অনুবাদগ্ৰন্থ

এগৰাকী কবিৰ জীৱনী ।। মূল : মাৰ্ক আইনাৰ :: অনুবাদ : অৰুণ কুমাৰ শৰ্মা

মুক্ত চিন্তা। একাদশ বছৰ।। ৪ৰ্থ সংখ্যা
ত্ৰয়োদশ অধ্যায়
মই নিৰ্ণয় কৰিছিলোঁ মোৰ পথ

মানুহৰ বিক্ষত হাতৰ দৰেই মোৰো হাত,
মই তুলি লওঁ সেই একেই ৰঙা পিয়লা
আৰু সেই একেই ক্ৰুদ্ধ বিস্ময় :
এদিন
মানৱীয় সপোনেৰে উতলা
এটি বনৰীয়া বীজে লগ দিছিল
মোৰ সৰ্বগ্ৰাসী ৰাতিটোক
যাতে মই মোৰ কুপিত খোজেৰে
যাব পাৰোঁ মানুহৰ খোজত খোজ মিলাই।
এইদৰে পুনৰ একত্ৰিত মই,
তীব্ৰ হতাশাৰে দগ্ধ হৈয়ো,
আশ্ৰয় বিচৰা নাছিলোঁ কান্দোনৰ গাঁতত : মই কঢ়িয়াও মৌমাখিৰ ৰক্তৰেখা :  জলমলোৱা ৰুটি  মানৱী পুত্ৰৰ বাবে :
আৰু দেখুৱাও, কিদৰে যে নীল নীলিমাই এটি বংশগৌৰৱ বৰ্জিত গমৰ দানা চোৱাৰ হেঁপাহেৰে নিজকে প্ৰস্তুত কৰে গভীৰ ৰহস্যৰ মাজত।
—“নতুন পতাকাৰ তলত মিলন’’
(Meeting Under New Flags)

 

যুদ্ধই সৃষ্টি কৰা হিংসাত্মক বিশৃংখলা তীব্ৰতৰ হ’বলৈ লোৱাত, নেৰুডাই পৰিয়াল সমন্বিতে স্পেইন ত্যাগ কৰি মাৰ্ছাইত গৈ উপস্থিত হৈছিল। স্পেইনৰ গৃহযুদ্ধত স্থানচ্যুত হোৱা চিলিৰ কূটনৈতিক বিভাগত কৰ্মৰত কৰ্মচাৰী আৰু পৰিয়ালবৰ্গক বাণিজ্য দূতালয়ে শিবিৰ পাতি ৰখাৰ বন্দৱস্ত কৰিছিল। তাত কিছুদিন থাকি, নেৰুডাই অধিক নিৰাপদ হ’ব বুলি ভাবি পৰিয়ালটোক এশ চল্লিশ কিঃমিঃ দূৰৈত অৱস্থিত মণ্টে কাৰ্লোত থৈ নিজে মাৰ্ছাইলৈ উভতি আহিছিল। ইপিনে দেলিয়াইও মাদ্ৰিদৰ পৰা পলাই গৈ বাৰ্ছিলোনাত থাকিবলৈ লৈছিল। ১৯৩৬ চনৰ ডিচেম্বৰৰ দহ তাৰিখে নেৰুডাই দেলিয়ালৈ লিখিছিল:

“মই একান্তমনে তোমাক ইয়ালৈ অহাতো বিচাৰোঁ, মই বৰ নিসংগ অনুভব কৰিছোঁ। আজি ৰাতিপুৱা মই হোটেলৰ বাৰ এখনত মোৰ সমগ্ৰ দেহটো ভালকৈ ধুই-পখালি ল’লোঁ, মই মোৰ নখবোৰো কাটিলোঁ। প্ৰথমবাৰৰ বাবে এয়া অকলে আছোঁ, মাৰুকা লগত নথকাত ভালেই লাগিছে। মই পুনৰাই জীৱন্ত অনুভৱ কৰিছোঁ….অন্তঃকৰণেৰে সৈতে মই তোমাক আলিংগন কৰোঁ আৰু প্রতিদিনে তোমাক মনত পেলাওঁ। তোমাক অচিৰেই লগ পাম বুলি মই আশা পালি ৰৈ আছোঁ আৰু তাকেই মই মাথোঁ বিচাৰিছোঁ। তোমাৰ পাবলো।’’

নেৰুডাই যাতে মাৰ্ছাইৰ পৰাই তেওঁৰ কামকাজ চলাব পাৰে, সেই মৰ্মে দায়িত্ব ন্যস্ত কৰিবলৈ তেওঁ চিলিৰ বৈদেশিক পৰিক্ৰমা দপ্তৰলৈ আবেদন জনাইছিল। কিন্তু, বৈদেশিক পৰিক্ৰমা দপ্তৰে তেওঁৰ আবেদনৰ প্ৰতি সঁহাৰি দিয়াৰ বিপৰীতে তেওঁক চিলিলৈ উভতি আহিবলৈ কৈছিল। ৰাষ্ট্ৰপতি আৰ্টুৰো এলেছেন্দ্ৰিয়ে সোঁপন্থীসকলৰ সমৰ্থনৰ ওপৰত নিৰ্ভৰশীল হৈ পৰাত, স্পেইনৰ গৃহযুদ্ধই, চিলিৰ কূটনৈতিক মহলতো ব্যাপক বাদ-বিসম্বাদৰ সৃষ্টি কৰিছিল। কাৰ্লছ মোৰ্লা লিঞ্চ সমন্বিতে বহুতো কূটনীতিবিদ ফ্ৰেংকোৰ সমৰ্থক আছিল। যেতিয়া, লীগ অৱ নেশ্বনছত স্পেনিছ প্ৰজাতন্ত্ৰৰ সভ্যৰূপে অন্তৰ্ভুক্ত কৰা-নকৰাক কেন্দ্ৰ কৰি ভোটাভোটি হৈছিল, তেতিয়া চিলিয়ে স্পেনিছ প্ৰজাতন্ত্ৰৰ বিৰুদ্ধে ভোট দিছিল। সোঁপন্থীসকলে নেৰুডাক ‘মুক্তভাৱে বিচৰণ কৰা এটি বৰটোপ’ বুলি গণ্য কৰিছিল।

পিছে, নেৰুডাই ইউৰোপৰ যুদ্ধখন তেতিয়াই বাদ দি গুচি আহিব বিচৰা নাছিল। ১৯৩৭ চনৰ আৰম্ভণিতে তেওঁ পেৰিছত দেলিয়াক লগ ধৰিছিল। তেওঁ আশা কৰিছিল যে, তাতেই তেওঁ লোৰকাৰ প্ৰতি যথোচিত শ্ৰদ্ধা নিবেদন কৰিব। বিষয়টোৰ ৰাজনৈতিক স্পৰ্শকাতৰতাৰ প্ৰতি লক্ষ্য ৰাখি নেৰুডাই তেওঁৰ বিভাগীয় মুৰব্বী টুলিও মাৰ্কেৰাৰ পৰা এই মৰ্মে অনুমোদন বিচৰাত, মাৰ্কেৰাই ইয়াৰ বিৰুদ্ধে কূটনৈতিক ব্যাখ্যা আগবঢ়াই, অনুমোদন নাকচ কৰি লিখা চিঠিখন আছিল এনেকুৱা:

“মোৰ মৰমৰ বন্ধু, তোমাৰ কণমানিজনীৰ কুশল বাৰ্তা পাই মই বৰ আনন্দিত হৈছোঁ। আৰু ভাল লাগিছে, তোমাৰ আৰ্থিক সমস্যা কিছু পৰিমাণে লাঘৱ হোৱা বুলি জানি।….. তোমাৰ কবিবন্ধুজন জীৱিত থকা-নথকা সম্পৰ্কে এতিয়াও কথাবতৰা চলি আছে। তুমি কৈছা, তেওঁ আৰু নাই। সঁচাকৈ যদি সেয়াই হয়, ক’বই লাগিব যে, তেওঁ স্পেইনক দ্বিধাবিভক্ত কৰা, যুঁজুধান দুই পক্ষৰ আক্ৰমণৰ বলি হৈছে। যেতিয়া সৰ্বত্ৰ এক গভীৰ উত্তেজনাময় পৰিস্থিতি বিৰাজ কৰি আছে, তেনে মুহূৰ্তত মৃতকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পতাৰ সিদ্ধান্তই বিতৰ্কমূলক আৰু গাপ মাৰি থকা বিষয়টোক, অনাহক উচটনিৰে সাৰ-পানী যোগাই, সম্মুখলৈ ঠেলি দিয়াৰ দৰে হ’ব। তাতে, যুদ্ধপতাকাৰ দৰে উড্ডীণ তোমাৰ লব্ধপ্ৰতিষ্ঠ নামটোৱে, বিপৰীত মেৰুত অৱস্থিত উদ্ধত অবিবেচকীসকলক প্ৰৰোচিত কৰাৰ লগতে তোমাৰ মুৰব্বী বন্ধুৰ চকীখনকো কালিমালিপ্ত কৰাৰ সুযোগ আনি দিব; অথচ, তাক পৱিত্ৰময় কৰি ৰখাটো নিশ্চয় তোমাৰো কৰ্তব্য। শোকসভাত যে তোমাৰ আলোচনা ৰাজনৈতিক নহ’ব, সেইমৰ্মে মোৰ বুজনি দি লাভ নাই; কাৰণ, এনে পৰিস্থিতিত অনুষ্ঠিত কৰিব খোজা তেনে কামকাজে তাৰেই ইংগিত বহন কৰে। গতিকে, হে মোৰ মৰমৰ বন্ধু, মোৰ মতে গাৰ্ছিয়া লোৰকাৰ স্মৃতিচাৰণৰ সময় এতিয়াও আহি পোৱা নাই।’’

নিৰুৎসাহিত নহৈ নেৰুডা আৰু দেলিয়াই পেৰিছৰ চ্যেন নদীৰ বাঁওপাৰত গৈ থিতাপি লৈছিল আৰু স্পেনিছ প্ৰজাতন্ত্ৰৰ হকে আৰু ফেচিবাদৰ বিৰুদ্ধে তাৰ বোহেমিয়ান প্ৰতিৱেশীবৃন্দ সমন্বিতে খ্যাতিসম্পন্ন লেখক, কলাকাৰ আৰু বুদ্ধিজীৱীসকলৰ উত্তপ্ত আলোচনাৰ অংশীদাৰ হৈ পৰিছিল। কিন্তু নেৰুডাই গৈ তাত উপস্থিত হোৱাৰ ক্ষণতে, দহ হেজাৰ পাঁচশ ইটালীয় সৈন্যই স্পেইনত অৱতৰণ কৰা বুলি এটি বাৰ্তা সম্প্ৰচাৰিত হৈছিল। গতিকে, প্ৰজাতন্ত্ৰক বচাই ৰখাৰ শেষ আশাকণো নিৰ্বাপিত হৈছিল। নেৰুডাই সংস্কৃতি ৰক্ষাৰ্থে গঠিত আন্তৰ্জাতিক লেখক সমিতিৰ কামকাজৰ লগত জড়িত হৈ পৰিছিল, যিটো সংগঠন ১৯৩৫ চনত পেৰিছ আন্তৰ্জাতিক কংগ্ৰেছৰ পাছত গঠন কৰা হৈছিল। দেলিয়াই নেৰুডাক কেবাজনো বিখ্যাত সাহিত্যিকৰ লগত পৰিচয় কৰাই দিছিল, যিসকলৰ ভিতৰত উল্লেখযোগ্য আছিল দুগৰাকী সাম্যবাদী অধিবাস্তৱবাদী কবি লুই আৰাগঁ আৰু পল এলুৱাৰ্ড। এওঁলোক দুয়োগৰাকী পাবলোৰ বিশিষ্ট বন্ধুত পৰিণত হৈছিল।

পেৰিছত নেৰুডাই, প্ৰজাতন্ত্ৰৰ সমৰ্থনত প্ৰচাৰকাৰ্য চলোৱাৰ বাবে উদ্যোগ লৈছিল। তেওঁ নেঞ্চি কুনাৰ্ডৰ দৰে সক্ৰিয় ৰাজনৈতিক কৰ্মীৰ সহযোগিতা লভিছিল, “যিগৰাকীৰ মাজত আছিল শক্তিৰ ঔজ্জ্বল্য আৰু চিত্তবিভ্ৰমকাৰী প্ৰাণৱন্ত উদ্যম।’’ নেৰুডাই পোনতে কুনাৰ্ডক মাদ্ৰিদত লগ পাইছিল, য’ত থাকি তেওঁ মানচেষ্টাৰ গাৰ্ডিয়ান আৰু এছোচিয়েটেড নিগ্ৰো প্ৰেছৰ বাবে যুদ্ধৰ বাতৰি পঠিয়াইছিল। এতিয়া দুয়োজনে লগ হৈ “স্পেইনৰ জনগণক ৰক্ষাৰ হকে বিশ্বৰ কবিসকল এক হওক’’ নামেৰে এখন সংহতিমূলক আলোচনী প্ৰকাশ কৰিছিল। কুনাৰ্ডৰ ঘৰতে নিজৰ এটি ছপাশাল আছিল। নেৰুডাই মুদ্ৰাক্ষৰবোৰ বহুৱাই সহায় কৰিছিল। আলোচনীখন বিক্ৰী কৰি পোৱা টকাবোৰ ফ্ৰেংকোৰ বিৰুদ্ধে যুঁজি থকা সৈন্যবোৰক সহায় কৰাৰ নিমিত্তে পঠিওৱা হৈছিল। আলোচনীখনৰ দ্বাৰা সংগ্ৰহ কৰা পুঁজিৰ পৰিমাণ সামান্য আছিল যদিও, “মনো আচুল’’ৰ দৰে, এই ক্ষেত্ৰতেও বিশিষ্ট লোকসকলৰ পৰা অবিচলিত সমৰ্থন আৰু বৰঙণি লাভ কৰিব পৰাটো আছিল বিশেষ তাৎপৰ্যপূৰ্ণ। ইয়ে প্ৰজাতন্ত্ৰৰ সপক্ষে যুঁজ দিয়াসকলৰ মনোবল বৃদ্ধি কৰাত যে সহায় কৰিছিল এনে নহয়, ইয়াৰ ফলত, আন্তৰ্জাতিক ক্ষেত্ৰত প্ৰজাতন্ত্ৰীসকলৰ দেশপ্ৰেমিক লক্ষ্য সম্পৰ্কে সজাগতা সৃষ্টি কৰি সহানুভূতি আদায় কৰিবলৈকো সক্ষম হৈছিল। ইয়াতেই ক্ষান্ত নাথাকি, নেৰুডা, দেলিয়া, চিজাৰ ভেলেজো, এলিজো কাৰ্পেন্তিয়াৰ, মেক্সিকোৰ দেৱাল চিত্ৰকৰ ডেভিড এলফাৰো চিকুৱেৰছ আৰু অন্যান্য কিছু ব্যক্তিয়ে লগ লাগি স্পেনিছ প্ৰজাতন্ত্ৰ ৰক্ষাৰ্থে ইবেৰো-আমেৰিকান কমিটি গঠন কৰিছিল। এনেদৰে তেওঁলোকে এক শক্তিশালী একতাৰ প্ৰদৰ্শন জনসমক্ষত দাঙি ধৰিছিল। নেৰুডাই কমিটিৰ তৰফৰ পৰা উলিওৱা “আমাৰ স্পেইন’’ নামৰ সাপ্তাহিক বুলেটিনখনৰ অন্যতম সম্পাদকৰ দায়িত্ব লৈছিল।

এইখিনিতে উল্লেখযোগ্য যে, নেৰুডা আৰু কুনাৰ্ডৰ দ্বৈত প্ৰচেষ্টাত স্পেনিছ ভাষাত প্ৰকাশিত আলোচনীখনৰ বেটুপাতত তেওঁলোকে ঘোষণা কৰিছিল: মাদ্ৰিদ হ’ব আন্তৰ্জাতিক ফেচিবাদৰ কবৰ—তোমালোকৰ দেশৰ ফেডেৰিকো গাৰ্ছিয়া লোৰকাৰ হত্যাকাৰীসকলৰ বিৰুদ্ধে লেখকসকলে যুঁজি আছে। আমি স্পেনিছ প্ৰজাতন্ত্ৰৰ বাবে খাদ্য, বস্ত্ৰ আৰু অস্ত্ৰ বিচাৰিছোঁ। “ফেচিষ্টসকলক বাট এৰি দিয়া নহ’ব!’’ আলোচনীখনৰ আন ছটা সংখ্যাত আন্তৰ্জাতিক খ্যাতিসম্পন্ন লেখকসকলৰ নিবন্ধৰ উপৰিও লোৰকাৰ এটি অপ্ৰকাশিত লেখাও প্ৰকাশিত হৈছিল। এনে প্ৰচেষ্টাই বিশ্বত লেখকসকলৰ মাজত একাত্মবোধ গঢ়ি তোলাত সহায়ক ভূমিকা গ্ৰহণ কৰিছিল।

টুলিও মাৰ্কেৰাৰ অসন্মতি সত্ত্বেও, ১৯৩৭ চনৰ কুৰি ফেব্ৰুৱাৰী তাৰিখে, স্পেইনৰ প্ৰজাতন্ত্ৰৰ প্ৰতি সহানুভূতিশীল লোকসকলৰ সম্মুখত নেৰুডাই লোৰকাৰ প্ৰসংগত বক্তব্য দাঙি ধৰাৰ সময়ত, ফেচিষ্টসকলৰ বিৰুদ্ধে গৃহযুদ্ধত অংশ গ্ৰহণ কৰা স্পেইনৰ কবি এলবাৰ্টি আৰু হাৰনান্দেজৰ বিষয়েও উল্লেখ কৰিছিল। তেওঁ তেওঁৰ বক্তব্য সামৰিছিল এইদৰে :

“মই আমাৰ মাজৰ পৰা অদৃশ্য হৈ পৰা মহান কবিজনাৰ প্ৰতি (লোৰকাৰ) শ্ৰদ্ধা নিবেদিব বিচাৰিছোঁ। বহুতে বোধ কৰোঁ, মোৰ পৰা মাটি আৰু যুদ্ধৰ গোন্ধ নথকা শান্ত-সমাহিত কবিতা শুনিম বুলি আশা পালি আছে। স্পেইন নামটোত বিজড়িত হৈ আছে, গভীৰ প্ৰত্যাশাৰে ভৰা পাৰাপাৰহীন যন্ত্ৰণা। মই এই যন্ত্ৰণাবোৰক যিদৰে বৃদ্ধি কৰিব বিচৰা নাই, ঠিক সেইদৰে আশাবোৰতেও চেঁচাপানী ঢালিব বিচৰা নাই। কিন্তু অলপতে স্পেইনৰ পৰা অহা এজন লেটিন আমেৰিকান হিচাপে, আৰু ভাষাগত আৰু জাতিগতভাৱে স্পেনীয় মই, আজিৰ স্পেইনৰ সাংঘাতিক দুৰৱস্থা দেখি ব্যথিত হৈ পৰিছোঁ। মই ৰাজনীতিৰ লগত জড়িত নহয় আৰু কেতিয়াও ৰাজনৈতিক বাদ-বিসম্বাদত নিজকে জড়িত কৰা নাই।  মোৰ কথাবোৰ বহুতে নিৰপেক্ষ হোৱাটো বাঞ্ছা কৰে যদিও, বাস্তৱৰ কষটি শিলাত সিবোৰ প্ৰবল অনুভূতিৰে ৰঞ্জিত হ’বলৈ বাধ্য হৈছে। মোক বিশ্বাস কৰক আৰু আমাৰ ওপৰত আস্থা ৰাখক যে, আমি স্পেনিছ আমেৰিকাৰ কবিসকলে আৰু স্পেইনৰ কবিসকলে, সিদিনালৈকে আমাৰ মাজত থকা সেই আটাইতকৈ সুমহান কবিগৰাকীক, আমাৰ ভাষাজননীৰ দেৱদূতস্বৰূপ সেই কবিগৰাকীক, আমি কেতিয়াও নাপাহৰোঁ। তেনেদৰে আমি কবিগৰাকীৰ হত্যাকাৰীকো কোনোদিনে ক্ষমা নকৰোঁ। আজি স্পেইনৰ সমস্ত দুখ-যন্ত্ৰণা যেন ঘনীভূত হৈ আছে এককভাৱে কবিগৰাকীৰ জীৱন আৰু মৃত্যুৰ মাজত। আমি কেতিয়াও এই জঘন্য অপৰাধক পাহৰিব নোৱাৰোঁ আৰু ক্ষমাও কৰিব নোৱাৰোঁ। কেতিয়াও, কেতিয়াও। ’’

‘আমাৰ স্পেইন’ নামৰ কাকতত নেৰুডাই ‘মোৰ আমেৰিকান বন্ধুবৰ্গলৈ বুলি’ এখন চিঠি প্ৰকাশ কৰিছিল, যিখনৰ কিয়দংশ আছিল এনেকুৱা :

“প্ৰতিদিনে মই একাগ্ৰতাৰে ভৰা বন্ধুত্বপূৰ্ণ চিঠিবোৰ পাওঁ, যিবোৰত তেওঁলোকে লিখে: তুমি তোমাৰ মনোভংগীবোৰ সলনি কৰা, স্পেইনৰ কথা নক’বা, মানুহৰ মেজাজক প্ৰৰোচিত নকৰিবা, একপক্ষীয় মনোভাব পৰিহাৰ কৰা, কবি হিচাপে প্ৰতিষ্ঠিত হোৱাৰ লক্ষ্য তোমাৰ সম্মুখত, তাক কাৰ্যকৰী কৰা, ইত্যাদি…. ইবোৰৰ প্ৰত্যুত্তৰত মই একে আষাৰে ক’ব বিচাৰোঁ যে, মই গৃহযুদ্ধত স্পেইনৰ জনগণৰ সৈতে এই চেতনাৰে জড়িত আছোঁ যে, আমাৰ জাতিটোৰ সত্তা আৰু সংস্কৃতিৰ ভৱিষ্যত এই যুদ্ধৰ ওপৰতে পোনপটীয়াকৈ নিৰ্ভৰশীল….’’

পাছদিনাখন, নেৰুডাই টুলিও মাৰ্কেৰাৰ পৰা এখন চিঠি পাইছিল, যিখনৰ মাধ্যমেৰে তেওঁ নেৰুডাক জনাইছিল যে চিলিৰ বৈদেশিক মন্ত্ৰালয় নেৰুডাৰ পক্ষপাতিত্বমূলক ৰাজনৈতিক কামকাজত অত্যন্ত অসন্তুষ্ট। সেই একে মাহতে, ফৰাচী ভাষাত প্ৰকাশিত ‘স্পেইনৰ জনগণৰ হকে বিশ্বৰ কবিসকল এক হওক’ নামৰ আলোচনীখনৰ দ্বিতীয় সংস্কৰণত ভিছেন্তি আলেক্সেন্দ্ৰি আৰু ক্ৰিষ্টেন জাৰাৰ কবিতা, নেৰুডাৰ ফৰাচী ভাষালৈ অনূদিত কবিতা, আৰু পূৰ্বৰ সংখ্যাত প্ৰকাশিত কুনাৰ্ডৰ কবিতাক আকৌ প্ৰকাশ কৰা হৈছিল। ইয়াৰ পাছত এপ্ৰিলৰ সংখ্যাত লোৰকা আৰু লেংস্তন হিউজৰ কবিতা প্ৰকাশিত হৈছিল। এনে সংকটময় সময়তে, ডব্লিউ এইছ অ’দেনে (W.H. Auden) দায়বদ্ধতাৰ খাতিৰত আন্তৰ্জাতিক ব্ৰিগেডত যোগ দি কৈছিল: “এই ব্ৰিগেডত মই লেখকৰ পৰিচয়েৰে নহয়, এজন সাধাৰণ নাগৰিক হিচাপে কাম কৰিব বিচাৰোঁ।’’ লণ্ডনলৈ উভতি যোৱাৰ পাছত তেওঁ ‘স্পেইন, ১৯৩৭’ নামৰ কবিতাটো কুনাৰ্ড আৰু নেৰুডালৈ প্ৰকাশৰ নিমিত্তে পঠিয়াইছিল।

নেৰুডা আৰু দেলিয়াই সংস্কৃতি ৰক্ষাৰ্থে, লেখকসকলৰ দ্বিতীয় আন্তৰ্জাতিক মহাসভাখন স্পেইনত যাতে সুকলমে অনুষ্ঠিত হয়, তাৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। সেই মৰ্মে লেটিন আমেৰিকাৰ লেখকসকলৰ যোগদান সুনিশ্চিত কৰিবলৈ, তেওঁ একনিষ্ঠভাৱে তেওঁলোকৰ প্ৰতিজনৰ সৈতে যোগাযোগ কৰিছিল।

ইপিনে, মণ্টে কাৰ্লোত থকা মাৰুকা আৰু ৰুগীয়া জীয়েকক চোৱাচিতা আৰু পোহপাল দিয়াৰ জোখেৰে তেওঁৰ দৰমহাই নোজোৰা হোৱাত, আৰু চাকৰিৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিয়াত উপায়বিহীনা মাৰুকাই জীয়েকক লৈ হলেণ্ডৰ হেগৰ আত্মীয়ৰ ঘৰলৈ যাবলগীয়া হৈছিল; আৰু বাটাভিয়া, ডাচ্চ উপনিৱেশ হোৱা হেতুকে তেওঁলোকৰ অভিবাসন প্ৰক্ৰিয়া অৱশ্যে সুকলমে হৈ গৈছিল। এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত, মাৰুকাৰ বিবাহিত জীৱনো যে আৰু বেছি দিন নিটিকিব, সেয়া দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰিছিল। নেৰুডাই বোধকৰো এবাৰ তালৈ গৈ তেওঁলোকক দেখা কৰি আহিছিল। মালভাৰ অসুখ যে ভাল নহয়, সেয়াও তেতিয়া পৰিষ্কাৰ হৈ পৰিছিল।

ইতিমধ্যে, ১৯৩৭ চনৰ এপ্ৰিলৰ আশেপাশে, ফ্ৰেংকো আৰু তেওঁৰ সেনাধ্যক্ষসকলে উত্তৰৰ স্বাধীনচিতীয়া বাস্ক দেশখন নিজৰ দখললৈ আনিব নোৱাৰি অতিপাত ক্ষুব্ধ হৈছিল। শতিকাজুৰি বাস্কৰ স্বাধীন পৰিচয় সাগৌৰৱে ঊৰ্দ্ধত তুলি ধৰা গুৱেৰ্নিকা নামৰ সৰু চহৰখন তেওঁলোকৰ লক্ষ্য হৈ পৰিছিল। প্ৰতি সোমবাৰে গুৱেৰ্নিকাত বজাৰ বহে আৰু সেইদিনা চহৰৰ ৰাস্তাঘাট, বাটপথ লোকে লোকাৰণ্য হয়। তেনে এটি দিনতে, ১৯৩৭ চনৰ ২৬ এপ্ৰিল তাৰিখে, ফ্ৰেংকোৰ উদ্ধত সমৰ্থনসাপেক্ষে নাজী আৰু ইটালীয়ান বাহিনীৰ বায়ুসেনাই যৌথ অভিযান চলাই গুৱেৰ্নিকা চহৰত একেৰাহে তিনি ঘণ্টাজুৰি বোমাবৰ্ষণ কৰিছিল। চহৰখন পৰ্বতপ্ৰমাণ জুইশিখাই ঢাকি ধৰিছিল আৰু ই নিমিষতে ধ্বংসস্তূপত পৰিণত হৈছিল। দুশৰো অধিক লোকৰ থিতাতে মৃত্যু হৈছিল। কিন্তু সামূহিকভাৱে জনমানসত ইয়াৰ চকিত প্ৰতিক্ৰিয়া আছিল অপৰিমেয়। গুৱেৰ্নিকাৰ নিৰীহ লোকৰ ওপৰত কৰা নিৰ্বিচাৰ গুলীবৰ্ষণে ফেচিষ্টসকলৰ পাশৱিক চৰিত্ৰক জলজল-পটপটকৈ উদঙাই দিছিল। অকল সেয়ে নহয়, পলাই সাৰিব খোজা নাগৰিকসকলকো খেদি খেদি মেচিনগানেৰে গুলীয়াই হত্যা কৰা হৈছিল। ইয়াৰ পূৰ্বে ইউৰোপত তেনে বৰ্বৰ হত্যাকাণ্ড ঘটা নাছিল। এই প্ৰথমবাৰৰ বাবে, সৰ্বাত্মক ধ্বংসৰ লক্ষ্যেৰে অসামৰিক নাগৰিকক আকাশমাৰ্গেৰে আক্ৰমণ কৰা হৈছিল। মুঠতে, এয়া আছিল ফেচিষ্ট শক্তিৰ দ্বাৰা সংঘটিত এখন সৰ্বগ্ৰাসী যুদ্ধ।

গণহত্যাৰ বাতৰিয়ে শীঘ্ৰে সমগ্ৰ পৃথিৱীজুৰি তীব্ৰ ঘৃণাৰ সৃষ্টি কৰিছিল। এনে বোমাবৰ্ষণেৰে বাস্কবাসীৰ সমূহীয়া আত্মবিশ্বাসক নিশ্চিহ্ন কৰাই আছিল ফ্ৰেংকো আৰু তেওঁৰ মিত্ৰশক্তিসমূহৰ উদ্দেশ্য। কিন্তু এই ক্ষেত্ৰত তেওঁলোক দুখ লগাকৈ বিফল হৈছিল। গুৱেৰ্নিকাৰ হৃদয়বিদাৰক ঘটনাই নেৰুডা আৰু তেওঁৰ বন্ধুবৰ্গক ভয়ানক আঘাত দিছিল যদিও তেওঁলোক নিৰুদ্যম হোৱা নাছিল। ফেচিষ্ট বোমাবৰ্ষণৰ ঘটনাক নিন্দা কৰি চিত্ৰশিল্পীসকলে এই কালছোৱাত সৰ্বোৎকৃষ্ট শিল্পৰ সৃষ্টি কৰিছিল; ইয়াৰ উল্লেখযোগ্য উদাহৰণ হ’ল পিকাছোৰ গুৱেৰ্নিকা। শিল্পী-সাহিত্যিকসকলে বুজিছিল যে, তেনে পৰিস্থিতিত কলম আৰু ৰং-তুলিকাই হ’ব প্ৰতিৰোধৰ উত্তম ভাষা।

ফেচিষ্টসকলৰ বোমাবৰ্ষণে মাদ্ৰিদক থকাসৰকা কৰাৰ সময়ত, সংস্কৃতি ৰক্ষাৰ্থে লেখকসকলৰ দ্বিতীয় আন্তৰ্জাতিক মহাসভাৰ শাখা অধিৱেশন জুলাইৰ প্ৰথম সপ্তাহত পোনতে বাৰ্ছিলোনাত আৰু দ্বিতীয়তে ভেলেঞ্চিয়াত অনুষ্ঠিত হৈছিল, আৰু এই যাত্ৰাৰ অন্তিম সন্মিলনখন পেৰিছত পতা হৈছিল। আঠাইছখন দেশৰ পৰা আহি দুশৰো অধিক বিশিষ্ট সাহিত্যিকে উক্ত অধিৱেশনত যোগ দিছিল। তেওঁলোকৰ ভিতৰত আছিল—আৰ্নেস্ত হেমিংৱে, থোমাছ মান, জন ডোচ পেছজ, আপটন চিনক্লেয়াৰ, অক্টাভিও পাজ, লেংস্তন হিউজ আৰু ৰাছিয়াৰ কবি ইলিয়া এৰেনবুৰ্গ। আদিৰ পৰা অন্তলৈকে, নেৰুডা আৰু দেলিয়াই গুৰি ধৰা ইয়াৰ অনুষ্ঠানবোৰ মনত ৰাখিবলগীয়াকৈ ফলপ্ৰসূ হৈছিল। তেজৰ চেকা লগা যুদ্ধৰত প্ৰজাতন্ত্ৰখনক উক্ত অধিৱেশনে কিছু পৰিমাণে হ’লেও উৎসাহ যোগাইছিল। নেৰুডাৰ নিজ দেশৰ প্ৰতিদ্বন্দ্বী সাহিত্যিক হিচাপে খ্যাত আৰু সংগ্ৰামী কমিউনিষ্ট বুলি পৰিচিত ভিচেন্তি হুইদোব্ৰোও সেই সময়ত পেৰিছত আছিল। দুয়োজনে একে উদ্দেশ্য সাধনাৰ নিমিত্তে পৃথক পৃথক দুটা সঁজাতী দল লৈ অধিৱেশনথলীত উপস্থিত হৈছিল। হুইদোব্ৰোৰ নেতৃত্বত অহা চিলিৰ বুদ্ধিজীৱী সংঘ আছিল কমিউনিষ্ট মতাদৰ্শৰ দ্বাৰা পৰিচালিত। আনহাতে, নেৰুডাৰ নেতৃত্বত যোগ দিয়া বুদ্ধিজীৱীসকল আছিল মূলতঃ ফেচিবাদবিৰোধী যুঁজৰ একো একোজন যোদ্ধা। পিছে, হুইদোব্ৰোয়ে পূৰ্বৰ আখেজ চৰিতাৰ্থ কৰাৰ নিমিত্তে তেওঁৰ সংগঠনটোক নেৰুডাৰ বিপক্ষ সংগঠন স্বৰূপে থিয় কৰাই পাবলো দা ৰোখাৰ নাম সাঙোৰাত, কিছু খেলিমেলিৰ সৃষ্টি হৈছিল যদিও, সেয়া আছিল খন্তেকীয়া।

চিজাৰ ভেলেজো, ক্ৰিষ্টেন জাৰা আৰু আন নজনে এই অবাঞ্ছিত ঘটনাক নিন্দা কৰি, দুয়োজনকে বিৰোধৰ মীমাংসা কৰাৰ বাবে আবেদন জনাইছিল। বৰ্তমানৰ সংকটপূৰ্ণ অৱস্থাত, “অধিক উৎসাহসহকাৰে একতাৱদ্ধ হৈ, ফেচিবাদৰ দ্বাৰা আক্ৰান্ত জনগণৰ সপক্ষে মাৰ বান্ধি থিয় দিবলৈ’’ তেওঁলোকে দুয়োজনকে ইতিবাচক ভূমিকা গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছিল। পাছত অৱশ্যে তেওঁলোকে, তেওঁলোকৰ বিৰোধক লৈ ৰাজহুৱা বিতৰ্কত জড়িত হোৱা নাছিল।

মাদ্ৰিদত অধিৱেশন চলি থকাৰ মাজতে, নেৰুডাই সেনাৰ সাজ পৰিহিত মিগুৱেল হাৰ্নান্দেজৰ সৈতে ভান এখনত উঠি ৰণাংগণৰ মাজ-মজিয়াত অৱস্থিত লা কাচা দা ফ্লোৰছ্‌ৰ এপাৰ্টমেণ্টলৈ গৈছিল৷ তেতিয়াও তাত অৱৰোধ চলি আছিল। হাৰ্নান্দেজৰ হাতত আছিল ৰাইফল। নেৰুডাই যুদ্ধ পৰিস্থিতিত লা কাচাৰ “ফুলবাৰী’’ নামৰ ঘৰটো, বাধ্য হৈ এৰি থৈ, মাদ্ৰিদ ত্যাগ কৰাৰ পৰত, তাত থকা অসংখ্য কিতাপ, প্ৰাচ্যৰ পৰা সংগ্ৰহ কৰা বিধ-বিধ মুখা আৰু অন্যান্য ঘৰুৱা সামগ্ৰীসমূহ নিব পৰা নাছিল। ঘৰটোত উপস্থিত হৈ তেওঁলোকে দেখিছিল ইয়াৰ যুদ্ধবিধ্বস্ত দুৰৱস্থা। কিতাপবোৰ ভগ্নস্তূপৰ মাজত সিঁচৰতি হৈ পৰি আছিল। এদশক পাছত, এই ঘটনাক সুঁৱৰি দেলিয়াই কৈছিল যে, আমি ঘৰখন নিৰীক্ষণ কৰি থাকোঁতে, সেই ধ্বংসাৱশেষৰ মাজত, “আমাৰ ফ্লেক নামৰ পোহনীয়া কুকুৰটো আহি ওলাইছিল। আমি অহাৰ উমান পাই সি খিৰিকীত খুন্দিয়াই আছিল। পাবলোৱে তাক দেখি উৎফুল্লিত হৈছিল।’’ নেৰুডাই তেওঁৰ আঁঠুলৈকে ঢকা বাণিজ্য দূতৰ কোটটো আৰু এছিয়াৰ পৰা অনা মুখাবোৰ, ঘৰটোৰ পৰা অন্তৰ্ধান হৈছিল। চিলাই মেচিনকে ধৰি বাচন-বৰ্তন আৰু কেৰাহীকেইটাহে লুটিয়াৰসকলে মাথোঁ এৰি থৈ গৈছিল। নেৰুডাই দুখ প্ৰকাশ কৰি তেওঁৰ যোদ্ধাসংগী হাৰনান্দেজক কৈছিল: “এই যে যুদ্ধ মিগুৱেল, ই সপোনৰ দৰে খেয়ালি!’’ দুই বন্ধুৰ এয়াই শেষ দেখা আছিল—পাঁচ বছৰ পাছত হাৰ্নান্দেজে জে’লৰ ভিতৰত মৃত্যু বৰণ কৰিছিল।

পেৰিছৰ অধিৱেশন শেষ হোৱাৰ আগদিনা নেৰুডাই এবাৰেই মাত্ৰ তাত সমজুৱাৰ সম্মুখত ভাষণ প্ৰদান কৰিছিল। ভাষণত তেওঁ ফেচিবাদৰ বিৰুদ্ধে লেটিন আমেৰিকাৰ লেখকসকলক নতুন উদ্যমেৰে একত্ৰিত হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁ তেওঁৰ চুটি ভাষণটো সামৰিছিল এইদৰে :

“ন্যায় আৰু জীৱনৰ হকে যুঁজাৰ মানসিকতাৰে এনে ভ্ৰাতৃত্ববোধ ইয়াৰ আগতে কেতিয়াও গঢ়ি উঠা নাছিল; দৰাচলতে, ভ্ৰাতৃত্ববোধ, ন্যায় আৰু জীৱনবোধ একেই যুদ্ধৰেখাত অৱস্থান কৰে। এতিয়া কৰ্তব্য হ’ল, আমাৰ এই অৱস্থানক অধিক ব্যাপকতৰ কৰা, আৰু ইয়াৰ জৰিয়তে পৃথিৱীৰ চুকে-কোণে সৰ্বত্ৰ অনৈতিক আৰু অমানৱীয় ফেচিবাদক পৰাস্ত কৰাৰ বাবে উঠি-পৰি লাগা। আমি য’তেই মানুহৰ স্বাধীনতা আৰু মহানতাৰ সপক্ষে যুঁজ নিদিওঁ কিয়, স্পেইনৰ নাম নল’লেও, আমাৰ এই যুঁজে স্পেইনৰ সংগ্ৰাম আৰু যুঁজকে শক্তিশালী কৰিব। স্পেইনে নিজকে ৰক্ষা কৰাৰ নিমিত্তে যেতিয়ালৈকে প্ৰচণ্ড ধৈৰ্যেৰে যুঁজ দি থাকিব, তেতিয়ালৈকে আমাৰো এই যুঁজ চলি থাকিব।’’

পৰিশেষত, কংগ্ৰেছে এক প্ৰস্তাব গ্ৰহণ কৰি, বিশ্বৰ সকলো লেখককেই সংস্কৃতি আৰু মানৱতা ৰক্ষাৰ স্বাৰ্থত, নিৰপেক্ষ অৱস্থান গ্ৰহণ নকৰিবলৈ আবেদন জনাইছিল।

নতুনকৈ তেতিয়াও বাণিজ্য দূতৰ পদবীত নিযুক্তি নোপোৱাত, নেৰুডাই দেলিয়াৰ সৈতে চিলিলৈ উভতি অহাৰ বাবে যো-জা চলাইছিল। কিন্তু তাৰ আগতে তেওঁ চিলিৰ বৈদেশিক দপ্তৰৰ মন্ত্ৰীলৈ এখন পত্ৰ লিখি তেওঁৰ ৰাজহুৱা কামকাজৰ বাবে হোৱা বৰ্ধিত সমালোচনাৰ বিৰুদ্ধে আত্মপক্ষ সমৰ্থন কৰি জবাব দিছিল। পত্ৰযোগে দিয়া জবাবৰ এটি শাৰীত তেওঁ লিখিছিল: “মই কমিউনিষ্ট নহওঁ ঠিকেই; পিছে মই আপাদমস্তক ফেচিবাদবিৰোধী।’’

একে সময়তে চিলিৰ “এৰছিলা’’ নামৰ কাকতত উত্থাপিত প্ৰশ্নৰ উত্তৰত তেওঁ লিখিছিল: “মই কমিউনিষ্ট নহওঁ। সমাজবাদীও নহওঁ। বা তেনে কিবাও নহওঁ। মই মাথোঁ এজন মানৱতাবাদী লেখক। কেৱল স্বাধীনতা ভাল পোৱা মই এজন মুক্ত লেখক। মই মানুহক ভাল পাওঁ। যিহেতুকে মই তেওঁলোকৰ মাজৰ পৰা আহিছোঁ, মই তেওঁলোকৰ। সেই বাবেই মই ফেচিবাদবিৰোধী। মানুহৰ প্ৰতি মোৰ যে এই অচল আনুগত্য, ই গোড়ামি অথবা আজ্ঞানুবৰ্তিতাৰ বশৱৰ্ত্তী হৈ গ্ৰহণ কৰা আনুগত্য নহয়।’’

১৯৩৭ চনৰ দুই ছেপ্টেম্বৰ তাৰিখে, মাৰুকাই হেগৰ পৰা “মোৰ মৰমৰ শাহুআই’’ বুলি সম্বোধন কৰি শাহুৱেকক চিঠি লিখি জনাইছিল যে, “নেফটালি’’ ঘৰলৈ উভতি গৈ আছে। “তেওঁ আপোনাক সকলো ক’ব’’, বুলি লিখি মাৰুকাই ত্ৰিনিদাদক অতি ভক্তিৰে জনাইছিল যে, তেওঁৰ শাহুৱেকলৈ বৰকৈ মনত পৰি থকা সত্ত্বেও কেবামাহ ধৰি লিখিব পৰা নাছিল; কাৰণ, “আমী ভয়ংকৰ যুদ্ধৰ মাজতে ৰুগীয়া কণমানিটোৰ সৈতে কেবাবাৰো ঘৰ সলাবলগীয়া হৈছে, অশেষ কষ্টেৰে কটাবলগীয়া হৈছে।’’ চিঠিখনৰ শেষত তেওঁ শাহুৱেকক আন্তৰিক আলিংগন জনাই “আপোনাৰ জীয়াৰী মাৰুকা’’ লিখি সামৰণি মাৰিছিল।

নেৰুডা আৰু দেলিয়াই “এৰিকা’’ নামৰ ফৰাছী ভাঁপজাহাজেৰে এমাহতকৈও কিছু অধিক সময় যাত্ৰা কৰি ভেলপাৰাইজোত উপস্থিত হৈছিল, আৰু তাৰ পৰা ছান্টিয়াগোৰ মাপুছো ষ্টেছনলৈ ৰে’লেৰে যাত্ৰা কৰিছিল। ইপিনে, নেৰুডাৰ অগণন বন্ধু আৰু গুণগ্ৰাহীয়ে তেওঁক সম্ভাষণ জনাবলৈ উক্ত ষ্টেছনত ৰৈ আছিল। দেলিয়াৰ পৰিধানত আছিল এযোৰ নীলা সাজ আৰু মূৰত আছিল এটি সৰু টুপী। দেলিয়াই, সেই বেশভূষাৰে যেতিয়া প্লেটফৰ্মত নামিছিল, জুমত ভিৰ কৰা লোকসকলে তেওঁৰ বিখ্যাত অভিনেত্ৰীৰ দৰে সন্মোহিনী চেহেৰা দেখে অভিভূত হৈছিল। নেৰুডাই দেলিয়াক পৰিচয় কৰাই দি কৈছিল, “এওঁৱেই হোৰমিগা। তেওঁক আটায়ে ’হাই’ বুলি সম্বোধন কৰক।’’ দিয়েগো মুনোজ আৰু অন্যান্যসকল ততালিকে দেলিয়াৰ বন্ধু হৈ পৰিছিল। তেওঁলোকে ইতিমধ্যে দেলিয়াৰ সজ গুণৰাশি সম্পৰ্কেও ৱাকিপহাল আছিল। “তেওঁ এগৰাকী মনোমোহা আৰু সংস্কৃতিবান নাৰী আছিল’’, মুনোজে এইদৰে তেওঁৰ ডায়েৰীত লিখিছিল।

কিন্তু ইয়াৰ বিপৰীতে, নেৰুডাক দেখাত গম্ভীৰ আৰু বয়সতকৈ ডাঙৰ যেন লাগিছিল, যদিও তেতিয়া তেওঁ আছিল মাত্ৰ তেত্ৰিশ বছৰীয়া। স্পেইনৰ অভিজ্ঞতাই তেওঁক শাৰীৰিক আৰু মানসিকভাৱে বুঢ়া কৰি পেলাইছিল। সিদিনা চিটি হোটেলত, তেওঁলোকৰ সন্মানাৰ্থে মহোৎসৱৰ আয়োজন কৰা হৈছিল। আন্তৰ্জাতিক কবি হিচাপে স্বীকৃত নেৰুডা এতিয়া তেওঁৰ দেশ, চিলিৰ বাবে এগৰাকী উল্লেখযোগ্য ব্যক্তিৰূপে পৰিগণিত হৈছিল।

যদিয়ো তেওঁ তেতিয়াও নিজকে কমিউনিষ্ট বুলি ঘোষণা কৰা নাছিল, তেওঁৰ মতবাদ আৰু মিত্ৰবৰ্গৰ মতাদৰ্শই তেওঁক ক্ৰমশঃ কমিউনিজম্‌ৰ পিনে ধাৱিত কৰিছিল। দিয়েগো মুনোজ, টোমাছ লেগো আৰু ৰুবেন এযোকাৰৰ দৰে তেওঁৰ বন্ধুবৰ্গ এতিয়া কমিউনিষ্ট পাৰ্টিৰ সক্ৰিয় সদস্য। তেওঁলোকে তেওঁলোকৰ বৌদ্ধিক আৰু কলাসন্মত গুণৰাজিৰে সৰ্বহাৰাৰ সাংগঠনিক ভেঁটিটোক মহীয়ান কৰিছে। নেৰুডাই তেওঁলোকৰ লগ লাগি স্পেইনৰ প্ৰতি সংহতিমূলক অনুষ্ঠান পতাৰ আয়োজন কৰিছিল। কিন্তু তেতিয়ালৈকে তেওঁ কমিউনিষ্ট পাৰ্টিত যোগ দিয়া নাছিল; কাৰণ, কূটনৈতিক সেৱাৰ পৰা বহিষ্কৃত হোৱাৰ বিপদ আছিল।

নেৰুডা আৰু তেওঁৰ বন্ধুবৰ্গই পেৰিছৰ আৰ্হিত, সংস্কৃতি ৰক্ষাৰ্থে বুদ্ধিজীৱী আৰু লেখকসকলৰ এখন শাখা সন্মিলন চিলিত সংগঠিত কৰিছিল। নভেম্বৰত অনুষ্ঠিত, ইয়াৰ প্ৰথম সভাই নেৰুডাক সভাপতি নিৰ্বাচিত কৰিছিল। সেই সভাৰ মৰ্মবাণী আছিল, “প্ৰতিখন দেশৰ লেখকসকলে, নিজৰ দেশৰ জনগণৰ সৈতে নিবিড় সম্পৰ্ক গঢ়ি তোলক।’’ সভাৰ সামৰণি ভাষণত নেৰুডাই কৈছিল:

“আজিৰ এই মুহূৰ্তৰ পৰাই বিভিন্ন মতাৱলম্বী আৰু ভিন ভিন ক্ষেত্ৰৰ পৰা আহি গোট খোৱা বুদ্ধিজীৱীসকলৰ যৌথ সন্মিলনে কায়মনোবাক্যে শপত গ্ৰহণ কৰিছে যে, স্বাধীনতা আৰু গণতন্ত্ৰ ৰক্ষাৰ্থে, আৰু সংস্কৃতিৰ মৰ্যদা ৰক্ষাৰ স্বাৰ্থত আমি সংগ্ৰামৰ পুৰোভাগত অৱতীৰ্ণ হ’মহক। এতিয়াৰ পৰা আমাৰ মুখৰ ভাষাবোৰ হৈ পৰিব একো একোপাত শানিত অস্ত্ৰ, প্ৰতিক্ৰিয়াশীলসকলে যাক ভয়ৰ চকুৰে চাব।’’

পাছৰ সপ্তাহবোৰত, নেৰুডাই তেওঁৰ “হৃদয়ত স্পেইন’’ নামৰ কবিতাপুথিখনৰ কবিতাবোৰ, ছান্টিয়াগো আৰু ভেলপাৰাইজোত পঢ়ি শুনাইছিল। ইয়াৰ পাছত তেওঁ বুদ্ধিজীৱীসকলৰ যৌথ মঞ্চ আৰু অন্যান্য সংগঠনৰ তৰফৰ পৰা অনুষ্ঠিত সন্মিলনবোৰত নিজকে যুক্ত কৰি স্পেইনৰ ফেচিবাদবিৰোধী জনগণৰ বিষয়ে কোৱাৰ উপৰিও চিলিত যে ফেচিবাদী শক্তিয়ে যি কোনো মুহূৰ্ততে বিপদ ঘটাব পাৰে তাৰ বিৰুদ্ধে জনগণক সদাজাগ্ৰত থাকিবলৈ অনুৰোধ জনাইছিল।

এপ্ৰিল মাহত অনুষ্ঠিত চিলিৰ পপুলাৰ ফ্ৰণ্টৰ অভিৱৰ্তনত অক্টোবৰত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী হিচাবে পেদ্ৰো এগিৰেক মনোনীত কৰিছিল (দ্ৰষ্টব্য যে, পপুলাৰ ফ্ৰণ্টত চিলিৰ শ্ৰমিক শ্ৰেণীৰ প্ৰতিনিধিও আছিল)। এই নিৰ্বাচনত, পপুলাৰ ফ্ৰন্টৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে থিয় দিছিল ৰক্ষণশীল পাৰ্টিৰ দুৰ্ঘোৰ সমৰ্থক গুস্তাভো ৰোয। নেৰুডা আৰু বুদ্ধিজীৱীসকলৰ মিত্ৰ জোঁটে এগিৰে ছেৰ্দাৰ সমৰ্থনত প্ৰচাৰাভিযানত যোগ দিছিল।

এনে সময়তে, নেৰুডা আৰু দেলিয়াই তেওঁলোকৰ সম্পৰ্কক নিশ্চিত কৰি স্বামী-স্ত্ৰীৰ দোলেৰে বান্ধ খাইছিল। তেওঁলোকে নগৰীৰ কোলাহলপূৰ্ণ পৰিবেশৰ বাহিৰৰ, প্ৰভিডেঞ্চিয়া নামৰ ঠাইত এটি ভাড়াঘৰত মুকলিমূৰীয়াকৈ থাকিবলৈ লৈছিল। পাবলোৰ বন্ধুসকলে সেই ঘৰটোলৈ অবাধে আহযাহ কৰিছিল।

পাবলো নেৰুডা ফাউণ্ডেশ্যনৰ কাৰ্যকৰী সঞ্চালক ফাৰ্ণাণ্ডো ছায়েজে তেওঁৰ জীৱনীত দেলিয়া সম্পৰ্কে এইদৰে লিখিছিল:

খোলামেলা ঘৰটোত দেলিয়াই সততে পাবলোৰ ওপৰত সূক্ষ্মভাৱে নজৰ ৰাখিছিল…. লা হোৰমিগা আছিল অনমনীয়, আৰু হঠাতে উগ্ৰ ৰূপ ধাৰণ কৰিব পৰা নাৰী। “নহয় পাবলো, তুমি মানসিকভাৱে বাধাগ্ৰস্ত হৈছা’’, দেলিয়াৰ উচ্চ নিনাদী কণ্ঠ। আৰু পাবলোৱেও হাত সাবটি থকা নাছিল। তেওঁ বন্ধুবৰ্গৰ কিছুমানক দেলিয়াৰ গাত আঁচোৰ পৰাকৈ ধেমালিৰ ছলেৰে বাক্যবাণ প্ৰয়োগ কৰিবলৈ কৈছিল, অথবা অশিষ্ট শব্দ প্ৰয়োগ কৰি দেলিয়াৰ খং উঠাবলৈ পৰামৰ্শ দিছিল। কিন্তু এয়া তেওঁলোক দুজনৰ চৰিত্ৰৰ এটা ফালহে আছিল। পূৰ্ণাংগভাৱে লক্ষ্য কৰিলে দেখা যায় যে, দম্পতী হিচাপে তেওঁলোক আছিল অতিকে মৰমিয়াল, ইজনে সিজনক এৰি থাকিব নোৱাৰা বিধৰ আছিল তেওঁলোকৰ যুগ্ম জীৱন। পাবলো আছিল সাৱলীলভাৱে সহজ। প্ৰেম আৰু মমতাৰে পৰিপূৰ্ণ তেওঁ দেলিয়াৰ সুখ-দুখৰ প্ৰতি আছিল সদাসচেতন। আনহাতে, দেলিয়াই তেওঁৰ সংবেদনশীলতাক সততে লুকাই ৰাখিছিল যদিও, পাবলোৰ প্ৰতি তেওঁৰ অনুৰক্তি আছিল নিঃচৰ্ত, যাক তেওঁ বাধাহীন সহযোগিতা আগবঢ়োৱাৰ যোগেদি আৰু অক্ষয় সন্তুষ্টিৰ মাজেৰে প্ৰকাশ কৰিছিল।

দেলিয়াই বুৱেনছ্‌ এয়াৰছ্‌ৰ নিজৰ ঘৰলৈ গৈছিল। যোৱা সাত বছৰে তেওঁ নিজৰ ঘৰৰ পৰা আঁতৰি বিদেশত আছিল। তেওঁৰ এই যাত্ৰাৰ উদ্দেশ্য আছিল উত্তৰাধিকাৰী সূত্ৰে পাবলগীয়া ঘৰুৱা সম্পত্তিৰ লেনদেনৰ বিষয়টোৰ নিষ্পত্তি কৰা। কিন্তু তালৈ গৈ তেওঁ গম পাইছিল যে, বিশেষকৈ তেওঁৰ ৰাজনৈতিক স্থিতিৰ বাবে, তেওঁৰ অবৰ্তমানত পৰিয়ালটোৱে তেওঁক মাটি-সম্পত্তিৰ ভাগৰ পৰা বঞ্চিত কৰিছিল।

সেই বছৰৰে এপ্ৰিল মাহত, সম্ভৱতঃ মগজুৰ ৰক্তক্ষৰণৰ বাবে নেৰুডাৰ দেউতাক অসুস্থ হৈ শয্যাগত হৈছিল। কবিয়ে খবৰটো শুনিয়েই টেমুকোৰ আপোন ঘৰলৈ লৰ দিছিল। তাৰ পৰাই তেওঁ দেলিয়ালৈ “মৰমী হোৰমিগা, মোৰ কলিজা’’ বুলি সম্বোধন কৰা চিঠিখনেৰে লিখি জনাইছিল যে, এসময়ত ষাঁড়ৰ দৰে সহ্যশক্তিৰে শক্তিমান তেওঁৰ দেউতাক এতিয়া নিদাৰুণ যন্ত্ৰণাত ছটফটাই আছে। আৰু তেওঁৰ সতীয়া ভনীজনী “এনে অৱস্থাত কোনো কামত নহা হৈ পৰাত’’ সকলো দায়িত্ব তেওঁৰ কান্ধত আহি পৰিছিল। তেওঁ আৰু লিখিছিল যে, তেওঁ আহি পোৱাৰ পাছতে তেওঁ দেউতাকক অচেতন অৱস্থাত দেখিছিল, আৰু সামান্য চেতনা ঘূৰি অহাৰ মুহূৰ্ততে মই অহা বুলি গম পাই, কুকুৰে কাঁইট নোখোৱাকৈ মোক গালি পাৰা আৰম্ভ কৰিছিল: “ভাঁজ লাগি আছ যে, পোন হ।’’ এয়া আছিল মুমূৰ্ষু বাপেকৰ বাক্যবাণ।

এইদৰে, বাপেক, মাক আৰু ভনীয়েকৰ সৈতে থকাৰ সময়ত, ১৯৩৮ চনৰ মে মাহত নেৰুডাই তেওঁৰ গৃহচহৰ টেমুকোত অনুষ্ঠিত এখন সভাত, বুদ্ধিজীৱীসকলৰ যৌথ সন্মিলনক প্ৰতিনিধিত্ব কৰি বক্তব্য ৰাখিছিল। উক্ত সভাত তেওঁ, শ্ৰমিকসকলক তেওঁলোকৰ অধিকাৰ ৰক্ষাৰ্থে সংগ্ৰাম গঢ়ি তুলিবলৈ আবেদন জনাইছিল। চিলিৰ দক্ষিণৰ জাৰ্মান অভিভাসী অধ্যুষিত অঞ্চলত নাজীবাদে গা কৰি উঠা বিষয়টোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি তেওঁ সভাৰ সকলোকে এই মতবাদৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ’বলৈকো আহ্বান জনাইছিল। চিলিৰ উক্ত অঞ্চলটোত উদযাপিত, নাজী জাৰ্মানীৰ পহিলা মে’ৰ ৰাষ্ট্ৰীয় দিৱসত, চিলিৰ বহু লোকে উপস্থিত হওয়া কাৰ্য্যক সমালোচনা কৰি, তেওঁ গৰ্জন কৰি কৈছিল: “হে মোৰ মাতৃভূমিৰ দুৰ্ঘোৰ শত্ৰুসকল, তহঁত ভালে ভালে চিলিৰ পৰা আঁতৰি যা! হে মানসিক ৰোগেৰে ৰোগাক্ৰান্ত বৰ্বৰ হিটলাৰৰ গুপ্তচৰ আৰু চেলাচামুণ্ডাসকল, তহঁত ইয়াৰ পৰা আঁতৰি যা! দক্ষিণ আৰু সীমামূৰীয়া অঞ্চলবোৰত পতা নাজী স্কুলবোৰ শীঘ্ৰে বন্ধ কৰ!’’

নেৰুডাৰ দেউতাক, ১৯৩৮ চনৰ মে মাহৰ সাত তাৰিখে ঢুকাইছিল। তেওঁৰ জীৱনৰ পাছৰ কালত নেৰুডাই বাপেকৰ প্ৰশংসাত পঞ্চমুখ হৈ কৈছিল যে, পুতেকৰ কবিতাৰ প্ৰতি থকা ধাউতিক বাপেকে কঠোৰভাৱে নস্যাৎ কৰাৰ পৰিণতিতে পুতেকৰ মনত কবি হোৱাৰ দৃঢ় সংকল্পই বাহ লইছিল। তেওঁৰ দেউতাকৰ ব্যক্তিত্বক শিলৰ স’তে তুলনা কৰা যায়। কিন্তু তেওঁৰ সেই কঠিনতাৰ মাজত যে পুতেকৰ প্ৰতি গভীৰ উদ্বেগ লুকাই আছিল, তাক নেৰুডাই অনুধাৱন কৰিছিল।

তেওঁৰ মননশীল কবিতাপুথি “ইছলা নেগ্ৰা’’ত, নেৰুডাই দেউতাকক সুঁৱৰিছিল এইদৰে:

মোৰ দুৰ্ভগীয়া, কঠিন-কঠোৰ দেউতা, মেৰুৰেখাত আছিল তেওঁৰ অৱস্থান, গুৰুগম্ভীৰ আৰু সপ্ৰতিভ তেওঁৰ বন্ধুত্ব আছিল পৌৰুষপূৰ্ণ। তেওঁৰ জীৱনটো আছিল এক অবিৰত অভিযান, দোকমোকালিতে উঠি কৰ্ত্তব্যলৈ ৰে’লেৰে প্ৰস্থান আৰু কৰ্তব্যৰ শেষত ধুমুহাৰ বেগেৰে আহি ঘৰত প্ৰৱেশ, এয়াই আছিল তেওঁৰ নিত্যনৈমিত্তিকতা। আন হাজাৰটা দিনতকৈও বৰ্ষামুখৰ সিদিনা, ৰে’লকৰ্মী যোছ দেল কাৰমেন ৰেয়েজে মৃত্যুৰ ৰে’লত উঠিল যে উঠিল, আজিলৈকে উভতি নাহিল। —“দেউতা’’

*

টেমুকোত থকাকালত অৱকাশ বিচাৰি নেৰুডাই তেওঁলোকৰ পৰিয়ালৰ বন্ধু ডাঃ মেনুৱেল মাৰ্টিনৰ ঘৰলৈ মাজে মাজে আহিছিল। মাৰ্টিনে লক্ষ্য কৰিছিল যে, নেৰুডাই দেউতাক ঢুকোৱাৰ দিনাখন দৰজা-খিৰিকী বন্ধ কৰি সোমাই আছিল। পাছদিনাখন ৰাতিপুৱা ডাক্তৰজনে, কবিয়ে আগদিনাখন লিখা “কেণ্টো জেনেৰেল অৱ চিলি’’ নামৰ কবিতাটোৰ প্ৰথম শাৰীকেইটা দেখিছিল, যিখন কিতাপ কালক্ৰমত তিনিশ কবিতাৰে সমৃদ্ধ “কেণ্টো জেনেৰেল’’লৈ ৰূপান্তৰিত হৈছিল। ডাক্তারের দেখা এই শাৰীকেইটাৰে, নেৰুডাই স্পেইনত আৱিষ্কাৰ কৰা দৃঢ় প্ৰত্যয়ৰ বীজবোৰ নিজ দেশ চিলিৰ মাটিত প্ৰোথিত কৰিবলৈ সাজু হৈছিল। স্পেইনে যিদৰে “তেওঁৰ হৃদয়ত’’ শিপা মেলিছিল, ঠিক সেইদৰে চিলি আৰু লেটিন আমেৰিকাইও এতিয়া তেওঁৰ হৃদয়ত কোনোকালে নভবা ধৰণে শিপা মেলিব ধৰিছিল। সিদিনাখন ৰাতি তেওঁ লিখা কবিতাটোৰ নাম আছিল, “চিলিৰ আবিষ্কাৰকসকল’’৷ এই কবিতাটোত তেওঁ, চিলিৰ আদিবাসীসকলৰ ওপৰত বিজয়ীসকলে (conquistadors) কিদৰে অকথ্য আক্ৰমণ আৰু নিৰ্যাতন নমাই ’নতুন বিশ্ব’ গঢ়াৰ নামত লুটপাত কৰিছিল তাৰ বৰ্ণনা দাঙি ধৰিছিল।

এতিয়া নেৰুডাৰ কবিতাৰ শ্ৰোতা কেৱল তেওঁৰ সংগী বুদ্ধিজীৱীসকলেই নহয়, সাধাৰণ জনতাও তেওঁৰ কবিতাৰ শ্ৰোতা হৈ পৰিছিল।

এদিনাখনৰ কথা। ৰাষ্ট্ৰপতি প্ৰত্যাশী প্ৰাৰ্থী, পেড্ৰো এগিৰে ছেৰ্দাৰ সমৰ্থনত, ছান্টিয়াগোৰ প্ৰকাণ্ড বজাৰ, লা ভেগা চেণ্ট্ৰেলত প্ৰচাৰাভিযান চলাবলৈ যাওঁতে, নেৰুডাই তাৰ মুটিয়া ইউনিয়নৰ শ্ৰমিকসকলৰ দাবীত, ’হৃদয়ত স্পেইন’ নামৰ কবিতাপুথিখনৰ প্ৰায় আটাইকেইটা কবিতা পঢ়ি শুনাবলগীয়া হৈছিল। এয়া প্ৰথম বাৰৰ বাবে, তেওঁ তেওঁৰ কবিতাক এনেদৰে ৰাস্তাত উলিয়াই দিছিল যে, মুটিয়াসকলে কবিতা পঢ়া শেষ নোহোৱালৈকে সম্পূৰ্ণ নীৰৱে শুনি আছিল। কবিতা পঢ়া শেষ হোৱাত, তেওঁলোকে নেৰুডাক তলমূৰ হৈ সন্মান জনাই উচ্চৈস্বৰে প্ৰশংসা কৰিছিল। এনে সময়তে, ইউনিয়নৰ নেতা নেতা যেন লগা এজনে আগুৱাই আহি নেৰুডাক কৈছিল, “আমি অৱহেলিত, আমাক কোনেও মন নকৰে, কমৰেড পাবলো। আমি কেতিয়াও আগতে এনে অনিৰ্বচনীয় আনন্দ লাভ কৰা নাছিলোঁ।’’ কবিৰ মতে, ইয়াৰ পাছত আটায়ে সমস্বৰে জয়ধ্বনি দিছিল।

নেৰুডাই কৈছিল যে, শ্ৰমিকসকলৰ উদ্বেলিত প্ৰতিক্ৰিয়াই তেওঁৰ কণ্ঠ ৰুদ্ধ কৰিছিল আৰু তেওঁৰ অনুভৱ হৈছিল, এয়া যেন তেওঁৰ সাহিত্যিক জীৱনৰ আটাইতকৈ উল্লেখযোগ্য সফলতা। উক্ত বৰ্ণনা অতিৰঞ্জিত যেন লাগিলেও, ইয়াৰ দ্বাৰা এইটো স্পষ্ট হৈ পৰিছিল যে, নেৰুডাই ক্ৰমশঃ শ্ৰমিক শ্ৰেণী আৰু দৰিদ্ৰসকলৰ সৈতে একাত্ম হ’বলৈ লৈছিল। তেওঁ বিনম্ৰভাৱে স্বীকাৰ কৰিবলৈ লৈছিল যে, কবিৰ পেছা; কাঠমিস্ত্ৰী, খনিশ্ৰমিক, ৰুটি প্ৰস্তুত কৰোঁতাসকলতকৈ কোনোগুণে উচ্চমানৰ নহয়।

নেৰুডাই ১৯৪৯-৫০ চনৰ সম়ছোৱা কেণ্টো জেনেৰেলখন লিখাত ব্যস্ত আছিল আৰু এইখন তেওঁ সৰ্বসাধাৰণৰ ভাষাত লিখিবলৈ লৈছিল। আৰু, “জনগণৰ কবি” হিচাপে জনগণক প্ৰতিনিধিত্ব কৰি লিখিবলৈ লোৱা তেওঁৰ মানসিকতাক বহুতে মূল্য দিয়া যেন অনুভৱ হৈছিল। এইদৰে পোৱা প্ৰশংসাই তেওঁক, আৰু অধিক স্পষ্টকৈ, শ্ৰমিক শ্ৰেণী আৰু অৰ্থনৈতিক বৈষম্যৰ বলি হোৱাসকলৰ কণ্ঠ নিনাদিত কৰিবলৈ উৎসাহ যোগাইছিল। কিছু পৰিমাণে তেওঁৰ এই ভংগীমাত প্ৰদৰ্শনকামিতা থাকিলেও, সৰ্বহাৰাৰ কবি হিচাপে নিশ্চিতভাৱে তেওঁ তেওঁৰ নতুন ভাৱমূৰ্ত্তি গঢ়ি তোলাৰ ক্ষেত্ৰত সফল হৈছিল আৰু তেওঁৰ একনিষ্ঠতাৰ বলতেই যে সেয়া সম্ভৱ হৈছিল, তাক কোনোক্ৰমে অস্বীকাৰ কৰা নাযায়। ল’ৰালিকালৰ পৰাই ব্যক্তিগত, ৰাজনৈতিক, কিম্বা কাব্যিক ক্ষেত্ৰত তেওঁ যি নিৰ্ধাৰিত গতিপথেৰে আগুৱান হ’বলগীয়া হৈছিল, সিয়ে তেওঁক, অৱলীলাক্ৰমে এনে পথ গ্ৰহণ কৰিবলৈ উদ্গনি দিছিল, আৰু কবিৰ ভূমিকা সম্পৰ্কে তেওঁৰ জীৱনজোৰা বিশ্বাসৰ পৰিণতিতে ই কালক্ৰমত বিকশিত হৈ গৈ আছিল।

দেউতাক ঢুকোৱাৰ তিনি মাহ পাছত, ১৯৩৮ চনৰ আগষ্টৰ ওঠৰ তাৰিখে নেৰুডাৰ মাহীমাকৰ মৃত্যু হৈছিল। মাহীমাকৰ আলফুলীয়া মৰম-চেনেহ আৰু প্ৰশান্ত সমৰ্থনৰ মাজতে তেওঁৰ ল’ৰালি কাল অতিবাহিত হৈছিল। স্বভাৱতে দোনাত্ৰিনিদাদ আছিল শান্ত-সৌম্যৰ নিখুঁত প্ৰতিমূৰ্ত্তি।

নেৰুডাই মাহীমাকৰ গুৰুত্ব অতি সংবেদনশীল মনেৰে স্বীকাৰ কৰিছিল। পোষ্টকাৰ্ডত মাহীমাকলৈ লিখা কবিতাটো আছিল তেওঁৰ জীৱনৰ প্ৰথম কবিতা। এছিয়াত নিৰুদ্দেশ হোৱাৰ সময়ত, তেওঁ তেওঁৰ বন্ধুবৰ্গৰ উপৰিও মাহীমাকলৈ চিঠি লিখিছিল। জীয়েকৰ জন্ম হোৱাৰ পাছত, তাইৰ নাম মালভা মেৰিনা ত্ৰিনিদাদ ৰখা বুলি স্পেইনৰ পৰা তেওঁ চিঠিৰে দেউতাকক জনাইছিল। তেওঁ মাহীমাকৰ মৃত্যত শ্ৰদ্ধা জ্ঞাপন কৰিছিল এইদৰে :

হে মোৰ মা-তকৈয়ো মৰমৰ মা—মই তোমাক কেতিয়াও মাহীমা বুলি ক’ব নোৱাৰিলোঁ!—এই মুহূৰ্তত তোমাক বখানিবলৈ গৈ মোৰ মুখখন কঁপি উঠিছে, বুজা-নুবুজা সেই ল’ৰালি কালতে তোমাৰ নিঃকিন গহীন-গম্ভীৰ গাঢ় সাজযোৰত দেখিছিলোঁ মই তোমাৰ অভিনৱ শ্ৰেষ্ঠত্ব, পৰম পবিত্ৰতা—পানী আৰু ফুলৰ সৌৰভ, সেয়াইটো আছিলা তুমি…. ~“মাতকৈয়ো মৰমৰ মা’’

ত্ৰিনিদাদৰ মৃত্যুৰ সময়ত নেৰুডাৰ সতীয়া ভনীয়েক, লোৰা টেমুকোতে আছিল। তাই তেতিয়া তেত্ৰিশ বছৰীয়া। দেউতাক আৰু মাহীমাক ঢুকোৱাৰ পাছত, আৰু আপোন মাতৃৰ সৈতে পুনৰ সম্পৰ্ক গঢ়ি নুঠাত, ১৯৩৮ চনত তাই ছান্টিয়াগোলৈ গৈ পাব্লিক স্কুল এখনৰ কাৰ্যালয়ত চাকৰিত সোমাইছিল। আৰু শিশু কালৰে পৰা নেৰুডাৰ সৈতে গঢ়ি উঠা ভ্ৰাতৃত্বৰ দৃঢ় বন্ধন তেতিয়াও অটুট ৰাখিছিল।

নেৰুডাই সতীয়া ককায়েক ৰোদোলফোকো ভাল পাইছিল, কিন্তু এতিয়া তেওঁলোকে ইজনে সিজনৰ পৰা আঁতৰি নিজ নিজ কৰ্মক্ষেত্ৰত ব্যস্ত। ৰোদোলফোয়ে, টেমুকোত থকাকালত, বিভিন্ন উদ্যোগ-প্ৰতিষ্ঠানত নিজে জড়িত কৰিছিল যদিও সফল হোৱা নাছিল। শেষত যেনিবা তেওঁ ছান্টিয়াগো নগৰীত কৰ্মৰত হৈছিল।

ইবানেজ আমোলে খুৰাক অৰ্লেন্দোৰ ’লা মানানা’ কাকত খন বন্ধ কৰি দিছিল; কাৰণ, নোবেল বঁটা বিজয়ী গেব্ৰিয়েলা মিষ্ট্ৰেললৈ আবেগিক হৈ লিখা চিঠিখন তেওঁ সেই কাকতত প্ৰকাশ কৰিছিল। পাছত তেওঁ লা নেশ্বন কাকতত সংবাদদাতা হিচাপে কাম কৰিবলৈ লৈছিল। ইপিনে, নেৰুডাৰ পূৰ্বৰ স্ত্ৰী মাৰুকাই, চৰম সংকটত পৰি নেৰুডাৰ সহায় বিচাৰিছিল যদিও নেৰুডাই তাক প্ৰত্যাখ্যান কৰিছিল।

নেৰুডাই যেতিয়া বাপেক-মাকৰ মৃত্যু লৈ ব্যস্ত আছিল, তেতিয়া ইউৰোপত মানৱীয় সংকটে দেখা দিছিল। ১৯৩৮ চনৰ খ্ৰীষ্টমাছৰ দুদিন পূৰ্বে, ফ্ৰেংকোৱে বাৰ্ছিলোনা আৰু সমগ্ৰ কেটেলোনিয়া দখল কৰাৰ অভিপ্ৰায়েৰে চূড়ান্ত আৰু নিৰ্ণয়কাৰী যুদ্ধৰ সূচনা কৰিছিল। ফলত, জানুৱাৰীৰ শেষৰ ফালে বাৰ্ছিলোনাৰ পতন ঘটিছিল আৰু তাৰ পাছতেই সমগ্ৰ কেটেলোনিয়া বশীভূত হৈছিল। তেতিয়া প্ৰজাতন্ত্ৰীসকলৰ দখলত আছিল কেৱল মাদ্ৰিদ আৰু ইয়াৰ সংলগ্ন মধ্যবৰ্তী গ্ৰামঞ্চলসমূহ আৰু ইয়াৰ চৌপাশ ঘেৰি আছিল প্ৰতিক্ৰিয়াশীল জাতীয়তাবাদীসকল। গতিকে, সুযোগ বুজি, জাতীয়তাবাদীসকলে বাৰ্ছিলোনা দখলৰ নিমিত্তে অভিযান চলোৱাত, সমগ্ৰ অঞ্চলটোতে আতংকৰ সৃষ্টি হৈছিল। হিংসা আৰু প্ৰতিশোধ আসন্ন হৈ পৰিছিল।

আধা নিযুতৰো অধিক আবালবৃদ্ধবনিতাই ল’ৰা-ছোৱালীৰে সৈতে বৰফাবৃত পিৰেনিজ পৰ্বতমালা পাৰ হৈ পূব প্ৰান্তৰ ফ্ৰাঞ্চলৈ পলাবলগীয়া হৈছিল। বাটত তেওঁলোকে তুষাৰপাতৰ দ্বাৰা আক্ৰান্ত হৈ নিউমোনিয়াত পৰিছিল—ভোক আৰু অন্তহীন দুখৰতো কথাই নাছিল। হস্তক্ষেপ বিৰোধী চুক্তিৰ স্বাক্ষৰকাৰী হিচাপে, আৰু আনহাতেদি, সোঁপন্থীৰ আক্ৰমণৰ আশংকাত ভীতিগ্ৰস্ত হৈ, ফ্ৰাঞ্চৰ প্ৰধানমন্ত্ৰী লিও ব্লুমে শৰণাৰ্থীসকলক আশ্ৰয় দিবলৈ অস্বীকাৰ কৰাতেই ক্ষান্ত নাথাকি তেওঁলোকক গৰু-ম’হৰ পাল খেদা দি খেদি নি অসামৰিক বাহিনীৰ অস্থায়ী শিবিৰবোৰত ভৰাই থৈছিল। যিসকল শৰণাৰ্থীৰ ফ্ৰাঞ্চত পৰিয়াল-পৰিজন নাছিল, তেওঁলোকক পুনৰাই ফ্ৰেংকোৰ অধীনস্থ স্পেইনলৈ ওভতাই পঠিওৱা হৈছিল। খাবলৈ নাপাই, প্ৰচণ্ড শীতৰ কবলত পৰি, বেমাৰ-আজাৰত ভুগি হাজাৰ-হাজাৰজনে শিবিৰতে মৃত্যু বৰণ কৰিছিল। ফেব্ৰুৱাৰীৰ সাতাইছ তাৰিখে, ইংলেণ্ড আৰু ফ্ৰাঞ্চে স্পেইনৰ জাতীয়তাবাদী চৰকাৰক ৰাজহুৱাভাৱে স্বীকৃতি দিছিল, যি সিদ্ধান্তই শৰণাৰ্থীসকলক আৰু অধিক বিপদৰ মুখলৈ ঠেলি দিছিল।

১৯৩৯ চনৰ মাৰ্চৰ চাৰি তাৰিখে, চিলিৰ চিত্ৰকৰ লুই ৱাৰগাছ ৰোজেছে পেৰিছৰ পৰা এখন জৰুৰী চিঠি লিখি পাবলো নেৰুডাক এনেদৰে জনাইছিল :

“শিবিৰবোৰত ষোল্লশ বুদ্ধিজীৱী আছে। মাথোঁ চল্লিশ গৰাকীয়েহে শিবিৰ ত্যাগ কৰিছে। শিবিৰত্যাগীসকলৰ বেছিভাগেই সৰকি পলোৱা। তেওঁলোকৰ অৱস্থা বৰ দুখ লগা। তেওঁলোকলৈ অতি শীঘ্ৰে সহায়ৰ হাত বঢ়োৱাটো অত্যন্ত জৰুৰী হৈ পৰিছে….যদি চৰকাৰৰ বাবে আমোলাতন্ত্ৰই হেঙাৰ হৈ থিয় দিয়ে, ৰাইজৰ বৰঙণিৰে হ’লেও এই সতীৰ্থসকলক উদ্ধার কৰাটো নিশ্চিত কৰা। চিলিয়ে যথোচিত ব্যৱস্থা গ্ৰহণ কৰি অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব পাৰে। মই জানো যে তুমি মানৱতাৰ খাতিৰত, একাত্মবোধ আৰু সৌভ্ৰাতৃত্বৰ খাতিৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবা….’’।

নেৰুডাই চিত্ৰকৰগৰাকীৰ আহ্বানত প্ৰতি সঁহাৰি দিছিল। চিলিৰ সদ্যসমাপ্ত নিৰ্বাচনত পেদ্রো এগিৰে ছেৰ্দাই, সৰ্বমুঠ দুই লাখ বাইশ হাজাৰ সাতশ বিশটা ভোট পাই জয়লাভ কৰিছিল। বিৰোধী প্ৰাৰ্থীগৰাকীয়ে পাইছিল দুই লাখ ওঠৰ হাজাৰ ছশ নটা ভোট। অৰ্থাৎ এক শতাংশ ভোটৰ ব্যৱধানত এগিৰেই জিকিছিল। নেৰুডাই নতুন ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰাৰ বাবে গৈছিল; কাৰণ, এই নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক জয়যুক্ত কৰাৰ বাবে তেওঁ নিৰ্বাচনী প্ৰচাৰত দেহেকেহে লাগিছিল। এগিৰে ছেৰ্দাই উষ্ম আলিংগণেৰে নেৰুডাক আদৰিছিল আৰু স্পেনিছ শৰণাৰ্থীসকলক ওভতাই অনাৰ ক্ষেত্ৰত যথোচিত সহায় কৰিব বুলি আশ্বাস দিছিল।

ইতিমধ্যে মাদ্ৰিদত, দ্বিতীয় স্পেনিছ প্ৰজাতন্ত্ৰ ভাগি থানবান হৈছিল। সেই মুহূৰ্তত, আটাইতকৈ কম শাস্তি লভি কিদৰে বাচি যাব পাৰি, সেয়াই আছিল প্ৰজাতন্ত্ৰীসকলৰ সম্মুখত মূল প্ৰশ্ন। কিন্তু ফ্ৰেংকোৱে বিচাৰিছিল চৰ্তহীন আত্মসমৰ্পণ। সুদীৰ্ঘদিনীয়া অৱৰোধৰ পাছত, ১৯৩৯ চনৰ ২৮ মাৰ্চ তাৰিখে অৱশেষত, মাদ্ৰিদৰ পতন ঘটিছিল। তাৰ পাছদিনা ভেলেঞ্চিয়াৰো পতন হৈছিল। তাৰ পাছৰ দুদিনত, বাদ-বাকী সকলো প্ৰজাতন্ত্ৰীয়ে চৰ্তহীনভাৱে আত্মসমৰ্পণ কৰিছিল। ১৯৩৯ চনৰ এপ্ৰিল মাহৰ এক তাৰিখে, জেনেৰেল ফ্ৰেঞ্চিস্কো ফ্ৰেংকোৱে সমগ্ৰ স্পেইনত আধিপত্য কায়েম কৰি, জয়লাভ ঘোষণা কৰাত স্পেনিছ গৃহযুদ্ধৰ সমাপ্তি হৈছিল; যদিও তেওঁ কোনো আপোচ-মীমাংসালৈ আহিবলৈ চেষ্টা কৰা নাছিল। যিয়েই নহওক, ঐতিহাসিকভাৱে স্মৰণীয় এই দেশপ্ৰেমিক যুঁজত আদৰ্শবাদী শক্তিৰ বিকাশে যি সুমহান এখন জগতৰ সৃষ্টি কৰিছিল, আৰু য’ত নেৰুডা-দেলিয়াৰ আবিৰ্ভাৱৰ লগতে কিমান যে সুন্দৰ মানৱীয় চৰিত্ৰৰ চমকপ্ৰদ উত্থান ঘটাইছিল তাৰ লেখজোখ নাই; আৰু ফেচিষ্ট একনায়কজনে বুটজোতাৰে এই সকলোকে পদদলিত কৰি ১৯৭৫ চনৰ মৃত্যুৰ দিনালৈকে দেশখনক চূড়ান্ত দম্ভালিৰে শাসন কৰিছিল।

ফ্ৰেংকোৰ জয়লাভৰ পাঁচ দিন পাছত, চিলিৰ ৰাষ্ট্ৰপতি এগিৰে ছেৰ্দাই নেৰুডাক পূৰ্ণকালীন বাণিজ্যদূত হিচাপে পেৰিছত নিযুক্তি দিছিল—এইবেলি তেওঁ আৰু অবৈতনিক বাণিজ্যদূত নহয়। তেওঁ এতিয়া সন্তোষজনক দৰমহাৰে বৃত্তিধাৰী এগৰাকী উচ্চপদস্থ চাকৰিয়াল। ৰাষ্ট্ৰপতিৰ ভাষাত, “শৰণাৰ্থীসকলৰ অভিবাসনৰ দৰে এক মহৎ কাৰ্য্য সিদ্ধিৰ বাবে’’ তেওঁক নিযুক্তি দিয়া হৈছিল।

দেলিয়াই ইতিমধ্যে ছাণ্টিয়াগোত শৰণাৰ্থীসকলৰ বাবে কাপোৰ-কানিকে ধৰি অন্যান্য সামগ্ৰী গোটোৱা অভিযানত নামি পৰিছিল। সংগঠকসকলে ফিল্ম ফেষ্টিভেল, গ্ৰন্থমেলা, আৰু সংগীতানুষ্ঠান অনুষ্ঠিত কৰি টকা-পইচা সংগ্ৰহ কৰাত লাগিছিল। স্পেনিছ শৰণাৰ্থীসকলৰ সাহায্যৰ্থে গঠিত চিলিবাসী কমিটিৰ উদ্যোগত “পাবলো নেৰুডাৰ অট’গ্ৰাফ’’ৰ হাজাৰ-হাজাৰ কপি বিক্ৰী কৰা হৈছিল। ইয়াৰ পৰাই জনমানসত নেৰুডাৰ বৰ্ধিত গুৰুত্বৰ উমান পোৱা গৈছিল। উক্ত অট’গ্ৰাফৰ কপিত নেৰুডাৰ লেখা প্ৰকাশিত হৈছিল এইদৰে :

“স্পেইনৰ এনে দুৰ্দশাৰ সময়ত দক্ষিণ আমেৰিকাই সহায়ৰ হাত আগবঢ়োৱা উচিত। হাজাৰ-বিজাৰ স্পেইনৰ লোকক অমানৱীয় অসামৰিক শিবিৰবোৰত গৰু-ম’হৰ দৰে ৰখা হৈছে। সীমাহীন দুখ-দৈন্যৰ মাজত তেওঁলোকে দুৰ্বিসহ জীৱন কটাই আছে। আমি তেওঁলোকক আমাৰ ওচৰলৈ লৈ আনিম। ইউৰোপিয়ান ফেচিবাদৰ দ্বাৰা আক্ৰান্ত স্পেনীয়সকলক, চিলিয়ে তাইৰ মাটিত আশ্ৰয় দিয়াৰ বাবে দুৱাৰ উন্মুক্ত ৰাখিছে। এই মহান কৰ্মৰ বাবে আপোনালোকৰ পৰা সৰ্বোতপ্ৰকাৰৰ সহায় বিচাৰিছোঁ! স্পেনিয়াৰ্ডসকলক চিলিলৈ লৈ আনক!’’

১৯৩৯ চনৰ এপ্ৰিলৰ শেষৰ পিনে নেৰুডা আৰু দেলিয়াই ফ্ৰাঞ্চত উপস্থিত হৈ, চ্যেন নদীৰ বাঁওফালৰ এটি এপাৰ্টমেণ্টত থাকিবলৈ লৈছিল। তালৈ আহিয়েই নেৰুডাই বুজিছিল যে, ৰাজনীতি তেওঁৰ লক্ষ্যত অন্তৰায় হিচাপে দেখা দিব।

নেৰুডাই তেওঁৰ স্মৃতিকথাত লিখিছিল, “চিলিত নতুন প্ৰগতিবাদী ৰাষ্ট্ৰপতি আসীন হোৱাৰ পৰিপ্ৰেক্ষিতত, মোৰ দেশৰ ৰাজনৈতিক পৰিস্থিতি তথা চৰকাৰৰ পৰিবৰ্তন হৈছিল সঁচা; কিন্তু পেৰিছত থকা চিলিৰ ৰাষ্ট্ৰদূতৰ কাৰ্যালয়ত কোনো পৰিবৰ্তন সাধন হোৱা নাছিল। স্পেনিয়াৰ্ডসকলক চিলিলৈ লৈ যোৱাৰ সিদ্ধান্তই আমাৰ অৱক্ষয়ী কূটনীতিকসকলক অগ্নিশৰ্মা কৰি তুলিছিল। তেওঁলোকে পাকঘৰৰ কাষতে মোৰ অফিচটো পাতি দিছিল আৰু মোক সকলো ক্ষেত্ৰতে যিমান পাৰে হায়ৰান কৰিছিল, আনকি মোক লিখিবলৈকো কাগজ-পত্ৰ দিয়া নাছিল।’’

ইপিনে ৰাষ্ট্ৰপতি এগিৰে ছেৰ্দাৰো ৰং সলনি হ’ব ধৰিছিল। মে মাহৰ নেচনেল কংগ্ৰেছৰ বছৰেকীয়া ভাষণত তেওঁ, স্পেইনৰ ভগনীয়াসকলৰ বিষয়টো উল্লেখ কৰাৰ পৰা বিৰত আছিল। তেওঁ তেতিয়া সোঁপন্থীসকলৰ হেঁচাৰ পৰিপ্ৰেক্ষিতত মোৰ্চা চৰকাৰখনক বচোৱাক লৈ ব্যস্ত। সোঁপন্থীসকলে ভয় দেখুৱাইছিল যে, শৰণাৰ্থীসকলৰ আগমনৰ ফলত চিলি, কমিউনিষ্ট আৰু নৈৰাজ্যবাদীৰে ভৰি পৰিব। গতিকে নতুন ৰাষ্ট্ৰপতিয়ে সুৰ সলাবলৈ বাধ্য হৈছিল।

নেৰুডা ভয় খাই পিছুৱাই অহা ভকত নাছিল। ফ্ৰাঞ্চৰ কমিউনিষ্ট পাৰ্টিয়ে ‘উইনিপেগ’ নামৰ পুৰণি মালবাহী জাহাজ এখনক, স্পেনিছ প্ৰজাতন্ত্ৰলৈ অস্ত্ৰ-শস্ত্ৰ পঠিওৱা কামত ব্যৱহাৰ কৰিছিল। প্ৰজাতন্ত্ৰৰ পতনৰ পাছত, সেইখন এনেয়ে পৰি আছিল। চৰকাৰী অসহোযোগিতাৰ পটভূমিত, নেৰুডাই সেইখনেৰে শৰণাৰ্থীসকলক পানামা কেনেল হৈ ভেলপাৰাইজোলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছিল।

জাহাজখনত অস্থায়ী ৰূপত সমূহীয়া শয়নকক্ষৰ ব্যৱস্থা কৰা হৈছিল। কবিয়ে নিজেই, যাত্ৰীসকলৰ তালিকা প্ৰস্তুত কৰিছিল। সকলো প্ৰকাৰৰ শৰণাৰ্থীয়ে ফ্ৰেংকোৰ আমোলৰ পৰা পৰিত্ৰাণ পাবৰ বাবে চিলিলৈ যোৱাৰ বাবে আবেদন জনাইছিল। জুনৰ প্ৰথম ভাগত, ইউনাইটেড প্ৰেছে যুগুতোৱা তথ্য অনুসৰি, নেৰুডাই তেতিয়ালৈকে, দক্ষিণ আমেৰিকালৈ যাবলৈ ওলোৱা প্ৰায় দুহেজাৰ ভগনীয়াৰ তালিকা প্ৰস্তুত কৰিছিল। চিলিবাসীয়ে আশা কৰাতকৈ এই সংখ্যা বহুত বেছি আছিল, আৰু সোঁপন্থী ৰাজনীতিকসকলে সুযোগ বুজি শৰণাৰ্থীসকলৰ বোজা ল’বলৈ অস্বীকাৰ কৰি তীব্ৰ প্ৰতিবাদ ধ্বনিত কৰিছিল।

এনে পৰিস্থিতিত, বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী আব্ৰাহাম অ’ৰ্টেগাই, জুনৰ সোতৰ তাৰিখে এটি জৰুৰী কেবলবাৰ্তা নেৰুডালৈ পঠিয়াইছিল, যিটোৰ প্ৰতিলিপি আছিল এনেধৰণৰ:

“সংবাদপত্ৰৰ ভাষ্য অনুসৰি, দুহেজাৰ শৰণাৰ্থী আহিব ওলাইছে। এইমৰ্মে কমিটি গঠন কৰা হৈছে যদিও, শৰণাৰ্থীসকলৰ খোৱা-লোৱা আৰু থকাৰ ব্যৱস্থা এতিয়ালৈকে কৰা হোৱা নাই। গতিকে, বিভাগীয় মন্ত্ৰণালয়ৰ আগতীয়া অনুমতি অবিহনে শৰণাৰ্থীসকলক নপঠিয়াবলৈ সতৰ্ক কৰি দিয়া হ’ল। তাঁৰযোগে পঠিওৱা নিৰ্দেশাৱলী মানি চলিবলৈ হুকুম দিয়া হ’ল।’’  ~অ’ৰ্টেগা

এইদৰে, সোঁপন্থীসকলৰ ক্ৰমবৰ্ধমান হেঁচাৰ পৰিপ্ৰেক্ষিতত, ৰাষ্ট্ৰপতি এগিৰে ছেৰ্দাই সৰ্বশেষত, শৰণাৰ্থীসকলক দেশলৈ অনাৰ সমগ্ৰ নিৰ্দেশটোকে বাতিল কৰিছিল। দেলিয়াই এই ঘটনাক সুঁৱৰি কৈছিল, পাবলোৱে, “ৰাষ্ট্ৰপতিৰ এনে স্ববিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে জ্বলি-পকি কিবাকিবি কৈ মুখৰ ভিতৰতে ভোৰভোৰাইছিল। তেওঁ ৰাষ্ট্ৰপতিক তাঁৰবাৰ্তাযোগে জনাইছিল যে, যদি উইনিপেগক যাবলৈ দিয়া নহয়, তেওঁ নিজেই নিজক গুলীয়াই আত্মঘাতী হ’ব।’’ তেওঁ মন্ত্ৰী অ’ৰ্টেগাকো স্পষ্টকৈ কৈছিল যে, যি হয় হ’ব, তেওঁ কোনোপধ্যেই ৰাষ্ট্ৰপতিৰ নতুন নিৰ্দেশ নামানে। ৰাষ্ট্ৰপতিয়ে শেহত, সেও মানিবলৈ বাধ্য হৈছিল।

১৯৩৯ চনৰ আগষ্টৰ আৰম্ভণিতে, অস্থায়ী শিবিৰৰ সৰ্বমুঠ দুই হেজাৰ চাৰিজন আশ্ৰয় প্ৰাৰ্থীয়ে ’উইনিপেগ’ত উঠিছিল। এওঁlookৰ ভিতৰত বাৰশ সাতানব্বৈজন পুৰুষ আৰু তিনিশ সাতানব্বৈজনী মহিলা হোৱাৰ বিপৰীতে তিনিশ দহটা শিশু আছিল। পেছাত এওঁলোক আছিল—খেতিয়ক, মাছমৰীয়া, ৰান্ধনী, ৰুটি প্ৰস্তুতকাৰক, কমাৰ, ৰাজমিস্ত্ৰী, দৰ্জী, ইঞ্জিন ড্ৰাইভাৰ, মুচীয়াৰ, ইলেকট্ৰিচিয়ান, ডাক্তৰ, ইঞ্জিনিয়াৰ আৰু ফাৰ্মাচিষ্ট। যাত্ৰীৰ বাবে অনুপযোগী মালবাহী জাহাজখন যাত্ৰীৰে ঠাহ খাই পৰাত, এমাহ ধৰি যাত্ৰা কৰিবলৈ লোৱা যাত্ৰীসকলৰ অৱস্থা বৰ পুতৌ লগা হৈছিল।

নেৰুডাৰ এই মহৎ কামে আন্তৰ্জাতিক ক্ষেত্ৰতেও স্বীকৃতি লভিবলৈ সক্ষম হৈছিল: পৃথিৱীজুৰি বাতৰিকাকতবোৰে চিলিৰ “আগশাৰীৰ কবিজনাৰ’’ সাহসী কৰ্মকাণ্ডক ভূয়সী প্ৰশংসা কৰিছিল। নিউয়ৰ্ক ট্ৰিবিউনে নেৰুডাক দুঃসাহসিক অভিযানৰ কাণ্ডাৰী বুলি অভিহিত কৰি, বাতৰিৰ হেডলাইন লিখিছিল এইদৰে : “২০৭৮ জন স্পেনিছ শৰণাৰ্থীক বুকুত লৈ উইনিপেগ।’’ তাৰ পাছত কাকতখনে বৃত্তান্ত দাঙি ধৰি কৈছিল যে, জাহাজখনে আগষ্টৰ একৈছ তাৰিখে পানামা কেনেল অতিক্ৰম কৰিছিল আৰু ছেপ্টেম্বৰৰ তিনি তাৰিখে ভেলপাৰাইজোত উপস্থিত হোৱাত স্পেনিছ গৃহযুদ্ধৰ গানেৰে উষ্ম আদৰণি জনোৱা হৈছিল। শৰণাৰ্থীসকলৰ স্বাস্থ্যপাতিৰ বুজ ল’বলৈ অহা ডাক্তৰসকলৰ ভিতৰত ডাক্তৰ ছালভেদো আলিয়েন্দেও আছিল অন্যতম।’’

চিলি আহি পোৱাৰ পাছত, শৰণাৰ্থীসকলৰ থকামেলাৰ আৰু সংস্থাপনৰ ব্যৱস্থা তুলনামূলকভাৱে সহজে সমাপন হৈছিল। আশ্ৰয়প্ৰাৰ্থীসকলৰ শালীনতাপূৰ্ণ হাবভাৱ, তেওঁলোকৰ সজ আচৰণ আৰু কৰ্মচঞ্চলতাই চিলিৰ লোকৰ সহানুভূতি আৰু সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকৰ চালচলন আৰু কথাবতৰা ইমানেই সন্তোষজনক আছিল যে, সোঁপন্থীসকলে তেওঁলোকৰ আগমনক লৈ দেশজুৰি হুলস্থূল কৰাৰ আঁচনি পাঙিছিল যদিও, সেয়া কৰিব পৰা নাছিল। সেয়েহে, ৰাষ্ট্ৰপতি এগিৰে ছেৰ্দাই ফ্ৰাঞ্চত থকা নেৰুদাক দৌত্যকৰ্মৰ সফলতাৰ বাবে ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰি লিখিছিল : “অভাৱনীয়ভাৱে, উইনিপেগৰ আগমনে কোনো অপ্ৰীতিকৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি নকৰিলে।’’

এজন অভিবাসীয়ে নেঞ্চি কুনাৰ্ডক কৈছিল, “সন্মানকাৰে মুখত হাঁহি বিৰিঙাই তেওঁলোকে আমাক সম্ভাষণ জনাইছিল।’’ কুনাৰ্দে লিখিছিল, “ইয়াৰ বাবে প্ৰশংসাৰ একমাত্ৰ গৰাকী হ’ল পাবলো নেৰুডা।’’

এজন অভিবাসীয়ে স্মৃতিপটৰ পৰা কৈছিল, “এই যে দৃষ্টিভংগীৰ পৰিবৰ্তন, এয়া অতি আকৰ্ষণীয় নহ’লহেঁতেন; যদিহে আমাৰ দৰে অধঃপতিত কমিউনিষ্টসকলক, ধিকৃতসকলক, ভয়ানকসকলক, হত্যাকাৰীসকলক, মাপুছো ষ্টেছনত গণতন্ত্ৰ ৰক্ষাকাৰী বীৰ বুলি সন্মানিত কৰি অগণিত লোকে জয়ধ্বনি দি বিস্ময়কৰভাৱে গুণানুকীৰ্তন কৰি আমাক আদৰণি নজনালেহেঁতেন।’’

উইনিপেগ ভেলপাৰাইজোত উপস্থিত হোৱাৰ দিনাখন, দ্বিতীয় মহাযুদ্ধ আৰম্ভ হৈছিল। নাজীবাহিনীয়ে পোলেণ্ড আক্ৰমণ কৰাৰ প্ৰতিক্ৰিয়াস্বৰূপে ইংলেণ্ড আৰু ফ্ৰাঞ্চে জাৰ্মানীৰ বিৰূদ্ধে যুদ্ধ ঘোষণা কৰিছিল। চিলিয়ে নিৰপেক্ষ থকাৰ সিদ্ধান্ত লৈছিল।

নেৰুডাই আৰু কিছু শৰণাৰ্থীক লৈ যোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল। কিন্তু চিলিৰ চৰকাৰে ইয়াত বিধিপথালি দিছিল।

অক্টোবৰৰ বিশ তাৰিখে, মন্ত্ৰী অ’ৰ্টেগাই নেৰুডাক কেবলবাৰ্তাযোগে এইদৰে জনাইছিল : “গণমাধ্যমযোগে জানিব পৰা গৈছে যে, দুশ সত্তৰজন স্পেনিছ আশ্ৰয়প্ৰাৰ্থী জাহাজেৰে আহিবলৈ সাজু হৈছে। মই পূৰ্বৰ নিৰ্দেশক পুনৰুক্তি কৰি ক’ব বিচাৰিছোঁ যে, এতিয়া আৰু কোনো শৰণাৰ্থীকে গ্ৰহণ কৰা নহ’ব; কাৰণ, পৰিস্থিতি খুবেই সংকটজনক।’’

কিন্তু নেৰুডাই নিৰ্দেশ অমান্য কৰি চৰকাৰৰ ধৈৰ্যচ্যুতি ঘটাই, অকল স্পেইনৰে নহয়, বিভিন্ন দেশৰ শৰণাৰ্থীসকলক, বিশেষকৈ কমিউনিষ্টসকলক অনাৰ প্ৰয়াস কৰিছিল। দুসপ্তাহ পাছত, এনে উদ্ধাৰকাৰ্যৰ যতি পেলাবলৈ অ’ৰ্টেগাই নেৰুডাক পেৰিছৰ পৰা আঁতৰোৱাৰ মানসেৰে মেক্সিকোত অৱস্থিত চিলিৰ বাণিজ্যদূতৰ কাৰ্যালয়ত সচিব পদত নিযুক্তি দিছিল।

এইদৰে নেৰুডা যেতিয়া এগৰাকী মানৱদৰদী কবি হিচাপে উচ্চপ্ৰশংসিত হৈ বিপুল সমাদৰ লাভ কৰিছিল, বিসংগতিপূৰ্ণ যেন লাগিলেও তেতিয়া তেওঁ তেওঁৰ পূৰ্বৰ স্ত্ৰী মাৰুকা আৰু জীয়েকৰ দায়িত্ব ল’বলৈ অস্বীকাৰ কৰিছিল। মাক আৰু জীয়েক সেই সময়ত তেওঁৰ পৰা নাতিদূৰত হলেণ্ডতে আছিল। যি সময়ত অনেক বাধাবিঘিনি নেওচি, জীৱনত কেতিয়াও জনাশুনা নথকা অপৰিচিত লোকসকলক পাৰাপাৰহীন সাগৰ পাৰ কৰি চিলিলৈ নি সংস্থাপিত হোৱাত সহায় কৰিছিল, সেই একে সময়তে তেওঁ জীয়েক আৰু মাৰুকাৰ ক্ষেত্ৰত কিন্তু এগৰাকী দেউতাক আৰু পূৰ্বতন স্বামী হিচাপে নিম্নতম কৰ্তব্যখিনিকো পালন কৰা নাছিল। ৰুগীয়া মালভা মেৰিনাৰ যতন ল’বলৈ টকা বিচাৰি নিঃসহায় মাৰুকাই নেৰুডাক উপৰ্যুপৰি কাকূতি-মিনতি কৰিছিল যদিও, তেওঁ ইয়াক সমূলি আওহেলা কৰিছিল। উপায়হীন হৈ, অভাৱগ্ৰস্ত মাৰুকাই, জীয়েকক হলেণ্ডৰ গৌৰাত অৱস্থিত ইলেকট্ৰিচিয়ান এজনৰ দ্বাৰা পৰিচালিত অনাথ আশ্ৰমখনত থবলগীয়া হৈছিল।

১৯৩৯ চনৰ নভেম্বৰৰ ওঠৰ তাৰিখে, মাৰুকাই হেগৰ পৰা নেৰুডালৈ ইংৰাজী ভাষাত এখন মনকৰিবলগীয়া চিঠি লিখিছিল। হতাশা আৰু ব্যাকুলতাৰে ভৰা এই চিঠিখনে প্ৰতাৰণাৰ বলি হোৱা মাৰুকাৰ গভীৰ দুৰ্দশাৰ কথাকে ব্যক্ত কৰিছিল :

মোৰ মৰমৰ গাহৰি, আচৰিত হ’লেও সঁচা, তুমি যে আমাক কেনেকৈ অৱহেলা কৰি আছা— বিশেষকৈ এই কণমানি কেঁচুৱাটোক। মাহটোৰ ওঠৰ দিন পাৰ হ’ল যদিও, আজিলৈকে তোমাৰ পৰা টকা-কড়ি এটাও নাপালোঁ। মালভা মেৰিনাৰ অক্টোবৰ মাহৰ ভৰণ-পোষণৰ খৰচ নভেম্বৰ মাহৰ এক তাৰিখে দিবলগীয়া হৈছে। মোৰ সামান্য দৰমহাৰে মই মাথোঁ ইয়াৰ এটা অংশহে দিব পাৰিছোঁ; এতিয়া হতভগীয়া পৰিয়ালটোৱে বাকীখিনি পোৱাৰ নিমিত্তে অধীৰ আশাৰে বাট চাই আছে। সঁচাকৈয়ে কেনে নিলাজ তুমি! ….ভয়ানকভাৱে কেনে নিষ্ঠুৰ তুমি। গালি পাৰিবলৈকো মই ভাষা বিচাৰি পোৱা নাই! এয়াতো নহয় যে তোমাৰ টকা নাই, কাৰণ এতিয়াতো তোমাৰ আৰ্থিক অৱস্থা, তাহানিৰ চিলিত কটোৱা দিনবোৰতকৈ অধিক উন্নত…. যিয়েই নহওক, হে মৰমৰ গাহৰি (অস্পষ্টকৈ লিখা), শীঘ্ৰে মোলৈ টকা পঠিওৱাৰ ব্যৱস্থা কৰা, কাবৌ কৰিছোঁ, মোক আৰু অথাই সাগৰত নেপেলাবা। মই সংসাৰৰ সকলো দুখ কঢ়িয়াই কঢ়িয়াই ইমানেই বিপৰ্যস্ত হৈ পৰিছোঁ যে, মই মোৰ চুলিবোৰ হেৰুৱাব ধৰিছোঁ। মোৰ চুলিৰ অৱস্থা দেখি, নাপিতজনেও উচপ খাই কৈছে, “নাই, এই চুলি আৰু ঠিক নহয়’’…. মালভিনাই তাইৰ দেউতাকলৈ বহুতো চুমা আৰু মৰম পঠিয়াইছে। আৰু ময়ো।

তোমাৰ, গাহৰি।

Leave a Reply

Your email address will not be published. Required fields are marked *