অনুবাদপ্ৰবন্ধ

বব মাৰ্লিৰ “নো উইমেন, ন’ ক্ৰাই” কিদৰে হৈ পৰিল আশাৰ গীত ।। মূল : গৌতম কে শুভ :: অনুবাদ : তৰালী শৰ্মা

মুক্ত চিন্তা।একাদশ বছৰ।। ৫ম সংখ্যা

(ব’ব মাৰ্লিৰ ওপজা দিন ৬ ফেব্ৰুৱাৰীত “বাংলা ষ্ট্ৰিম” অনলাইন আলোচনীখনত প্ৰকাশিত গৌতম কে শুভৰ “বব মার্লের ‘নো ওম্যান, নো ক্রাই’ যেভাবে হয়ে উঠল আশার গান” শীৰ্ষক প্ৰবন্ধটো অনুবাদ কৰিবলৈ চেষ্টা কৰা হ’ল)

৬ ফেব্ৰুৱাৰী, বব মাৰ্লিৰ ওপজা দিন। তেওঁ আছিল বঞ্চিতসকলৰ কণ্ঠস্বৰ, জামাইকান আত্মপৰিচয়ৰ প্ৰতীক আৰু ৰেগে সংগীতৰ জাগৰণৰ দূত। “নো উইমেন, নো ক্ৰাই” তেওঁৰ জনপ্ৰিয় গীত। কিন্তু এই গীতটো প্ৰায়ে শ্ৰোতাই ভুলকৈ বুজা দেখা যায়। এই লেখাটোত এই গীতটিৰ সৃষ্টিৰ ইতিহাস, গীতিকাৰজনৰ নামক লৈ হোৱা বিতৰ্ক, গীতটিৰ বাৰ্তাক সন্নিৱিষ্ট কৰা হৈছে।

সংগীতৰ জগতখনত বব মাৰ্লি সকলো প্ৰজন্মৰ মাজতেই চৰ্চিত এটি নাম। তেখেত আছিল গায়ক, গীতিকাৰ, সুৰকাৰ, গীটাৰিষ্ট আৰু সংগীত প্ৰযোজক। তেওঁৰ গীতসমূহে সমগ্ৰ বিশ্বতে বিয়পাই দিছে প্ৰেম, প্ৰতিবাদ, আধ্যাত্মিকতা আৰু আশাৰ বাৰ্তা। গোটেই জীৱন বব মাৰ্লিয়ে গীতৰ মাজেৰে দৰিদ্ৰ আৰু নিপীড়িত লোকৰ অধিকাৰ, সামাজিক সমতা আৰু ন্যায়ৰ সপক্ষে মাত মাতি আহিছে। বৰ্ণবাদৰ বিৰুদ্ধে অহৰহ প্ৰতিবাদ কৰি তেওঁ হৈ পৰিছিল নিপীড়িতসকলৰ মচীহা। এই সকলোবোৰ আছিল ৰাষ্টাফাৰিয়ান আন্দোলনৰ সৈতে তেওঁৰ সংহতি প্ৰকাশৰ এক মাধ্যম।

কোৱা হয় যে বব মাৰ্লি আছিল তৃতীয় বিশ্বৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় ছুপাৰষ্টাৰ। বহু তৰুণ তেওঁৰ গীতৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল, জীৱনৰ কষ্ট পাহৰি “ৰেগে” সংগীতৰ ছন্দত নাচিছিল। জামাইকাৰ এই শিল্পীজনে বাৰে বাৰে প্ৰমাণ কৰি আহিছে যে সংগীতো হ’ব পাৰে প্ৰতিবাদৰ এক শক্তিশালী ভাষা ।

“নো উইমেন, নো ক্ৰাই”, ভুল ব্যাখ্যাৰ গীত

যদি নৱপ্ৰজন্মই তেওঁক তেওঁৰ এটা গীতৰ পৰাও চিনি পায়, তেন্তে সেয়া নিঃসন্দেহে “নো উইমেন, নো ক্ৰাই”। বিভিন্ন সময়ত এই গীতটোৰ শিৰোনামক ভুলকৈ ব্যাখ্যা কৰা হৈছে। শ্ৰোতাই প্ৰায়ে ভাবে, “নো উইমেন, নো ক্ৰাই” মানে “জীৱনত নাৰী নাই, গতিকে কান্দোনো নাই”। যেন জীৱনৰ দুখ-কষ্টৰ উৎস কেৱল নাৰীয়েই!

অৱশ্যে গীতটোৰ মূল বাৰ্তাটো আছিল তাৰ একেবাৰে বিপৰীত। বব মাৰ্লিয়ে জামাইকান ইংৰাজী (প্যাটোয়া) ভাষাত গীতটো গাইছিল। প্যাটোয়া ভাষাত এই বাক্যটো হৈছে “নো উইমেন, নু ক্ৰাই” (No women nuh cry) যাৰ অৰ্থ হৈছে – “না, নাৰী,  নাকান্দিবা”।

য’ত দুখৰ মাজতো কোনোবাই কাৰোবাক সান্ত্বনা দি কৈছে, অতীত হয়তো কঠিন আছিল, কিন্তু ভাল সময় আহি আছে। হে প্ৰিয়ে, নাকান্দিবা।

গীতটোৰ ইতিহাস

সেই সময়ত বব মাৰ্লিৰ জীৱন অভাৱ-অনাটনৰ মাজেৰে অতিবাহিত হৈছিল। ১৯৬৬ চনত তেওঁৰ প্ৰেমিকা ৰীতা এণ্ডাৰছনৰ (ৰীতা মাৰ্লি) সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। সপোন দেখিছিল গান গোৱাৰ কিন্তু পকেট আছিল খালী। বিয়াৰ মাত্ৰ দুদিন পিছতে মাৰ্লিয়ে কিংষ্টন এৰি আমেৰিকাৰ ডেলাৱেৰৰ মাকৰ ঘৰলৈ গুচি যায়।

তাতে তেওঁ শ্ৰমিক হিচাপে গাড়ীৰ কাৰখানাত যোগদান কৰে। উদ্দেশ্য আছিল টকা সঞ্চয় কৰি তেওঁৰ গান গোৱাৰ সপোন পূৰণ কৰা। আঠ মাহৰ পাছত তেওঁ পুনৰ জামাইকালৈ উভতি আহে। আৰম্ভ হয় এক নতুন অধ্যায়ৰ, এক নতুন “মাৰ্লি”-ৰ যাত্ৰা। ষাঠিৰ দশকৰ মাজভাগৰ পৰা সত্তৰৰ দশকৰ আৰম্ভণিৰ সেই সময়ছোৱাতেই সৃষ্টি হৈছিল এই গীতটিৰ।

এই যাত্ৰাত মাৰ্লিৰ সংগী আছিল ট্ৰেঞ্চটাউনৰ কেঁচা ৰাস্তা, দুৰ্গন্ধময় গলিবোৰ আৰু দৰিদ্ৰ জীৱনৰ কণ্টকাকীর্ণ দিনবোৰ। এই সকলোবোৰ মাৰ্লিৰ গীত “নো উইমেন, ন’ ক্ৰাই”-ত প্ৰতিফলিত হৈছে।

বব মাৰ্লি এণ্ড দ্য ৱেইলাৰ্ছৰ সপ্তম এলবাম “ন্যাটি ড্ৰেড”-ত (১৯৭৪) এই গীতটো প্ৰথম শুনা গৈছিল। কিন্তু ১৯৭৫ চনতহে লণ্ডনৰ লাইচিয়াম থিয়েটাৰত হোৱা এটি ঐতিহাসিক লাইভ প্ৰদৰ্শনৰ পিছতহে এই গীতটো সঁচাকৈয়ে জনপ্ৰিয় হৈ উঠে, যিটো পিছলৈ “লাইভ!” এলবামত মুক্তি পায়। আজিও সেইটোৱেই আটাইতকৈ মৰ্মস্পৰ্শী, হৃদয়ত সাঁচ বহুৱাই যোৱা সংস্কৰণ।

গীতিকাৰজনৰ নামক লৈ বিতৰ্ক‌

“নো উইমেন, নো ক্ৰাই” সম্পৰ্কে হয়তো আটাইতকৈ চৰ্চিত বিষয়টো হ’ল গীতিকাৰজনৰ নাম। গীতটো শুনিলে বব মাৰ্লিৰ নামটোৱেই গীতিকাৰ হিচাপে মনোযোগী শ্ৰোতাৰ মনলৈ আহে। কিন্তু এলবামৰ কভাৰটো চালে দেখা যায় যে গীতিকাৰজনৰ নাম “ভিনচেণ্ট ফোৰ্ড”।

আচলতে কথাটো অলপ জটিল। এই এলবামটো মুক্তি পোৱাৰ আগতে বব মাৰ্লিয়ে নিজৰ গীতৰ স্বত্ব নিজৰ হাতত ৰাখিব বিচাৰিছিল। কিন্তু ইতিমধ্যে কেম্যান মিউজিকৰ সৈতে তেওঁৰ চুক্তি হৈছিল। এই চুক্তিৰ বাধাৰ পৰা হাত সাৰিবলৈ তেওঁ লিখা গীতৰ গীতিকাৰ হিচাপে বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ নাম ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে।

সেয়েহে তেওঁ এসময়ত মাৰ্লিক খুৱাই আশ্ৰয় দিয়া শৈশৱৰ বন্ধু টাটা ফোৰ্ডক গীতটোৰ গীতিকাৰ হিচাপে স্বীকৃতি দিয়ে। বহুতে কয় যে ই তেওঁৰ বন্ধুৰ প্ৰতি কৃতজ্ঞতা আৰু আৰ্থিক সহায়ৰ এক নিস্বাৰ্থ কাৰ্য আছিল।

অৱশ্যে এই সন্দৰ্ভতো বিতৰ্কৰ সৃষ্টি হৈছে! ফোৰ্ডে কেতিয়াবা কৈছিল যে তেওঁৱেই গীতটো লিখিছিল। ইফালে বহু গৱেষক আৰু মাৰ্লিৰ বেণ্ডৰ সদস্যৰ মতে এই গীতটো আচলতে মাৰ্লিয়েহে লিখিছিল। কিছুমানে কয় যে ফোৰ্ডে হয়তো গীতটোৰ কিছুমান কথা লিখিছিল বা গীতটো লিখিবলৈ অনুপ্ৰাণিত কৰিছিল, কিন্তু তেওঁ গোটেই গীতটো লিখা নাছিল।

মাৰ্লিৰ তেতিয়াৰ মেনেজাৰ ডন টেইলৰে কয় যে ফোৰ্ডক কেৱল আৰ্থিক লাভৰ বাবে গীতিকাৰ হিচাপে নামকৰণ কৰা হৈছিল। আৰু বব মাৰ্লিৰ পত্নী ৰীতা মাৰ্লিৰ মতে এই গীতটো লিখিছিল মাৰ্লিয়ে। কিন্তু জীৱনৰ দুৰ্দশাপূৰ্ণ সময়ছোৱাত সহায়ৰ হাত আগবঢ়োৱা বন্ধু ফোৰ্ডক সন্মান জনোৱাৰ উদ্দেশ্যেই গীতিকাৰ হিচাপে তেওঁক পৰিচয় কৰাই দিয়া হৈছিল।

বব মাৰ্লিৰ বেণ্ডৰ বেছ গীটাৰিষ্ট এষ্টন বেৰেটে বিশ্বাস কৰে যে ফোৰ্ডে গীতটোৰ সৃষ্টিত কিছু অৰিহণা যোগাইছিল। আৰু কিবৰ্ডিষ্ট বাৰ্নাৰ্ড হাৰ্ভিয়ে কৈছিল, “গীতটোৰ ৰচনা সম্পৰ্কত মই বিশেষ একো নাজানোঁ। কিন্তু মানুহে বুজিব লাগিব যে ববে তেওঁৰ নিজৰ জীৱনৰ বিষয়ে গাইছে”।

মাৰ্লি-বিশেষজ্ঞ ৰজাৰ ষ্টিফেন্সৰ মতে, ১৯৭৫ চনত জামাইকান ব্ৰডকাষ্টিং কৰ্পৰেশ্যনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বব মাৰ্লিয়ে কৈছিল যে তেওঁ টাটাৰ ঘৰৰ চোতালত গীটাৰ টিউন কৰি থাকোঁতে এই গীতটো লিখিছিল। বব মাৰ্লিৰ আন এগৰাকী গৱেষক ভিভিয়ান গোল্ডমেনৰ মতে “গানটো হয়তো দুজনৰ মাজত হোৱা কথা-বতৰাৰ পৰা সৃষ্টি হৈছে। বব মাৰ্লিৰ সৃষ্টিশীলতাই এনেদৰেই কাম কৰিছিল।”

২০১৪ চনত কেম্যান মিউজিকে ইয়াৰ বাবে মোকৰ্দমা তৰিছিল। তেওঁলোকে দাবী কৰে যে গীতটোৰ গীতিকাৰ হিচাপে ফোৰ্ডৰ নাম ৰখাই কোম্পানীয়ে আৰ্থিকভাৱে প্ৰতাৰিত হৈছে। আদালতে শেষ পৰ্যন্ত বব মাৰ্লিৰ উত্তৰাধিকাৰীসকলৰ সপক্ষেই ৰায় দিয়ে। অৱশ্যে এই বিতৰ্কৰ বিষয়ে আজিও চৰ্চা চলি আছে।

“নো উইমেন, নো ক্ৰাই” গীতটোত কি কোৱা হৈছে

গীতটোৰ আৰম্ভণিতেই আছে প্ৰেমিকাৰ সৈতে ট্ৰেঞ্চটাউনৰ জীৱনৰ স্মৃতিৰোমন্থন। ইয়াত আছে জীৱনৰ কঠিন সময়তো আৱেগিক নোহোৱাৰ আহ্বান। এদিন সকলো ঠিক হৈ যাব। সকলো শান্ত হৈ পৰিব। ট্ৰেঞ্চটাউনৰ এই সময়খিনি তেওঁ জীৱনৰ এক মূল্যৱান অধ্যায় বুলি গণ্য কৰিছিল। কাৰণ তাত আছিল প্ৰেম, বন্ধুত্ব, মানুহৰ স্পৰ্শ আৰু মানুহক চিনি পোৱাৰ প্ৰকৃত ৰং।

বহু বন্ধু জীৱনৰ এই যাত্ৰাত হেৰাই যাব লগা হৈছিল। বহুবাৰ বিশ্বাস ভাঙিছে। কিন্তু অতীতক পাহৰি যাব পাৰিনে? নাই, নোৱাৰি। কাৰণ বন্ধুত্বৰ শিপা অতীতৰ অভিজ্ঞতাৰ মাজত শিপাই আছে।

এই গীতটোত মাৰ্লিৰ বন্ধু জৰ্জিয়াৰ নামো আহিছে। যিয়ে ৰাতি কাঠৰ জুই জ্বলাই ৰাখিছিল যাতে তেওঁলোকে ৰাতিপুৱাৰ পোহৰত কৰ্ণমিল পোৰিজ্ (জামাইকাৰ ৰাতিপুৱাৰ প্ৰিয় খাদ্য) ৰান্ধিব পাৰে। এই সৰু সৰু মুহূৰ্তবোৰেই গানটোক আৰু অধিক আৱেগিক কৰি তোলে।

শেষত গীতটোৰ অন্যতম প্ৰধান বাৰ্তা হৈছে “Everything’s Gonna Be Alright”।

আচলতে এইটো কেৱল প্ৰেমিক-প্ৰেমিকাৰ বাবে নহয়। যেন পৃথিৱীৰ প্ৰতিজন ব্যক্তিৰ বাবে; যিসকলে বিপদত পৰিছে, সংগ্ৰাম কৰি আছে, কিন্তু এতিয়াও হাৰ মানিব পৰা নাই। দুখ-কষ্টেৰে জুৰুলা হোৱা জীৱনতো যদি কোনোবাই আপোনাৰ কাষত থাকে, কোনোবাই যদি কয়, নাকান্দিবা। সকলো ঠিকেই হ’ব। সেই কথাৰ মাজতেই সৃষ্টি হয় শক্তি, সাহস আৰু নতুনকৈ জীয়াই থকাৰ ইচ্ছাৰ।

এই গীতটো নিজৰ ঘৰলৈ উভতি অহাৰ দৰেই। পুৰণি এলবামৰ ছবি চাই আৱেগিক হৈ পৰাৰ দৰেই। কাৰণ আমিওতো হেৰুৱাইছো মানুহ, পুৰণি সময়, সৰু সৰু সুখবোৰ।

মুঠতে “নো ৱমেন, নো ক্ৰাই” চিৰন্তন আশাবাদৰ প্ৰতীক, যিটো ইমান সময়ৰ পাছতো আমাৰ জীৱনত গভীৰভাৱে প্ৰাসংগিক। বব মাৰ্লিয়ে বহু বছৰৰ আগতেই কোৱা এই কথাবোৰে আজিৰ অশান্ত পৃথিৱীখনতো আমাক সান্ত্বনা দিয়ে আৰু সাহস দিয়ে। বিশেষকৈ সামাজিক, অৰ্থনৈতিক, মানসিক সংগ্ৰামৰ সন্মুখীন হোৱা মহিলাসকলৰ বাবে এই গীতটো তেওঁলোকৰ বাবে আশ্বাসৰ দৰেই। সেই কাৰণে এই গীতটো মূলতঃ জীৱন জয়ৰ এক আন্তৰিক মন্ত্ৰ।

One thought on “বব মাৰ্লিৰ “নো উইমেন, ন’ ক্ৰাই” কিদৰে হৈ পৰিল আশাৰ গীত ।। মূল : গৌতম কে শুভ :: অনুবাদ : তৰালী শৰ্মা

  • Paban Kumar Sahariah

    গানটোৰ শিৰোনামে আফ্ৰিকান লেখক এনগুগি ৱা থংগৰ ” Weep not, Child” উপন্যাসখনলৈ মনত পেলাই দিলে।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *