কেন্দ্ৰীয় নিবন্ধ

ড০ ভূপেন হাজৰিকাৰ গীতত নাৰী-চেতনা ।। মীনাক্ষী বৰুৱা

মুক্ত চিন্তা। দ্বাদশ বছৰ। প্ৰথম সংখ্যা

অসমৰ সংগীত, সাহিত্য আৰু সংস্কৃতিৰ ইতিহাসত ড° ভূপেন হাজৰিকা এক চিৰস্মৰণীয় নাম। তেওঁ কেৱল এজন গীতিকাৰ, সুৰকাৰ বা কণ্ঠশিল্পীয়েই নাছিল; তেওঁ আছিল সমাজমনস্ক চিন্তক, মানৱতাবাদী দাৰ্শনিক, চিত্ৰনিৰ্মাতা আৰু সময়-সচেতন সাংস্কৃতিক স্ৰষ্টা। ১৯২৬ চনত জন্মগ্ৰহণ কৰা এই বৰেণ্য গণশিল্পীজনৰ জন্মশতবাৰ্ষিকীৰ প্ৰাক্‌ক্ষণত তেওঁৰ সৃষ্টিৰাজিক নতুন সমাজবাস্তৱতা আৰু সমসাময়িক দৃষ্টিভংগীৰে পুনৰ মূল্যায়ন কৰাৰ এক ঐতিহাসিক সুযোগ আহি পৰিছে। সেই প্ৰেক্ষাপটতেই তেওঁৰ গীতত প্ৰতিফলিত নাৰী-ভাবনাৰ পুনৰ পাঠ কৰাৰ এক বিনম্ৰ প্ৰয়াস কৰিছোঁ।

    ড° হাজৰিকাৰ শিল্পদৰ্শনৰ কেন্দ্ৰবিন্দুত আছিল মানুহ। মানুহৰ মৰ্যাদা, স্বাধীনতা, ন্যায়, প্ৰেম, সংগ্ৰাম আৰু সহাৱস্থানেই তেওঁৰ শিল্পচিন্তাৰ মূল আধাৰ। এই বিস্তৃত মানৱতাবাদী দৃষ্টিভংগীৰ মাজতেই নাৰীৰ স্থান, ভূমিকা আৰু অস্তিত্ব‌ই এক স্বতন্ত্ৰ তাৎপৰ্য লাভ কৰিছে। তেওঁ নাৰীক কেৱল প্ৰেমৰ বিষয়বস্তু বা শৈল্পিক অলংকাৰ হিচাপে উপস্থাপন কৰা নাই, বৰঞ্চ কেতিয়াবা মাতৃ, কেতিয়াবা ভগ্নী, প্ৰেমিকা, ৰোৱনী, দাৱনী, শিপিনী, চঞ্চলা ৰূপহী আৰু কেতিয়াবা সংগ্ৰামী আদি বহুমাত্ৰিক ৰূপত অংকিত কৰিছে। গণনাট্য সংঘৰ সৈতে ওতপ্ৰোতভাৱে জড়িত এই শিল্পীগৰাকীৰ গীতত সেয়ে নাৰীৰ মৰ্যাদা, মমতা, সৃষ্টিশীলতা আৰু জীৱন-সংগ্ৰামৰ প্ৰতি গভীৰ সহমৰ্মিতা সততে অনুভৱ কৰিব পাৰি। অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ নাৰীৰ জীৱন, সংস্কৃতি আৰু সংগ্ৰাম তেওঁৰ গীতত সুন্দৰভাৱে প্ৰতিফলিত হয়। কেৱল কাৰ্বি, মিচিং, তিৱা, বড়ো আদিতে সীমাবদ্ধ নাথাকি তেওঁ নগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ, মেঘালয়, ত্ৰিপুৰা আদি ৰাজ্যৰ সাংস্কৃতিক বৈচিত্ৰ্যকো সংগীতৰ মাজেৰে একতাৰ সূত্ৰত বান্ধি গৈছে। প্ৰকৃতিৰ বিচিত্ৰ নান্দনিক ৰূপৰাজিৰ মাজতো ড০ ভূপেন হাজৰিকাই নাৰীৰ স্বতন্ত্ৰ সত্তা, সৌন্দৰ্য আৰু অস্তিত্বক গভীৰভাৱে উপলব্ধি কৰে। “অসম আমাৰ ৰূপহী গুণৰো নাই শেষ”, “কপিলী কপিলী ৰাংঢালী ছোৱালী”, “অ’ মোৰ ধৰিত্ৰী আই”, “শাৰদীৰাণী তোমাৰ হেনো নাম”, “বিজুলীৰ একোছা আগচুলি আনি”, “তুমি হ’লা লাহৰী, সাগৰৰে লহৰী” আদি অসংখ্য গীতত প্ৰকৃতি আৰু নাৰীৰ ৰূপ একেডাল সূতাৰে গাঁথি দিয়া দেখা যায়। নাৰীৰ প্ৰতি থকা তেওঁৰ এই সহজাত আৱেগ আৰু আকৰ্ষণৰ কথা বহু সাক্ষাৎকাৰত ধেমেলীয়াকৈ হ’লেও তেওঁ প্ৰকাশ কৰি গৈছে।

  ড° হাজৰিকাৰ সৃষ্টিৰ আদিকালছোৱাত অসমীয়া নাৰীৰ সামাজিক মৰ্যাদা আৰু অধিকাৰ বহু ক্ষেত্ৰত সীমাবদ্ধ আছিল। স্বাধীনতাৰ পিছত শিক্ষা, সংবিধান, গণতান্ত্ৰিক ব্যৱস্থা, নাৰী আন্দোলন আৰু চৰকাৰী নীতিসমূহৰ ফলত নাৰীৰ অৱস্থান কিছু উন্নত হয় যদিও পুৰুষতান্ত্ৰিক মানসিকতাৰ গভীৰ পৰিৱৰ্তন ঘটা বুলি ক’ব নোৱাৰি। এনে সময়তেই “যুৱতী অনামিকা গোস্বামী”, “ডুগ ডুগ ডুগ ডুগ ডম্বৰু”, “নেলাগে সমাজ নেলাগে নেলাগে” আদি গীতৰ জৰিয়তে তেওঁ সমাজৰ ৰক্ষণশীল মানসিকতাক প্ৰত্যাহ্বান জনাইছিল। বিশেষকৈ “যুৱতী অনামিকা গোস্বামী” গীতটিত ব্ৰাহ্মণ্যবাদী মানসিকতাৰ বিৰুদ্ধে তেওঁ যি স্পষ্ট আৰু সাহসী স্থিতি গ্ৰহণ কৰিছে, সেয়া নিঃসন্দেহে যুগান্তকাৰী সৃষ্টি।

“মহাশূন্যত উপগ্ৰহ ৰাখি,
এয়া গণসংযোগ কৰোৱাৰ যুগ,
আৰু আণৱিক শক্তিক দানৱৰ পৰা আনি
মানৱৰ সেৱাত লগোৱাৰ যুগ।
এয়া প্ৰশান্ত আৰু অনামিকাৰ
জাতিকুল নেওচা হোমাগ্নিৰ যুগ।
এয়া জনাৰ যুগ,
এয়া বুজাৰ যুগ,
এয়া জেট যুগ,
আণৱিক যুগ,
এয়া সীমাৰ পৰিধি ভঙাৰ যুগ।”

একেদৰে “ডুগ ডুগ ডুগ ডুগ ডম্বৰু” গীতটোত অসবৰ্ণ বিবাহৰ প্ৰসংগত তেওঁ সামাজিক ৰক্ষণশীলতাৰ বিৰুদ্ধে স্পষ্টভাৱে ব্যক্ত কৰিছে উদাৰ মানৱতাবাদী দৃষ্টিভংগী।

“সমাজেও অনুমতি নিদিলে,
দুয়োৰে জাত-পাত নিমিলে
(সেয়ে) সৰুদৈ সৰুকণে বিজুলীৰ পোহৰত
 সৰু সৰু সমাজক এৰে।
হে’ চিকমিক বিজুলী,
এ চিকমিক বিজুলী।”

“নেলাগে সমাজ নেলাগে নেলাগে” গীতটোও সংকীৰ্ণতাৰ বিৰুদ্ধে ক্ষোভৰ জ্বলন্ত নিদৰ্শন।

“বাধাৰ বুৰঞ্জীৰ বহুতো পুথি
টুকুৰা-টুকুৰ কৰি,
দলিয়াই দিম এন্ধাৰৰ ফালে,
যাব ক’ৰবালে উৰি।”

এই বিদ্ৰোহী কণ্ঠস্বৰে সমাজ-সংস্কাৰৰ প্ৰতি যি দৃঢ় অংগীকাৰ আৰু প্ৰগতিশীল চিন্তাধাৰাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিছিল তেনে নিদৰ্শন পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বিৰুদ্ধে ফটফটীয়াকৈ পৰিলক্ষিত হোৱা নাছিল। আওপকীয়াকৈ এই দায়িত্ব তেওঁ নাৰীৰ হাততে অৰ্পণ কৰিছিল।

“তোমাৰ হাতৰ মুঠিতে আছে
তোমাৰ জীৱন ৰথ
ভাঙিব পাৰা, গঢ়িব পাৰা
তোমাৰেই নিজা পথ।
তোমাৰ যুক্তি হেৰোৱা নাই।।”

ড০ হাজৰিকাৰ দৃষ্টিভংগী যদিও সংঘাতমুখী নাৰীবাদত প্ৰতিষ্ঠিত নহয়, বৰঞ্চ পুৰুষ আৰু নাৰীৰ পাৰস্পৰিক সহযোগিতা, সন্মান আৰু সহাৱস্থানৰ ওপৰতহে প্ৰতিষ্ঠিত, তথাপি তেওঁৰ বহু গীতত পুৰুষতান্ত্ৰিক ক্ষমতা-কাঠামোৰ প্ৰত্যক্ষ প্ৰভাৱ দৃষ্টিগোচৰ হয়।  বহু ক্ষেত্ৰত নাৰীক পুৰুষৰ আকাংক্ষাৰ বিষয়বস্তু বা জয় কৰিবলগীয়া সত্তা হিচাপেও উপস্থাপিত হৈছে। “কি বিচাৰি ওৰে জীৱন” গীতৰ শেষাংশত “ঐ ৰাম, স্ত্ৰীৰ বাবে স্বামীৰ চৰণ পূত পুণ্য ঠাই” শাৰীটোৱে ড০ হাজৰিকাৰ এনে পুৰুষতান্ত্ৰিক বিশ্বাসৰ স্পষ্ট প্ৰতিফলন বহন কৰিছে। তেনেদৰে “এই মহিলা মহিলা, ক’লৈনো আহিলা” গীতৰ “হেজাৰ হওক মহিলা, পাহৰি নাযাবা মহিলা পুৰুষৰ তল” আদি গীতাংশতো একেধৰণৰ চিন্তাৰ আভাস পোৱা যায়। যদিও এই গীত চলচ্চিত্ৰৰ প্ৰয়োজনত ৰচিত, তথাপিও ইয়াত গীতিকাৰৰ চিন্তাজগতৰ কিছু আভাস নিশ্চয়কৈ থাকে। আকৌ “মই যেন আজীৱন উৰণীয়া মৌ” গীতটিৰ “কত ৰস চুহিলোঁ অভিজাত কুসুমৰ” পংক্তিয়ে পুৰুষতান্ত্ৰিক ভোগবাদী মানসিকতাৰ গৌৰৱবোধক যেন উৎসাহিতহে কৰিছে। “নতুন নাগিনী তুমি”, “গৌৰীপুৰীয়া গাভৰু দেখিলোঁ” আদি গীততো নাৰীক ইপ্সিত বস্তু হিচাপে উপস্থাপনৰ প্ৰৱণতা স্পষ্ট। এই উদাহৰণসমূহে ড° হাজৰিকাৰ সৃষ্টিত নাৰীৰ মৰ্যাদাপূৰ্ণ চিত্ৰায়ণৰ বিপৰীতে ভোগ্য বা অধীন সত্তা হিচাপে চোৱাৰ ইংগিত বহন কৰিছে।

নাৰী-প্ৰেমক লৈ ড° হাজৰিকাৰ শিল্প-অন্বেষণ অসীম। “জয় বা পৰাজয়”  গীতত তেওঁ এই কথা মুকলিকৈ স্বীকাৰ কৰিছে। নাৰীদেহ, প্ৰেম আৰু ইন্দ্ৰিয়ানুভূতিক শৈল্পিক ৰূপ দিয়াৰ ক্ষেত্ৰত তেওঁ যে অতুলনীয়— এইকথাত দ্বিমত হয়তো নাথাকিব। “বিমূৰ্ত মোৰ নিশাটি”, “দেহ ৰন্ধ্ৰে ৰন্ধ্ৰে”, “দুয়ো মুখামুখি”, “কি যে তোমাৰ সংগ প্ৰিয়া”, “মিলনৰে এই শুভক্ষণ”, “নতুন নিমাতী নিয়ৰৰে নিশা”, “মোৰ গাটো দেখোন অ’ মাকণ সাতখন আঠখন” আদিকে ধৰি বহু গীতত ড০ হাজৰিকাই নাৰীৰ শাৰীৰিক সৌন্দৰ্য, প্ৰেমৰ অন্তৰংগ অনুভূতি আৰু মানৱীয় আৱেগক কাব্যিক ভাষা, মনোগ্ৰাহী চিত্ৰকল্প আৰু সুৰৰ মাধুৰ্যৰে যি কলাত্মক ৰূপত অংকন কৰিছে, সেয়া প্ৰকৃতাৰ্থত অভূতপূৰ্ব।

 “সহস্ৰজনে মোক প্ৰশ্ন কৰে” গীতটোত তেওঁ প্ৰেমৰ গোপনীয়তাক কৌশলগতভাৱে দিছে দাৰ্শনিক মাত্ৰা।

“চয়নিকা চয়নিকা” গীতটিত তেওঁ একবিংশ শতিকাৰ আধুনিক গাভৰুক বিংশ শতিকাৰ সংকীৰ্ণতা, জাতিভেদ আৰু সামাজিক আৱৰ্জনা পৰিত্যাগ কৰি এক নিকা মন লৈ আগবাঢ়িবলৈ আহ্বান জনাইছে। এই গীতত তেওঁৰ উদাৰ মানৱতাবাদী দৃষ্টিভংগী পুনৰ এবাৰ প্ৰতিফলিত হৈছে যদিও পূৰ্বৰ বহু গীতৰ তুলনাত ইয়াত দাৰ্শনিক গভীৰতা কিছু কম অনুভূত হয়। “ময়ূৰী ময়ূৰী” গীতটোও এই ধাৰাৰেই আন এক সংযোজন।

আনহাতে, “মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম, আশাকৰোঁ মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পাম”- গীতত তেওঁৰ ব্যক্তিগত জীৱনৰ অপূৰ্ণতা, অনুশোচনা আৰু গভীৰ আবেগৰ এক মৰ্মস্পৰ্শী প্ৰকাশ ঘটিছে।

সামগ্ৰিকভাৱে বিচাৰ কৰিলে ড° ভূপেন হাজৰিকাৰ নাৰী-চেতনা কোনো একমাত্ৰিক আদৰ্শত আবদ্ধ নহয়। তেওঁৰ গীতত এফালে যিদৰে নাৰীৰ জীৱন-সংগ্ৰাম, সৃষ্টিশীলতা, মমতা, প্ৰেম, শ্ৰম আৰু মানৱিক মৰ্যাদাৰ গভীৰ স্বীকৃতি আছে, আনফালে পুৰুষতান্ত্ৰিক মানসিকতাৰ চাপো পৰিলক্ষিত হয়। এই দ্বৈততাই তেওঁৰ সৃষ্টিশীলতাক দুৰ্বল নকৰিলেও পৰিৱৰ্তিত সময়ৰ বাবে ই এক প্ৰশ্ন হৈ ৰোৱাৰ অৱকাশ থাকে। আধুনিক নাৰীবাদী সাহিত্য-সমালোচনাৰ দৃষ্টিৰে চালেও এই দিশটো বিশেষভাৱে তাৎপৰ্যপূৰ্ণ।

ফৰাচী দাৰ্শনিক, অস্তিত্ববাদী চিন্তাবিদ আৰু নাৰীবাদী তাত্ত্বিক Simone de Beauvoirয়ে তেওঁৰ বিখ্যাত গ্ৰন্থ “The Second Sex”ত নাৰীৰ সামাজিক অৱস্থানৰ এক গভীৰ বিশ্লেষণ আগবঢ়ায়। তেওঁৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ধাৰণাসমূহৰ ভিতৰত অন্যতম হ’ল “The Other”(অন্য)ৰ ধাৰণা। Beauvoirৰ মতে সমাজত পুৰুষকেই “Subject” (মূল সত্তা, মানদণ্ড বা কেন্দ্ৰ) হিচাপে স্বীকৃতি দিয়া হয়, আৰু নাৰীক “Other” (অন্য) হিচাপে গঢ়ি তোলা হয়। অৰ্থাৎ নাৰীৰ নিজস্ব পৰিচয় স্বাধীনভাৱে নিৰ্ধাৰিত নহয়, তেওঁক পুৰুষৰ সৈতে সম্পৰ্কৰ ভিত্তিতহে সংজ্ঞায়িত কৰা হয়। নাৰী হৈছে কন্যা, পত্নী, মাতৃ অথবা প্ৰেমিকা, কিন্তু তেওঁক এজন স্বতন্ত্ৰ ব্যক্তি হিচাপে মূল্যায়ন কৰাৰ প্ৰৱণতা তুলনামূলকভাৱে কম। Beauvoir য়ে কৈছে, – “One is not born but rather becomes a woman.” এই উক্তিৰ মূল তাৎপৰ্য হৈছে যে নাৰীত্ব কেৱল জৈৱিক বাস্তৱতা নহয়, ই এক সামাজিক আৰু সাংস্কৃতিক নিৰ্মাণ। সমাজে বিভিন্ন নিয়ম, মূল্যবোধ, আচৰণ আৰু ক্ষমতাৰ সম্পৰ্কৰ জৰিয়তে নাৰীক বিশেষ এক ভূমিকাত স্থাপন কৰে। ফলত নাৰী নিজৰ ইচ্ছা আৰু সত্তাৰ পৰিৱৰ্তে সমাজে নিৰ্ধাৰণ কৰা পৰিচয় বহন কৰিবলৈ বাধ্য হয়।

সাহিত্য-সমালোচনাৰ ক্ষেত্ৰত এই তত্ত্বৰ তাৎপৰ্য বিশেষ। কোনো সাহিত্যকৰ্মত যদি নাৰীৰ ব্যক্তিত্ব, চিন্তা, স্বপ্ন বা আত্মসত্তাতকৈ তেওঁৰ সৌন্দৰ্য, দেহ, কোমলতা অথবা পুৰুষৰ জীৱনত থকা ভূমিকাকহে অধিক গুৰুত্ব দিয়া হয়, তেন্তে Beauvoir তত্ত্বৰ পোহৰত সেই উপস্থাপনক নাৰীক “অন্য” হিচাপে নিৰ্মাণ কৰাৰ এক দৃষ্টান্ত বুলি বিশ্লেষণ কৰিব পাৰি।

ড° ভূপেন হাজৰিকাৰ কিছুমান প্ৰেমমূলক গীতত নাৰীৰ শাৰীৰিক সৌন্দৰ্য আৰু ৰোমাণ্টিক আবেদনে অধিক গুৰুত্ব লাভ কৰা দেখা যায়। Beauvoir তত্ত্বৰ পোহৰত এই উপস্থাপনসমূহ বিশ্লেষণ কৰিলে প্ৰশ্ন উত্থাপন হ’ব পাৰে যে, নাৰী তাত স্বতন্ত্ৰ ব্যক্তিসত্তা হিচাপে উপস্থিত নে পুৰুষৰ অনুভূতি আৰু আকাংক্ষাৰ কেন্দ্ৰ হিচাপেহে প্ৰতিফলিত হৈছে! অৱশ্যে এই বিশ্লেষণৰ অৰ্থ এইটো নহয় যে তেওঁৰ সৃষ্টিত সমসাময়িক সমাজ-সংস্কৃতিৰ পুৰুষতান্ত্ৰিক মূল্যবোধৰ প্ৰভাৱ কিমানখিনি আছে, তাৰ খতিয়ান লোৱা। কিন্তু প্ৰশ্নটো হয়তো অমূলকো নহয়।

ব্ৰিটিছ নাৰীবাদী চলচ্চিত্ৰ-সমালোচক Laura Mulvey য়ে ১৯৭৫ চনত প্ৰকাশিত Visual Pleasure and Narrative Cinema প্ৰবন্ধত “Male Gaze” (পুৰুষৰ দৃষ্টি) তত্ত্ব আগবঢ়ায়। যদিও এই তত্ত্ব মূলতঃ চলচ্চিত্ৰ বিশ্লেষণৰ বাবে প্ৰস্তুত কৰা হৈছিল, পিছলৈ সাহিত্য, চিত্ৰকলা, বিজ্ঞাপন, গণমাধ্যম আৰু সাংস্কৃতিক অধ্যয়নতো ইয়াৰ বহুল প্ৰয়োগ হয়। Mulveyৰ মতে, পিতৃতান্ত্ৰিক সমাজত শিল্প আৰু গণমাধ্যমত নাৰীক প্ৰায়ে এনে ধৰণে উপস্থাপন কৰা হয় যাতে পুৰুষ দৰ্শক বা পাঠকৰ দৃষ্টিক ই আমোদ দিয়ে। ফলত নাৰী নিজে সক্ৰিয় বিষয় (subject) নহৈ দৰ্শনীয় বস্তু (object of vision) হিচাপে পৰিগণিত হয়। এই দৃষ্টিভংগীত নাৰীৰ ব্যক্তিত্ব, চিন্তা বা আত্মপ্ৰকাশতকৈ তেওঁৰ ৰূপ, দেহ, যৌৱন আৰু যৌন আবেদনেহে অধিক গুৰুত্ব লাভ কৰে।

Mulvey য়ে তিনিটা স্তৰৰ “gaze” বা দৃষ্টিৰ কথা উল্লেখ কৰিছে—

১. কেমেৰাৰ দৃষ্টি (The gaze of the camera)

২. চলচ্চিত্ৰৰ পুৰুষ চৰিত্ৰৰ দৃষ্টি (The gaze of male characters)

৩. দৰ্শকৰ দৃষ্টি (The gaze of the spectator)

সাহিত্য বা সংগীতত এই ধাৰণাক প্ৰয়োগ কৰিলে দেখা যায় যে, কাহিনী বা গীতৰ স্ৰষ্টাৰ দৃষ্টিভংগী বহু সময়ত পুৰুষকেন্দ্ৰিক হয়। ফলত নাৰীৰ ৰূপ, শৰীৰ, হাঁহি, চকু, চুলি, যৌৱন বা আকৰ্ষণৰ বিশদ বৰ্ণনা পোৱা যায়, কিন্তু তেওঁৰ অন্তৰ্জগত, মানসিক সংঘাত, চিন্তাশক্তি বা সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাই তুলনামূলকভাৱে কম গুৰুত্ব পায়। ড° ভূপেন হাজৰিকাৰ যিবোৰ গীতত নাৰীৰ শৰীৰ, ৰূপ বা যৌৱন পুৰুষৰ অনুভূতিৰ কেন্দ্ৰ হিচাপে উপস্থাপিত হৈছে, সেইবোৰত “Male Gaze”ৰ উপাদান বিচাৰি পোৱা সম্ভৱ।

অৱশ্যে একে সময়তে তেওঁৰ বহু গীতত নাৰীৰ সংগ্ৰাম, মাতৃত্ব, শ্ৰম, মানৱিক মৰ্যাদা আৰু সামাজিক অধিকাৰৰ প্ৰতিও গভীৰ সহমৰ্মিতা প্ৰকাশ পাইছে। সেয়ে তেওঁৰ সমগ্ৰ সৃষ্টিক একপক্ষীয়ভাৱে “Male Gaze”ৰ আধাৰত মূল্যায়ন কৰাটো সমীচীন নহ’ব। কিয়নো বহু গীতত তেওঁ সেই মানসিকতাক অতিক্ৰম কৰি নাৰীক মানৱিক মৰ্যাদাৰে উপস্থাপন কৰিছে। উদাহৰণস্বৰূপে “অসমী আইৰে লালিতা-পালিতা”, “আকাশ বিশাল সাগৰ বিশাল”, “গাঁৱৰ জীয়ৰী সপোন সুন্দৰী” আদি গীত উল্লেখযোগ্য।

এই দুয়োটা তত্ত্বৰ পোহৰত ড° ভূপেন হাজৰিকাৰ গীতসমূহ পুনৰ পাঠ কৰিলে স্পষ্ট হয় যে, একেজন শিল্পীৰ সৃষ্টিত প্ৰগতিশীল মানৱতাবাদ আৰু সমসাময়িক পিতৃতান্ত্ৰিক সাংস্কৃতিক প্ৰভাৱ একেলগে সহাৱস্থান কৰিব পাৰে। এই দ্বৈততা অনুধাৱন কৰিলেহে তেওঁৰ নাৰী-চেতনা উচিত আৰু বস্তুনিষ্ঠভাৱে মূল্যায়ন কৰা সম্ভৱ।

মহৎ শিল্পীৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা অন্ধ প্ৰশংসাত নহয়, তেওঁৰ সৃষ্টিক নতুন সময়, নতুন প্ৰশ্ন আৰু নতুন তাত্ত্বিক দৃষ্টিভংগীৰে পুনৰ পাঠ কৰাৰ সাহসতহে নিহিত থাকে। সেই দৃষ্টিৰেই ড° ভূপেন হাজৰিকাৰ নাৰী-ভাবনাৰ পুনৰ্মূল্যায়নে তেওঁৰ অৱদানক খৰ্ব নকৰে, বৰঞ্চ শিল্পজগতৰ জটিলতা, বৈপৰীত্য আৰু মানৱীয় গভীৰতাক অধিক স্পষ্টভাৱে অনুধাৱন কৰাৰ সুযোগহে প্ৰদান কৰে। জন্মশতবাৰ্ষিকীৰ এই সন্ধিক্ষণত এই মহান গণশিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ সৃষ্টিৰ এই নতুন পাঠে আগন্তুক গৱেষণাৰো নতুন দিশ উন্মোচন কৰিব বুলি আশা কৰিছোঁ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *