পলায়ন ।। প্রসেনজিৎ চৌধুৰী
মুক্ত চিন্তা। দ্বাদশ বছৰ। প্ৰথম সংখ্যা
বলীনদা: পলোৱাৰ কোনো পথ নাই যেতিয়া তোমালোকৰ প্ৰস্তাৱৰ ওচৰত আত্মসমর্পণ কৰাই বুদ্ধিমানৰ কাম হ’ব।
মীনাক্ষী: বঢ়িয়া!
মৈনাক: আত্মসমর্পণ বুলি কিয় কৈছা বলীনদা? কোৱা, প্ৰস্তাৱিত আলোচনাৰ পাতনি মেলিবলৈ তুমি সন্মত হৈছা।
বলীনদা : অনিচ্ছাসত্ত্বেও সন্মত হৈছোঁ মৈনাক। ভাইৰেল ফিভাৰে কাতৰ, কাহিল কৰা শৰীৰে মনটোৰ লগত সহযোগ কৰিব জানো?
মৈনাক : ঠিক আছে বাৰু। মীনাক্ষীয়েই আৰম্ভ কৰক।
মীনাক্ষী : পৰহি খুৰাই কোৱা এষাৰ কথাই –
বলীনদা : খুৰা? মানে তোমালোকৰ ওচৰ চুবুৰীয়া ভাষাতত্ত্বৰ অধ্যাপক ড° ঠাকুৰ?
মীনাক্ষী : অ’। সেই খুৰাৰ এষাৰ কথাই বৰকৈ ভবাই তুলিলে।
বলীনদা : কি কথা? চমস্কিৰ কিবা তত্ত্ব নেকি?
মীনাক্ষী : ওহো। কথা প্রসংগত তেওঁ বেছ জোৰ দি ক’লে যে এচাম লোকে বাস্তৱৰ লগত পোনপটীয়া সম্পর্ক নথকা শিল্প-সাহিত্যক পলায়নবাদী বুলি তিৰস্কাৰ কৰে। তেওঁৰ মতে, এনে সমালোচনা অযুক্তিকৰ, কাৰণ মানুহ প্রবৃত্তিগতভাৱে পলায়ন প্রৱণ। আপুনি কি ভাবে বলীনদা?
বলীনদা : হুম। জটিল আৰু জৰুৰী প্ৰশ্নৰ জোঙা অস্ত্র এপাত এই বৃদ্ধলৈ নিক্ষেপ কৰিছা। ড° ঠাকুৰৰ কথাষাৰ একেবাৰে ভিত্তিহীন বুলি তুমি থাউকতে উলাই কৰিব নোৱাৰা। কাৰণ প্ৰাথমিকভাৱে মানুহৰ আত্মৰক্ষামূলক প্রবৃত্তিৰ পৰাই পলায়ন-প্ৰৱণতাৰ জন্ম। Fight on flight— এই উক্তিৰ সৈতে আমি আকৈশোৰ পৰিচিত। এজাক আদিম মানুহৰ কথা কল্পনা কৰাচোন। গভীৰ অৰণ্যত আচম্বিতে সিহঁত এটা হিংস্র বাঘৰ মুখামুখি হ’ল। কি কৰিব সিহঁতে? হয় বাঘটোৰ সৈতে যুঁজ দিব, নহয় পলাবলৈ চেষ্টা কৰিব। দুয়োটা আচৰণ পৰস্পৰ-বিৰোধী, কিন্তু তাৰ উৎস এটাই— নিজকে বচোৱাৰ সহজাত প্রবৃত্তি।
মীনাক্ষী : খুৰাই কিন্তু কেৱল পলায়নৰ দিশটোতহে গুৰুত্ব দিলে।
বলীনদা: তেওঁ বোধহয় শিল্প-সাহিত্য বাস্তৱধর্মী হোৱাটো পছন্দ নকৰে। সেই কাৰণে প্রবৃত্তিৰ কথা কৈ কৌশলেৰে তেওঁ পলায়নবাদী শিল্প-সাহিত্যৰ পক্ষত থিয় দিলে পৰোক্ষভাৱে। পিছে মজাৰ কথা কি জানা? পলায়নৰ বিপৰীত মেৰুত স্থিতি লোৱা দৃষ্টান্ত তেওঁৰ জীৱনত পাওঁ। অসম আন্দোলনৰ উত্তাল-উত্ৰাৱল সময়ছোৱাত ড° ঠাকুৰে যেতিয়া জাতীয়তাবাদৰ হেঙদাং লৈ হুংকাৰ দিছিল তেতিয়া কিন্তু তেওঁ প্রকাশ্যে যুঁজৰ পক্ষ লৈছিল।
মৈনাক : আন্দোলনৰ পটভূমিত আপুনি দিয়া দৃষ্টান্তটোত এটা বহুজনবিদিত সত্য বিদ্যমান: যুঁজৰ প্ৰৱণতা সামূহিকো হ’ব পাৰে আৰু কেতিয়াবা শত্ৰুৰ কল্পিত অস্তিত্ব বা অতিৰঞ্জিত ভূমিকাৰ বিৰুদ্ধেও ই পৰিচালিত হ’ব পাৰে।
বলীনদা: সাৰুৱা সিদ্ধান্ত। আৰু এটা কথা। যুঁজৰ দৰে পলায়নৰ প্ৰৱণতাও কেতিয়াবা সামূহিক হ’ব পাৰে। আমাৰ আলোচনাৰ বাবে এই কথাটো বিশেষভাৱে প্রাসংগিক।
মীনাক্ষী : বলীনদা, আপুনি আদিম মানুহৰ যি পৰস্পৰ-বিৰোধী আচৰণৰ মানে সংগ্রাম আৰু পলায়নৰ কথা কৈছিল তাৰ ভূমিকা কিন্তু আজিও গুৰুত্বপূর্ণ। ব্যক্তি আৰু সমষ্টি দুয়োটা ক্ষেত্রতে প্রৱণতা দুটাৰ ধাৰাবাহিকতা লক্ষ্য কৰা যায়।
বলীনদা: সেইটোৱেই স্বাভাৱিক। অলপ আগতে ড° ঠাকুৰৰ উক্তিৰ আঁত ধৰি কৈছিলোঁ যে আত্মৰক্ষামূলক প্রবৃত্তিৰ পৰাই পলায়ন-প্ৰৱণতাৰ জন্ম। এই সহজাত প্রবৃত্তি আজিও জানো সমানেই সক্রিয় নহয়? যুদ্ধকালীন জন-প্ৰব্ৰজনৰ প্ৰতি চকু দিলেই কথাটো পৰিষ্কাৰ হ’ব। আনহাতে কেৱল আত্মৰক্ষামূলক প্রবৃত্তিয়েই নহয়, অন্যান্য কাৰকেও পলায়নৰ ইচ্ছাক জগাই তোলে কেতিয়াবা সংগোপনে।
মৈনাক : যেনে, বিচ্ছিন্নতাবোধৰ বিষম যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পোৱাৰ অদম্য আগ্রহ বা প্রচ্ছন্ন প্রৱণতাৰ কাৰণে মানুহ পলায়নৰ বিচিত্র পৃথিৱীত সোমাই পৰে। এই প্রসংগত অন্য কিছুমান চিন্তাও মনলৈ আহিছে।
বলীনদা: কোৱাচোন মৈনাক, কি ধৰণৰ চিন্তা তোমাৰ মনত ঘূৰা-ঘূৰি কৰিব ধৰিছে।
মীনাক্ষী : নাই নাই। প্রথমে আপুনি কওক বলীনদা।
বলীনদা: অলপ আগতে আদিম মানুহৰ উদাহৰণ দিছিলোঁ। সি আছিল বিপজ্জনক পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ কৰা প্ৰচেষ্টাৰ উদাহৰণ। তোমালোকক বোধহয় নক’লেও হ’ব যে সেই উদাহৰণটো আছিল আমি আলোচনা কৰিব বিচৰা বিষয়টোৰ সৰলীকৃত ৰূপ। পলায়নৰ বিষয়টো দৰাচলতে ইমান সহজ নহয়। ইয়াৰ বৈচিত্র্য বেছ চিত্তাকর্ষক। ইতিহাসৰ পাত লুটিয়াই চালে দেখিবা যে সমাজ-বিকাশৰ ফলত বা তাৰ লগত তাল ৰাখিবলৈ গৈ মানুহৰ জীৱনৰ জটিলতা ক্রমশঃ বৃদ্ধি পালে। তাৰ লগে লগে অৱধাৰিতভাৱে পলায়নৰ প্রয়োজন বাঢ়িল আৰু সেই পলায়নৰ পথ-উপপথৰ চেহেৰা-চৰিত্ৰলৈ আহিল অভাবনীয় বৈচিত্র্য। আদিম কালৰ নৰ-খাদক হিংস্র বাঘটো মানুহৰ মনৰ গুহাত সোমাই আছিলেই। পিছে এই প্রাকৃতিক প্রতিকূলতাৰ উপৰি সমাজত ক্রমশঃ দেখা গ’ল বাৰেবৰণীয়া বাঘৰ অবাধ বিচৰণ।
মীনাক্ষী: বুজিছোঁ। আপুনি পোনে পোনে নক’লেও আপোনাৰ বক্তব্যৰ মর্ম বুজি পাইছোঁ যেন লাগিছে। আদিম সহজ-সৰল অৱস্থাৰ পৰা আঁতৰি অহা সমাজত বাস কৰা মানুহে বিভিন্ন নেতিবাচক মানসিক দশাৰ পৰা যেনে ভয়, উদ্বেগ, দুশ্চিন্তা, বিষণ্ণতা, বিচ্ছিন্নতা, অনিশ্চয়তা আদিৰ পৰা পৰিত্ৰাণ পাব বিচাৰে।
মৈনাক: এইবোৰৰ লগত তুমি বিভিন্ন দায়িত্ব, সমস্যা, সংকট আদিৰ কথাও যোগ দিয়া উচিত হ’ব। এই মাত্র বলীনদাই সমাজত বিচৰণ কৰা বাৰেবৰণীয়া বাঘৰ কথা ক’লে। এই বাঘবোৰে জানো সাধাৰণ মানুহৰ যেনে দাৰিদ্র-পীড়িত জীৱনৰ পৰা মানুহে কেতিয়াবা জীৱন যাতনাময় নকৰে? এই যাতনাৰ পৰা পলাব বিচাৰে।
মীনাক্ষী: কোনো সন্দেহ নাই, তুমি আঙুলিয়াই দিয়া পলায়নৰ আটাইতকৈ পুৰণি, প্রশস্ত আৰু জনপ্রিয় পথ হ’ল ধর্ম।
বলীনদা: দেখিলা মৈনাক, আমাৰ মীনাক্ষীয়ে আচল পইণ্টটো ধৰি পেলালে। অৱশ্যে পলায়নৰ এই ধর্মীয় পথৰ বিবিধ উপপথ আছে। আচাৰ অনুষ্ঠানত আকণ্ঠ ডুব গৈ থকাৰ পৰা দৰ্শনৰ দুনিয়াত পাৰমার্থিক পৰিভ্রমণ সকলো ধৰণৰ ধর্মীয় উপপথৰ আলমত মানুহে কম বেছি পৰিমাণে দুশ্চিন্তাৰ পৰা আৰু কেতিয়াবা দায়িত্বৰ পৰাও নিজকে কিছু ৰেহাই দিব বিচাৰে।
মীনাক্ষী: আপুনি দুশ্চিন্তা আৰু দায়িত্বৰ কথা কওঁতে এটা ঘটনালৈ মনত পৰি গ’ল। তিনি বছৰমান আগৰ কথা। আমাৰ ঘৰৰ অলপ দূৰত থকা বেদান্ত বিউটি পার্লাৰৰ মালিক কামেশ্বৰ বৰঠাকুৰৰ মাজু পুতেকে অ-ব্রাহ্মণ ছোবালী এজনী বিয়া কৰাই আনিলে। সাত-আঠ দিন গ’ল কি নগ’ল, মাজ ৰাতি মাকৰ মস্তিস্কৰ ৰক্তক্ষৰণ আৰম্ভ হ’ল। হুৱা-দূৱা লাগিল, এম্বুলেন্স আহিল, অচেতন বৰমাক লৈ যোৱা হ’ল নার্চিং হোমলৈ। ইফালে কন্দা-কটা, চিঞৰ-বাখৰৰ মাজত বৰঠাকুৰ বৰদেউতা সোমাই পৰিল গোসাঁই ঘৰত। তেওঁ প্রার্থনাত বহিল, হয়তো পৰিবাৰৰ আৰোগ্যৰ কাৰণে উপঢৌকন দিয়াৰ প্রতিশ্রুতিও দিলে দেৱ-দেৱীক। পিছ দিনাৰ পৰা চলিল পূজা-পাতল, যাগ-যজ্ঞ। এনেকৈ তেওঁ দুশ্চিন্তাৰ বোজা কমালে, দায়িত্বৰ পৰাও আঁতৰি থাকিল, মূৰ-পোলোকা দিলে।
বলীনদা: কেৱল পূজা-পাতল যাগ-যজ্ঞই নহয়, ধৰ্মৰ বিয়াগোম গুদামত অন্য বহু পুৰণি উপায় মজুত থাকে যাৰ কৃপাত মানুহে পলায়নৰ বাটত খোজ দি স্বস্তিৰ শীতল ছাঁত কিঞ্চিৎ জিৰণি ল’ব পাৰে। বানপ্রস্থক বর্ণাশ্রম ধৰ্মৰ তৃতীয় আশ্রম বোলা হয়। কোৱা হয়, জীৱনৰ এই পৰ্বত সংসাৰ ধৰ্মৰ শিকলি ছিঙি ঈশ্বৰ-চিন্তাৰ অর্থে মানুহ বনলৈ যায়। ইয়াৰ পিছত সন্ন্যাস চূড়ান্ত বৈৰাগ্যৰ পৰ্ব। এই দুবিধ আশ্রমৰ দার্শনিক-আধ্যাত্মিক ব্যাখ্যা নিশ্চয় আছে। পিছে এই ধৰণৰ শ্রুতিমধুৰ ব্যাখ্যাত ভোল নগ’লে তুমি দেখিবা যে বানপ্রস্থ-সন্ন্যাসৰ এটা প্রধান অঘোষিত হয়তো অবচেতনজাত লক্ষ্য হ’ল পলায়ন।
মীনাক্ষী : পৰজন্মক কেন্দ্ৰ কৰি মানুহৰ যি চিন্তা-ভাবনা, পাৰলৌকিক সুখ-সম্ভোগৰ প্রতি যি হাবিয়াস সিও মানুহক বাস্তৱৰ পৰা আঁতৰি থাকিবলৈ সহায় কৰে। অদৃষ্টবাদেও ভাৰাক্রান্ত জীৱনৰ অলীক ব্যাখ্যা দাঙি ধৰি নেতিবাচক আবেগ বা মানসিক অস্থিৰতাৰ উপশম ঘটায়। বহুতে কোৱা শুনো, চিন্তা কৰি থাকি লাভ নাই, অদৃষ্টত যি আছে হ’বই। আৰু মায়াবাদত যিসকলে বিশ্বাস কৰে তেওঁলোকৰতো এই ধৰণৰ আত্ম-সান্ত্বনাবোৰৰো প্রয়োজন নাই।
বলীনদা: এই প্রসংগত মংগলময় ঈশ্বৰৰ ধাৰণাটো বিশেষভাৱে উল্লেখযোগ্য। যম-যাতনা ভোগ কৰি আছা, এশ-এবুৰি সমস্যাই তোমাক সন্তাপিত কৰিছে, উৰুঙা জীৱনৰ উপদ্রবে তোমাক বাৰুকৈ অতিষ্ঠ কৰিছে এনে এক দুর্ভগীয়া দশাত এগৰাকী মংগলময় ঈশ্বৰৰ কল্পনা খুবেই স্বস্তিদায়ক। এই বিধ হৃদয়বান ঈশ্বৰৰ আশ্রয় ল’ব পাৰিলে ক্লেশ আৰু সমস্যাৰ হীন-দেঢ়ি নহ’লেও মনোকষ্ট কিছু পৰিমাণে হ্রাস পোৱাৰ সম্ভাৱনা থাকে। ধর্মাশ্রয়ী গীত-মাতত ইয়াৰ আভাস আমি পাওঁ। তাহানি এখন বাংলা চিনেমাত হেমন্ত কুমাৰে আকুলচিত্তে আবেগ-আর্দ্র কণ্ঠে গোৱা এটা গানৰ দুটা শাৰী আজিও মনত আছে- যতই দুঃখ তুমি দেবে দাও, তবু জানি কোলে শেষে তুমি টেনে নাও। চিনেমাখনৰ নাম কি আছিল পাহৰিলোঁ।
মৈনাক: মৰুতীর্থ হিংলাজ। গানটোৰ লক্ষ্য অৱশ্যে দেৱী।
বলীনদা : বাঃ। তুমি চিনেমাৰো বিতং খবৰ ৰাখা দেখিছোঁ।
মৈনাক: উপায় নাই বলীনদা। চিনেমাৰ খবৰ নাৰাখিলে মীনাক্ষীৰ লগত আড্ডাই নজমে।
বলীনদা: খুবেই স্বাভাৱিক। সৰুৰে পৰা তাই বৰদেউতাকৰ মুখত চিনেমাৰ কথা শুনি আহিছে। হঠাতে বৰমাক ঢুকোৱাৰ পিছত চিনেমাই আছিল নিঃসন্তান বৰদেউতাকৰ বিষাদ-নাশক ঔষধ। তদুপৰি তোমালোকৰ সম্পর্কটোতেই দেখোন চিনেমাৰ উপাদান আছে মীনাক্ষী গোহাঁই আৰু মৈনাক বেনার্জী। দুটা বৃত্ত ভঙাৰ এই বৃত্তান্ত লৈ এখন ভাল চিনেমা-
মীনাক্ষী: বচ্, আৰম্ভ কৰি দিলে আপোনাৰ ফাজলামি। আলোচনাৰ পৰা ফালৰি কাটিব বিচাৰিছে নেকি?
বলীনদা: নাই, নাই। তুমি থাকোঁতে ফালৰি কাটি পলোৱাৰ উপায় জানো আছে? আচলতে অলপ ৰসাল ৰিলিফৰ প্রয়োজন অনুভৱ কৰিছিলোঁ। আলোচনাৰ গম্ভীৰ-গহন চৌহদত পুনৰ প্ৰৱেশ কৰা যাওক। মৈনাক, তুমি কিবা ভাবি আছা। কোৱাচোন কি ভাবিছা।
মৈনাক: ভাবিছোঁ কার্ল মার্ক্সৰ কথা।
বলীনদা : কার্লমাক্স?! আচম্বিতে আলোচনাৰ মাজত তেখেতৰ আৱির্ভাৱ ঘটিল যে।
মৈনাক: আমি সচৰাচৰ এটা কথাই শুনি আহিছোঁ মার্ক্সৰ মতে ধর্ম জনগণৰ আফিং। পিছে ইয়াতেই তীক্ষ্ণধী মনীষীজনৰ বক্তব্য শেষ হোৱা নাই। তেওঁ ধর্মক হৃদয়হীন পৃথিৱীৰ হৃৎপিণ্ডও বুলিছে— heart of the heartless world। অলপ আগতে আপুনি কৈছিল, মংগলময় ঈশ্বৰৰ কল্পনা আৰ্তজনৰ বাবে স্বস্তিদায়ক। এই বক্তব্যৰ পৰোক্ষ সমর্থন জানো মার্ক্সৰ উক্তিত নাই?
বলীনদা: নিশ্চয় আছে। আচলতে আফিঙৰ ভূমিকাৰ দুটা ৰূপ— এহাতে ই ক্লেশ-ক্লান্তিৰ উপশম ঘটায়, আনহাতে ই চিন্তা-চেতনাক বিকল-বিমূঢ় কৰি মানুহক অকামিলা কৰি পেলায়। প্রথম ভূমিকাৰ চৰিত্র মূলতঃ মনস্তাত্ত্বিক। দ্বিতীয় ভূমিকাৰ ৰাজনৈতিক চৰিত্র স্পষ্ট, কিয়নো মানুহৰ চিন্তা-চেতনা ভোটা হৈ পৰিলে স্থিতাৱস্থা দৃঢ় আৰু দীর্ঘায়ু হয়। আমাৰ বহুতেই সাধাৰণতে আফিঙৰ ৰাজনৈতিক ভূমিকাৰ কথাকেই মার্ক্সৰ ধর্ম বিষয়ক একমাত্র বক্তব্য বুলি বিশ্বাস কৰে আৰু প্রচাৰো কৰে। ফলস্বৰূপে পলায়নৰ স্বস্তিদায়ক প্রশস্ত পথ হিচাপে ধর্মৰ যি ভূমিকা তাৰ তাৎপর্য্য ঢাক খাই থাকে।
মৈনাক: এয়া জানো selective reading পৰিণাম নহয়? ধাৰণা হয়, ধর্মৰ সামগ্রিক মূল্যাংকনৰ বিষয়টো সংকীর্ণ আৰু যান্ত্রিক ৰাজনৈতিক ব্যাখ্যাতেই আবদ্ধ ৰাখিলে গুৰুতৰ সীমাবদ্ধতাৰ কৱলত পৰাৰ সম্ভাৱনা প্রচুৰ। আচলতে ধর্ম নামৰ জটিল আৰু বৈচিত্র্যময় বিষয়টোৰ ওপৰত বহুকৌণিক পোহৰ পেলোৱাৰ প্রয়োজন অনস্বীকাৰ্য্য। ৰাজনৈতিক ব্যাখ্যাক অকণো আওকাণ নকৰাকৈ আমি অন্যান্য যুক্তিসম্মত দৃষ্টিকোণকো যথাযথ গুৰুত্ব দিয়া উচিত। নহ’লে ধর্মৰ আঁৰত কেৱল ন্যস্তস্বার্থৰ পোষকতা তথা চক্রান্তহে দেখা যাব। ফলত ধর্মৰ প্রসাৰ আৰু প্রচাৰৰ ব্যাখ্যা পোৱা গ’লেও তাৰ জনপ্রিয়তা তথা গ্রহণযোগ্যতাৰ ৰহস্যভেদ কৰা নাযাব।
মীনাক্ষী: এটা মৃদু সতর্কবাণী উচ্চাৰণ কৰিব পাৰোঁনে? আমি অথনিৰে পৰা ধর্মৰ বেষ্টনীতেই ঘুৰা-ঘূৰি কৰি আছোঁ। পলায়ন নামৰ বিষয়টোৰ ওপৰতো জানো বহুকৌণিক পোহৰ পেলোৱাৰ প্রয়োজন নাই।
মৈনাক: আছে, নিশ্চয় আছে।
বলীনদা: তেনেহ’লে ধর্মক সসম্মানে বিদায় দি আমি ধর্মহীন ৰাজ্যত প্রৱেশ কৰোঁ। মীনাক্ষী, অলপ আগতে বৰদেউতাৰাৰ কথা কৈছিলোঁ। মদমত্ত মার্চিডিজ চালকৰ উদ্ভণ্ডালিৰ কাৰণে অকালতে তেওঁৰ পৰিবাৰৰ প্রাণ গ’ল। তাৰ পিছৰে পৰা নিঃসন্তান বৰদেউতাৰাই চিনেমাৰ দুনিয়াত ডুব দি শোকাগ্নিৰ যাতনাৰ পৰা নিজকে বচাবলৈ চেষ্টা চলালে। ইয়াক তুমি পলায়নৰ ধর্মমুক্ত উপায় বুলিব পাৰা।
মীনাক্ষী: বৰদেউতাৰ ব্যতিক্রমী উদাহৰণটোৰ গুৰিত আছে দুর্ঘটনাই সূচনা কৰা অসহনীয় বিষাদ তথা একাকীত্ব। পিছে মন কৰিবলগীয়া কথা হ’ল, এই ধৰণৰ ব্যক্তিগত বিপৰ্যয়ৰ লগত কোনো সম্পর্ক নথকা নেতিবাচক মানসিক দশাৰ ফলতো মানুহ সুখদায়ক কল্পনাশ্রয়ী চিনেমাৰ প্রতি প্রবলভাৱে আকৃষ্ট হ’ব পাৰে কিঞ্চিৎ শাস্তিৰ আশাত, সাময়িক স্বস্তিৰ সন্ধানত। এনে প্রবল আকর্ষণৰ সমাজতাত্ত্বিক ব্যাখ্যা কি? এটা উদাহৰণ দিওঁ। ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত মানুহৰ মোহভংগ ঘটিছিল, বিবিধ সমস্যাৰ বোজাই সাধাৰণ মানুহৰ জীৱন-যাত্রাক ক্লেশদায়ক কৰি পেলাইছিল। হতোদ্যম মানুহে দুশ্চিন্তাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় বিচাৰিছিল। সন্দেহ নাই, তেওঁলোকে সাধাৰণতে অন্ধকাৰ চিনেমা হলৰ বিৰাট পৰ্দাত নায়ক-নায়িকাৰ ৰোমাণ্টিক আখ্যান প্রত্যক্ষ কৰি সাময়িকভাৱে অলপ সুখদায়ক সকাহ পাইছিল। আনহাতে সেই সময়ৰ ৰক্ষণশীল সমাজত ৰোমাণ্টিক প্রণয়ৰ ক্ষুৰণৰ বাবে অনুকূল বাতাবৰণ নাছিল। ফলস্বৰূপে এচাম যুৱক-যুৱতীয়ে নিশ্চয় এক ধৰণৰ আৱেগিক শূন্যতা অনুভৱ কৰিছিল। অনুমান কৰিব পাৰি, ৰূপালী পর্দাত শ্রুতিমধুৰ গানৰ তালে তালে নাচি ফুৰা নায়ক-নায়িকাৰ মনোগ্রাহী কাহিনী উপভোগ কৰি এওঁলোকে মনোবেদনাৰ পৰা অলপ সময়ৰ বাবে নিশ্চয় নিষ্কৃতি পাইছিল।
বলীনদা: তোমাৰ কথাখিনি খুবেই তাৎপর্যপূর্ণ। এৰা, সামুহিক পলায়ন-প্রৱণতাৰ সৈতে সমাজ-বাস্তৱৰ চৰিত্ৰ জড়িত। চিনেমাৰ জনপ্রিয়তাৰ বিষয়ে তুমি দাঙি ধৰা যুক্তিবোৰ কিছু পৰিমাণে কল্পনাশ্রয়ী সাহিত্যৰ বিশেষকৈ ৰোমাণ্টিক আৰু ৰহস্য-সাহিত্যৰ ক্ষেত্রতো প্রযোজ্য। লক্ষণীয় কথা হ’ল, এইবোৰে ন্যস্তস্বার্থক নাৰাজ নকৰে, কাৰণ ৰহস্যোদ্ধাৰৰ উৎকণ্ঠাত বা ৰোমাণ্টিকতাৰ ৰমনীয় নিচাত মচগুল হৈ থাকিলে সামাজিক অন্যায়-অবিচাৰক প্রশ্ন কৰাৰ আহৰি নাথাকে। মজাৰ কথা হ’ল, পাঠক-পাঠিকাৰ লগতে কেতিয়াবা শিল্প-সাহিত্যৰ স্রষ্টায়ো কাল্পনিক ভূৱনত বিচৰণ কৰি কিঞ্চিৎ স্বস্তি-স্বাচ্ছন্দ্য অনুভৱ কৰিব পাৰে।
মীনাক্ষী: একান্তচিত্তে আক অবিৰতভাবে বিদ্যা চর্চাত নিমগ্ন ব্যক্তিয়েও জানো অনুৰূপ স্বস্তিৰ সোৱাদ নাপায়?
বলীনদা: কোনো কোনো ক্ষেত্রত নিশ্চয় পায়। বিশেষকৈ যিসকলে অপ্রীতিকৰ অভিজ্ঞতা বা পৰিস্থিতিৰ পৰা পলাব বিচাৰে। অৱশ্যে এনে পলায়নৰ সুফলো থাকিব পাৰে যেনে গুৰুত্বপূর্ণ একাডেমিক কৃতি। মীনাক্ষী, পলায়নৰ এই দিশটোৰ কথা তুমি বোধকৰোঁ আমাতকৈ বেছি জানা।
মীনাক্ষী: গম পাইছোঁ আপুনি কাৰ কথা ক’ব বিচাৰিছে।
বলীনদা: তোমাৰ প্রতিৱেশী ড০ ঠাকুৰৰ এখন ভাল কিতাপ অলপতে ওলাইছে। কিতাপখনৰ কেন্দ্রীয় বিষয় দ্বিভাষিকতা। এইখন গবেষণামূলক গ্রন্থৰ কাৰণে তথ্য সংগ্রহ কৰিবলৈ তেওঁ ক্ষেত্র অধ্যয়নৰ উপৰি দিল্লী-কলকাতা-চণ্ডীগড়ৰ লাইব্ৰেৰীত একেৰাহে দুবছৰ কাম কৰিছিল। কোৱা বাহুল্য, এই সময়ছোৱাত তেওঁ ক্ষণে ক্ষণে শব্দৰ ক্ষেপণাস্ত্র নিক্ষেপ কৰা বদমেজাজী পত্নীৰ পৰা নিলগত থকাৰ দূর্লভ অথচ লোভনীয় সুযোগ লাভ কৰিছিল।
মীনাক্ষী: কথাটো মিছা নহয়। অৱশ্যে দমনপ্রিয় স্বামীৰ পৰা ৰেহাই পোৱাৰ সমজাতীয় সুযোগ মহিলাই খুব কম পায়।
মৈনাক: এইখিনিতে আমি অন্য এটা দিশৰ প্রতি চকু দিব পাৰোঁ। বদমেজাজী স্ত্রী বা দমনপ্ৰিয় স্বামীৰ কৱলৰ পৰা ৰেহাই বিচৰাটো খুবেই স্বাভাৱিক। পিছে মন কৰিবলগীয়া কথা হ’ল, এনে আগ্রহৰ কাৰণ বহিৰ্জাত। আনহাতে অন্তর্জাত কাৰণৰ বাবেও পলায়ন-প্রৱণতা দেখা দিয়াটো সম্ভৱ। এটা উদাহৰণ দিলে কথাটো ভালকৈ টং কৰিব পাৰিবা। ধৰা, উচ্চ মধ্যশ্রেণীৰ এগৰাকী সুশিক্ষিতা মহিলা। তেওঁৰ ল’ৰা থাকে অষ্ট্ৰেলিয়াত, ছোৱালী কানাডাত। স্বামী ঈষৎ নির্লিপ্ত। মহিলা গৰাকীৰ মাত্রাধিক মানসিক চাপ, তেওঁৰ মনটো উৎকট দুর্ভাবনাৰে ভৰা। পিছে তেওঁ আমন-জিমনকৈ বহি নাথাকে, তেওঁ সদাকর্মব্যস্ত। সকলো সময়ত তেওঁ কামত অতিপাত ব্যস্ত, কোনো কাম নাথাকিলে তেওঁ নানা অজুহাত দেখুৱাই অপ্রয়োজনীয় কামত নিজকে ব্যস্ত ৰাখে। এয়া আচলতে তেওঁৰ পলায়নেচ্ছাৰ প্রকাশ যাৰ হেতু লুকাই আছে তেওঁৰ উদ্বেগ-পীড়িত মনৰ গহন স্তৰত।
মীনাক্ষী: বুজিছোঁ। তুমি workaholismৰ কথা কৈছা। লক্ষ্য কৰিছোঁ, workaholic মানুহে অক্লান্ত কর্মী হিচাপে সুনাম আর্জে, বিভিন্ন সংগঠনতো তেওঁলোক অপৰিহার্য্য হৈ পৰে।
মৈনাক: তুমি workaholismৰ কথা কৈ থাকোঁতে সুৰাসক্তি আৰু অন্য ধৰণৰ নিচাৰ কথা মনত পৰি গ’ল। অধিকাংশ ক্ষেত্রত সেই ধৰণৰ আসক্তিও আচলতে পলায়নৰ অন্য এক সংস্কৰণ। একে উশাহতে আমি এই কথাও ক’ব পাৰোঁ যে ডিজিটেল পৃথিৱীত অনাৱশ্যকভাৱে বন্দী হৈ পৰা লোকে সৰহ ক্ষেত্রত বিচ্ছিন্নতাবোধ বা অন্য ধৰণৰ মনোকষ্টৰ পৰা পলাব বিচাৰে। ভার্চুৱেল ভুৱনত সান্নিধ্যৰ উমাল অভিজ্ঞতা বিচাৰি তেওঁলোক নিচাগ্রস্ত হৈ পৰে। পিছে তেজ-মঙহৰ মানুহৰ লগত সম্পর্ক ক্রমশঃ ক্ষীণ হৈ অহাৰ লগে লগে তেওঁলোকৰ নিঃসংগতা বাঢ়িহে যায়। ফলত বহুতে পলায়নৰ অন্য পথৰ সন্ধানত ব্যস্ত হৈ পৰে।
মীনাক্ষী: Artificial intelligenceৰ কৃপাত প্রযুক্তি-নির্ভৰ পলায়নে বেলেগ ৰূপ লৈছে। অলপতে পঢ়া কিতাপ এখনত বেছ আমোদজনক তথ্য এটা পালোঁ। Replika নামৰ এটা conversational chatbotৰ সহায়ত মানুহে কথোপকথনৰ জৰিয়তে তৃপ্তিদায়ক সংগ সুখৰ সোৱাদ লাভ কৰিব পাৰে। কোৱা বাহুল্য, আধুনিক জীৱনৰ পৰা সাময়িক নিষ্কৃতি দিয়াৰ উপৰি এনে কৃত্রিম যন্ত্র-নির্ভৰ সান্নিধ্যই পাৰস্পৰিক সম্পৰ্কৰ ক্ষেত্রত দেখা দিব পৰা সমস্যা তথা জটিলতাৰ পৰাও মানুহক ৰেহাই দিয়ে। অৱশ্যে এই বিধ ডিজিটেল সান্নিধ্য প্রকৃততে কিমান দূৰ সন্তুষ্টিজনক, নির্ভৰযোগ্য আৰু স্বাস্থ্যকৰ সেইটো এটা বেলেগ প্রসংগ।
বলীনদা: এটা কথা মন কবিছা মৈনাক?
মৈনাক: কি?
বলীনদা: পলায়ন সম্পর্কীয় আমাৰ এই বহুকৌণিক পর্যালোচনাত আমি অনেক বিষয় সামৰি ললোঁ। বানপ্রস্থ-সন্ন্যাসৰ পৰা কৃত্রিম বুদ্ধিমত্তা — এক দীঘল আৰু বৈচিত্র্যপূর্ণ পৰিক্রমণ। পিছে এটা দিশৰ ওপৰত আমি যথাযথ গুৰুত্ব দিয়া নাই।
মৈনাক: কোনটো দিশৰ কথা কৈছা বলীনলা? সমূহীয়া পলায়নৰ প্রসংগত অৱশ্যে আৰু কিছু কথা যোগ দিব পাৰি। যেনে সুদূৰ অতীতৰ আমি এক অদ্বিতীয় আৰু সমুজ্জ্বল সভ্যতাৰ জনক আছিলোঁ এই তৰহৰ আত্ম-তৃপ্তিদায়ক কল্পনাৰ সহায়ত বৃটিছ শাসিত ভাৰতৰ এচাম লোকে হীনমন্যতাজনিত আত্মগ্লানিৰ চোক কমাবলৈ চেষ্টা কৰিছিল। এনে চেষ্টাত আত্ম-প্রতাৰণাৰ উপাদান নথকা নহয়। পলায়নৰ অনেক উপায়ত অৱশ্যে কম-বেছি পৰিমাণে আত্ম-প্রতাৰণা থাকেই। তিনিটা প্রজন্মৰ দাৰিদ্ৰক্লিষ্ট দশাৰ অভিজ্ঞতা থকা লোকেও ভাবে মংগলময় ঈশ্বৰে এদিন চকু মেলি চাবই, সুদিন আহিবই। এনে ইচ্ছাপূৰণমূলক বিশ্বাসৰ আঁৰত জানো আত্ম-প্রতাৰণা নাই?
মীনাক্ষী : বলীনদা, আপুনি বাৰু এই দিশটোৰ কথাই ক’ব বিচাৰিছিল নেকি?
বলীনদা: ওহোঁ। অৱশ্যে মৈনাকে কোৱা কথাখিনি যে গুৰুত্বপূর্ণ তাত কোনো সন্দেহ নাই।
মীনাক্ষী: তেনেহ’লে? সোনকালে কওক। ডাইনিং টেবুললৈ তুৰন্তে যাবলৈ আদেশ বৌৰ পৰা আহিবলৈ বেছি পৰ নাই।
বলীনদা: আমাৰ আলোচনাৰ পৰা পলায়নৰ বিবিধ পথ-উপপথৰ যি পৰিচয় আমি পালোঁ তাৰ এটা তাৎপৰ্য্যপূর্ণ বৈশিষ্ট্য হ’ল— অস্থায়িত্ব। অর্থাৎ পলায়নে যি সকাহ-সান্ত্বনা দিয়ে সি স্থায়ী নহয়। অৱশ্যে বর্ণাশ্রম ধর্মৰ অন্তিম পর্ব সন্ন্যাসৰ কথা বেলেগ। জীৱনৰ সকলো কাম শেষ হ’ল বুলি নিশ্চিত হৈ সম্ভৱতঃ এক ধৰণৰ শূন্যতা অথবা পৰিপূৰ্ণতা অনুভৱ কৰি মৃত্যুৰ পিনে আগুৱাই যোৱাৰ যি অটল অংগীকাৰ তাৰ স্থায়িত্বক প্রশ্ন কৰিব নোৱাৰি।
মৈনাক: পিছে পলায়নৰ অস্থায়ী উপায়বোৰৰ মাজত জানো তাৰতম্য নাই বলীনদা? চিনেমাই মানুহক যি সকাহ দিয়ে তাৰ আয়ুস-কাল বেছি নহয়। হয়তো অন্ধকাৰ চিনেমা হলৰ পৰা ওলায়েই স্বস্তিকামী দর্শক পুনৰ দুর্ভাবনাত ডুব যায়। আনহাতে ভার্চুৱেল দুনিয়াত ভ্রমি ফুৰা মানুহ নিৰুদ্বিগ্ন হৈ থাকিব পাৰে দীর্ঘকাল। মদৰ আসক্তিত মানুহ মৃত্যু পর্য্যন্ত মগ্ন থাকিব পাৰে। কিন্তু এনে স্থায়িত্বৰ কোনো নিশ্চয়তা নাই। মনোচিকিৎসা, আত্মোপলব্ধি বা অন্য কাৰণে তেওঁ আসক্তিৰ পৰা মুক্ত হোৱাৰ সম্ভাৱনা নথকা নহয়।
বলীনদা: অস্থায়িত্ব বিষয়ক আলোচনাই ভিক্টোৰীয় যুগৰ পাৰিবাৰিক আদর্শলৈ মনত পেলাই দিলে। সেই কালৰ ইংলেণ্ডত মমতাৰ মাধুৰ্য্য আৰু শান্তিৰ শীতলতাৰে ভৰা পৰিয়ালক আদর্শায়িত কৰা হৈছিল। পুঁজিবাদী সমাজৰ কদৰ্য্য-কর্কশ বাস্তৱতাৰ পৰা সাময়িকভাৱে পলাই এক সুষম-সুপৰিচালিত পাৰিবাৰিক বাতাৱৰণত কিছু সময় পাৰ কৰাৰ সুযোগ দিয়াটোৱেই আছিল ভিক্টোৰীয় পাৰিবাৰিক আদর্শৰ প্রধান উদ্দেশ্য। মজাৰ কথা হ’ল, পৰিয়ালৰ প্রশান্ত কোলাত আশ্রয় লোৱাসকলেও জানিছিল যে এই তৃপ্তিদায়ক পলায়ন খন্তেকীয়া।
মৈনাক: সঁচাকৈ কি বিচিত্ৰ মানুহৰ মন। এচাম লোকে শান্তিৰ সন্ধানত পৰিয়ালৰ পৰা পলাই বাহিৰলৈ যায়, অন্য এচামে আকৌ বাহিৰৰ পৰা পলাই আহে পৰিয়ালৰ বুকুলৈ।
মীনাক্ষী: পৰিয়ালৰ পৰা পলোৱাৰ কাৰণ, ধৰণ আৰু পৰিণামৰ বিষয়টো বৰ চিত্তাকর্ষক। তাহানি বৌদ্ধ ভিক্ষুণীয়ে লিখা থেৰীগাথা সম্পর্কীয় এখন সুন্দৰ কিতাপ মৈনাকে অলপতে পঢ়িব দিছিল। কিতাপখনৰ নাম Poems of the First Buddhist Women। লেখক Charles Charles উপাধিটো পাহৰিছোঁ –
মৈনাক: Charles Hallisey –
মীনাক্ষী: অ, Hallisey। এইখন কিতাপত সংকলিত কেতবোৰ গাথা পঢ়ি এটা কথা বুজি পালোঁ বৌদ্ধ সংঘত যোগ দিয়া কিছু ভিক্ষুণীৰ পাৰিবাৰিক জীৱন মুঠেও সুখকৰ আৰু শান্তিপূর্ণ নাছিল। অনুমান কৰিব পাৰি এওঁলোকৰ সংঘ-প্রীতিৰ আঁৰত আধ্যাত্মিক আগ্রহৰ লগতে পীড়নমূলক পাৰিবাৰিক বাতাৱৰণৰ পৰা উদ্ধাৰ পোৱাৰ আগ্রহো আছিল। বৌদ্ধ সংঘৰ শান্ত-শীতল আশ্রয়ত এওঁলোকে নিশ্চয় বিচাৰি পাইছিল বদমেজাজী দমনপ্রিয় স্বামীৰ স্বস্তিকৰ বিকল্প।
মৈনাক: কিয় নাজানো, বলীনদাই ঠাকুৰ খুড়াৰ বদমেজাজী পত্নীৰ কথা কৈ থাকোঁতে মনতে ভাবিছিলোঁ— তুমি সুযোগ পালেই থেৰীগাথাৰ দৃষ্টান্ত দাঙি ধৰি কাঠচিতীয়া স্বামীৰ কথা ক’বা।
বলীনদা: এই কথাটোৱে কি প্রমাণ কৰে মীনাক্ষী? তোমাৰ মনৰ মানচিত্র মৈনাকৰ নখ দর্পণত।
মীনাক্ষী: বলীনদা, বিষয়টো ইয়াতেই সামৰি মনলৈ অহা দৰকাৰী প্রশ্ন এটাহে আপোনাক সুধিব বিচাৰিছোঁ।
বলীনদা: কোৱা। পলম নকৰিবা। ঘাড়ীৰ কাঁটাকেইডাল বৰ নির্লিপ্ত, আমাৰ আগ্রহ বা প্রয়োজনক কোনো পাত্তাই নিদিয়ে। কোৱা কি প্রশ্ন মনলৈ আহিছে।
মীনাক্ষী: আপুনি অলপ আগতে ক’লে, পলায়নৰ যিবোৰ পথ-উপপথ আছে তাৰ এটা বৈশিষ্ট্য হ’ল অস্থায়িত্ব। তাৰ মানে এই পথ-উপপথবোৰ অপৰিৱৰ্তনীয় নহয়, যিজন মানুহে চিনেমাৰ পৰ্দাত স্বস্তি বিচাৰে তেওঁ পলায়নৰ সেই পথ ত্যাগ কৰিবও পাৰে। এতিয়াও প্রশ্ন হ’ল, পলায়নৰ এনে পথ আছে নে যাক নিশ্চয়কৈ অপৰিৱৰ্তনীয় বুলিব পাৰি, যি পথত ভৰি দিলে উভতি অহাটো অসম্ভব?
বলীনদা: আছে, নিশ্চয় আছে। দাৰিদ্ৰৰ দুঃসহ বোজা, দুৰাৰোগ্য ৰোগৰ আক্রমণ, ব্যর্থ প্রেমৰ প্ৰাণান্তিক পীড়ন— এই তৰহৰ বিবিধ অবাঞ্ছিত দশাৰ পৰা চিৰদিনৰ বাবে নিষ্কৃতি পাবৰ বাবে মানুহে জানো আত্মহননৰ পথত ভৰি নিদিয়ে? মন কৰিবা, সাময়িকভাৱে নহয়, চিৰদিনৰ বাবে। অর্থাৎ উভতি অহাৰ কোনো উপায় নাই। মৈনাক, তুমি যে খৰ্গেশ্বৰ ভূঞাৰ এখন পুথি দিছিলা কি নাম আছিল?
মৈনাক: অমৰত্বৰ অনুসন্ধান।
বলীনদা: সেইখন কিতাপত ভূঞাই আত্মহত্যা সন্দর্ভত প্রাচীন কালৰ ভাৰতীয় পণ্ডিতসকলৰ মতামত উল্লেখ কৰিছে। যিমান দূৰ মনত পৰে, এই সকল পণ্ডিতৰ বক্তব্য আছিল এই ধৰণৰ মান, ক্রোধ, স্নেহ আৰু ভয়ৰ যদি আতিশয্য হয়, তেন্তে মানুহে আত্মহত্যা কৰিব পাৰে। ভালদৰে গমি চালে দেখিবা, প্রাচীন কালৰ বিজ্ঞলোকে উল্লেখ কৰা আত্মহত্যাৰ চাৰিটা কাৰণৰ লগত কিবা নহয় কিবা প্ৰকাৰে পলায়নৰ অদম্য অন্ধ আগ্রহ জড়িত হৈ আছে। যেনে ভয়াবহ অভিজ্ঞতা বা অতিশয় লজ্জাজনক পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ মানুহে কেতিয়াবা মৃত্যুক মাতি আনিব পাৰে।
মীনাক্ষী: তাহানি সতীদাহ প্রথাৰ নামত স্বামীৰ জ্বলন্ত চিতাত আত্মজাহ দিছিল বহু নাৰীয়ে। এওঁলোকৰ একাংশই নিশ্চয় বৈধব্যৰ নৰক-যন্ত্ৰণাৰ পৰা নিষ্কৃতি পোৱাৰ উদ্দেশ্যে মহিমামণ্ডিত আত্মহননৰ পথ বাছি লৈছিল।
মৈনাক: অথচ এইবিধ আত্মহত্যা বা হত্যাক সদ্য-বিধৱাৰ সতীত্বৰ মহীয়ান উদাহৰণৰূপে প্ৰচাৰ কৰা হয়।
মীনাক্ষী: এইখিনিতে আৰু এটা প্রশ্ন কৰিব বিচাৰিছোঁ বলীনদা।
বলীনদা: খৰধৰ কৰা মীনাক্ষী। ডাইনিং টেবুলত প্লেট সজোৱাৰ লোভনীয় শব্দ কাণত পৰিছে।
মীনাক্ষী: পলায়নৰ সকলো বাট জানো ক্ষতিকৰ বা বর্জনীয়?
বলীনদা: হুম। প্রশ্ন কৰাত তুমি পাকৈত। ভৰ দুপৰীয়া জটিল প্রশ্নেৰে পৰিশ্রান্ত বৃদ্ধৰ মাথা গৰম কৰাৰ অভিসন্ধি?
মৈনাক: প্রশ্নটো সঁচাকৈ জটিল। ধাৰণা হয়, পলায়নৰ কিছুমান চেষ্টা — কিছুমানৰ কথাহে কৈছোঁ, সকলো নহয়— নিয়ন্ত্রণাধীন থাকিলে মানসিক ভাৰসাম্য ৰক্ষা কৰাত সহায় হ’ব পাৰে। কেতিয়াবা অন্য ধৰণৰ সুফল পোৱাৰো সম্ভাৱনা নথকা নহয়।
মীনাক্ষী : সুফল? যেনে?
বলীনদা : মৈনাকে যুক্তিপূর্ণ কথা কৈছে। তোমাৰ প্রতিবেশী ড° ঠাকুৰৰ কথা মনত নাই? মূলতঃ ক্ষণে কষ্ট ক্ষণে তুষ্ট পত্নীৰ দাম্পত্য পীড়নৰ পৰা ৰক্ষা পাবলৈ তেওঁ গৱেষণাৰ উচ্চাকাঙ্খী প্রজেক্ট হাতত লৈছিল বুলি অক্লেশে অনুমান কৰিব পাৰি। ই আছিল বিদ্যায়তনিক বাটেৰে পলাই পত্ৰং দিয়াৰ সন্মানীয় কৌশল। কিন্তু তাৰ সুফল জানো আমি পোৱা নাই? ড° ঠাকুৰে আমাক উপহাৰ দিলে এখন পাণ্ডিত্যপূর্ণ পুথি। দ্বিভাষিকতা সন্দর্ভত তেওঁক যি চিন্তা-চৰ্চা তাৰ আঁত ধৰি আমি সমাজ এখনৰ সমন্বয়-সংহতিৰ গতি-প্রকৃতি অনুধাৱন কৰিব পাৰোঁ।
মীনাক্ষী : ঠাকুৰ খুড়াই পলাই পত্রং দিয়া বুলি কৈছে কিয়? গৱেষণা কৰি থাকোঁতে তেওঁ নিয়মিতভাৱে ঘৰলৈ আহি আছিল। খুড়ীৰ কাৰণে প্রায়ে দামী কাপোৰ-কানি অনাও দেখিছিলোঁ।
মৈনাক: আৰু এটা কথা উনুকিয়াই থ’ব পাৰি। ঠাকুৰ খুড়াৰ গৱেষণা-কর্ম পলায়নৰ পৰিকল্পিত কৌশল আছিল যেন নালাগে। দৰাচলতে পলায়নৰ অধিকাংশ চেষ্টাৰ আঁৰত মানুহৰ সচেতন সিদ্ধান্ত নাথাকে। অৱশ্যে চিনেমা চোৱাৰ দৰে পলায়ন-প্রয়াসৰ কথা সুকীয়া। আদর্শগত কাৰণে প্রাচীনপন্থী দেউতাকৰ লগত তুমুল তর্কত লিপ্ত হৈ পুতেকে ক্ষোভৰ উপশম ঘটাবলৈ মাল্টিপ্লেক্সমুখী হ’ব পাৰে। পিছে সৰহ ক্ষেত্ৰত পলায়নৰ পথ ইমান পোন আৰু স্বচ্ছ নহয়। প্রায়ে নিজে ক’ব নোৱৰাকৈয়ে মানুহে পলায়নৰ পথত ভৰি দিয়ে। পৰিৱর্তনকামী মতাদর্শৰ ৰাজনৈতিক সাফল্য নেদেখি বা অপ্রত্যাশিত বিপর্যয় দেখি কোনোবাই দলীয় কাম-কাজ বাদ দি সুস্থ নাট্য আন্দোলনৰ প্ৰসাৰত দেহে-কেহে লাগি যাব পাৰে। এই ক্ষেত্ৰত সাংস্কৃতিক কর্ম-তৎপৰতাত ডুব গৈ হতাশাৰ পৰা নিজকে বচোৱাৰ চেষ্টা সচেতন সিদ্ধান্তৰ পৰিণাম নোহোৱাৰ সম্ভাৱনাই বেছি। কোৱা বাহুল্য, আমি পলায়ন শব্দটো এইবোৰ ক্ষেত্ৰত বেছ শিথিল অৰ্থত ব্যৱহাৰ কৰিছোঁ।
বলীনদা: আলোচনা প্রসংগত আমি উল্লেখ কৰা কিছুমান দৃষ্টান্তৰ ভিত্তিত যেনে তোমাৰ শেষ দৃষ্টান্তটো— সেইবোৰৰ ভিত্তিত কোৱা যায় যে শিথিল অর্থত আমি যিবোৰ উপায়ক পলায়ন-প্রচেষ্টা বুলিছোঁ সেইবোৰে অধিকাংশ ক্ষেত্রত মানসিক ভাৰসাম্য ৰক্ষা কৰাত বা ঘূৰাই অনাত সহায় কৰে।
মৈনাক: পলায়নৰ ক্ষতিকৰ বা অবাঞ্ছিত একাধিক দিশ আছে যদিও আপুনি উল্লেখ কৰা দিশটোৰ গুৰুত্ব কম নহয়। মানুহৰ মস্তিষ্কত অহৰহ দুটা প্রক্রিয়া চলি থাকে- উত্তেজনা আৰু নিস্তেজনা। এই দুটাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো খুবেই জৰুৰী নহ’লে অস্তিত্বই বিপন্ন হ’ব পাৰে। দেউতাকৰ লগত উগ্র ভংগীৰে তৰ্ক কৰা যুৱকে মাল্টিপ্লেক্সৰ বৃহৎ পর্দাত মনোনিৱেশ কৰাটো উত্তেজনা-নিৰসনৰ উপায়। আনহাতে হতাশাজনক ৰাজনৈতিক বাতাৱৰণে মস্তিষ্কত জন্ম দিয়া নিস্তেজনাক বাধা দিয়াৰ প্ৰচ্ছন্ন চেষ্টা দেখা যায় আদর্শনিষ্ঠ কোনো ব্যক্তিৰ সাংস্কৃতিক তৎপৰতাত।
বলীনদা : অর্থাৎ পলায়নৰ নানা নেতিবাচক দিশ থাকিলেও কিছুমান পলায়ন-প্রয়াসে পৰোক্ষভাৱে মানুহৰ মানসিক স্বাস্থ্যক কিঞ্চিৎ সুৰক্ষা দিয়ে এইবোৰৰ এক ধৰণৰ survival value আছে বুলি আমি স্বীকাৰ নকৰি উপায় নাই।
মৈনাক: নিশ্চয়। আৰু বহুলাংশে এইবাবেই বিবিধ ব্যর্থতা সত্ত্বেও ধর্ম আজিকোপতি বর্তি আছে বুলি অনুমান কৰিব পাৰি। অন্ততঃ মনস্তাত্ত্বিক দৃষ্টিকোণৰ পৰা কথাটো সঁচা।
বলীনদা: অলপ আচহুৱা যেন লাগিলেও তুমি ক’ব পাৰা যে এই কথাষাৰ অধুনা-সমাদৃত কনজিউমাৰিজিমৰ ক্ষেত্ৰতো কম বেছি পৰিমাণে প্রযোজ্য। কনজিউমাৰিজিমক তুমি পলায়নৰ জকমকীয়া পথ বুলি অভিহিত কৰিব পাৰা। কনজিমাৰিজিমৰ অন্য ধৰণৰ সমাজতাত্ত্বিক ব্যাখ্যা আছে, কিন্তু পণ্য-প্রীতিৰ মত্ততাত ডুব গৈ আধুনিক জীৱনৰ ৰুক্ষতা ৰিক্ততা পাহৰি থকাৰ প্রয়াস হিচাপে কনজিউমাৰিজিমৰ আকৰ্ষণ দুর্নিবাৰ।
মীনাক্ষী: আচৰিত কথা। আলোচনাৰ মজিয়ালৈ বিবিধ বিষয় আহিলেও আমি কনজিউমাৰিজিমৰ প্রতি চকু দিয়া নাছিলোঁ।
বলীনদা: আফচোচ নকৰিবা মীনাক্ষী। ঘৰুৱা আড্ডাত অসম্পূর্ণতা থাকেই। পিছে আড্ডা সামৰাৰ আগতে এটা জৰুৰী কথা ক’ব বিচাৰিছোঁ।
মীনাক্ষী : কি?
বলীনদা: পলায়নে কেতিয়াবা কিঞ্চিৎ সকাহ-সান্ত্বনা দিলেও ই কেতিয়াও মানুহৰ অস্তিত্ব ৰক্ষা তথা অগ্রগতিৰ নিৰ্ভৰযোগ্য, গঠনমূলক আৰু বাঞ্ছনীয় উপায় হ’ব নোৱাৰে।
মীনাক্ষী: মনত উগুল-থুগুল লগাই থকা বহুত প্ৰশ্নৰ উত্তৰ পালোঁ বলীনদা। অৱশ্যে কেইটামান প্রশ্নই এতিয়াও মনৰ গহনত আত্মগোপন কৰি আছে।
বলীনদা: সদ্যহতে প্রশ্নবোৰক সেই অৱস্থাতেই থাকিব দিয়া। এতিয়া নিজৰ survivalৰ কথা চিন্তা কৰা। বর্তমান আলোচনাৰ পৰা পলাই ডাইনিং টেবুললৈ ঢাপলি মেলাই হ’ব আমাৰ আত্মৰক্ষাৰ অব্যর্থ উপায়।

