বিবিধ চিন্তা

উনবিংশ শতিকাৰ মহাৰাষ্ট্ৰৰ সমাজ সংস্কাৰক জ্যোতিবা ফুলে  ।। ড° ধনেশ্বৰ বৈশ্য

মুক্ত চিন্তা। দ্বাদশ বছৰ। ১ম সংখ্যা

জ্যোতিবা ফুলে উনবিংশ শতিকাৰ মহাৰাষ্ট্ৰৰ সমাজ সংস্কাৰক সকলৰ ভিতৰত একক আছিল। তেওঁক আমি বৈপ্লৱিক সমাজ সংস্কাৰক হিচাপেও অভিহিত কৰিব পাৰো। সেই সময়ৰ মহাৰাষ্ট্ৰৰ আন সংস্কাৰকসকলে নাৰীৰ মৰ্যাদা আৰু অধিকাৰৰ ওপৰত বিশেষ গুৰুত্ব দি পৰিয়াল আৰু বিবাহৰ সামাজিক প্ৰতিষ্ঠানসমূহৰ সংস্কাৰত অধিক মনোনিৱেশ কৰাৰ বিপৰীতে জ্যোতিবা ফুলেই জাতি প্ৰথাৰ বাবে যুগ যুগ ধৰি লাখ লাখ শূদ্ৰ আৰু অতি-শূদ্ৰ লোকে সম্মুখীন হৈ অহা গভীৰ অসমতা আৰু অন্যায়ৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। আনহাতে নাৰীৰ শিক্ষা আৰু অধিকাৰ প্ৰতিষ্ঠাৰ পোষকতা কৰাই নহয় ইয়াক বাস্তৱায়িত কৰাৰ বাবে সমাজৰ ভয় ভাবুকিৰ বিৰুদ্ধে গৈ প্ৰতিষ্ঠা কৰিছিল বহুকেইখন নাৰী শিক্ষাৰ অনুষ্ঠান। তেওঁ শূদ্ৰ, অতি-শূদ্ৰ বা দলিত আৰু সকলো জাতিৰ নাৰীক একে শাৰীত ৰাখিছিল। শূদ্ৰ আৰু অতি-শূদ্ৰ সকলৰ দৰে নাৰীসকলো সকলো ধৰণৰ অধিকাৰৰ পৰা বঞ্চিত বুলি তেওঁ অনুভৱ কৰিছিল। জ্যোতিবা ফুলেৰ জন্ম হৈছিল ১৮২৭ চনৰ ১১ এপ্ৰিলত মহাৰাষ্ট্ৰৰ চাতাৰা জিলাত। তেওঁ আছিল মালি সম্প্ৰদায়ৰ লোক, যি সম্প্ৰদায়ক পিছপৰা সম্প্ৰদায় হিচাপে গণ্য কৰা হৈছিল। তেওঁৰ পিতৃ গোবিন্দৰাও আছিল পুনাত শাক-পাচলি বিক্ৰেতা। জ্যোতিবাৰ পৰিয়াল, গোৰহে নামেৰে পৰিচিত আছিল। যিহেতু জ্যোতিবাৰ পিতৃ আৰু দুজন খুৰাকে শেষ পেছৱাৰ অধীনত ফুল যোগানকাৰী হিচাপে কাম কৰিছিল, সেয়েহে তেওঁলোক ‘ফুলে’ নামেৰে জনাজাত হ’ল।  জ্যোতিবাৰ প্ৰায় এবছৰ বয়সতে মাতৃৰ মৃত্যু হয়। প্ৰাথমিক শিক্ষা সমাপ্ত কৰি জ্যোতিবাই স্কুল এৰি পৰিয়ালৰ খেতিপথাৰত কাম কৰি দেউতাকক সহায় কৰিব লগা হৈছিল। তেৰ বছৰ বয়সৰ আগতেই তেওঁৰ বিয়া হৈছিল। জ্যোতিবাৰ শিক্ষা জীৱনৰ ইমানতে অন্ত পৰিলহেতেন যদিহে তেওঁৰ চুবুৰীয়া এগৰাকী মুছলমান শিক্ষক আৰু এগৰাকী খ্ৰিষ্টিয়ান ভদ্ৰলোকৰ দৃষ্টি তেওঁৰ ওপৰত নপৰিলহেতেন। দুয়োগৰাকীয়ে জ্যোতিবাৰ বুদ্ধিমত্তাৰ উমান পাইছিল আৰু জ্যোতিবাক মাধ্যমিক পৰ্যায়ৰ শিক্ষা গ্ৰহণৰ বাবে নাম ভৰ্তি কৰাবৰ বাবে দেউতাকক সৈমান কৰাইছিল। তেওঁ পুনাৰ স্কটিছ মিছন হাইস্কুলত নামভৰ্তি কৰিছিল। ইয়াতে তেওঁৰ সদাশিৱ বল্লাল গোৱাণ্ডেৰ সৈতে বন্ধুত্ব হৈছিল আৰু গোৱাণ্ডে ব্ৰাহ্মণ হোৱা স্বত্বেও দুয়োৰে বন্ধুত্ব আজীৱন জীয়াই আছিল। দুয়োজন টমাছ পেইনৰ আদৰ্শৰ দ্বাৰা বিশেষকৈ পেইনৰ “The Rights of Man” গ্ৰন্থখনৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হৈছিল। জ্যোতিবাই ১৮৪৭ চনত মাধ্যমিক শিক্ষা সমাপ্ত কৰিছিল আৰু চাকৰি নকৰাৰ সিদ্ধান্ত লৈছিল। উল্লেখযোগ্য যে এই সময়ৰ পৰাই তেওঁ জাতিপ্ৰথাই সৃষ্টি কৰা অসমতাৰ ওপৰত সজাগ হ’বলৈ আৰম্ভ কৰিছিল।

 জ্যোতিবা আছিল ব্ৰাহ্মণ্যবাদৰ এগৰাকী কঠোৰ সমালোচক। তেওঁৰ ব্ৰাহ্মণ্যবাদৰ বিৰোধিতা কেৱল বৰ্ণ ব্যৱস্থাৰ সৈতে সম্পৰ্কিত নাছিল, ই আছিল হিন্দু ব্যাৱস্থাত ব্ৰাহ্মণ্যবাদে সৃষ্টি কৰা চৰম আধিপত্যবাদৰ বিৰোধিতা। ফুলেই হিন্দুত্ববাদ শব্দটো কেতিয়াবাহে ব্যৱহাৰ কৰিছিল আৰু ইয়াৰ পৰিৱৰ্তে ব্ৰাহ্মণ্যবাদ শব্দটো ব্যৱহাৰ কৰিছিল। তেওঁৰ মতে যাক আমি হিন্দুত্ববাদ হিচাপে জানো তাৰ উৎপত্তি হৈছিল শ্ৰুতি (বেদ) আৰু স্মৃতি সমূহৰ মাজেদি। এই গ্ৰন্থসমূহ ব্ৰাহ্মণসকলে নিজৰ আধিপত্যক যুক্তিসংগত ৰূপ দিবলৈ আৰু আধিপত্যক স্থায়ী কৰিবলৈ ৰচনা কৰিছিল। ব্ৰাহ্মণ্যবাদী অৱস্থানে চতুৰ্বৰ্ণ ব্যৱস্থাক দৈৱিক আৰু চিৰন্তন বুলি দাবী কৰিছিল আৰু সেয়েহে ইয়াক অপ্ৰতিৰোধ্য বুলিও কৈছিল। ফুলেই এনে ছদ্ম ধৰ্ম আৰু এনে ধৰ্মক ধৰি ৰাখিব খোজা ধৰ্মপুথি বিলাক নাকচ কৰিছিল। ফুলে ব্ৰাহ্মণ্যবাদী জাতিবাদী গাঠনিৰ প্ৰতি মুঠেও আগ্ৰহী নাছিল আৰু ইয়াৰ অমানৱীয় দিশটোক কোনোধৰণে মান্যতা দিবলৈ আগ্ৰহী নাছিল। তেওঁ ইয়াক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান আৰু ধ্বংসৰ পক্ষে যুক্তি আগবঢ়াইছিল। তাৰ ঠাইত তেওঁ হিন্দু সামাজিক গাঁথনিৰ দ্বৈত ধাৰণা সৃষ্টি কৰিব বিচাৰিছিল। এই দ্বৈত ধাৰণাত এফালে তেওঁ সুবিধাভোগী ব্ৰাহ্মণসকলক আৰু আনফালে সমাজত অসমতাপূৰ্ণ সুবিধাহীন পৰিবেশত বাস কৰি থকা লোকসকলক ৰাখিছিল। তেওঁ এই দুয়োটা বিপৰীত গোটক বৰ্ণ অনুসৰি ব্ৰাহ্মণ আৰু শূদ্ৰাতিশূদ্ৰ বুলি অভিহিত কৰিছিল। ফুলেৰ স্পষ্ট ধাৰণা আছিল যে ব্ৰাহ্মণ্যবাদ হৈছে এক ধাৰ্মিক বা অধিক সঠিকভাৱে ক’বলৈ গ’লে ধৰ্মীয় ব্যৱস্থা যাৰ দ্বাৰা  ব্ৰাহ্মণসকলৰ আধিপত্যক স্থায়ী কৰি ৰাখিছিল,  যুক্তিযুক্ত আৰু পবিত্ৰ কৰি তুলিছিল।

ফুলেই ব্ৰাহ্মণ্যবাদী আধিপত্যৰ আদৰ্শক তীব্ৰ আক্ৰমণ কৰিছিল। তেওঁৰ মতে আৰ্য নামেৰে পৰিচিত ব্ৰাহ্মণসকল মাত্ৰ কেইহাজাৰমান বছৰ আগতে সম্ভৱতঃ ইৰাণৰ পৰা উত্তৰ ভাৰতৰ সমভূমিলৈ নামি আহিছিল। তেওঁলোকে বিজয়ী হিচাপে আহি এই ভূমিৰ আদিবাসীসকলক পৰাস্ত কৰিছিল। ব্ৰহ্মা আৰু পৰশুৰাম আদি নেতাৰ নিৰ্দেশনাত ব্ৰাহ্মণসকলে আদিবাসীৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া যুদ্ধ কৰিছিল। প্ৰথমতে গংগাৰ পাৰত বসতি স্থাপন কৰিছিল আৰু পিছলৈ দেশজুৰি বিয়পি পৰিছিল। জনসাধাৰণৰ ওপৰত আধিপত্য ধৰি ৰাখিবলৈ তেওঁলোকে পূৰা কাহিনী, বৰ্ণ আৰু জাতি ব্যৱস্থা আৰু লগতে নিষ্ঠুৰ আৰু অমানৱীয় আইন সংহিতাও উদ্ভাৱন কৰিছিল। তেওঁলোকে পুৰোহিততন্ত্ৰ প্ৰতিষ্ঠা কৰিছিল যিয়ে ব্ৰাহ্মণসকলক সকলো অনুষ্ঠানতে প্ৰাধান্য দিছিল। তেতিয়াৰ পৰা ব্ৰাহ্মণসকলে শূদ্ৰ আৰু অতিশূদ্ৰক দাসত্বত ৰাখিছে। প্ৰজন্ম ধৰি তেওঁলোকে বন্ধনৰ দাসত্বৰ শিকলি কঢ়িয়াই লৈ ফুৰিছে। মনুৰ দৰে কেইবাজনো ব্ৰাহ্মণ লেখকে সময়ে সময়ে জনসাধাৰণৰ মনক দাসত্বত ৰখা  কিংবদন্তিবোৰত নতুন ধাৰণা যোগ দিছে। ফুলেই ১৮৭৩ চনত প্ৰকাশ কৰা ‘গুলামগিৰি’ গ্ৰন্থত ব্ৰাহ্মণসকলে ৰচনা কৰা জাতি ব্যৱস্থাটোক আমেৰিকাৰ দাসত্ব ব্যৱস্থাৰ সৈতে তুলনা কৰিছিল আৰু কৃষ্ণাংগসকলতকৈ শূদ্ৰসকলে অধিক কষ্ট আৰু অত্যাচাৰ ভোগ কৰিবলগীয়া হোৱা বুলি আঙুলিয়াই দিছিল। তেওঁ উক্ত গ্ৰন্থত উল্লেখ কৰিছিল যে পশ্চিমৰ দাসত্ব ব্যৱস্থা আছিল শাৰীৰিক কিন্তু ভাৰতৰ জাতিবাদী নিষ্পেষণ মনস্তাত্বিক, সাংস্কৃতিক আৰু ধৰ্মীয়, যাৰ ফলত ই অধিক গভীৰ ভাৱে প্ৰোথিত। ইয়াৰ পৰা নিম্ন জাতিৰ লোকসকলৰ মুক্তি সহজ নহয়।

ফুলেৰ মতে ব্ৰাহ্মণবাদ ঐতিহাসিক, ই ঐশ্বৰিক নহয়। ই অত্যাচাৰ আৰু আধিপত্যৰ মতাদৰ্শ, সেয়েহে ইয়াৰ বিৰোধিতা কৰি শেষত ভাঙি পেলাব লাগে। ব্ৰাহ্মণ্যবাদে নিজকে যিহেতু ঐশ্বৰিক বুলি  উপস্থাপন কৰিছিল সেয়েহে ব্যৱস্থাটোৰ সম্পূৰ্ণৰূপে বিৰোধিতা কৰাটো প্ৰয়োজনীয়। ধৰ্মৰ ওপৰত ফুলেৰ লেখাৰ বৃহত্তম অংশ সেয়েহে ব্ৰাহ্মণবাদৰ বিৰুদ্ধে তীব্ৰ বিতৰ্কৰে গঠিত। জ্যোতিবা ফুলেৰ অতি প্ৰভাৱশালী ৰচনা হৈছে গুলামগিৰি। এই গ্ৰন্থত তেওঁ হিন্দু ধৰ্মৰ অৱতাৰকল্পৰ বিৰোধিতা কৰিছে আৰু ব্ৰাহ্মণ সকলে (আৰ্যসকলে) কেনেকৈ চালাকিৰে অৱতাৰ ধাৰণাৰ সৃষ্টি কৰি আধিপত্য আৰু নিষ্পেষণ বজাই ৰাখিব বিচাৰিছিল তাক দাঙি ধৰিছে। তেওঁ এনে অৱতাৰবাদী ব্ৰাহ্মণ্য ইতিহাসক নাকচ কৰিছে। তেওঁ অৱতাৰ কল্পনাৰ আক্ৰমণক বহুদেৱতাবাদী আচাৰ-ব্যৱহাৰ আৰু একেশ্বৰবাদী আধ্যাত্মিক অৱস্থানৰ মাজৰ আপাত বৈপৰীত্য বিলুপ্ত কৰাৰ এক উপায় হিচাপে গণ্য কৰিছিল, যিবোৰে হয়তো ইতিহাস বা আনকি স্পষ্ট যুক্তিৰ কোনো এটাৰে নিৰীক্ষণৰ সন্মুখীন নহ’বও পাৰে। শূদ্ৰাতিশূদ্ৰ দৃষ্টিকোণৰ পৰা তেওঁ ব্ৰাহ্মণ্যবাদী ইতিহাসক প্ৰত্যাখ্যান কৰিছিল। ফুলেৰ মতে সমাজ সংস্কাৰৰ এটা গুৰুত্বপূৰ্ণ দায়িত্ব হৈছে ইতিহাস গভীৰভাৱে অধ্যয়ন কৰি এইটো অৱগত হোৱা – কেতিয়া আৰু কেনেকৈ ব্ৰাহ্মণসকলে হিন্দু সমাজৰ আন শ্ৰেণীবোৰৰ ওপৰত নিজৰ আধিপত্য স্থাপন কৰিছিল। তেওঁ এই সিদ্ধান্তত উপনীত হৈছিল যে হাজাৰ হাজাৰ বছৰ ধৰি চলি অহা দাসত্বৰ মূল কাৰণ হৈছে ব্ৰাহ্মণসকলে প্ৰতিষ্ঠা কৰা ধৰ্মীয় ব্যৱস্থা। গুলামগিৰি গ্ৰন্থত তেওঁ লিখিছে – “যদিও আমি ব্ৰিটিছ শাসনৰ অধীনত আছোঁ, প্ৰকৃততে প্ৰশাসনৰ দায়িত্ব মূলতঃ ব্ৰাহ্মণসকলেই চলায়। ইয়াৰ ফলত অশিক্ষিত অ-ব্ৰাহ্মণ জনসাধাৰণে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে কষ্ট ভোগ কৰিবলগীয়া হয়। জাতিভেদৰ বৈষম্য চূড়ান্ত পৰ্যায়লৈকে পালন কৰা হয়। শিক্ষা প্ৰতিষ্ঠানসমূহ ব্ৰাহ্মণসকলৰ নিয়ন্ত্ৰণত। পাঠ্যপুথিত ব্ৰাহ্মণসকলে লিখা শাস্ত্ৰসমূহৰ ত্ৰুটিবোৰ ইচ্ছাকৃতভাৱে উপেক্ষা কৰা হৈছে। গাঁৱৰ অ-ব্ৰাহ্মণসকল, বিশেষকৈ কৃষকসকলে শিক্ষা লাভ কৰিব নোৱাৰে। দৰিদ্ৰতাৰ বাবে তেওঁলোকে শিক্ষাৰ খৰচ বহন কৰিব নোৱাৰে। অশিক্ষিত হোৱাৰ বাবে লেনদেনত ক্ষতিৰ সম্মুখীন হয় আৰু শিক্ষিতসকলে বিভিন্ন উপায়ে তেওঁলোকক প্ৰতাৰণা কৰে। কুসংস্কাৰত বিশ্বাস কৰাৰ‌ ফলত তেওঁলোকে কঠোৰ পৰিশ্ৰমেৰে উপাৰ্জন কৰা ধন অপব্যয় হয়। তেওঁলোকৰ ওপৰত হোৱা অন্যায়ৰ বিষয়ে হয় তেওঁলোক সচেতন নহয়, অথবা সচেতন হ’লেও অজ্ঞানতা আৰু দাৰিদ্ৰতাৰ বাবে ন্যায় বিচাৰ লাভ কৰিব নোৱাৰে।”

জ্যোতিবা ফুলেই বুজিছিল যে সমাজৰ নিপীড়িত শ্ৰেণীসমূহক আগুৱাই নিবলৈ হ’লে তেওঁলোকক শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব লাগিব। গতিকে শূদ্ৰ, অতিশূদ্ৰ বা দলিত আৰু মহিলাসকলৰ শিক্ষাৰ বাবে তেওঁ বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। তেওঁ ১৮৪৮ চনত পুনেত নিপীড়িত শ্ৰেণীৰ বাবে প্ৰথমখন বিদ্যালয় স্থাপন কৰিছিল। সমাজৰ প্ৰতিক্ৰিয়াশীল শক্তি আৰু আত্মীয়-স্বজনৰ পৰা অপমান, উপহাস আৰু বহিষ্কাৰৰ সম্মুখীন হোৱাৰ পিছতো ফুলে আৰু তেওঁৰ পত্নী সাবিত্ৰীবাই ফুলেই সাহস আৰু নিষ্ঠাৰে অস্পৃশ্যসকলৰ সেৱাত আত্মনিয়োগ কৰিছিল আৰু তেওঁলোকৰ শিক্ষা আৰু মুক্তিৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাইছিল। বিশেষকৈ তেওঁ অস্পৃশ্যসকলৰ অধিকাৰৰ পক্ষত দৃঢ়ভাৱে থিয় দিছিল আৰু দৰিদ্ৰ কৃষকসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবেও কাম কৰিছিল। ধনৰ অভাৱত ফুলেই প্ৰতিষ্ঠা কৰা প্ৰথমখন বিদ্যালয় বন্ধ হৈছিল। তেওঁ ১৮৫১ চনৰ ৩ জুলাই তাৰিখে ছোৱালী শিক্ষাৰ বাবে আন এখন বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। সমাজৰ গোড়া লোকসকলৰ প্ৰবল বিৰোধিতা সত্ত্বেও উক্ত বিদ্যালয়ত সাবিত্ৰীবাই ফুলেই শিক্ষা দান কৰিছিল। ফুলেই ১৮৫১-৫২ চনত আন দুখন ছোৱালী বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। ফুলেই ১৮৮২ চনত শিক্ষা আয়োগৰ (হান্টাৰ আয়োগ) আগত দাঙি ধৰা বক্তব্যত উল্লেখ কৰিছিল – “A year after the institution of the female school, I also established an indigenous mixed school for the lower classes, especially the Maharas and Mangs. Two more schools for these classes were subsequently added. I continued to work in them for nearly nine to ten years.” জ্যোতিবা ফুলেই বিধবা মহিলাসকলক দুখজনক জীৱনৰ পৰা উদ্ধাৰ কৰিব বিচাৰিছিল। সেই সময়ত বিধৱাৰ পুনৰ বিবাহ নিষিদ্ধ কৰা হৈছিল আৰু হিন্দু সমাজৰ ব্ৰাহ্মণ আৰু অন্যান্য উচ্চ বৰ্ণৰ মাজত বাল্যবিবাহ অতি সাধাৰণ কথা আছিল। বহু বিধৱা কমবয়সীয়া আছিল আৰু সকলোৱেই এনেদৰে জীয়াই থাকিব পৰা নাছিল যিটো গতানুগতিক মানুহে আশা কৰিছিল। কিছুমান পতিত বিধৱাই গৰ্ভপাতৰ আশ্ৰয় লৈছিল বা নিজৰ অবৈধ সন্তানক ৰাজপথত এৰি থৈ গৈছিল। অনাথ শিশুসকলক আশ্ৰয় প্ৰদান কৰাৰ বাবে জ্যোতিবা ফুলেই এখন অনাথ আশ্ৰম প্ৰতিষ্ঠা কৰিছিল। সম্ভৱতঃ কোনো হিন্দু এজনে প্ৰতিষ্ঠা কৰা এইখনে আছিল প্ৰথম অনাথ আশ্ৰম। এই অনাথ আশ্ৰমতেই ১৮৭৩ চনত এগৰাকী ব্ৰাহ্মণ বিধৱাই এটি ল’ৰা সন্তান জন্ম দিছিল। জ্যোতিবাই তেওঁক পুত্ৰ হিচাপে দত্তক লৈছিল।

উনবিংশ শতিকাত সামাজিক আৰু ৰাজনৈতিক সংস্কাৰৰ বাবে ব্ৰাহ্ম সমাজ (১৮২৮), প্ৰাৰ্থনা সমাজ (১৮৬১), আৰ্য সমাজ (১৮৭১), সাৰ্বজনিক সভা (১৮৭১) আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ (১৮৮৫) আদি গঠন হৈছিল। ফুলেৰে মতে এই সংগঠনসমূহ ব্ৰাহ্মণসকলৰ নিয়ন্ত্ৰণাধীন আছিল। তেওঁৰ মতে ব্ৰাহ্ম সমাজ, সাৰ্বজনিক সভা আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে বহু কাৰ্যসূচী ঘোষণা কৰিলেও বাস্তৱত সাধাৰণ জনসাধাৰণৰ অৱস্থাৰ উন্নতিৰ বাবে বিশেষ একো কৰা নাছিল। ফুলেৰ বিশ্বাস আছিল যে এই সংগঠনসমূহ ব্ৰাহ্মণসকলৰ নিয়ন্ত্ৰণত আছিল আৰু সেয়েহে সঁচা অৰ্থত জনসাধাৰণক প্ৰতিনিধিত্ব কৰা নাছিল। ১৮৮৫ চনৰ জুন মাহত প্ৰকাশ কৰা ‘সৎসাৰ’ নামৰ পুস্তিকাত ফুলেই ব্ৰাহ্ম সমাজ আৰু প্ৰাৰ্থনা সমাজক কঠোৰ সমালোচনা কৰি কৈছিল “আমাক আপোনালোকৰ সংগঠনৰ সহায়ৰ প্ৰয়োজন নাই। আমাৰ বিষয়ে চিন্তা কৰাৰো প্ৰয়োজন নাই’। মৰণোত্তৰভাৱে প্ৰকাশিত তেওঁৰ গ্ৰন্থ “সাৰ্বজনিক সত্যধৰ্ম পুস্তক”ত তেওঁ উল্লেখ কৰিছে যে কৃষক আৰু অস্পৃশ্যসকল সাৰ্বজনিক সভা আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ – কোনো সংগঠনৰ সদস্য নাছিল। তেওঁ সতৰ্ক কৰি দিছিল যে এই সংগঠনসমূহে উত্থাপন কৰা প্ৰশাসনিক সেৱাৰ ভাৰতীয়কৰণৰ দাবী যদি গ্ৰহণ কৰা হয় তেন্তে তাৰ ফলত ভাৰতীয় প্ৰশাসনত ব্ৰাহ্মণসকলৰ আধিপত্য আৰু অধিক বৃদ্ধি পাব। ফুলেৰে মতে, যেতিয়ালৈকে বিভিন্ন জাতিৰ লোকসকলে একেলগে ভোজন কৰা বা আন্ত:জাতি বিবাহৰ ওপৰত নিষেধাজ্ঞা পালন কৰি থাকিব, তেতিয়ালৈকে প্ৰকৃত জাতীয়তাবোধ গঢ়ি তোলা কঠিন। তেওঁ বিশ্বাস কৰিছিল যে জনসাধাৰণৰ শিক্ষাইহে জাতি গঠনৰ প্ৰক্ৰিয়াক আগুৱাই নিব।

 ফুলেই ১৮৭৩ চনত ‘সত্য শোধক সমাজ’ নামৰ এটা সংগঠনৰ জন্ম দিছিল। তেওঁ এই সংগঠনৰ লক্ষ্য ঘোষণা কৰিছিল এনেদৰে – “ভাট, ব্ৰাহ্মণ, পুৰোহিত আদি লোকসকলৰ কবলৰ পৰা শূদ্ৰ আৰু অতিশূদ্ৰসকলক মুক্ত কৰা। শূদ্ৰ আৰু অতিশূদ্ৰসকলক শিক্ষা প্ৰদান কৰা, তেওঁলোকক অধিকাৰৰ বিষয়ে সচেতন কৰা আৰু ব্ৰাহ্মণ্যবাদী অত্যাচাৰৰ পৰা মুক্ত কৰা।” ফুলে সত্যশোধক সমাজৰ প্ৰথম সভাপতি আৰু কোষাধ্যক্ষ আছিল। ফুলেৰ মতে হিন্দু ধৰ্মৰ ভিতৰত গঢ়ি উঠা সংস্কাৰ আন্দোলনসমূহ – ব্ৰাহ্ম সমাজ, প্ৰাৰ্থনা সমাজ আৰু আৰ্য সমাজ – বাস্তৱত ব্ৰাহ্মণ্যবাদ আৰু আচাৰ-অনুষ্ঠানবাদৰ সীমাৰ ভিতৰত আৱদ্ধ হৈ আছিল। তেওঁ সত্যশোধক সমাজক সত্যৰ ওপৰত প্ৰতিষ্ঠা কৰিব বিচাৰিছিল, যাক তেওঁ সাৰ্বজনীন আৰু মুক্তিদায়ক বুলি বিশ্বাস কৰিছিল। সত্যশোধক সমাজৰ সকলো সদস্যই সকলো মানুহক ঈশ্বৰৰ সন্তান হিচাপে গণ্য কৰিব লাগিছিল আৰু কোনোধৰণৰ মধ্যস্থতাকাৰী অবিহনে সৃষ্টিকৰ্তাৰ উপাসনা কৰিব লাগিছিল। উক্ত সমাজে ব্ৰাহ্মণ পূৰোহিতৰ উপস্থিতি নোহোৱাকৈ বিবাহ অনুষ্ঠান আয়োজন কৰি সমাজত পূৰোহিতসকলৰ একচেটিয়া আধিপত্য ভংগ কৰাৰ ক্ষেত্ৰত নেতৃত্ব দিছিল।

      জ্যোতিবা ফুলে ভাৰতৰ বিভিন্ন প্ৰান্তৰ সমাজ সংস্কাৰক সকলৰ ভিতৰত নিশ্চিতভাৱে অধিক কঠোৰ সংস্কাৰক আছিল। তেওঁ হিন্দু ধৰ্মত ব্ৰাহ্মণ্যবাদী আদৰ্শৰ গোড়া সমালোচক আছিল আৰু শূদ্ৰ, অতিশূদ্ৰ আৰু নাৰীৰ ওপৰত ব্ৰাহ্মণ্যবাদে আৰোপ কৰা বাধা নিষেধ সমূহ ভংগ কৰি এখন উদাৰবাদী সমাজ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল। তেওঁৰ চিন্তাধাৰাই পৰৱৰ্তী সময়ত ড° বি আৰ আম্বেডকাৰৰ দৰে চিন্তাবিদক গভীৰভাৱে প্ৰভাৱিত কৰিছিল আৰু ভাৰতৰ দলিত আন্দোলনক আগুৱাই নিয়াত ভূমিকা পালন কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *