মণিকংকনা বৰবৰাৰ “গৈ থকা মানুহবোৰ”ত শোষিতৰ হুতাহৰ কাহিনী ।। ড° হাস্নাহানা গগৈ
মুক্ত চিন্তা।একাদশ বছৰ।। ৫ম সংখ্যা
মণিকংকনা বৰবৰাৰ গল্প সংকলন “গৈ থকা মানুহবোৰ” (২০২৫) নিঃসন্দেহে সমকালীন সমাজৰ এখন শক্তিশালী দলিল যিয়ে সমাজৰ বিভিন্ন শ্ৰেণীৰ নিষ্পেষিত জনতাৰ কঠোৰ জীৱন সংগ্ৰামৰ বাস্তৱ ছবি এখন তুলি ধৰিছে। বিভিন্ন সময়ত শোষণ, বঞ্চনা আৰু লাঞ্ছনাৰ বলি হোৱা জনগণৰ দুখগাঁথা লেখিকাই তেওঁৰ গল্পসমূহত মূৰ্ত ৰূপত তুলি ধৰিছে।

“গৈ থকা মানুহবোৰ” চৈধ্যটি গল্পৰ এক সংগ্ৰহ য’ত সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ দুখ আৰু হুতাহবোৰে প্ৰাণ পাইছে। এই মানুহবোৰ সমাজৰ সাধাৰণ মানুহ যি বিভিন্ন সময়ত শোষণ, বঞ্চনা আৰু লাঞ্ছনাৰ বলি হৈছে। গল্পসমূহক মূলতঃ চাৰিটা শ্ৰেণীত ভাগ কৰিব পাৰি— ১) পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাত শোষিত নাৰীৰ কাহিনী; ২) অসমতাৰে ভৰা সমাজ এখনত বৈষম্যৰ বলি হোৱা শ্ৰমজীৱী মানুহৰ সংগ্ৰামৰ কাহিনী; ৩) শিপা আৰু প্ৰকৃতিৰ সৈতে নিজৰ অস্তিত্ব ৰক্ষাৰ কথা কোৱা মানুহৰ অসহায়তাৰ কাহিনী; আৰু ৪) ৰাষ্ট্ৰৰ সন্ত্ৰাস আৰু হিংসাৰ বলি হোৱা উচ্ছেদিত মানুহৰ কাহিনী, লগতে তেনে মানুহৰ বাবে ন্যায় আৰু সমতাৰ সপোন দেখা বিপ্লৱীৰো কথা।
সংকলনখনিৰ পাঁচটা গল্প প্ৰথমটো শ্ৰেণীৰ অন্তৰ্গত— “পিতনিত জাহ যোৱা বেলি”, “নৗবৃং”, “মাটিৰ সাধুকথা কোৱা মাকজনী”, “ৰ’দঘাই মানুহ” আৰু “জলকুঁৱৰীৰ ডেউকা”। পাঁচোটি গল্পই আমাৰ সমাজৰ পাঁচটা তেনেই চিনাকী চৰিত্ৰৰ কাহিনী কয়। ঠুটনি নামৰ এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলা যি চাৰিটা সন্তানৰ মাতৃ, আপুন্তি নামৰ এজনী অনাথ মহিলা যি ধনী মানুহ এঘৰত ধাইৰ কাম কৰাৰ লগতে নিজৰ ঘৰখনৰো চোৱাচিতা কৰে, এগৰাকী নামবিহীন নাৰী চৰিত্ৰ যাৰ লেখক হোৱাৰ বাসনা থকাৰ লগতে যি সামজিক বৈষম্যসমূহৰ বিদ্ৰোহী, কলেজত পঢ়ি থকা ল’ৰা এজনৰ একক মাতৃ সাদৰী, আৰু মাইতি নামৰ এগৰাকী গাৰ্হস্থ্য হিংসাৰ বলি হোৱা, পতিগৃহ ত্যাগ কৰা নতুনকৈ হোৱা মাতৃ। আটাইকেইটা চৰিত্ৰই পিতৃতান্ত্ৰিকতাৰ শোষণৰ বলি হোৱা চৰিত্ৰ।
“পিতনিত জাহ যোৱা বেলি” সংকলনখনৰ প্ৰথমটো গল্প। মূল চৰিত্ৰ ঠুটনি, যাক গিৰিধৰনি বা ফিছৌৰ মাক বুলিহে সকলোৱে চিনি পায়। জাতিবৈষম্যৰ ভেঁটিত প্ৰতিষ্ঠিত সমাজ এখনত তলজাতৰ হোৱা বাবে চৈধ্য বছৰ বয়সতে গা-ভাৰী হোৱা ঠুটনিৰ প্ৰেমিকৰ পলায়ন আৰু পৰৱৰ্তী সময়ত ঠুটনিয়ে সন্মুখীন হোৱা পৰিস্থিতিক লৈয়ে গল্পটোৰ কাহিনীভাগ আগবাঢ়িছে। শলঠেকত পৰা ঠুটনিক দেউতাকৰ সমবয়সৰ মানুহ এজনলৈ বিয়া দি ছোৱালিজনীক এই দুৰ্ভাগ্য আৰু অপযশৰপৰা “উদ্ধাৰ” কৰে আৰু লগতে ঘৰৰ মানুহবোৰেও স্বস্তিৰ উশাহ লয়। বিয়াৰ পাছতো সদায় পীড়িত, অৱদমিত অথচ ভৰপক যৌৱন উথলি উঠা সময়ছোৱাতে ঠুটনিৰ অন্য এজন মানুহৰ লগত প্ৰেমৰ সম্পৰ্ক এটা গঢ় লয় যাৰ কাৰণে প্ৰতিদিনেই তাই গাৰ্হস্থ্য হিংসাৰ বলি হয়। তাৰ মাজতে ঠুটনি চাৰিটাকৈ সন্তানৰ মাক হয়। ইয়াৰে প্ৰথম দুটা ল’ৰা নিজৰ ভাগ্যৰ সন্ধানত ঘৰৰপৰা নিৰুদ্দেশ হয় আৰু বাকী থকা দুইটা সন্তান শাৰীৰিকভাৱে অক্ষম। এইবাৰো ঠুটনিৰ প্ৰেমিক এদিন ঠুটনিক এৰি গুচি যায় আৰু ঠুটনিৰ স্বামীৰো মৃত্যু হয়। ইয়াৰ পাছতেই ঠুটনিয়ে মানসিক ভাৰসাম্য হেৰুৱাই পেলায়। গাঁৱৰ সকলোৱে লেই লেই চেই চেই কৰা ঠুটনিক প্ৰতিবেশী পূৰ্ণিমা বা বৰহোলানিয়েহে সহায় কৰে আৰু কিছু মৰমৰ চকুৰে চায়। দেখা যায় যে পুৰুষতান্ত্ৰিকতাৰ লগতে ঠুটনি দাৰিদ্ৰ আৰু জাতিবৈষম্যৰো বলি। প্ৰথম অৱস্থাৰপৰাই ঠুটনি লাঞ্ছিত আৰু শোষিত। ঠুটনি চৰিত্ৰৰ সহায়ত লেখিকাই লাঞ্ছিততজনৰ হাহাকাৰৰ ছবিখন স্পষ্টৰূপত দাঙি ধৰিবলৈ সক্ষম হৈছে।
দ্বিতীয়টো গল্প “নৗবৃং”-ত (মিছিং ভাষাত যাৰ অৰ্থ হৈছে কেঁচুৱা ৰখীয়া) পুৰুষতন্ত্ৰৰ বলি হোৱা একেই চিনাকী চৰিত্ৰ এটা দেখুৱাবলৈ চেষ্টা কৰা হৈছে। কাহিনীৰ মূল চৰিত্ৰ, আপুন্তি এজনী অনাথ ছোৱালী যি এজন ধনী মানুহৰ ঘৰত ল’ৰাৰখীয়া বা ধাইৰ কাম কৰি ডাঙৰ হয়। পাছলৈ আপুন্তিৰ নিজৰ এখন সংসাৰ হয় য’ত তাই এনে এখন সমাজৰ বোৱাৰী হয়গৈ য’ত স্বামীৰ দুৰ্ব্যৱহাৰ আৰু শাৰীৰিক নিৰ্যাতন ভাতৰ লগত পানী খোৱাৰ দৰে কথা। আপুন্তি চৰিত্ৰৰ জৰিয়তে লেখিকা বৰবৰাই দেখুৱাইছে বৈষম্যৰে ভৰা গ্ৰাম্য সমাজ এখনত কেনেধৰণৰ ভুমিকা নাৰীৰপৰা দাবী কৰা হয়ঃ
“একেজনী আপুন্তি মাক, ধাইমাক।
ৰান্ধনী।
খৰিকটীয়া।
ধুবুনী।
ৰোৱনী।
দাৱনী।
শিপিনী।
গড়াল-গোহালিৰ ৰখীয়াও আপুন্তিয়েই।
নোৱাৰে। আপুন্তিয়ে এদিনলেও ঘৰখন এৰি গ’লে ঘৰ গুচি বাঁহতল হ’ব। সেয়েহে একমাত্ৰ মৰণকে তাই ঘৰখনৰ কামৰ বোজাৰপৰা মুকলি হোৱাৰ উপায় বুলি ভাবি লৈছে। ” (পৃ. ২৭)
আপুন্তিৰ জীয়েকো কম বয়সতে পলাই যায় এই ঘটনাত আপুন্তিৰ মাতৃ হৃদয় যন্ত্ৰণাত দগ্ধ হয়। তাই বুজে যে সিহঁতৰ সমাজখনত এজনী মহিলাৰ আশা আকাংক্ষাৰ কোনো মূল্য নাই, কেৱল মহিলাৰ কুমাৰীত্বহে দৰকাৰী কথা। কুমাৰীত্ব নোহোৱা হোৱাৰ লগে লগেই এজনী ছোৱালীৰ গুৰুত্বও যেন নোহোৱা হৈ যায়। তাই হৈ পৰে কলুষিত। আপুন্তিৰো সৰু সৰু কিছু আশা আছিল। তাই সৰুতে থাকি অহা ধনী মানুহঘৰত এখন আৰামী চকী আছিল। আপুন্তিৰ খুব হেঁপাহ আছিল এদিন তাতে বহি চোৱাৰ। কেৱল ঘৰৰ গিৰিহঁতৰহে সেই অধিকাৰ আছিল আৰু তেওঁৰ মৃত্যুৰ পাছতহে ঘৰৰ মহিলাসকলে সেই চকীত বহাৰ সুযোগ পাইছিল। সেই আৰামী চকীখনে পিতৃতান্ত্ৰিকতা আৰু কৰ্তৃত্বৰ ধ্বজা বহন কৰে। বহুবছৰৰ পাছত এদিন আপুন্তি সেই ঘৰখনলৈ যায়। তাই দেখে যে ঘৰখনৰ দুহিতা স্বামীগৃহত অত্যাচাৰ সহিব নোৱাৰি চিৰদিনৰ বাবে গুচি আহিছে। আপুন্তিয়ে এটা কথা লগে লগেই অনুধাৱন কৰে যে মহিলাৰ অৱস্থা শ্ৰেণীভিত্তিক নহয়, তেওঁলোক ক’তোৱেই সুৰক্ষিত নহয়ঃ
“মাইকী মানুহৰ ওপৰত চলা অত্যাচাৰত আখৰী-অনাখৰী একো জাত বিচাৰ নাথাকে দেখোন। সুৰুঙা লাগে মাত্ৰ। ” (পৃ. ৩৪)
পৰিতাপৰ কথা যে আপুন্তিৰ এই উপলব্ধিয়েই হৈছে ৰূঢ় বাস্তৱ। মহিলাৰ শোষণৰ ক্ষেত্ৰত কেৱল লিংগহে মূল কথা। তাৰ লগত ধনী-দুখীয়া, উচ্চ বৰ্ণ বা নিম্ন বৰ্ণ, শিক্ষিত-অশিক্ষিত একোয়ে তাক নিৰ্ধাৰণ নকৰে, কৰে কেৱল মহিলা হোৱাটোৱেহে।
আপুন্তিৰ এই উপলব্ধি ইয়াৰ পাছৰ গল্প “মাটিৰ সাধুকথা কোৱা মাকজনী”-ত পুনৰ চিত্ৰিত হৈছে য’ত এগৰাকী লেখক হোৱাৰ বাসনা পুহি ৰখা মহিলাৰ সংগ্ৰামৰ কাহিনী দেখিবলৈ পোৱা যায়। এগৰাকী মাকৰ পৰা পুৰুষতান্ত্ৰিক সমাজে কেতিয়াও লেখিকা, বিদ্ৰোহী চৰিত্ৰ বা সামাজিক কোনো আন্দোলনৰ নেত্ৰী হোৱাটো আশা নকৰে। তেওঁক কেৱল এগৰাকী ভাল মাতৃ, ভাল পত্নী আৰু আদৰ্শবান মহিলা হোৱাটোৱে কামনা কৰে। মহিলাৰ বাবে সমাজে নিৰ্ধাৰণ কৰি দিয়া ভুমিকাসমূহহে তেওঁৰ পৰা দাবী কৰা হয় য’ত মহিলাৰ নিজৰ পছন্দ-অপছন্দ, আশা আকাংক্ষাৰ কোনো মূল্য নাথাকে। দুখৰ কথা এয়ে যে সেই একে সমাজখনৰ অংশ তেওঁৰ জীৱনসংগী আৰু নিজ পুত্ৰইও তেওঁৰ কথা বুজি নাপায়, তাক মূল্য নিদিয়ে। তেওঁলোকেও মহিলাগৰাকীক সম্পূৰ্ণ মানৱ হিচাপে জীয়াই থকাৰ বাটত হেঙাৰ হৈ ঠিয় দিয়ে। কাহিনীকাৰে কৈছে—
“মাকবোৰে পঢ়িব নোৱাৰে।
তেওঁলোক কাহিনী লেখক হ’ব নোৱাৰে।
মাকবোৰে স্বইচ্ছাৰ কোনো পোছাক পিন্ধিব নোৱাৰে। মাকবোৰে নিৰ্বাচন
কৰিব নোৱাৰে মনৰ ৰং। মনৰ মানুহ। ” (পৃ. ১০৯)
মাকবোৰৰ জীৱন সংগ্ৰাম দুইখনীয়া। প্ৰথমেই, মহিলা হিচাপে আৰু দ্বিতীয়তে মাক হিচাপে।
“জলকুঁৱৰীৰ ডেউকা” গল্পটোত বৰবৰা পুনৰ ঘূৰি গৈছে গাৰ্হস্থ্য হিংসাৰে ভৰা এখন ঘৰলৈ য’ত মাইতি নামৰ মহিলাগৰাকীয়ে এক বিদ্ৰোহী ভুমিকা লৈছে। গল্পটোত দেখুওৱা হৈছে কিদৰে মহিলাৰ ওপৰত চলা গাৰ্হস্থ্য হিংসাক কিছু সমাজত নাৰীৰ জীৱনৰ এটা অংশ হিচাপে স্বীকৃতি দিয়া হৈছে। ঘৰৰ বোৱাৰী এগৰাকীয়ে ঘৰুৱা সকলো কাম কাজ কৰা, শাহু-শহুৰকে আদি কৰি ঘৰখনৰ সকলোৰে আলপৈচান ধৰা ইত্যাদিৰ লগতে ঘৰৰ অলিখিত নিয়ম কিছুমানো পালন কৰাটো বাধ্যতামূলক যিবোৰ নিয়ম প্ৰায়েই মহিলা এগৰাকীৰ বাবে মৰ্যাদা হানিকাৰক। যদিহে বোৱাৰীগৰাকী এই “দায়িত্ব”বোৰ সুকলমে পালন কৰাত ব্যৰ্থ হয় তাৰ সমস্ত দোষো মহিলাগৰাকীয়ে মূৰ পাতি ল’ব লগা হয়। স্বামীৰ পৰা পোৱা শাৰীৰিক অত্যাচাৰ সহিব নোৱাৰি নিজৰ কেঁচুৱাটোক লৈ মাইতিয়ে পতিগৃহ ত্যাগ কৰি মাক দেউতাকৰ ঘৰলৈ ঘূৰি যায়। এই কথাটোও সেই সমাজখনত গ্ৰহণযোগ্য নহয় আৰু মাইতিৰ ককায়েকে তাইক ঘূৰি অহাৰ বাবে ককৰ্থনা কৰে। ইয়াতে পুৰুষতান্ত্ৰিক সমাজ এখনত এগৰাকী মহিলাৰ স্থান সম্পৰ্কে এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত হয়। এগৰাকী মহিলাৰ নিজৰ ঘৰ কোনখন? অত্যাচাৰী স্বামীৰ গৃহ ত্যাগ কৰা মাইতিক কোৱা হয় নিজৰ ঘৰখনত তাই কালিমা সানিছে। তেন্তে এই অত্যাচাৰৰ পৰা হাত সাৰিবলৈ মাইতি ক’লৈ যাব? কোনখন ঘৰলৈ যাব? নে অত্যাচাৰ সহ্য কৰি এদিন মাইতিৰ এনেকৈয়ে মৃত্যু হ’ব আৰু তাকেই এই সমাজখনে বিচাৰে? সেই একেই কাৰণতে “নৗবৃং”-ৰ আপুন্তিয়েও মৃত্যুকেই নিজৰ মুক্তিৰ একমাত্ৰ পথ বুলি গ্ৰহণ কৰি লৈছে। কাহিনীকাৰে কৈছে—
“মাইকী মানুহবোৰৰ বাবে যে নিজ হাতে নিজলৈ বুলি ঘৰ এখন নিজে নগঢ়িলে নিজৰ বুলি ক’বলৈ বা ভাবিবলৈকো ঘৰ এখন ক’তোৱেই নাথাকে। ” (পৃ. ১৬২)
গাৰ্হস্থ্য হিংসা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আইন আৰু আৰক্ষীৰ ভূমিকা এইক্ষেত্ৰত মন কৰিবলগীয়া। মাকৰ সৈতে মাইতি পুলিচ থানালৈ যায় আৰু তাইৰ ওপৰত চলা গাৰ্হস্থ্য হিংসাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিব খোজে। কিন্তু থানাত তাইৰ এজাহাৰখন ল’বলৈ আৰক্ষী অমান্তি হয় কিয়নো তেওঁলোকেও ভাবে যে এইটো এটা তেনেই সাধাৰণ ঘৰুৱা বিষয় য’ত মহিলাগৰাকীৰ নিজৰ “স্থান” বুজি পোৱা উচিত আৰু সেইধৰণেই আচৰণ কৰা উচিত। গাঁৱৰ মানুহৰ লগতে আৰক্ষী বিষয়াইও মাইতিক নিজৰ বাস্তৱ স্বীকাৰ ল’বলৈ পৰামৰ্শ দিয়ে। কিন্ত মাইতিয়ে নিজৰ সেই মৰ্যাদাহীন স্থান মানি ল’বলৈ অমান্তি হয় আৰু তাৰ বিৰোধ কৰে। মাইতিৰ এক তাৎপৰ্যপূৰ্ণ উপলব্ধিত গল্পটো শেষ হয়। তাই বুজি উঠে যে অত্যাচাৰী স্বামীক ত্যাগ কৰি মাইতিয়ে আচলতে একো হেৰুওৱা নাই, বৰঞ্চ তাই নিজৰ স্বাধীন হোৱাৰ পথহে বিচাৰি পালে। তাইৰ অনুভৱ হ’ল, তাই যেন এজনী মুকলি পখী আৰু তাইৰ হাত দুখনেই হৈছে তাইৰ ডেউকা। এইদৰেই এক ইতিবাচক বাৰ্তা এটাৰে গল্পটোৰ সমাপ্তি ঘটিছে য’ত মহিলা এগৰাকীয়ে নিজেই নিজৰ স্বাধীনতাৰ অৰ্থ উপলব্ধি কৰিছে আৰু ইচ্ছাশক্তিক চিনাক্ত কৰি স্বনিৰ্ভৰ হ’বলৈ শিকিছে।
মহিলাৰ সংগ্ৰাম সম্পৰ্কীয় শেষৰটো গল্প, “ৰ’দঘাই মানুহ” এগৰাকী একক মাতৃৰ কাহিনী। মূল চৰিত্ৰ সাদৰীৰ কঠোৰ জীৱন সংগ্ৰাম গল্পটোত চিত্ৰায়িত হৈছে। কলেজত পঢ়ি থকা তাইৰ ল’ৰাটোৰ মাতৃ হিচাপে এককভাৱে সাদৰীয়ে কিদৰে দায়িত্ব গ্ৰহণ কৰি এক কঠোৰ জীৱন যাপন কৰিছে তাকেই দেখুওৱা হৈছে। সাদৰীৰ জীৱন সংগ্ৰামে দেখুৱাইছে ই কি দৰে লিংগভেদৰ তথাকথিত সামাজিক নিয়ম ভংগ কৰিছে। নিজৰ সন্তানৰ উজ্জ্বল ভৱিষ্যত কামনা কৰা সাদৰীয়ে ঘৰ আৰু পথাৰ একাকাৰ কৰি কঠোৰ পৰিশ্ৰম কৰে। ইয়াৰ মাজতে সাদৰীৰ ল’ৰাই পঢ়ি থকা কলেজত মাচুলবৃদ্ধি বিষয়ক এক ছাত্ৰ আন্দোলনৰ নেতৃত্ব লয় আৰু গুলিবিদ্ধ হৈ চিকিৎসালয়ত ভৰ্ত্তি হ’বলগা হয়। এনে এক দুৰ্দশাৰ সময়ত গাঁৱৰ সকলোৱে সাদৰীক লগ দিয়ে। সাদৰীৰ ল’ৰা পাছলৈ সুস্থ হয় আৰু সুখৰ কথা যে ছাত্ৰ আন্দোলনটোৰ এক সফল পৰিসমাপ্তি ঘটে। এই সফলতাই সাদৰীৰ দৰে মানুহৰ মনতো কিছু আশাৰ সঞ্চাৰ কৰে। সাদৰীৰ অনুভৱ হয় যে তেওঁলোকৰ দৰে দুৰ্দশাগ্ৰস্ত মানুহবোৰৰ শোষণৰ সমাপ্তি ঘটোৱাৰ এটাই পথ আছে আৰু সেয়া হৈছে ন্যায্য অধিকাৰ দাবী কৰা আৰু তাক প্ৰাপ্তিৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰা।
উক্ত পাঁচোটি গল্পতে আমি এনে কিছু নাৰী চৰিত্ৰ দেখা পাইছোঁ যি পুৰুষতান্ত্ৰিকতাৰ শোষণৰ বলি হৈছে। ঠুটনি আৰু আপুন্তি কণ্ঠহীন অৱলা কিন্তু মাইতি আৰু নামবিহীন মাতৃগৰাকীয়ে এই ব্যৱস্থাৰ বিৰুদ্ধে থিয় দিছে। তেওঁলোকে আওপুৰণি ব্যৱস্থাৰ বিৰুদ্ধাচৰণ কৰিবলৈ সমৰ্থ হৈছে আৰু নিজৰ সুকীয়া পৰিচয় গঢ়ি তুলিব পাৰিছে। সাদৰীৰ চৰিত্ৰও এক স্বাধীন নাৰী চৰিত্ৰ। তেওঁৰ উপলব্ধিও এইক্ষেত্ৰত সুকীয়া। তেওঁ বুজি উঠিছে যে এটা ব্যৱস্থা ভাঙি তাক নতুনকৈ গঢ় দিব পাৰিলে সি সমাজখনলৈ পৰিৱৰ্তন আনিব পাৰে আৰু সিয়েইহে সমাজৰ মানুহবিলাকৰ জীৱন সলনি কৰিব পাৰে।
বৰবৰাৰ গল্পসমূহৰ এটা প্ৰধান আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটোৱেই হৈছে গল্পবিলাক জীয়া কাহিনী। আমাৰ সমাজখনত দেখি থকা কাহিনীবোৰকে তেওঁ গল্প আকাৰে প্ৰকাশ কৰিছে। শ্ৰমজীৱী মানুহৰ জীৱন সংগ্ৰাম সম্পৰ্কীয় তিনিটা গল্প সংকলনখনত সন্নিবিষ্ট কৰা হৈছে, “চা গাছেৰ চ’খেৰ পানী”, “গৈ থকা মানুহবোৰ” আৰু “বড় সংকটে পড়িয়া দয়াল” আৰু গুৰুত্বপূৰ্ণ কথাটি হ’ল এই গল্পসমূহৰ সমল বাতৰি কাকতৰ শিৰোনামা দখল কৰা কিছু ঘটনাৰ পৰা লোৱা হৈছে। প্ৰথমটো গল্প, “চা গাছেৰ চ’খেৰ পানী” বছৰচেৰেক পূৰ্বে অসমৰ এখন চাহ বাগিছাত সুৰাৰ বিষক্ৰিয়া হৈ হোৱা মৃত্যু হোৱা শ্ৰমিকৰ ঘটনা এটিৰ আলমত লিখা। মূল চৰিত্ৰ হীৰামতি আৰু চোমৰাৰ কাহিনীটোৱে কয় শ্ৰমিকৰ ঘাম, তেজ, কষ্ট, দুখ দুৰ্দশা ইত্যাদিৰ বাগিছাৰ কৰ্তৃপক্ষ বা চৰকাৰৰ ওচৰত কোনো মূল্য নাই। বিষাক্ত সুৰাপান কৰি যেতিয়া শ্ৰমিকবোৰৰ মৃত্যু হ’ব ধৰিছিল, কৰ্তৃপক্ষই একোৱেই গুৰুত্ব দিয়া নাছিল। চোমৰাৰ মৃত্যুত বাউলি হোৱা পত্নী হীৰামতীয়ে এক উদ্দাম নৃত্য আৰম্ভ কৰে আৰু লাইনৰ সকলো মানুহে তাত যোগদান কৰে। হীৰামতীৰ নৃত্যই দেখুৱায় কিদৰে এই দুৰ্দশাগ্ৰস্ত মানুহবোৰ জীয়াই আছে, তেওঁলোকৰ বাবে চাহ বাগিছাখনেই জীৱন আৰু এই অনুভৱেই তেওঁলোকক জীয়াই থকাৰ প্ৰেৰণা যোগায়।
এই জীয়াই থকাৰ তাড়নাই মানুহক জীৱনৰ চৰম দুৰ্দিনতো আগলৈ গৈ থাকিবলৈ এক শক্তি যোগায়। এই কথাখিনিয়েই বৰবৰাই তেওঁৰ আন দুটা জীয়া গল্প “গৈ থকা মানুহবোৰ” আৰু “বড় সংকটে পড়িয়া দয়াল”-ৰ যোগেদি দেখুৱাবলৈ যত্ন কৰিছে। দুয়োটা গল্পই আচলতে একেটা কাহিনীৰে দুটা ভাগ যি ক’ভিড-কালত লকডাউনৰ সময়ত ভাৰতৰ বিভিন্ন ঠাইত কৰ্মৰত শ্ৰমিকসকল কি এক প্ৰহসনৰ মাজেদি নিজ নিজ গৃহভূমিলৈ প্ৰত্যাৱৰ্তন কৰিব লগীয়া হৈছিল তাৰ এক বাস্তৱ আৰু কদৰ্য চিত্ৰ অংকন কৰিছে। ২০২০ চনৰ মাৰ্চ মাহত সমগ্ৰ ভাৰততে সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছিল যাৰ ফলস্বৰূপে দেশৰ সকলো কোণলৈ এক স্থিতাৱস্থা আহি পৰিছিল। আটাইতকৈ বেছিকৈ ক্ষতিগ্ৰস্ত হৈছিল শ্ৰমিকসকল যাৰ উপাৰ্জনৰ পথ বন্ধ হোৱাই নহয়, সকলো ধৰণৰ আয়ৰ উৎস শেষ হৈ পৰিছিল। পৰিবহন আৰু যাতায়ত অচল হৈ পৰা বাবে বিভিন্ন মহানগৰীত শ্ৰম কৰি জীৱিকা আৰ্জন কৰি থকা শ্ৰমিকসকল হাজাৰ হাজাৰ কিলোমিটাৰ পদব্ৰজে নিজ নিজ গাঁৱলৈ ঘূৰি আহিবলৈ বাধ্য হৈছিল। এই ঘৰমুৱা যাত্ৰা সেই মানুহখিনিৰ কাৰণে আছিল জীয়াই থকাৰ যাত্ৰা আৰু গল্পৰ প্ৰথম ভাগটোৰ নামটোৱেও তাকেই বুজাইছে। জীৱনৰ তাড়নাত গৈ থকা এই মানুহবোৰৰ বাবেও সেই সময়ত জীয়াই থকা মানেই আছিল সমুখলৈ গতি কৰি থকা। তেনে এজুম মানুহৰ মাজতেই আছিল ছহিদুল আৰু তাৰ গৰ্ভৱতী পত্নী আমিদা। তেওঁলোকৰ মাজৰ কিছু লোক মৃত্যুমুখত পৰে, কিছুমান ভাগৰি ৰৈ যায়, কোনো লোক বেমাৰত পৰে কিন্তু ভোক ভাগৰ আওকাণ কৰি মানুহবোৰে এই যাত্ৰা অব্যাহত ৰাখে। এখন নগৰত সোমাওতেই মানুহজাকৰ গাত চেনিটাইজ কৰিবলৈ পাইপেৰে দৰৱ মিহলি পানী চটিওৱা হৈছিল। তাৰ মাজতে আমিদাই ৰাস্তাতে সন্তান জন্ম দিয়ে। তাৰ পাছদিনাই ভাগৰুৱা আমিদাৰ মৃত্যু হয় আৰু এদিনীয়া সন্তানটোক লৈ ছহিদুল জীয়াই থকাৰ যাত্ৰাত সমুখলৈ গৈ থাকে। ছহিদুলৰ জীৱনমুখী এই যাত্ৰাৰ কাহিনীৰে গল্পটোৰ দ্বিতীয় ভাগ আৰম্ভ হয়৷ লগত যোৱা মানুহবোৰে ছহিদুলক সহায় কৰে। এদিনীয়া কেঁচুৱাটোক দলটোৰ অন্য এগৰাকী মাতৃ পাৰ্বতীয়ে দুগ্ধপান কৰায়। এই সৰু অথচ অত্যন্ত অৰ্থবহ ঘটনাটোৰ জৰিয়তে গল্পকাৰ বৰবৰাই এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁ কৈছে—
“শৰীৰৰ তেজৰ ৰং যদি একেই তেন্তে পৃথিৱীৰ প্ৰতিগৰাকী মাকৰ বুকুৰে নিঃসাৰিত গাখীৰৰ ৰংটোনো কেনেকৈ বেলেগ হ’ব! তেজৰ যদি জাত নাথাকে তেন্তে মাকৰ বুকুৰ গাখীৰকণৰো নেথাকে জাত। ” (পৃ. ৮১)
একেদৰে এই গৈ থকা মানহবোৰৰো কোনো ধৰ্ম বা জাতি নাই কেৱল এটাই ধৰ্ম, মানৱতা। তেওঁলোক এটা জাতিৰ সেয়া হৈছে শোষিত আৰু নিপীড়িত জনগণৰ জাতি। গল্পকাৰে কৈছে—
“ছহিদুলহঁতে বুজে— সিহঁত আটাইবোৰৰে একেই জীৱন৷ কাৰখানাৰ চাৰিবেৰৰ মাজত হাড়ভঙা পৰিশ্ৰম, ক’লা ধোঁৱা, মেছিনৰ কৰকৰ শব্দ, কেইখনমান ৰুটী…।” (পৃ. ৮২)
এই মানুহবোৰক স্বেচ্ছাসেৱী সংগঠন কিছুমানে সহায় কৰিবলৈ আগবাঢ়ি আহে, ভোকাতুৰ মানুহখিনিৰ কাৰণে খাদ্যৰ যোগান দিবলৈ বিচাৰে কিন্তু তাতো চৰকাৰী নিষেধাজ্ঞা আৰোপ কৰা হয়। ক’ভিড প্ৰ’ট’কল ভংগ কৰাৰ অভিযোগত খাদ্য যোগান ধৰা বাহন ঘূৰাই পঠোৱাই নহয় এই বুভুক্ষু মানুহখিনিৰ ওপৰত প্ৰশাসনৰ নিৰ্দেশ অনুসৰি শাৰীৰিক নিৰ্যাতন চলোৱা হয়। ভাত আঞ্জাবোৰ য’ত ত’ত সিঁচৰিত হৈ পৰে। বুকুৰ যাতনা চকুলোত সামৰি এজাক ভোকাতুৰ শাৰীৰিক মানসিকভাৱে নিৰ্যাতিত মানুহে জীয়াই থকাৰ যাত্ৰা অব্যাহত ৰাখি সমুখলৈ গৈ থাকে। এনে এক অশান্তিকৰ পৰিস্থিতিতে গল্পটো শেষ হৈছে যি এক কদৰ্য বাস্তৱৰ সৈতে পাঠকক মুখামুখি কৰাই দিয়ে আৰু শ্ৰমজীৱী মানুহৰ জীৱন আৰু সমাজৰ সৈতে চলি থকা সংগ্ৰামৰ বিষয়ে যিকোনো সংবেদনশীল পাঠকক ভাবিবলৈ বাধ্য কৰে।
বৰবৰাৰ গল্পত সমাজৰ বঞ্চিত আৰু অৱহেলিত মানুহবোৰৰ কাহিনীৰ মাজত লোকসংগীতৰ শিল্পীৰ কাহিনীয়েও ঠাই পাইছে। “ঘিন গুডু ঘিন দাখি দাওঁ” গল্পত এজন লোকসংগীতৰ শিল্পী আজিৰ সমাজত কেনেধৰণে শোষিত আৰু বঞ্চিত হয় তাকেই দেখুওৱা হৈছে। গল্পটো মূল চৰিত্ৰ ঢুলীয়া ওজা বিমলা বড়িৰ বঞ্চিত জীৱন আৰু সংগ্ৰামৰ কাহিনী। বিমলা ওজাক সকলোৱেই বিচাৰে কিন্তু প্ৰাপ্য মাননি কোনেও নিদিয়ে। গাওঁখনৰ যিকোনো অনুষ্ঠানতে ওজা নহ’লেই নহয় অথচ সেই ওজাৰ ঘৰখনৰ অৱস্থা দাৰিদ্ৰৰ আঘাতত জৰাজীৰ্ণ। বিভিন্ন সামাজিক আন্দোলনতো ওজাক লৈ যোৱা হয় আৰু সমাজৰ মুধাফুটা বা সুযোগসন্ধানী লোকে তেওঁৰ সুবিধা লয়। এনে শিল্পীৰ যোগ্য সন্মান চৰকাৰী আঁচনিয়েহে নিৰ্ধাৰণ কৰে কিন্তু তাৰপৰাও ওজা বঞ্চিত হয়। তেওঁলোকৰ প্ৰাপ্য মৰ্যদা আৰু অৰ্থনৈতিক অৱস্থা সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে ৰাজনৈতিক দালাল বা এজেণ্টৰ ওপৰত। এনে লোকসংগীতৰ সাধকসকলৰ অসহায় অৱস্থাই প্ৰকৃততে আমাৰ সমাজত শিল্পীসকলৰ লগতে লোকসংস্কৃতি কিদৰে অৱহেলিত সেই কথা সোঁৱৰাই দিয়ে। তদুপৰি গল্পটোৰ অন্য এটা অত্যন্ত সংবেদনশীল দিশ হৈছে জাতিবৈষম্যৰ বিষয়টো। বিমলা ওজা জনজাতীয় বা মিছিং সম্প্ৰদায়ৰ হোৱা হেতুকে কোনো কোনো ঘৰত তেওঁ বৈষম্যমূলক আচৰণৰ সন্মুখীনো হয়। তদুপৰি মান্য ভাষাৰ লগত নিমিলা থলুৱা সুৰত কোৱা কথাবিলাকৰ কাৰণেও কোনো কোনো সময়ত তেওঁ কাৰোবাৰ বাবে হাঁহিৰ খোৰাক হৈ পৰে। কিন্তু সৰলমনা বিমলা ওজাই এই সকলো ইতিকিং আৰু অৱহেলা সহি কেৱল নিজৰ কামৰ প্ৰতি থকা সন্মান আৰু আৱেগক গুৰুত্ব দি নিজ কৰ্ম কৰি যায়৷। সমাজে মনত নেপেলায় যে এই শিল্পীসকলো ভোক পিয়াহ থকা মানুহ, তেওঁলোকৰো পৰিয়াল আছে আৰু আছে আশা আকাংক্ষা৷ গল্পকাৰে কৈছে—
“ওজাবোৰো যে ভোক পিয়াহ লৈ জী থকা মানুহ। এমুঠি চাউলৰ বাবে হাহাকাৰ লাগি থকা মানুহ। ৰাইজখনক শুনাব নোৱাৰা হা-হুতাশেৰে হুমুনিয়াহ কাঢ়ি থকা মানুহ।” (পৃ. ১২৬)
এজন শিল্পীৰ নিজ শিল্পকৰ্মৰ প্ৰতি অগাধ মৰম আৰু শ্ৰদ্ধাৰ বিপৰীতে সমাজৰ সেই শিল্পীৰ প্ৰতি যি অৱহেলা আৰু বঞ্চনা, বিমলা ওজাৰ কাহিনীৰ জৰিয়তে বৰবৰাই দেখুৱাবলৈ যত্ন কৰিছে।
তৃতীয়টো শ্ৰেণী অৰ্থাৎ শিপা আৰু প্ৰকৃতি বা মাটিৰ সৈতে মানুহৰ সম্পৰ্ক বিষয়ক দুটা গল্প সংকলনখনত সন্নিবিষ্ট কৰা হৈছে—“আৰণ্যক” আৰু “…..!”। দুয়োটা গল্পতে আধুনিকতা আৰু সময়ৰ পৰিৱৰ্তনে ব্যক্তি বা সম্প্ৰদায়-বিশেষৰ পৰিচয়, জীৱনবোধ আৰু জীৱিকালৈ কি ধৰণৰ জটিলতা আৰু ভাবুকি লৈ আহে তাকে দেখুওৱা হৈছে।
“আৰণ্যক” গল্পটিত শিপাৰ সৈতে মানুহৰ সম্পৰ্কৰ আত্মিকতাক চিত্ৰিত কৰা হৈছে। কাহিনীটোত এজন আইটন শ্যাম সম্প্ৰদায়ৰ ব্যক্তিৰ কথা কোৱা হৈছে যি নিজৰ পুত্ৰৰ সৈতে সংঘাতপূৰ্ণ এক জটিল অৱস্থাৰ সন্মুখীন হৈছে। তেওঁৰ পুত্ৰই পুৰণি আইটনীয়া ঘৰটো ভাঙি পেলাব খুজিছে যিটো মানুহজনৰ আত্মাৰ অংশস্বৰূপ। তেওঁৰ নাতিয়েকে আইটন ভাষাটো ক’বলৈ নোৱাৰে কাৰণ তেওঁৰ বোৱাৰী অন্য সম্প্ৰদায়ৰ। এই কথাটোৱে তেওঁক বেদনাহত কৰে কিয়নো তেওঁ ইয়াক নিজ মাতৃভাষাৰ শ্মশানযাত্ৰাৰ আৰম্ভণি বুলি বুজি উঠে। যেতিয়া তেওঁৰ পুৰণি আইটন ঘৰটো ভাঙি পেলোৱা হয় মানুহজনৰ হৃদয়খনে ধৰফৰাই উঠে। অসহায় আৰু অসহ্যকৰ বেদনা লৈ তেওঁ অৰণ্যৰ মাজলৈ যায় য’ত মানুহজনে কিছু শান্তিৰে উশায় লয়। ইয়াতে মানুহজনৰ নামবৰ অৰণ্যৰ সৈতে এক আত্মিক সম্পৰ্কৰ কথা কোৱা হৈছে। তেওঁ নিজকে সেই অৰণ্যৰ এটা অংশ যেন অনুভৱ কৰে। পৰিৱৰ্তিত সময় আৰু আধুনিকতাৰ ঢৌত বিশ্বায়নৰ দিশে গতি কৰা সমাজখনত তেওঁৰ দৰে জনজাতীয় মানুহবিলাকে অস্তিত্ব সম্পৰ্কীয় এক কঠিন পৰিস্থিতিত নিজকে আৱিষ্কাৰ কৰিছে য’ত তেওঁলোকৰ হাহাকাৰৰ কথা বুজাবলৈ তেওঁলোক অপাৰগ।
একেধৰণৰ হাহাকাৰৰ কথা তেওঁ “…..!” গল্পটোতো কৈছে। গল্পটোৰ মূল চৰিত্ৰ বাবেশ্বৰ এজন সহজ সৰল গাঁৱৰ মানুহ যাৰ জীৱন আৰু জীৱিকাৰ প্ৰধান আশ্ৰয়স্থল হৈছে প্ৰকৃতি। এক কথাত ক’বলৈ গ’লে বাবেশ্বৰ প্ৰকৃতিৰ সন্তান। বাবেশ্বৰ জীৱনৰ সকলো প্ৰয়োজনীয় সামগ্ৰীৰ বাবেই প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। নদী বা বিলৰ মাছ পুঠি, হাবিৰ পৰা বুটলা শাক পাত বা অন্যান্য খোৱাবস্তু হাটত বিক্ৰী কৰি পোৱা পইছাৰে বাবেশ্বৰৰ লগতে তাৰ পৰিয়ালটো সুন্দৰকৈ চলি যায়। কিন্তু সমস্যা আহে যেতিয়াৰপৰা চৰকাৰী বিভিন্ন আঁচনিৰ আওতাত প্ৰাকৃতিক সম্পদসমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা আহি পৰে। আধুনিকীকৰণে অনা পৰিৱৰ্তিত সমাজখনত বিকাশ আৰু অৰ্থনীতি সুদৃঢ়কৰণৰ চৰকাৰী প্ৰচেষ্টাসমূহৰ ফলাফল স্বৰূপে বাবেশ্বৰৰ দৰে মানুহবোৰ প্ৰকৃতিৰ কাষৰপৰা আঁতৰাই পঠিওৱা হয়। নৈ, বিল, পথাৰ, অৰণ্য সকলোতে বাবেশ্বৰৰ কাৰণে নিষেধাজ্ঞা আৰোপ কৰা হয়। প্ৰকৃতিসৰ্বস্ব মানুহবোৰৰ অসহায় অৱস্থা আৰু বোবা আৰ্তনাদ সকলোতে অনুভূত হয়। ইয়াৰ মাজতে বহুদিন জুপুকা মাৰি থকা বাবেশ্বৰ হঠাতে এদিন নিৰুদ্দেশ হয়। বাবেশ্বৰ গোটেই জনজাতীয় সমাজখনৰে প্ৰতিভু। এই চৰিত্ৰৰ জৰিয়তে গল্পকাৰে প্ৰকৃতিৰ সন্তানবিলাকৰ নিজ আশ্ৰয়স্থলীৰ পৰা বিতাৰিত হোৱাৰ যন্ত্ৰণাৰ কথা ক’ব বিচাৰিছে। গল্পৰ শিৰোনামটো খুব অৰ্থবহ যি বাবেশ্বৰৰ দৰে মানুহবোৰৰ বোবা আৰ্তনাদবোৰৰ কথাকেই বুজাব খুজিছে যাক প্ৰকাশ কৰাৰ ক্ষমতা কোনো শব্দৰে নাই।
শেষৰটো শ্ৰেণীত তিনিটা গল্প অন্তৰ্ভুক্ত কৰিব পাৰিঃ “কমৰেড”, “নহন্যতে” আৰু “এনিমোন ক’ৰ’নাৰিয়া”।
ইয়াৰে দুটা গল্পত গল্পকাৰে উচ্ছেদিত মানুহ আৰু মাটিৰ সৈতে তেওঁলোকৰ যি গভীৰ আৰু অবিচ্ছেদ্য সম্পৰ্ক তাক বুজাবৰ প্ৰয়াস কৰিছে। আশ্ৰয়থলী আৰু নিজৰ ভৰিৰ তলৰ মাটি হেৰুওৱা মানুহৰ বেদনাৰ কাহিনীক বৰবৰাই “কমৰেড” আৰু “নহন্যতে” গল্প দুটাত বিস্তৃতভাৱে বিশ্লেষণ কৰিছে৷ দুয়োটা গল্পতে উচ্ছেদিত জনতাৰ ক্ষোভ আৰু যন্ত্ৰণাক দেখুওৱা হৈছে। “কমৰেড” গল্পত ঘাইকৈ পুঁজিবাদ আৰু ৰাষ্ট্ৰৰদ্বাৰা পৰিচালিত সন্ত্ৰাসে চলোৱা শোষণৰ কথা কোৱা হৈছে। এই শোষণৰ বিৰুদ্ধাচৰণ কৰাসকলক ৰাজনীতিৰ মেৰপাকলৈ লৈ গৈ “দেশদ্ৰোহী” সজোৱা হয়। এনে এজন ভুক্তভোগী কমৰেডৰ মৃত্যুৰে আৰম্ভ হোৱা গল্পটোৱে ৰাষ্ট্ৰ পৰিচালিত সন্ত্ৰাস আৰু শোষণৰ ৰাজনীতিয়ে কিদৰে সাধাৰণ মানুহৰ জীৱন দুৰ্বিসহ কৰি তুলিব পাৰে তাকেই দেখুৱাবলৈ চেষ্টা কৰিছে। ৰাষ্ট্ৰ নিয়ন্ত্ৰিত সন্ত্ৰাসৰ বলি হোৱা উচ্ছেদিত মানুহৰ কাহিনী “নহন্যতে”ত বিস্তৃতভাৱে কোৱা হৈছে। “অপাৰেচন”-ৰ নামত বহু সময়ত মহিলাৰ ওপৰত চলা ধৰ্ষণ, “এনকাউণ্টাৰ”-ৰ নামত নিৰীহৰ ওপৰত চলা বৰ্বৰতা, আৰু নিজ মাটিৰ পৰা উচ্ছেদিত দৰিদ্ৰ মানুহবোৰৰ মাজৰ বিক্ষোভকাৰীক “সন্ত্ৰাসবাদী” সজোৱা ইত্যাদি ঘটনাই পাঠকক প্ৰসিদ্ধ বাঙালী লেখক মহাশ্বেতা দেৱীৰ “দ্ৰৌপদী” গল্পৰ কথা আৰু তাৰ প্ৰেক্ষাপট পুণৰ সোঁৱৰাই দিয়ে। অৱশ্যে, “কমৰেড”-ৰ হতাশাৰ পৰিৱৰ্তে “নহন্যতে”ত কিছু আশাৰ ৰেঙণি দেখা যায়। “নহন্যতে” সংকলনখনৰ আটাইতকৈ শেষৰটো গল্প আৰু ইয়াৰ জৰিয়তে কাহিনীকাৰ বৰবৰাই উচ্ছেদিত জনতাৰ ওপৰত চলা সন্ত্ৰাস আৰু শোষণৰ গৰিহণা দিয়াৰ লগতে বাঁওপন্থাকেই সমাজৰ ভৱিষ্যতৰ বিকল্প পথ হিচাপে মতামত আগবঢ়াইছে।
একেই অন্যায় অবিচাৰৰ বলি হোৱা জনতাৰ কণ্ঠ হোৱা লেখক সাংবাদিকৰ কাহিনীও বৰবৰাই কৈছে আৰু তেনে এটা গল্প হৈছে “এনিমোন ক’ৰ’নাৰিয়া”। গল্পটোৰ প্ৰথম মূল চৰিত্ৰ যদিও এগৰাকী নাৰী, কাহিনীৰ কেন্দ্ৰ কিন্তু সেই নাৰীপৰাকীৰ বিপ্লৱী জীৱনসংগী, লেখক সাংবাদিক ৰূপেশ কুমাৰহে। ভাৰতৰে বিশ্ববিদ্যালয় এখনৰ ছাত্ৰৰ বিক্ষোভ প্ৰদৰ্শনক কেন্দ্ৰ কৰি হোৱা এটা ঘটনাৰ আলমত লিখা গল্পটোত ক্ষমতাৰ ৰাজনীতিত শোষিতৰ হকে মাত মতা মানুহৰ ওপৰত চলা অত্যাচাৰৰ কথা কোৱা হৈছে। সমাজৰ দুৰ্বল কণ্ঠক নিজৰ কলমেৰে শক্তিশালী কৰি তোলা লেখক সাংবাদিক ৰূপেশ কুমাৰক অন্যায়ভাৱে প্ৰশাসনে “দেশদ্ৰোহী“ সজাই জেইলত ভৰাই থোৱা ঘটনাটোৱে কয় শোষিতৰ ওপৰত চলা অত্যাচাৰৰ স্বৰূপ কিমান ভিন্ন হ’ব পাৰে। গল্পটোৰ শিৰোনামটো খুবেই অৰ্থবহ। এনিমোন ক’ৰ’নাৰিয়া পেলেষ্টাইনৰ এবিধ ফুল আৰু গল্পকাৰে তাক খুব সচেতনভাৱেই ব্যৱহাৰ কৰিছে। ভাৰতৰ ৰাজনৈতিক পৰিৱেশৰ লগত পেলেষ্টাইনৰ যুদ্ধই সৃষ্টি কৰা বিভীষিকাময় পৰিস্থিতিৰ সৈতে মিল দেখুওৱা হৈছে। যুদ্ধত আহত হোৱা শ শ শিশুৰ আৰ্তনাদ নোহোৱা কৰি যেন ফুলি উঠিব এই ফুল আৰু অত্যাচাৰ শেষ হ’ব। ঠিক তেনেকৈ ৰূপেশ কুমাৰেও সপোন দেখে হাজাৰ বিজাৰ এনিমোন ক’ৰ’নাৰিয়া যেন ফুলি উঠিব য’ত এই ফুলপাহি শান্তিৰ প্ৰতীকী অৰ্থত ব্যৱহাৰ হৈছে।
সংকলনখনৰ আটাইকেইটা গল্পতে সমাজৰ বিভিন্ন স্তৰৰ নিপীড়িত জনতাৰ দুখ দুৰ্দশাৰ কাহিনী কোৱা হৈছে। এনে দুৰ্বল দৰিদ্ৰ জনগণৰ জীৱন সংগ্ৰাম, হাহাকাৰ, আৰ্তনাদৰ মাজতে জীৱন জীয়াই থকাৰ কাহিনী গল্পকাৰে দুৰ্দান্ত ভাষাৰে প্ৰকাশ কৰিছে। গল্পকাৰৰ শক্তিশালী ভাষা আৰু অন্তৰ্ভেদী প্ৰকাশভংগীয়ে এই যন্ত্ৰণাৰ খোঁচ সংবেদনশীল পাঠককো অনুভৱ কৰাবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে বৰবৰাৰ গল্পৰ বিষয়বস্তু কোনো এখন ঠাইত সীমিত নহয়, ই ৰাজ্য বা দেশৰ পৰিসীমা ভেদি বিশ্বব্যাপী কেৱল শোষিতৰ শোকৰ কথা কৈছে। তেওঁ কৈছে যে শোষিত জনগণৰ হুতাহ আৰু আকাংক্ষা একেই, তেওঁলোকৰ কাম্য কেৱল শান্তি আৰু স্বাধীন জীৱন। লেখক বৰবৰাই কণ্ঠহীন জনতাৰ অব্যক্ত বেথা তীক্ষ্ণ ভাষাৰে প্ৰকাশ কৰাৰ লগতে সমাজ ব্যৱস্থাৰ পৰিৱৰ্তনেহে ন্যায় আৰু সমতাৰ পথ মুকলি কৰিব পাৰে তাক স্পষ্টকৈ কৈছে। তাৰ বাবে বিপ্লৱৰ প্ৰয়োজনীয়তাকো তেওঁ স্বীকাৰ কৰিছে।

