কেন্দ্ৰীয় নিবন্ধ

নাথান ব্ৰাউন আৰু এলাইজা ব্ৰাউন (২য় অংশ) : অসমীয়া ভাষা-সাহিত্যৰ সেৱাত একুৰি বছৰ ।। প্ৰবীণ কুমাৰ নেওগ

মুক্ত চিন্তা ১০ম বছৰ, ৬ষ্ঠ সংখ্যা

(পূৰ্বৰ অংশটিৰ বাবে ইয়াত টিপক)

শদিয়াৰ পৰা জয়পুৰ হৈ শিৱসাগৰলৈ ব্ৰাউন দম্পতী

১৮৩৬ চনৰ ২৩ মাৰ্চত যেতিয়া নাথান দম্পতী আৰু কাট্টাৰ দম্পতী শদিয়াত উপস্থিত হৈছিল, সেই সময়ত শদিয়া আছিল অশান্তিৰে জৰ্জৰিত। খামতিসকলে ইংৰাজসকলক বাধা আৰোপ কৰি আছিল। সেয়া আছিল পাহাৰীয়া জনজাতিবোৰৰ বাবে উত্তেজনা, সন্দেহ আৰু বিদ্ৰোহ, আনহাতে শান্তিপ্ৰিয় অসমীয়াসকলৰ বাবে আতংকৰ সময়। তেনে সময়তে মিছনেৰীসকল আহি নিজৰ থকাৰ ব্যৱস্থা কৰিব লগা হৈছিল। কলিকতাৰ পৰা কুঠাৰ আনিবলৈ পাহৰা বাবে গছ কাটিবলৈ লোহা গলাই কুঠাৰ পৰ্যন্ত বনাব লগা হৈছিল। সেই সময়ত তাত থকা ইংৰাজ সৈন্যৰ কেপ্টেইন চাৰ্লটনৰ সেনা চাউনীতে থাকিলৈ এমাইল মান আঁতৰৰ কুণ্ডিল নৈৰ পাৰত নাথানহঁতে মিছনৰ বাবে ঘৰ দুৱাৰ তৈয়াৰ কৰি লৈছিল। তাৰ মাজতেই তেওঁলোকে সাজি উলিয়াইছিল স্কুল। ব্ৰাউনে লিখা মতে, “১৮৩৬ চনৰ ৭ জুন তাৰিখে, কেইটামান ভয়াৰ্ত, সম্পূৰ্ণ বস্ত্ৰহীন ল’ৰা-ছোৱালীয়ে নতুনকৈ সাজি উলিওৱা বাঁহৰ বিদ্যালয়খনৰ মজিয়াত শ্ৰীমতী ব্ৰাউনৰ ভৰিৰ ওচৰতে হঠাতে আহি বহি পৰিছিল। সিহঁতে সাৱধানতাৰে আৰু সন্দেহেৰে শ্ৰীমতী ব্ৰাউনৰ ওচৰত অৱস্থান লৈছিল যাতে যিকোনো মুহূৰ্ততে সিহঁত দৌৰ মাৰি ঘন জংঘললৈ পলাই যাব পাৰে। এই অদ্ভুত বগী মানুহজনী কোন আৰু তেওঁ সিহঁতৰ পৰা কি বিচাৰিব পাৰে, এই কথা ভাবিবলৈকে সিহঁতক এদিন লাগিল। লাহে লাহে শ্ৰীমতী ব্ৰাউনে ল’ৰাকেইটা আৰু শ্ৰীমতী কাট্টাৰে ছোৱালীকেইজনীৰ সৈতে সু-সম্পৰ্ক গঢ়ি তুলিলে; আৰু তেওঁলোকে ১০ সপ্তাহত আয়ত্ত কৰা ভাষা জ্ঞানৰ ভিত্তিত সিহঁতক শিকাবলৈ আৰম্ভ কৰিলে। ১৯ জুন তাৰিখে, মিষ্টাৰ ব্ৰাউনে এখন সৰু ৰোমান লিপিৰে তৈয়াৰ কৰা অসমীয়া আৰু খামতি বানানৰ কিতাপ সিহঁতৰ ব্যৱহাৰৰ বাবে সাজু কৰিলে।”(The Whole World Kin, pp- 135)। অসমত মিছনেৰীসকলৰ এইখনেই প্ৰথম বিদ্যালয় আৰু প্ৰথম কিতাপ। ১৮৩৭ চনলৈ কাট্টাৰ আৰু ব্ৰাউন পৰিয়ালে কেইবাখনো বিদ্যালয় প্ৰতিষ্ঠা কৰিলে। শ্ৰীমতী ব্ৰাউনে গাঁৱৰ ছোৱালীবোৰকো পঢ়াবলৈ ল’লে। ব্ৰাউনহঁত খেতিৰ কামতো লাগিল। কৃষি কাৰ্য্যৰ জ্ঞান নোহোৱা বাবে তাৰ অসমীয়াসকল চৰম দাৰিদ্ৰ্যৰ মাজত আছিল। এখন উৰ্বৰা ক্ষেত্ৰ আছে, সহজেই শস্য উৎপাদন হয়, তথাপি কৰ্মজ্ঞানৰ অভাৱৰ বাবেই মানুহবোৰ দুখীয়া। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, মানুহবোৰৰ সঞ্চয়ৰ কোনো ধাৰণা নাই। কানি সেৱনেও মানুহবোৰক দৰিদ্ৰ আৰু বেমাৰী কৰি তুলিছিল। সেই সময়তে আন এক অভাবনীয় ঘটনা ঘটিছিল। ১৯ মে’, ১৮৩৬। নাথান ব্ৰাউনে লিখিছে, “আজি এজন যুৱক ব্ৰাহ্মণ আহিল, যাৰ বয়স ষোল্ল বা সোতৰ বছৰ। তেওঁ নিজে আগবাঢ়ি ইংৰাজী শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে আৰু তাৰ বাবে তেওঁ নিজৰ পবিত্ৰ পোছাকযোৰ পৰিত্যাগ কৰিবলৈও সাজু হ’ল। তেওঁক বুদ্ধিমান ল’ৰা বুলি বিবেচনা কৰি, আমি বিনা দ্বিধাই তেওঁক গ্ৰহণ কৰিবলৈ সন্মত হ’লোঁ। পৰৱৰ্তী দিনা, তেওঁ নিজৰ ‘গোসাঁই ফুৰা’ কামত ব্যৱহৃত হালধীয়া বস্ত্ৰ ত্যাগ কৰিলে আৰু তেওঁ দেশৰ সৰ্বসাধাৰণে গ্ৰহণ কৰা সাধাৰণ বস্ত্ৰ পৰিধান কৰিলে। উইণ্ডচৰ, ভাৰমণ্টৰ কেইজনমান ভাতৃৰ পৰা দুজন স্থানীয় পঢ়ুৱৈক সমর্থনৰ বাবে প্ৰয়োজনীয় ধন দিয়া হৈছিল আৰু সেইমৰ্মে আমি এই যুৱকজনক এজন স্কলাৰ হিচাপে গ্ৰহণ কৰিবলৈ সিদ্ধান্ত ল’লোঁ। তেওঁক এলিজা হাচিনছন বুলি নামকৰণ কৰা হ’ল। তেওঁ আছিল এজন অনাথ সন্তান।” মিছনেৰী বোৰ্ডৰ কোষাধ্যক্ষৰ একাউণ্টৰ পৰা গম পোৱা যায় যে এলিজা পিছত বিদ্যালয় শিক্ষক হিচাপে মিছনৰ দ্বাৰা নিযুক্ত হৈছিল।(The Whole World Kin, page 134)। কিছু দিনৰ পাছত ব্ৰনছনহঁত শদিয়া পাইছিল ১৮৩৭ চনৰ ১৭ জুলাইত। ব্ৰনছনে তাতেই চিংফৌ, খামতি, অসমীয়া ভাষা শিকিবলৈ লৈ অসমীয়াতে প্ৰাৰ্থনা আৰু ব্যাখ্যা দিয়ে। ব্ৰনছনৰ পত্নী ৰুথ লোকাচ ব্ৰনছনে Worcester’s Primer পুথিখন অনুবাদ কৰাৰ কথা ইতিমধ্যে কৈছোঁৱেই। ইতিমধ্যে শ্ৰীমতী কাট্টাৰৰ অসুখৰ চিকিৎসা কৰিবলৈ কাট্টাৰ দম্পতি কলিকতালৈ ৰাওনা হোৱা বাবে তেওঁলোকে স্থাপন কৰা বিদ্যালয়কেইখনৰ সকলো কাম নিজেই কৰিব লগা হ’ল। ব্ৰনছন দম্পতিও ইতিমধ্যে জয়পুৰলৈ গ’ল। তেনে অৱস্থাতে ১৮৩৯ চনৰ ২৮ জানুৱাৰীৰ নিশা খামতিসকলে সেনা চাউনীত অতৰ্কিতে আক্ৰমণ কৰাত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হ’ল। ব্ৰাউন দম্পতী এজনী খামতি আয়াসহ নৈয়েদি এখন টুলুঙা নাৱত পলাই ৰাতিটো নৈৰ মাজতে কটালে। এই আক্ৰমণত সেনাসকলেই জিকিল যদিও কমাণ্ডিং বিষয়া কৰ্নেল হোৱাইটৰ লগতে ৩৪ জন চিপাহীৰ মৃত্যু হ’ল। আক্ৰমণকাৰীসকলৰ হাজাৰৰো অধিক মানুহ মৃত্যু মুখত পৰিল। হাবি বননি, পথাৰত, নৈৰ পাৰত শ শ বিদ্ৰোহীৰ মৃত আৰু অৰ্ধমৃত দেহ সিচঁৰতি হৈ পৰিল। পুৱালৈ আকাশত শগুন, কাউৰীৰ কোলাহল আৰম্ভ হ’ল। নিচেই পুৱাতে সৈন্য চাউনীৰ বিকুলৰ মাত শুনি নৈৰ মাজৰ পৰা গৈ ব্ৰাউন দম্পতিয়ে সেনা শিবিৰত আশ্ৰয় ল’লে। তেতিয়াই তেওঁলোকে শদিয়া এৰাৰ সিদ্ধান্ত ল’লে। মেলেৰিয়া, বসন্ত আদিৰ আক্ৰমণেও তেওঁলোকক ধৰাশায়ী কৰিছিল। অৱশেষত খামতি, চিংফৌ, নক্টে নগাসকলৰ মাজত সোমাবলৈ সুবিধা হ’ব বুলি ভাবি ব্ৰাউন দম্পতী আৰু ইতিমধ্যে কলিকতাৰ পৰা ঘূৰি অহা কাট্টাৰ দম্পতীসহ ১৮৩৯ চনৰ ১২ মে’ত জয়পুৰলৈ বুলি ৰাওনা হ’ল। জয়পুৰতো তেওঁলোকে কাম আৰম্ভ কৰিছিল, কিন্তু ঠাই ডোখৰ আছিল অত্যন্ত অস্বাস্থ্যকৰ। কলেৰা, মেলেৰিয়াই সঘনে সংহাৰী ৰূপ লৈছিল। তথাপি ব্ৰাউন অকলেই কামত লাগি আছিল। ইতিমধ্যে তেওঁলোকৰ তৃতীয় সন্তান নাথান বেলাৰ্ড প্লেগজনিত পেৰালাইচিছত আক্ৰান্ত হোৱা বাবে শ্ৰীমতী ব্ৰাউনে অকলেই এগৰাকী আয়া সহ শিশু দুটি (নাথান বেলাৰ্ড আৰু এলাইজা হুইটনি)ক লৈ ১৮৪০ চনৰ ১০ ফেব্ৰুৱাৰীত কলিকতালৈ যাত্ৰা কৰিলে। নাথানক অৱশ্যে সুস্থ কৰিব পৰা নগ’ল। এই যাত্ৰাতে শ্ৰীমতী ব্ৰাউনে বিদ্যালয়সমূহৰ বাবে অসমীয়াত অংকৰ পুথিখন যুগুতাই শেষ কৰিব পাৰিলে। এই যাত্ৰাতো শ্ৰীমতী ব্ৰাউন প্ৰলয়ংকাৰী ধুমুহাৰ সন্মুখীন হৈছিল, বাটত নিজেই অসুখতো ভূগিছিল আৰু ঘৰিয়ালে গিজগিজাই থকা ব্ৰহ্মপুত্ৰৰ বুকুত নিশা কটাব লগা হৈছিল। ৩০ মাৰ্চত তেওঁ কলিকতা পাইছিল। অৱশ্যে শ্ৰীমতী ব্ৰাউনক ঘূৰাই আনিবলৈ কিছুদিন পাছতে নাথান ব্ৰাউনো কলিকতালৈ গ’ল। ঘূৰি আহোঁতে নাথান আকৌ মেলেৰিয়াত আক্ৰান্ত হ’ল যদিও ভাল হৈ উঠিল। ১২ ডিচেম্বৰত তেওঁলোক ঘূৰি আহি জয়পুৰ পালেহি। ইয়াৰ তিনিমাহ পাছতে ১৮৪১ ৰ ১১ ফেব্ৰুৱাৰীত তেওঁলোকৰ তৃতীয় সন্তান নাথান বেলাৰ্ডৰ মৃত্যু হ’ল। জয়পুৰত থাকোঁতেই শ্বাসতন্ত্ৰৰ অসুখত ভুগি নাথান ব্ৰাউন শিৱসাগৰলৈ আহি ডাঃ ফাৰনেলৰ দ্বাৰা চিকিৎসা কৰালে আৰু একে যাত্ৰাতে তেওঁ নাৱেৰে উজাই যোৰহাট পালেগৈ। যোৰহাটত ঘূৰাঘূৰি কৰি, ৰজা পুৰন্দৰ সিংহকো লগ কৰি ব্ৰাউন ডিব্ৰুগড় অভিমুখে ৰাওনা হ’ল। তেনে অৱস্থাতে শ্ৰীমতী ব্ৰাউনৰ জ্বৰ বেছি হোৱাত তেওঁ নিজেই শিৱসাগৰ পালেগৈ। ব্ৰাউনো ডিব্ৰুগড়ৰ পৰা ভটিয়াই দিহিংমুখ পাইছিল যদিও পত্নী শিৱসাগৰলৈ যোৱা বুলি গম পাই পুনৰ শিৱসাগৰলৈ ঘূৰি আহিল। এই যাত্ৰাত নাথান ব্ৰাউনে মিছনৰ পৰৱৰ্তী ক্ষেত্ৰ হিচাপে আচলতে ডিব্ৰুগড়, যোৰহাট আৰু শিৱসাগৰৰ অৱস্থিতি অধ্যয়ন কৰিছিল আৰু এই যাত্ৰাতে জয়পুৰৰ সুহৃদসকল আৰু শিৱসাগৰত থকা ব্ৰাদাৰ বাৰ্কাৰৰ পৰামৰ্শ মতে তেওঁলোকে শিৱসাগৰকে কৰ্মস্থান হিচাপে বিবেচনা কৰিলে। ১৮৪১ চনৰ ৩০ জুলাইত ব্ৰাউন দম্পতীয়ে শিৱসাগৰত অৱস্থান গ্ৰহণ কৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *