দুফাল আকাশ ।। কনকলতা দত্ত
মুক্ত চিন্তা । ১০ম বছৰ ।। ৬ষ্ঠ সংখ্যা
তুমি ধোঁৱা বৰণীয়া আকাশ দেখিছা ?
সাগৰত জুইৰ ধুমূহা !
ছাইৰঙী মাটিবোৰ
বিধস্ত প্ৰেমৰ অনুৰণন
বিপন্ন আত্মীয়তা !
তুমি যেতিয়া বাংকাৰত যুদ্ধৰ দিন আৰু বজাৰৰ বাৰংবাৰতা কৰি আছিলা
তেতিয়া মোৰ সন্মুখত আই পিতাৰ ৰক্তাক্ত মৃতদেহ।
তেজে ৰাঙলী হোৱা দুমুঠি বালিৰে
আইৰ চকুযুৰি ঢাকি দিলোঁ
তুমি বিভীষিকা দেখিছা ?
পিয়াহত আতুৰ ঘাটমাউৰা শিশুৰ চকুলো
পাহাৰৰ চুড়াৰ পৰা দিশহাৰা জীৱন খহি পৰা !
তুমি মিছাইলটো এৰি দিয়াৰ পৰত
তোমাৰ পোহনীয়া কুকুৰকেইটাই ভুকিছিল
তোমাৰ গাত সিঁহতে নৰখাদকৰ গোন্ধ পাইছিল।
তেতিয়া মোৰ মুৰৰ ওপৰৰ আকাশখন দুফাল কৰি
এখন চোৰাংচোৱাৰ বিমান
ঘুৰি ফুৰিছিল ।
ভগৱানৰ জীৱন্ত কৱৰত
মৰাশবোৰে দাঁত নিকটাই আছিল
মৰিশালীৰ চিতাজুইত আল্লা ওপঙি আছিল
গো আৰু বৰাহৰ যুদ্ধখন
তেতিয়াও চলি আছিল ।

