তক্তাপোচত পৰি ৰোৱা পানীৰঙী সপোনটো ।। ববিতা কলিতা
মুক্ত চিন্তা। দ্বাদশ বছৰ। ১ম সংখ্যা
পুনিয়ে ছানি ধৰা পুখুৰীটোৰ পাৰৰ জোপোহা এজোপাৰ আঁৰ লৈ ৰৈ থাকিল মোহন। ভৰিৰ গচকত বন মৰি বাঁৰী তিৰোতাৰ সেওঁতাৰ দৰে হৈ পৰা লুংলুঙীয়া বাটটোৰে তেওঁ আহিব। “তেওঁ আহিব” বোলা ভাবনাখিনিতেই ভাঁজ খাই পৰি থাকে কতনা ৰামধেনু শিহৰণ। হৃদয়ে নিজা ভাষাৰে গুণগুণাই যায় এটি আৱাহনী গান।
“আজ আবাহনীৰ আগমনে কী সুৰ উঠেছে বাজে।”
মোহনৰ গাটো জিকাৰ খাই উঠে। আজিকালি প্ৰায়েই তাৰ এনেকুৱা হয়। তাৰ বুকুৰ নিভৃতত কোনোবাই যেন গোপনে সুহুৰিয়াই থৈ যায়। স্কুলতো তাৰ মন নবহে। বন্ধু-বান্ধৱৰ সংগও তাৰ ভাল নালাগে। সি মনে প্ৰাণে একাকীত্ব বিচাৰে। “তেওঁ আহিব” বোলা ভাবনাটোৰ সৈতে সি সংপৃক্ত হৈ থাকিবলৈ ভাল পায়।
পিছে এই ভৰ দুপৰীয়া তেওঁ আহিব জানো? জয়াল বাৰীখনৰ একেবাৰে সিটো মূৰত পুখুৰীটো। বাঁহনি, জাৰণিৰে গেজেপ খাই থকা শেলুকীয়া বাৰীখন দিনতেই এন্ধাৰ হৈ থাকে। সি সৰুহৈ থাকোঁতে আইতাকে তাক বাৰীখনক লৈ জয়াল সাধুকথাবোৰ কৈ শুনাইছিল। বাৰীত দুপৰীয়া ঘূৰি ফুৰা দেও-পিশাচবোৰৰ কথা। বাৰীৰখীয়া মচোৱা গোম সাপডালৰ কথা। কিন্তু আচল কথাটো সি অলপ ডাঙৰ হোৱাতহে শুনিছে। জীৱন হেণ্ডিমেনৰ কথাটো। বুঢ়া কঁঠালজোপাৰ শকত ডালটো আৰু ৰছীত ওলমি থকা জীৱন হেণ্ডিমেনৰ সাধুটো আইতাকে তাক ইচ্ছাকৈয়ে নোকোৱাকৈ আছিল।
সৰু ল’ৰাই আপোনঘাতী হোৱা মানুহৰ কথা শুনিব নাপায়। আপোনঘাতী হোৱা লোকে মুক্তি নাপায়। তাৰ ‘অতৃপ্ত আত্মা’টোৱে বোলে সংগী বিচাৰি পি পিয়াই ঘূৰি ফুৰে। অলপ ধতুৱা মানুহ পালে সি ঘপহকৈ তাক নিজলৈকে টানে আৰু পিশাচৰ পৃথিৱীখন বহল কৰি গৈ থাকে।
কিন্তু গাঁওখনৰ সিটো মূৰত থকা জীৱন হেণ্ডিমেনে ইমান দূৰলৈ আহি কিয় চিপ ল’লে?
কথাবোৰ ভাবি থাকোঁতেই কঁঠালজোপাৰ তলত ধুমকৈ শব্দ এটা হ’ল। চমকি উঠিল মোহন।
পকা কঁঠাল এটা সৰি পৰিছে। কিন্তু বা-বতাহ একো নাই। কঁঠালটো কিহে সৰালে? চৰায়ে? কেৰ্কেটুৱাই? বান্দৰে? নে জীৱন হেণ্ডিমেনে? কেনেবাকৈ জীৱন নিজেই কঁঠাল এটা হৈ সৰি পৰা নাইতো!
“ধেৎ!”
একেডোখৰ জেগাতে খাপ পিটি থাকি বিৰক্ত হৈ পৰিল মোহন। আঁঠুমূৰলৈকে চুৰিয়া পিন্ধা বাবে তাৰ উদং কলাফুল দুটাৰে চীনাজোকবোৰ ওপৰলৈ উজাই আহিছিল। সি তাৰ পেটৰ ভিতৰতো বুদবুদকৈ কিবা উজাই অহা যেন পালে। যেন কিলবিলাই থকা অলেখ চিনাজোক! তাৰ শৰীৰৰ ৰক্তপ্ৰৱাহৰ গতি খৰ হৈ পৰে। তাৰ পুৰুষাংগ কঁপাই যায় গৰম স্ৰোত এটাই। মোহনে আঙুলিৰে চেপি ধৰি লিকটীয়া জোকবোৰ কলাফুলৰপৰা এৰুৱাই আনে। পিছে লিকটা জোকবোৰ আঙুলিতে এঠা লাগি লাগি ধৰে। সি কাষতে থকা গছজোপাৰ খহটা গা-গছজোপাতে হাতখন ঘঁহাই দিয়ে। জোক, সাপ, মহ, দাঁহলৈ তাৰ ভয় নাই। পিছে ভয় তাৰ নিজলৈহে।
কেনেবাকৈ যদি সি মুখেৰে টুঁ কৈ শব্দ এটা কৰে? সি থকাৰ উমান পালে তেওঁ যদি উভতি লৰ মাৰে? নতুবা ঠাইতে থাকি যদি চিঞৰ-বাখৰ কৰে?
তেওঁৰ কথা মনলৈ অহাৰ লগে লগে মোহনৰ আপাদমস্তক মৃদু ভূঁইকঁপ এটাই কঁপাই থৈ যায়। চিচমোগ্ৰাফে বুকুত তাৰ ঔলম্বিক আঁক-বাঁক কৰে।
আচলতে ভূঁইকঁপ নে ধুমুহা? Storm and Stress বুলিয়েই কোৱা নাছিল জানো বিজ্ঞান শিক্ষকে। প্ৰেম হেনো হ’ৰমনৰ খেল। ইষ্ট্ৰজেনে নিয়ন্ত্ৰণ কৰে মানুহৰ যৌনাকাংক্ষাক। কি জানো ৰসায়নে প্ৰেমত পেলায় মানুহক?
বাদ দে এইসৱ। প্ৰেম সকলো হিচাপ-নিকাচৰ উৰ্ধৰ এক মধুময় অনুভূতি।
মোহনে গছজোপাৰ হাউলি অহা পাত কেইখিলামান সন্তৰ্পনে আঁতৰাই দি জুমি জুমি চায়-
তেওঁ আহিছেনে নাই?
ভাবনাৰ নদীত ডিঙা মেলি দিয়ে মোহনে।
তেওঁ সঁচাকৈয়ে আহিছে। নাঙঠ ফেঁহুৰঙী ভৰিদুখনেৰে সৰাপাত গচকি আহিছে তেওঁ। ৰূপকথাৰ অপ্সৰাবোৰৰ দৰেই তেওঁৰো কোনো লৰালৰি নাই। তেওঁৰ শৰীৰৰ প্ৰতিটো উঠা-নমাত কেঁচা বাঁহ পাতৰ মৃদু কঁপনি! সৌৱা, ৰাতিৰ মায়াসনা আয়ত চকুহালেৰে তেওঁ চৌপাশে এপাক চকু ফুৰাই লৈছে। তাৰপিছত চাদৰৰ আঁৰ লৈ ব্লাউজৰ হুকবোৰত হাত লগাইছ।
এটা…দুটা…তিনিটা।
ছল পাই দুপৰৰ পকা ৰ’দটোৱে তেওঁৰ উদং দেহাটোত পোহৰৰ ছবি আঁকিছে। পলকতে তেওঁ নেগেৰি খোপাটি খহাই পূৰঠ সাপৰ দৰে উজ্জ্বল চুলিখিনি লাহেকৈ জোকাৰি দিছে।
যেন সেই চুলিখিনিকে জখলা বনাই তেওঁৰ বুকুলৈকে উজাই আহিব কোনোবা অচিন দেশৰ ৰাজকুমাৰ। মোহনে লাহে লাহে ৰাজকুমাৰৰ মুখখন নিজৰ মুখখনৰ সৈতে মিলি যোৱা যেন অনুভৱ কৰে। এই যেন পুনিয়ে ঢকা পুখুৰীটোৰ খাচ কটা বাটেৰে তেওঁ খুপি খুপি নামি যাব আৰু তেওঁৰ পাজিসেৰিয়া আঙুলিকেইটাৰে পানীৰ পুনি আঁতৰাই লৈ নিজক নিতম্বলৈকে বুৰাই পেলাব। এই সুযোগ মোহনে এনেয়ে যাবলৈ নিদিব। পুখুৰীৰ পাৰত শোঁট মোচ খাই পৰি ৰোৱা তেওঁৰ কলপতীয়া মেখেলাখন সি চিলনীয়ে নিয়া দি থপিয়াই নি কদমজোপাৰ ডালত ওলমাই থ’ব আৰু নিজেও ওখ ফেৰেঙনি এটাত ৰাজকুমাৰে ঘোঁৰাত বহাদি বহি লৈ চাই থাকিব। তেওঁ পানীৰপৰা উঠি নহালৈকে সি তাতেই ৰৈ থাকিব। এদিনৰ বাবে সিও হৈ পৰিব বংশীবিহীন কৃষ্ণ।
মোহন!
তলসৰা কঁঠালটোত জাক পাতি পৰা কাউৰীজাকৰ কোৰ্হালত মোহনৰ সম্বিৎ ঘূৰি আহিল।
আস! তেওঁচোন আজিও নাহিল!
বাৰীখনৰ গাতে লাগি থকা পথাৰখনলৈ দুই এক মানুহ আহিছে। দৰক দিয়া গৰুবোৰক দুপৰৰ পানী খুৱাবলৈ আহিছে মানুহবোৰ। কোনোবাই দেখে বুলি মোহনে লৰালৰি কৰে। পিছে হেঙাৰখন পাৰ হ’বৰ পৰত বাঁহৰ জেঙে বাঁকুহি যায় তাৰ সোভৰিৰ কলাফুলটো। তেজ বন্ধ কৰিবলৈ সি তাত জাৰ্মান বন দুখিলা মোহাৰি লগাই দিয়ে।
ৰাতি শুবৰ পৰতো তাৰ সোভৰিৰ কলাফুলটো এবাৰ চেকচেকাই উঠিল। তাতকৈ বেছিকৈ তাৰ বুকুখনত পোৰণি উঠিল। কইনাৰ সাজত তেওঁক কি যে অপৰূপ দেখিছিল! গাঁওখনত এনে শুৱনি কইনা সি এই প্ৰথম দেখিছে। আইতাকে যেতিয়া কৈছিল,“খুৰীদেউ বুলি মাতিবি, মাৰৰ নিচিনাকৈয়ে মৰম কৰিব দে তোক,” তেতিয়া মেজিৰ জুইকুৰা তাৰ গাতে জ্বলাদি জ্বলি উঠিছিল। খুৰীয়েকে যেতিয়া তামোল পাণ এহালিৰে তিনিচুকীয়াকৈ ভাঁজ কৰা ৰুমালখন তালৈকে আগুৱাই দিছিল, যেতিয়া তাৰ হাতত তেওঁৰ জেতুকাবুলীয়া হাতখনে স্পৰ্শ কৰিছিল, তেতিয়াৰপৰাই তাৰ টোপনিবোৰ কমি আহিছিল। তন্দ্ৰালু সময়বোৰত সপোনবোৰ জীৱন হৈ সাৰ পাই উঠিছিল।
আইতাকে নিতৌ বাৰীৰ সিমূৰৰ পুখুৰীটোত গা ধোৱাৰ লেখীয়াকৈ খুৰীয়েকেও গা ধুবলৈ আহিব বুলিয়ে সি পুৱা-বেলি জয়াল বাৰীখনতে খাপ পিটি ৰৈ থাকিছিল।
কিন্তু তেওঁ এবাৰলৈও অহা নাছিল।
পিছদিনাও চেকচেকাই থাকে মদনৰ কলাফুলটো। সি মাকৰ পুৰণি চাদৰৰ টুকুৰা এটা তাত বান্ধি লৈ অলপ বাৰীখনৰ কাষে-পাঁজৰে ইফাল-সিফাল কৰি আহে।
মাকে চাহ এবাটি আৰু ভাপত দিয়া পিঠা এটা মোহনৰ পঢ়া মেজখনতে ঠেকেচা মাৰি থৈ ভোৰভোৰাই উঠে,
“@বাপেৰই পুৱাৰে পৰাই বিচাৰি ফুৰিছে তোক। পৰীক্ষা দুৱাৰমুখ পালেহি। সময় মিলাই কিতাপকেইখনৰ ধূলিখিনিকে গুচাবিচোন। ফেইল কৰিলে বাপেৰে তোক আৰু নপঢ়ুৱায়; খেতিৰ কামতহে লগাব বুলি কৈছে।”
“ধেইত। কিনো একেইবোৰ কথাকে সদায় বলকি থাক?”
-মোহন বিৰক্ত হ’ল। আজিকালি তাৰ কাৰো একো কথায়েই ভাল নলগা হ’ল।
“নপঢ় নাই। চাহটুপিকে গিলি থ। চাহ গুছি চৰ্বত হ’ল।”
-মোহনে মাকলৈ পেন্দোৱাকৈ চালে। এই চাৱনিটোৰ অৰ্থ হ’ল তাক অকলে থাকিবলৈ দিব লাগে।
“খালে খাবি নেখালে নাই। পাকঘৰত ধেৰ কাম পৰি আছে মোৰ। নতুন খুৰীয়েৰক ভাত খাবলৈ মাতিছোঁ আজি।”
নতুন খুৰীয়েকৰ নাম শুনাৰ লগে লগেই মোহনৰ মুখখন পোহৰ হৈ পৰিল। কৰ্কৰীয়া পিঠাটোৰে ঠাণ্ডা চাহটুপি সাউৎকৈ গিলি থ’লে সি।
তেওঁ আহিব।
কিতাপৰ আঁৰ লৈ সি পুনৰ একাকীত্ব বিচাৰিলে।
এইবাৰ তেওঁ সঁচাকৈয়ে আহিছিল। হালধীয়া কপাহী সাজযোৰে তেওঁক পাটমাদৈ চৰাই এজনী কৰি তুলিছিল।
সম্পৰ্কীয় বিনয় খুৰাকলৈ মোহনৰ অহৈতুক খং এটা উঠি আহিল। বিনয় পেটলাইহে পাব লাগেনে তাৰ পাটমাদৈজনীক? হওতে বিনয় খুৰাক পেটেলা নাছিল। তাৰ খং উঠিলে নামৰ লগত পেটলা শব্দটো সি জোৰকৈ লগাই দিয়ে। সি আৰু অলপ ডাঙৰ হোৱা হ’লে! মেট্ৰিকটো দিবলৈ এতিয়াও যে এটা বছৰ বাকী!
বহু ৰাতিলৈকে মোহনে একেইবোৰ কথাকে ভাবি থাকিল। বুকুত সাৱটি লোৱা গাৰুটো তেওঁ হোৱা হ’লে!
তাৰ শৰীৰত গৰম শ্ৰোত এটি উজাই আহিল। সি চোতালৰ ফালৰ খিৰিকীখন খুলি দিলে। আন্ধাৰ ৰাতিটোক জয়াল কৰি চোতালৰ চতিয়নাজোপাৰ ডালত পৰি কাল ফেঁচাটোৱে নিউ নিউ কৰি আছিল। ফেঁচাই নিউ নিউ কৰিলে হেনো মানুহ মৰে! এই বিনয় পেটেলাটো নমৰেনো কিয়? জীৱনৰ দৰে দিঙিত চিপ লৈ নমৰেনো কিয় সি?
“আইতা, জীৱন হেণ্ডিমেন মৰাৰ আগতে ফেঁচাই নিউ নিউ কৰিছিলনে?”
-মোহনে পুৱাই উঠিয়েই আইতাকক সুধিলে।
“ধনীয়ে নিৰ্ধনীক “নিউ” বুলিলে ফেঁচাই কুৰুলিয়াব লাগেনে? হাইস্কুল পাছ কৰি জীৱন চহৰলৈ পঢ়িবলৈ গৈছিল। পঢ়াত চোকা আছিল সি। কবিতাও লিখিছিল হেনো। পিছে যৌৱনৰ ভৰপক সময়। ল’ৰাইও পঢ়া-শুনা বাদ দি প্ৰেমৰ কবিতাহে লিখিবলৈ ধৰিলে। প্ৰেমো প্ৰেম একেবাৰে ৰজাৰ জীয়েকৰ লগত প্ৰেম!
ৰজাই সুধিলে,
“বোলো নন্দিনীক নি কি কৰি খুৱাবি?”
“খেতিকে কৰিম। দোকানকে দিম। গাড়ীকে চলাম। সেই হ’লেও এদিনলৈও তাইক মই সুদাপেটে নাৰাখোঁ।
-জীৱনৰ স্পষ্ট কথা।
পঢ়িবলৈ এৰিলে জীৱনে। পিছে খেতি কৰিবলৈ মাটি নাছিল তাৰ। দোকান পাতিবলৈ মূলধন নাছিল। গাড়ী চলাবলৈও শিকি উঠা নাছিল সি। গতিকে হেণ্ডিমেনৰ কামটোতে সি মূৰটো গুজি লৈছিল।
পিছে হেণ্ডিমেনলৈ ৰজাৰ জীয়েকৰ বিয়া কিবা নোহোৱা নপজা কথাহে হয় দেখোন।
ৰাইজখনেও ইস ইস আস আস কৰিলে।
কিন্তু দৈৱৰ ঘটনা!
ৰাইজখনে কাহিলিপুৱাতে জীৱন হেণ্ডিমেনক বিনয়হঁতৰ বাৰীৰ কঁঠালজোপাত ওলমি থকাহে দেখিলে।”
“আৰু নন্দিনীৰ কি হ’ল?”
“যৌৱনৰ পিৰীতি। কান্দো বুলিয়েতো আৰু তাই ৰাইজখনক দেখুৱাই কান্দিব নোৱাৰে। আমি জানো, তাইৰ অন্তৰে কান্দিছিল।”
-তামোলৰ সেলেঙিখিনি হাতৰ ঠাৰেৰে মচি আইতাকে হুমুনিয়াহ এটা কাঢ়িলে।
“এতিয়া নন্দিনী ক’ত আছে?”
“হেই অঁকৰাটো! কি নন্দিনী নন্দিনী লগাইছ? সম্বন্ধত তোৰ খুৰীয়েৰ হয় দেখোন।”
জীৱন হেণ্ডিমেনৰ প্ৰেয়সী এতিয়া বিনয় ফৌজিৰ পত্নী? তাৰ সপোনৰ কুঁৱৰীৰ নামটো নন্দিনী?
মোহনৰ গাত লেপালেপে চিনাজোক এসোপা লাগি অহা যেন লাগিল। যেন এপাত এৰুৱালে আন এপাত জপৌকৈ আহি লাগি ধৰেহি।
সি বহুপৰ ইকাটি-সিকাটি নকৰাকৈ তাৰ তক্তাপোচখনতে পৰি থাকিল। তাৰ দুচকুৰে অজানিতে দুধাৰি চকুলো সৰি পৰিল। সি বুজি নাপালে, কাৰ বাবে কান্দিছে সি।
তাৰপিছতো মোহনে কেবাদিনো পুখুৰীৰ পাৰৰ গছজোপাৰ আঁৰ লৈ অপেক্ষা কৰিছিল তেওঁলৈ। কিন্তু তেওঁ অহা নাছিল। শুনামতে বিনয় ফৌজিয়ে নন্দিনীৰ বাবে চোতালতে গা ধোৱা ঘৰ এটা সাজি দিছে। বাৰীৰ পিনে তাই মুখকে কৰিব নালাগে। বিনয় নিজেও বাৰীখনলৈ নাযায়েই বুলিব পাৰি। জীৱনে বাৰীখন চুৱা কৰি থোৱাদি থৈ গ’ল।
“ঐ মোহন, এহ ওলাই আহচোন। খুৰীয়েৰহঁত যায়গৈ। তোক মাত লগাবলৈ আহিছে।”
-মোহনৰ মাকে চোতালৰ পৰাই মোহনক মাতি দিলে।
“ক’লৈ?”
মোহন তক্তাপোচখনৰপৰা খপজপকৈ উঠি আহিল।
“ৰাজস্হানলৈ যায় আক’। বিনয়ৰ ছুটী শেষ হ’ল নহয়। বিয়াৰ বাবে ছুটী লৈহে আহিছিল সি।”
মোহনৰ কাকো মাত লগাবলৈ মন নাছিল। মাকে ঢোল পিটি সি ভিতৰত থকা বুলি জনাই নিদিয়া হ’লেতো সি ওলায়েই নাহিলহেঁতেন।
“আহিছোঁ দিয়া মোহন। তুমি ভালকৈ পঢ়িবা। তোমাৰ পৰীক্ষাৰ ভাল খবৰ পালে ভাল লাগিব আমাৰ।”
যাবৰ পৰত নতুন খুৰীয়েকে মোহনৰ মূৰত হাত বুলাই কৈ থৈ গ’ল। তেওঁৰ হাতৰ জেতুকাখিনি তেতিয়াও সুমথিৰাৰঙী হৈয়ে আছিল।
তেওঁ যোৱাৰ পাছতো মোহনে বহুপৰ জেতুকাৰ গোন্ধখিনি বতাহত ভাঁহি থকা যেন পালে।
গাড়ীখন নেদেখা হৈ যোৱালৈকে সি নঙলামুখতে ৰৈ থাকিল।
মনতে গুণিলে সি, সঁচাকৈ পৰীক্ষাত তেওঁ বিচৰাৰ দৰেই ফল পোৱা হ’লে! পিছে তাৰ পৰীক্ষা অহাৰ আগতেই মৰু প্ৰদেশৰপৰা অন্য এটা খবৰহে আহিল।
বিনয় ফৌজি হেনো আৰু নাই।
“নাই মানে?”
-মোহন চিঞৰি উঠিল।
“সেইটোও হেনো আপোনঘাতী হ’ল।”
-আইতাকে বেপৰোৱাভাৱে ক’লে। আপোনঘাতী হোৱা লোকৰ প্ৰতি আইতাকৰ ভাল ভাব নাই।
খবৰটো পাই মোহনৰ গাটো বহুপৰ কঁপি থাকিল। সিনো কিয় বিনয় খুৰাকক মৰিবলৈ শাওপাত দিব লাগিছিল? কালফেঁচাটো সি হুৰাইও দিব পাৰিলহেঁতেন!
“শুনিছনে মোহন, খুৰীয়েৰ হেনো একেবাৰে উভতি আহিছে। অচিন মুলুকত মানুহজনীয়ে অকলে অকলে কিনো কৰে? তাতে আৰু…।”
কৈ কৈ ৰৈ গৈছিল আইতাক।
“তাতে আৰু কি?”
খুৰীয়েকে ন-কইনাৰ ভাত খাবলৈ আহিবৰ দিনাই মন কৰিছিল মোহনে, তেওঁৰ হালধীয়া মেখেলা চাদৰযোৰ মাজভাগত ওফন্দি আছিল।
কিন্তু তেতিয়াচোন তেওঁৰ বিয়াৰ মাহেই ভৰা নাছিল! তেওঁৰ জেতুকাৰ ৰংবোৰেই সৰা নাছিল!
কিদৰে ভৰি আহিল নন্দিনী?
জীৱন হেণ্ডিমেন?
মোহনৰ এনে লাগিল যেন জীৱন হেণ্ডিমেন কঁঠালৰ কণমানি মুচি এটা হৈ পৰিছে আৰু নন্দিনীৰ গৰ্ভৰ আন্ধাৰখিনিত লুকাই লাহে লাহে ডাঙৰ হৈ আহিছে।
সেই জীৱনে বিনয়ৰ ওপৰত প্ৰতিশোধ নল’ব? তাৰ প্ৰেয়সীক কিয় এৰি দিব সি পৰপুৰুষৰ হাতত?
আপোনঘাতী হৈ মৰা লোকে অলপ ধতুৱাক নিজৰ লগলৈ টানে। আইতাকে কৈছিল মোহনক।
কিন্তু বিনয় হয় জানো অলপ ধতুৱা?
অলপ ধতুৱা হোৱা হ’লে সি জীৱন হেণ্ডিমেনক দিঙি চেপি মাৰি নিজৰেই বাৰীৰ কঁঠালজোপাত ওলমাই থ’ব পাৰিলহেঁতেননে?
কোনে ক’লে মোহনক এইবোৰ কথা?
নতুন খুৰীয়েকে?
আইতাকে?
নে কঁঠালজোপাই?
“জীৱন, তোমাৰ হত্যাৰ প্ৰতিশোধ আজি পূৰ্ণ হ’ল।”
বাৰীত বিনয়ৰ শৰাধৰ ভাত বঢ়াবলৈ যোৱা নন্দিনী মুহূৰ্তৰ বাবে ৰৈ গৈছিল কঁঠালজোপাৰ তলত। বিনয়ৰ ভাগৰ কান্দোনখিনি তাই জীৱনলৈ বুলি উলিয়াই দিছিল।
জোপোহাৰ আঁৰত তেতিয়াও ৰৈ আছিল মোহন “তেওঁ আহিব” বুলি। কিন্তু উন্মুক্ত চুলিৰে বগা সাজ পিন্ধা নন্দিনীক সিদিনা মোহনৰ বৰ অচিনাকি অচিনাকি লাগিছিল। আহাৰমহীয়া পকা কঁঠাল এটাৰ দৰে স্ফীত হৈ অহা নন্দিনীৰ গৰ্ভত জীৱনে উশাহ লৈছিল।
এৰা! জীৱনে!
সেই মুহূৰ্ততে মোহনৰ অপেক্ষাৰ অন্ত পৰিল। সি যোৱা বাটেৰে নীৰৱে উভতি আহিল। ফটা কানি এখনেৰে মেজত পৰি থকা ধূলিয়ন কিতাপখিনি জাৰি-জোকাৰি চাফা কৰি ল’লে সি। পৰীক্ষালৈ আৰু বেছিদিন নাই। নতুন খুৰীয়েকৰ বাবে নহয়, নিজৰ বাবেই সি এটা ভাল খবৰ হ’ব পাৰিব লাগিব।
সময়ৰ দৰেই এদিন মোহনৰ মনৰ ধুমুহাজাকো পাৰ হৈ গ’ল। মোহনৰ তক্তাপোচখনত পৰি ৰোৱা পানীৰঙী সপোনটো লাহে লাহে ধূসৰ হৈ আহিল।
