মোৰ বুলিবলৈ আছেনো কি? ।। মূল : ওম প্ৰকাশ বাল্মিকী :: অনুবাদ : ৰুমা অধিকাৰী
মুক্ত চিন্তা। একাদশ বছৰ।। ৪ৰ্থ সংখ্যা
(মূল : ঠাকুৰ কা কুৱা)
চৌকা মাটিৰ, মাটি পুখুৰীৰ;
পুখুৰী ঠাকুৰৰ।
ভোক ভাতৰ, ভাত চাউলৰ;
চাউল পথাৰৰ
পথাৰ ঠাকুৰৰ।
গৰু ঠাকুৰৰ, নাঙল ঠাকুৰৰ;
নাঙলৰ মুঠিত ধৰা হাতখন মোৰ—
ফচল ঠাকুৰৰ।
কুৱা ঠাকুৰৰ, পানী ঠাকুৰৰ;
পথাৰ-সমাৰ সকলো ঠাকুৰৰ।
গাঁও ভূই সকলো,
তেন্তে মোৰ বুলিবলৈ আছেনো কি?
এই গাঁও?
চহৰখন?
নে এই দেশ?

