দাঁতৰ পোক আৰু ভ্ৰান্ত ধাৰণা -(পল্লৱী কাঠকটীয়া)
আমাৰ সমাজত শাৰীৰিক ৰোগক লৈ এতিয়াও বহুতো ভ্রান্ত ধাৰণা আছে, অবৈজ্ঞানিক ধাৰণা কিছুমানৰ দ্বাৰা এচামে ব্যৱসায় চলাই আছে। দাঁতৰ বিষ হ’লে,ক’লা পৰিলে,বগা অংশ ভাঙিলে পোকে খোৱা বুলি সেই পোক মাৰিবলৈ বা বাহিৰলৈ উলিয়াই আনিবলৈ বহুতে বেজৰ ওচৰলৈ যায়।সেই নাম থকা বেজজনেও মানুহজনৰ সন্মুখত দাঁতৰ পৰা পোক উলিয়াই দেখুৱাই দিয়ে আৰু আমি বিশ্বাস কৰি লও। কিন্তু এইবোৰ কিমান সত্য তাক লৈ মানুহৰ মাজত জনসচেতনতা যিমান হ’ব লাগিছিল সিমান সিমান হোৱা নাই।
আমি যদি ডাক্তৰৰ ওচৰলৈ যাওঁ তেন্তে আমাক এই কথা নিশ্চয় বুজাই দিব যে দাঁতত কেতিয়াও পোক থাকিব নোৱাৰে। তেনে হোৱাহেঁতেন আমি আগে পাছেও সেই পোক নিজেই দেখিলোঁহেঁতেন। এক কথাত ক’বলৈ গ’লে এচিড বা অম্লই হ’ল দাঁতৰ ফুটা বা ক্ষয় সৃষ্টি কৰাৰ বাবে দায়ী। আহাৰ খোৱাৰ পিছত প্ৰতিবাৰেই মুখ পৰিষ্কাৰকৈ নুধুলে কিছুমান খাদ্য কণিকা আমাৰ দাঁতৰ ফাঁক আৰু গুৰিবোৰত লাগি থাকে। অৱশ্যে আমাৰ মুখৰ ভিতৰত নানা ধৰণৰ অণুজীৱ থাকিলেও এইবোৰ ইমানেই ক্ষুদ্র যে ইহঁতক খালি চকুৰে দেখা পোৱা নাযায়, অণুবীক্ষণ যন্ত্ৰৰ সহায়ত হে দেখা যায়। এই অণুজীৱবোৰে (Lactobacillus acidophillus, Lactobacillus odoltolyticus, Lactobacillus fermentii,Aciduric streptococci) প্ৰত্যক্ষভাৱে ক্ষতি নকৰে যদিও ইহঁতে খাদ্য কণিকাৰ শৰ্কৰা অংশক যেনে ভাত, ৰুটি, চেনি, চকলেট, মিঠাই আদি ভাঙি এচিড উৎপন্ন কৰে। দাঁতৰ বাহিৰৰ চকচকীয়া বগা টান অংশটোক এনামেল বুলি কোৱা হয়। এই এনামেলে ভিতৰৰ তুলনামূলকভাৱে কোমল অংশটোক চাৰিওফালৰ পৰা আৱৰি ৰাখি বাহিৰৰ আঘাতৰ পৰা ৰক্ষা কৰে। এই কঠিন অংশটোৱে টান খাদ্য চোবাই গুৰি কৰিব পাৰে। কিন্তু এচিডে এই কঠিন অংশটোকে নষ্ট কৰি ফুটা বা গুৰি কৰি পেলায়। প্ৰথম অৱস্থাত এই ৰোগ ধৰিব নোৱাৰি, কিন্তু লাহে লাহে দাঁত ক্ষয় যাবলৈ ধৰে, ৰং সলনি হয় আৰু যন্ত্ৰণাদায়ক বিষৰ সৃষ্টি হয়।
মন কৰিবলগীয়া কথাটো হ’ল যে যদিহে দাঁতত পোক নেথাকেই তেন্তে বেজে মুখৰ ভিতৰৰ পৰা উলিয়াই দিয়া পোকবোৰ কি আৰু ক’ৰ পৰা ওলায়? ই হৈছে একপ্ৰকাৰৰ যাদু খেল। কিছুমানে কলগছৰ গুৰিৰ শিপা অলপ আনি গালত লগাই দিয়ে আৰু কিছুসময়ৰ পাছত তাৰ পৰা পোক কিছুমান ওলাই আহে। সেই পোকবোৰ কলগছত আগৰে পৰা থকা পোক। কিছুমানে আকৌ পুৰণা চাউল বা গোবৰৰ দ’ম আদিত থকা পোক উলিয়াই লৈ আঙুলিৰ ফাঁকত লুকুৱাই ৰাখি কাঠীৰ আগত থৈ পাছত সেইবোৰকে দাঁতৰ পোক বুলি কয়। কেতিয়াবা সস্তীয়া দাঁত মজা পাউদাৰ বিক্রী কৰা এজেন্টবোৰে কোমোৰাৰ গুটিকো পোক হিচাপে দেখুৱায়। সিহঁতে কোমোৰাৰ গুটিৰ ওপৰৰ টান বাকলিটো গুচাই ভিতৰৰ কোমল শাহ অংশটোক ব্লেদেৰে সৰু সৰুকৈ কাটি ৰ’দত শুকুৱাই লয়।এইবোৰ যেতিয়া বগা দন্ত মঞ্জনৰ লগত মিহলোৱা হয় আৰু মানুহে মুখৰ ভিতৰত ভৰালে সৰু সৰু অংশবোৰ উষ্ণ লালটিৰ সংস্পৰ্শলৈ আহি ফুলিবলৈ ধৰে আৰু থুৰৰ মাজতে এইবোৰে অলপ লৰচৰ কৰে। এনেকৈ আৰু বিভিন্নজনে ভেল্কীবাজিৰে দাঁতৰ পোক উলিয়াই ব্যৱসায় চলাই আছে। লেখক লক্ষেশ্বৰ ৰায়ে তেওঁৰ “ভ্ৰান্তি বিলাসৰ পৰা কেতিয়া মুক্ত হ’ম” গ্ৰন্থখনত শৰীৰ সম্পৰ্কে কৰা অন্ধবিশ্বাসৰ আৰু বহুতো উদাহৰণ দাঙি ধৰিছে। এনে ধৰণৰ ভ্রান্ত ধাৰণা বোৰৰ বাবে স্বাস্থ্যৰ গতি বেয়া হোৱাৰ লগতে নিজেই নিজক মৃত্যুৰ মুখলৈ ঠেলি দিয়া হয়। গতিকে আমাৰ সমাজত সচেতনতা বৃদ্ধি কৰি কথাবোৰ বুজাই দিয়াটো খুবেই গুৰুত্বপূৰ্ণ।