দুখন ছবি ।। ৰিমি মেধি দাস
মুক্ত চিন্তা। একাদশ বছৰ।। ৪ৰ্থ সংখ্যা
(১)
কুণ্ডলী পকোৱা ধোঁৱাৰ সিমূৰে কেইগৰাকীমান নাৰী মূৰ্তিয়ে বিভিন্ন ভংগিমাত নৃত্য কৰি আছে। ওচৰৰ টেবুলখনত বিলাসী সুৰাৰ বটল। উন্মাদ গানৰ তালে তালে কিৰিলি পাৰি সুৰাপান কৰি আছে এজাক যুৱকে।
‘এয়া চাওক, আজিৰ যুৱপ্ৰজন্ম। ঘৰৰ পৰা দূৰত পঢ়িবলৈ আহি এনেকৈয়ে নিজকে বিলাসিতাৰ মাজত শেষ কৰিছে এচাম যুৱক-যুৱতীয়ে। নিশা হ’লেই এওঁলোকক পোৱা যায় নামী-দামী বাৰবোৰত। কোন দিশে গতি কৰিছে আজিৰ প্ৰজন্ম?’
ভিডিঅ’টোৰ লগে লগে ডিঙিৰ শিৰ ফুলাই বাতৰি কোৱা সাংবাদিকগৰাকীৰ কথাই মানৱেন্দ্ৰ কলিতাৰ গা কঁপাই তুলিছে। অধৈৰ্য হৈ তেওঁ ভিডিঅ’টো ওপৰলৈ ঠেলি দিলে। ওপৰা-ওপৰিকৈ সেই বাতৰিবোৰেই আহি আছে। ভয় নে বিৰক্তিত তেওঁ মোবাইল ফোনটো টেবুলতে থৈ বাৰাণ্ডালৈ ওলাই গ’ল। কিহেনো পাইছিল কলিতাক ৰাতিপুৱাই মোবাইলটো খুলি ল’বলৈ! তাতকৈ বাৰীতে দুচাপ কোৰ মৰা হ’লে ভাল আছিল।
মানৱেন্দ্ৰ কলিতা মাষ্টৰ মানুহ। ল’ৰা-ছোৱালীবোৰৰ আজিকালি কেনেধৰণৰ অৱনতি হৈছে তেওঁ দেখি আহিছে। তেওঁ কথাবোৰ বুজে। আচলতে সময়ৰ পৰিৱৰ্তন নে গোটেই ব্যৱস্থাটোৱে ভুল সেইটোহে ধৰিব পৰা নাই। আজিকালিৰ ল’ৰা-ছোৱালীবোৰক বিলাসিতা লাগে। লাগিলে মাকে আনৰ ঘৰত বাহী-বাচন ধোৱক, জীয়েকক আই-ফোন লাগিবই! বাপেকে লাগিলে গোটেই দিনটো ঠেলা চলাওক, পুতেকক নতুন মডেলৰ বাইক লাগিবই! আৰু যদি এই প্ৰয়োজনবোৰ ঘৰৰ মানুহে পূৰণ কৰিব নোৱাৰে, সিহঁতে নিজে বাট কাটি লয়। যি বাটৰে গ’লে কেৱল সন্মুখত অন্ধকাৰহে থাকে। ক্ষণিকৰ ৰঙত ডুব গৈ সিহঁতে নিজকে কোন বাটে লৈ গৈ থাকে নিজেই নাজানে। আৰু তাৰ পাছত এদিন এইবোৰ কথাকেই বাতৰি হৈ বাজি থাকে। আচলতে ভুল কাৰ?
মানৱেন্দ্ৰ কলিতাই বহু সময় ভাবি থাকে।
: আপোনালৈ চাহ, জলপান টেবুলতে থৈ বিচাৰি ফুৰিছোঁ। এই পুৱাই পুৱাই নো কি চিন্তাত আছে?
প্ৰিয়তমা পত্নী সুভদ্ৰা কলিতাৰ কথা শুনি মানৱেন্দ্ৰ কলিতাই গেটৰ মুখৰ পৰা উভতি আহে।
: ব’লা চোন সুভদ্ৰা, ইহঁত দুটাক ফোন কৰিবা।
: কিয়? কিবা হ’ল নেকি?
সুভদ্ৰাৰ বুকুখন ধপধপাই উঠে।
: নাইহে! এনেই এটা খবৰ ল’বলৈ দিছোঁ। ভিডিঅ’ কল কৰিবা।
মানুহজনলৈ আচৰিত চাৱনি এটা দি সুভদ্ৰাই জীয়েকলৈ প্ৰথমে ফোন লগালে। এঙামূৰি ভাঙি নিদ্ৰাৰত মাতেৰে জীয়েকে ৰশ্মিয়ে ফোনটো ৰিচিভ কৰে।
: আজি ক্লাছ নাই নেকি মাজনী?
: আছে। দুপৰীয়া আছে। কিয় ফোন কৰিলা?
: কিয় ইমান দেৰিলৈ শুই আছা? কালি ৰাতি দেৰিকৈ শুইছিলা নেকি? কৰ’বলৈ ওলাই গৈছিলা নেকি?
মানৱেন্দ্ৰ কলিতালৈ সুভদ্ৰাই ঘোপাকৈ চালে। হঠাতে মানুহজনৰ কি হ’ল তেওঁ ধৰিবই পৰা নাই। জীয়েকে অৱশ্যে কথাটো বৰ গহীনভাৱে নল’লে। সাধাৰণভাৱে উত্তৰটো দি, দেউতাকৰ কথা মতে ভিডিঅ’ কলো কৰিলে। তাৰ পাছতহে মানুহজনে শান্তিৰ নিশ্বাস এৰিলে।
তাৰ পাছত একেখিনি কামকে পুতেক তন্ময়ৰ সৈতেও কৰিলে। সকলো ঠিকে থকাতহে মানুহজনৰ ডিঙিৰ তললৈ চাহ এঢোক নামিছে। সুভদ্ৰাই এতিয়ালৈ আচল কথাটো গ’ম পোৱা নাই। টিভিটো খুলি বাতৰি চাবলৈ তেওঁ আহৰিয়ে পোৱা নাই। থাকক নালাগে জানিবলৈ। ইহঁত দুটা ঠিকে আছে যেতিয়া তেওঁ মিছাতে চিন্তাত মূৰ ঘমাব নালাগে।
: মই অলপ চ’কৰ পৰা আহোঁ। কি লগা আছে নেকি?
: বিশেষ আনিবলগীয়া নাই। আপোনাৰ ছাতিটোকে লৈ যাওক। কিবা অলপ বেয়া হৈছিল যে, তাকে ভাল কৰি আনকগৈ।
: দিয়া, দিয়া।
হাতত ছাতিটো লৈ তেওঁ বজাৰ পালেগৈ। পুৰুষ কি, মহিলা কি! বজাৰত লগ এটা পালে কথাৰ দীঘলীয়া মহলাবোৰ শেষ হোৱাৰ নামেই নলয়। মানৱেন্দ্ৰ কলিতাই বজাৰত তেওঁ চুবুৰীয়া বৰুৱাক লগ লগ পাই চাহৰ হোটেল এখনলৈ সোমাই গ’ল। চাহত সোহা মাৰি দুয়ো দেশৰ বিভিন্ন সমস্যাৰ পৰা আদি কৰি শাসন, শোষণলৈকে কথা পাতিলে। কথাই কথাই তেওঁ আজিকালিৰ ল’ৰা-ছোৱালীবোৰৰ যেন সংযম কম, উচ্চাকাংক্ষা অধিক সেয়াও পাতিলে। তেনেতে কিবা এটা দৰকাৰী কথা মনত পৰাৰ দৰে বৰুৱাই নিজৰ মোবাইল ফোনত নিউজ পৰ্টেল এটা খুলি কলিতাক দেখুৱালে।
“এয়া দুৰ্ঘটনা নে হত্যাকাণ্ড এতিয়াও জানিব পৰা হোৱা নাই।”
হঠাতে এইষাৰ শুনি কলিতাৰ বুকু কঁপি উঠিল। ঘটনাৰ বুজে ল’বলৈ তেওঁ বৰুৱাৰ মোবাইলটো অলপ কাষলৈ আনি মন দি চালে। ৰাতিপুৱা তেওঁ বাতৰি এটা দেখিছিলহে! এতিয়া আকৌ দেখোন তাতকৈ বেছি ভয়ংকৰ ঘটনা।
“নৈশ পাৰ্টি কৰি ঘূৰি আহোঁতে পুৱতি নিশা সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই তিনিজনী ছোৱালীয়ে। ছোৱালী তিনিজনীৰ নাম পল্লৱী, নিশা আৰু তৃষ্ণা বুলি জানিব পৰা গৈছে। তিনিজনী ছোৱালীৰ সৈতে পাৰ্টি কৰি উভতি অহা চালকজনক সোধা-পোছা কৰা হৈছে। আমি জানিব পাৰিছোঁ যে ছোৱালীকেইজনীৰ সৈতে দুৰ্ঘটনা সংঘটিত কৰা ল’ৰাজনেও বাৰত পুৱতি নিশালৈ মদ্যপান কৰে। ল’ৰাজনৰ নাম ইকবাল বুলি আমি জানিব পাৰিছোঁ। জানিব পৰা মতে যোৱা নিশা চাৰিওগৰাকীয়ে লগ হৈ ঊনৈশ হাজাৰ টকাৰ পাৰ্টি কৰিছিল। এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।”
কলিতাৰ মূৰটো ঘূৰাই যোৱাৰ দৰে লাগিল। সিহঁত কেইজনীক চাগে ঘৰৰ মানুহে কিমান কষ্ট কৰি পঢ়িবলৈ পঠিয়াইছিল। মাক-দেউতাকে এই অধঃপতনৰ কথা গ’ম পোৱাৰ পাছত কি কৰিব বাৰু! ৰঙা চিনেৰে দেখুৱাই থকা ল’ৰাজনৰ মুখত তিল মাত্ৰও অনুশোচনা নাই। মানুহবোৰ ইমান আৱেগবিহীন কেতিয়াৰ পৰা হ’ল?
মাক-দেউতাকে কি দিব পৰা নাছিল যে, সিহঁত ইমান অধঃপতনে গ’ল! দিব নোৱাৰিলেও পৰিস্থিতিৰ সৈতে নিজক মিলাই ল’ব কিয় নোৱাৰে? বিলাসিতা মানে জানোঁ, মাদক দ্ৰব্য অথবা নৈশ পাৰ্টি? আস! সিহঁতৰ অভিভাৱকসকলক এতিয়া ক’ম গালি-গালাজ কৰিবনে মানুহে! সন্তানক কোন মাক-দেউতাকে বেয়ালৈ যাব দিয়ে বাৰু!
: কলিতা কি ভাবিছে আপুনি?
: আমাৰ দৰে মধ্যবিত্ত মানুহবোৰে হেৰুওৱাৰ বাদে আৰু কিয়ে বা কৰিব পাৰো! ঊনৈশ হাজাৰ টকা মুহূৰ্ততে শেষ কৰি দিব পৰাকৈ আমি ইমান ধনী জানোঁ?
: ঠিকেই কৈছেহে! এইবোৰৰ বাবে জগৰীয়া কোন? সমাধান নোহোৱা এই ঘটনাবোৰ দিনক দিনে বাঢ়ি গৈয়ে থাকিব। দোষ কাক দিম? মূল্যবৃদ্ধিক নে সমাজ ব্যৱস্থাক? চৰকাৰৰ মতেতো এইবোৰ কথা গুৰুত্ব দিবলগীয়া নহয়েই! আইনৰ সুৰুঙাৰে ল’ৰাজন এদিন মুকলি আকাশলৈ ওলাই যাব। তিনিজনী ছোৱালীৰ ঘৰৰ পৰিৱেশ চিৰদিনৰ বাবে সলনি হৈ যাব। সেই খবৰ জানোঁ কোনোবাই ৰাখিব কলিতা?
: সেই কাৰণে আমাৰ ল’ৰা-ছোৱালীবোৰে সঠিক ফালে বাট পোনাব লাগে। নিজে ঠিকে থাকিলে আনে কেতিয়াও সুবিধা নাপায়। মই সদায় ইহঁতক কৈয়ে থাকোঁ, বোলে ‘বাছি খাবা জাগি শুবা’।
: হয় হয়। ব’লক কলিতা, আমি উঠোঁ। শ্ৰীমতীয়ে আকৌ বজাৰ গৈ পোৱালৈ ৰৈ থাকিব নহয়।
: বাৰু, ব’লক বৰুৱা।
(২)
যোচেফে এতিয়া কেৱল নিজৰ দেহৰ অংগবোৰহে বেচিবলৈ বাকী। বিছনাত ৰুগীয়া সন্তান। চিকিৎসা কৰি প্ৰায় তলি উদং। এই বিশাল বিলাসী পৃথিৱীখনত যোচেফৰ দৰে সাধাৰণ ৰিক্সাৱালা এজনে মেডিকেল, দামী-দামী ঔষধ, খোৱা-খাদ্যৰ মাজত সাঁতুৰিব পৰাটো সম্ভৱ জানোঁ! যোচেফৰ পৰিবাৰ তিলোত্তমাই ৰুগীয়া ছোৱালীজনী এৰি কামলৈ যাব নোৱাৰে। তথাপি ভাতকেইটা যোগাৰ কৰিবলৈ কেতিয়াবা দোকানত বাচন ধোৱে অথবা ৰাস্তাৰ কাম কৰে। আজিকালি এসাঁজ ভাতৰ চাউল মোকলাবলৈ যোচেফহঁতৰ দৰে মানুহবোৰে কিমান সংগ্ৰাম কৰিব লাগে সেয়া বুজিবলৈ কাৰো আহৰি নাই।
যোৱা তিনিটা মাহে বেংকলৈ তাঁত-বাতি কাঢ়িছে যোচেফে। অবিবাহিতা ভনীয়েকৰ নামত টকা ঊনৈশ হাজাৰ আছিল। সেয়া যোচেফে ভনীয়েকৰ নামত থোৱা নিজৰ টকা। সেইখিনি উলিয়াবলৈ বাৰে বাৰে বেংকলৈ গৈছে। অনুৰোধ কৰিছে। কিন্তু যোচেফহঁতৰ বাবে বেংকে বান্ধি দিয়া নিয়মটোৱে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰি ৰাখিছে। তেওঁৰ অসুবিধাটো কোট-টাই পিন্ধা মানুহবোৰে বুজি পাবলৈ চেষ্টা কৰা নাই। তেওঁৰ ঘৰত চাউল নিসিজা কথাটোৱে বেংকৰ কোনো কৰ্মচাৰীৰ ওচৰতে প্ৰাধান্য পোৱা নাই। আনকি দৰৱ নাপালে যোচেফৰ ছোৱালীজনী নাথাকিবগৈ সেই কথাও বেংকৰ কৰ্মচাৰীয়ে দিয়া কাগজখনৰ ক’লা আখৰবোৰে মানি নলয়। বেংকৰ নিয়মমতে যোচেফৰ ভনীয়েকেহে টকাখিনি উলিয়াব পাৰিব। কিন্তু, কোনোবা যুগতে মৰি ভূত হোৱা ভনীয়েকক কেনেকৈ আনি দিয়ে সিহঁতক!
সকলো ব্যস্ত। কোনোবা অফিচত, কোনোবা স্কুলত, কোনোবা ৰাজনীতিত। কোনেও কাৰো ফালে চাবলৈ সময় নাই। ভৰ দুপৰীয়াৰ সময়। ৰ’দে খাওঁ খাওঁ মূৰ্তি ধৰি মূৰত ওপৰত বহি লৈছে। ঠিক তেনে সময়তে কান্ধত কংকাল এটা ওলোমাই লৈ মানুহ এজন গৈ থকা দেখিছে সকলোৱে। কিছু সময় পূৰ্বে নিজৰ কামত ব্যস্ত মানুহবোৰে এতিয়া নৰকংকাল কঢ়িয়াই লৈ যোৱা মানুহজনক নিজৰ নিজৰ মোবাইলৰ ভিডিঅ’ আৱদ্ধ কৰি লোৱাত ব্যস্ত। তৎক্ষণাত হৈ-চৈ লাগিল। মিডিয়াৰ কেমেৰাই মানুহজনক ভালকৈ কভাৰ কৰিছে। বিভিন্ন প্ৰশ্ন কৰিছে। সকলোৱে জানিব বিচাৰিছে তেওঁ কিয় কবৰ খান্দি কংকালটো উলিয়াই আনিবলগীয়া হ’ল!
উত্তৰ দিয়াজন যোচেফ। দৰিদ্ৰতাই গছকি পুতি পেলোৱা যোচেফ। ইমান মাহে বেংকলৈ গৈয়ো নিজৰ প্ৰাপ্য নোপোৱাৰ বাবে আৰু বেংকৰ নিয়ম অনুসৰি ভনীয়েকৰ দ্বাৰাহে নিজৰ টকাকেইটা উলিয়াব পাৰিব বাবে তেওঁ এই কামটো কৰিবলগীয়া হ’ল। মুহূৰ্ততে মানৱতা জাগি উঠিল। চ’চিয়েল মিডিয়াত লাখ লাখ দুখৰ ইম’জি ব্যৱহাৰ হ’ল। বেংকৰ কৰ্মচাৰীক ধিক্কাৰ দিয়া হ’ল। কি নিউজ চেনেল, কি চ’চিয়েল মিডিয়া! ঘটনাটো ব্ৰেকিং নিউজ হৈ বাজি থাকিল। কোনোৱে যদি চৰকাৰক দোষ দিছে, কোনোৱে বেংকক। কোনোৱে যদি লিখিছে ‘মানৱতা জীয়াই থকা নাই’ কোনোৱে লিখিছে ‘সহায় কৰিবলৈ কোনো এনজিঅ’ নাছিল নেকি?’
কিন্তু, ইমান মাহে এই দুখ বুজা মানুহবোৰ ক’ত আছিল?
যোচেফ নিৰ্বিকাৰ হৈ বহি আছিল। উত্তৰ দি তেওঁ কেৱল নিজৰ পাবলগীয়া ধনখিনিৰ বাবে ৰৈ আছিল। বেংকে প্ৰমাণ বিচাৰিছিল, তেওঁ প্ৰমাণ লৈ ৰৈ আছিল।
দুপৰীয়াৰ অহাৰ খাই মানৱেন্দ্ৰ কলিতা আৰু সুভদ্ৰাই টিভিৰ সন্মুখত বহিল। দিনটো বিভিন্ন কামত ব্যস্ত থকাৰ বাবে তেওঁলোকে টিভি চাবলৈ সময় নাপায়। নাপায় মানে, আচলতে মিলাব নোৱাৰে। সুভদ্ৰাই দুপৰীয়া চিৰিয়েলৰ আগৰ খণ্ডবোৰ চাবলৈ বহে। আজিও নিয়মৰ ব্যতিক্ৰম নহ’ল। পিছে কলিতাই হে আজি ‘অলপ সময় বাতৰিকে চাওঁ দিয়া’ বুলি কোৱাত সুভদ্ৰাই ৰিম’টটো কলিতালৈ আগবঢ়াই দিলে।
“মানুহ কিমান অসহায় হ’লে এনে ধৰণৰ কাম কৰিব পাৰে! দুখীয়াৰ দুখ কোনে বুজিব? নিজৰ পাবলগীয়া ঊনৈশ হাজাৰ টকা বেংকৰ আনিবলৈ গৈ বাৰে বাৰে বিমুখ হোৱা যোচেফ নামৰ এই মানুহজনে শেষত উপায়হীন হৈ ভনীয়েকৰ কংকাল প্ৰমাণ হিচাপে লগত লৈ আহিছে। বেংকৰ কৰ্মচাৰীয়ে টকাখনি কেৱল যোচেফৰ ভনীয়েকে উলিয়াব পাৰিব বুলি কোৱা বাবে এই কামটো কৰিবলৈ বাধ্য হয় তেওঁ। যোচেফে বাৰু তেওঁৰ প্ৰাপ্য ঊনৈশ হাজাৰ পাবনে?”
: দেখিছা সুভদ্ৰা! দেখিছানে এইবোৰ কি ঘটি আছে। কালি ৰাতি তিনিজনী ছোৱালীয়ে ল’ৰা এজনৰ সৈতে গৈ বাৰত পাৰ্টি কৰি ঊনৈশ হাজাৰ উৰুৱালে। এইফালে এই মানুহজনে ঊনৈশ হাজাৰৰ কাৰণে কি সংগ্ৰাম কৰিব লগা হৈছে! এই ঊনৈশ হাজাৰ কাৰোবাৰ হাতৰ মলি, কাৰোবাৰ জীৱন।
: একোৱে ধৰিব নোৱাৰা হৈছে। এইবোৰৰ বাবে দায়ী আচলতে কাক কৰিব, সেয়াও ভাবিবলগীয়া।
মানুহহালৰ হুমুনিয়াহ সৰে। তেওঁলোকো অভিভাৱক।
(৩)
ফোনটো কেইবাবাৰো ৰিং হৈ হৈ কাটি গৈ আছে। ৰশ্মি আৰু তন্ময়ৰ ফালৰ পৰা কোনোধৰণৰ সঁহাৰি পোৱা নাই কলিতাই।
: ৰশ্মিৰ লগৰজনীক ফোন কৰাচোন।
পুতেকলৈ ফোনটো লগাই থাকিয়ে সুভদ্ৰালৈ চাই ক’লে কলিতাই। ব্লেডেৰে ৰেপি ৰেপি কাটি পেলোৱাৰ এই সময়। সঁচা কি, মিছা কি সেয়া জানিবলৈ কেৱল জীয়েক-পুতেকহালেহে ক’ব পাৰিব।
: আপুনি আনৰ কথা শুনি মিছাতে কিয় সন্দেহ কৰিব লাগে! হ’ব পাৰে বুলিহে কৈছে। নহ’বওতো পাৰে। মানুহৰ দৰে দেখাত একে মানুহ কিমান থাকে। তাতে গুৱাহাটীৰ দৰে ঠাই।
: সঁচা-মিছা সকলো ওলাব। তুমি কেৱল ৰশ্মিৰ লগৰজনীক ফোন কৰা।
কলিতাৰ মাতষাৰ অলপ খঙতে ওলোৱাৰ দৰে হৈছে।
আচলতে ঘটনাটো হ’ল, কলিতাহঁতৰ গাঁৱৰ পৰা অলপ নিলগত থকা খগেন বৰফুকনৰ জীয়েকজনীয়েও গুৱাহাটীতে পঢ়ি আছে। ৰশ্মিৰ ভাড়া ঘৰৰ ওচৰত তাইৰ হোষ্টেল। দুদিন মান আগতে বৰফুকনে বেমাৰ দেখুৱাবলৈ গুৱাহাটীলৈ যাওঁতে তন্ময়ক ৱাইন শ্বপ এখনৰ সন্মুখত দেখা যেন পালে। সেইদিনা ৰাতি আকৌ বৰফুকনে জীয়েকৰ হোষ্টেলৰ কাষৰ ল’জটোত ভাড়া থাকোঁতে নিশা এঘাৰ মান বজাত ৰশ্মিয়ে ভাড়াঘৰৰ পৰা মনে মনে ওলাই যেন পালে। পিছে তেওঁ নিশ্চিত নহয়। কিমান ছোৱালী ভাড়া থাকে তাত। তাতে আকৌ বৰফুকনে ৰশ্মিক নেদেখাও বহুত মাহ হ’ল। তথাপি এগৰাকী ভাল চুবুৰীয়া হিচাপে বৰফুকনে কথাটো এনেই পাকে-প্ৰকাৰে কলিতাৰ কাণ চোৱাইছিল। তাৰ পিছৰ পৰা কলিতাই কেৱল জীয়েক-পুতেকক ফোন কৰাত লাগিছে।
: যোৱা সপ্তাহত দুয়োকে বিশ হাজাৰ টকা পঠিয়াইছিলোঁ সুভদ্ৰা।
ভাগৰুৱা মানুহজনে কথাষাৰ কৈ বিছনাত বহে। তেওঁ তেনে কোনো সংস্কাৰ সন্তানক দিয়া নাই। সিহঁতক বিশ্বাস কৰিয়েইতো তালৈ পঠিয়াইছে। সিহঁতে তেনে নকৰে। তাৰ পিছতো কিন্তু এটা ৰৈ যায়। এয়া বাতৰিৰ প্ৰভাৱ নে, চলি থকা ঘটনাবোৰৰ তেওঁ নাজানে। তেওঁ মাত্ৰ সন্তান হালৰ মাত এষাৰ শুনিবলৈ বিচাৰিছে।
: আপুনি ইমান চিন্তা কৰিব নালাগে নহয়। পঢ়া ল’ৰা-ছোৱালী, ব্যস্ত থাকিব পাৰে। অলপ ওলায়ো যাব পাৰে। সেইবুলয়েই নো সিহঁতক সন্দেহ কৰা উচিতনে?
: মই একো ধৰিব পৰা নাই। সিহঁতৰ লগত কথা পাতিব পাৰিলেহে শান্তি পাম।
মানৱেন্দ্ৰ কলিতাই নিজকে যোচেফৰ সৈতে তুলনা কৰি চালে।
ময়োতো বিশ হাজাৰ টকা উলিয়াবলৈ কত বাৰ যে বেংকলৈ গৈছিলোঁ! সেয়া মোৰ কষ্টৰ ধন। তাকে উলিয়াবলৈ যাওঁতে ৰ’দত শুকাইছোঁ, বৰষুণত ভিজিছোঁ। দীঘলীয়া লাইন পাতিছোঁ। বেংকৰ কৰ্মচাৰীৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিছোঁ। তাৰ পাছতহে টকাকেইটা পাইছোঁ। এটা নিশাৰ ভিতৰতে মোৰ দৰে মানুহে বিশ হাজাৰ টকা খৰছ কৰা সম্ভৱ নহয়।
কিন্তু সেই কথা নাভাবি ৰশ্মি আৰু তন্ময়ে বাৰু পল্লৱী আৰু ইকবালহঁতৰ দৰে ক্ষন্তেকৰ সুখত নিজকে হেৰুৱাই পেলাইছে নেকি? সিহঁতে বাৰু ঊনৈশ হাজাৰ টকাৰ কাহিনীটো পুনৰ আৰম্ভ কৰিব নেকি?’
কলিতাই ফোনটো আকৌ লগালে। এইবাৰো ইথাৰৰ সিপাৰে নাৰী কণ্ঠ এটাই কৈ থাকিল
‘আপুনি কল কৰা ব্যক্তিগৰাকীয়ে বৰ্তমান কোনো কলৰ উত্তৰ দিয়া নাই। কিছু সময় পাছত পুনৰ চেষ্টা কৰক।’

