কেন্দ্ৰীয় নিবন্ধ

কলম্বিয়া বিশ্ববিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ গৱেষণা ।। ড° উৎপল বাদল বৰুৱা

মুক্ত চিন্তা। দ্বাদশ বছৰ। প্ৰথম সংখ্যা

স্নাতক আৰু স্নাতকোত্তৰ মহলাত ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰা ভূপেন্দ্ৰ কুমাৰ হাজৰিকাই গৱেষণা কৰিবলৈ কিয় শিক্ষা বিষয়টো বাচি ল’লে সেইটো উদ্ধাৰ কৰিবলৈ নিশ্চয় বেছি কষ্ট কৰিব নালাগে। তেখেত যেতিয়া গৱেষণাৰ বাবে আমেৰিকালৈ ৰাওনা হৈছিল দেশে তেতিয়া স্বাধীনতা পাইছেহে মাথোন, – ১৯৪৯ চন। ভাৰতবৰ্ষৰ আকাশ-বতাহ এক যুগসন্ধিৰ ধামখুমীয়াৰে ধূসৰ। বিশ্বযুদ্ধও শেষ হৈছে তেতিয়া। কেইবাটাও দশকযুৰি বা দুটা শতিকা ব্যাপ্তি চলি থকা ঔপনিৱেশবাদী শক্তিৰ পৰা মুক্ত হৈ আমাৰ দেশে নতুন দিনৰ ক্ষণ গণিছে। পৰৱৰ্তী দিনত দেশ পৰিচালনাৰ মূল আধাৰ বা চালিকা শক্তি, ভাৰতীয় সংবিধানখন সমাপ্তিৰ পৰ্য্যায়ত উপনীত হ’লেও তেতিয়াও বলবৎ হ’বলৈ আৰু কেইমাহমান বাকী আছে। সদ্যপ্ৰাপ্ত স্বাধীনতা, গণতন্ত্ৰৰ সপোন আৰু আনহাতে দেশৰ জনগণৰ নিৰক্ষৰ অৱস্থা, সীমাহীন দৰিদ্ৰতা আৰু প্ৰচণ্ড সামাজিক বৈষম্যৰ ভাৰাক্ৰান্ত সমাজ। সেইসময়ত দেশৰ সাক্ষৰতাৰ হাৰ আছিল মাত্ৰ ১৩ শতাংশ। দুটা শতিকাৰ বিৰামহীন শোষণে বিধস্ত কৰা এখন মুমুৰ্ষ সমাজ। এই অৱস্থাত দেশে সপোন দেখা গণতন্ত্ৰ বাস্তৱতে সম্ভৱনে? জ্যোতি-বিষ্ণুৰ আদৰ্শত লালিত পালিত হোৱা শৈশৱে তেখেতক সমাজখন বেলেগকৈ চাবলৈ শিকাইছে। গণনাট্য সংঘৰ সংস্পৰ্শই তেখেতক সাধাৰণ জনতাৰ সুখ-দুখ, আশা-আকাংক্ষাৰ প্ৰতি সচেতন কৰি তুলিছে। বিষ্ণুৰাভাৰ দৰে বিপ্লৱী সমাজবাদী নেতাই সদ্যপ্ৰাপ্ত স্বাধীনতাক ‘ভুৱা’ বুলি ক’বলৈও কুণ্ঠাবোধ কৰা নাই। আনহাতে জৱাহৰলাল নেহৰুৰ নেতৃত্বই ভাৰতবৰ্ষক এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত পৰিণত কৰাৰ সপোন দেখিছে। বাইশ বছৰীয়া হলেও ভূপেন হাজৰিকা আছিল ৰাজনৈতিকভাৱে সচেতন, সামাজিকভাৱে দূৰদৃষ্টিসম্পন্ন এজন ব্যক্তি। তেখেতে উপলব্ধি কৰিছিল দেশৰ নাগৰিকসকল যদি উপযুক্ত শিক্ষাৰে শিক্ষিত নহয় তেনেহলে তেনেকুৱা সমাজত ইপ্সিত গণতন্ত্ৰ এক অলীক কল্পনা। যুগসন্ধিৰ সেই সময়ছোৱাত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল, দেশৰ নাগৰিকসকলক সু-শিক্ষাৰে শিক্ষিত কৰা। মাত্ৰ ১৩ শতাংশ স্বাক্ষৰতাৰ দেশ এখনত ৮৭ শতাংশ লোকক শিক্ষিত কৰাৰ এক বিৰল হেঁপাহ – অতি কম সময়তে কৰিব লগা এটা ডাঙৰ কাম। ইতিমধ্যেই সংগীতৰ লগত জড়িত থাকি তেখেতে বুজি উঠিছে ৰাইজক শিক্ষিত কৰি তোলা প্ৰক্ৰিয়াটোত গণ-সংযোগৰ প্ৰভাৱ কিমান। সেয়ে ৰাজনৈতিক পাঠ্যক্ৰমৰ পৰা আঁতৰি আহি ভূপেন হাজৰিকাই গৱেষণা কৰিব খুজিলে এটা নতুন বিষয়ৰ ওপৰত –‘গণ সংযোগ মাধ্যম’ (mass communication) আৰু ‘ভাৰতৰ প্ৰাপ্তবয়স্কসকলৰ শিক্ষা’ (India’s Adult Education)।  তেখেতৰ গৱেষণাপত্ৰখন আছিল নতুনকৈ প্ৰতিষ্ঠা হোৱা গণৰাজ্যৰ সন্মূখত দেখা দিয়া এক প্ৰধান সমস্যা সমাধানৰ বাবে সদুত্তৰ বিচৰাৰ প্ৰয়াস। তেখেতৰ গৱেষণাপত্ৰখনত এজন বাইশ বছৰীয়া যুৱকৰ অগ্ৰগামী চিন্তাৰ আভাষ আৰু সমাজ সচেতনতাৰ ছবি স্পষ্টকৈ পৰিস্ফূত হয়। আজি অৰ্ধ শতিকাৰ পাছত দেশৰ শিক্ষা ব্যৱস্থাই শিক্ষাদানৰ বাবে  অভিনৱ বুলি যি পদ্ধতি গ্ৰহণ কৰিছে তাৰ বেছিভাগৰে উল্লেখ ১৯৫২ চনত প্ৰকাশ হোৱা ভূপেন হাজৰিকাৰ গৱেষণাপত্ৰখনত অন্তৰ্ভুক্ত আছিল। পূৰ্বতে পঢ়ি অহা বিষয়ৰ পটভূমিত তেখেতৰ গৱেষণাৰ বিষয়বস্তু নিৰ্ধাৰণ হোৱা নাছিল, হৈছিল তেখেতক অহৰহ ব্যতিব্যস্ত কৰি বা অশান্তি দি থকা এটা মৌলিক প্ৰশ্নৰ আধাৰত – যেতিয়া দেশৰ লাখ লাখ নাগৰিক নিৰক্ষৰ, সেইখন সমাজত প্ৰকৃত অৰ্থত গণতন্ত্ৰ প্ৰতিষ্ঠা সম্ভৱনে? আজি স্বাধীনতাৰ পাছত সাতটা দশক উকলি যোৱাৰ পাছতো জনসাধাৰণে গণতন্ত্ৰক ৰক্ষা কৰিবলৈ কৰা প্ৰচেষ্টাই উপলব্ধি কৰায়, ভূপেন হাজৰিকাৰ সংশয় অমূলক নাছিল!

২০১৩ চনত তেখেতৰ পুত্ৰ তেজ হাজৰিকাই প্ৰকাশ কৰা Demystifying Dr. Bhupen Hazarika নামৰ কিতাপখনত প্ৰকাশ পোৱা তেখেতৰ গৱেষণাৰ বিষয়টোৰ শীৰ্ষক Proposals for preparing India’s Basic Educators to use Audio-Visual Technologies in Adult Education বুলি প্ৰকাশ পাইছে, যদিও অতদিনে তেখেতৰ গৱেষণাপত্ৰখনৰ শীৰ্ষক The role of mass communication in India’s Adult Education বুলিহে জানি আহিছিলোঁ। আপাত দৃষ্টিত তেখেতৰ গৱেষণাৰ বিষয়টো ‘গণ-সংযোগ’ মাধ্যমৰ এক কাৰিকৰী অধ্যয়ন যেন লাগে কিন্তু অতি নিবিড়ভাৱে গৱেষণাপত্ৰখন পঢ়িলে তাত দেখা পোৱা যায় এক গভীৰ দাৰ্শনিক দৃষ্টিভংগী। তেখেতৰ গৱেষণাই গণ-সংযোগক কেৱল শিক্ষাদানৰ এক আহিলা হিচাপেই ব্যৱহাৰ কৰিব খোজা নাই বৰং ইয়াক গণতন্ত্ৰৰ আধাৰ, মানুহৰ মৰ্যাদাৰ বুনিয়াদ আৰু সামাজিক পৰিৱৰ্তনৰ পৰিকাঠামো হিচাপেহে প্ৰতিপন্ন কৰিব বিচৰা হৈছে।

এই দৰ্শনৰ ওপৰতে প্ৰতিষ্ঠিত ভূপেন হাজৰিকাৰ শিল্পী সত্বাও। কলম্বিয়া বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা লুইতৰ পাৰলৈ কৰা যাত্ৰাত ভূপেন হাজৰিকা এই আদৰ্শৰ পৰা কেতিয়াও বিচ্যুত হোৱা নাই বৰং কলাজগতত তেখেতৰ সৃষ্টিসমূহৰ নেপথ্যতো সেই আদৰ্শৰ পয়োভৰেই বিৰাজমান। পল ৰবচনৰ দৰে তেৱোঁ বিশ্বাস কৰিছিল যে গিটাৰখন একমাত্ৰ সংগীতৰ বাদ্যযন্ত্ৰই নহয়, সমাজ পৰিৱৰ্তনৰ বাবে অপৰিহাৰ্য্য আহিলাও।

গৱেষণা কৰিবলৈ ভূপেন হাজৰিকা যিসময়ত গৈ আমেৰিকাৰ নিউইয়ৰ্কত উপস্থিত হৈছিলগৈ সেই সময়টো আছিল পৃথিৱীৰ সমগ্ৰ শিক্ষাজগতৰ ইতিহাসত এক প্ৰচণ্ড গতিশীল সময়। বিশ্বযুদ্ধৰ পাছত পৃথিৱীৰ বহুদেশে মুক্ত হৈ উন্নয়নৰ বাবে এটা নতুন আৰ্হিৰ সন্ধান কৰিছিল। পৃথিৱীৰ বহু পণ্ডিতে ভবাৰ দৰে ভূপেন হাজৰিকাই শিক্ষাৰ একমাত্ৰ উদ্দেশ্য প্ৰজ্ঞাৰ অন্বেষণেই বুলি পতিয়ন যোৱা নাছিল বৰং তেখেতে শিক্ষাক সেই শক্তিৰ ৰূপত চাব বিচাৰিছিল যি শক্তিয়ে সাধাৰণ জনতাক গণতান্ত্ৰিক দেশৰ এজন সচেতন আৰু সাহসী নাগৰিকলৈ পৰিৱৰ্তন কৰিব পাৰে। তেখেতে এনেকুৱা এচাম শিক্ষিত মানুহৰ কল্পনা কৰিছিল য’ত সঁচা সৰু মানুহে হাতে হাতে শিখা লৈ সমাজ আকাশ নতুন জ্যোতিৰে কপাঁই তুলিব পাৰে। তেখেতৰ সেই আদৰ্শ আৰু বিশ্বাসেই পাছলৈ তেখেতৰ গীতৰ শব্দ আৰু সুৰ হৈ নিগৰিবলৈ আৰম্ভ কৰিছিল।

 তেখেতৰ গৱেষণাপত্ৰখনৰ উল্লেখযোগ্য দিশ আছিল যোগাযোগ বা গণ-সংযোগ ব্যৱস্থাক শিক্ষাপ্ৰদানৰ অন্যতম আহিলা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ কৰা প্ৰচেষ্টা। তেখেতৰ মতে শিক্ষাদান অকল শ্ৰেণীকোঠা আৰু ব্লেকবৰ্ডতে আৱদ্ধ থাকিব নালাগে তাৰ পৰিৱৰ্তে সাধাৰণ জনতাক স্পৰ্শ কৰিব পৰাকৈ সংগীত, কথাছবি, নাটক, গল্পপাঠ আৰু দৃশ্য-শ্ৰৱ্য মাধ্যমকো শিক্ষা প্ৰদানৰ প্ৰণালী হিচাপে গ্ৰহণ কৰিব লাগে। এনে ব্যৱস্থাই সাধাৰণ শ্ৰেণীৰ জনতাক গনতান্ত্ৰিক দেশৰ শক্তিশালী নাগৰিকৰ ৰূপত প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব। তেখেতৰ এই দৰ্শনকেই সাম্প্ৰতিক সময়ৰ শিক্ষাবিদ আৰু পণ্ডিতসকলে Participatory Communication বা ‘অংশগ্ৰহণমূলক যোগাযোগ প্ৰক্ৰিয়া’ নাম দিছে। শিক্ষাবিদ হিচাপে একাধিক শৈক্ষিক গ্ৰন্থ প্ৰকাশ কৰা নতুবা প্ৰসিদ্ধ পত্ৰিকাত বিভিন্ন প্ৰৱন্ধ-নিৱন্ধ-ৰচনা প্ৰকাশৰ সলনি ভূপেন হাজৰিকাই সৃষ্টি কৰিলে কেইবাহাজাৰো গীত, শ্ৰেণীকোঠাৰ বক্তৃতাৰ সলনি নিগৰালে সুৱদী কণ্ঠ, মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সলনি সন্মূখীন হ’ল বিশাল জনসমূদ্ৰৰ, – ধৰাৰ দিহিঙে-দিপাঙে।

এতিয়া গৱেষণাপত্ৰখনৰ অলপ ভিতৰলৈ সোমাওঁ। শিক্ষাৰ্থী অৱস্থাত ভুপেন হাজৰিকাৰ নাম আছিল ভূপেন্দ্ৰ কুমাৰ হাজৰিকা। তেখেতৰ গৱেষণাপত্ৰখনৰ আধাৰত তেখেতক Doctor of Education সন্মান যাচিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অনুমোদন জনাইছিল ১৯৫৩ চনৰ আগষ্ট মাহৰ ১১ তাৰিখে।  গৱেষণাপত্ৰখন আৰম্ভ হৈছে গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটা বাণীৰে,- জীৱনটো প্ৰাকৃতিকভাৱেই সংগ্ৰামী, অংকুৰণৰ সময়ত যি খোলা বা আৱৰণে ভ্ৰূণটোক আবৰি ধৰি নিৰাপদে ৰাখে, তাক ভাঙি আগুৱাই যোৱাটোৱেই জীৱনৰ নিয়ম। নতুবা এই পৰিৱৰ্তন নহ’লেই বন্দী হৈ পৰে জীৱৰ বিকাশ। (পাছলৈ ভূপেন হাজৰিকাইও গীত লিখিছিল ‘সংগ্ৰাম আন এটি নাম জীৱনৰে..’।  ঠিক তাৰপাছতে, তেখেতৰ নিজৰ কথা আৰম্ভ কৰিছে এটি বাক্যৰে, – ভাৰতীয় গণতন্ত্ৰ সাধাৰণ জনতাৰ বাবে এটা ‘বিনামূলীয়া ভোট’-ৰ অধিকাৰ দিয়াৰ উৰ্ধলৈ উঠিব পাৰিব লাগিব। ভুপেন হাজৰিকাৰ সেই প্ৰত্যাশা বা সংশয় কিমান প্ৰাসংগিক আছিল আজি সাতটা দশকৰ পাছৰ গণতান্ত্ৰিক দেশৰ নাগৰিকসকলে বুজিব পাৰিছে। দেশে স্বাধীনতা পোৱাৰ পাঁচ বছৰৰ পাছত গৱেষণাত্ৰখন সম্পূৰ্ণ কৰা হৈছিল আৰু বিশ্ববিদ্যালয়ত অনুমোদনৰ বাবে দাখিল কৰা হৈছিল। সেইখিনি সময়ৰ প্ৰতিফলন গৱেষণাপত্ৰখনত বৰ কলাসূলভভাৱে কৰা হৈছে। শিল্পীয়ে তুলিকাৰে অংকণ কৰাৰ দৰে ভূপেন হাজৰিকাইও সেই সময়খিনিৰ কেতবোৰ প্ৰতিচ্ছবি শব্দৰে আঁকি থৈ গৈছে। স্বাধীনতাৰ পাছত সাধাৰণ জনতাৰ মনত সঞ্চাৰ হোৱা আশা আৰু প্ৰত্যাশাক তেখেতে এনেকৈ প্ৰতিফলিত কৰিছে, – ‘প্ৰখৰ খৰাঙে চিৰাল-ফটা দিয়া পথাৰত, এমুঠি শুকান মাটি হাতত তুলি লৈ, আকাশত খাওঁ-খাওঁ মূৰ্তিৰে জ্বলি থকা বেলিটোলৈ মূৰ তুলি চাই এজন পৌঢ় পকাচুলিৰ ঘৰ্মাক্ত-গাৰ কৃষকে অসহায় আৰু বিভ্ৰান্ত হৈ ভাবিছে,- কি উপায়েৰে পানী আনি মই মোৰ ঘেঁহুৰ পথাৰখন বচাওঁ! – এইখনেই আজিৰ ভাৰত।’ এনেকুৱা চিত্ৰকল্পৰে (imagery) গৱেষণাপত্ৰখন ভৰি আছে। শিক্ষা আৰু সুবিধাৰ অভাৱত পূৰ্বপুৰুষৰ দিনৰে পৰা কৰি অহা বস্ত্ৰশিল্পৰ কাম এৰি ৰিক্সা চলাবলৈ লোৱা বাৰাণসীৰ যুৱকজনৰ মনৰ বেথা, পুত্ৰই পঢ়াশালী এৰি জুৱাত ধৰা বোম্বাইৰ ঘেঁহুমিলৰ শ্ৰমিকজনৰ অসহায় মনৰ অৱ্স্থা, মেলেৰীয়াৰ লগত যুঁজি যুঁজি ভাগৰি পৰা মনিপুৰৰ আদিৱাসী যুৱক এজনৰ মনৰ কথা, বৰ্ণবাদৰ বাঘজড়ীয়ে বান্ধি ৰখা মাদ্ৰাজৰ সাধাৰণ ব্ৰাহ্মণ এজনৰ মনৰ বিভ্ৰান্তি আদি বহু প্ৰতিচ্ছবিৰে ভূপেন হাজৰিকাই তেখেতৰ গৱেষণাৰ পটভুমিৰ চিত্ৰকল্প নিৰ্মাণ কৰিছে। তেখেতে এচাম শিক্ষক সৃষ্টিত বল দিছিল যিয়ে শব্দ-দৃশ্য-শ্ৰৱণ মাধ্যমেৰে সেইসময়ৰ নিৰক্ষৰ জনতাক জ্ঞানৰ আলোকেৰে আলোকিত কৰিব পাৰে, স্বাধীন গণতান্ত্ৰিক দেশৰ নাগিৰক হিচাপে গঢ়ি তুলিব পাৰে। শিক্ষকসকলক প্ৰশিক্ষিত কৰি তুলিবৰ বাবে তেখেতে মূলতঃ ৬ টা পৰামৰ্শ আগবঢ়াইছিল, – প্ৰাপ্তবয়স্কলোকে কেনেকৈ শিকে সেই সম্পৰ্কে শিক্ষকসকলক সজাগ কৰি তোলা, কেনেধৰণৰ দৃশ্য-শ্ৰাৱ্য মাধ্যম ব্যৱহাৰ কৰিব পাৰি সেই সম্পৰ্কে উচিত জ্ঞান দিয়া, কোনটো পৰিৱেশত কেনেধৰণৰ সমল ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কে জ্ঞান দিয়া, এনেধৰণৰ সমল ক’ত পোৱা যায় সেই তথ্যৰ সম্ভেদ দিয়া, কোনো বিশেষ পৰিস্থিতিত ব্যৱহাৰ কৰিব পৰা বিশেষ সমলৰ সন্ধান দিয়া আৰু স্থানীয়ভাৱে কেনেকৈ সমল তৈয়াৰী কৰিব পাৰি সেই সম্পৰ্কে প্ৰশিক্ষণ দিয়া। এই আটাইকেইটা পৰামৰ্শৰ ওপৰতে গৱেষণাপত্ৰখনত সবিশেষ আলোচনা কৰা হৈছে। সেইসময়ৰ ৰাজনৈকিত নেতৃত্বৰ আদৰ্শ, বক্তৃতা, বিভিন্ন চৰকাৰী আঁচনিৰ পৰিকল্পনা আদি তথ্যৰে ভূপেন হাজৰিকাৰ গৱেষণাপত্ৰখনে স্বাধীনোত্তৰ ভাৰতৰ আৰম্ভনিৰ সময়ৰ এখন নিখূঁট প্ৰতিচ্ছবি আঁকি থৈছে। স্বাধীনতা প্ৰাপ্তিৰ আবেগ আৰু ভৱিষ্যতৰ সপোনো তাত নিহিত হৈ আছে।

বাস্তৱতে ভূপেন হাজৰিকাৰ গৱেষণাই স্বাধীন ভাৰতৰ শিক্ষা ব্যৱস্থাত কিমান প্ৰভাৱ পেলাব পাৰিলে সেইটো কোৱাটো টান। একেই ভূপেন হাজৰিকাই এসময়ত লিখিবলৈ বাধ্য হ’ল,- ‘ৰাইজ আজি ভাৱৰীয়া, দেশেই নাটঘৰ..’ নতুবা ‘ আহ্ আহ্ ওলাই আহ, সজাগ জনতা..’। এটা কথা ঠিক, সেই সময়ৰ আদৰ্শতে স্থিৰ হৈ থাকিব পৰা হ’লে আজি সাতটা দশকৰ পাছত নিশ্চয় গণতন্ত্ৰৰ স্বৰূপটোও বেলেগ হ’লহেঁতেন। শিক্ষা ব্যৱস্থা হৈছে এখন সমৃদ্ধিশালী সমাজৰ বুনিয়াদ। যেতিয়ালৈকে শিক্ষাৰ আদৰ থাকিব, নিৰক্ষৰ মানুহক সাক্ষৰ কৰি তোলাৰ স্বপ্ন থাকিব, তেতিয়ালৈকে ভূপেন হাজৰিকাৰ গৱেষণাপত্ৰখনৰো প্ৰাসংগিকতা থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *