শ্বিলং-গৌহাটী অনাতাঁৰ কেন্দ্ৰত ভূপেন হাজৰিকাৰ গান (১৯৪৮-১৯৪৯)।। মনজিৎ ৰাজকোঁৱৰ
মুক্ত চিন্তা। দ্বাদশ বছৰ। প্ৰথম সংখ্যা
‘ৰেডিঅ’ই মোক গঢ়িলে। অসমীয়া গীতৰ শ্ৰোতাৰ বাবে ৰেডিঅ’ই বৈপ্লৱিক পৰিৱৰ্তন আনিলে।’ আত্মজীৱনীত লিখিছে ভূপেন হাজৰিকাই। ১৯৪৮ চনৰ ১ জুলাইৰপৰা আৰম্ভ হয় শ্বিলং-গৌহাটী অনাতাঁৰ কেন্দ্ৰৰ সম্প্ৰচাৰ। তাৰ এমাহ পূর্বে, ১ জুনত প্রগ্রেম এচিষ্টেন্ট পদত অস্থায়ী কৰ্মচাৰীৰূপে তেওঁ শ্বিলঙত যোগ দিয়ে চাকৰিত। অৱশ্যে এমাহৰ ভিতৰতে আন এটা সাক্ষাৎকাৰ পাতি অনাতাঁৰ কেন্দ্ৰত চাকৰি নিয়মীয়া কৰা হয় ভূপেন হাজৰিকাৰ। আলেখ্য বিভাগৰ দায়িত্ব দি তেওঁক শ্বিলঙৰপৰা লৈ অনা হয় গুৱাহাটীৰ ষ্টুডিঅ’লৈ।
১৯৪৮ চনৰ ১ জুলাই। সন্ধিয়া ৫ বজাৰপৰা আৰম্ভ হ’ল উত্তৰ-পূবৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰৰ সম্প্ৰচাৰ। প্ৰথমেই ৰাষ্ট্ৰীয় সংগীত- ‘জন গণ মন’। তাৰ পিছতেই সেই সময়ৰ অসমৰ প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈ আৰু ৰাজ্যপাল চাৰ আকবৰ হায়দৰীৰ দহ মিনিটকৈ ভাষণ। শেষত, অসমীয়া সঙ্গীতক প্রতিনিধিত্ব কৰা গীত-মাত আৰু অসমীয়া বাতৰি। ২ জুলাই অর্থাৎ, দ্বিতীয় দিনটোৰপৰাহে আৰম্ভ হ’ল অনাতাঁৰ কেন্দ্ৰটোৰ নিয়মীয়া সম্প্ৰচাৰ। পুৱা ৭ বজাত নতুন অনাতাঁৰ কেন্দ্ৰটোৰপৰা শ্রোতাই শুনিবলৈ পালে এটা অসমীয়া গীত। কমল নাৰায়ণ চৌধুৰীৰ কণ্ঠত ভাহি আহিল, ‘অ’ অসমীয়া ডেকা দল।’ অৱশ্যে বিষ্ণুপ্ৰসাদ ৰাভাৰ কথা আৰু সুৰেৰে বাণীবদ্ধ গীতটোৰ ৰেকৰ্ডহে বজোৱা হৈছিল। সেইদিনাই অনাতাঁৰ কেন্দ্রৰ শ্বিলং স্টুডিঅ’ৰপৰা প্রথম গীত পৰিৱেশন কৰে বন্দনা বৰুৱাই। ভূপেন হাজৰিকাই গীত পৰিবেশন কৰে ৫ জুলাইৰ দিনা। দুটা আধুনিক গীত আৰু দুটা বনগীত। ২৫ জুলাইৰ দিনা পৰিবেশন কৰে পুনৰ চাৰিটা গীত। ১৯৪৮ চনৰ ৯ আগষ্ট, ১৩ আগষ্ট, ১৬ আগষ্ট, ২৪ আগষ্ট আৰু ১ ছেপ্টেম্বৰত তেওঁ দুটা দুটাকৈ মুঠ দহটা গীত পৰিবেশন কৰে অনাতাঁৰ কেন্দ্রৰ জৰিয়তে। এই সময়ছোৱাত ভূপেন হাজৰিকাই কোনকেইটা গীত পৰিৱেশন কৰিছিল তাৰ সম্ভেদ এতিয়ালৈ পোৱা নাই। অৱশ্যে, ছেপ্টেম্বৰ মাহৰ শেষভাগৰপৰা গানৰ তথ্যসমূহ জানিব পৰা গৈছে।
ভূপেন হাজৰিকাই লিখিছে, ‘তেতিয়া মই মাজে মাজে চৈয়দ আব্দুল মালিক, পদ্মা বৰকটকী, পুৰুষোত্তম দাস, জ্যোতিপ্রসাদ আগৰৱালা আৰু বিষ্ণুপ্রসাদ ৰাভাৰ গান গাইছিলোঁ। কি যে দিন আছিল সেইবোৰ! ধুতী আৰু পাঞ্জাবী পিদ্ধি খুব চাইকেল চলাওঁ। কাম কৰি ভালো লাগিছিল। ৰাতি এঘাৰমান বজাত কাম সামৰি নিয়ৰৰ মাজেৰে চাইকেল চলাই ভৰলুমুখ পাওঁগৈ। তেতিয়া ভৰলুমুখৰ ভাৰাঘৰত আছিলোঁ আমি। ব্রডকাষ্টিঙৰ কামো কৰিলোঁ, ৰেকর্ডিষ্টো হ’লোঁ। ডাঙৰ ডাঙৰ মানুহৰ ইন্টাৰভিউ ল’বলৈ মাইক্র’ফোনো ধৰিলোঁ। আমি পিছে নামতহে প্রগ্রেম এচিষ্টেন্ট আছিলোঁ। কিন্তু, একেবাবে ষ্টেচন ডাইৰেক্টৰৰ দৰে বুকু ফিন্দাই কাম কৰিছিলোঁ।’ ২৫ ছেপ্টেম্বৰত ভূপেন হাজবিকাই পৰিবেশন কৰে দুটা গীত-
(১) কঁহুৱা বনৰে ফুল
(২) মই গীত গোৱা নাই
২৭ ছেপ্টেম্বৰত পৰিৱেশন কৰিলে পুনৰ দুটা গীত-
(৩) জাগে ভৈৰবী ঊষাৰ
(৪) কতনো দুখ দিয়া
১৯৪৮ চনৰ ২ অক্টোবৰৰ দিনা মহাত্মা গান্ধীক সুৱৰি ভূপেন হাজৰিকা আৰু সঙ্গীবৃন্দই পৰিবেশন কবিলে এটা সমবেত গীত। পুৰুষোত্তম দাসৰ কথা আৰু সুৰেৰে পুৱা ৮ বাজি ১৫ মিনিটত সম্প্রচাৰ হ’ল এই গীতটো।
(৫) জন গণ নায়ক
৩ অক্টোবৰ, এটা বিশেষ দিন। সন্ধিয়া ৬ বাজি ৪৫ মিনিটত শ্বিলং ষ্টুডিঅ’ৰপৰা বন্দনা বৰুৱাই গালে দুটা গীত। গীত দুটা হ’ল- ‘কিয় নুবুজে তাই’ আৰু ‘নতুন পুৱাৰ নীল আকাশ’। তাৰ পিছতেই সন্ধিয়া ৭ বজাত গুৱাহাটীৰ ষ্টুডিঅ’ৰপৰা ভূপেন হাজৰিকাই পৰিৱেশন কৰিলে দুটা গীত-
(৬) তোমাৰ ভাষাৰ ভাবটি নুবুজোঁ
(৭) তাজমহলৰ মমতাজ নাই
শেষ হোৱাৰ লগে লগে শ্বিলং কেন্দ্রৰপৰা পুনৰ ভাহি আহিল ৭ বাজি ১৫ মিনিটত বন্দনা বৰুৱাব কণ্ঠত ‘তুমি যে নাহিলা হায়’ আৰু ‘মুৰুলী বাজে যমুনাৰ তীৰে’। এইবাৰ গুৱাহাটী কেন্দ্রপৰা ভূপেন হাজৰিকাৰ গীত-
(৮) তাহানিৰ প্রথম দেখা
(৯) সিদিনা গধূলি ৰামধেনু ওলালে।
মধুৰ স্মৃতি ৰোমন্থন কৰি ভূপেন হাজৰিকাই লিখিছে- ‘মই ৰেডিঅ’ত কাম কৰি থাকোঁতেই এটা মজাৰ ঘটনাও ঘটিছিল। সেই ঘটনাটো ঘটাইছিল চৈয়দ আব্দুল মালিক আৰু বীৰেন ফুকনে। দুষ্টামি কৰিয়েই মোক এটা সমস্যাত পেলাই দিছিল। সেই সময়ত ৰেডিঅ’ৰ প্রগ্রামত আধুনিক গীতৰ সময় ঠিক কৰা হৈছিল এনেকুৱাকৈ যে ৮ বজাৰপৰা ৮ বাজি ১৫ মিনিটলৈ গীত পৰিবেশন কৰিব শ্বিলং কেন্দ্রই আকৌ ৮ বাজি ১৫ মিনিটৰপৰা ৮ বাজি ৩০ মিনিটলৈ গীত প্রচাৰ কৰিব গুৱাহাটী কেন্দ্রই। শ্বিলং কেন্দ্রপৰা এজনী ধুনীয়া ছোৱালীয়ে গান গায়। গানো গাইছিল বৰ ধুনীয়াকৈ। অন্তৰ চুই গৈছিল তেওঁৰ গানে। তাই গান গোৱাৰ পিছত বহুতো ফোন যায় শ্বিলং কেন্দ্রলৈ বৰ ভাল গাইছে বুলি। ফোনবোৰ যায় গুৱাহাটী কেন্দ্রৰপৰা। ইপিনে, চৈয়দ আব্দুল মালিক আৰু বীৰেন ফুকনহঁতে মোক কয় যে মোৰ হেনো গীতৰ প্রগ্রাম আছে ৮ বাজি ১৫ মিনিটৰপৰা। লিখি দিছিল তেওঁলোকেই। পদ্ম বৰকটকীয়েও লিখি দিছিল। গানবোৰ আছিল এনেকুৱা যে অলপ আগতে সেই সুন্দৰীগৰাকীয়ে গীতেৰে কৈছে- ‘তোমাক মই ভাল পাওঁ’ বুলি। ইফালে, সেই গানটোৰ উত্তৰৰ নিচিনাকৈ আন এটি গীত মোক গাবলৈ দিয়ে তেওঁলোকে, ‘তুমিয়ে গোৱালা প্রিয়ে গান’ ইতাদি। ষ্টেচন ডাইৰেক্টৰ মেহনা মাছানীয়ে এদিন মোক কৈছিল, ‘বহুতো আর্টিস্টে প্রেম কৰা দেখিছে, কিন্তু দুটা ৰেডিঅ’ ষ্টেচনৰপৰা গানেৰে প্রেম কৰা মই দেখা নাই।’ কথাটো পিছে সঁচাও।”
৭ নবেম্ববত ভূপেন হাজৰিকাই পৰিবেশন কৰে দুটা গীত-
(১০) হিয়া মোৰ হমে হমাই
(১১) শিমলু গছতে পাত নাইকিয়া
১৫ নৱেম্বৰত কণ্ঠ নিগৰালে এটা নিজে লিখা গীতত আৰু এটা বৰগীতত
(১২) সুৰ নগৰীৰ সুৰৰ কুমাৰে
(১৩) শুন শুন যে সুৰ
৫ ডিচেম্বৰত এটা সমবেত কণ্ঠৰ গীত। গাইছিল ভুপেন হাজৰিকাৰ লগতে বীৰেন ফুকন, কল্যাণী বৰুৱা আৰু শাহজাদী বেগমে। নলিনীবালা দেবীয়ে ৰচনা কৰা গীতটো আছিল-
(১৪) বন্দে পূর্ব ভাৰত ৰাণী
১৯ ডিচেম্বৰত পৰিৱেশন কৰিলে এটা ভজন আক তিনিটা আধুনিক গীত-
(১৫) কৃষ্ণৰতন ধন পালি
(১৬) মোৰ কণ্ঠৰ যত সুৰ
(১৭) কিয় তই নুবুজ মন
(১৮) কিনো কথাটি বুজা
এই গীতসমূহৰ লগতে তেতিয়া অনাতাঁৰ কেন্দ্রযোগে সম্প্রচাৰিত হৈছিল ভূপেন হাজৰিকাই গ্রামোফোন ৰেকৰ্ডত বাণীবদ্ধ কৰা গীতসমূহ। নাটকৰ ৰেকর্ড আৰু চলচ্চিত্ৰৰ গীতসমূহক বাদ দি তেতিয়ালৈ তেওঁ গ্রামোফোন ৰেকর্ডত বাণীবদ্ধ কৰিছে মুঠ দহটা গীত। ইয়াৰে প্রথম আঠটা চেনোলা কোম্পানীত। আৰু দুটা কলম্বিয়াত। ১৯৩৬ চনত তেওঁ বাণীবদ্ধ কৰিছিল বিষ্ণুপ্ৰসাদ ৰাভাৰ চাৰিটা গীত ‘উলাহেৰে নাচি বাগি’, ‘কাষতে কলচি লৈ’, ‘কোন ক’লীয়াই’ আৰু ‘আজলী হিয়াৰ মাজে’। ১৯৪৩ চনত বেকর্ড কৰে আনন্দিৰাম দাসৰ চাৰিটা গীত ‘স্মৃতিৰ বুকুত থৈ যাম’, ‘অ’ বান্ধৈ, মৰো যেন লাগে তাত’, ‘মোৰে ওৰে জীবন’ আৰু ‘তুমিয়ে গোৱালা’। আনহাতে, ১৯৪৮ চনত গান্ধীৰ প্রয়াণৰ পিছতেই নিৰুপমা হাজৰিকাৰ সৈতে বাণীবদ্ধ কৰে দুটা গীত, ‘তেৰশ চৌৱন্নৰ মাঘৰে মাহতে’ আৰু ‘মহামানৱৰ ত্যাগ অগনিয়ে’। এইকেইটা গীতৰ লগতে বেডিঅ’ৰ শ্রোতাই শুনিবলৈ পাইছিল চিৰাজ (১৯৪৮) চিনেমাৰ ‘কপি উঠে কিয় তাজমহল’ আৰু ‘বিপ্লবী’ (১৯৪৮) চিনেমাৰ ‘অ’ পৃথিবীৰে অ’ ভাৰতীৰে’ গীত দুটাও।
১৯৪৯ চনৰ ১৬ ফেব্ৰুবাৰীত পৰিবেশন কৰে দুটা গীত-
(১৯) যদি আছিলে মনত।
আনটো পূর্বে পৰিবেশন কৰা এটা গীত।
৯ মার্চত পৰিবেশন কৰা গীত দুটা হ’ল-
(২০) গানৰ নায়িকা মোৰ
(২১) চ’তৰে শিমলু ফুল
২১ এপ্রিলত পৰিবেশন কৰিলে দুটা গীত-
(২২) তোমাক পাহৰা নাই
(২৩) মোৰ মৰমে মৰম
১ মে’তো দুটা গীত। তাৰে এটা নতুন গীত-
(২৪) মৰণ লগনৰ
৫ মে’ৰ গীত দুটা-
(২৫) কাৰনো পৰশত
(২৬) অ’ বৰগী
২৫ মে’ত পৰিবেশন কৰিলে-
(২৭) মোৰ জীকনৰ শত
(২৮) পাহৰা দিনৰ প্রীতি
‘শিলং-গৌহাটী অনাতাঁৰ কেন্দ্রৰ প্রথমখন সংগীতালেখ্য প্রস্তুত কৰে ভূপেন হাজৰিকাই। ‘অসমীৰ মাত’ নামৰ সংগীতালেখ্যখন ৰচনা আৰু পৰিচালনা কৰে তেওঁ। যুগ যুগ ধৰি চলি অহা অসমৰ সুৰীয়া মৌমিঠা মাতক তেওঁ ধৰি ৰাখিছিল সংগীতালেখ্যখনত। ঐতিহাসিক তথ্য সংগ্রহৰ বাবে কাষ চাপিছিল বুৰঞ্জীবিদ সূর্যকুমাৰ ভূঞাৰ। ড০ ভূঞাৰ কন্যা কমলী ভূঞাও আছিল সেই সময়ৰ অনাতাৰ কেন্দ্রৰ এগৰাকী নিয়মীয়া গায়িকা। ‘অকণিৰ মেল’ৰ দায়িত্বতো আছিল ভুপেন হাজৰিকা। অনুষ্ঠানটোল বাবে তেওঁ লিখিছিল এটা গীত, ‘আলফুলীয়া কুমলীয়া চেনেহৰ অকণি বীৰ।’ গীতটো ১৯৪৮ চনৰ ২৫ ডিচেম্বৰৰ দিনা ‘অকণিৰ মেলা’ত পৰিবেশন কৰিছিল নৃপেন্দ্র কুমাৰ হাজৰিকাই। পিছলৈ সুদক্ষিণা শর্মাৰ সৈতে গ্রামোফোন ৰেকর্ডত ভূপেন হাজৰিকাই বাণীবদ্ধ কৰে গীতটো। আন এখন সংগীতালেখ্য ‘অভিযান’তো কণ্ঠদান কৰিছিল ভূপেন হাজৰিকাই। পুৰুষোত্তম দাসৰ এই সংগীতালেখ্যখন সম্প্রচাৰিত হৈছিল ১৯৪৮ চনৰ ২৮ ছেপ্টেম্বৰৰ দিনা। গীত গাইছিল ভূপেন হাজৰিকাৰ লগতে শিবপ্রসাদ ভট্টচার্য আৰু কুইনী হাজৰিকাই। ইয়াৰ পূর্বলৈকে কুইনী হাজৰিকা অর্থাৎ সুদক্ষিণা শর্মাৰ নাম গ্রামোফোন ৰেকর্ড আৰু অনাতাঁৰ কেন্দ্রৰ তথ্যপতিত নিৰুপমা হাজৰিকা বুলিয়েই উল্লেখ আছে। কেইবাখনো নাটকো প্রযোজনা কৰিছিল ভূপেন হাজৰিকাই। ১৯৪৯ চনৰ ৪ জানুবাৰীত অনাতাঁৰযোগে সম্প্রচাৰিত হয় তেওঁ প্রযোজনা কৰা হাস্যৰসাত্মক নাটক ‘দেশকর্মী’। নাট্যকাৰ আছিল হলিৰাম ডেকা। ১৯ এপ্রিলত প্রযোজনা কৰে হৰি ভট্টাচার্যই ৰচনা কৰা সামাজিক ব্যংগ নাট ‘আবিষ্কাৰ’। তাৰ কিছুদিন পূর্বে সম্প্রচাৰিত হৈছিল লক্ষ্যধৰ চৌধুৰীৰ বিখ্যাত নাট ‘ৰক্ষকুমাৰ’। প্রযোজনা আছিল কমল নাৰায়ণ চৌধুৰীৰ। ১৯৪৯ চনৰ ৭ জুনৰ নিশা ভূপেন হাজৰিকাই পৰিবেশন কৰে এটা গীত-
(২৯) লুইতৰ বুকুতে।
ইয়াৰ পিছত সেই বর্ষত শ্বিলং-গৌহাটী অনাতাঁৰ কেন্দ্ৰত ভূপেন হাজৰিকাই গীত পৰিৱেশন কৰাৰ কোনো তথ্য লাভ কৰা নাই। কাৰণ, তাৰ কিছুদিনৰ পিছতেই কলম্বিয়া বিশ্ববিদ্যালয়লৈ তেওঁ ৰাওনা হয় Mass Communicationত গৱেষণাৰ বাবে। আত্মজীৱনীত তেওঁ লিখিছে- ‘তেতিয়া ৰেডিঅ’ত চাকৰি কৰা মোৰ ডেৰ বছৰমান হৈছিলহে। তৎকালীন অল ইণ্ডিয়া ৰেডিঅ’ৰ ডাইৰেক্টৰ জেনেৰেল ড০ নাৰায়ণ মেননৰ সৈতে যোগাযোগ কৰিলোঁ। মোৰ কথা শুনি তেওঁ ক’লে- ‘চোৱা, তুমি চাকৰিত যোগদান কৰাৰ মাত্ৰ ডেৰ বছৰ হৈছে। এনে অৱস্থাত তোমাক লিয়েন (Lien) দিব নোৱাৰি। আৰু ভাৰত চৰকাৰে লিখিও দিব নোৱাৰে যে তুমি দেশলৈ উভতি আহিলেই তোমাক আকৌ চাকৰিত লোৱা হ’ব। অৱশ্যে আমাৰ মাজত ‘জেন্টলমেন্ছ এগ্রিমেন্ট’ হওক, তুমি যদি Mass Communicationত এম এ পাছ কৰিও উভতি আহা, তেতিয়াও তোমাক ৰেডিঅ’ৰ চাকৰি দিয়া হ’ব।’
অৱশ্যে উভতি আহি ভূপেন হাজৰিকাই গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনাৰ চাকৰিতহে যোগ দিলে। কিন্তু অনাতাঁৰ কেন্দ্ৰ আৰু পিছলৈ আকাশবাণী গুৱাহাটীৰ সৈতে তেওঁৰ সম্পৰ্ক আজীৱন ৰৈ গ’ল। প্ৰথম সময়ৰ ৰোমাণ্টিকধর্মী গীতৰ ঠাইত নতুন নতুন ভাব, নতুন আংগিক আহিল ভূপেন হাজৰিকাৰ গীতলৈ। সময়ৰ এই সকলো সম্পদ সাঁচি ৰাখিলে আকাশবাণীয়ে। এনে বহু গীত আছে-যিবোৰ ৰেকৰ্ডতকৈ আকাশবাণীত বাণীবদ্ধ গীতটোহে হৃদয়স্পর্শী হ’ল। অৱশ্যে শ্বিলং-গৌহাটী কেন্দ্র স্থাপনৰ পূৰ্বে কলকাতা কেন্দ্ৰৰপৰাও গীত গাইছিল ভূপেন হাজৰিকাই। সেই তেতিয়াৰেপৰা তেওঁ এৰিব নোৱাৰিলে ৰেডিঅ’টোক, ৰেডিঅ’য়ো তেওঁক নেৰিলে।
(তথ্য-সৌজন্য: প্ৰসাৰ ভাৰতী আর্কাইভ)

