মৰমৰ জুবিন গাৰ্গ ।। হাৰকিউলিয়েন বৰ্মন
মুক্ত চিন্তা। একাদশ বছৰ।। দ্বিতীয় সংখ্যা
তেওঁ হেৰাই থাকিল
দূৰণিৰ জয়াল জলধিত
কোনেও নজনাকৈ
কোনোৱেই নাছিল তাত তেওঁৰ
সেহাই সেহাই
হুমুনিয়াহ কাঢ়ি
নিথৰ হৈছিল তেওঁ
অকলশৰে অসহায়তাত
***
পৃথিৱীলৈ আমাৰ নামি আহিল অমানিশা
ঘনঘোৰ তিমিৰ কালৰাত্ৰিৰ
এতিয়া কি কৰোঁ
কি কৰোঁ …..
বুকু বিদাৰি অনল শিখা
দাওদাওকৈ জ্বলে
মাথো অন্তহীন শূন্যতা অহৰ্নিশে
আছে মাথো উকা উকা বিবৰ্ণতা চৌদিশে
**
তেওঁ গছ হৈ আছিল
পখীৰ গীত গাই
তেওঁ আছিল হৈ নৈ
পাহাৰ ভৈয়াম সকলোতে বৈ
তেওঁ চৌপাশে আছিল
নিবিড় উশাহ হৈ
তেওঁ বিশাল পৃথিৱী হৈ আছিল বিয়পি
তেওঁৰ সুৰত মসৃণ হৈছিল অমানিশাৰ স্তব্ধ ৰাতি
**
দূৰণিৰ পৰাও এতিয়া শুনাই আছে তেওঁ
সমতাৰ গান
তেওঁৰ শূন্যতাতেই শিপাইছে
মহাঐক্যতাৰ তান ….
আৰম্ভ হৈছে
এক নতুন জাগৰণ
**
এই দাবানল জ্বলি থাকিব উমি উমি
সেই নৃশংসতাৰ উত্তৰ বিচাৰি
কিয় ? কিয় ? কিয় ?
জ্বলি থাকিব জুই
তিমিৰৰ স’তে যুঁজি …..
নৱ প্ৰভাতৰ সূৰ্যোদয়লৈ
তেওঁৰ হ’ব জয়
মহা বিজয়
