গ্রন্থ পৰিচয়নিবন্ধবিবিধ চিন্তা

বিৱৰ্তনীয় ঘড়ী, ইক’লজী আৰু আমাৰ সময় ।। মীনাক্ষী বৰুৱা

মুক্ত চিন্তা। একাদশ বছৰ।। ৪ৰ্থ সংখ্যা

কমল নয়ন মিশ্ৰৰ সদ্যপ্ৰকাশিত গ্ৰন্থ “বিৱৰ্তনীয়ঘড়ী, ইক’লজী আৰু আমাৰ সময়” পঢ়িলোঁ। নলবাৰীৰ জিন’ম প্ৰকাশৰপৰা প্ৰকাশিত এই প্ৰৱন্ধ সংকলনখনি আধুনিক অসমীয়া গদ্য সাহিত্যত এক ব্যতিক্ৰমী বৌদ্ধিক সংযোজন। গ্ৰন্থখনিত বিজ্ঞান, দৰ্শন, ইতিহাস, ইক’লজী, মহামাৰী, বিৱর্তনবাদ আৰু মহাবিশ্বৰ উৎপত্তি সম্পৰ্কীয় বহু জটিল বিষয় সহজ অথচ গভীৰ ভাষাত ব্যাখ্যা কৰা হৈছে। প্ৰৱন্ধসমূহৰ ৰচনাত লেখকে কেৱল তথ্য দিয়াতে সীমাবদ্ধ নাথাকি পাঠকক চিন্তা কৰিবলৈ, প্রশ্ন কৰিবলৈ আৰু যুক্তিৰে পৃথিৱীখনক চাবলৈ আহ্বান জনাইছে। লগতে তেওঁ বিজ্ঞানক মানুহৰ চিন্তা আৰু অস্তিত্বৰ সৈতে সংযোগ কৰি এক বিস্তৃত দৃষ্টিভঙ্গী গঢ়ি তোলাৰ কথা উল্লেখ কৰিছে। সেয়েহে ক’ব পাৰি, এই গ্ৰন্থ বিজ্ঞানমনস্ক চিন্তাৰ এক মূল্যৱান দলিল।

 “বিৱৰ্তনীয় ঘড়ী, ইক’লজি আৰু আমাৰ সময়” শীৰ্ষক প্ৰৱন্ধটি হৈছে ইতিহাস, দৰ্শন, ইক’লজি, ৰাজনীতি আৰু মানৱ সভ্যতাৰ আত্মসমালোচনামূলক বিজ্ঞানভিত্তিক আলোচনা। প্ৰৱন্ধটিত লেখকে ডাৰ‌উইনৰ বিৱৰ্তনবাদৰ উপৰিও মহা বিলুপ্তি (mass extinction), পুঁজিবাদ, ঔদ্যোগিক সভ্যতা, পৰিৱেশতন্ত্ৰ, ফ্ৰেডৰিক এংগেলছ, কাৰ্ল মাৰ্ক্স আদিৰ চিন্তাক সমুখত ৰাখি আধুনিক সভ্যতাৰ সংকট বিস্তাৰিতভাৱে প্ৰকাশ কৰিছে। লেখাটোৰ জৰিয়তে তেওঁ ক’ব বিচৰা গুৰুত্বপূর্ণকথাটি হ’ল বিশ্ব প্রকৃতিত একমাত্ৰ মানুহেই “স্বতন্ত্র শক্তি” নহয়, বৰং ই প্রকৃতিৰ এক অংশহে। আধুনিক পুঁজিবাদী উৎপাদন ব্যৱস্থা আৰু প্ৰযুক্তিকেন্দ্রিক সভ্যতাই ইক’লজিৰ ভাৰসাম্য কেনেকৈ ধ্বংস কৰিছে, সেই সম্বন্ধে ইয়াত আলোচিত হৈছে। বিশেষকৈ “mass extinction”  আৰু “anthropocene”ৰ দৰে আধুনিক বৈজ্ঞানিক ধাৰণাবোৰ অসমীয়া গদ্যত এনেধৰণে আলোচনা কৰাটো দৰকাৰী কথা।

আধুনিক বিশ্বব্যৱস্থাৰ অন্তৰালত থকা শোষণ, সাম্ৰাজ্যবাদী মনোভাৱ আৰু পুঁজিবাদী ব্যৱস্থাই কেনেকৈ মানুহৰ জীৱন, সংস্কৃতি আৰু ইতিহাস চেতনাক প্ৰভাৱিত কৰিছে, সেই সম্পৰ্কে লেখকে উদ্বিগ্নতাৰে উল্লেখ কৰিছে। তেওঁ কৈছে যে, আজিৰ পৃথিৱীত মানুহে নিজৰ ইতিহাস, সংস্কৃতি আৰু বিশ্বব্ৰহ্মাণ্ডৰ সৈতে থকা গভীৰ সম্পৰ্ক পুনৰ চিনাক্ত কৰাৰ প্ৰয়োজন আছে।

ৰূপান্তৰৰ মহাশিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ উদ্ধৃতিৰে তেওঁ আকাশ, নক্ষত্ৰ, পৃথিৱী আৰু মানুহৰ মাজৰ মহাজাগতিক সম্পৰ্কৰ কথা ব্যাখ্যা কৰিছে। আকাশ কেৱল দূৰ মহাকাশ নহয়, ই মানুহৰ কল্পনা, স্বাধীনতা, সৃষ্টিশীলতা আৰু চেতনাৰ বিশাল প্ৰতীক।

গ্ৰন্থখনিত লেখকে ক্ষোভেৰে ব্যক্ত কৰিছে যে আধুনিক পুঁজিবাদী আৰু ভোগবাদী সভ্যতাই মানুহক প্ৰকৃতিৰ পৰা আঁতৰাই লৈ যোৱাৰ ফলত মানুহে প্ৰকৃতিক নিজৰ অংশ বুলি নাভাবি, এক “বস্তু” বা অধিকাৰ কৰিবলগীয়া সম্পদ হিচাপে চাবলৈ আৰম্ভ কৰিছে। এইখিনিতে লেখকে এঙ্গেলছৰ উক্তিৰ উদ্ধৃতিও দাঙি ধৰিছে।

 আধুনিক দৰ্শনৰ প্ৰতিভূ এমানুয়েল কাণ্টৰ “mind”  আৰু “matter”, অৰ্থাৎ চেতনা আৰু প্ৰাকৃতিক বস্তু জগতৰ duality-ৰ ধাৰণাই মানুহৰ চেতনাক সম্পূৰ্ণ স্বতন্ত্ৰ বুলি ঘোষণা কৰিছিল। এই বিভাজনৰ ফলতে মানুহে পৰিৱেশ ধ্বংস, যুদ্ধ, প্ৰকৃতি লুণ্ঠন আৰু সভ্যতাৰ সংকট সৃষ্টি কৰিছে। নদী, পাহাৰ, বন আদি কেৱল সম্পদ নহয়, সেইবোৰৰ সৈতে মানুহৰ জৈৱিক আৰু সাংস্কৃতিক সম্পৰ্ক জড়িত। সেয়ে লেখকে এংগেলছৰ প্ৰসংগৰে প্ৰকৃতিৰ সৈতে পুনৰ এক আন্তৰিক, সহাৱস্থানমূলক আৰু দায়িত্বশীল সম্পৰ্ক গঢ়ি তোলাৰ আহ্বান জনাইছে।

গ্ৰন্থখনিৰ দ্বিতীয় গুৰুত্বপূর্ণ প্ৰবন্ধটো হৈছে “জেমছ্ ৱেব দূৰবীণ আৰু আমাৰ মহাকাশ ভাবনা”। ই আধুনিক মহাকাশবিজ্ঞানক কেন্দ্ৰ কৰি লিখা এক অসাধাৰণ আলোচনা। James Webb Space Telescope বা JWST-ৰ সহায়ত মানুহে মহাবিশ্বৰ অতীতক নতুনকৈ চাবলৈ সক্ষম হৈছে। বিষয়টো লেখকে অত্যন্ত আকর্ষণীয়ভাৱে উপস্থাপন কৰিছে। কোটি কোটি আলোকবৰ্ষ দূৰৰ তাৰকাৰাজ্য, নক্ষত্র জন্ম আৰু মহাবিশ্বৰ প্ৰাৰম্ভিক অৱস্থাৰ ছবিয়ে মানুহৰ মহাকাশ-ধাৰণাক কেনেকৈ সলনি কৰিছে, সেয়াই লেখাটোৰ কেন্দ্ৰবিন্দু। লেখকে দেখুৱাইছে যে মহাকাশৰ বিশালতা উপলব্ধি কৰিলে মানুহৰ ব্যক্তিগত সম্পত্তি ৰক্ষাৰ যুঁজ, অবিৰত দখল, আগ্ৰাসন আৰু সভ্যতাবাদী নিষ্ঠুৰতাৰ প্ৰদৰ্শন কিমান মূল্যহীন হৈ পৰে। মিশ্ৰৰ এই লেখাটোত বিজ্ঞান আৰু বিস্ময়বোধৰ সুন্দৰ সমন্বয় ঘটিছে।

“ভয়েজাৰৰ মহা যাত্ৰা” শীৰ্ষক প্ৰৱন্ধটিত নাছাৰ Voyager mission-ৰ ইতিহাস আৰু তাৎপর্য আলোচনা কৰা হৈছে। সৌৰজগতৰ সীমা অতিক্ৰম কৰি মহাকাশৰ অজানা দিশলৈ যাত্ৰা কৰা ভয়েজাৰ-১ আৰু ভয়েজাৰ-২ যান দুখনক লেখকে মানুহৰ অনুসন্ধিৎসাৰ প্রতীক হিচাপে উল্লেখ কৰিছে। মানুহে নিজৰ অস্তিত্বৰ সীমা অতিক্ৰম কৰি নজনাক জানিবলৈ কৰা এই প্রচেষ্টা সভ্যতাৰ এক মহান যাত্ৰা হিচাপে ব্যাখ্যা কৰা হৈছে। ১৯৭৭ চনৰপৰা মহাকাশৰ গভীৰ অন্ধকাৰ আৰু প্ৰচণ্ড শীতৰ মাজেৰে একেৰাহে যাত্ৰা কৰি থকা যান দুখনৰ অনাগত দহ বছৰৰ ভিতৰত যন্ত্ৰ পাতিবোৰ অকামিলা হৈ পৰিলে পৃথিৱীৰ সৈতে সংযোগবিহীন হৈ পৰিব। তথাপি অনাগত বহু বছৰলৈ এই অনিৰ্বাণ যাত্ৰা চলিয়েই থাকিব।

গ্ৰন্থখনৰ আন এটি প্ৰবন্ধ হৈছে “বিজ্ঞান, ছদ্মবিজ্ঞান আৰু গণতন্ত্ৰ”। ই মূলতঃ বৈদিক যুগ, সৃষ্টি-তত্ত্ব, উপনিষদীয় চিন্তা আৰু মানুহৰ প্রাচীন অনুসন্ধিৎসাৰ আলোচনা। ঋকবেদৰ নাসাদিয়া সুক্তৰ আঁত ধৰি বৈদিক ভাবনাৰ সহায়ত মানুহে বহু আগৰ পৰাই বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তি আৰু জীৱনৰ উৎস সম্পর্কে ভাবিবলৈ আৰম্ভ কৰিছিল আৰু সেই অনুসন্ধিৎসায়ে ধীৰে ধীৰে যুক্তিনির্ভৰ বৈজ্ঞানিক চিন্তাৰ জন্ম দিবলৈ ধৰে। ইয়াত লেখকে বিজ্ঞান আৰু ছদ্মবিজ্ঞানৰ পাৰ্থক্যও স্পষ্টকৈ দেখুৱাইছে। অন্ধবিশ্বাস বা কর্তৃত্বনির্ভৰ সত্যৰ বিপৰীতে বিজ্ঞান যে প্রশ্ন, পর্যবেক্ষণ আৰু পৰীক্ষাৰ ওপৰত নিৰ্ভৰশীল, সেই কথা উক্ত প্ৰৱন্ধটিৰ মাধ্যমেৰে যুক্তিসহকাৰে আলোচনা কৰা হৈছে। আধুনিক বিজ্ঞানৰ জটিল তত্ত্বসমূহ, যেনে, কোৱাণ্টাম বলবিজ্ঞান, আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদ অথবা কোৱান্টাম মহাকৰ্ষণ আৰু string theory-ৰ সহায়ত বিশ্বব্ৰহ্মাণ্ডৰ গঠন আৰু সৃষ্টি সম্পৰ্কে বিজ্ঞানীসকলে অবিৰত অনুসন্ধান চলাই থকা বিষয়ৰ আলোকপাত কৰা হৈছে। String theory অনুসৰি সূক্ষ্ম কম্পমান ‘string’-ৰ পৰাই পদাৰ্থ, শক্তি আৰু মহাকর্ষণৰ উৎপত্তি হয় বুলি ধৰা হয়। এই আলোচনাৰ জৰিয়তে লেখকে বুজাব বিচাৰিছে যে, বিজ্ঞান কোনো স্থিৰ বা চূড়ান্ত সত্য নহয়, ই সদায় প্রশ্ন, পৰীক্ষা আৰু নতুন অনুসন্ধানৰ মাজেৰে বিকশিত হৈ থাকে।

গ্ৰন্থখনৰ আন এটি উল্লেখযোগ্য প্ৰৱন্ধ হৈছে “হকিঙৰ পৰা ডাৰউইনলৈ ‌: ধৰ্মীয় পুনৰুত্থানবাদীৰ বিজ্ঞানৰ ওপৰত আক্ৰমণ”। এই প্ৰৱন্ধত বিশ্ববিখ্যাত পদাৰ্থ বিজ্ঞানী ষ্টিফেন হকিঙৰ দেহাৱসানৰ পাছত এচাম সাধু, মহাপুৰুষৰ আৱিৰ্ভাৱে বেদ-উপনিষদত থকা প্ৰাচীন ভাৰতীয় বিজ্ঞানৰ উদ্ধৃতিৰে হকিঙক নাকচ কৰিব বিচৰা প্ৰসংগৰ উপৰিও নৱম, দশম শ্ৰেণীৰ NCERT পাঠ্যক্ৰমৰপৰা ডাৰ‌উইন তত্ত্ব বিলোপ কৰিব বিচৰা প্ৰসংগও সামৰি লৈছে। ধর্মীয় গোঁড়ামী আৰু ক্ষমতাকেন্দ্ৰিক সমাজব্যৱস্থাৰ বিৰুদ্ধে যুক্তি আৰু পর্যবেক্ষণৰ শক্তিৰে বিজ্ঞান কেনেকৈ অতীজৰেপৰাই আগ বাঢ়িছিল, সেই ইতিহাস এই প্ৰৱন্ধত সংক্ষিপ্ত ৰূপত তাৎপর্যপূর্ণভাৱে বৰ্ণনা কৰা হৈছে। কেইবাজনো বিজ্ঞানীৰ বিজ্ঞানমনস্ক চিন্তাৰ উল্লেখ কৰি লেখকে দেখুৱাইছে যে বিজ্ঞানৰ ইতিহাস আচলতে প্রতিষ্ঠিত বিশ্বাসক প্রশ্ন কৰাৰ ইতিহাস। Social Darwinism-ৰ অপব্যাখ্যা আৰু বিজ্ঞানৰ ৰাজনৈতিক ব্যৱহাৰৰ বিপদো তেওঁ অনুকিয়াইছে।

গ্ৰন্থখনিৰ শেষৰফালে “ক’ভিড ডায়েৰীৰ পৃষ্ঠাৰপৰা” প্ৰৱন্ধটিত COVID-19 মহামাৰীৰ সামাজিক, বৈজ্ঞানিক আৰু ৰাজনৈতিক দিশসমূহ বিশ্লেষণ কৰা হৈছে। ক’ভিড মহামাৰী সৃষ্টিকাৰী ভাইৰাছ SARS-COV-2-ৰ উৎপত্তি, mutation, adaptation, spike protein, natural selection আদি বৈজ্ঞানিক বিষয়ক সহজ ভাষাত ব্যাখ্যা কৰাৰ লগতে তেওঁ বিশ্বায়ন, পুঁজিবাদী কৃষি-অর্থনীতি, পৰিৱেশ ধ্বংস আৰু আধুনিক জীৱনযাত্ৰাৰ লগত মহামাৰীৰ সম্পর্ক‌ আদি আলোচনা কৰিছে। Rob Wallace-ৰ দৰে চিন্তাবিদৰ মত উদ্ধৃত কৰি তেওঁ দেখুৱাইছে যে বৃহৎ শিল্পভিত্তিক পশুপালন, বন উজাৰ আৰু অস্বাস্থ্যকৰ উৎপাদন পদ্ধতিয়ে নতুন ভাইৰাছ সৃষ্টিৰ ক্ষেত্ৰ তৈয়াৰ কৰে। সেয়েহে মহামাৰী কেৱল চিকিৎসাবিজ্ঞানৰ সমস্যা নহয়, ই সামাজিক আৰু ৰাজনৈতিক সংকটো। এই সন্দৰ্ভত ভাৰতীয় স্বাস্থ্যব্যৱস্থা, তথ্য গোপন, উপনিবেশিক মানসিকতা আৰু জনসাধাৰণৰ ভয়-আতংকৰ কথাও উল্লেখ কৰা হৈছে। একে সময়তে বিজ্ঞানবিৰোধী গুজব, ধর্মীয় কুসংস্কাৰ আৰু ছদ্মবিজ্ঞানৰ সমালোচনা কৰি লেখকে বিজ্ঞানমনস্কতাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিছে।

গ্ৰন্থখনৰ শেষৰ ফালে সংযোজিত হৈছে ষ্টিফেন হকিঙে লিখা প্ৰৱন্ধ এটিৰ অসমীয়া অনুবাদ “ঈশ্বৰৰ অস্তিত্ব আছেনে?” এই লেখাত মহাবিশ্বৰ উৎপত্তি, relativity, gravity, space-time, black hole আৰু cosmology-ৰ দৰে জটিল বিষয় সহজ অসমীয়াত ব্যাখ্যা কৰিছে। হকিঙৰ মতে বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ বাবে বাহ্যিক অলৌকিক শক্তিৰ প্রয়োজন নাথাকিবও পাৰে, পদার্থবিজ্ঞানৰ সূত্রৰ মাজতেই বিশ্বসৃষ্টিৰ ব্যাখ্যা নিহিত থাকিব পাৰে। লেখাটোত আইনষ্টাইনৰ বিখ্যাত সমীকৰণ E = mc² আৰু আধুনিক পদাৰ্থবিজ্ঞানৰ তাৎপৰ্যপূৰ্ণ ব্যাখ্যা আগবঢ়োৱা হৈছে।

গ্ৰন্থখনিৰ আগকথা লিখিছে চিন্তাশীল লেখক, মাৰ্ক্সবাদী তাত্ত্বিক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভূ-পদাৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক, গৱেষক ড সিদ্ধাৰ্থ লাহিড়ীয়ে। তেখেতে গ্ৰন্থখনি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মতামত আগবঢ়াই কৈছে, বিজ্ঞান কেৱল পৰীক্ষাগাৰ বা তত্ত্বৰ মাজতেই সীমাবদ্ধ নহয়, বিজ্ঞান মানে হৈছে মানুহৰ জীৱন, সমাজ, সংস্কৃতি আৰু সভ্যতাক নতুন দৃষ্টিৰে চোৱাৰ এক পদ্ধতি। আধুনিক সমাজত বিজ্ঞান আৰু প্রযুক্তিৰ বিস্তাৰ ঘটিলেও কুসংস্কাৰ, ছদ্মবিজ্ঞান আৰু অন্ধবিশ্বাস একেলগে বৃদ্ধি পাইছে। সেয়েহে বিজ্ঞানমনস্কতা গঢ়ি তোলা আজিৰ সময়ৰ বাবে এক গুৰুত্বপূর্ণ প্ৰয়োজন। যিকোনো বিষয়কে যুক্তি আৰু পর্যবেক্ষণৰ ভিত্তিত বিশ্লেষণ কৰাৰ ক্ষমতাই মানুহক মুক্ত চিন্তাৰ পথ দেখুৱায়। বিজ্ঞান যদি মানবিক মূল্যবোধৰ সৈতে সংযুক্ত নহয়, তেন্তে সেই বিজ্ঞান অসম্পূর্ণ। সেয়েহে বিজ্ঞানচর্চাৰ লগতে সমাজচেতনা, নৈতিকতা আৰু মানৱীয়বোধৰ বিকাশৰো প্রয়োজন। আধুনিক বিজ্ঞানে বহু ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিলেও মানুহৰ চৈতন্য, অনুভূতি আৰু অস্তিত্বৰ বহু প্রশ্ন এতিয়াও সম্পূর্ণ সমাধান হোৱা নাই বুলি তেখেতে ইংগিত কৰিছে।

ভাষাশৈলীৰ ক্ষেত্ৰত কমল নয়ন মিশ্ৰৰ গদ্য তথ্যসমৃদ্ধ, যুক্তিনিষ্ঠ আৰু দার্শনিক গভীৰতাৰে পৰিপূৰ্ণ। বহু বৈজ্ঞানিক পৰিভাষা আৰু বিদেশী চিন্তাবিদৰ উল্লেখ থাকিলেও প্ৰৱন্ধসমূহৰ ভাষা অত্যন্ত প্রাঞ্জল।

সদৌ শেষত “বিৱৰ্তনীয় ঘড়ী, ইক’লজী আৰু আমাৰ সময়”  আধুনিক অসমীয়া সাহিত্যত বিজ্ঞানমনস্ক চিন্তাৰ এক মূল্যবান সংযোজন। কুসংস্কাৰ, অপবিজ্ঞান আৰু তথ্যবিভ্ৰান্তিৰে ভৰা এই সময়ত এইধৰণৰ বিজ্ঞানমনস্ক গদ্যচর্চা বিশেষকৈ উঠি অহা প্ৰজন্মৰ বাবে বিশেষভাৱে প্রয়োজনীয়। কথনশৈলী যথেষ্ট গম্ভীৰ আৰু চিন্তাধর্মী হোৱা হেতুকে সাধাৰণ পাঠকৰ বাবে গ্ৰন্থখনি সহজপাঠ্য নহ’বও পাৰে, কাৰণ লেখাসমূহত লেখকে বৈজ্ঞানিক terminology, দাৰ্শনিক তত্ত্ব আৰু সমাজবৈজ্ঞানিক বিশ্লেষণ বহুলভাৱে ব্যৱহাৰ কৰিছে। কিন্তু যিসকল পাঠকে বিজ্ঞান, ইতিহাস আৰু সমাজচিন্তাৰ আন্তঃসম্পর্ক বুজিবলৈ আগ্ৰহী, তেওঁলোকৰ বাবে এইখন অত্যন্ত মূল্যবান গ্ৰন্থ। অসমীয়া ভাষাত ecology আৰু civilization crisisৰ দৰে জটিল বিষয়ক এনে বৌদ্ধিক গভীৰতাৰে উপস্থাপন কৰাটো অতি প্ৰশংসনীয়।

গ্ৰন্থখনিৰ প্ৰচ্ছদ অংকন কৰিছে কাজল নয়নমিশ্ৰ‌ই। ১০৯ পৃষ্ঠাৰ এই গ্ৰন্থখনিৰ মূল্য ১৬০ টকা।

Leave a Reply

Your email address will not be published. Required fields are marked *