নিবন্ধবিবিধ চিন্তা

গ্রন্থ-পৰিচয় : জছনাৰ ঝিটাছ (শ্ৰাৱৰ্ণা শৰ্মা)

অৰূপা পটঙ্গীয়া কলিতাৰ এখন খুব সৰল ভাষাত ৰচিত উপন্যাস হৈছে “জছনাৰ ঝিটাছ“। ব্ৰিটিছৰ কালত স্থানীয়লোকৰ ওপৰত চলা শাসনক ভিত্তি কৰি লিখা গ্ৰন্থখন প্ৰকাশ কৰিছে “চন্দ্ৰ প্ৰকাশনে”। উপন্যাসখমিত লেখিকাগৰাকীয়ে বগা চাহাব আৰু চাহবাগানৰ বনুৱাসকলৰ মাজৰ পাৰ্থক্যৰ ৰেখাডাল খুব স্পষ্টকৈ বৰ্ণনা কৰিছে। অসমৰ চাহবাগানত কাম কৰিবলৈ লৈ অনা বিভিন্ন ৰাজ্যৰ আদিবাসী লোকসকলৰ মাজত আছিল দুৰ্গী ভূমিজ আৰু তেওঁৰ স্বামী দচাৰু। স্বামীৰ মৃত্যুৰ পিছত বগা চাহাবৰ ৰক্ষিতা হিচাপে থাকি তিনিটা দুভচিয়া সন্তানৰ মাতৃ হোৱা দুৰ্গী এসময়ত হৈ পৰিছিল স্বাধীনতা আন্দোলনৰ সেনানী। চাহাবৰ প্ৰতি থকা ক্ৰোধ আৰু ঘৃণা ভাবে দুৰ্গীক এগৰাকী কংগ্ৰেছৰ ভলণ্টিয়াৰ হিচাপে ৰূপান্তৰিত হোৱাত প্ৰেৰণা যোগাইছিল। চাহাবসকলৰ মাজত চলা ষড়যন্ত্ৰ ফাদিল কৰা দুৰ্গী নিজৰ ৰাজ্য আৰু জাতিৰ হকে অৱশেষত ব্ৰিটিছৰ গুলীত প্ৰাণ আহুতি দিছিল।

উপন্যাসখনৰ জৰিয়তে ব্ৰিটিছৰ শাসনকালত সংঘটিত হোৱা অন্যান্য অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্তনসমূহৰো সুস্পষ্ট ইংগিত পোৱা যায়। অসমৰ চাহপাত উচ্চ দৰত বিদেশত বিক্ৰী কৰা আৰু বিদেশৰ নানাধৰণৰ সামগ্ৰী জাহাজত আনি অসমত উপলব্ধ কৰোৱাৰ মনোগ্রাহী বৰ্ণনাই এক যুগান্তকাৰী অৰ্থনৈতিক বিকাশৰ উমান দিয়ে। ঘন অৰণ্যৰে পৰিপূৰ্ণ, ৰসাল ভূমিৰ অসম দেশক কেনেধৰণে ব্ৰিটিছে নিজৰ স্বাৰ্থত এখন স্বৰ্ণখনিলৈ ৰূপান্তৰ কৰিছিল, সেই সম্পৰ্কেও বহুখিনি বৰ্ণনা সুন্দৰভাৱে প্ৰকাশ পাইছে উপন্যাসখনিত। তদুপৰি, তেনে পৰিৱৰ্তনৰ পাৰ্শ্বপৰিণতি হিচাপে ব্ৰিটিছৰ তত্ত্বাৱধানত চাহবাগিচাৰ বনুৱাসকলৰ বাবে যে স্বাস্থ্যকেন্দ্ৰ, বিশুদ্ধ খোৱা পানী আৰু বিদ্যালয়সমূহ নিৰ্মাণ কৰা হৈছিল, তাৰো সাক্ষ্য উপন্যাসখনিয়ে বহন কৰিছে।

জছনাৰ ঝিটাছৰ ভাষা অতি সহজ-সৰল, মনোগ্রাহী আৰু প্রাঞ্জল। দুৰ্গী ভূমিজ অৰ্থাৎ নায়িকাৰ মনৰ ভাবসমূহ চাহ জনগোষ্ঠীয় ভাষাত পংক্তি হিচাপে ৰচনা কৰাৰ বাবে সেই ভাষাৰ এক খুব সুন্দৰ চানেকী উপন্যাসখনিত পাঠকে লাভ কৰিব। লেখিকা অৰূপা পটঙ্গীয়া কলিতাই ক্ষুদ্ৰ ক্ষুদ্ৰ ঘটনাৰ যি বিস্তৃত বিৱৰণ দাঙি ধৰিছে, সেইসমূহে যিকোনো সংবেদনশীল পাঠকৰ মনত কাহিনীটিৰ এখন সম্পূৰ্ণ জীৱন্ত ছবি অংকন কৰি যাবলৈ নিখুঁত বুলি প্রতীয়মান হ’ব।

লেখিকা অৰূপা পটঙ্গীয়া কলিতাৰ অসমীয়া সাহিত্যত থকা অৱদানখিনি অতুলনীয়। জছনাৰ ঝিটাছ উপন্যাসখন সমাজৰ প্ৰত্যেক শ্ৰেণীৰ পাঠকৰ বাবে এখন উপযুক্ত গ্ৰন্থ। এই উপন্যসখন সাহিত্যপ্ৰেমীসকলৰ মাজত বহুলভাৱে প্ৰচাৰ হব বুলি আশা ৰাখিলোঁ। মুঠ ৪‌৮২ পৃষ্ঠাৰ এই বিশাল উপন্যাসখনৰ প্রথম প্রকাশ ২০২২ চন, মূল্য ৪০০ টকা।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *