বিবিধ চিন্তা

সাময়িক প্ৰসংগ : যোশীমঠৰ সংকট  (বেদান্ত নাথ)

যোশীমঠকলৈ হিন্দুত্বৰ ধ্বজাবাহী ৰক্ষকসকলৰ নীৰৱতাৰ কাৰণ কি? ভাৰতক হিন্দুৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰাসকলৰ যোশীমঠক লৈ এনে উদাসীনতাই সকলোকে আচৰিত কৰিছে। নিতৌ হিন্দুত্বৰ এজেণ্ডালৈ ষ্টুডিওৰ মজিয়াত তালফাল লগোৱা এংকৰসকল, সৰহ সংখ্যক সন্ত-মহন্ত, পৰিৱেশকৰ্মী, চৰকাৰ—সকলো যেন যোশীমঠকলৈ উদাসীন। স্থানীয় প্রশাসনে যোশীমঠত সকলোধৰণৰ নিৰ্মাণ কাৰ্য স্থগিত কৰাৰ নির্দেশ দিছে যদিও সময় এতিয়া অতীত। ছয় হেজাৰ লোকক স্থানান্তৰিত কৰা হৈছে, ছয়শ ঘৰত ফাট মেলিছে৷ ৰাস্তাত বৃহৎ ফাট মেলিছে। হোটেলত বিভিন্ন স্থানত ফাট। তলৰ পৰা অহৰহ দূষিত পানী ওলাই আছে। যোশীমঠৰ জনতা এতিয়া ৰাজপথত। প্ৰতিবাদত উত্তাল ৰাজপথ। চৰকাৰ প্ৰশাসনে যথাসম্ভৱ চেষ্টা কৰিছে সাম্প্রতিক ঘটনা প্ৰৱাহক পৃথিৱীৰ চকুৰ পৰা আঁতৰাই ৰাখিবলৈ।

যোশীমঠ ভূপৃষ্ঠৰ পৰা ৬১০৫ ফুট উচ্চতাত উত্তৰাখণ্ডৰ এটা টিলাৰ ওপৰত অৱস্থিত এখন চহৰ। পূৰ্বতে ভূমিস্খলনৰ ফলত পাহাৰ খহি বৰফৰ ওপৰত সৃষ্টি হোৱা এটা টিলাৰ ওপৰত যোশীমঠ চহৰখন গঢ়ি উঠিছিল। যোশীমঠ হিন্দুসকলৰ তীৰ্থস্থান বদ্রীনাথৰ দুৱাৰ। যোশীমঠহৈ বদ্রীনাথলৈ যোৱা হয়। আদি গুৰু শংকৰাচাৰ্যই ইয়াতেই আহি জিৰণি লৈছিল বুলি কোৱা হয়। তেওঁ স্থাপন কৰা মঠৰ নাম অনুসৰিয়েই ভূমিখণ্ডৰ নাম যোশীমঠ হয়। ইয়াক জ্যোতিমঠ বুলিও কোৱা হয়। হিমকুণ্ড চাহেব, UNECSO হেৰিটেইজ ছাইট ভেলি অফ্ ফাৱাৰলৈও যোৱা বাটো যোশীমঠ হৈয়েই, গতিকে পৰ্যটনৰ ফালৰ পৰাও ঠাইখন অতি গুৰুত্বপূর্ণ।

কিন্তু অবাধ নির্মাণ, পাৱাৰ প্রজেক্ট, NTPC, চাৰি ধাম পথ নিৰ্মাণ প্রজেক্ট, যোশীমঠৰ কাষেৰে সুৰংগ খনন আদি অনেক কার্য-কলাপৰ ফলত যোশীমঠ এতিয়া শেষ হোৱাৰ পথত। বিশেষজ্ঞসকলে যোশীমঠক ৰক্ষা কৰিব পৰা নাযাব বুলি মত প্ৰকাশ কৰি লোকসকলক স্থানান্তৰিত কৰাৰ প্ৰস্তাৱ দিছে। এতিয়ালৈ ছয় হাজাৰ লোকক স্থানান্তৰিত কৰা হৈছে।

১৯৩০ চনতেই ছুইজাৰলেণ্ডৰ এদল বিজ্ঞানীয়ে যোশীমঠলৈ ভৱিষ্যতে বিপদ আহিব পাৰে বুলি সকিয়াই দিছিল। কিন্তু যোশীমঠত ব্যাপক ৰূপত নিৰ্মাণ কাৰ্যহে আৰম্ভ হয় ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ পিছত—প্ৰতিৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি। ১৯৬৭ চনত এম চি মিশ্ৰা ৰিৰ্পটত যোশীমঠত সকলো নিৰ্মাণ কার্য সম্পূৰ্ণ ৰূপে বন্ধ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল। কিন্তু মিশ্ৰা কমিটিৰ পৰামৰ্শক ধোঁৱা চাঙত তুলি ১৯৮০ চনত এটা পাৱাৰ প্রজেক্ট আহি বহিল আৰু ২০০৬ চনত NTPC-এ  যোশীমঠত নিৰ্মাণ কাৰ্য আৰম্ভ কৰিলে। লগতে পৰ্যটন ক্ষেত্ৰৰ বিকাশৰ লগে লগে বৃহৎ বৃহৎ অট্টালিকা নির্মাণ অব্যাহত থাকিল। হোটেলৰ নির্মাণ হ’ল, নতুন নতুন কোম্পানী আহি থাকিল সকলোবোৰ মিলি যোশীমঠক অন্ধকাৰ গহ্বৰলৈ সুমুৱাই লৈ গ’ল। এতিয়া যোশীমঠ ক্ৰমাৎ তললৈ সোমাই গৈ আছে। খননৰ ফলত অন্তঃনিৰ্হিত পানীৰ স্ৰোতত ফুটাহৈ তলিৰ পানী উদং হৈছে প্ৰতিদিনে। বিজ্ঞানীসকলে তাত বাস কৰা লোকসকলক ৰক্ষা কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। কংগ্ৰেছে চৰকাৰক সমালোচনা কৰিছে কিন্তু অকল চৰকাৰক সমালোচনা কৰিয়েই কংগ্ৰেছে দায়িত্ব সাৰিব নোৱাৰে। কংগ্ৰেছৰ শাসন কালতো যোশীমঠক ৰক্ষাৰ বাবে কোনো বিশেষ পদক্ষেপ লোৱা নহʼল। ইফালে বৰ্তমানৰ চৰকাৰখনৰ গা এৰা দিয়া মনোভাব। প্রতিবাদী জনতাৰ কাষত প্রধানমন্ত্রী ডাঙৰীয়াতো বাদেই আন নেতাসকলৰো দেখা দেখি নাই। ওলোটাই আন্দোলনৰ পৰা আঁতৰি থাকিবৰ বাবেহে জনতাক পৰামৰ্শ দিছে। কিন্তু তিনি বছৰে নিয়মীয়াকৈ যোশীমঠ ৰক্ষা সমিতিয়ে ঘৰৰ দেৱালত ফাট মেলাৰ কথাটো প্ৰশাসনক অৱগত কৰি আহিছিল।

উত্তাৰাখণ্ডৰ মুখ্যমন্ত্ৰীকো যোশীমঠৰ পৰিস্থিতিৰ কথা জানিবলৈ দিয়াৰ পিছতো প্ৰশাসনে কাণসাৰ নিদিলে। ২০২১ চনত NTPC-ৰ তপোবন বিষ্ণুগাড প্ৰজেক্টত হোৱা এটা দুৰ্ঘটনাত প্ৰায় দুশ লোকৰ মৃত্যু হোৱাত যোশীমঠ সুৰক্ষা সমিতিয়ে নিজাববীয়াকৈ বিশেষজ্ঞৰ এটা দলক আমন্ত্ৰণ জনাই যোশীমঠৰ পৰিস্থিতিৰ ওপৰত ৰিপৰ্ট প্ৰস্তুত কৰিবলৈ অনুৰোধ জনাইছিল। ড: এচ পি চাটিয়ে পৰিস্থিতিৰ অধ্যয়ন কৰি যোশীমঠ সম্পূৰ্ণৰূপে বসবাসৰ অনুপযোগী বুলি উল্লেখ কৰি যোশীমঠক ৰক্ষা কৰিব পৰা নাযাব বুলি ৰিপৰ্ট দিছিল। তেতিয়াও চৰকাৰে কাণসাৰ নিদিলে। যোৱা ৩ জানুৱাৰীত বদ্ৰীনাথলৈ যোৱা হাইওৱে অৱৰোধ কৰাতহে প্ৰশাসনে ততাতৈয়া লগাইছে। NTPC-এ ইয়াৰ বাবে NTPC জগৰীয়া নহয় বুলি ক’লেও বিশেষজ্ঞসকলে তাক অস্বীকাৰ কৰিছে। ইফালে যোশীমঠৰ ২৫০০০ ক্ষোভিত লোকে ক্ষতিপূৰণ বিছাৰি ৰাজপথ উত্তাল কৰিছে।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *