মস্তিষ্ক-বিজ্ঞানৰ পোহৰত ভূপেন হাজৰিকাৰ জীৱনৰ অন্ধবিশ্বাস ।। অতনু কুমাৰ দত্ত
মুক্ত চিন্তা। দ্বাদশ বছৰ। প্ৰথম সংখ্যা
ভূপেন হাজৰিকাৰ জীৱন-পৰিক্ৰমা অসমীয়া পাঠকৰ বাবে চৰম ঔৎসুক্যৰ উৎস। আমি তেখেতৰ বৰ্ণিল জীৱনৰ এটি মনোগ্ৰাহী দিশত আলোকপাত কৰিবলৈ চেষ্টা কৰিছোঁ। পোনপ্রথমেই কোৱা সমীচিন যে এই বিষয়টোক মননশীল লেখিকা বর্ণালী বৰুৱা দাসে এই আলোচনীৰ একাদশ বছৰ প্ৰথম সংখ্যাত “অন্ধবিশ্বাস, বিজ্ঞানমনস্কতা আৰু ভূপেন হাজৰিকা” শীর্ষক প্ৰৱন্ধত আলচিছে— ভূপেন হাজৰিকাৰ প্ৰকাশিত বিভিন্ন সাক্ষাৎকাৰ আৰু কল্পনা লাজমীৰ “এজ আই ন’ হিম্” পুথিৰ আধাৰত। আমাৰ লেখাৰ সমল হিচাপে মাত্র আমি তেখেতৰ বাংলা আৰু অসমীয়া ভাষাত প্রায় সমান্তৰালভাৱে অনুলিখিত আত্মজীৱনী দুখন— “আমি এক যাযাবৰ” (স্বস্বাক্ষৰিত: ইং ৯-১-৯১) আৰু “মই এটি যাযাবৰ” (স্বাক্ষৰ ইং ৯-১-৯৩) তুলি লৈছোঁ। প্রথমখন, হিমাংশু চট্টোপাধ্যায়ৰ দ্বাৰা অনুলিখিত আৰু দ্বিতীয়খন, সূর্য হাজৰিকাৰ দ্বাৰা সম্পাদিত। পুথি দুখনৰ সমলক আমি ২০১৫ চনত প্রথম প্রকাশিত, ‘নেচাৰ’ আৰু ‘টাইম’ পত্রিকাত উচ্চ প্রশংসিত “দ্য ব্রেইন, দ্য ষ্ট’ৰী অফ ইউ’ পুথিখনৰ আলোকত চাব বিচাৰিছোঁ। আগতীয়াকৈ কৈ থোৱা যুগুত হ’ব যে আমি মস্তিষ্ক বিজ্ঞানৰ ছাত্র নহওঁ। লগতে, আমি হাতত লোৱা সীমিত সমল দুটিৰ বিষয়েও এটা কথা আগতীয়াকৈ পাঠকক জনোৱা ভাল হ’ব। দুয়োখন কিতাপ সমান্তৰালভাৱে পঢ়িলে পাঠকে ধৰিব পাৰিব যে ভূপেন হাজৰিকাই কৈ যাওঁতে দুই ভিন্ন পাঠকবর্গ (বাঙালী আৰু অসমীয়া)-ৰ ৰুচিৰ পাৰ্থক্যক মনত ৰাখিয়েই কথাবোৰৰ সুৰ বা গুৰুত্ব সলাইছিল (বাঙালীখনত প্রিয়ম-কাহিনী বিশেষ নাই; কিন্তু ই অসমীয়াখনৰ মুখ্য উপপাদ্য। এনেও হ’ব পাৰে নেকি যে বাঙালী সমাজত আন্ত:ৰাজ্যিক বিবাহ সুলভ, কিন্তু অসমীয়া সমাজত তেতিয়াৰ দিনত নোহোৱা-নোপজা কথা?)। বাঙালীখনৰ অনুলেখক হিমাংশু চট্টোপাধ্যায়ৰ আগ কথাও মন কৰিবলগীয়া। তেওঁৰ স্বেচ্ছাই আগবাঢ়ি কৰা অনুলিখনৰ মুখ্য অনুপ্ৰেৰণা হ’ল, তেওঁৰ অতিকে প্রিয় ভূপেন হাজৰিকা যে ‘কম্যুনাল’ নহয়, তাক প্ৰমাণ কৰা। ইয়াত চট্টোপাধ্যায়ে নিশ্চয় ধর্মীয় সাম্প্রদায়িকতাৰ কথা কোৱা নাই। ভূপেন হাজৰিকাৰ ভাষিক সাম্প্রদায়িকতা যে নাছিল তাক প্রমাণ কৰিবলৈ তেওঁ নিশ্চয় সচেষ্ট আছিল, আৰু ভূপেন হাজৰিকাকো নিশ্চয় এই কথা জনাইছিল। সেয়েহে বোধকৰোঁ হেমন্ত মুখোপাধ্যায়ৰ লগত হোৱা তিক্ততাপূর্ণ অভিজ্ঞতাখিনি অসমীয়া কিতাপখনত পোৱা গ’লেও বাঙালীখনত নাই। এইখিনিতে এইটোও অৱশ্যে মন কৰিবলগীয়া, অসমীয়া পুথিখনত লিখা হৈছে সূর্য হাজৰিকা-সম্পাদিত বুলি। ক’ৰবাত সম্পাদনাৰ কেঁচী চলিছে নেকি তাক গম পোৱাৰ আমাৰ কোনো উপায় নাই। এইসমূহ বেলেগ অধ্যয়নৰ বিষয় হয়তো হ’ব পাৰে। আপাতত: অপ্রাসঙ্গিক এই কথাখিনি টানি অনাৰ কাৰণ হ’ল, আমাৰ আলোচ্য বিষয়— ভূপেন হাজৰিকাৰ অন্ধবিশ্বাসৰ দ্বৈত-নিশ্চিতিৰ খাতিৰত আমি দুয়োখন কিতাপতে ‘কমন পৰা’ কথাখিনিকহে আমাৰ বিবেচনাৰ আওঁতালৈ আনিম।
এইবাৰ আহোঁ, মস্তিষ্ক বিজ্ঞানৰ নৱতম কথালৈ। ডেভিদ ইগনেৰ কিতাপখনৰ শিৰোনামেই কয় যে, আমাৰ মস্তিষ্কই হ’ল আমাৰ কাহিনী। কিতাপখনৰ আগকথাত তেওঁ কৈছে, “আমাৰ লাওখোলাটোৰ ভিতৰত থকা এই গণনাকাৰী পদার্থখিনি যেন এক অবিৰত যন্ত্ৰ, যিহৰ জৰিয়তে আমি কোন পথে যাম, কি সিদ্ধান্ত ল’ম, আমাৰ কল্পনা কি হ’ব সেই কথা নির্ণিত হয়। আমাৰ সপোন দেখা আৰু সাৰ পাই থকা অৱস্থা দুয়োটাই মগজুৰ ভিতৰৰ কৌটি কৌটি চলমান কোষৰে সৃষ্টি। ইয়াক ভালদৰে বুজি পালেই আমি গম পাম আমি কিয় যুদ্ধ কৰোঁ, প্রেম কৰোঁ…….কি কথাক আমি সঁচা বুলি গ্রহণ কৰোঁ।…. আমি ইয়াৰ ফান্দত এনেদৰে সোমাই আছোঁ যে আমি কিহবাৰ ফান্দত যে সোমাই আছোঁ সেয়াও আমি উপলব্ধি কৰিব নোৱাৰোঁ।”
এই আগকথাখিনিয়ে ভূপেন হাজৰিকাও যে মগজুৰ দাস আৰু তেওঁৰ অন্ধবিশ্বাসসমূহো যে ইয়াৰেই ফল তাক বুজাত সহায় কৰে। পুথিখনত এটা আকর্ষণীয় কথা কোৱা হৈছে — নৱজাতক আৰু প্ৰাপ্তবয়স্কৰ মগজুৰ কোষৰ সংখ্যা একেই; কিন্তু এইবোৰ কেনেধৰণেৰে সংলগ্ন হৈ আছে তাতেই গোটেই ৰহস্য লুকাই থাকে। নিউৰণৰ মাজেৰে ব্ৰেইনৰ বিদ্যুৎ-ৰাসায়ানিক বাৰ্তাবোৰ গোটেই গালৈকে যায়। জন্মতে এইবোৰ সংলগ্ন হৈ নাথাকে, জন্মৰ মুহূৰ্তৰ পৰাই ছেকেণ্ডত বিছ লক্ষৰ হাৰত এইবোৰৰ সংযোগ ঘটি দুবছৰৰ ভিতৰত এশ ট্রিলিয়ন সংযোগ সাধন হয়। তাৰ পিছত কিছুমান সংযোগ শক্তিশালী হয় আৰু ব্যৱহাৰ নোহোৱাবোৰ বিলুপ্ত হৈ প্রাপ্তবয়স্ক অৱস্থালৈ ইয়াৰ সংখ্যা আধা হয়গৈ। লেখকৰ মতে, আমি, ‘আমি’ হওঁ মগজুত কি বাঢ়িল তাৰ বাবে নহয়, মগজুৰ পৰা কি আঁতৰিল তাৰ বাবেহে। শিশু অৱস্থাৰ পৰিৱেশে মানুহৰ মগজুটো শোধিত কৰে। তেওঁ উদাহৰণস্বৰূপে দেখুৱাইছে কেনেদৰে কেচুৱাতে সকলো শব্দত সঁহাৰি দিয়া এটা জাপানী শিশুৱে পিছলৈ ইংৰাজী আৰ(R) আৰু এল্ (L)ৰ পাৰ্থক্য ধৰিব নোৱৰা হয়, কাৰণ জাপানী ভাষাত এই দুটাৰ মাজত কোনো পার্থক্য নাই। লেখকৰ মতে আমি হ’লোঁ, আমাৰ পৰিৱেশে কাটি উলিওৱা এটা ভাস্কর্য। এই ভাস্কর্য হীৰুদাৰ সেই নির্লোভ ভাস্কর্য নিশ্চয়কৈ নহয় (তাৰ বাবে মগজুৰ মৃত্যু হ’ব লাগিব, যাক ডাক্টৰী ভাষাত ব্রেইন-ডেথ বোলা যায়!)। আমি ভূপেন হাজৰিকাৰ এই ভাস্কর্যটোলৈকে চাওঁ আৰু আমাৰ বিচার্য অন্ধবিশ্বাস এই ভাস্কর্যত কেনেকৈ খোদিত হ’ল তাক বিচাৰ কৰোঁ, তেখেতৰ স্বাক্ষৰিত আত্মজীৱনীত ডুব মাৰি।
পাঁচ বছৰ বয়সত ভূপেন হাজৰিকাই হাৰমনিয়াম বজাবলৈ আৰম্ভ কৰিলে। আইতাকে তেতিয়াৰে পৰাই ভূপেন হাজৰিকাক মাতিবলৈ আৰম্ভ কৰিলে— অকালতে মৃত্যু মুখত পৰা মোমায়েক অনাথৰ নামেৰে। “তই ২৩ বছৰৰ ইণ্টেলিজেন্স লৈ পেলাই জন্মিছ, সেই কাৰণে তই জিনিয়াচ”। ভূপেন হাজৰিকাৰ মতে “এইটোৱেই জীৱনৰ ধাৰাবাহিকতা, কণ্টিনিউটি অব লাইফ।” ভূপেন হাজৰিকাৰ মনত পাঁচ বছৰ বয়সতে, জন্মান্তৰবাদে আঁক দিছিল যিটো ষাঠিৰ দেওনাটো তেওঁ আওপকীয়াকৈ মানি লৈছে যেন লাগে।
ফ্রয়েডৰ মতে পাঁচ বছৰ বয়সলৈ মানুহৰ ব্যক্তিত্বৰ জুমুঠি তৈয়াৰ হয়। আজিকালিৰ মস্তিষ্ক বিজ্ঞানে কথাষাৰ সম্পূৰ্ণকৈ মানি নলয়। ইয়াৰ মতে মানুহৰ মগজুটো ‘প্লাষ্টিক’। ইগলমেন্দ্ৰৰ ভাষাত জীৱ-জন্তুৰ দৰে মানুহৰ মগজুটো ‘হার্ড-বায়ার্ড’ নহয় ‘লাইভ-ৱায়ার্ড’হে।
ভূপেন হাজৰিকাৰই সুঁৱৰিছে শিশু অৱস্থাৰ আন এটা ‘ঘটনা’। আমি ঘটনাক উর্দ্ধকমাৰ ভিতৰত কিয় ৰাখিছোঁ তালৈ পিছত আহিম। প্রথমতে বাৰু তেখেতৰ ঘটনাটোকে শুনো। তেখেতৰ আনুমানিক বয়স সাত বছৰ (‘যাযাবৰৰ জীৱন পঞ্জী’ৰ পৰা)। ভৰলুমুখত মাতুল পক্ষৰ ককাকৰ বছৰেকীয়া শ্রাদ্ধৰ পিণ্ড উটোৱা হৈছে। “তেতিয়াৰ ভৰলুমুখখন ইমান জয়াল আছিল যে দুপৰীয়া ভৰলু নৈলৈ নামি যাবলৈ ভয় লাগিছিল।” তথাপি, লগৰীয়া এজনৰ লগত গামোচা পিন্ধি নামি যোৱা শিশু ভূপেনে দেখিছে, অদ্ভুত আকাৰৰ মানুহ এজনে পিণ্ড খাই আছে। তেওঁলোকক দেখি মানুহ জনে ঘুৰি চালে। “মানুহজনৰ মুখখন বান্দৰৰ নিচিনা।” ভূপেন আৰু লগৰজনে ভিৰাই লৰ মাৰিলে। মাকহঁতৰ আগত গৈ ক’লেগৈ। মাকে সুধিলে, “যখিনী নেকি?” ভূপেনহঁতে ক’লে “নহয়, সেয়া ভূতহে”। মাকৰ কথাষাৰ মন কৰিবলগীয়া। আইতাকে জন্মান্তৰবাদত বিশ্বাস কৰাৰ দৰে মাকে বিশ্বাস কৰিছিল, ভূত-প্রেত, যখ-যখিনীৰ ওপৰত। ভূপেনেও বিশ্বাস কৰিছিল। “সেই পিণ্ড খোৱা মানুহ বা অমানুহটোৱে মোৰ ভৱিষ্যত জীৱনত প্ৰভাৱ পেলাইছে”। ইয়াৰ উদাহৰণ হিচাপে তেখেতে চল্লিছ বছৰ বয়সৰ ঘটনা বর্ণাইছে, বাংলা আৰু অসমীয়া দুয়োখন আত্মজীৱনীতে। এম্বেচাদৰ গাড়ীত সাতজন মিলি ভূপেন হাজৰিকা ৰাতি দুপৰত পাঠশালাৰ পৰা উভটিছে গুৱাহাটীলৈ। ৰাতি দুইমান বজাত, এডোখৰ জয়াল জেগাত, গাড়ীৰ আইনাত বেঁকা বৰষুণৰ (প্ৰকৃততে, বৰষুণ বোধহয় চিধাই আছিল, গাড়ীৰ গতিৰ বাবেহে বেঁকাকৈ পৰিছিল) মাজত দেখিলে, এড়ী চাদৰ গাত লৈ পিচ দি থকা বৰ ওখ মানুহ এজন। গাড়ীৰ লাইট গাত পৰাত মানুহজনে তেওঁলোকৰ ফালে আগবাঢ়ি আহিবলৈ ধৰিলে।”..আমি সাতজন মানুহ, চৈধ্য চকু। দেখিলোঁ মানুহজনৰ মুখত চকু-টকু একো নাই। মানুহ পুৰিলে যেনেকুৱা হয়, মুখখনো দেখিবলৈ তেনেকুৱা। মানে এঙাৰৰ নিচিনা।… মুখখনত এটা বিন্ধাহে আছে।…. মোৰ আকৌ সেই পুৰণি পিণ্ড খোৱা মানুহজনলৈ মনত পৰিল।”
কিন্তু তেতিয়াতো ভূপেন হাজৰিকা শিশু হৈ থকা নাই; জ্যোতি-ৰাভা দীক্ষিত, উচ্চশিক্ষিত, বিলাতফেৰৎ, প্রতিষ্ঠিত ‘বাট এৰিব পৰা’, ‘লটিঘটি’ খাবলৈ প্রস্তুত যৌৱন গৰকি অহা এজন প্রতিষ্ঠিত শিল্পী। তেওঁৰ ভাষাতে, “অলপদূৰ আহি মোৰ জেদী মনটো সাৰ পাই উঠিল। মই মানুহজন চাবলৈ গাড়ী ঘূৰাবলৈ ক’লোঁ।” ভূপেন হাজৰিকা জেদী আছিল থিকেই, অন্ধবিশ্বাসীও আছিল কিন্তু পূৰামাত্ৰাই। “আমাৰ বিশ্বাস এটা আছে, চিগাৰেট খালে বা হাতত জুই থাকিলে ভূতে ভয় কৰে, ওচৰলৈ নাহে।…. চিগাৰেট এটা জ্বলাই ল’লোঁ।……. গৈয়ে দেউতাক ক’লোঁ, আমি এটা ভূত দেখিলোঁ।”
অনুলেখনৰ সময়লৈ জীৱনৰ ষাঠিটা বসন্ত গৰকাৰ পিছত এই সম্পর্কে তেখেতৰ অনুভৱ।
বাংলা আত্মজীৱনীখনত এনেদৰে আছে, “আসলে সমস্ত ব্যাপাৰ্টাই চোখেৰ ভুল হ’তে পাৰে। তবে তাৰ পৰেৰ দিন বাবাৰ মৃত্যু হওয়ায় অবচেতন মনে কোথায় যেন একটা প্রশ্নবোধক চিহ্ন আশ্রয় নিয়েছিল।” অর্থাৎ, ভূপেন হাজৰিকাই তেতিয়াও কথাটোক অসম্ভৱৰ আওতালৈ অনা নাই। আৰু, সচেতন অৱস্থাত এইটো অৱচেতন মনৰ কথা বুলি কোৱাৰ কোনো অৰ্থ নাই; কথাবোৰ ভূপেন হাজৰিকাৰ চেতনাতে আছে; কল্পনা বুলি উৰুৱাই নিদি দুয়োখন আত্মজীৱনীতে কথাখিনি একেই গুৰুত্বৰে দীঘলীয়া বৰ্ণনাৰে সন্নিবিষ্ট কৰিছে।
মানুহৰ স্মৃতিয়ে বিশ্বাসঘাটকতা কৰিব নোৱাৰে এনে কথা নাই — ইগনেৰ ‘ড্য ব্রেইন, ড্য ষ্টৰী অৱ ইউ’লৈ ঘূৰি যাওঁ। ইয়াত ষ্টৰী শব্দটোত জোৰ দিছোঁ। কিতাপখনৰ অধ্যায়টোৰ শিৰোনাম ‘দ্য ফলিবিলিটি অৱ ব্রেইন’। তেখেতে ইয়াত আৰৱিন্ কেলিফর্নিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপিকা এলিজাবেথ লফফ্টাচৰ দিক্দৰ্শক গৱেষণাৰ কেতবোৰ মনোগ্ৰাহী ফলাফল লিপিবদ্ধ কৰিছে। লেখকৰ কথাত— স্মৃতি যে কিমান বিভ্রান্তি-প্ৰৱণ হ’ব পাৰে- এই গৱেষণাই ধৰা পেলাই মস্তিষ্ক-গৱেষণাৰ ক্ষেত্ৰখনক সম্পূর্ণ সলনি কৰি পেলালে।’ তেখেতে অধ্যয়ন আৰম্ভ কৰিছিল এনেধৰণে: অধ্যয়নগোটক গাড়ী দুর্ঘটনাৰ ভিডিঅ’ দেখুওৱা হ’ল। এতিয়া তেওঁলোকৰ স্মৃতিশক্তিৰ পৰীক্ষা কৰিবলৈ তেওঁলোকক মনত পেলাবলৈ কোৱা হ’ল ঘটনাৰ সময়ত গাড়ীৰ গতিবেগ কিমান আছিল। অতি আকর্ষণীয় কথাটো হ’ল এই যে, ইংৰাজীতে কৰা প্ৰশ্নটোত খুন্দা (হিট) শব্দটো ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ‘স্মেচ’ শব্দটো ব্যৱহাৰ কৰিলে উত্তৰত গাড়ীৰ গতি বেছি পোৱা হ’ল। তেখেত আচৰিত হ’ল কেনেদৰে প্ৰৰোচিত প্রশ্নই উত্তৰটোক দূষিত কৰিব পাৰে।
তেখেতে ভাবিলে আৰু আগবঢ়া যাওক— একেবাৰে মিছা স্মৃতি বাৰু মানুহৰ মগজুত প্রতিস্থাপন কৰিব পাৰি নেকি? গৱেষণাদলে অংশগ্ৰহণকাৰীসকলৰ পৰিয়ালৰ সদস্যৰ লগত যোগাযোগ কৰি তেওঁলোকৰ শৈশৱৰ ঘটনাবোৰৰ বিষয়ে তথ্য সংগ্ৰহ কৰিলে। এই ঘটনাৰ ওপৰত ভিত্তি কৰি গৱেষণাগোটে প্রতিজন অংশগ্ৰহণকাৰীৰ বিষয়ে চাৰিটাকৈ কাহিনী নিৰ্মাণ কৰিলে। ইয়াৰে তিনিটা সঁচা; চতুর্থটো বিশ্বাসযোগ্য, পিছে সম্পূর্ণ নির্মিত।
এই চতুর্থ কাহিনীটো আছিল অংশগ্ৰহণকাৰীজনৰ শৈশৱত মেলা চাবলৈ যাওঁতে হেৰোৱাৰ কাহিনী। তেওঁ হেৰায়, কোনোবা দয়ালু ব্যক্তিয়ে পাই পৰিয়ালক গটাই দিয়ে। পৰ্যায়ক্ৰমে অংশগ্রহণকাৰীসকলৰ সাক্ষাৎকাৰ লোৱা হ’ল। এক চতুর্থাংশই ক’লে— হয়, তেওঁলোকে কথাটো মনত পেলাব পাৰিছে। অথচ ঘটনাটো তেওঁলোকৰ জীৱনত ঘটাই নাছিল! কথাটো ইয়াতে শেষ নহ’ল। লফ্টাছে কৈছে, “এসপ্তাহৰ পিছত তেওঁলোকে আৰু পুংখানুপুংখভাৱে ঘটনাটো ‘মনত পেলাবলৈ’ ধৰিলে— উদ্ধাৰকাৰীগৰাকী বৃদ্ধা আছিল। লাহে লাহে তেওঁলোকৰ মিছা-সোঁৱৰণীত আৰু খুটিনাটি সংযোজিত হ’ল, “মানুহগৰাকীয়ে এটা আচৰিত টুপী পিন্ধি আছিল, মোৰ মৰমৰ পুতলাটো লগতে আছিল, মাৰ যে কি খং উঠিছিল!” গৱেষিকাই গম পালে যে মানুহৰ মগজুত মিছা-স্মৃতি ৰোপণ কৰা সম্ভৱতো হয়েই, মানুহে ইয়াক আত্মস্থ কৰে আৰু ৰহণ সানে আৰু নিজৰ ব্যক্তিত্বৰ দীঘ-বাণিৰ মাজত কল্পনাৰ ফুল বাছে। লেখকৰ মতে আমাৰ অতীত বিশ্বাসযোগ্য ইতিহাস নহয়। ই আচলতে পুনর্নিমাণ, আৰু কেতিয়াবাতো ই সাধুকথাৰ ওচৰ চাপিব পাৰে। আমি স্মৃতিচাৰণ কৰোঁতে ধৰিয়েই ল’ব লাগে যে আমাৰ সকলো খুটিনাটি নির্ভুল নহয়। কিছুমান আহে— আনে আমাৰ বিষয়ে কোৱা কাহিনীৰ পৰা। আন কিছুমান আহে— আমি ঘটিছিল বুলি ভবা কল্পনাৰ পৰা। গতিকে তোমাৰ স্মৃতিৰে ৰচা তুমিজন আচলতে এটা অচিনাকি, চলমান, পৰিৱৰ্তনশীল কাহিনী।
এয়া গ’ল স্মৃতিৰ বিবাসহীনতাৰ নমুনা। কিন্তু বাস্তৱ? বাস্তৱো চকুৰ ভেল্কীবাজি হ’ব পাৰেনে? পুথিখনৰ অন্য এটা অধ্যায় সমর্পিত হৈছে, এই বিষয়টোত। সাধাৰণ চিত্ৰ-সম্পর্কিত চকুৰ ভুলৰ উদাহৰণৰ পৰা আৰম্ভ কৰি গৱেষণালব্ধ তথ্যৰে লেখকে আমি দেখা কথাকো যে কেতিয়াবা বিশ্বাস কৰিব নোৱাৰি সেই কথা পাঠকৰ আগত দৃঢ়ভাৱে প্রতিষ্ঠা কৰিছে।
আমি যদিও চকুৰে দেখা বুলি ভাবোঁ, আমি আচলতে মগজুৰেহে ‘দেখোঁ’। মগজুৰ প্রায় এক তৃতীয়াংশ ঠাই চকুৰ পৰা যোৱা কেঁচা পোহৰ কণিকাক বিশ্লেষণ কৰাৰ বাবে সমর্পিত। এই স্থান স্পর্শ, ঘ্রাণ, শ্ৰৱণ, স্বাদ আদিৰ বাবে থকা জেগাৰ তুলনাত বহু বেছি। কিন্তু দর্শনেন্দ্রিয়ই কাম কৰিবৰ বাবে আন ইন্দ্ৰিয়সমূহৰ বৰঙণিৰ প্রয়োজন; বিশেষকৈ স্পর্শ, শ্ৰৱণেন্দ্ৰিয়ৰ ভূমিকাক তেওঁ অতি সুন্দৰকৈ উদাহৰণসহ দেখুৱাইছে।
প্রথম উদাহৰণত চাৰে তিনি বছৰ বছৰতে দৃষ্টিশক্তি হেৰুওৱা এজন মানুহে চল্লিছ বছৰৰ পিছত ‘ষ্টেম্’ কোষৰ জড়িয়তে কর্ণিয়া প্ৰতিৰোপণৰ পিছত সম্মুখীন হোৱা দৃষ্টিবিভ্রমৰ কথা বর্ণিত আছে। দৃষ্টিশক্তি ঘূৰাই পোৱাদিনলৈ মাত্ৰ শ্ৰৱণেন্দ্ৰিয়ৰ জৰিয়তে ‘স্কি’ পর্যন্ত কৰিব পৰা মানুহজনে দৃষ্টিশক্তি পোৱাৰ পিছত এই খেল খেলিব নোৱৰা হ’ল। কাৰণ তেওঁৰ চকুৰে দেখিলে ঠিকেই, কিন্তু মগজুৱে এই ছবিবোৰৰ পৰা একো অর্থ উলিয়াব নোৱাৰিলে- তেওঁৰ বাবে বৰফৰ হেলনীয়া ঢালত গছ, মানুহ, বেৰা আদি বগা প্রেক্ষাপটত পৰা কেতবোৰ ছাঁ মাত্র।
ইয়াৰ দ্বাৰা প্ৰতীয়মান হয় যে চকু কেৱল কেমেৰাৰ লেন্সৰ দৰে বস্তু নহয়, দেখিবৰ বাবে মস্তিষ্কৰ এক জটিল সমিলমিলৰ প্রয়োজন। প্রতিৰোপণৰ পোন্ধৰ বছৰ পিছতো মানুহজনে কিতাপ পঢ়াত, মুখৰ অভিব্যক্তি বুজাত দিগদাৰ পাইছিল। দেখা কাৰ্যৰ বাবে চকুতকৈও বেছি বস্তুৰ প্রয়োজন। আচৰিত হ’লেও সঁচা যে এটা শিশুৱে যেতিয়া সম্মুখৰ বস্তু এটা স্পৰ্শ কৰে, ই বস্তুটো মিহি নে খহটা বা তাৰ আকৃতি কি সেয়াই অনুভৱ নকৰে, কেনেকৈ ‘চাব’ লাগে তাকো শিকে। এটা অতি সুন্দৰ পৰীক্ষাৰ কথা লেখকে উনুকিয়াইছে। এম্ আই টিত কৰা এক পৰীক্ষাত দুটা মেকুৰীপোৱালিক উলম্ব আঁচ থকা এটা চিলিণ্ডাৰৰ ভিতৰত ৰখা হ’ল যাতে ই তাৰ ভিতৰখন ঘুৰি-পকি চাব পাৰে। কিন্তু তাতে এটা পার্থক্য ৰখা হ’ল — তাৰে এটাইহে নিজৰ ইচ্ছাত ঘূৰিব পাৰে; আনটোক দোলনাত ভৰাই ধুৰাত ওলোমাই. ধুৰাৰ আনটো মুৰ প্ৰথমটোৰ ডিঙিত যুৱলিৰ দৰে বান্ধি দিয়া হ’ল। এনে কৰাত দ্বিতীয়টো পোৱালিয়ে দেখিব ঠিকেই, কিন্তু দেহৰ আন কোনো অঙ্গই এই কার্যত অংশ নলয়। পৰীক্ষাৰ অন্তত দেখা গ’ল যে চাবলৈ নিজৰ দেহাক কামত লগোৱা প্ৰথমটো মেকুৰী পোৱালিয়েহে স্বাভাৱিক দৃষ্টিশক্তি লাভ কৰিলে, নিষ্ক্ৰিয়ভাবে দেখা দ্বিতীয়টোৰ দর্শণেন্দ্রিয় বিকশিত নহ’ল। কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ আন এটা পৰীক্ষা চাওক। তাত নিৰ্মাণ কৰা ‘প্রিজম্ গগলচেৰে চালে সোঁফালৰ বস্তু বাওঁফালে দেখে। লেখকে নিজে এই ছছমা পিন্ধি প্রায় বমি কৰাৰ উপক্ৰম হ’ল-শব্দ আহে বাওঁফালৰ পৰা, দেখে সোঁফালে। লেখকে প্রমাণ পালে যে দৃষ্টি আৰু শ্ৰৱণৰ সংকেতক মগজুৱে মিলাব নোৱাৰিলে মগজুৰে কাম কৰিব নোৱাৰে। অন্য এটা উদাহৰণ মন কৰক। ইয়াত দেখুৱা হৈছে যে সকলো ইন্দ্রিয়ানুভূতিৰ পৰাই বিচ্ছিন্ন কৰিলেও মানুহৰ দেখা বন্ধ নহয়। চান ফ্রান্সিচক’ৰ সমুদ্রতীৰৰ আঁতৰত দ্বীপত থকা আলকট্রাজ পোতাশালৰ নিছিদ্র অন্ধকূপত দীর্ঘদিন থকা কয়েদীয়ে লেখকৰ আগত বর্ণাইছে কেনেদৰে তেওঁলোকে প্রথমে ইন্দ্রিয়ত কোনো উত্তেজনা নাপাই পাগলৰ দৰে হয়, কিন্তু পিচলৈ তেওঁলোকৰ চকুৰে আন্ধাৰতে চিনেমাৰ ৰিলৰ দৰে ঘটনাবোৰ ‘দেখা’ আৰম্ভ কৰে; প্রথমে এটা পোহৰ বিন্দু ‘দেখে’ পিচলৈ সেই বিন্দু ক্ৰমে ডাঙৰ হৈ টিভিৰ পৰ্দাৰ দৰে বিস্তৃত হয় আৰু তাত তেওঁলোকে সাধাৰণ মানুহৰ দৰেই খেল ‘চাব’ পৰা হয়।
অন্য এটা অধ্যায়ত কোৱা হৈছে যে আমি যি বিচাৰোঁ, তাকেই দেখোঁ। উদাহৰণ স্বৰূপে, আমি যেতিয়া এখন চহৰৰ বাটেদি যাওঁ, আমি নিজে নিজে বুজি পাওঁ কি কি দেখাৰ সম্ভাৱনা আছে; তাৰ বাবে খুটি-নাটি মাৰি চাব নেলাগে। আমাৰ মস্তিষ্কই আমাৰ আগৰ চহৰবোৰ ভ্ৰমোতে গঠন হোৱা চহৰৰ আৰ্হিত মাত্র কিছু নতুন যোগ দিয়ে। মগজুৱে দেখা বাস্তবক একেবাৰে প্ৰাথমিক অৱস্থাৰ পৰা গঢ়ি নাথাকে। ই মাত্ৰ আগৰ আৰ্হিটোত প্রলেপ সানে, সংস্কাৰ কৰে, উন্নীত কৰে। অন্য এটা উদাহৰণ লওক, এখন মুখাক ভিতৰৰ ফালৰ পৰা চালে এনেহেন লাগে যেন মুখখন সন্মুখৰ ফালে ওলাই আহিছে। ইয়াত আমাৰ চকুত কি পৰিছে তাতকৈ আমাৰ মগজুৱে ওৰেটো জীৱন সমুখলৈ ওলাই থকা মুখ দেখি তৈয়াৰ কৰা ভিতৰৰ আৰ্হিটোহে আমি অনুভৱ কৰোঁ। তেনেদৰে আমি চলমান অৱস্থাত বাহিৰৰ পৃথিৱীখন যে স্থিৰ দেখোঁ, সেয়াও আমাৰ ভিতৰৰ আৰ্হিটোৰ কাৰণেই। আমি অনুভৱ নকৰিলেও গৈ থকা অৱস্থাত আমাৰ চকুৰ দৃষ্টিয়ে প্রতি ছেকেণ্ডত চাৰিবাৰ জাঁপ মাৰে। যদি চকুটোৱে কেমেৰাৰ দৰে ফটো তুলিলেহেঁতেন (প্রতি ছেকেন্ডত চাৰিটা শট্) তেনে সেই ভিডিঅ’ অতিকে চাব নোৱৰাবিধৰ হ’লহেঁতেন। আমাৰ মগজুৱেহে সেইবোৰ আমাৰ আগৰ অভিজ্ঞতাৰ আৰ্হিৰ খাজত খুৱাই বাহিৰৰ জগতখন স্থিৰ দেখুৱাইছে।
আমাৰ মগজুৰ ভিতৰত আৰ্হিটো তৈয়াৰ হয় ঠিকেই, কিন্তু ই বৰ উচ্চ-‘ৰিজলিউচন’ৰ নহয়। অৱশ্যেই ই ‘আপগ্রেড’ কৰিব পৰা। ৰাচিয়ান মনোবিজ্ঞানী পল্ য়াৰবাছে এটা পৰীক্ষা কৰিছিল। তেওঁ মানুহক ইল্যা ৰেপিনৰ ‘অনাহুত অতিথি’ শীর্ষক পেইণ্টিংখন তিনি মিনিট চাবলৈ দি কি কি দেখিলে পৰীক্ষা ল’লে। দেখা গ’ল, মানুহে ছবিখনৰ খুটি-নাটিবোৰ মনেই নকৰিলে। অমুকটো দেখিলেনে বুলি সোধাৰ পিচতহে মানুহবোৰৰ মনৰ ছবিখনত খুটি-নাটিবোৰ যোগ হ’ল। ইয়াৰ কাৰণ হ’ল যে আমাৰ মগজুৱে অবাবতে ইয়াৰ শক্তি খৰচ নকৰে। এনেয়ে মস্তিষ্কই আমাৰ গ্ৰহণ কৰা কেলৰিৰ বিশ শতাংশ খৰচ কৰে। সেই খৰচ ই অবাবতে বঢ়াব নোখোজে। ই চাই-চিতিহে মগজুৰ ভিতৰৰ আৰ্হিটোক উন্নীত কৰে।
লেখকৰ মতে আমি বাস্তবৰ পাতলীয়া ‘স্লাইচ’ত বন্দী জীৱ। আমি ভাবোঁ, ৰং হ’ল আমাৰ চৌপাশৰ জগতৰ এক প্ৰাথমিক গুণ। কিন্তু আমাৰ বাহিৰত ৰঙৰ কোনো অস্তিত্ব নাই। দেখা কার্যটো এনেধৰণৰ: যেতিয়া বিদ্যুৎ-চুম্বকীয় তৰঙ্গই এটা বস্তুত আঘাট হানে তাৰে কেতবোৰ তৰঙ্গ উফৰি আহে আৰু তাকে আমাৰ চকুৱে ধৰি পেলায়। আমি তৰঙ্গৰ লক্ষ লক্ষ ‘কম্বিনেশ্যন’ৰ পাৰ্থক্য বুজি পাওঁ, কিন্তু এইবোৰ ৰঙৰ ৰূপ ধৰে আমাৰ মগজুৰ ভিতৰতহে। ৰং হ’ল মাত্ৰ আমাৰ মগজুৱে কৰিব পৰা তৰঙ্গদৈৰ্ঘৰ ‘ইণ্টাৰপ্রিটেচন্’ মাত্র। আমি চিহ্নিত কৰিব পৰা তৰংগ মুঠ তৰঙ্গৰ দহ-ত্রিলিয়নৰ এভাগহে। বাকী- ৰেডিঅ’ তৰংগ, মাইক্ৰৱেভ, ৰঞ্জন-ৰশ্মি, গামা-ৰশ্মি, আমাৰ ম’বাইলৰ কথোপকথন, ৱাই-ফাই আদিয়ে আমাক ভেদি পাৰ হৈ যায়, অথচ আমি ইয়াৰ ফুটকে নেপাওঁ। ইয়াৰ কাৰণ হ’ল আমাৰ এইবোৰ তৰংগ ধৰিবৰ বাবে কোনো বিশিষ্ট গ্রহণ-সঁজুলি নাই। আমাৰ বাস্তবৰ পাতল চিটাটো আমাৰ জীৱবিজ্ঞানে সীমাবদ্ধ কৰি ৰাখিছে। অন্ধ আৰু বধিৰ চিকৰাৰ বাস্তব গাৰ গোন্ধ আৰু উষ্ণতাতে সীমাবদ্ধ। বাদুলীৰ বাস্তব বায়ুৰ সংকোচনৰ, ‘ব্লেক ঘ’ষ্ট নাইফ ফিট্’ নামৰ মাছৰ বাবে ই বৈদ্যুতিক-ক্ষেত্ৰত হোৱা খলখলনি। আমি পূর্ণ বাস্তবক গমকে নেপাওঁ। আমাৰ মগজুৰ বাহিৰৰ জগতখন তেনে কি? ই বর্ণহীনেই নহয়, ই শব্দহীনো।
বতাহৰ সংকোচন-প্ৰসাৰণ মাথো আমাৰ কাণে তুলি লয়, বৈদ্যুতিক তৰংগলৈ ৰূপান্তৰিত কৰে আৰু সেয়ে হৈ পৰে মৌ-মিঠা গুঞ্জনলৈ। জগতখন গোন্ধবিহীনো। বতাহত ওপঙি ফুৰা অণুৰ কেতবোৰ আমাৰ নাসিকাৰ গ্ৰহণ-দণ্ডীত লাগি ধৰে আৰু তাকে আমাৰ মস্তিষ্কই বিভিন্ন গোন্ধ হিচাপে ইণ্টাৰপেট্ কৰে।
দুজন ব্যক্তিৰ বাস্তব একে নে বেলেগ জনাৰ উপায় নাই, কিন্তু এই কথা নিশ্চিত যে আমাৰ জনসংখ্যাৰ এক ক্ষুদ্ৰ অংশৰ বাস্তব আমাতকৈ বহুত বেলেগ। লেখকে এগৰাকী ব্যক্তিক পাইছে, যি অক্ষৰ সমূহ ৰং হিচাপেহে চিনি পায়। বাস্তবৰ এনে অনুভৱক চিনেস্থেচিয়া বুলি জনা যায়।
জনসংখ্যাৰ প্ৰায় তিনি শতাংশ মানুহে এনে বাস্তবত বন্দী-কিছুমানে শব্দ একোটাৰ স্বাদ পায়, কিছুমানে চলমান ছবিক শুনে। লেখকে এনে ছয় হাজাৰ ব্যক্তিক অধ্যয়ন কৰিছে। এইধৰণৰ কাণ্ড হয় মানুহৰ মস্তিষ্কত ইন্দ্ৰিয়বোৰৰ বাবে পৃথককৈ থকা ভাগবোৰৰ অন্ত:সংযোগৰ বাবে।
পৃথিবীৰ এক শতাংশ মানুহৰ বাবে আকৌ স্বপ্ন আৰু বাস্তবৰ মাজত কোনো সীমাৰেখা নাথাকে। স্কিজ’ফ্রেনীয়াত আক্ৰান্ত কিন্তু ঔষধৰ জোৰত চাডার্ণ কেলিফর্ণিয়া বিশ্বাবিদ্যালয়ৰ অধ্যাপকৰ পদত থকা এলিন চাক্চে আনকি ঘৰে কথা কোৱাও শুনে। আমাৰ মস্তিষ্কৰ ৰাসায়ানিক অসন্তুলনে (‘মুন্না ভাই এম বি বি এচে’ বিখ্যাত কৰা ‘কেমিকেল ল’চা’) সংকেতৰ সজ্জাত মৃদু পৰিবৰ্তন আনে আৰু এই অকণমান পৰিবৰ্তিত সজ্জাই মানুহক বন্দী কৰিব পাৰে অন্য এক বাস্তবত। অধ্যাপিকা গৰাকীয়ে ভাবে তেওঁৰ অভিজ্ঞতাবোৰেই বাস্তব। লেখকৰ মতে অধ্যাপিকাগৰাকীৰ লগতে আমাৰ ক্ষেত্ৰতো বাস্তব হ’ল আমাৰ বন্ধ লাওখোলাৰ ভিতৰত মগজুৰূপী প্রেক্ষাগৃহত কি নির্মিত হৈছে সেয়াহে। ই এক টেলিভিচন শ্ব’ৰ দৰে যাক মাত্র আমিহে চাব পাৰোঁ; কিন্তু বন্ধ কৰিব নোৱাৰোঁ। ভাল কথাটো হ’ল ই প্ৰদৰ্শণ কৰা অনুষ্ঠানটো আকর্ষণীয় -যাক সম্পাদিত কৰা হৈছে, কেৱল আপোনাৰ ৰুচি অনুযায়ী পার্চনেলাইজ কৰা হৈছে, কেৱল আপোনাৰ বাবেই নির্মিত হৈছে।
দেখা গ’ল, আমাৰ মস্তিষ্কৰ ভিতৰতে নির্ণিত হয়— আমি কেনেদৰে কাম কৰিম, আমাৰ বাবে কি প্রয়োজনীয়, আমাৰ প্ৰতিক্ৰিয়া, আমাৰ প্ৰেম আৰু বাসনা, আৰু আমি কি সঁচা কি মিছা বুলি ল’ম এই সকলো। তেনে আমাক কিহে নিয়ন্ত্ৰণ কৰে?
লেখকে এইবাৰ চেতনাৰ কথা আলচিছে। তেওঁৰ মতে আমাৰ চেতনা আচলতে মগজুৰ কামৰ ক্ষুদ্রতম অংশহে। আমাৰ কাম, আমাৰ বিশ্বাস আৰু আমাৰ পক্ষপাতিত্ব আদি সকলো আমাৰ মগজুৰ এনে এক নেটৱৰ্কৰ অংশ যি অংশত আমাৰ প্ৰৱেশ নিষেধ। তেওঁ এটা উদাহৰণ দিছে। আমি একাপ কফি খোৱাৰ কাৰ্যটো আমাৰ বাবে অতি সাধাৰণ। কিন্তু ৰব’ট এটাই একেটা কাম গণ্ডগোল নোহোৱাকৈ কৰিব নোৱাৰে (সৌ সিদিনা অচৱান ব’ল্টৰ এশ মিটাৰ দৌৰৰ অভিলেখ ভঙ্গ কৰা ৰ’বটটোৱেতো ফিনিচিং লাইনত কর্ফাল খাইহে পৰিল। ব’ল্টৰ দৰে উৰ্দ্ধবাহু হ’ব বাৰু নেলাগে! কিন্তু আঁৰ-কাপোৰ টানি তাৰ দৃষ্টিত বাধা দি দৌৰা বন্ধ কৰাটো নিশ্চয় আজিৰ প্ৰযুক্তিৰেই সীমাবদ্ধতা সূচায়)। লেখকে কফি খোৱা কাৰ্যটোত আমাৰ মগজুৱে কেনেদৰে সম্পাদন কৰিছে তাক বিশদভাৱে বৰ্ণাইছে- ‘মোৰ ভিজুৱেল চিষ্টেমটোৱে পৰিৱেশটো অধ্যয়ন কৰি কাপটোত দৃষ্টি কেন্দ্রীত কৰিছে। মগজুৰ ফ্রণ্টেল কৰটেক্সে তৰংগ পঠাইছে মটৰ কৰটেক্সলৈ, যি পিয়লাটো ধৰাৰ বাবে মোৰ দেহৰ উৰ্দ্ধাংশ, বাহু আৰু হাতৰ মাংসপেশীৰ সংকোচনৰ নিখুঁট তদাৰক কৰিছে। মই পিয়লাটো ধৰাৰ লগে লগে মোৰ স্নায়ুৱে এগাল কথা জনাইছে- পিয়লাটোৰ ওজন, স্পেচত ইয়াৰ স্থান, উষ্ণতা, হাতোলডালৰ পিচ্ছিলতা আদি। এই তথ্যসমূহ ৰাজহাড়ৰ তত্ত্বৰ মাজেদি মগজুলৈ গৈছে, লগে লগে ওলোটা ফালেৰে ‘টু-ৱে ট্রেফিক’ আহিছে। এই তথ্যবোৰ মগজুৰ ‘বেচাল গেংগালিয়া’, ‘চেৰিবেলাম’, ‘চমাট’চেনচৰী কর্টেক্স’ আদি বহু অংশৰ কৰিঅ’গ্ৰাফীৰ পৰাহে উদ্ভুত হৈছে। এক লহমাৰ ক্ষুদ্ৰ অংশৰ ভিতৰত মই কিমান জোৰে কাপটো তুলিম তাক এড্জাষ্ট কৰা হৈছে। জটিল গণনা আৰু ফিডবেকৰ সহায়ত মই মোৰ মাংসপেশীবোৰ এড্জাষ্ট কৰিছোঁ যাতে কাপৰ কফি পৰি নোযোৱাকৈ বৃত্তাংশ পথেৰে ওপৰলৈ আহে। বাটে বাটে মাংসপেশীৰ মাইক্ৰ’-এডজাষ্টমেণ্টৰ দ্বাৰা কাপটো ওঁঠ পাইছেহি আৰু মই ইয়াক মাত্র ইমানেই বেঁকা কৰিছোঁ যাতে মোৰ ওঁঠৰ ছাল নোপোৰাকৈ অকণমান কফিহে মোৰ মুখত সোমায়। লেখকৰ মতে এই কামটোৰ বাবে যিমান গণনাৰ প্ৰয়োজন পৃথিবীৰ আটাইতকৈ শক্তিশালী ডজন ডজন চুপাৰকম্পিউটাৰ শক্তি একগোট কৰিলেও সেই গাণনিক ক্ষমতা আহৰণ কৰা সম্ভৱ নহয় (যদিও মগজুৱে ইয়াৰ বাবে মাত্ৰ খৰচ কৰে ষাঠি ৱাট বাল্ব জ্বলাব পৰা শক্তিহে)। অথচ, মই মোৰ মগজুত হোৱা এই বজ্রপাতী ধুমুহাৰ ভুকে নেপাওঁ। মোৰ স্নায়বিক জালখন কামৰ ভৰত কেৰেক-মেৰেক কৰি উঠিছে অথচ মোৰ চেতনাই অন্য কিবাহে অনুভৱ কৰিছে। সচেতন মইতো আৰামত কথা পাতি আছোঁ। লেখকে স্নায়বিক শক্তি হেৰুওৱা এজন ৰোগীৰ উদাহৰণেৰে দেখুৱাইছে কেনেদৰে তেওঁৰ বাবে সাধাৰণ খোজ কঢ়া কামটোৱেই জীৱন-মৰণ সমস্যাৰ দৰে।
আমি সততে দেখোঁ যে এটা অতি জটিল কামো সেই কামত ওস্তাদজনে অৱলীলাক্ৰমে কৰি যায়। সেই অৱস্থাত ওস্তাদজনে কিমান সচেনতভাৱে কামটো কৰে? তেওঁৰ মগজুৱে ইয়াত কিমান একাগ্ৰতাৰে ভাগ লয়। সেই কথা চাবৰ বাবে লেখকে এটা পৰীক্ষাৰ বাবে প্লাষ্টিকৰ পিয়লাৰে পিৰামিড সজাত চেম্পিয়ন দহ বছৰীয়া ল’ৰা এজনৰ লগত প্রতিযোগিতাত নামিল। প্রতিযোগিতাৰ সময়ত তেওঁলোকৰ মগজুত হোৱা কাম-কাজৰ জোখ লোৱাৰ বাবে দুয়োজনৰ মূৰত ‘ব্রেইন-কেপ্’ লগোৱা হ’ল। লেখক স্বাভাৱিকতেই হাৰিল। কিন্তু ধৰা পৰিল যে প্রতিযোগিতাৰ সময়ছোৱাত কিশোৰজনৰ ‘ই ই জি’ত ‘আলফা ৱেভ বেণ্ড’ৰ তৰঙ্গহে ধৰা পৰিল। ই ল’ৰাজনৰ মগজুৱে জিৰণি লৈ থকাটো সূচায়! অথচ, লেখকৰ মগজুত চলিল উচ্চ কম্পনাংকৰ ‘বিটা ৱেভ’। মানুহৰ কৌশলগত পাৰদৰ্শিতা যেতিয়া মগজুত স্থায়ী ৰূপ লয় (‘হার্ড-ৱায়ার্ড’) তেতিয়া ই চেতনাৰ তললৈ নামি যায়। তেতিয়া মানুহে একো চিন্তা নকৰাকৈয়ে কামবোৰ কৰি যাব পাৰে। আমি যেতিয়া কথা পাতি পাতি খটখটী বগাওঁ এহাতে আমাৰ মগজুৱে শৰীৰৰ সন্তুলন ৰক্ষাৰ বাবে ডজনে ডজনে ‘মাইক্ৰ-কাৰেকচন্’ কৰিব লাগে, আৰু একে সময়তে কথা ক’বৰ বাবে আমাৰ জিভাখনে চাৰিওফালে কোবাই যায়, যাতে সঠিক শব্দটো উৎপন্ন হয়। আমি ‘অট’পাইলট’ত চলি থাকোঁ। কোনো উপকৰণ নোহোৱাকৈ থিয় পাহাৰ বগোৱাৰ দৰে দুঃসাহসিক ক্ৰিয়াত নিপুণ সকলে আকৌ তেওঁলোকৰ কুশলতাক এনে এক পর্যায়লৈ লৈ গৈছে যে এনে ক্ৰিয়াৰ সময়ত তেওঁলোকৰ ভৱিষ্যতৰ চিন্তা, নিজক লৈ চিন্তা কৰা মগজুৰ ‘প্রিফ্ৰনণ্টেল্ কৰটেক্স’ অংশটো কমকৈ সক্ৰিয় হৈ থাকে। বেচ বল খেলোতে বল এটা যেতিয়া ঘণ্টাত এশ মাইল বেগত আহে, বেটাৰ এজনে মাত্র এক ছেকেণ্ডৰ চাৰি দশমাংশ সময় পায় বেটখন বলটোত লগাবলৈ। এই সময়খিনি মগজুৱে সমষ্ট গণনা কৰি ইমান জটিল শৰীৰি-সঞ্চালন কৰোৱা সম্ভৱ নহয়। বেটাৰে বলটোত ঠিকেই লগাব পাৰে, কিন্তু এই কার্য সচেতন ভাবে কৰা কাম নহয়। আমাৰ অৱচেতন মনৰ ভেদ ভঙা প্রথমজন লোক, বিংশ শতিকাৰ আটাইতকৈ প্ৰভাৱশালী বিজ্ঞানীসকলৰ এজন —চিগমাণ্ড ফ্রয়েডৰ কথা লেখকে সুঁৱৰিছে।
মানসিক ৰোগীৰ মনৰ নেদেখা প্ৰক্ৰিয়াই তেওঁলোকৰ তাড়ণা আৰু আবেগক নিয়ন্ত্রণ কৰে— ফ্রয়েডৰ এই সাধাৰণ ধাৰণাটোৱেই মনোবিজ্ঞানৰ চৰিত্ৰ সলনি কৰিলে। তাৰ আগলৈকে আচহুৱা আচৰণ দুৰ্বল মন বা অপদেৱতাৰ কাৰণে বুলি ভবা হৈছিল।
ফ্রয়েডৰ অনুমান সঁচা বুলি সিদ্ধ হ’ল আৰু ইয়াৰ পৰা এটা সিদ্ধান্তলৈ আহিব পৰা গ’ল যে মানুহে কি কাৰণে কিবা এটা নির্বাচন কৰে সি নিজেই নাজানে। এটা অনুভৱে আন এক অনুভৱত প্ৰভাৱ বিস্তাৰ কৰে।
উদাহৰণস্বৰূপে, উষ্ণ পানীয় হাতত লৈ আমি আমাৰ পৰিয়ালৰ লোকৰ লগত আমাৰ সম্বন্ধৰ বিষয়ে ভালকৈ কওঁ, শীতল পানীয় হাতত থাকিলে ইয়াৰ ওলোটাটোহে হয়। ইয়াৰ কাৰণ হ’ল মগজুৱে যি প্ৰক্ৰিয়াৰে ইজন-সিজনৰ সম্পৰ্কৰ টান নিৰূপণ কৰে, সি বস্তুৰ উষ্ণতা জোখা প্রক্ৰিয়াৰ ওপৰা-ওপৰি হয়। নিজৰ মাকৰ দৰে ওচৰ সম্পৰ্কৰ ব্যক্তিৰ বিষয়ে আমাৰ মন্তব্যও এনে একাপ ঠাণ্ডা বা গৰম কফিয়ে প্রভাৱান্বিত কৰিব পাৰে। একেদৰে দুৰ্গন্ধময় পৰিৱেশত আমি কঠোৰ নৈতিক সিদ্ধান্ত লওঁ। এটা অধ্যয়নত দেখা গৈছে যে টান চকীত বহি কৰা ব্যৱসায়িক বিনিময় অনমনীয় হোৱাৰ বিপৰীতে, কোমল চকীৰ লেন-দেন নমনীয় হয়।
আমাৰ মন:শক্তিৰ স্বাধীনতাও আমাৰ সচেতন মনৰ সৃষ্টি বুলি লেখকে নাভাবে। তেখেতে হাভার্ড বিশ্বাবিদ্যালয়ৰ অধ্যাপক এল পাচকুল-লিঅ’নেৰ এটা পৰীক্ষা উদ্ধৃত কৰিছে। পৰীক্ষাটোত অংশগ্ৰহণকাৰীসকলক দুবাহু প্ৰসাৰিত কৰি পৰ্দা এখনত দৃষ্টি ৰাখিবলৈ কোৱা হৈছে। যেতিয়া পর্দাখনৰ ৰং ৰঙা হ’ব তেওঁলোকে ঠিক কৰিব লাগিব সোঁহাতখন দাঙিব নে বাওঁহাতখন। তেওঁলোকে কিন্তু লগে লগে হাত দাঙিব নেলাগে; পর্দাখনে যেতিয়া হালধীয়া ৰং ল’ব তেতিয়াহে তেওঁলোকে হাত দাঙিব লাগিব। কিন্তু পৰীক্ষাটোত এটা পাক আছে। ‘ট্রেন্সত্রে নিয়েল মেগনেটিক ষ্টিমুলেশ্যনেৰে’ অংশগ্ৰহণকাৰীসকলৰ মগজুৰ সেই অংশক উত্তেজিত কৰা হ’ব যি ‘মটৰ কৰটেক্স’ক উত্তেজিত কৰে সোঁহাত বা বাওঁহাতখন উঠাবলৈ— বাওঁ মটৰ কৰটেক্সক উত্তেজিত কৰিলে সোঁহাত ওপৰলৈ উঠিব আৰু সোঁফালে উত্তেজিত কৰিলে উঠিব বাওঁহাতখন। এই উত্তেজনাটো পর্দাখন হালধীয়া কৰাৰ সময়ত কৰা হ’ল। এনে দৰে অংশগ্ৰহণকাৰীসকলৰ আচৰণ পূৰ্বনিৰ্ধাৰিত কৰা হ’ল। কিন্তু সেইমতে হাত দঙাৰ পিছত তেওঁলোকক যেতিয়া সোধা হ’ল ৰঙা ৰং পর্দাত ওলাওঁতে তেওঁলোকে কি ভাবিছিল, তেতিয়া উত্তৰ আহিছিল যে পর্দাখন হালধীয়া হোৱাৰ পিছত যেনেদৰে হাত উঠিল তেওঁলোকে তেনেদৰেই ভাবিছিল। অর্থাৎ, আমাৰ সচেতন মনে আমি নিজে নিজক নিয়ন্ত্রিত কৰি আছোঁ বুলি নিজকে পতিয়ন নিয়াওঁ। লেখকৰ মতে এয়া বিস্তৰ অনির্ণেয়তাৰ আৰম্ভণিহে। তেওঁৰ মতে প্রতিটো মগজুৱেই আন মগজুৰ জগতখনত গোজ খাই থাকে। যদিও আমাৰ নিউৰণবোৰে পোনপটীয়া দৈহিক নিয়ম মানি চলে, আমি ক’ব নোৱাৰো এজন মানুহে পিছৰ মুহূৰ্তত কি কৰিব।
মস্তিষ্ক বিজ্ঞানৰ জগতখন সঁচাই বিচিত্র। ইগনেৰ কিতাপখনে আমাক বহুত নতুন চিন্তাৰ খোৰাক দিয়ে। আশাকৰোঁ ভূপেন হাজৰিকাৰ ভূত-দৰ্শনৰ অভিজ্ঞতাক পাঠকে নতুন দৃষ্টিৰে চাবলৈ কিছু সমল পাব।
এতিয়া আহোঁ ভূপেন হাজৰিকাৰ আত্মজীৱনীদুখনত পোৱা তেখেতৰ অন্ধবিশ্বাসৰ অন্য নমুনালৈ। নিজৰ মাজত জন্মান্তৰবাদৰ উদাহৰণ বিচাৰি পোৱাৰ প্ৰৱণতাৰ লগতে, কর্মফলৰ ওপৰত বিশ্বাস তেখেতৰ দুয়োখন আত্মজীৱনীতে একে গুৰুত্বৰে প্ৰকাশিত হৈছে। ই অৱশ্যে ‘ডিভাইন্ জাষ্টিচ’ (জুবিনৰ মৃত্যুৰ পিছত অনুৰাগীয়ে আশা কৰা) ৰ ধাৰণাহে বেছি দেখোঁ। আগতেই উল্লেখ কৰা হেমন্ত মুখোপাধ্যায় সম্পর্কীয় কথাখিনিত— পাপৰ ফল ঈশ্বাৰে দিব— ধৰণৰ ভাব এটা পোৱা যায়। ‘নীল আকাশেৰ নীচে’ ছবিখন ‘হেমন্ত-ভূপেন প্রডাক্সন’ হিচাপে আগবাঢ়ি ৰাতাৰাতি ‘হেমন্ত-বেলা’ প্রডাক্সন্’ হোৱাৰ দোষ অসমীয়া আত্মজীৱনীখনত হেমন্তৰ ওপৰত উজাৰি দিয়া আৰু বাংলাখনত তেওঁক সম্পূর্ণ দায়মুক্ত কৰাৰ বৈপৰীত্যৰ কথা আমি আগতেই উল্লেখ কৰিছোঁ। দোষৰ শাস্তি: ভূপেন হাজৰিকাই অসমীয়াখনত কৈছে, “ঈশ্বৰৰো কি ইচ্ছা! যিদিনাই ছবিখন প্রথম কলিকতাত মুক্তি পালে, সেইদিনা চীনেও আমাক আক্ৰমণ কৰিলে বমডিলাত। সেইকাৰণে ছবিখন নচলিল।” বাংলাখনত… “কিন্তু মন কৰবেন সবায়েৰ ওপৰে ঈশ্বৰ আছেন…”। ভূপেন হাজৰিকাৰ অনুৰোধত ‘হেমন্ত-ভূপেন প্রডাক্সন’ৰ বেনাৰত চিনেমাখনৰ ক্লেপষ্টিক দিয়া লতাৰ (অন্ধ)বিশ্বাসৰ উল্লেখো দুয়োখনতে আছে। ক্লেপষ্টিক দিয়াৰ পিছত লতাই কোৱা, “চাব দেই ভূপেন দা, মই ক্লেপষ্টিক দিয়া ছবি নহয়গৈ কিন্তু;”ৰ উল্লেখ অসমীয়া আত্মজীৱনী খনত আছে। বাংলাখনত এই উক্তি চিনেমাৰ নাম সলনি হোৱাৰ দুখৰ সমভাগী হ’বলৈ লতাই কৰা টেলিফ’ন কলৰ উদ্ধৃতিৰেহে আছে। অর্থাৎ, এঠাইত লতাই ঘটনাৰ আগত আৰু আন ঠাইত একে ঘটনাৰে পিচত কথাষাৰ কৈছে! ইগল্মেনৰ কল্পিত স্মৃতিৰ উদাহৰণক এনে বৈপৰীত্যই পুনৰ মনত পেলাই দিয়ে।
সামৰণি:
আমি দেখিলোঁ শৈশৱে ভূপেন হাজৰিকাৰ মনাকাশত কেতবোৰ অন্ধবিশ্বাসৰ ৰেশ সানিছিল। আইনষ্টাইনৰ বহু বিতর্কিত “বিজ্ঞান বনাম ধৰ্ম”ৰ আলোচনাত হীৰেন গোহাঁইদেৱে লিখিছিল যে বিজ্ঞানীজনৰ অৱচেতন মনৰ কোনোবা কোণত হয়তো তেখেতৰ শৈশৱৰ ইহুদী ধর্মীয় চিন্তাৰ আঁচ আছে। ভূপেন হাজৰিকাৰ অন্ধবিশ্বাসৰ ক্ষেত্ৰটো অনুৰূপ কথাই খাটিব। এইখিনিতে ক’বই লাগিব যে তেখেতৰ এনে চিন্তাৰ নমুনা তেখেতৰ গানে-লেখাই প্রকাশ পোৱা প্রগতিবাদী চিন্তাৰ তুলনাত ‘ন ধর্তব্য’।
কিন্তু আমি আবেগপ্ৰৱণ অসমীয়াই মানুহক অতি সহজতে ভগৱানৰ শাৰীলৈ তোলোঁ। এনে প্ৰৱণতাৰ প্ৰতিষেধক হিচাপে যেনেদৰে প্রয়াত পণ্ডিত শিৱনাথ বর্মনে “মানুহ শংকৰদেৱ” লিখিছিল, আমিও আমাৰ সীমিত তথ্যেৰে মানুহ ভূপেন হাজৰিকাৰ কেতবোৰ মানৱীয় ভুল আধুনিক বিজ্ঞানৰ আলোকত বিচাৰ কৰিবলৈ চেষ্টা কৰিলোঁ। মানুহ ভূপেন হাজৰিকাৰ দোষ-দৌর্বল্য জানিও তেখেতৰ মহান সৃষ্টিৰ অনুপ্ৰেৰণা লোৱাত নিশ্চয় ই বাধাৰ সৃষ্টি নকৰে, নকৰিব।

