মানৱ শৰীৰত ভগৱান লম্ভাৰ আঁৰৰ কথা: ৰাসৰ কৃষ্ণৰ প্ৰসংগৰে – (বৰ্ণালী বৰুৱা দাস)
ভূমিকা:
শৰত কালৰ বিতোপন ৰাতি এটাৰ ঘটনা। খবৰ ওলাল, মৰিগাঁৱৰ কোনো এক অঞ্চলত আয়োজিত শ্ৰীকৃষ্ণৰ ৰাসলীলাত কৃষ্ণৰ ভাও লোৱা এগৰাকী ছোৱালীৰ গাত ভগৱান শ্ৰীকৃষ্ণ লম্ভিলে। চোঁ-ঘৰত মে’ক আপ কৰি থাকোঁতেই হেনো প্ৰথম ছোৱালীজনীয়ে কিছু অস্বাভাৱিকতা প্ৰদৰ্শন কৰিলে। চকুৰ চাৱনি, কথা বতৰাত ভগৱানসুলভ আচৰণ ফুটি উঠিলে। আখৰাত কোনোদিন নেদেখুওৱা অসাধাৰণ নৃত্য আৰু অভিনয় প্ৰদৰ্শন কৰিলে আৰু সূত্ৰধাৰ গোপী বা অন্যান্যক নিজৰ ধৰণেৰে পৰিচালনা কৰি সকলোকে স্তম্ভিত কৰি পেলালে। এটা সময়ত মূৰটো চক্ৰাকাৰে ঘূৰাই ঘূৰাই প্ৰাৰ্থনাৰত ভক্তৰ কোলাতে ঢলি পৰিল ছোৱালীজনী। তেওঁৰ এনে আচৰণৰ ভিডিঅ’ই সামাজিক মাধ্যম তোলপাৰ লগাই দিলে। বিধে বিধে নিউজ পৰ্টেলবোৰতো আছেই, তাৰ লগতে বিভিন্ন ব্যক্তিয়েও নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি, উক্ত ছোৱালীজনীৰ ঘৰলৈ গৈ, বিভিন্ন জনৰ লগত কথা পাতি অজস্ৰ ভিডিঅ’ ইউটিউবত এৰি দিলে। এদিন ছোৱালীজনীয়ে নিজেই ঘোষণা কৰিলে যে এক নিৰ্দিষ্ট দিনত, এক নিৰ্দিষ্ট স্থানত তেওঁ দেহত্যাগ কৰিব। সেই সমস্ত দৃশ্যও ভিডিঅ’যোগে বিভিন্নজনে সামাজিক মাধ্যমত প্ৰচাৰ কৰি থাকিল। ভিডিঅ’বোৰৰ তলৰ মন্তব্য বাকচ ভক্তপ্ৰাণ ৰাইজৰ ‘অভয় চৰণত সভয়ে শৰণ’ লোৱা মন্তব্যৰে ভৰি পৰিল।
এই ঘটনাটোৰ আলম লৈয়েই মানুহৰ গাত ভগৱান লম্ভা বিষয়টোত কিছু আলোকপাত কৰিব খুজিছোঁ।
ভগৱান লম্ভাৰ আঁৰৰ কথা:
এনে ঘটনা এয়াই প্ৰথম নহয়। বিভিন্ন সময়ত বিভিন্ন অঞ্চলত মানুহৰ গাত দেৱ-দেৱী লম্ভাৰ খবৰ মাজে সময়ে প্ৰচাৰ হৈ থাকে। তাৰে কিছুমান ঘটনাই মন্দিৰ, থান আদি গঢ়াৰ দিশেৰে গতি কৰে আৰু কাহিনীটো ইতিহাস হৈ ৰৈ যায় মন্দিৰৰ ভেটিত। কিছুমান ঘটনা সময়ৰ লগে লগে পাহৰণিৰ গৰ্ভত লীন যায়। সি যি নহওক, শৰীৰ বিজ্ঞানৰ বিচাৰত এই দেৱ দেৱী লম্ভাৰ ঘটনাবোৰৰ নায়ক-নায়িকাসকল সাধাৰণতে দুই ধৰণৰ হয়— এবিধ হয় মানসিক ৰোগী আৰু আনবিধ হয় দক্ষ অভিনেতা বা অভিনেত্ৰী।
১) মানসিক ৰোগী:
আমাৰ শৰীৰৰ সকলোবোৰ অংগ-প্ৰত্যংগৰ চাল-চলন, পঞ্চ ইন্দ্ৰিয়ৰ অনুভূতি, চিন্তা, স্মৃতি, আৱেগ ইত্যাদি সকলোবোৰৰে পৰিচালকজনেই হৈছে আমাৰ মগজুটো। এই পৰিচালকজনৰ চৰিত্ৰ কিন্তু সকলো মানুহৰ ক্ষেত্ৰতে একে নহয়। অৰ্থাৎ মস্তিষ্কৰ গতি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান মানুহ স্বভাৱতেই আবেগপ্ৰৱণ হয়, কিছুমান হয় স্থিতপ্ৰজ্ঞ, কিছুমান অত্যন্ত প্ৰাণচঞ্চল, কিছুমান ভাবুক বা আত্মস্থ। মস্তিষ্ক কোষৰ স্থিতিস্থাপকতা আৰু সহনশীলতা গুণো সকলোৰে সমান নহয়। মস্তিষ্ক কোষৰ চৰিত্ৰৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান বিশেষ পৰিস্থিতিত কিছুমান মানুহৰ বিবিধ মানসিক ৰোগ হ’ব পাৰে। তাৰে কিছুমান মানসিক ৰোগত ৰোগীয়ে নিজৰ শৰীৰত ভূত বা ভগৱান লম্ভা বুলি বিশ্বাস কৰি অদ্ভূত আচৰণ কৰিব পাৰে। সাধাৰণতে হিষ্টিৰিয়া, স্কিজ’ফ্ৰেনিয়া বা ডিপ্ৰেচিভ মেনিয়াক আদি ৰোগত ভোগা ৰোগীয়ে এনে আচৰণ কৰিব পাৰে। বিভ্ৰান্তি (Delusion), শ্ৰৱণ/দৰ্শন/ঘ্ৰাণ/স্পৰ্শানুভূতিৰ অমূল প্ৰত্যক্ষ (Auditory/Optical/Olfactory/Tactile Hallucination), ধৰ্মীয় বিশেষ সামৰ্থৰ বিভ্ৰম (Religious megalomania) বা মেচিয়া কমপ্লেক্স (Messiah complex) আদি বিবিধ মানসিক জটিলতাৰ ফলতো এই লম্ভা ৰোগৰ লক্ষণে দেখা দিব পাৰে। সকলোবোৰৰ বিষয়ে আলোচনা কৰাটো এই চমু পৰিসৰত সম্ভৱ নহয়। খুব সংক্ষিপ্ত ৰূপত এক সাধাৰণ ব্যাখ্যা দিবলৈহে যত্ন কৰিম।
১।১।হিষ্টিৰিয়া:
যুক্তিবৰ্জিত চিন্তাত অভ্যস্ত, অশিক্ষিত বা অল্পশিক্ষিত সংস্কাৰাচ্ছন্ন পৰিৱেশত লালিত পালিত মানুহৰ হিষ্টিৰিয়া ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক। কিছুমান লোকৰ মস্তিষ্ক কোষৰ বিশেষ গঠনৰ বাবে মগজুৰ স্থিতিস্থাপকতা আৰু সহনশীলতা কম থাকে। তেনে লোকে বাৰে বাৰে একে কথা শুনিলে, ভাবিলে বা ক’লে মগজুৰ বিশেষ কিছুমান কোষ উত্তেজিত হৈ পৰে আৰু আলোড়িত হ’বলৈ ধৰে। এনেকৈ অত্যাধিকভাৱে আলোড়িত হোৱাৰ ফলত কোষসমূহ ক্ষতিগ্ৰস্ত হয় আৰু মগজুৰ কাম কাজত বিশৃংখলতা আহি পৰে। ভূত-ভগৱান আদিৰ কথা সঘনাই শুনি থাকিলে তথা সেইবোৰৰ বিষয়ে বদ্ধমূল বিশ্বাস প্ৰোথিত হৈ থাকিলে বিশেষ পৰিস্থিতিত মগজুৰ বিশৃংখলতাৰ ফলতেই ৰোগীয়ে ভূত বা ভগৱান লম্ভাৰ দৰে আচৰণ কৰিব পাৰে। পূজা-পাৰ্বন কৰোঁতে কৰোঁতে বা নাম-কীৰ্ত্তন কৰোঁতে কৰোঁতে আবেগৰ আধিক্যত চেতনা হেৰুৱাই অদ্ভূত আচৰণ কৰাটোও হিষ্টিৰিয়াৰে লক্ষণ। মানসিক ৰোগৰ বিষয়ে বিশেষ জ্ঞান নথকা দৰ্শকে এনে ৰোগীৰ অদ্ভুত কাম কাজত অত্যন্ত আচৰিত হয়। নক’লেও হ’ব যে আশ্চৰ্যচকিত হোৱা এনে দৰ্শকৰো পৰিৱেশতন্ত্ৰত একেধৰণৰ বিশ্বাসৰেই লীলাখেলা বিদ্যমান হৈ থাকে। একেবোৰ ভূতৰ কাহিনী, একেবোৰ ভগৱান বিশ্বাসৰ মাজতেই সেইসকল দৰ্শকো আজন্ম দীক্ষিত হৈ আহে। সেয়েহে মানসিক ৰোগ বুলি ভবাতকৈ ভুত লম্ভা বা ভগবান লম্ভা তত্ত্বতেই তেওঁলোকে সহজে আস্থা স্থাপন কৰে।
হিষ্টিৰিয়া কেতিয়াবা বহু মানুহলৈ প্ৰবাহিত হ’ব পাৰে। মনৰ গভীৰত প্ৰোথিত বিশ্বাসে হঠাৎ মানুহক হিষ্টিৰিয়াগ্ৰস্ত কৰি তুলিব পাৰে। সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত বা কোনো বহুল প্ৰচাৰিত অলৌকিক কাণ্ড প্ৰত্যক্ষ কৰাৰ সময়ত বহু মানুহ হিষ্টিৰিয়াত একেলগে ভোগে। ইয়াক কোৱা হয় গণ-হিষ্টিৰিয়া বা মাচ হিষ্টিৰিয়া। গণ-হিষ্টিৰিয়াৰ কবলত কেৱল অশিক্ষিত বা কু-সংস্কাৰাচ্ছন্ন মানুহেই যে পৰে তেনে নহয়। আনুষ্ঠানিক শিক্ষাৰে উচ্চ শিক্ষিত মানুহো গণ-হিষ্টিৰিয়াৰ কৱলত পৰিব পাৰে।
গণ-হিষ্টিৰিয়া সৃষ্টিৰ ক্ষেত্ৰত ধৰ্ম এক ডাঙৰ কাৰক। অৱশ্যে ধৰ্মৰ লগতে ৰাষ্ট্ৰ আৰু ৰাজনৈতিক দলসমূহৰ ভূমিকাও গণ-হিষ্টিৰিয়া সৃষ্টিৰ ক্ষেত্ৰত সমানেই গুৰুত্বপূৰ্ণ। ধৰ্মান্ধতা, উগ্ৰ জাতীয়তাবাদ, ৰাজনৈতিক দল একোটাৰ প্ৰতি অন্ধ আনুগত্য আদিয়ে মানুহৰ যুক্তি-বুদ্ধি লোপ পোৱাই তীব্ৰ ভাবাবেগত চালিত কৰাব পাৰে। এনে মোহাবিষ্ট হৈ থকা জনতাৰ মগজুলৈ বিশেষ ধাৰণা সঞ্চাৰ কৰি অসম্ভৱভাৱে পৰিচালিত কৰিব পৰা যায়। ধাৰণা সঞ্চাৰ কৰা এই প্ৰক্ৰিয়াটোক কোৱা হয় অভিভাৱন বা চাজেচন (Suggestion)। এই অভিভাৱন বাহিৰৰ পৰা অহাৰ উপৰিও কেতিয়াবা নিজেও নিজৰ মগজুলৈ প্ৰেৰণ কৰিব পাৰে। ইয়াক কোৱা হয় স্ব-অভিভাৱন বা অট’ চাজেচন (Auto suggestion)।
সাম্প্ৰদায়িক সংঘৰ্ষ বা গোষ্ঠী সংঘৰ্ষৰ সময়ত নিৰ্জু মানুহ এজনেও গণ হিষ্টিৰিয়াৰ কবলত পৰি নৃসংশ হত্যাকাৰী হ’ব পাৰে। ১৯৯৫ চনত ভাৰতত শিলৰ গণেশ মূৰ্তিয়ে গাখীৰ খোৱা বুলি কৰা প্ৰচাৰত হাজাৰ হাজাৰ শিক্ষিত মানুহেও গণ-হিষ্টিৰিয়াত আক্ৰান্ত হৈ শিলৰ গণেশক গাখীৰ খুৱাবলৈ ঢাপলি মেলিছিল। পৃষ্ঠ-টানৰ বাবে যে গাখীৰ মূৰ্তিৰ গাৰে বাগৰি গৈছে সেই কথা তেওঁলোকৰ চকুত সেইসময়ত কোনো পধ্যেই পৰা নাছিল। কাৰণ সেইসময়ত তেওঁলোক আছিল হিষ্টিৰিয়াগ্ৰস্ত।
১।২। স্কিজ’ফ্ৰেনিয়া:
মানুহৰ প্ৰকৃতি অধ্যয়ন কৰিলে দেখা যায় যে কিছুমান মানুহে নতুন বিষয় এটাত অতি সোনকালে সোমাব পাৰে বা বুজি পায় আৰু এটা বিষয়ৰ পৰা আন এটা বিষয়লৈ ক্ষীপ্ৰতাৰে যাবও পাৰে। এনে মানুহৰ মস্তিষ্ক কোষৰ গতিময়তা অধিক। তেওঁলোকক প্ৰাণচঞ্চল বা চেংগুইনাচ (Sanguineous) বুলি অভিহিত কৰা হয়। কিন্তু আন কিছুমান মানুহে প্ৰকৃতিগতভাৱেই বিষয় এটা বুজোঁতে বা বিষয়টোত সোমাবলৈ যথেষ্ট সময় লয় আৰু এবাৰ সোমোৱাৰ পাছত তাৰ পৰা ক্ষীপ্ৰতাৰে ওলাই আহিব নোখোজে, বিষয়টোলৈ আৰু গভীৰভাৱে সোমাই যাবলৈ চেষ্টা কৰে। সেই সময়ত আন ভিন্ন প্ৰসংগ ওলালে মনোনিৱেশ কৰিব নোৱাৰে কাৰণ তেওঁৰ মস্তিষ্ক কোষৰ গতিময়তা তুলনামূলকভাৱে কম। এনে মস্তিষ্ক কোষৰ অধিকাৰীজনক আত্মস্থ বা ফ্লেগমেটিক (Phlegmatic) বুলি অভিহিত কৰা হয়। এই প্ৰকৃতিৰ মানুহে কোনো এটা বিষয় গভীৰভাৱে চিন্তা কৰি কৰিও সঠিকভাৱে চিন্তাসূত্ৰৰ উৎস বিচাৰি নাপালে, বা কোনো সমস্যাৰ সমাধান বিচাৰি নাপালে একেটা বিষয়ৰ মাজতেই সমস্ত চিন্তা নিয়োজিত কৰে। ফলত মস্তিষ্ক কোষৰ গতিময়তা আৰু অধিক হ্ৰাস পায়। কেতিয়াবা কোনো ৰহস্যময়তাৰ বিষয়ে ভাবোঁতে ভাবোঁতে অত্যন্ত আবেগপ্ৰৱণ হৈ পৰে। এটা সময়ত নিজেই সেই ৰহস্যময়তাৰ ভিতৰলৈ সোমাই যায় আৰু তাৰ পৰা ওলাই আহিব নোৱৰা হয়।এই ৰোগত ইন্দ্ৰিয়সমূহে মগজুলৈ প্ৰেৰণ কৰা সংবেদনা (Sensation) বোৰ সঠিকভাৱে পাঠোদ্ধাৰ কৰাত অৰ্থাৎ প্ৰত্যক্ষ বা সংবোধন (Perception) কৰাত বিফল হয়। ফলত ৰোগীয়ে বিভিন্ন ধৰণৰ বিকৃত সংবেদন লাভ কৰে। সহজকৈ ক’বলৈ গ’লে বস্তুবোৰ প্ৰকৃত ৰূপতকৈ বেলেগকৈ দেখে, বেলেগকৈ শুনে, বেলেগকৈ গোন্ধ পায় বা বেলেগ স্পৰ্শানুভূতি লাভ কৰে। স্কিজ’ফ্ৰেনিয়া ৰোগত দৰ্শন, শ্ৰৱণ, স্পৰ্শ অনুভূতিৰ তীব্ৰতা বঢ়া বহু ৰোগীৰ ঘটনা পংকজলোচন শৰ্মাই তেওঁৰ ‘স্কিজ’ফ্ৰেনিয়া’ নামৰ গ্ৰন্থখনত উল্লেখ কৰিছে।
১।৩। মেনিয়াক ডিপ্ৰেচিভ
দীৰ্ঘদিনীয়া অৱদমিত হতাশা, অতৃপ্তি আদিয়ে মগজুৰ কাম কাজত বিজুটি ঘটাই মানুহ এজনক বিষণ্ণতা বা আতিক্ৰিয়তাৰ চিকাৰ কৰিব পাৰে। এই ৰোগত ভোগা বহু ৰোগীয়ে মানসিক যন্ত্ৰণাত আনকি আত্মহত্যাৰ দৰে পথো বাছি ল’ব পাৰে। এই একেটা ৰোগতে আন কিছু ৰোগীয়ে গাত ভূত লম্ভাৰ দৰে আচৰণ কৰিব পাৰে। এনে ৰোগীয়ে ঘৰৰ বয়-বস্তু ক্ষতি কৰা, খাদ্যত চুলি, বালি আদি মিহলোৱা, অগ্নি সংযোগ কৰা, কাপোৰ-কানি কটা ইত্যাদি কাম নিজৰ অজান্তেই ক্ষীপ্ৰতাৰে কৰি পেলায়। সকলোৰে অলক্ষিতে ইমান ক্ষীপ্ৰ গতিৰে কামবোৰ কৰে যে কোনোবা অশৰীৰী আত্মা, অপদেৱতা আদিয়ে সকলো কৰিছে বুলিয়েই আন মানুহে বিশ্বাস কৰে।
ভগৱান লম্ভা ৰোগীৰ প্ৰতি সাধাৰণ মানুহৰ আচৰণ:
আলোচিত তিনিওধৰণৰ মানসিক ৰোগৰ ফলত আৰু লগতে প্ৰথমে উল্লেখ কৰা মানসিক অৱস্থা বা বিক্ষিপ্তিবোৰত ৰোগী এজনে বিভিন্ন অস্বাভাৱিক আচৰণ কৰিব পাৰে, যাৰ ব্যাখ্যা সাধাৰণ মানুহে সতকাই বিচাৰি নাপায়। মানসিক ৰোগৰ লক্ষণবোৰৰ ক্ষেত্ৰত সেই ৰোগীৰ প্ৰতি মানুহৰ আচৰণো বেলেগ বেলেগ হয়। ভূত লম্ভা বুলি ভবাজনক নানা শাৰীৰিক উৎপীড়ন কৰি অৰ্থাৎ ওজা-বেজৰ দ্বাৰা জৰা-ফুকা কৰি শৰীৰত লম্ভা ভূত খেদাবলৈ চেষ্টা কৰে। এনে কিছু লোমহৰ্ষক উৎপীড়নৰ কথা মানসিক ৰোগৰ ইতিহাস পুথিত বিধৃত হৈ আছে। সি যি নহওক, এই একে মানসিক ৰোগতে ৰোগীয়ে যেতিয়া ভূত লম্ভাৰ আচৰণ নকৰি, বেছ গাম্ভীৰ্যপূৰ্ণভাৱে কৰ্তৃত্বৰ সুৰত কথা কয়, ধৰ্মীয় উপদেশ দিয়ে, নিজকে কোনোবা ভগৱান বা দেৱ-দেৱী বুলি দাবী কৰে তেতিয়া মানুহে সম্পূৰ্ণ বিপৰীত আচৰণ কৰে। দায়-দোষ লাগিব বুলি সন্ত্ৰস্ত হৈ পৰে আৰু প্ৰশস্তি-কীৰ্ত্তনেৰে ৰোগীক দেৱতাৰ আসনত উপৱিষ্ট কৰে।
সাম্প্ৰতিক সময়ত চৰ্চাত থকা ৰাসৰ ‘কৃষ্ণ লম্ভা’ ঘটনাটোত বাকীসকল মানুহৰ আচৰণলৈ মন কৰিলেই এই কথাটোৰ সত্যতা বুজিব পাৰি। কৃষ্ণৰ অভিনয়ৰ কথা ভাবি অত্যাধিক মানসিক চাপত থকা কিশোৰীগৰাকীয়ে মানসিক ভাৰসাম্য হেৰুৱাই নিজকে অভিনয়ৰ চৰিত্ৰটোত বিলীন কৰি পেলালে। তেওঁ নিজস্ব সত্তাটো সাময়িকভাৱে পাহৰি পেলালে। সেইখিনি সময়ত তেওঁৰ প্ৰয়োজন আছিল এক শান্ত গভীৰ নিদ্ৰা আৰু জিৰণিৰ আৰু লগতে মানসিক ৰোগৰ সুচিকিৎসাৰ। পিছে ধৰ্মই মোহাৱিষ্ট কৰি ৰখা দৰ্শক ৰাইজে লগে লগে তুতি মিনতি কৰি প্ৰাৰ্থনা কৰাত লাগিল— যিটো পৰিৱেশে যুৱতীগৰাকীক নিজৰ অলীক বিশ্বাসৰ আৰু গভীৰলৈ লৈ গ’ল। পৰৱৰ্তী সময়ত ধৰ্মপ্ৰাণ ৰাইজে গণ-হিষ্টিৰিয়াৰ সমস্ত লক্ষণ প্ৰকট কৰি যুৱতীগৰাকীৰ কথামতে নাম-গুণ, নৃত্য-গীত কৰি দলে দলে শিৱকুণ্ড নামৰ স্থানলৈ গতি কৰিলে। উক্ত দিনা সেই স্থানত কৃষ্ণই যুৱতীগৰাকীৰ দেহ ত্যাগ কৰি যোৱাৰ দৃশ্য চাবলৈ হাজাৰ হাজাৰ দৰ্শক গোট খালে। অস্বাভাৱিকভাৱে মূৰ জোকৰা দৃশ্য দেখি দৰ্শক শিয়ৰি উঠিলে। কৃষ্ণই দেহত্যাগ কৰাৰ ভংগীমাত যুৱতীগৰাকী মাটিত শুই পৰাৰ লগে লগে সকলোৱে সমস্বৰে ‘অপৰাধ বিনাশন তযু নাম নাৰায়ণ’ আওঁৰালে। কোনো কোনো ভক্তৰ মাত কান্দোনত ভাগি পৰাও শুনা গ’ল। বিভিন্নজন প্ৰত্যক্ষদৰ্শীয়ে বৰ্ণনা কৰিলে যে তেওঁলোকে ৰাসৰ দিনা ছোৱালীজনীৰ চকু মুখত এক অস্বাভাৱিক উজ্জ্বলতা দেখা পাইছিল। তেওঁলোকে স্বয়ং শ্ৰীকৃষ্ণৰ ৰূপ প্ৰত্যক্ষ কৰিছিল।
খঙাল দেৱতাৰ চকুটো:
হেলুচিনেচন বা বিভ্ৰমৰ ক্ষেত্ৰত অভিভাৱন বা চাজেচনে কেনেকৈ ক্ৰিয়া কৰে সেই কথা এইখিনিতে উল্লেখ কৰিব পাৰি। কথাটো বুজিবলৈ পংকজলোচন শৰ্মাৰ ‘স্কিজ’ফ্ৰেনিয়া’ নামৰ গ্ৰন্থৰ এটা বৰ্ণনা ধাৰ কৰিলোঁ।
“কেইটামান কিশোৰে এৰ’প্লেন গ্লু নামৰ এবিধ উদ্বায়ী মাদক দ্ৰব্য (Volatile Inhalant) শুঙি নিচা লৈছিল। নিচাৰ প্ৰভাৱত সিহঁতৰ এটাই চকুৰ আগত কিছুমান দাগ ভাহি থকা দেখিছিল। চকু পিৰিকিয়ালে বা মোহাৰিলে এই দাগবোৰ নাইকিয়া হৈ যায়। এই কথা শুনি আন এটা ল’ৰাই চকুৰ সন্মুখত এটা গোলক দেখিবলৈ ধৰিলে। গোলকৰ কথা শুনি আন এটাই এটা ডাঙৰ চকু দেখিবলৈ ধৰিলে। সি ভাবিলে এইটো কোনো ক্ৰোধান্বিত দেৱতাৰ চকু। সি এই দেৱতাৰ নাম দিলে ‘গ্লু গড’ (Glue God) আৰু লগৰীয়াবোৰক গ্লু গডৰ পুংখানুপুংখ বৰ্ণনা দিলে। এই অভিভাৱনৰ ফলত লগৰীয়াবোৰেও গ্লু গডৰ চকু দেখিবলৈ ধৰিলে। কালক্ৰমত গ্ৰুপটোৰ সকলোবোৰেই এৰ’প্লেন গ্লু শুঙি শুঙি গ্লু গডৰ দৰ্শন কৰিবলৈ ধৰিলে আৰু তেওঁক ভয় ভক্তিৰে পূজিবলৈ ধৰিলে।”
ভক্তিৰ আবেগত আপ্লুত ভক্তৰ ক্ষেত্ৰত কোনো নিচা নোহোৱাকৈয়ে এনে অভিভাৱনৰ ঘটনা ঘটিব পাৰে। ধৰি লওক, একেলগে ৰাস চাই থকা এজন ভক্তই কৈ উঠিল— চাওক চাওক, এয়া যেন সাক্ষাৎ শ্ৰীকৃষ্ণ!! সেই কথাই ভক্তিৰসত আপ্লুত হৈ থকা আনসকল মানুহৰ মগজুলৈ এই ধাৰণা তড়িৎ গতিত সঞ্চাৰিত কৰিব। ফলত সকলোৱে ইমানদিনে নিজৰ ঘৰে দুৱাৰে আঁৰি থোৱা কৃষ্ণৰ ছবিখন ছোৱালীজনীৰ মুখতে দেখিবলৈ আৰম্ভ কৰিব। ছোৱালীজনীৰ সাজ-সজ্জাও যে সুন্দৰ হৈছিল সেইটোও অৱশ্যে এইখিনিতে কৈ থোৱা দৰকাৰ। কৃষ্ণৰ ৰূপ ফুটাই তুলিব পৰা প্ৰসাধন শিল্পীজনকহে তাৰ বাবে কৃতিত্ব দিয়া উচিত। এইটো কোনো অলৌকিক ঘটনা নহয়। নহ’লে তৎপৰৱৰ্তী ১৩ দিনত প্ৰসাধনবিহীন ছোৱালীজনীৰ মুখতো আচলতে একেই জ্যোতি দেখিবলৈ পাব লাগিছিল। পিছে গণ-হিষ্টিৰীয়াত আক্ৰান্ত মানুহৰ বাবে এইবোৰ যুক্তি অৰ্থহীন। তেওঁলোক সেইসময়ত যুক্তিবৰ্জিত আৱেগেৰেহে পৰিচালিত হয়।
২) দেৱ-দেৱীৰ অভিনয় কৰা প্ৰতাৰকসকল:
দেৱ-দেৱী লম্ভা বুলি প্ৰচাৰ হোৱা ঘটনাবোৰৰ নায়ক নায়িকা যে সকলো সময়তে মানসিক ৰোগত আক্ৰান্ত হৈহে তেনে কৰে সেইটো ভাবিলে ভুল হ’ব। বৰঞ্চ দেৱ-দেৱী লম্ভাৰ অভিনয় কৰা প্ৰতাৰকৰ সংখ্যাও বৰ কম নহয়। প্ৰতাৰকসকলে দেৱ দেৱী লম্ভাৰ অভিনয় কৰি ধৰ্ম পৰায়ণ মানুহৰ পৰা অতি সহজেই ধন-সম্পদ আৰু লগতে সন্মান আদায় কৰে। এনে দেৱ-দেৱী লম্ভা বহুতো ঘটনাৰ আঁৰত আনৰ ব্যক্তিগত ভূমি বা ৰাজহুৱা ভূমি দখল কৰাৰ হাবিয়াসৰ কথা বিভিন্ন সময়ত পোহৰলৈ আহে। তথাপি সেইবোৰ অপৰাধীয়ে ধৰ্ম আৰু ঈশ্বৰ বিশ্বাসৰ ছত্ৰছায়াত নিৰাপদে নিজৰ ধৰ্মৰ ব্যৱসায় চলাই থাকে।
প্ৰসংগক্ৰমে নিজে প্ৰত্যক্ষ কৰা এনে এক ঘটনা উল্লেখ কৰিব বিচাৰিছোঁ। চাবুৱা অঞ্চলত এটা সময়ত এজন ভক্তৰ গাত মনসা মা লম্ভা বুলি প্ৰচাৰ হৈছিল। উক্ত ভক্তজনে মনসা লম্ভিলে সাপৰ দৰে মাটিত বগুৱা বাই যায়। চিনেমাৰ পৰ্দাত যেতিয়া নায়িকাই সাপৰ দৰে বগুৱা বাই নৃত্য কৰে তাক মানুহে ‘নাগিন ডাঞ্চ’ বুলি উপভোগ কৰে, অথচ সেই একে কছৰতকে যেতিয়া মা মনসাৰ নামত কৰা হ’ল, মানুহে সভয়ে ভক্তিৰ অঞ্জলি যাচিবলৈ ধৰিলে মানুহজনৰ গাত মনসা দেৱী লম্ভা বুলি। তাকে চাবলৈ বহু ঠাইৰ মানুহে সেই ঠাইত ভিৰ কৰিলে। লাহে লাহে তেওঁক মানুহে ‘মা’ বুলি মাতিবলৈ ল’লে আৰু তেওঁ বগুৱা বোৱা ঠাইখিনিত মনসাৰ মন্দিৰ এটা স্থাপন কৰা হ’ল। এটা সময়ত বিভিন্ন ৰোগৰ উপসম বিচাৰি, নানা সমস্যাৰ সমাধান বিচাৰি সেই ‘মা’ লম্ভা মানুহজনৰ ওচৰলৈ ভক্তৰ সোঁত বৈছিল। নিৰক্ষৰ দৰিদ্ৰজনৰ পৰা ৰাজনৈতিক নেতা-দালাল সকলো আছিল সেই ভক্তৰ তালিকাত। অথচ, সেই ‘মা’ই নিজৰ অসুখত কাষতে থকা টাটা হস্পিটেলত ভৰ্তি হোৱা মই নিজে প্ৰত্যক্ষ কৰিছোঁ। কাৰণ সেই সময়ত মই সেই চিকিৎসালয়তে কৰ্মৰত আছিলোঁ। এতিয়া সেই ‘মা’ৰ মৃত্যু হ’ল যদিও চাবুৱাৰ মা মনসাৰ থান বৰ্তমান এটি গজগজীয়া মন্দিৰ। তেওঁৰ সৰ্পগতিৰ ইতিহাস এতিয়া মন্দিৰৰ ভেটিয়ে বহন কৰিছে। ভক্তৰ সোঁত এতিয়াও হয়তো আছে। সমাজত ধৰ্ম ভীৰু মানুহ থাকে মানে এনে প্ৰতাৰকৰো অভাৱ নহয়। বাৰম্বাৰ এনে ঘটনা ঘটিয়েই থাকিব।
সামৰণি:
যুক্তিবাদী চিন্তা চৰ্চাৰ বহুল প্ৰচাৰে জনগণৰ মন সম্পূৰ্ণৰূপে আলোকিত নকৰালৈকে তথা জনগণৰ আৰ্থ-সামাজিক উন্নয়ন সুনিশ্চিত নোহোৱালৈকে ভগৱান লম্ভাৰ দৰে ঘটনা ঘটিয়েই থাকিব। কোনোবাই মানসিক ৰোগত আক্ৰান্ত হৈ ভগৱান হ’ব আন কোনোবাই অৰ্থোপাৰ্জনৰ সহজ পথ বিচাৰি হ’ব। সেই দুয়ো বিধকে পাৱে পৰিহৰি বুলি কাতৰ প্ৰাৰ্থনা কৰিবলৈ বিষয়-বিষত জৰ্জৰিত অপাৰ জনতাও সদা সষ্টম হৈয়েই থাকিব।
সহায়ক গ্ৰন্থ:
১) প্ৰবীৰ ঘোষ (১৯৮৬)— অলৌকিক নয়, লৌকিক
২) প্ৰবীৰ ঘোষ (১৯৯১)— অলৌকিক নয়, লৌকিক (২য় খণ্ড)
৩) প্ৰসেনজিৎ চৌধুৰী (১৯৯৮)— ব্যাধি আৰু বিশ্বাস
৪) পংকজ লোচন শৰ্মা (২০১১)— স্কিজ’ফ্ৰেনিয়া
বৰ ভাল লাগিল।মই নিজেও ভাবিছিলোঁ ছোৱালীজনীৰ ঘটনাটো হিষ্টিৰিয়া বা স্কিজ’ফ্ৰেনিয়াৰ লক্ষণ বুলি।কিন্তু যিহেতু এই বিষয়ত মোৰ জ্ঞান একেবাৰে কম সেইবাবে আজিলৈকে সেই ছোৱালীজনীৰ সম্পৰ্কে একো মন্তব্য দিয়া নাছিলোঁ।