মানুহৰ মগজু ।। নীলাভ সন্দিকৈ
মুক্ত চিন্তা, ১০ম বছৰ, ৬ষ্ঠ সংখ্যা
এই যে এজাক ভাল মানুহ বিচাৰি
আমি মানুহৰ পৃথিৱীত হাবাথুৰি খায় উজুতিয়াই আছোঁ জীৱনক।
ৰাতিপুৱাৰ ৰঙা বেলি চাই উশাহ লৈ চিঞৰি দিও
”দিয়া মোক স্বাধীনতা”
কি লাগে আমাক এই পৃথিৱীত
–নতুন চিন্তাৰ এখন প্ৰাণভৰা নদী
নদীৰ সিমনাৰ পাৰৰ পৰা ভাহি আহে
বালিচাপৰিৰ এক চিফুঙৰ সুৰ !!
সুৰ বেসুৰ হৈ যায় পুঁজিবাদ দেখি ।
নগৰীত নিগৰিত হয় নিগনি দৌৰৰ অৰ্তনাদ!!!
ৰাতি পুৱা উঠিলো–
জিভাত এটা ক্ল’নাজেপাম
ৰাতিৰ নিহালিৰ উমৰ আগত
এটা বৰি বেঞ্জোদাইজেপাইন।
তেনেকৈ চালুক্য —
‘মোৰ আৰু কোঠালীৰ ফেন খনৰ সম্পৰ্ক!’
তেনেকৈ চালুক্য আমাৰ
ইউট’পিয়াৰ সপোন….
চালুক্য আমাৰ মগজু
চালুক্য আমাৰ শোষণৰ মাধ্যম
আৰু এই মিলিচিয়াবোৰ !
সিহঁত থাকে আমাৰ মগজুত ।
ৰাস্তাত দপ দপ কৈ জ্বলে মানুহৰ মাংস
সিহঁতে আমাৰ গুপ্তাংগত ষ্টেপলৰ পিন মাৰি দিয়ে! আমি হাঁহি হাঁহি আৰ্তনাদৰ অৱসাদ এৰি দিও বতাহত। বানপানী বোৰ আহিলে আমি পানীক লৈ জল খেল খেলি ভাল পাওঁ । যৌৱনৰ যদৃচ্ছাক প্ৰত্যাখান কৰি যৌনতাক কয়দি সজাই ভাল পাওঁ।
তুমি কি পুৰুষ নে নাৰী
তুমি কি নাৰী নে পুৰুষ
তাতেই আৰম্ভ হয় চালুক্য চিষ্টেম।
তাতেই আমি সহ্য কৰি হাঁহি থাকো,
চিন্তাৰ সত্ত্বাক প্ৰত্যাঘাট
কৰি বৈ যায় তেজৰ বন্যা।
তেজ ক’ত আছে ,
মৰি মৰি জীয়াই থকা
পাকচাং আৰু চাং ঘৰ বোৰৰ তলত থকা মানুহৰ জীয়াই থকা ব্যৰ্থ অনুভূতিত তেজ আছে । এক ৰাঙল সূৰ্যৰ পুৱাত আমি বিচাৰি থকা জন আছে অন্য এক পৃথিৱীত ।
পৃথিৱীখন ইমান ধুনীয়া
হাজাৰ বোলদজাৰে ভাঙিব নোৱাৰে মুক্ত চিন্তাৰ পৰিধিক ।
ব্যস্ত আমাৰ মগজুৰ ত্ৰুটিবোৰ বিচাৰি
হেৰাই যাওঁ সেউজীয়া বোৰৰ মাজত ।
হৈ পৰো হালধীয়া ডৰথী।
বি: দ্ৰ:
ক্ল’নাজেপাম : Clonazepam, sold under the brand name Klonopin among others, is a benzodiazepine medication used to prevent and treat anxiety disorders, seizures, bipolar mania, agitation associated with psychosis, obsessive–compulsive disorder (OCD),
বেঞ্জোদাইজেপিন:Benzodiazepines are a class of prescription drugs that slow down brain activity to help with anxiety, insomnia, and seizures.
পাকচাং: a local name of indigenous drawboy technique used by
Mising tribe.

