশৰ মাটিৰ স’তে সম্পৃক্ত হৈ পৰিছিলোঁ।’’ তেওঁ উভতি আহি কেণ্টোখনৰ গতিধাৰাক নতুন দিশত ধাৱিত কৰিছিল।
“মাচ্ছু পিচ্ছুৰ শিখৰ’’ৰ কবিতাবোৰ অসাধাৰণ হোৱাৰ মূলতে হ’ল, নেৰুডাই ইয়াৰ কবিতাবোৰত কোনা ধৰাবন্ধা নিয়মৰ দ্বাৰা পৰিচালিত নকৰি, অথবা কোনো সামাজিক বাস্তৱবাদী সূত্ৰ নামানি ৰাজনীতিক অভিনৱ পদ্ধতিৰে পোনপটীয়াকৈ প্ৰক্ষেপ কৰিছিল। নেৰুডাই নিজ চকুৰে দেখি-শুনি আত্মানুসন্ধাত ব্ৰতী হৈ আৱিষ্কাৰ কৰা সমগ্ৰ দক্ষিণ এমেৰিকাৰ বুৰঞ্জীক ইয়াৰ কবিতাবোৰৰ শাৰীয়ে শাৰীয়ে উজলাই তুলিছিল। তেওঁ অতীজৰ বৈষম্যমূলক সমাজখনক অৱলোকন কৰি, বৰ্তমানেও যে সেই বৈষম্যৰ অৱসান ঘটা নাই, সেই লৈ উদ্বিগ্ন হৈ পৰিছিল। “মাচ্ছু পিচ্ছুৰ ওচৰৰ বসতিস্থল, চুকো দৰ্শনৰ পাছতে, মই বিভিন্ন চিন্তাত বিভোৰ হৈ পৰিছিলোঁ। মই দক্ষিণ এমেৰিকাৰ আদিম মানুহবোৰৰ বিষয়ে ভাবি, চিন্তিত হৈছিলোঁ। মই তেওঁলোকৰ সংগ্ৰাম মানসচকুৰে প্ৰত্যক্ষ কৰিছিলোঁ আৰু সেই প্ৰাচীন সংগ্ৰামবোৰৰ সৈতে আজিৰ সংগ্ৰামবোৰৰ যোগসূত্ৰক উপলব্ধি কৰিছিলোঁ।’’ মাচ্ছু পিচ্ছুৰ শিখৰে অতীত আৰু বৰ্তমানৰ প্ৰজন্মৰ কণ্ঠকেই সঞ্জীৱিত কৰিছে। মহাসাগৰৰ পিনে মুখ কৰি ইছলা নেগ্রাৰ ঘৰত বহি বহিয়েই তেওঁ এই কবিতাবোৰ ৰচনা কৰিছিল।
বাৰটা খণ্ডত লিখা ইয়াৰ ভ্ৰমণৰত বিবৰণীবোৰ প্ৰায় ধৰ্মগ্ৰন্থত লিখাৰ দৰে লিখা হৈছিল, যাতে মহাদেশীয় শিপাৰ গোন্ধ ইয়াৰ ছত্ৰে ছত্ৰে উপলব্ধ হয়।
কেণ্টো জেনেৰেলৰ প্ৰথম কবিতাটো, নেৰুডাই কোৱাৰ দৰে, “আত্মজীৱনীমূলক স্মৃতিসম্বলিত ইয়াৰ শাৰীবোৰ সুশৃঙ্খল গতিৰে আগ বাঢ়িছিল—
আকাশে আকাশে তৰি দিয়া
শূন্য জালৰ দৰে,
মই অনাইবনাই ঘূৰিছিলোঁ
ৰাস্তা আৰু বায়ুৰ মাজেৰে,
আৰু উপস্থিত হৈ
বিদায় মাগিছিলোঁ
তেওঁৰ জীৱনত, তেতিয়ালৈকে,
তেওঁ দিনৰ পাছত দিন অতিক্ৰান্ত কৰিছিল,
“আকাশে-বতাহে ঘূৰি ঘূৰি’’ শূন্যৰ পৰা শূন্যলৈ গতি কৰি।
তেওঁৰ নিজকে এখন শূন্য জালৰ দৰে লাগিছিল। “কুৰিটা প্ৰেমৰ কবিতা”-ৰ Poem VII-ত তেওঁ লিখিছিল :
আবেলিৰ গাত আঁউজি
তোমাৰ সামুদ্ৰিক চকুযুৰিক
আলোড়িত কৰি
মেলি দিওঁ মই মোৰ দুখৰ জাল
সেই সাগৰলৈ।
আৰু Poem XIII ত :
ওঁঠ আৰু কথাৰ মাজত,
কিবা যেন মৰহি গৈছে।
যিদৰে জালে ধৰি ৰাখিব
নোৱাৰে পানী,
সিদৰে চৰাইৰ পাখীৰ
কিহবাত, যন্ত্ৰণা আৰু
পাহৰণিৰ ক’ৰবাত
কিবা যেন মৰহি গৈছে।
“মাচ্ছু পিচ্ছুৰ শিখৰ’’ৰ চতুৰ্থ খণ্ডটো তেওঁ এই স্বীকাৰোক্তিৰে আৰম্ভ কৰিছে যে, “সৰ্বশক্তিমান মৃত্যুৱে মোক মাতিছিল বহু বহুবাৰ।’’
কিন্তু ষষ্ঠ খণ্ড আহি পোৱাত, তেওঁৰ জিৰণিৰ ঠাইটুকুৰাই তেওঁক দক্ষিণ আমেৰিকাৰ সামগ্ৰিক স্বপ্নৰ পৱিত্ৰতাৰ মাজলৈ দৃষ্টি নিক্ষেপ কৰি ধ্যনমগ্ন হ’বলৈ কয়, আৰু ইতিহাস আৰু ভৱিষ্যতক একেডাল সূতাৰে গাঁঠি নিৰীক্ষণ কৰিবলৈ কয় :
আৰু তাৰ পাছত বগাই বগাই
মাটিৰ চিৰি,
………
পাইছিলোঁ মই তোমাক,
হে মাচ্ছু পিচ্ছু।
ঢাপে ঢাপে উঠি যোৱা শিলৰ নগৰ,
অৱশেষত মেদিনীয়ে ৰাতিৰ
চোলাৰ তলত লুকাই নোথোৱা এটি ঘৰ।
মানুহ আৰু বজ্ৰপাতৰ দুটি ৰেখাই
সমান্তৰালকৈ মিলিছিল তোমাত,
তোমাৰ কণ্টকিত বতাহৰ
দোলনাত।
শিলৰ মা, কন্দৰৰ সিঁচৰতি বীৰ্য।
মানৱিক পুৱাৰ উত্তুংগ প্ৰাচীৰ।
আদিম বালিত হেৰোৱা কোদাল।
পৰিৱৰ্তিত পৰিস্থিতিত তেওঁৰ মনত একাত্মবোধ আৰু সামূহিকতাৰ উপলব্ধি জাগ্ৰত হয় আৰু বৰ্তমানৰ মাজতে নেৰুডাই অতীতক প্ৰত্যক্ষ কৰিবলৈ লয়।
এয়াই আছিল নিবাস, এয়াই
আছিল ঠাই :
……..
ইয়াতেই ভিকুনাৰ নোমৰ
সোণলী সূতাৰ কাপোৰেৰে
আৱৰা হৈছিল প্ৰণয়, সমাধি,
মাতৃ, ৰজা, প্ৰাৰ্থনা আৰু
যোদ্ধাক।
কবিতাটো দ্বাদশ খণ্ডত গৈ শীৰ্ষবিন্দুত উপনীত হৈছিল, যেতিয়া তেওঁ মাচ্ছু পিচ্ছু নিৰ্মাণ কৰা দাসসকলৰ সৈতে কথা পাতিছিল।
উঠা, জাগা, আৰু ভূমিষ্ঠ হোৱা
মোৰ সৈতে, হে ভাইসকল।
তোমালোকৰ বিক্ষিপ্ত দুখবোৰৰ
গভীৰতম কোণৰ পৰা, মেলি দিয়া
মোলৈ তোমালোকৰ হাতবোৰ।
তোমালোক উভতি নাযাবা
শিলাখণ্ডৰ গভীৰৰ পৰা।
উভতি নাযাবা ভূগৰ্ভস্থ সময়ৰ পৰা।
ইয়ে তোমালোকৰ কঠুৱা
মাতবোৰ ওভতাই নিদিয়ে।
তোমালোকৰ ঘুঁকটি উলিয়াই নিয়া
চকুবোৰ সিহঁতে আৰু ঘূৰাই
নিদিয়ে। হেৰৌ হালোৱা, বোৱনী,
নিৰ্বাক গৰখীয়াসকল, মাটিৰ
গভীৰৰ পৰা মোৰ পিনে চোৱা :
ৰক্ষক গুৱানাকোসকলৰ
আলসুৱা মৰম: অবাধ্য ঘোঁৰাৰে
ৰাজমিস্ত্ৰীসকল: এণ্ডিয়ান
চকুলোৰ হে পানীভাৰীসকল :
ভগা আঙুলিৰ হে সোণাৰিসকল :
বীজৰ বুকুত কঁপি থকা
খেতিয়কসকল : চাকত বোকা
ঢলা কমাৰসকল : লৈ আনা
পুতি থোৱা সকলো পুৰণিকলীয়া
দুখ, আৰু ভৰাই দিয়া সিবোৰ
এই নতুন জীৱনৰ পিয়লাত।
মোক দেখুওৱা তোমালোকৰ
তেজ আৰু তোমালোকৰ সীৰলু,
মোক কোৱা : ইয়াতেই মোক
শাস্তি বিহা হৈছিল
কাৰণ বাখৰবোৰ জিলিকা
নাছিল নতুবা খেতিমাটিয়ে
শিল আৰু শস্য সময়মতে
দিয়া নাছিল :
মই আহিছোঁ তোমালোকৰ
মৃত মুখেৰে কথা ক’বলৈ।
তেওঁলোকৰ মাজেৰে কথা কোৱাৰ আৰু তেওঁলোকৰ পৰা শুনাৰ, এই যে বিশেষাধিকাৰ, এয়া বাৰু তেওঁ কিদৰে অৰ্জন কৰিছিল? নেৰুডাই বিজিতসকলে লিখামতে ইতিহাস বিবৃত কৰাৰ সলনি পতিত লোকসকলৰ দৃষ্টিকোণৰ পৰা সেই ইতিহাস তুলি ধৰাৰ চেষ্টা কৰিছিল।
কেণ্টোখনক তেওঁ সামৰিছিল এইদৰে :
মই আহিছোঁ পৃথিৱীৰ
সকলো নিৰ্বাক আৰু ফটা
ওঁঠবোৰ জোৰা লগাবলৈ,
আহিছোঁ মই তোমালোকৰ সৈতে
একত্ৰ হ’বলৈ, যাতে তোমালোকে
মোক ওৰে ৰাতি বহি বহি এটি
এটিকৈ ধীৰে ধীৰে খোলোচাকৈ
সকলো কোৱা; শান দিয়া
তোমালোকৰ হাতত থকা
ছুৰীবোৰত আৰু সিবোৰ মোৰ
বুকুত আৰু হাতত থোৱা, আৰু
মোক কান্দিব দিয়া ঘণ্টাৰ পাছত
ঘণ্টা, দিনৰ পাছত দিন,
বছৰৰ পাছত বছৰ, অন্ধ যুগৰ
পাছতো যুগ যুগ ধৰি নাক্ষত্ৰিক
শতিকাজুৰি, বিদ্যুতৰ চমকেৰে
চমকোৱা হালধীয়া নদীৰ দৰে,
নৈৰ বুকুত লুকাই থকা
চিতাবাঘৰ দৰে।
……….
আহা, থিতাপি লোৱা মোৰ সিৰা
আৰু মুখগহ্বৰত।
কথা কোৱা মোৰ কণ্ঠে কণ্ঠে,
মোৰ ৰক্ততৰংগেৰে।
তেওঁলোকৰ চকুৰে তেওঁ অৱলোকন কৰে ; তেওঁলোকেও তেওঁৰ চকুৰে দেখিবলৈ ধৰে। “কবিৰ আহ্বানে’’ এক দায়িত্বৰ উদ্ভৱ ঘটায় আৰু একে সময়তে, সক্ৰিয় হ’বলৈ উদ্গনি দিয়ে : কবিৰ স’তে আনসকলে যিদৰে মত বিনিময় কৰিছে, ঠিক একেদৰে কবিয়েও আনসকলৰ সৈতে মত বিনিময় কৰিছে আৰু তেওঁ তেওঁৰ কণ্ঠেৰে আনসকলৰ কণ্ঠতো কণ্ঠদান কৰিছে।
প্ৰতিৰোধী কবিতাৰ আধুনিক গুৰু হিচাপে খ্যাত চিলিৰ ৰাউল যুৰিটাৰ মতে, স্পেনিছ ভাষাৰ বুৰঞ্জীত এতিয়ালৈকে এইটোৱে একমাত্ৰ মহৎ কবিতা।
স্পেনিছ প্ৰজাতন্ত্ৰৰ হকে আৰু ষ্টেলিনগ্ৰাদ ৰক্ষাক কেন্দ্ৰ কৰি লিখা কবিতাবোৰ আছিল বাস্তৱ ঘটনাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়াৰ ফচল। কিন্তু, “মাচ্ছু পিচ্ছু’’ৰ অৱস্থান হ’ল ইতিহাসে ঢুকি নোপোৱা সুদূৰ অতীত। আনহাতে ইয়াক নেৰুডাৰ ভৱিষ্যতৰ কবিতাবোৰৰ দৰে কেৱল কমিউনিষ্ট প্ৰপাগাণ্ডা বুলিলে ভুল কৰা হ’ব। মাচ্ছু পিচ্ছু নিৰ্মাণ কৰা দাস শ্ৰমিকসকলৰ প্ৰতি দায়বদ্ধ হৈ তেওঁ খান্দিবলৈ লোৱা কুঁৱাটো গভীৰভাৱে উদ্ঘাটন কৰিবলৈ গৈ, শ্ৰমিক শ্ৰেণীৰ প্ৰতি পূৰ্বতকৈয়ো অধিক সহমৰ্মিতাৰে অংগীকাৰৱদ্ধ হৈ পৰিছিল, যাৰ ফলশ্ৰুতিত, তেওঁ কৈশোৰ অৱস্থাত লিখা “ৰাতিৰ ৰে’লৰ আলিৰ দাঁতিৰ ঘূৰণীয়া ঘৰবোৰ’’ৰ দৰে কবিতাবোৰতকৈও অধিক উন্নত কৌশল প্রয়োগ কৰি কবিতা লিখিবলৈ সমৰ্থবান হৈছিল।
এই সহমৰ্মিতাৰ বলতেই তেওঁ শ্ৰমিক শ্ৰেণীৰ মুখপাত্ৰৰূপে নিজকে অধিষ্ঠিত কৰিব পাৰিছিল। সেয়ে তেওঁ বিনা দ্বিধাই ক’ব পাৰিছিল, “ মই আহিছোঁ তোমালোকৰ মৃতমুখেৰে ক’থা ক’বলৈ,’’ আৰু তেওঁ মিনতি কৰিব পাৰিছিল, “ আহা, তোমালোক মোৰ সিৰালৈ আৰু মোৰ মুখলৈ।’’ কিন্তু তেওঁৰ ৰাজনৈতিক দায়বদ্ধতা তথা কামকাজ সম্পৰ্কে যিমানেই কোৱা নহওঁক কিয়, তেওঁ কি প্ৰকৃততে তেনে অধিকাৰপ্ৰাপ্তিৰ বাবে যোগ্যতা অৰ্জন কৰিছিল? সন্দেহাতীতভাৱে, ই যে এক দাম্ভিক নিশ্চয়োক্তিৰ বাহিৰে আন একো নহয়, তাক নিশ্চয় খুব কম সংখ্যকেহে সাহসেৰে স্বীকাৰ কৰিবলৈ আগবাঢ়ি আহিব। কিন্ত নেৰুডাৰ ব্যক্তিত্ব সেই মুহূৰ্তত ইমানেই বিশাল আছিল যে, তেওঁ তেওঁৰ কাব্যিক কিটিপেৰে ইয়াক ফুলাই-ফোপাই অতি সফল ৰূপত আৰু অধিক মহিমামণ্ডিত কৰিছিল। তেওঁৰ ঔদ্ধত্য সত্বেও, “মাচ্ছু পিচ্ছু’’য়ে কুৰি শতিকাৰ অন্যতম আটাইতকৈ প্ৰাচুৰ্যপূৰ্ণ আৰু গতিশীল কবিতা হিচাপে সাৰ্থক ৰূপত প্ৰতিষ্ঠিত হৈছিল।
ইপিনে সৰ্বসাধাৰণ পঢ়ুৱৈসমাজে নেৰুডাক পতিত আৰু নিপীড়িতসকলৰ কণ্ঠ বুলি গ্ৰহণ কৰিবলৈ লোৱাত, তেওঁৰ ব্যক্তিত্ব যিদৰে আৰু অধিক ৰূপত পৰিস্ফুট হ’বলৈ ধৰিছিল, সেই জোখাৰে তেওঁৰ দায়িত্বও বাঢ়ি বাঢ়ি গৈ আছিল, যি দায়িত্ব অৰ্জনৰ বাবে তেওঁ শৈশৱ কালত লিখিবলৈ লোৱাৰে পৰা চেষ্টাৰ ত্ৰুটি কৰা নাছিল। ১৯৬৫ চনত ইংৰাজ সমালোচক জে এম কোহেনৰ সৈতে হোৱা সাক্ষাৎকাৰত, নেৰুডাই কৈছিল, “আমাৰেই হওক বা আপোনাৰেই হওক, এই জগতখনৰ সমস্যাৰ মূল কাৰক কিন্তু মানু্হ। মোৰ কবিতা “মাচ্ছু পিচ্ছুৰ শিখৰ’’ত, মই প্ৰাচীন মানুহৰ সপোনৰ আলোকত আজিৰ মানুহক বুজাৰ চেষ্টা কৰিছোঁ। ইনকা সভ্যতাৰ পৰা আৰম্ভ কৰি ৰে’ড ইণ্ডিয়ানসকললৈকে, এজটেক সভ্যতাৰ পৰা আৰম্ভ কৰি মেক্সিকোৰ সমসাময়িক খেতিয়কজনলৈকে, তুলিতালি ডাঙৰ দীঘল কৰা আমাৰ মহাদেশখন,চালে চকু ৰোৱা সুন্দৰ সুন্দৰ পাহাৰ-পৰ্বত, নদ-নদী, মৰুভূমি আৰু সমৃদ্ধিশালী খনি অঞ্চলেৰে ভৰপূৰ। তথাপি এই মহানুভৱ ভূমিৰ বাসিন্দাসকল চৰম দৰিদ্ৰতাৰ মাজত জীৱন কটাবলগীয়া হৈছে। এনে অৱস্থাত,কবিৰ কৰ্তব্য কি হোৱা উচিত?’’

