কেন্দ্ৰীয় নিবন্ধ

ড০ ভূপেন হাজৰিকা আৰু ভাৰতীয় গণনাট্য সংঘ ।। টুনুজ্যোতি গগৈ

মুক্ত চিন্তা। দ্বাদশ বছৰ। ১ম সংখ্যা
বিশ্বজুৰি সমাজবাদী চিন্তা আৰু ঔপনিৱেশিকতাবিৰোধী সংগ্ৰামৰ প্ৰভাৱত অসমৰ সমাজ-সংস্কৃতিৰ ক্ষেত্ৰতো বিংশ শতিকাৰ ত্ৰিশ-চল্লিশৰ দশকৰপৰা এক নতুন চেতনাৰ উন্মেষ ঘটিছিল। সেই সময়তে অসমৰ দুই গণ শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাই সমাজবাদৰ প্ৰতি আকৰ্ষিত হৈ নিজৰ চিন্তা-চৰ্চাৰ ৰূপান্তৰ ঘটাইছিল। জ্যোতি-বিষ্ণুৱে উপলব্ধি কৰিছিল যে ভাৰতবৰ্ষই তথাকথিত স্বাধীনতা লাভ কৰাৰ পাছতো কৃষক-বনুৱা ৰাইজৰ আৰ্থিক অৱস্থাৰ বিশেষ উন্নতি হোৱা নাই; স্বাধীন দেশখনতো দুৰ্নীতি, শোষণ, অবিচাৰ আদি দিনে দিনে বাঢ়ি গৈছে। সেয়ে তেওঁলোকে প্ৰচলিত সমাজ ব্যৱস্থাৰ বিৰোধিতা কৰি গাবলৈ লৈছিল বোকাত জহি যোৱা মানুহৰ জয়গান। তাৰ লগে লগে অসমীয়া জাতীয়তাবাদক জাত্যভিমানী সংকীৰ্ণতা আৰু উগ্ৰতাৰপৰা মুক্ত কৰি এক আধুনিক, সুস্থ আৰু জাতীয়তাবাদৰ ৰূপ দিবলৈও চেষ্টা কৰিছিল। উল্লেখ্য যে আধুনিক জাতীয়তাবাদ কেতিয়াও উগ্ৰ হ’ব নোৱাৰে; ই সকলোৰে সমবিকাশ, সমমৰ্যাদা আৰু সহাৱস্থানৰ কথাহে কয়।
সকলোৱে জানে যে ড০ ভূপেন হাজৰিকা ল’ৰালিতে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নিকট সান্নিধ্যলৈ অহাৰ বাবে গায়ক, সুৰকাৰ আৰু গীতিকাৰ হিচাবে তেওঁৰ ধাৰণা, চেতনা আৰু বৌদ্ধিকতাই গণমুখী ৰূপ লাভ কৰিছিল। সেইদৰে, ড০ হাজৰিকাৰ জীৱন আৰু সৃষ্টিৰাজিতো তৎকালীন সামাজিক আৰু ৰাজনৈতিক পৰিৱেশৰ গভীৰ প্ৰভাৱ পৰিছিল। জনসাধাৰণৰ সুখ-দুখ, হাঁহি-কান্দোনে ড০ হাজৰিকাৰ শিল্পীপ্ৰাণত আলোড়ন তুলিছিল বাবেই তেওঁ গীতত ঘাম-চকুলোৰে সেমেকা দৰিদ্ৰ জীৱন, বৰ বৰ মানুহৰ দোলা কঢ়িয়াই কোঙা হোৱা সৰু সৰু মানুহৰ কথা, পাণেইৰ লঘোণীয়া পুত্ৰৰ ভোকৰ যন্ত্ৰণা আদি আন্তৰিকতাৰে অংকন কৰিছিল।
ড০ ভূপেন হাজৰিকাৰ বিষয়ে মামণি ৰয়ছম গোস্বামীয়ে কৈছিল— ‘তোমাৰ কণ্ঠ বাদ দি মই মোৰ জনমভূমিৰ নক্সা আঁকিব নোৱাৰোঁ।’ এই উক্তিৰ তাৎপৰ্য কেৱল ড০ হাজৰিকাৰ আকাশলংঘী জনপ্ৰিয়তাৰ মাজতে প্ৰতিফলিত নহয়। কিয়নো, তেওঁ জীৱনৰ আগছোৱাত কেৱল শ্ৰোতাক আমোদ প্ৰদান কৰা সাধাৰণ শিল্পী হোৱাৰ কথা ভবা নাছিল; তেওঁ সমাজ জীৱনক শোষণ মুক্তিৰ নতুন বাট দেখুৱাব পৰা জীৱনশিল্পী হ’ব বিচাৰিছিল। তেওঁ শীতৰে সেমেকা ৰাতি বস্ত্ৰবিহীন খেতিয়ক বা খাদ্যবিহীন দিনমজুৰৰ বাবে এক ৰক্তিম উত্তাপ হ’ব বিচাৰিছিল, সংখ্যালঘু সম্প্ৰদায়ৰ ভয়াৰ্ত মনৰ নুফুটা আৰ্তনাদৰ বাবে এটি মিঠা নিৰাপত্তা হ’ব বিচাৰিছিল, অট’ৰিক্সা চলাই জীৱনৰ ঘাত-প্ৰতিঘাত অতিক্ৰম কৰা যুৱকচামক প্ৰেৰণা যোগাব বিচাৰিছিল…। এনে কাৰণতে বিশাল আৰু বৰ্ণময় ব্যক্তিত্বৰ অধিকাৰী ড০ হাজৰিকাৰ গীত আৰু কথাৰ তৰাবছা বিশাল আকাশখনে চন্দ্ৰতাপৰ দৰে অসমৰ অনুপম নৈসৰ্গ, জনজীৱন, লোকজীৱন, দৰ্শন, ইতিহাস আদিক আৱৰি ৰাখিছে।
সাধাৰণ মানুহৰ সুখ-দুখ, সংগ্ৰাম আৰু অধিকাৰৰ কথা শিল্প আৰু সংস্কৃতিৰ মাধ্যমেৰে তুলি ধৰাৰ লক্ষ্যৰে ১৯৪৩ চনত মুম্বাইত প্ৰতিষ্ঠা লাভ কৰা ভাৰতীয় গণনাট্য সংঘই ড০ ভূপেন হাজৰিকাক গভীৰভাৱে প্ৰভাৱিত কৰিছিল। গণনাট্য সংঘ ভাৰতীয় কমিউনিষ্ট আন্দোলনৰ প্ৰভাৱত গঢ় লৈ উঠা এক গুৰুত্বপূৰ্ণ গণমুখী সাংস্কৃতিক আন্দোলন আছিল। অসমত শাখা গঠনৰ ক্ষেত্ৰত হেমাংগ বিশ্বাসে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ১৯৪৭ চনত অনুষ্ঠিত হোৱা অসম শাখাৰ সন্মিলনত ড০ হাজৰিকাৰ পথ প্ৰদৰ্শক জ্যোতিপ্ৰসাদ আগৰৱালাই সভাপতিত্ব কৰিছিল। উল্লেখ্য যে ড০ হাজৰিকা ১৯৪৮ চনৰপৰা ভাৰতীয় গণনাট্য সংঘৰ লগত জড়িত হ’লেও তেওঁ ১৯৪৯ চনত আমেৰিকালৈ যায় আৰু ১৯৫৩ চনত অসমলৈ ঘূৰি আহি পুনৰ গণনাট্য সংঘৰ সাংস্কৃতিক কাৰ্যকলাপৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হয়। আমেৰিকাত থকাৰ সময়ছোৱাতে ড০ হাজৰিকা বিশ্ববিখ্যাত শিল্পী পল ৰবছনৰ সান্নিধ্যলৈ অহিছিল। ৰবছনৰ সান্নিধ্যই তেওঁৰ চিন্তা আৰু শিল্পীসত্তাৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ৰবছনৰ প্ৰেৰণাতে তেওঁ উগ্ৰ ৰক্ষণশীলতা, বৰ্ণবৈষম্য আৰু সামাজিক অন্যায়ৰ বিৰুদ্ধে যুঁজ দিবলৈ উৎসাহিত হৈছিল। তাৰ লগে লগে তেওঁৰ গণমুখী চেতনাই কেৱল স্থানীয় বা আঞ্চলিক পৰিসৰত আবদ্ধ হৈ নাথাকি ক্ৰমে বিশ্বমানৱিক ৰূপ লাভ কৰিছিল।
এইখিনিতে ড০ হাজৰিকাৰ শিল্পীসত্তাৰ এটা মৌলিক বৈশিষ্ট্য মন কৰিবলগীয়া। এপিনে তেওঁ ‘অসম আমাৰ ৰূপহী গুণৰো নাই শেষ’ বুলি জনমভূমিক বন্দনা কৰিছিল; আনপিনে ‘মানুহে মানুহৰ বাবে, যদিহে অকণো নাভাবে’ বুলি মানুহৰ প্ৰতি মানুহৰ দায়িত্বৰ বিষয়ে সোঁৱৰাই দিছিল। অৰ্থাৎ তেওঁৰ জাতীয় চেতনা আৰু বিশ্বমানৱিক চেতনা পৰস্পৰৰ বিৰোধী নাছিল, বৰং আপোন মাতৃভূমিক সুস্থ-সবল ৰূপত জীয়াই ৰখাৰ মাজেৰেই তেওঁ বিশ্বমানৱতাৰ বৃহত্তৰ পৰিসৰলৈ যাব বিচাৰিছিল। সেইবাবেই তেওঁৰ কণ্ঠত উচ্চাৰিত হৈছিল—‘আপোন মাতৃৰ অশ্ৰু নমচিলে/বিশ্ব প্ৰেম হ’ব বৃথা।’ বিশ্বমুখী বা আন্তৰ্জাতিকতাবাদী চেতনাই পোনপটীয়াকৈ সুকীয়া সুকীয়া জাতিৰ কথা নকৈ মানৱীয়তা, ভ্ৰাতৃত্ববোধ আৰু এখন শ্ৰেণীহীন পৃথিৱীৰ কথা ক’লেও কোনো দায়বদ্ধ শিল্পীয়ে চকুৰ সন্মুখৰ জাতীয় জীৱনৰ সমস্যাবোৰ এৰাই চলিব নোৱাৰে। ড০ হাজৰিকায়ো পৰা নাছিল।
গণনাট্য সংঘৰ সক্ৰিয় কৰ্মী হিচাবে ড০ হাজৰিকা গীতেৰে-কথাৰে জনসাধাৰণৰ মাজলৈ সোমাই গৈছিল। সেই সময়ৰ বাঁওপন্থী গণআন্দোলন আৰু গণসংস্কৃতিৰ পৰিৱেশত সংগীত আছিল জনসচেতনতা আৰু আন্দোলন সংগঠিত কৰাৰ এক শক্তিশালী হাতিয়াৰ। ড০ হাজৰিকাৰ ‘লুইতত ভোটোঙাই ওলালে শিহু’, ‘এন্ধাৰ কাতিৰ নিশাতে’ আদি গীতে সেই গণমুখী সাংস্কৃতিক পৰিৱেশক তীব্ৰতা প্ৰদান কৰিছিল।
অসমত হেমাংগ বিশ্বাস আৰু ড০ ভূপেন হাজৰিকাই গণনাট্য সংঘৰ সাংস্কৃতিক আন্দোলনক এক নতুন গতি দিছিল। ১৯৬০ চনত অসমত ৰাজ্য ভাষা প্ৰচলনৰ প্ৰসংগত অসমীয়া-বঙালীৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হৈছিল। ভুল বুজাবুজিৰ বাবে ঠায়ে ঠায়ে সম্প্ৰদায়িক সংঘৰ্ষও হৈছিল। সেই সময়তে হেমাংগ বিশ্বাস আৰু ভূপেন হাজৰিকাই ভাষিক সম্প্ৰদায় দুটাৰ মাজত সমন্বয়ৰ পৰিৱেশ ৰচনা কৰিবলৈ এক সাংস্কৃতিক অভিযান আৰম্ভ কৰিছিল। তেওঁলোকে এটি শিল্পী বাহিনী গঠন কৰি সাম্প্ৰদায়িক সংঘৰ্ষজৰ্জৰ অঞ্চলসমূহত গীতেৰে-কথাৰে সম্প্ৰীতিৰ বাণী বিলাই ফুৰিছিল। দুয়ো ‘হাৰাধন-ৰংমন’ গীতটি লিখি উলিয়াই সংঘৰ্ষ পীড়িত অঞ্চলবোৰত পৰিৱেশন কৰিছিল আৰু দুয়োপক্ষৰ ৰাইজৰপৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিছিল।
‘ৰংমন’ হৈ ভূপেন হাজৰিকাই গাইছিল—
‘ভাষা নুবুজিও যুগে যুগে আহে
মানুহে মানুহৰ পিনে
মৰমৰ ভাষাৰে আখৰ নাইকিয়া
বুজিব খুজিলেই চিনে।’
আকৌ তেওঁ কৈছিল—
‘গংগাৰ চাপৰিৰ তলীতে দেখিবা
লুইতৰ পলসো আছে,
তোমাৰে মোৰে আয়ে কান্দিলে
একেই চকুপানী মচে।
তুমিয়ে ময়ে দেশখন গঢ়োঁতে
যদিহে কেঁচা ঘাম সৰে
দুয়োৰে ঘামৰে মিলনে দেখিবা
বুৰঞ্জী ৰচনা কৰে ।’
সেই গীতটিত হাৰাধন হৈ হেমাংগ বিশ্বাসে কণ্ঠ নিগৰাইছিল। গীতৰ শেষত দুয়ো গাইছিল—
‘এনেনো ভাল লাগে বান্ধৈ
এনেনো ভাল লাগে
এমন ভাল লাগেৰে বন্ধু
এমন ভাল লাগে
তুমি নাচা বিহু নাচ আমি দিব তালি
ঐকতানে মিলে যাব বিহু-ভাটিয়ালী
দেশকে আবাৰ গঢ়বো মোৰা
বুকেৰ মৰম ঢালি।’
গণনাট্য সংঘৰ উদ্যোগত যোৰহাটৰ বঙালী স্কুলতো আয়োজন কৰা হৈছিল সাংস্কৃতিক অনুষ্ঠান। অনুষ্ঠানৰ উদ্যোক্তাসকলৰ মাজত মতভেদৰ সৃষ্টি হ’লেও, তালৈ অসমীয়াসকল নাহিব বুলি আশংকা কৰিলেও যথা সময়ত অসমীয়া-বঙালী উভয় ভাষী লোকেৰে সভাঘৰ ভৰ্তি হৈ পৰিছিল। সেই অনুষ্ঠানত গণশিল্পী মঘাই ওজাই বিহুৰ ছলেৰে ঢোল বজাই বজাই গাইছিল —
‘ৰাইজখনে কান্দিছে ডা-ডাঙৰীয়া
দেশখনে কান্দিছে চোৱা
ৰাইজৰ বলতে তুমি বলবন্ত
কিয়নো পাহৰি যোৱা।’
তেওঁ আৰু গাইছিল—
‘ভায়ে ভায়ে দন কৰে পৰে পায় আশ
মতা-মাইকী দন কৰে ঘৰে বনবাস।’
এই সমগ্ৰ পৰ্যায়টোৱে দেখুৱাই যে ড০ ভূপেন হাজৰিকাৰ গণমুখী শিল্পচৰ্চা কেৱল শ্ৰেণী শোষণৰ বিৰুদ্ধে প্ৰতিবাদৰ মাজতে সীমাবদ্ধ নাছিল; ইয়াৰ সৈতে যুক্ত হৈ আছিল সাম্প্ৰদায়িক সম্প্ৰীতি, ভাষিক সহাৱস্থান, জাতীয় সংহতি আৰু বিশ্বমানৱিকতাৰ প্ৰশ্ন। পৰৱৰ্তী কালত তেওঁ গোৱা ‘বৰ্তমান পৃথিৱীৰ ভীষণ অসুখ/চৌদিশে দেখো সংঘাত/ প্ৰতিজনে গাওঁ আহাঁ সংঘাতৰ গান/ আনি জীৱনৰ জ্যোতি প্ৰপাত’ বা ‘প্ৰশান্ত পাৰৰে মহা মহা জীৱনৰ/ শান্তি আজি আক্ৰান্ত/ নৱ নৱ সৃষ্টিত/ দৈত্য দানৱে কৰে/ নিষ্ঠুৰ আঘাত অবিশ্ৰান্ত’ আদি গীতত সেই বিশ্বমুখী চেতনাই অধিক বিস্তৃত ৰূপ লাভ কৰিছিল। ‘অট’ৱাৰপৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাবটি লোৱা’ মানুহজনে যেন পৃথিৱীৰ ইমূৰৰ ৰং সিমূৰত বিলাই দিব বিচাৰিছিল।
প্ৰশ্ন হয়, জীৱনৰ আগবয়সত জ্যোতিপ্ৰসাদ-বিষ্ণুপ্ৰসাদৰ জীৱনাদৰ্শৰে আলোকিত হৈ শিল্প-সাহিত্যৰ গণমুখী বাস্তৱবাদী ধাৰাটো আঁকোৱালি লোৱা ড০ হাজৰিকা পৰৱৰ্তী সময়ত সেই ধাৰাৰপৰা কিয় আঁতৰি আহিল? এইখিনিতে ড০ হাজৰিকাৰ জীৱন আৰু কৰ্মৰাজিৰ সঠিক মূল্যায়ন বা বস্তুনিষ্ঠ বিশ্লেষণৰ প্ৰয়োজনীয়তা আহি পৰে। তাৰ লগে লগে ভাৰতীয় বাঁও ৰাজনীতিৰ ইতিহাস অধ্যয়ন কৰাটোও জৰুৰী হৈ পৰে।
কোৱা বাহুল্য যে বিষ্ণু ৰাভা, হেমাংগ বিশ্বাস, ড০ ভূপেন হাজৰিকা আদিৰ নেতৃত্বত ভাৰতীয় গণনাট্য সংঘই অসমত এক গণমুখী সংস্কৃতিৰ জোৱাৰ আনিবলৈ সক্ষম হোৱাৰ সময়তে ভাৰতীয় কমিউনিষ্ট পাৰ্টি (চি পি আই)ৰ ভিতৰচ’ৰাত তীব্ৰ সংঘাত আৰম্ভ হৈছিল। চি পি আয়ে দেশৰ জৰুৰী অৱস্থাৰ সময়ত জৱাহৰলাল নেহৰু নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ প্ৰতি চৰ্তহীন সমৰ্থন আগবঢ়োৱাৰ পৰিণতিতে সেই সংঘাতৰ সৃষ্টি হৈছিল। পৰৱৰ্তী পৰ্যায়ত সংঘাতে এনে এক পৰ্যায় পালেগৈ যে ১৯৬৪ চনত চি পি আই দুভাগত বিভক্ত হৈ পৰিল। পাৰ্টিৰ ভাঙোনে চিপিআইৰ ভগ্নী সংগঠন গণনাট্য সংঘৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলালে। দুই পক্ষৰ টনা-আঁজোৰাত গণনাট্য সংঘও দুভাগত বিভক্ত হ’ল। বাঁও শিবিৰৰ এনে টনা-আঁজোৰা, চিপিআইৰ ৰাষ্ট্ৰ ব্যৱস্থাৰ প্ৰতি অহেতুক প্ৰীতি আদিয়ে সংঘৰ সক্ৰিম কৰ্মী হেমাংগ বিশ্বাস, ড০ হাজৰিকা আদিক হতাশ কৰি তুলিছিল। ড০ হাজৰিকাই গণনাট্য অন্দোলনৰ সামূহিক মঞ্চখন এৰি একক আৰু জীৱনমুখী শিল্পী হ’বলৈ অধিক আগ্ৰহী হৈ পৰিল।
গণনাট্য সংঘ ত্যাগ কৰাৰ পাছৰেপৰা ড০ হাজৰিকাৰ গীতৰ গণমুখী ধাৰাটো লাহে লাহে স্তিমিত হৈ আহিল। তেওঁৰ গীতত ‘মাছমৰীয়া’, ‘দোলাভাৰী’ আদি শব্দৰ পৰিৱৰ্তে নেহৰু, শাস্ত্ৰী বা ভূট্টোজান আদি শব্দই ধীৰে ধীৰে স্থান অধিকাৰ কৰিবলৈ ধৰিলে। আপোচকামী চিন্তাৰে স্থিতাৱস্থাৰ বাহকসকলৰ সৈতে তাল মিলাই চলাটো তেওঁ বুদ্ধিমানৰ কাম হ’ব বুলি ভাবিবলৈ ধৰিলে। ঘটনাক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষকতাৰ চাকৰি ত্যাগ কৰা ড০ হাজৰিকাই শিল্পচৰ্চাক জীৱন আৰু জীৱিকাৰ একমাত্ৰ উৎস হিচাবে গ্ৰহণ কৰিবলৈও বাধ্য হৈছিল। ফলত তেওঁৰ শিল্পচৰ্চাৰ সৈতে বজাৰ আৰু জনপ্ৰিয় সংস্কৃতিৰ সম্পৰ্ক ক্ৰমে অধিক ঘনিষ্ঠ হৈ পৰিছিল। ধীৰে ধীৰে আৰম্ভ হ’ল তেওঁৰ শিল্পসম্ভাৰৰ পণ্যায়নৰ প্ৰক্ৰিয়াও। অৱশ্যে, এই পৰিৱৰ্তনক ড০ হাজৰিকাৰ গণমুখী বা মানৱিক চেতনাৰ সম্পূৰ্ণ অৱসান বুলি ক’ব নোৱাৰি। গণনাট্য সংঘৰ সক্ৰিয় পৰিসৰৰ পৰা আঁতৰি অহাৰ পাছতো তেওঁ মানৱতাৰ গীত নোগোৱা নহয়। তেওঁৰ গীতত অসম, অসমীয়া সমাজ, সাধাৰণ মানুহ, সাম্প্ৰদায়িক সম্প্ৰীতি আৰু বিশ্বমানৱতাৰ প্ৰসংগ অব্যাহত আছিল। কিন্তু, তেওঁৰ গীতৰ অধ্যয়নপুষ্ট চিন্তাধাৰা আৰু সমাজমুখী আদৰ্শৰ দিশ বহু পৰিমাণে সলনি হৈ পৰিছিল। শোষকৰ বিৰুদ্ধে আগৰ দৰে প্ৰতিবাদী কণ্ঠেৰে সোচ্ছাৰ হ’ব নোৱাৰিছিল। সমাজ ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ কথাও ক’বলৈ এৰিছিল। অৰ্থাৎ তেওঁৰ গীতত মানৱতাবাদ জীয়াই থাকিল, কিন্তু তাৰ বিপ্লৱী সামাজিক ভিত্তি আৰু শ্ৰেণীচেতনা আগৰ দৰে তীক্ষ্ণ হৈ নাথাকিল।
এই পৰিৱৰ্তনৰ মাজতো অসম আৰু অসমীয়াৰ প্ৰতি তেওঁৰ দায়বদ্ধতা অটুট আছিল। তেওঁ মাজে মাজে অলস-আত্মসন্তুষ্ট অসমবাসীক ‘আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্ত্বনা লভিলে নহ’ব’ বুলি সকীয়াই দিছিল। অসমৰ সৰু-বৰ জনগোষ্ঠীসমূহক একতাৰ ডোলেৰে বান্ধিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। আশী দশকৰ অসম আন্দোলনৰ সময়ত তেওঁ হত্যা, মাৰ-ধৰ, জোৰ-জুলুম আদি অগণতান্ত্ৰিক নেতিবাচক পন্থা বুলি অভিহিত কৰিছিল। এনে পন্থাই কোনো সুস্থ আন্দোলনক আগুৱাই নিব নোৱাৰে বুলিও মত প্ৰকাশ কৰিছিল। আলফাৰ স্বাধীন অসমৰ দাবীৰ সন্দৰ্ভতো তেওঁ বন্দুকেৰে কেৱল দৃষ্টি আকৰ্ষণহে কৰিব পাৰে, সকলো সমস্যাৰ সমাধান কৰিব নোৱাৰে বুলি মত প্ৰকাশ কৰিছিল। তেওঁ ভাৰতৰপৰা বিচ্ছিন্ন হৈ যোৱাৰ পৰিৱৰ্তে কেন্দ্ৰই নিদিয়াখিনি কাঢ়ি লোৱাৰ কথা কৈছিল আৰু যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰকৃত ৰূপত গঢ় লৈ উঠাটো বিচাৰিছিল।
এনেবোৰ কাৰণতে ড০ ভূপেন হাজৰিকাৰ পৰৱৰ্তী পৰিৱৰ্তিত শিল্পীসত্তাক পোনেই ‘আদৰ্শগত বিচ্যুতি’ বুলি অভিহিত কৰিবলৈ অলপ অসুবিধা হয়। তেওঁৰ ক্ষেত্ৰত একে সময়তে দুটা প্ৰক্ৰিয়া ক্ৰিয়াশীল হৈ আছিল—এফালে বিপ্লৱী গণসংস্কৃতিৰ সামূহিক ৰাজনৈতিক মঞ্চৰ পৰা আঁতৰি অহা; আনফালে জাতীয় জীৱন, মানৱতা, সম্প্ৰীতি আৰু বিশ্বমানৱিকতাৰ অধিক বিস্তৃত পৰিসৰলৈ তেওঁৰ শিল্পীসত্তাৰ গতি। সমস্যাটো হ’ল, এই নতুন মানৱতাবাদী পৰিসৰত পূৰ্বৰ শ্ৰেণীসংগ্ৰামৰ স্পষ্ট চেতনা আৰু সমাজব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ আকাংক্ষা ক্ৰমশঃ ম্লান হৈ পৰিছিল। অৰ্থাৎ গণনাট্য সংঘৰ পৰা আঁতৰি অহাৰ পাছত তেওঁৰ গণমুখীতা সম্পূৰ্ণৰূপে বিলুপ্ত নহ’লেও তাত ৰাজনৈতিক-শ্ৰেণীগত ভিত্তিৰ পৰিৱৰ্তে জাতীয় চেতনা, মানৱতাবাদ আৰু বিশ্বমানৱিকতাই আগস্থান পাইছিল।
ড০ হাজৰিকাৰ আদৰ্শৰ পৰিৱৰ্তনৰ কাৰণ হিচাবে বহুতে তেওঁৰ পেটি-বুৰ্জোৱা সুবিধাবাদী মানসিকতাক দায়ী কৰিব বিচাৰে। কিন্তু, এনে বিশ্লেষণক একাষাৰে বস্তুনিষ্ঠ বুলি ক’ব নোৱাৰি। বহুতৰে দৰে ড০ হাজৰিকাৰো নিশ্চয় পেটি-বুৰ্জোৱাসুলভ দুৰ্বলতা আছিল। কিন্তু ভাৰতৰ বাঁও ৰাজনীতিৰ নেতৃত্ব সুবিধাবাদী আৰু আপোচকামী নোহোৱা হ’লে আৰু জনগণৰ সম্ভাৱনাপূৰ্ণ সংগ্ৰামী শক্তিক বিপথে পৰিচালিত নকৰা হ’লে তেওঁ নিশ্চয় সেই দুৰ্বলতাক অতিক্ৰম কৰি গণনাট্য সংঘত জড়িত হৈ নাথাকিলেও গণমুখী সংগীতচৰ্চাত মনোনিৱেশ কৰি থাকিলহেঁতেন। পৈণত বয়সত তেওঁ নিজৰ দুৰ্বলতা আৰু সীমাবদ্ধতাবোৰ অতিক্ৰম কৰাৰ সম্ভাৱনাও প্ৰবল আছিল।
ইয়াত ‘গণনাট্য সংঘত জড়িত হৈ নাথাকিলেও গণমুখী সংগীতচৰ্চাত মনোনিৱেশ কৰি থাকিলহেঁতেন’ বুলি কোৱাৰ অৰ্থ হ’ল—চি পি আইৰ মাজত অন্তৰ্কন্দলে তীব্ৰ ৰূপ লোৱাৰ সময়ত ভাৰতীয় গণনাট্য সংঘৰ পূৰ্বৰ স্থিতিও শিথিল হৈ পৰিছিল। সংঘই নিজৰ পৰিসৰ বঢ়োৱাতে অধিক ব্যস্ত হৈ থকাৰ ফলত শিল্পী-সাহিত্যিকসকলক সঠিক পথ দেখুৱাবলৈ আহৰি পোৱা নাছিল। বহু শিল্পী-সাহিত্যিকৰ সৃষ্টিৰপৰা শ্ৰেণীসংগ্ৰামৰ চেতনা অন্তৰ্হিত হৈছিল আৰু তেওঁলোকে বিমূৰ্ত ‘মানৱতাবাদ’ৰ আশ্ৰয় লৈ সাংস্কৃতিক অভিযান চলাবলৈ উৎসাহিত হৈ পৰিছিল। শিল্পী-সাহিত্যিকসকলৰ মাজত প্ৰকৃত সংগ্ৰামী চেতনা জাগ্ৰত কৰিবলৈ সংঘৰ নেতৃত্ব ব্যৰ্থ হোৱাৰ পৰিণতিতে এক সম্ভাৱনাপূৰ্ণ সাংস্কৃতিক বিপ্লৱৰ গতি মন্থৰ হৈ পৰিল।
ড০ ভূপেন হাজৰিকাৰ জনপ্ৰিয়তা অৱশ্যে কেতিয়াও কমি নগ’ল। কিন্তু এইখিনিতেই তেওঁৰ পৰিচয়ৰ আন এটা ৰূপান্তৰ ঘটিল। অসমীয়া মধ্যবিত্ত শ্ৰোতাই তেওঁক ‘সুধাকণ্ঠ’ হিচাবে অভিহিত কৰিলে। এই অভিধাই তেওঁৰ অসামান্য শিল্পীসত্তাক সন্মানিত কৰিলেও তেওঁৰ বিস্তৃত সামাজিক-ৰাজনৈতিক পৰিচয়ক বহু পৰিমাণে সংকীৰ্ণ কৰি আনিলে বুলি ক’ব পাৰি। যিজন শিল্পী এসময়ত কৃষক-বনুৱা, মাছমৰীয়া, দোলাভাৰী, বুভুক্ষু মানুহ আৰু শোষিত জনতাৰ কণ্ঠস্বৰ হ’ব বিচাৰিছিল; সেইজন শিল্পী ক্ৰমে মূলসুঁতিৰ সাংস্কৃতিক পৰিসৰত এক সৰ্বজনগ্ৰাহ্য, আপোচমুখী আৰু পণ্যায়িত শিল্পী হিচাবে প্ৰতিষ্ঠিত হ’বলৈ ধৰিলে।
সি যি হওক, ড০ ভূপেন হাজৰিকাক বুজিবলৈ হ’লে কেৱল তেওঁৰ গীতৰ জনপ্ৰিয়তা, ‘সুধাকণ্ঠ’ অভিধা বা জাতীয় আবেগৰ মাজতে আবদ্ধ হৈ থাকিলে নহ’ব। জ্যোতিপ্ৰসাদ-বিষ্ণুপ্ৰসাদৰপৰা তেওঁ লাভ কৰা গণমুখী চেতনা, ভাৰতীয় গণনাট্য সংঘৰ সাংস্কৃতিক পৰিৱেশ, পল ৰবছনৰ বিশ্বমানৱিক প্ৰভাৱ, হেমাংগ বিশ্বাসৰ সৈতে সাম্প্ৰদায়িক সম্প্ৰীতিৰ সাংস্কৃতিক অভিযান, ভাৰতীয় বাঁও ৰাজনীতিৰ আদৰ্শৰ সংকট, ১৯৬৪ চনৰ চি পি আইৰ বিভাজন, গণনাট্য সংঘৰ ভাঙোন, তেওঁৰ ব্যক্তিগত জীৱন-জীৱিকাৰ পৰিৱৰ্তন আৰু পৰৱৰ্তী কালৰ জাতীয়তাবাদী-মানৱতাবাদী অৱস্থান — এই সকলোবোৰক একেলগে ৰাখিহে তেওঁৰ শিল্পীসত্তাৰ ৰূপান্তৰক বুজিব পাৰি। ড০ ভূপেন হাজৰিকাৰ মূল্যায়নৰ সঠিক পথ হয়তো তেওঁৰ কোনো এটা পৰ্যায়ৰ শিল্পীসত্তাক মহিমান্বিত কৰা বা আন এটা পৰ্যায়ক সম্পূৰ্ণৰূপে নাকচ কৰাত নাথাকে; বৰং তেওঁৰ ভিতৰত থকা গণমুখী বাস্তৱবাদ, জাতীয় চেতনা, বিশ্বমানৱিকতা, ৰাজনৈতিক বিশ্বাস, ব্যক্তিগত সীমাবদ্ধতা আৰু সময়ৰ পৰিৱৰ্তনৰ মাজত থকা দ্বন্দ্বক বুজি পোৱাতহে আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *