নিবন্ধবিজ্ঞান-প্ৰযুক্তি

ডায়েবেটিছ ৰোগৰ হাতপুথি (ষষ্ঠ অংশ)— (ডা: কুঞ্জন শইকীয়া)

(প্ৰথম অংশটি পঢ়িবলৈ ইয়াতে টিপক, দ্বিতীয় অংশটোৰ বাবে ইয়াতে টিপক, তৃতীয় অংশটি পঢ়িবলৈ ইয়াতে টিপক, চতুৰ্থ  অংশটি পঢ়িবলৈ ইয়াতে টিপক, পঞ্চম অংশটো প‌ঢ়িবলৈ ইয়াতে টিপক)

ইনচুলিন লোৱাৰ সঠিক পদ্ধতি আৰু ইনচুলিনৰ ব্যৱহাৰৰ বাবে কিছু পৰামৰ্শ

সকলো ডায়েবেটিছ ৰোগীয়ে ইনচুলিনৰ বাবে ভয় কৰে। কিন্তু এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত ইনচুলিনৰ ভূমিকা আগতে কৈ অহাৰ দৰে সঞ্জীৱনীৰ দৰে। ইয়াক সেয়ে লওঁতে শুদ্ধ পদ্ধতিৰে ল’ব লাগে যাতে গ্লুকজৰ মাত্ৰা উপযুক্তভাৱে নিয়ন্ত্ৰিত হয় আৰু লওঁতে অকণো দুখ নেপায়। ইয়াত এই ইনচুলিন লোৱাৰ সঠিক পদ্ধতি বৰ্ণনা কৰা হৈছে আৰু ইয়াৰ উৎস হৈছে FORUM FOR INJECTION TECHNIQUE (FIT) INDIA-ৰ দ্বাৰা প্ৰকাশিত নিয়মাৱলী।
ইনচুলিন কেনেকৈ থ’ব লাগে
(ক) প্রত্যেক ইনচুলিনৰ লগতে একোখন নির্দেশপত্র থাকে য’ত সেই ইনচুলিন কেনেকৈ থ’ব লাগে তাৰ নিয়ম উল্লেখ কৰা থাকে। এই নিৰ্দেশসমূহৰ মতে ইনচুলিন ৰখাৰ ব্যৱস্থা কৰিব লাগে।
(খ) সদায় আন্ধাৰ আৰু ঠাণ্ডা ঠাইত ইনচুলিনৰ বটল বা কলমসমূহ ৰাখিব লাগে। ব্যৱহাৰ কৰি থকা ইনচুলিনৰ বটল বা কলম ফ্ৰীজত ৰখাৰ প্ৰয়োজন নাই। ১৫°-২৫°C ৰূমৰ উত্তাপত ব্যৱহাৰ কৰি থকা ইনচুলিন ৩০ দিনলৈ ভালে থাকে।
(গ) ব্যৱহাৰ নকৰা ভৱিষ্যতৰ ব্যৱহাৰৰ বাবে ৰখা ইনচুলিনৰ বটল আৰু কলমত লগোৱা কার্টিজসমূহ ফ্ৰিজত থ’ব লাগে কিন্তু ফ্ৰিজাৰত থ’ব নেলাগে। যিবোৰ কলম এবাৰহে ব্যৱহাৰ কৰিব পাৰি আৰু আগৰে পৰা ভৰ্তি হৈ থাকে (PREFILLED) সেই কলমসমূহ বেজীটো ওপৰমুৱাকৈ ৰাখি থ’ব লাগে। (ঘ) ভিতৰুৱা অঞ্চলত বা যাৰ ফ্ৰিজৰ সুবিধা নাই তেওঁলোকে ইনচুলিনৰ বটল বা কলম (ব্যৱহাৰ নকৰা) এটা প্লাষ্টিকৰ বেগত ৰবৰেৰে বান্ধি বহল মুখৰ বটল বা মাটিৰ কলহত পানীত ভৰাই তাৰ ভিতৰত ৰাখি থ’ব লাগে।
(ঙ) যি ইনচুলিন ব্যৱহাৰ কৰি থকা হৈছে তাক কেতিয়াও ৰ’দৰ পোহৰত, পাকঘৰত, বন্ধ গাড়ীত বা টেলিভিছনৰ ওপৰত ৰাখি থ’ব নেলাগে।
ইনচুলিন কেনেকৈ বজাৰত পোৱা যায়
(ক) ইনচুলিন বটলত পোৱা যায় যাক VIAL বুলি কোৱা হয়। কলমৰ ৰূপতো ইনচুলিন থাকে আৰু এইবোৰক ইনচুলিন PEN বুলি কয়।
(খ) VIAL-ত থকা ইনচুলিন দুটা জোখত আহে U-100 আৰু U-40। ইনচুলিনৰ চিৰিঞ্জবোৰ যাক ভায়েলৰ সৈতে ব্যৱহাৰ কৰা হয় সেইবোৰো আহে U-40 আৰু U-100-ৰ। এটা সাৱধান হ’ব লগা কথা হ’ল যে U-40 ইনচুলিন চিৰিঞ্জ U-40 ভায়েলৰ সৈতে আৰু U-100 ইনচুলিন চিৰিঞ্জ U-100 ভায়েলৰ লগতহে ব্যৱহাৰ কৰিব লাগে। নহ’লে ইনচুলিনৰ পৰিমাণৰ খেলি-মেলি হ’ব।
(গ) ইনচুলিনৰ চিৰিঞ্জত থকা বেজীটো বেলেগ বেলেগ জোখৰ থাকে। এই বেজীসমূহৰ দৈৰ্ঘ্য এনেধৰণৰ হয়— ৬ মিলিমিটাৰ, ৮ মি.মি. আৰু ১২.৭ মি.মি.। ইনচুলিনৰ কিমান পাতল বেজী হয় সেই কথা নিৰ্ভৰ কৰে বেজীটোৰ GAUGE-ৰ ওপৰত। ইনচুলিন চিৰিঞ্জৰ বেজী ২৯, ৩০ আৰু ৩১ এই তিনিটা GAUGE-ত পোৱা যায়। GAUGE যিমান বেছি হয় সিমানে বেজীটো পাতল হয়। গতিকে ২৯ সবাতোকৈ মোটা আৰু ৩১ পাতল বেজী।
(ঘ) ইনচুলিনৰ কলমৰ ক্ষেত্ৰত দেখা যায় যে ইয়াক দুইধৰণে বজাৰত পোৱা যায়; এবিধত ইনচুলিন এবাৰহে ব্যৱহাৰ কৰিব পাৰি আৰু শেষ হ’লে কলমডাল পেলাই দিব লাগে। ইহঁত হ’ল ডিছপজ্যেবল ইনচুলিন পেন (DISPOSABLE INSULIN PEN)। আনবিধত কলম একেডাল থাকে আৰু ইয়াত ইনচুলিনক ৰিফিল বা কার্টিজৰ ৰূপত শেষ হ’লে ভৰাই থাকিব পাৰি। এয়া হ’ল REUSABLE INSULIN PEN।
(ঙ) ইনচুলিন পেনৰ বেজীটো পোৱা যায় ৪, ৫, ৬ আৰু ৮ মিলিমিটাৰ জোখত। GAUGE হ’ল ৩০, ৩১ আৰু ৩২। গতিকে পেনৰ বেজীৰ ইনচুলিন চিৰিঞ্জৰ বেজীতকৈ বেছি সৰু আৰু মিহি হ’ব পাৰে।
বেজীৰ দৈৰ্ঘ্য
ইনচুলিন দিয়া হয় দেহৰ চৰ্বীত। মানুহৰ শৰীৰৰ ছালৰ বাহিৰৰ পৰা ভিতৰলৈ দুটা অংশ থাকে—EPIDERMIS আৰু DERMIS। ভিতৰৰ DERMIS-ৰ তৰপৰ তললৈ থাকে চৰ্বীৰ তৰপ। ইয়াৰ তললৈ থাকে মাংসপেশী। ইনচুলিন দিয়াৰ উদ্দেশ্য হ’ল বেজীটো দুখ নোপোৱাকৈ এই চৰ্বীৰ তৰপত সংস্থাপন কৰা। এই চৰ্বীৰ ওপৰৰ ছালখন ২.২ মি.মি. মানহে ডাঠ থাকে। গতিকে চৰ্বীৰ তৰপত প্ৰৱেশৰ বাবে বৰ দীঘল বেজীৰ প্ৰয়োজন নাই। সেয়ে ৪ ৰ পৰা ৬ মি.মি. বেজীয়েই যথেষ্ট হয়। সৰু ল’ৰা-ছোৱালী আৰু খীণ ব্যক্তিৰ বাবে ৪ মি.মি. উপযুক্ত কাৰণ এনে ক্ষেত্ৰত বেছি দীঘল বেজীয়ে চৰ্বীৰ তৰপ পাৰ হৈ গৈ মাংসপেশীত প্ৰৱেশ কৰিব পাৰে।
ইনচুলিন লোৱাৰ আগতে কৰণীয়সমূহ

(ক) ইনচুলিনৰ ভায়েল আৰু কলমৰ ৰিফিলৰ এক্সপাইৰী তাৰিখ চাই ল’ব লাগে (নতুনকৈ ব্যৱহাৰ কৰিবলৈ লওঁতে)।
(খ) ভিতৰৰ ইনচুলিনখিনি ঠিকে আছে নে নাই চাই ল’ব লাগে। যিবোৰ ইনচুলিন Clear বা Soluble ইনচুলিন, সেইবোৰ চাফা আৰু বৰণবিহীন হয় আৰু CLOUDY ইনচুলিনসমূহ গাখীৰৰ দৰে বা ডাৱৰৰ দৰে হয়।
(গ) যিবোৰ ইনচুলিন CLOUDY হয় সেইবোৰ লোৱাৰ আগতে সদায় হাতৰ মাজত লৈ কাষৰ চিত্ৰত দেখুৱাৰ দৰে ঘূৰাই আৰু লাহে লাহে তল-ওপৰ কৰি মিলাই ল’ব লাগে। লক্ষ্য ৰাখিব লাগে যাতে ইনচুলিনখিনি ভালকৈ মিহলি হৈ পৰে। এই কথাও চাব লাগে যাতে হাতেৰে খুব জোৰেৰে জোকাৰি ইনচুলিনখিনি মিহলি কৰিব নেলাগে। ধীৰ গতিৰে হাতেৰে ঘূৰোৱা আৰু ওপৰ-তল ২০-বাৰ কৰিব লাগে যাতে ইনচুলিনৰ ৰং গাখীৰৰ দৰে বগা হৈ পৰে। (ঘ) ফ্ৰিজত থকা ইনচুলিন লোৱাৰ আধা ঘণ্টা আগতে উলিয়াই থ’ব লাগে।
(ঙ) ইনচুলিন লোৱাৰ আগতে ভালদৰে হাত ধুই ল’ব লাগে।


(চ) VIAL আৰু চিৰিঞ্জৰ ক্ষেত্ৰত তলত দিয়া ক্ৰম মতে ল’ব লাগে।
(১) ইনচুলিনৰ ভায়েলৰ ওপৰৰ ঠিলাটো এলকহলৰ ছোৱাবেৰে (ALCOHOL SWAB) ভালদৰে চাফা কৰি ল’ব লাগে।
(২) ছিৰিঞ্জত বতাহ টানি ল’ব লাগে, ল’ব খোজা ইউনিটৰ দাগলৈকে।
(৩) ইনচুলিনৰ ছিৰিঞ্জৰ ভায়েলৰ ৰবৰৰ ঠিলাটো ৯০কোণত ভেদ কৰি বতাহখিনি ভায়েলৰ ভিতৰলৈ সুমুৱাই দিব লাগে।
(৪) বটলটো এতিয়া ওলোটাকৈ ঘূৰাই লৈ অর্থাৎ ৰবৰৰ মুখখন তললৈ আৰু ভায়েলৰ তলৰ ভাগ ওপৰলৈ কৰি ইনচুলিনখিনি ছিৰিঞ্জেৰে টানি নিব লাগে।


(৫) নিৰ্দিষ্ট পৰিমাণৰ ইনচুলিনখিনি টানি লোৱাৰ পাছত ছিৰিঞ্জটো ওপৰমূৱাকৈ ৰাখি থৈ ভায়েলৰ পৰা উলিয়াই আনিব লাগে আৰু ছিৰিঞ্জত কেনেবাকৈ বতাহৰ উপস্থিতি বা এয়াৰ বাবল (AIR BUBBLE) আছে নেকি ভালদৰে চাব লাগে। যদি থাকে তেন্তে ইনচুলিনখিনি আৰু অলপ বেছিকৈ টানি লৈ এই বায়ুৰ বাষ্পসমূহ ভিতৰলৈ ঠেলি দিব লাগে।
(৬) ইয়াৰ পাছত ছিৰিঞ্জেটো সাৱধানে টেবুলত থ’ব লাগে যাতে বেজীটোৱে টেবুলখন স্পৰ্শ নকৰে।
(৭) ইনচুলিন ল’বলৈ সাজু হ’ব লাগে আৰু শৰীৰৰ য’ত ইনচুলিন ল’ব সেই অংশ এলকহলৰ ছোৱাবেৰে চাফা কৰি ল’ব লাগে। চাফা কৰোতে গোটেই জেগাডোখৰ ঘূৰণীয়াকৈ কেন্দ্ৰৰ পৰা বাহিৰলৈ চাফা কৰি যাব লাগে। ইনচুলিন লোৱাৰ আগতে জেগাডোখৰ শুকুৱাই ল’ব লাগে; অলপ সময় অপেক্ষা কৰিলে তিতা অংশখিনি নিজে নিজে শুকাই যায়।


(৮) বুঢ়া আঙুলি আৰু তর্জনী আঙুলিৰে ছালখন লাহেকৈ ধৰি উঠাই ছিৰিঞ্জটো ৯০ কৈ ল’ব লাগে আৰু ইনচুলিনখিনি চৰ্বীৰ তৰপলৈ লাহে লাহে ঠেলি দিব লাগে।
(৯) ইনচুলিন গোটেইখিনি প্ৰৱেশ কৰাৰ পাছতো ছালৰ তৰপটো ধৰি থাকিব লাগে। মুখেৰে ১০-লৈকে গন্তি কৰি ইনচুলিনৰ ছিৰিঞ্জ তাৰ পাছতহে উলিয়াই আনিব লাগে। ছিৰিঞ্জটো ওলাই অহাৰ পাছত উঠাই লোৱা ছালডোখৰ এৰি দিব লাগে।
(১০) বেজী লোৱা জেগাডোখৰ মোহাৰি দিব নেলাগে। এলকহলৰ ছোৱাবডোখৰ বেজী লোৱা জেগাত লগাব লাগে।
(১১) ব্যৱহাৰ কৰা বেজীটো গুচাই প্লাষ্টিকৰ বা ধাতুৰ পাত্ৰত ভালকৈ ঢাকনি মাৰি থ’ব লাগে আৰু পাছত ধ্বংসৰ বাবে ব্যৱস্থা কৰিব লাগে।(

ছ) ইনচুলিন পেনৰ ক্ষেত্ৰত একে পদ্ধতিৰে অনুসৰণ কৰা হয়।

(১) যদি ইনচুলিনটো বগা ৰঙৰ আৰু ডাৱৰৰ দৰে হয় তেন্তে কলমডাল হাতৰ মাজত লৈ ঘূৰাই ল’ব লাগিব আৰু লাহে লাহে ওপৰ তল কৰি ল’ব লাগিব।
(২) ইনচুলিনৰ পেনত বেজী নতুনকৈ লগাই ল’ব লাগিব।
(৩) নতুনকৈ ব্যৱহাৰ কৰিবলৈ লোৱা ইনচুলিন পেনৰ প্ৰথম কিছু অংশ পেলাই ল’ব লাগে। ইয়াক PRIMING কৰা বুলি কোৱা হয়। ইয়াৰ বাবে ২ ইউনিট ইনচুলিন কলমত ডায়েল কৰি পেলাই দিব লাগে বাহিৰত। তাৰ পাছতহে ল’ব লগা ইনচুলিনৰ DOSE-টো মিলাই ল’ব লাগে। এই PRIMING অকল নতুনকৈ ইনচুলিনৰ কলম বা ৰিফিল ব্যৱহাৰ কৰাৰ সময়তহে কৰা হয়, পাছত নালাগে।
(৪) ইনচুলিনৰ বেজী ৯০ কোণত লৈ চর্বীত সুমুৱাই দি ইনচুলিনখিনি ভিতৰলৈ ঠেলি দিব লাগে।

(৫) সচৰাচৰ ইনচুলিন দিয়াৰ সময়ত চৰ্বীৰ তৰপটো উঠাই লোৱাৰ প্রয়োজন নহয়। অতি ক্ষীণ দেহৰ মানুহ যাৰ গাত চৰ্বীৰ পৰিমাণ তেনেই কম, তেনে লোকৰ ক্ষেত্ৰত চৰ্বীখিনি বুঢ়া আঙুলি আৰু তর্জনী আঙুলিৰ মাজত ধৰি থ’ব লাগে আৰু বেজীটো উলিয়াই ননালৈকে তাক ধৰি থ’ব লাগে।
(৬) গোটেইখিনি ইনচুলিন ভিতৰলৈ যোৱাৰ পাছত বেজীটো ১০ ছেকেণ্ডকৈ ভিতৰতে ৰাখি থ’ব লাগে। ইনচুলিনৰ পৰিমাণ বেছি হ’লে আৰু বেছি দেৰিলৈকে ৰাখি থ’ব লগা হ’ব পাৰে।
(৭) ইনচুলিন দিয়াৰ পাছত বেজীটো কলমত লগাই নেৰাখি এৰুৱাই থ’ব লাগে। এটা বেজী অকল এবাৰহে ব্যৱহাৰ কৰিব লাগে।

ইনচুলিন ক’ত লোৱা উচিত


(ক) সকলোতকৈ সুবিধাজনক আৰু ভাল জেগা ইনচুলিনৰ বাবে হ’ল পেটৰ চৰ্বী। নাড়ীটোৰ দুকাষে ৫ ছে.মি. আৰু ইয়াৰ ওপৰৰ ২.৫ ছে.মি. আৰু তলৰ ২.৫ ছে.মি.-ৰ ভিতৰত ইনচুলিন ল’ব পাৰি।


(খ) হাতৰ পিছফালে কিলাকুটি আৰু কান্ধৰ মাজৰ ঠাইডোখৰৰ চর্বী অংশতো ইনচুলিন ল’ব পাৰি।
(গ) তপিনাৰ আগফালে আৰু কাষলৈও ল’ব পাৰি।
(ঘ) কঁকালৰ তললৈ আৰু কাষলৈ চৰ্বী থকা অংশ ইনচুলিন লোৱাৰ বাবে উপযোগী। এই ঠাইসমূহৰ ভিতৰত ইনচুলিন সকলোতকৈ ভালকৈ দেহৰ ভিতৰলৈ প্ৰৱেশ কৰে পেটৰ চৰ্বীৰ পৰা। তাৰ পাছত আহে হাতৰ পিছফালৰ অংশ, তপিনা আৰু শেষত কঁকালৰ তলৰ অংশ।
ইনচুলিনৰ বাবে ব্যৱহাৰ কৰা জেগাবোৰ সলাই থাকিব লাগে


একেডোখৰ জেগাতে লৈ থাকিলে ইনচুলিন বেজীয়ে সেই ঠাইডোখৰ বেয়া কৰি পেলায় আৰু ই টান হৈ গোটা মাৰে। সেয়ে এই ঠাইবোৰ পদ্ধতিগতভাৱে সলনি কৰি থাকিব লাগে। তাৰ বাবে পেটত নাড়ীৰ চাৰিওফালে ছবিত দেখুৱাৰ দৰে চাৰিটা আয়তাকাৰ অংশ কৰি লৈ এটা আয়ত এটা সপ্তাহৰ বাবে ব্যৱহাৰ কৰিব পাৰে। তাৰ পাছৰ সপ্তাহত আনটো আয়তলৈ যাব পাৰে। পেটৰ বাহিৰে বাকী অংশবোৰক দুভাগত ভাগ কৰি এটা ভাগৰ পৰা আনটো ভাগলৈ যাব পাৰি। কাষৰ চিত্ৰৰ পৰা এই কথা পৰিস্কাৰ হ’ব।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *