ভূপেন হাজৰিকাৰ এটি গীতৰ অনুভৱ আৰু উপলব্ধি “কি যে ছন্দত হলো বন্দী”।। নৱজ্যোতি বৰগোহাঁই
মুক্ত চিন্তা।দ্বাদশ বছৰ।১ম সংখ্যা
আগকথা :
ভূপেন দাৰ গীতৰ দৰ্শন, সাংগীতিক বৈচিত্ৰ্য, গীতৰ কথাৰ বিষয় বৈচিত্ৰ্য, গীতৰ কথাৰ সৰলতাৰ লগে লগে ভাৱৰ গভীৰতা, গীতৰ কথাত ব্যবহৃত শব্দৰ ব্যঞ্জনা, গীতবোৰত বহুমাত্ৰিক কেইবা তৰপীয়া লোকসুৰৰ বুদ্ধিদীপ্ত প্ৰয়োগ, জৈৱিক (Organic) ৰূপত গীতসমূহৰ আধুনিক কাৰুকাৰ্য, তেওঁৰ কণ্ঠৰ তুলনাবিহীন বহুমাত্ৰিক কম্পনাংকৰ স্বকীয়তা, কিছু কিছু ক্ষেত্ৰত শিথিল হ’লেও প্ৰায়েই গীতবোৰে বহন কৰা এক সবল মানৱতাবাদী আধুনিক ৰাজনৈতিক দৰ্শনগত চৰিত্ৰৰ সাৰ্বজনীন মানৱীয় আৱেদন সদায় স্পষ্ট ৰূপত অনুভূত হয়। তেনে অনন্য সংগীত শিল্পী সমগ্ৰ ভাৰত বৰ্ষতেই বিৰল বুলি ভাবোঁ।
এই লেখাত আলোচিত “কি যে ছন্দত হলো বন্দী” গীতটিও তাৰ এক উজ্জ্বল নিদৰ্শন বুলিব পাৰি। গীতটোৱে শ্ৰোতাক সংবেদী কৰি তোলাৰ উপৰিও সংবেদনশীল শ্ৰোতাৰ উপৰত যে স্বাভাৱিকতে এক বিবেকী অন্তৰ্দ্বন্দ্বৰ জন্ম দিয়ে সেই কথা প্ৰায় ধুৰূপ। অৱশ্যে সুবিধাবাদী, সুবিধাভোগী বজাৰ সংস্কৃতিৰ চিকাৰ হোৱা মধ্যবিত্তই হয়তো এই বিবেকী জঞ্জালৰ মাজত নোসোমাব, অৱজ্ঞা কৰি তথাকথিত ‘শান্তি’ৰ সন্ধান কৰিব। কিন্তু নিজকে প্ৰগতিশীল বুলি দাবী কৰা, স্থিতাৱস্থাৰ লগত আপোচ নকৰা চামটোৱে গীতটোক সহজে অৱজ্ঞা কৰিব নোৱাৰিব। কি আছে গীতটোত? ইয়াৰ সাংগীতিক মূল্য, সমাজ-ৰাজনৈতিক তাৎপৰ্য, দাৰ্শনিক গভীৰতা, মুঠৰ ওপৰত গীতটো কোনো শ্ৰোতাই শুনাৰ লগেলগে তেওঁৰ মানসিক অৱস্থাক কি কি ধৰণে প্ৰভাৱিত কৰিব পৰাৰ সম্ভাৱনা আছে তাৰেই এটি সংক্ষিপ্ত আলোচনা কৰিবলৈ যত্ন কৰিছোঁ।
এই গীতটো সম্ভৱ ২০১২ চনত সাৰেগামাৰ চিডি এখনত প্ৰথম শুনিবলৈ পাওঁ। প্ৰথম শুনাৰ পৰাই গীতটোৰ কথা আৰু সংগীতে আজিও মোৰ লগ এৰা নাই। বৰং এই গীতটোৱে মোৰ মনোজগতৰ এক সুকীয়া স্থান অধিকাৰ কৰি বহি লৈছে। বহুতৰ বাবে ভূপেনদাৰ বহু আলোচিত বিখ্যাত গীতবোৰৰ মাজত হয়তো এই গীতটো অন্তৰ্ভুক্ত নহ’ব। সেইবাবেই চাগে এই গীতটো বিভিন্নজনৰ আলোচনাৰ মাজলৈ অহা চকুত নপৰে।
গীতটোৰ জন্ম কেতিয়া, পটভূমি কি ইত্যাদি কিছু দৰকাৰী তথ্য বৰ্তমান এই লেখাত যোগান ধৰিব নোৱাৰিম। ভৱিষ্যতলৈ এই কাম আধৰুৱাকৈ ৰাখিলোঁ।
গীতটোৰ সম্পূৰ্ণ কথাংশ এনেধৰণৰ –
আৰম্ভণিৰ কথাংশ: অনিয়মকে নিয়ম কৰি মই আগবাঢ়িছোঁ। এতিয়া নিজকে প্ৰশ্ন কৰিবৰ মন যায়— কি যে ছন্দত হ’লো বন্দী ইহ জনমটো পাই, কি যে ছন্দত হ’লো বন্দী…
গীত:
কি যে ছন্দত হ’লো বন্দী
ইহ জনমটো পাই
নেজানো কিমান ভ্ৰমিব লাগিব
সঙ্গী কোনো যে নাই ।।
লঙ্ঘন কৰিব নোৱাৰা নিয়ম
লঙ্ঘন কৰিয়েই হায়
অনিয়মকে কৰিলোঁ নিয়ম
পাম নে লক্ষ্য ঠাই।
শুনিছোঁ পংকত নেনামিলে
নেপাই জ্যোতি-কমল
তেন্তে কিয়নো ইতিকিং কৰে
মথিলে পংকজল।
অনন্ত আকাশ গভীৰ সাগৰ
ইয়াতো লগৰী নাই
নাচিয়ে কৰিলোঁ সেয়েহে তাণ্ডৱ
দুন্দুভি বজাই। (ৰচনা কাল: ১৯৯৩)
Music is a dynamic process of expectation and fulfillment. — Leonard B. Meyer
ভূপেন হাজৰিকাৰ সংগীতৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল -গীতটোৰ সুৰ, ছন্দ, কবিতা, সামাজিক চেতনা আৰু গীতটোৱে তোলা মানৱীয় অস্তিত্বৰ দাৰ্শনিক প্ৰশ্ন একেটা সাংগীতিক অভিজ্ঞতাত মিলি যায়। এই গীতটোক সেই দৃষ্টিকোণেৰে বুজিবলৈ যত্ন কৰিলে গীতটোৰ এই ভিন্ন দিশবোৰ বৰ সুন্দৰকৈ খাপ খাই পৰে। গীতটোৰ ভাব মূলতঃ ৰাজনৈতিক জীৱন দৰ্শনকেন্দ্ৰিক আৰু ইয়াৰ সাংগীতিক স্বৰূপ হৈছে পৰিপূৰক ৰূপত এক আধুনিক সংগীতৰ শক্তিশালী কলাত্মক সৃষ্টি। আমি ইয়াত মূলতঃ গীতটোৰ ৰাজনৈতিক, সাংগীতিক আৰু দাৰ্শনিক দিশ আলোকপাত কৰিবলৈ যত্ন কৰিম।
গীতটোৰ সমাজ-ৰাজনৈতিক তাৎপৰ্য:
He took his pain and turned it into something beautiful. Into something that people connect to. And that’s what good music does. It speaks to you. It changes you. ― Hannah Harrington
Hannah Harringtonৰ ওপৰৰ কথাখিনি প্ৰমাণ কৰিবলৈকে যেন ভূপেন দাই এই গীতটো সৃষ্টি কৰিছিল !!
ভূপেন হাজৰিকাৰ এই গীতটোক কেৱল ব্যক্তিগত জীৱনৰ দুখ-দুৰ্দশাৰ গীত হিচাপে নহয়, ব্যক্তি, সমাজ, নিয়ম, প্ৰতিষ্ঠান আৰু মুক্তিৰ আকাংক্ষাৰ মাজৰ দ্বন্দ্বৰ এক ৰাজনৈতিক ৰূপক হিচাপে বুজিব পাৰি। গীতটোৰ কেন্দ্ৰীয় প্ৰশ্ন,“কি যে ছন্দত হলোঁ বন্দী”,এটা গভীৰ ৰাজনৈতিক প্ৰশ্ন: মানুহে যি জীৱন যাপন কৰে, সেই জীৱনৰ ছন্দটো আচলতে কোনে নিৰ্ধাৰণ কৰে? ব্যক্তিয়ে নিজে, নে সমাজৰ অদৃশ্য নিয়ম, শ্ৰেণী-সম্পৰ্ক আৰু বৰ্তি থকা ক্ষমতাৰ কাঠামোটোৱে? এই ছন্দৰ গতি কিন্তু দ্বান্দ্বিক চেতনাৰে সমৃদ্ধ।
গীতটোৰ আৰম্ভণি হৈছে এই বাক্যটোৰে –
“অনিয়মকে নিয়ম কৰি মই আগবাঢ়িছোঁ।”
গীতটোৰ আৰম্ভণিৰ এই বাক্যতেই গীতটোৰ মূল দ্বন্দ্বৰ আৰম্ভণি। এই বক্তব্যই গীতটোৰ সমগ্ৰ দাৰ্শনিক আৰু ৰাজনৈতিক দ্বন্দ্বৰ সূচনা কৰিছে। ইয়াত ‘নিয়ম’ আৰু ‘অনিয়ম’ কেৱল নৈতিক অৰ্থত ব্যৱহৃত হোৱা নাই। সামাজিক-ৰাজনৈতিক অৰ্থত ‘নিয়ম’ মানে সমাজ ব্যৱস্থাই মানুহৰ ওপৰত আৰোপ কৰা স্বীকৃত আচৰণ, মূল্যবোধ, শৃংখলা আৰু ক্ষমতাৰ বিধান। শ্ৰেণী-বিভক্ত এখন সমাজত সমাজৰ নিয়মবোৰ নিৰপেক্ষ হ’ব নোৱাৰে। কাৰণ সমাজখন শ্ৰেণী-বিভক্ত হ’লে কোনটো নিয়ম বৈধ, কোনটো অবৈধ, কোনে নিয়ম নিৰ্ধাৰণ কৰে আৰু কাৰ স্বাৰ্থত সেই নিয়ম চলে—এই প্ৰশ্নবোৰ অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়ে “অনিয়মকে নিয়ম” কৰি আগবঢ়া কথাটো এটা প্ৰচলিত সামাজিক বিধানৰ বিৰুদ্ধে ব্যক্তিৰ বিদ্ৰোহ, যিটো গীতটোৰ অন্যতম ৰাজনৈতিক চৰিত্ৰ।
গীতটোৰ আটাইতকৈ শক্তিশালী ৰাজনৈতিক শব্দটো হৈছে ‘ছন্দ’।
সাধাৰণতে সংগীতৰ ছন্দ মানে তাল-মান আৰু লয়ৰ বিন্যাস। কিন্তু গীতটোৰ কথাৰ মৰ্মাৰ্থ পৰা বিচাৰ কৰি ‘ছন্দ’ক বহল সামাজিক অৰ্থত ল’লে ই জীৱন চলোৱাৰ নিৰ্ধাৰিত পদ্ধতিৰ প্ৰতীক হৈ পৰে।
কি যে ছন্দত হলোঁ বন্দী
ইহ জনমটো পাই
অৰ্থাৎ মানুহে জন্ম লাভ কৰাৰ লগে লগে এটা নিৰ্দিষ্ট সামাজিক ছন্দৰ মাজত সোমাই পৰে। পুঁজিবাদী সমাজত মানুহে নিজৰ শ্ৰম, উৎপাদন, আন মানুহ আৰু অৱশেষত নিজৰ মানৱীয় সত্তাৰ পৰাও বিচ্ছিন্ন হৈ পৰিব পাৰে। তেনে অৱস্থাত মানুহে নিজৰ জীৱনৰ ছন্দ নিজে সৃষ্টি নকৰে; বৰং সামাজিক-অৰ্থনৈতিক ব্যৱস্থাই নিৰ্ধাৰণ কৰা ছন্দত তেওঁ জীৱন যাপন কৰে।
নেজানো কিমান ভ্ৰমিব লাগিব
সঙ্গী কোনো যে নাই
গীতটোৰ এই অংশই মূলতঃ সামাজিক বিচ্ছিন্নতাৰ পৰা জন্ম হোৱা এক গভীৰ অস্তিত্বগত নিঃসংগতাৰ সংকটৰ কথা সূচাইছে। “সঙ্গী কোনো যে নাই” কথাটো সামাজিক বিচ্ছিন্নতাৰ প্ৰতীক হিচাপে থিয় হৈ আছে। এই ব্যৱস্থাত মানুহ সমাজৰ মাজত থাকিও অকলশৰীয়া। কাৰণ শ্ৰেণী বিভক্ত সমাজ ব্যৱস্থাৰ পুঁজিবাদী সামাজিক সম্পৰ্কত মানুহৰ মাজৰ সম্পৰ্ক বহু সময়ত মানৱীয় সম্পৰ্কৰ সলনি বস্তু, বজাৰ আৰু ক্ষুদ্ৰ স্বাৰ্থৰ সম্পৰ্কলৈ পৰিণত হয়। একে সময়তে গীতটোত ‘ভ্ৰমণ’ হৈছে মানুহৰ জীৱনসংগ্ৰামৰ অন্তহীন যাত্ৰাৰ ৰূপক । গীতটোৰ এই অংশই সমাজ জীৱনৰ একাকীত্ব লগত সংগ্ৰামী যাত্ৰাৰ ৰাজনৈতিক সম্পৰ্কক স্পষ্ট ৰূপত তুলি ধৰিছে।
১ নং অন্তৰাত গীতটোৱে আটাইতকৈ স্পষ্ট ৰূপত বিদ্ৰোহ ঘোষণা কৰিছে
লঙ্ঘন কৰিব নোৱাৰা নিয়ম
লঙ্ঘন কৰিয়েই হায়
অনিয়মকে কৰিলোঁ নিয়ম
পামনে লক্ষ্য ঠাই?”
এই অৱস্থান গীতটোৰ ৰাজনৈতিক কেন্দ্ৰবিন্দু বুলি ক’ব পাৰি।
মাৰ্ক্সীয় দৃষ্টিকোণেৰে বিচাৰ কৰিলে গীতটোৰ এই অংশই আমাৰ আগত এক দ্বন্দ্বাত্মক বিৰোধ (dialectical contradiction) থিয় কৰাইছে। মাৰ্ক্সৰ দ্বন্দ্বাত্মক বস্তুবাদৰ ভাষাত সমাজ স্থিৰ নহয়; বিৰোধ আৰু সংঘাতৰ মাজেৰেই সামাজিক পৰিৱৰ্তন ঘটে।
নিয়ম ভংগ কৰি অনিয়মক নতুন নিয়ম হিচাবে প্ৰতিষ্ঠা কৰিও গীতিকাৰ সংশয়ৰ মাজত –“পামনে লক্ষ্য ঠাই?”
সংগ্ৰাম আছে, বিদ্ৰোহ আছে—কিন্তু সংগ্ৰামৰ লক্ষ্য কি? অৰ্থাৎ বিদ্ৰোহ কৰিলেই মুক্তি নিশ্চিত নহয়। কেৱল প্ৰতিষ্ঠিত নিয়ম ভাঙিলেই মুক্তি নাহে। বিকল্প লক্ষ্য আৰু বিকল্প সামাজিক বাস্তৱতাৰো প্ৰয়োজন। প্ৰচলিত ব্যৱস্থাৰ বিৰুদ্ধে যুঁজ আৰু বিকল্প ব্যৱস্থা নিৰ্মাণ—দুয়োটাই চলিব লাগিব। ই সহজ বিপ্লৱী নিশ্চয়তা নহয় বৰং আত্মপ্ৰশ্নৰ মাজেৰে অহা সচেতনতা। সেইবাবেই গীতটোৰ এই প্ৰশ্নটো অত্যন্ত তাৎপৰ্যপূৰ্ণ।
গীতটোৰ ২নং অন্তৰাৰ উপমাটো ৰাজনৈতিক দৃষ্টিকোণেৰে অসাধাৰণ বুলিব পাৰি।
শুনিছোঁ পংকত নেনামিলে
নেপাই জ্যোতি-কমল
কমল অৰ্থাৎ পদুম ফুল বোকাত জন্মে। পদুমৰ সৌন্দৰ্য বোকাৰ পৰাই উঠি আহে। এই সাধাৰণ প্ৰাকৃতিক সত্যটোক ভূপেনদাই এটা তাৎপৰ্যপূৰ্ণ সামাজিক চিত্ৰকল্প লৈ ৰূপান্তৰ কৰিছে। গীতটোত পংক অৰ্থাৎ বোকাক অন্ধকাৰ বাস্তৱৰ প্ৰতীক আৰু জ্যোতি-কমল হৈছে সৌন্দৰ্য, মুক্তি, আশা আৰু নতুন সমাজৰ প্ৰতীক। গীতটোৰ এই অংশৰ বক্তব্য হৈছে – কষ্টকৰ বাস্তৱৰ মাজত প্ৰৱেশ নকৰাকৈ মুক্তি লাভ কৰিব নোৱাৰি। অৰ্থাৎ সমাজৰ দৰিদ্ৰতা, শোষণ, বৈষম্য, এইবোৰৰ পৰা আঁতৰি থাকি প্ৰকৃত মানৱমুক্তি এক অবাস্তৱ কথা। অৰ্থাৎ
পোহৰ পাবলৈ অন্ধকাৰৰ মাজেৰে যাব লাগিব।
সৃষ্টি পাবলৈ সংঘাতৰ মাজেৰে যাব লাগিব।
মুক্তি পাবলৈ বাস্তৱৰ কাঠিন্যক স্বীকাৰ কৰি ল’ব লাগিব।
ইয়াৰ পাছৰ বাক্যটোৰ প্ৰশ্নটো ৰাজনৈতিক দৃষ্টিকোণেৰে অতি তাৎপৰ্যপূৰ্ণ।
তেন্তে কিয়নো ইতিকিং কৰে
মথিলে পংকজল ?
“পংকজল মথা” অৰ্থাৎ সমাজৰ তলৰস্তৰত সোমাই স্থবিৰ বাস্তৱতাক আন্দোলিত কৰা কামটোক কিয় ইতিকিং কৰা হয়? অন্য ভাষাত ক’বলৈ গ’লে যদি পংকৰ মাজতেই পদুমৰ জন্ম হয়, তেন্তে মানুহে পংকক ঘৃণা কৰে কিয়? এই প্ৰশ্নৰ যোগেদি শিল্পীয়ে দ্বান্দ্বিক বিচাৰ বোধেৰে যেন ক’ব বিচাৰিছে – পদুম বিচাৰিলে পংকৰ মাজলৈ নামিব লাগিব। ইয়াৰ ৰাজনৈতিক বক্তব্যটো হৈছে মুক্তিৰ বাটত কদৰ্য্য বাস্তৱৰ সংগ্ৰামক অস্বীকাৰ কৰিব নোৱাৰিবা।
৩নং অন্তৰাত গীতটোৰ পৰিসৰ ব্যক্তিৰ পৰা মহাজগতলৈ বিস্তৃত হয় –
অনন্ত আকাশ গভীৰ সাগৰ
ইয়াতো লগৰী নাই
আকাশ অসীম, সাগৰ গভীৰ, অৰ্থাৎ সম্ভাৱনা অসীম। কিন্তু সেই অসীমতাৰ মাজতো মানুহ অকলশৰীয়া। গীতটোৱে এই অংশত এটা আধুনিক সামাজিক বিৰোধ উপস্থাপন কৰিছে -পৃথিৱী বিশাল, সম্পদ অসীম, মানুহ অসংখ্য তথাপি মানুহ বিচ্ছিন্ন। প্ৰকৃতি আৰু সমাজত সম্পদৰ অসীম সম্ভাৱনা থাকিও যদি মানুহে তাৰ সমান অংশীদাৰিত্ব লাভ নকৰে, তেন্তে সমস্যা ‘ভাগ্য’ৰ নহয়; সমস্যাৰ উৎস উৎপাদন আৰু সম্পত্তিৰ সামাজিক সম্পৰ্কৰ।
গীতটোৱে শেষৰ এই পৰ্যায়ত বিদ্ৰোহৰ অগনি জ্বলাইছে এনেদৰে –
নাচিয়ে ফুৰিছোঁ সেয়েহে তাণ্ডৱ,
দুন্দুভি বাজাই
গীতটোক শেষৰ এই বক্তব্যই ব্যক্তিগত আত্মসংগ্ৰামৰ পৰা সামূহিক বিদ্ৰোহৰ সম্ভাৱনালৈ লৈ যায়।‘তাণ্ডৱ’ ধ্বংসৰ প্ৰতীক হ’লেও ই কেৱল ধ্বংস নহয়। পুৰণি কাঠামো ভাঙি নতুন কিবা সৃষ্টি কৰাৰ শক্তিও ইয়াত নিহিত থাকে।‘দুন্দুভি’ হৈছে যুঁজৰ আহ্বানৰ ঘোষণা। এই পৰ্যায়ত গীতটো নিজেই এক ৰাজনৈতিক কাৰ্যত পৰিণত হৈছে।
গীতটোৱে বহন কৰা – নিয়ম বনাম বিদ্ৰোহ, বন্দীত্ব বনাম মুক্তি, বিচ্ছিন্নতা বনাম সংগতি, স্থবিৰতা বনাম পৰিৱৰ্তন -এই দ্বন্দ্ববোৰ মাৰ্ক্সীয় দ্বন্দ তত্ত্বৰ ধাৰণাৰ সৈতে শক্তিশালীভাৱে সংযোগ কৰিব পাৰি।
সেয়ে ভূপেনদাৰ এই গীতটোৰ ক্ষেত্ৰত ক’ব পাৰি যে ‘কি যে ছন্দত হ’লো বন্দী’ গীতটো বিপ্লৱী ৰাজনৈতিক সম্ভাৱনাৰে সমৃদ্ধ এটি গীত।
গীতটোৰ সাংগীতিক তাৎপৰ্য:
Words make you think. Music makes you feel. A song makes you feel a thought.– Yip Harburg
সংগীতৰ মাজেৰে সমাজৰ কথা কোৱা আমেৰিকাৰ গীতি কবি Yip Harburgৰ ওপৰৰ উক্তিটো ভূপেনদাৰ এই গীতটোৰ সংগীতৰ তাৎপৰ্য্য বুজিবলৈ যাওঁতে যেন এটা তত্ত্বৰ দৰে থিয় হৈ আছে। গীতৰ শব্দই ভাবিবলৈ শিকায়, সংগীতে অনুভৱৰ মাজলৈ লৈ যায় আৰু সমগ্ৰ গীতটোৱে যেন গীতটোৰ গোটেই চিন্তাখিনিক অনুভৱ উপলব্ধিৰ স্তৰত উপনীত কৰায়।
ভূপেন দাৰ এই গীতটো শুনাৰ অভিজ্ঞতাই যেন মোক তাকেই বুজাই দিছিল।
ভূপেন হাজৰিকাৰ সংগীতৰ এক বিশেষ তাৎপৰ্য হ’ল, তেওঁ প্ৰায়ে অসমীয়া লোকসংগীতৰ সহজ, কথকতা-ভৰা সুৰভংগী আৰু পাশ্চাত্য সংগীতৰ harmony-ৰ মাজত এক সৃষ্টিশীল সংলাপ স্থাপন কৰে। সেই অনুসৰি তেওঁৰ গান সম্পূৰ্ণ লোকগীত নতুবা পাশ্চাত্যধৰ্মী আধুনিক গান, এবিধো নহয়। তেওঁৰ গীত উক্ত উপাদান কেইটাৰ এক unique creative সংমিশ্ৰণ। যি প্ৰক্ৰিয়াত “ভূপেন হাজৰিকাৰ sound” সৃষ্টি হয়। এই চাউণ্ড স্থানীয় হৈও বিশ্বজনীন আৱেদনেৰে পৰিপুষ্ট। সেইদৰে ভূপেন হাজৰিকাৰ গায়কীতো একধৰণৰ বিশেষ বৈশিষ্ট্য আছে। তেওঁৰ কণ্ঠটো মাত্ৰ সুৰীয়া যন্ত্ৰ (melodic instrument) নহয়; ই যেন বক্তব্য ৰখা, প্ৰশ্ন কৰা আৰু সমাজক সম্বোধন কৰা এক অনন্য কণ্ঠ।
‘কি যে ছন্দত হ’লো বন্দী’-এই দাৰ্শনিক ভাবাপন্ন গীতটোৰ এনে এক সৃষ্টিশীল সংগীত আৰু কণ্ঠৰ মাজেৰেই জন্ম হৈছে। গীতটোৰ সংগীত সজ্জা সহজ-সৰল হৈও গভীৰ অনুভৱৰ বাহক হৈ উঠিছে। গীতটোত জীৱনৰ ছন্দ আৰু সংগীতৰ ছন্দই এটা আনটোৰ পৰিপূৰক ৰূপত গতি কৰিছে। “কিযে ছন্দত হ’লোঁ বন্দী”- এই প্ৰশ্নটোৰ মাজত একে সময়তে আছে আকৰ্ষণ, বিস্ময় আৰু আত্মসমৰ্পণ। এই তিনিটা উপাদানেই গীতটোৰ সাংগীতিক চক্ৰটো নিৰ্মাণ কৰিছে বুলিব পাৰি। গীতটোৰ সংগীতত ছন্দই শব্দ আৰু সুৰক এক নিৰ্দিষ্ট গতি প্ৰদান কৰিছে।
আনহাতে জীৱনৰো এটা নিজস্ব ছন্দ আছে- জন্ম, বিকাশ, প্ৰেম, বিচ্ছেদ, আনন্দ, বেদনা আৰু মৃত্যুৰ মাজৰ সেই চিৰাচৰিত ছন্দ। মানুহে বহু সময়ত এই ছন্দ নিজে নিৰ্ধাৰণ বা নিয়ন্ত্ৰণ নকৰে; বৰং যেন কোনো অদৃশ্য শক্তিৰ নিয়ন্ত্ৰণত এই ছন্দ পৰিচালিত ! যি এক বন্দীত্বৰ নামান্তৰ হৈ পৰে।
এই গীতটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সাংগীতিক বৈশিষ্ট্য হ’ল গীতটোৰ সংগীত ছন্দ নিয়ন্ত্ৰিত (rhythm-driven composition)। অৰ্থাৎ, গীতটোৰ সুৰটোক কেৱল মিঠা সুৰীয়া (melodic line) হিচাপে গঢ়ি তোলাৰ পৰিৱৰ্তে ভূপেন হাজৰিকাই ছন্দকেই গীতটোৰ অস্তিত্বৰ মূল চালিকা শক্তি কৰি তুলিছে। গীতটোৰ আৰম্ভণিৰ পৰা এটা অবিৰত ছন্দোময় গতিৰে আগবাঢ়ি যোৱাৰ অনুভূতি অহৰহ উপলব্ধ হয়। গীতটোৰ “কিযে ছন্দত হ’লোঁ বন্দী” বাক্যটো কেৱল দাৰ্শনিক প্ৰশ্ন হৈ নাথাকে, ইয়াৰ সংগীতৰ মাজেৰেও যেন ই এক ছন্দোময় বন্দীত্বৰ অনুভৱ শ্ৰোতাৰ মনত জগাই তোলে। মানুহ যেন জীৱনৰ এটা অদৃশ্য ছন্দত বন্দী !
গীতটোত সুৰ(melody)তকৈ ছন্দৰ প্ৰভাৱ অধিক শক্তিশালী। বিশেষ মনকৰিবলগীয়া যে এই গীতটো ছন্দ প্ৰধান হৈ উঠিছে গীতৰ কথা আৰু সংগীতৰ অনুনাদিত সম্পৰ্ক (relation of resonance) দ্বাৰাহে। গীতটোত কথা আৰু সংগীত পৰিপূৰক ৰূপত এক হৈ এই ছন্দোময় (rhythmic)অনুভৱৰ জন্ম দিছে। অন্যথা গীতটো সাধাৰণ পশ্চিমৰ ছন্দোময়(rhythmic)সংগীতৰ তুলনাত মেলডিক বুলিহে কোনোবাই হয়তো ক’বলৈ যাব পাৰে। আমি কিন্তু কথাই জন্ম দিয়া ভাব আৰু সংগীতৰ অনুভৱৰ মাজেৰে অহা উপলদ্ধিৰ সমগ্ৰিকতাৰ বিচাৰত গীতটোক ছন্দোময় (rhythmic) বুলিয়েই ক’ম। গীতটো শুনি থাকোঁতে এনে লাগে যেন গীতটোৰ গতি দ্ৰুত যদিও নিয়ন্ত্ৰিত। গীতটোত এই নিয়ন্ত্ৰিত গতিশীলতাৰ অনুভৱ গীতৰ বক্তব্যই সংগীতৰ লগত জৈৱিক (organic) সম্পৰ্কত বান্ধ খাই থকাৰ বাবেই হৈছে। যিটো গীতটিৰ এক বিশেষ তাৎপৰ্য।
নেজানো কিমান ভ্ৰমিব লাগিব
সঙ্গী কোনো যে নাই।
অৰ্থাৎ গন্তব্য অনিশ্চিত হলেও সংগীবিহীন অবিৰত যাত্ৰা। গীতটোৰ উক্ত কথাংশৰ লগত সংগীতৰ অবিৰত ছন্দোময় গতি(rhythmic motion)এ শিল্পীৰ জীৱনৰ গতিৰ পৰিপূৰক স্থান লৈছে আৰু শ্ৰোতাৰ মনোজগতত এক ভ্ৰমণ উপলব্ধিৰ জন্ম দিয়াৰ লগে লগে অনিশ্চিত অৱস্থাই যেন গতিৰ এক নিয়ন্ত্ৰকৰ ভূমিকা পালন কৰিছে।
গীতটোৰ সংগীতৰ প্ৰতিটো ধাপতে স্পষ্ট হৈ উঠে ছন্দ! যি গীতটোৰ সংগীত-দৰ্শনৰ অন্যতম কেন্দ্ৰীয় দিশ।
গীতটোত ব্যৱহৃত বাদ্যযন্ত্ৰ মূলতঃ ড্ৰাম, ছেক্স’ফোন, কীব’ৰ্ড আৰু সম্ভৱ ভাইলিন অৰ্কেষ্টেচন। তাল প্ৰধান বাদ্য (percussion)ই গীতটোৰ সংগীতৰ মূল ভেটি গঢ় দিছে।
গীতটোৰ ছন্দোময় ভেটিটো অত্যন্ত গুৰুত্বপূৰ্ণ। তাৎপৰ্যপূৰ্ণ কথাটো হৈছে গীতটোত percussion-এ কেৱল তাল ধৰি ৰখা নাই; কথাৰ অৰ্থক আগুৱাই লৈ গৈছে অতি শক্তিশালী ৰূপত।
গীতটোৰ ভাবাৰ্থৰ যি চক্ৰ, সংগীতে সেই চক্ৰটোক অৰ্থপূৰ্ণ তথা শক্তিশালী ৰূপত গতি প্ৰদান কৰিছে। এইটো ভূপেন হাজৰিকাৰ সংগীতৰ এটা বিশেষ বৈশিষ্ট্য। বাদ্যযন্ত্ৰক তেওঁ সদায় নেপথ্যৰ সহযোগী (background accompaniment) হিচাপে নহয়, অৰ্থ-সৃষ্টিৰ অংশ হিচাপে ব্যৱহাৰ কৰে। গীতটোৰ অন্তিম অংশত ‘তাণ্ডৱ’ আৰু দুন্দুভি’ৰ চিত্ৰকল্প আহি পৰিছে। ‘দুন্দুভি’ ভাৰতীয় সাংস্কৃতিক কল্পনাত কেৱল এটা বাদ্যযন্ত্ৰ নহয় -ই উদ্দীপনা, সংঘাত, যুদ্ধ আদিৰ প্ৰতীক। এই অংশত ড্ৰামৰ লগতে পাৰ্কেচন বাদ্যৰ প্ৰয়োগ বিশেষ অৰ্থপূৰ্ণ। পাৰ্কেচনৰ শক্তিশালী প্ৰয়োগে “নাচিয়ে ফুৰিছোঁ সেয়েহে তাণ্ডব / দুন্দুভি বজায়” অংশটোক প্ৰায় দৃশ্যমান কৰি তুলিছে।
সেইদৰে গীতটোত হাৰ্মনিক বাদ্যৰ প্ৰয়োগ মনকৰিব লগীয়া। ইয়াৰ হাৰ্মনিৰ ব্যৱহাৰ পশ্চিমৰ সংগীতৰ দৰে অধিক জটিল কৰি তোলা নাই। ই মাথোঁ সৰল ৰূপত কণ্ঠ সংগীতক সহযোগিতা কৰিছে।
এই গীতটোৰ কণ্ঠই আটাইতকৈ গুৰুত্বপূৰ্ণ বাদ্যযন্ত্ৰ। ভূপেন হাজৰিকাৰ কণ্ঠ নিজেই পৰ্কেচন (percussion) আৰু সুৰীয়া যন্ত্ৰ (melodic instrument)। ভূপেন হাজৰিকাৰ গীতত কণ্ঠৰ প্ৰয়োগৰ এই দিশটো একক আৰু অনন্য। তেওঁ গীত পৰিৱেশনত শব্দৰ উচ্চাৰণ, উপস্থাপন, সুৰ সংযোজন আদি অতি দক্ষ তথা সূক্ষ্ম জটিল কলাত্মক কাৰুকাৰ্যৰে সমৃদ্ধ। এই গীতটোতে তেওঁ যেতিয়া গায়-
“কিযে / ছন্দত / হ’লোঁ / বন্দী”
এই শব্দবোৰ কেৱল গীতৰ কথা (lyrics) হৈ নাথাকে ইহঁত নিজেই গীতটোৰ সংগীতৰ একোটা ছন্দোময় একক( rhythmic units) হৈ উঠে। অৰ্থাৎ তেওঁৰ সংগীতৰ ভাষাইও তাল সৃষ্টি কৰে।
এই গীতটোৰ সংগীতৰ এক বিশেষ তাৎপৰ্য এইয়ে যে বাদ্যযন্ত্ৰই গীতৰ কথাৰ অৰ্থৰ সৈতে প্ৰতিযোগিতা কৰা নাই; গীতৰ কথাৰ অন্তৰ্নিহিত অৰ্থক দৃঢ় কৰিছে। গীতটোৰ কেন্দ্ৰত এটা প্ৰশ্ন – “কিযে ছন্দত হ’লোঁ বন্দী” এই প্ৰশ্নৰ বিকাশে জন্ম দিয়া দ্বন্দ আৰু গতিৰ যাত্ৰাপথত হোৱা সংগ্ৰাম আৰু সংঘাতক ভূপেন হাজৰিকাই সুৰ, তাল, লয় আৰু কণ্ঠৰ মাজেৰে সংগীতত পৰিণত কৰিছে।
গীতটোৰ দাৰ্শনিক ভিত্তি :
Music can name the unnamable and communicate the unknowable. – Leonard Bernstein
মানুহে প্ৰায়ে জীৱনটোক যেন সদায় এটা ছন্দত সজাবলৈ যত্ন কৰে। অনামী সেই ছন্দক নামকৰণ কৰিবলৈ যত্ন কৰে। কিন্তু তেনে কৰিবলৈ যাওঁতে কেতিয়াবা সেই ছন্দতেই জীৱনটো বন্দী হৈ পৰে। সেই বন্দীত্বৰ আত্মপ্ৰকাশ কৰিবলৈ যাওঁতেই ভূপেন্দ্ৰ সত্তাই সংগীতৰ ছন্দৰ জন্ম দিয়ে। যি ছন্দত মানুহে শ্ৰম কৰে, ভালপোৱাক কৰ্ষণ কৰে, সপোন দেখে আৰু ভৱিষ্যতৰ সন্ধান কৰে, সেই একেই ছন্দত কেতিয়াবা তেওঁৰ স্বাধীনতাৰ সীমাৰেখাও নিৰ্ধাৰণ কৰে। স্বাধীনতাৰ কথা আহিলেই সেই আহুকলীয়া প্ৰশ্নবোৰ আহি হাজিৰ হয় –
মই কোন ?
জীৱনটো কি ?
মোৰ জীৱনটোৰ ছন্দ কোনে নিৰ্ধাৰণ কৰিছে ?
সাধাৰণতে চুফী গীতবোৰৰ নেপথ্যতো এইধৰণৰ প্ৰশ্নই গীতবোৰৰ চালিকা শক্তি ৰূপে কাম কৰি থকা দেখা যায়। ভূপেন হাজৰিকা ‘কি যে ছন্দত হ’লো বন্দী’ গীতটোৰ কেন্দ্ৰত এই গভীৰ প্ৰশ্নবোৰেই প্ৰতিধ্বনিত হৈ আছে। “কি যে ছন্দত হ’লো বন্দী”-এই পংক্তিটো প্ৰথম দৃষ্টিত এজন নিঃসংগ মানুহৰ অস্তিত্বগত আক্ষেপ যেন লাগে। গীতটো অলপ গভীৰভাৱে শুনিলে বুজা যায় যে গীতটোৰ কথা, সুৰ, ভাবৰ মাজেৰে তেওঁ গীতটোৰ সংগীতৰ এনে এক rhythmic patternৰ জন্ম দিছে যাৰ নেপথ্যত আছে তেওঁৰ জীৱনৰ এক নিৰ্দিষ্ট গতিৰ লগত জড়িত কিছু প্ৰশ্ন। যি গতি নিয়ন্ত্ৰিত হয় তেওঁ জীয়াই থকা সামাজখনৰ নিয়ম, কিছুমান ঐতিহাসিক অভ্যাস আৰু মানুহৰ অস্তিত্বক নিয়ন্ত্ৰণ কৰা এক অদৃশ্য কাঠামোৰ দ্বাৰা। তাৰেই ৰূপক হিচাবে এই গীতটিৰ জন্ম হৈছে। গীতটোৰ “কিযে ছন্দত” শব্দ যুগল সাংগীতিক ৰূপত এটা মৌলিক দাৰ্শনিক প্ৰশ্ন। ইয়াত ছন্দ হৈছে- জীৱন, সমাজ আৰু প্ৰকৃতিৰ মাজৰ দ্বন্দ্বৰে জন্ম হোৱা মানুহৰ জীৱন সংগ্ৰামৰ গতিৰ ছন্দ।
ভূপেন হাজৰিকাৰ সংগীতৰ বিশেষত্ব হ’ল- জীৱনৰ ছন্দৰ ৰূপান্তৰ হৈ তেওঁৰ সংগীতৰ ছন্দৰ জন্ম হয় । এই ৰূপান্তৰ প্ৰক্ৰিয়াই ভূপেন্দ্ৰ সংগীতৰ শক্তিৰ উৎস।
সেইদৰে গীতটোৰ উল্লেখিত ‘বন্দীত্ব’ও কোনো দৃশ্যমান কাৰাগাৰৰ বন্দীত্ব নহয়; ই এনে এক অৱস্থা, য’ত মানুহে নিজৰ জীৱন নিজেই নিৰ্ধাৰণ কৰি থকা বুলি ভাবিলেও তেওঁৰ জীৱনৰ গতি বহু সময়ত তেওঁৰ বাহিৰত থকা এক শক্তিয়ে নিৰ্ধাৰণ কৰি থাকে। সেই অৱস্থাই সৃষ্টি কৰা বন্দীত্ব। সেই কাৰণেই গীতটোৰ “অনিয়মকে কৰিলোঁ নিয়ম”,“লঙ্ঘন কৰিব নোৱাৰা নিয়ম লঙ্ঘন কৰিয়েই হায়”ৰ দৰে পংক্তিসমূহ বিশেষ তাৎপৰ্যপূৰ্ণ। ইয়াত ব্যক্তি আৰু নিয়ম, স্বাধীনতা আৰু বাধ্যবাধকতা, বিদ্ৰোহ আৰু আত্ম-সংশয়ৰ মাজত এক দ্বন্দ্বৰ সৃষ্টি হয়। মানুহে নিয়ম ভাঙে, কিন্তু নতুন নিয়মৰ পৰাও মুক্ত নহয়; তেওঁ এটা ছন্দৰ পৰা ওলাই আন এটা ছন্দৰ ভিতৰত প্ৰৱেশ কৰে। ফলত গীতটোৰ অন্তৰালত এটা অধিক জটিল প্ৰশ্ন উত্থাপিত হয়-
মুক্তি মানে কেৱল পুৰণি নিয়ম ভঙা নেকি, নে নিজৰ জীৱনৰ নতুন ছন্দ নিজে সৃষ্টি কৰাৰ ক্ষমতা লাভ কৰা?
এইখিনিতেই ‘কি যে ছন্দত হ’লো বন্দী’ কেৱল এটা ব্যক্তিগত বিষাদৰ গীত হৈ নাথাকে। ইয়াৰ ভিতৰত ব্যক্তিৰ নিঃসংগতা, সামাজিক বিচ্ছিন্নতা, নিয়মৰ প্ৰশ্ন, লক্ষ্যহীন ভ্ৰমণ আৰু মুক্তিৰ আকাংক্ষা একেলগে সংযুক্ত হৈ পৰে। “সঙ্গী কোনো যে নাই” সেয়েহে কেৱল ব্যক্তিগত loneliness নহয়; ইয়াক মানুহৰ সামাজিক অস্তিত্বৰ সংকট হিচাপেও পঢ়িব পাৰি। মানুহ সমাজৰ প্ৰাণী, অথচ সেই সমাজৰ মাজতেই যদি তেওঁ নিজৰ সহযাত্ৰী, সহমৰ্মী অথবা সহযোদ্ধাক বিচাৰি নাপায়, তেন্তে তেওঁৰ স্বাধীনতাৰ অনুসন্ধানো এক নিঃসংগ যাত্ৰাত পৰিণত হয়।
সেইদৰে যেতিয়া গীতটো ‘পংক’ৰ পৰা ‘জ্যোতি-কমল’লৈ, আৰু শেষত ‘তাণ্ডৱ দুন্দুভি’লৈ আগবাঢ়ে, তেতিয়া এই নিঃসংগতাৰ ভিতৰতো এক ৰূপান্তৰকামী শক্তিৰ আভাস দেখা যায়। পংকৰ পৰা কমলৰ জন্মৰ ৰূপকটোৱে যেন কয়-বাস্তৱৰ অন্ধকাৰ আৰু সংঘাতৰ পৰা আঁতৰি গৈ মুক্তি লাভ কৰিব নোৱাৰি; বাস্তৱৰ মাজলৈ নামিয়েই তাৰ ভিতৰৰ সম্ভাৱনাক উন্মোচন কৰিব লাগে। ‘তাণ্ডৱ’ তেতিয়া কেৱল ধ্বংসৰ নৃত্য নহয়; ই পুৰণি ছন্দক অস্বীকাৰ কৰি নতুন ছন্দৰ সন্ধান কৰাৰ এক ৰূপক হিচাপেও পঢ়িব পাৰি।
এই দৃষ্টিকোণৰ পৰা গীতটো একেলগে দাৰ্শনিক, সামাজিক, ৰাজনৈতিক আৰু সাংগীতিক উপাদানেৰে নিৰ্মিত এক অনন্য শিল্প হৈ উঠিছে। ইয়াৰ দাৰ্শনিকতা মানুহৰ অস্তিত্বৰ প্ৰশ্নত, সামাজিকতা মানুহৰ বিচ্ছিন্নতা আৰু নিয়মৰ মাজত, ৰাজনৈতিক সম্ভাৱনা ক্ষমতা আৰু প্ৰচলিত কাঠামোক প্ৰশ্ন কৰাৰ ভিতৰত, আৰু ইয়াৰ সাংগীতিক শক্তি এই সমগ্ৰ চিন্তাক শ্ৰোতাৰ বৌদ্ধিক উপলব্ধিৰ পৰা অনুভূতিগত অভিজ্ঞতালৈ ৰূপান্তৰ কৰাৰ ক্ষমতাত নিহিত।
সেইবাবেই ‘কি যে ছন্দত হ’লো বন্দী’ গীতটো কেৱল এটা গান হিচাপে শুনিলে যি অৰ্থ পোৱা যায়, দৰ্শনৰ দৃষ্টিৰে শুনিলে তাৰ অৰ্থ সলনি হয়; সমাজৰ দৃষ্টিৰে শুনিলে আন এটা স্তৰ মুকলি হয়; আৰু ৰাজনৈতিক দৃষ্টিৰে শুনিলে “বন্দী” শব্দটোৱেই এক নতুন প্ৰশ্ন হৈ আমাৰ সন্মুখত থিয় হয় এনেদৰে –
মানুহ ছন্দৰ ভিতৰত জীয়াই থাকে, নে ছন্দটোৱেই মানুহৰ জীৱনক বন্দী কৰি ৰাখে? এইটোৱেও গীতটোৱে উত্থাপন কৰা গভীৰ সামাজিক-ৰাজনৈতিক-দাৰ্শনিক প্ৰশ্ন।
ভূপেনদাই কিন্তু ছন্দটো নিজৰ নিয়ন্ত্ৰণৰ বাবে যুঁজত নামি পৰিছে। যদিও প্ৰতিটো পদক্ষেপতে তেওঁ বন্দীত্বৰ মুখামুখি হৈছে।
যদি মানুহে নিজৰ জীৱনৰ ছন্দ নিজে নিৰ্ধাৰণ কৰে—তেন্তে সেয়া স্বাধীনতা। কিন্তু যদি মানুহে এনে এটা ছন্দত জীৱন কটাবলগীয়া হয় যিটো তেওঁ নিজে নিৰ্মাণ কৰা নাই, কিন্তু যাৰ পৰা ওলাই আহিবও নোৱাৰে—তেন্তে সেয়া বন্দীত্ব। ছন্দটো মানুহে নিয়ন্ত্ৰণ কৰিছে নে ছন্দটোৱে মানুহক নিয়ন্ত্ৰণ কৰিছে?
ভূপেন হাজৰিকাৰ এই গীতৰ গভীৰতম শক্তি হয়তো এইখিনিতেই যে ই আমাক উত্তৰ নিদিয়ে; বৰং নিজৰ জীৱনৰ ছন্দটোকেই পুনৰ শুনিবলৈ বাধ্য কৰে।
(গানটো শুনিবলৈ ইয়াত ক্লিক কৰক)
(লেখকৰ টোকা : ভূপেন হাজৰিকাৰ উক্ত গীতটোৰ সংক্ৰান্তত মোৰ আলোচনাৰ আৰু কিছু গুৰুত্বপূৰ্ণ সম্ভাৱনা থাকি গৈছে। সেই সমূহ আলোচনা স্থানান্তৰত আগবঢ়োৱা হব। সেই অনুসৰি সন্মানীয় পাঠক সকলে এই লেখাটি সম্পূৰ্ণ লেখাটোৰ প্ৰথম অংশ হিচাবেহে বিবেচনা কৰিব।)
