জুৰী বৰা বৰগোহাঞিৰ উপন্যাস ‘নেত্ৰী’ত ছাঁৰ আঁৰত হেৰোৱা বিপ্লৱী নেত্ৰীৰ সন্ধান ।। ড° হাস্নাহানা গগৈ
মুক্ত চিন্তা। একাদশ বছৰ।। ৪ৰ্থ সংখ্যা
জুৰী বৰা বৰগোহাঞিৰ উপন্যাস ‘নেত্ৰী’ (২০২৪) কেইবাটাও দিশৰ পৰা উল্লেখনীয় এখন উপন্যাস৷ একবিংশ শতিকাৰ প্ৰাৰম্ভণিতে হোৱা কিছু ৰাজনৈতিক ঘটনাৰ পটভূমিত ৰচিত উপন্যাসখনক অসমৰ ৰাজনৈতিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ দলিল হিচাপে চিহ্নিত কৰিব পাৰি৷ দ্বিতীয়তে, উপন্যাসখনক একে আষাৰে সশস্ত্ৰ সংগঠন সংযুক্ত মুক্তি বাহিনী, অসমৰ (আলফা) নাৰীবাদী দৃষ্টিকোণৰপৰা কৰা এক সমালোচনাত্মক অৱলোকন বুলিব পাৰি৷ তৃতীয়তে, আৰু আটাইতকৈ তাৎপৰ্যপূৰ্ণ দিশটো হৈছে এই সশস্ত্ৰ সংগ্ৰামৰসক্ৰিয় অংশীদাৰ মহিলা যুঁজাৰুসকলৰ সংগ্ৰামী সত্তা আৰু মানসিক যাতনাৰ এক সংবেদনশীল বৰ্ণনা তথা বিশ্লেষণৰ কাহিনী উপন্যাসখনত বৰ্ণিত হৈছে৷

২০০৩ চনত ভুটানৰ পাহাৰত অৱস্থিত আলফাৰ কেম্পসমূহত ৰয়েল ভুটান আৰ্মিয়ে কৰা উৎখাত অভিযান অপাৰেশ্যন অল ক্লিয়েৰৰ পটভূমিত ৰচিত উপন্যাস ‘নেত্ৰী’ৰ বিষয়বস্তু হৈছে সেই সময়ৰ আলফাৰ কিছুসংখ্যক মহিলা কেডাৰৰ জীৱন আৰু সংগঠনৰ বাহিৰে ভিতৰে তেওঁলোকৰ ভূমিকা৷ কাহিনীৰ মূল কেন্দ্ৰবিন্দুত আছে মহিলা কেডাৰ মিনতি হাজৰিকা৷ অপাৰেশ্যন অল ক্লিয়েৰৰ সময়ৰপৰাই মিনতি হাজৰিকাৰ সংগঠনৰ সদস্য হিচাপে যি সবল স্থিতি আৰু গুৰুত্বপূৰ্ণ ভূমিকা তাকেই সমল হিচাপে লৈ কাহিনীভাগ আগ বাঢ়িছে৷ ভুটানৰ কেম্প উৎখাত হোৱাৰ পাছত এক অবৰ্ণনীয় কষ্টৰ মাজেৰে অত্যন্ত প্ৰতিকূল পৰিস্থিতিৰ মোকাবিলা কৰি পয়সত্তৰজনীয়া এটা অত্যন্ত দুৰ্বল দলৰ দায়িত্ব গ্ৰহণ কৰি লৈ আহিছিল মিনতি হাজৰিকাই৷ তাৰ পাছতেই সেইসকল লোকৰ সমাজত সাধাৰণ জীৱন আৰম্ভ হৈছিল যি কেতিয়াও সাধাৰণ নাছিল, সেয়া আছিল অন্য এক কঠিন সংগ্ৰামৰ কাহিনী৷ সংগঠন আৰু সতীৰ্থৰ প্ৰতি সদায় অনুগত হৈ থকা এই নেত্ৰীসকলৰ সংগ্ৰাম আছিল ৰাষ্ট্ৰৰ সৈতে, বাস কৰি থকা সমাজখনৰ সৈতে আৰু লগতে মানসিক জগতখনত নিজৰ অতীত আৰু সেই অতীতৰ সৈতে অবিৰত দ্বন্দ্বত লিপ্ত হৈ থকা নিজৰেই দুৰ্বল সত্তাৰ সৈতে৷ সেই নেত্ৰীসকল যি কেতিয়াও নেত্ৰী হিচাপে পৰিচিত নহ’ল, সমাজৰ মাজতে জীৱন যাপন কৰিলে অথচ সমাজৰ অংশ নহ’ল, তেওঁলোকৰ মানসিক যন্ত্ৰণাৰ এক দস্তাৱেজ হৈছে ‘নেত্ৰী’৷
প্ৰকৃততে উপন্যাসখনৰ মূল বিষয়বস্তুয়েই হৈছে সেই মহিলাসকলৰ অন্তহীন মানসিক যাতনাৰ সংঘাতময় জীৱন৷ প্ৰথম কথকত আৰম্ভ হোৱা কাহিনীৰ মূল কাহিনীকাৰ মাতু হৈছে প্ৰাক্তন আলফা কেডাৰ মিনতি হাজৰিকা আৰু হেমৰাজ গগৈৰ কন্যা৷ এক মানসিক উদ্বিগ্নতা আৰু অস্থিৰতাত ভূগি মাতু অৱশেষত মনোৰোগ বিশেষজ্ঞৰ কাষ চাপিছে আৰু সেই সময়ৰ পৰাই উপন্যাসখন আৰম্ভ হৈছে৷ কোৱা বাহুল্য যে মাতুৰ মানসিক অস্থিৰতাৰ কাৰণ তাইৰ অতীত যি অতীতৰ ছাঁয়াই তাইক অহৰহ খেদি ফুৰিছে৷ চিকিৎসকে মাতুক অতীতৰ কথাবোৰ মনৰ পৰা উলিয়াই দিবলৈ প্ৰকাশ কৰাৰ এক উপায় হিচাপে লিপিবদ্ধ কৰিবলৈ পৰামৰ্শ দিয়ে আৰু তাই ঠিক তাকেই কৰে৷ এইদৰে মাতুয়ে লিখি যায় তাইৰ জীৱনৰ সবাতোকৈ গুৰত্বপূৰ্ণ এছোৱা সময়ৰ কথা যি সময় অতিবাহিত হৈছিল ভুটানৰ পাহাৰৰ কেম্পত৷ আৰু এনেদৰেই উপন্যাসৰ কাহিনী আগুৱাই যায়৷ কেম্পৰ জীৱন, তাত মিনতি হাজৰিকা প্ৰমুখ্যে অন্য মহিলা কেডাৰসকলৰ জীৱন, ভুটান ৰয়েল আৰ্মীৰদ্বাৰা চলোৱা উৎখাত অভিযান আৰু তাৰ পাছতে আৰম্ভ হোৱা অবৰ্ণনীয় যন্ত্ৰণাৰ জীৱন৷
উল্লেখযোগ্য যে ভুটানৰ কেম্পত থকা সময়ছোৱাত মিনতি হাজৰিকা এগৰাকী নেত্ৰী নহয় বৰঞ্চ কামাণ্ডাৰ হেমৰাজ গগৈৰ পত্নী হিচাপেহে কেৱল পৰিচিত আছিল৷ কোৱা বাহুল্য যে নেতাৰ দমদাৰ উপস্থিতি আৰু প্ৰভাৱৰ হেঁচাত নেত্ৰীসকল বিপ্লৱীৰ পৰিৱৰ্তে কেৱল সাধাৰণ নাৰীলৈ পৰ্যবসিত হৈছিল আৰু সংগঠনৰ নেতৃত্বই তেওঁলোকৰপৰা প্ৰত্যাশা কৰা ভূমিকাও আছিল পুৰুষতান্ত্ৰিক সমাজত সততে মহিলাৰপৰা সমাজে প্ৰত্যাশা কৰা ভূমিকা৷ যিখন সমাজৰপৰা তেওঁলোক ওলাই গৈ এক বিপ্লৱী পথৰ পথিক হৈছিলগৈ কিন্তু কেৱল নাৰী হোৱাৰ বাবেই তেওঁলোক তাতো গৈ পুনৰ পাকঘৰ আৰু ল’ৰা-ছোৱালীৰ দায়িত্ব সামৰিব লগা হ’লগৈ৷ কেৱল নেতাসকলৰ সংসাৰ চম্ভালি লোৱাৰ দায়িত্বই তেওঁলোকক ভীষণ ক্ষোভিত কৰি ৰাখিছিল আৰু সেয়া মূল চৰিত্ৰৰ মুখৰ এক সংলাপত স্পষ্টৰূপত প্ৰকাশ পাইছেঃ
“ভাল পত্নী, ভাল মাক, ফুল, শাকপাচলি খেতি চোৱা, ৰন্ধা খোৱা কেতিয়াবা মাৰ্চ কৰা৷ প্ৰতিষ্ঠা দিৱসত গীত এটা গোৱা, নাটক কৰা, দুই-এজন বেমাৰীক চোৱা-চিতা কৰা, এয়া কি বিপ্লৱীৰ জীৱন? সংগঠনৰ সকলো সিদ্ধান্ত হৈ যোৱাৰ পাছতহে গম পাওঁ৷ গোপনেই বহু কথা, বহু কাম হৈ যায় (পৃ৫৫)”।
অপ্ৰিয় হ’লেও সত্য যে পুৰুষ কেডাৰসকলে কেৱল বিপ্লৱৰ সমান্তৰালকৈ সংসাৰধৰ্ম পালন কৰিবলৈহে যেন মহিলাসকলক সংগঠনৰ অংশ কৰি ৰাখিছিল, তাৰ বাদ দি বিশেষ কোনো দায়িত্বত তেওঁলোক নাছিল৷ এগৰাকী দুগৰাকী ক’ৰবাত আছিল যদিও সেয়া এপাছি শাকত এটা জালুকৰ দৰে৷ আশ্চৰ্যৰ কথা এইটোও যে নাৰী কেডাৰ অন্তৰ্ভুক্ত কৰা হৈছিল, নাৰীক বিশেষ দায়িত্ব দিয়াও নহৈছিল অথচ নাৰী বাহিনী এটা তেতিয়ালৈকে গঠন কৰা হোৱা নাছিল৷ সংগঠনৰ গুৰুত্বপূৰ্ণ বিষয়বিলাকত তেওঁলোকৰ কোনোধৰণৰ অংশগ্ৰহণ নাছিল, দৰকাৰী সিদ্ধান্ত গ্ৰহণত তেওঁলোকৰ কোনো মতামত লোৱা নহৈছিল৷ নাৰীসকলে কেৱল ওপৰৰ পৰা অহা আদেশ পালন কৰিছিল৷ আনকি, কেম্প উৎখাত হোৱা সময়ছোৱাত তেওঁলোকলৈ এই নিৰ্দেশ জাৰী কৰা হৈছিল যে মহিলা আৰু শিশুসকল ততালিকে সংগঠন এৰিব লাগে আৰু সমাজৰ মাজলৈ ঘূৰি গৈ সাধাৰণভাৱে সামাজিক জীৱন যাপন কৰিবগৈ লাগে৷ এই কথাই মহিলা কেডাৰসকলক কেৱল ক্ষোভিত কৰাই নহয় তেওঁলোকৰ বিপ্লৱী সত্তা আৰু স্বাভিমানত আঘাত দিছিল৷ তেওঁলোক সেই নিৰ্দেশ পালন কৰিবলৈ অমান্তি হৈছিল৷ অৱশ্যে পিছ মুহূৰ্ততে তেওঁলোক কেম্প এৰি সমতললৈ ঘূৰি আহিবলৈ বাধ্য হৈছিল৷ এইখিনিতে স্বাভাৱিকতে কিছুমান প্ৰশ্ন অতি প্ৰাসংগিক হৈ উঠে৷ নাৰীসকল সংগঠনৰ সৈতে কি ধৰণে জড়িত আছিল? সংযুক্ত মুক্তি বাহিনী কেৱল পুৰুষকেন্দ্ৰিক এক সংগঠন নেকি য’ত নাৰীৰ অৱস্থান সদায়ে গুৰুত্বহীন? মহিলা কেডাৰসকলৰ নেতৃত্ব দিব পৰা যোগ্যতা সম্পৰ্কে সংগঠনৰ নেতৃত্বত থকা পুৰুষসকল সেই সময়ত আস্থাশীল নাছিল নেকি? সংগঠনৰ কেডাৰসকলৰ সন্তানবিলাকৰ ভৱিষ্যত সম্পৰ্কে তেওঁলোকৰ বিশেষ পৰিকল্পনা আছিল নে একোৱেই নাছিল? এনে প্ৰশ্নৰ প্ৰাসংগিকতাই সংগঠনটোৰ দাৰ্শনিক ভেঁটি, ভৱিষ্যত পৰিকল্পনাৰ লগতে দুৰ্বলতা সম্পৰ্কীয় অন্য প্ৰশ্ন কিছুমানৰো অৱতাৰণা নিশ্চয়কৈ কৰে৷
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ২০২৩ চনত বৰগোহাঞিৰ অন্য এখন উপন্যাস “কেম’ফ্লেজ” প্ৰকাশ পাইছে যাৰ বিষয়বস্তুৰ “নেত্ৰী”ৰ সৈতে কিছু মিল দেখা যায়৷ যদিও “কেম’ফ্লেজ”ত আলফাৰ সংগ্ৰাম আৰু সমাজৰ সাধাৰণ মানুহৰ জীৱনত ইয়াৰ প্ৰভাৱ, বিশেষকৈ কাকপথাৰৰ গ্ৰামাঞ্চলৰ জনজীৱনক সি যিদৰে সামাজিক আৰু মানসিকভাৱে জুৰুলা কৰিছিল তাৰ এক খতিয়ান লেখিকাই দাঙি ধৰিছে, সংগঠনৰ ভিতৰ-চ’ৰাত মহিলাৰ অৱস্থান সম্পৰ্কেও উপন্যাসখনে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰিছে৷ মহিলা কেডাৰৰ মৰ্যাদাৰ বিষয়টোৱেই যে সন্দেহজনক সেই তাৰ আভাস পোৱা যায়৷ এগৰাকী আত্মসমৰ্পণকাৰী মহিলা কেডাৰ সম্পৰ্কত পুলিচ বিষয়া এগৰাকীয়ে ঘৃণা আৰু বিৰক্তি প্ৰকাশ কৰি কৈছে:
“চা এইজনী গুচি গৈছিল৷ আজি আহি চাৰেণ্ডাৰ কৰিছে৷ কিয় জাননে? তাত, সংগঠনত হেনো মৰ্যাদা নাই৷ মহিলাৰ সমস্যা ঢেৰ৷ তাত, কেম্পত মাইকী কমাণ্ডেণ্ট হ’ব নোৱাৰে, সদায় পিছত ৰাখে৷ আনকি আৰ্মছ চুবও নিদিয়ে৷ ভাত ৰান্ধিব লাগে, হাবিৰ পৰা খৰি গোটাব লাগে৷ দূৰৈৰ পাহাৰৰ নিজৰাৰ পানী আনি দিব লাগে৷ মাজে মাজে ডাঙৰ ডাঙৰ লিডাৰৰ লগত শুব লাগে…” (কেম’ফ্লেজ, পৃ ৬২)।
এইখিনিতে প্ৰশ্ন উঠে যে সংগঠনত মহিলাৰ স্থান মৰ্যাদাশূন্য এক পৰ্যায়লৈ অৱনমিত হৈছিল নেকি য’ত মহিলাসকলক কেৱল পুৰুষ কেডাৰৰ সম্ভোগৰ আহিলা হিচাপেহে ব্যৱহাৰ কৰা হৈছিল? আৰু সেই মৰ্যাদা অটুট ৰখাৰ উপায় হিচাপে মহিলা কেডাৰসকল পুৰুষ কেডাৰৰ সৈতে বৈবাহিক সম্পৰ্ক কৰিবলৈ বাধ্য হৈ পৰিছিল নেকি? বিপ্লৱৰ সমান্তৰালকৈ আৰম্ভ হোৱা পৰিয়ালমুখী যাত্ৰাই কেনেবাকৈ সংগঠনৰ ভেঁটি দুৰ্বল কৰাত সহায় কৰিছিল নেকি? তাৰ কেনেকুৱা প্ৰভাৱ মহিলাসকলৰ লগতে তেওঁলোকৰ সন্তানসকলৰ ওপৰত পৰিছিল? এই প্ৰশ্নবিলাকৰ প্ৰাসংগিকতা নিশ্চয়কৈ নুই কৰিব নোৱাৰি আৰু ঔপন্যাসিক বৰগোহাঞিয়ে “নেত্ৰী”ৰ জৰিয়তে সেই দিশসমূহ ফঁহিয়াই চোৱাৰ প্ৰয়াস কৰা বুলি ক’ব পাৰি৷ সেয়েহে উপন্যাসখনত লেখিকাই মহিলা কেডাৰসকলক কেন্দ্ৰবিন্দু কৰি লৈছে আৰু তাক স্পষ্টকৈ তেওঁ কিতাপৰ ‘আগকথা’ত উল্লেখ কৰিও দিছে যে সশস্ত্ৰ সংগঠনৰ বৃত্তান্ত তেখেতৰ উপন্যাসৰ মূল বিষয় নহয়, নাৰী কেডাৰসকলহে কাহিনীৰ কেন্দ্ৰ৷লেখিকাই লিখিছে:
“এই উপন্যাসখন কোনোবা সংগঠনৰ সম্পূৰ্ণ বা অসম্পূৰ্ণ বৃত্তান্ত নহয়৷ ইয়াত সংগঠন নহয়, নাৰী কেডাৰহে কাহিনীৰ কেন্দ্ৰ৷ তেওঁলোকৰ আশা, সপোন, হতাশা, যন্ত্ৰণা আৰু বিহ্বলতাৰ ওপৰত পোহৰ পেলোৱা হৈছে”(“নেত্ৰী”, পৃ৯)।
সংগঠনৰ ভিতৰত সক্ৰিয় (যদিও বিশেষ দায়িত্ব নাছিল) সদস্য হিচাপে আৰু পাছলৈ সুদীৰ্ঘকাল জীৱন সংগ্ৰামৰ সময়ছোৱাত সেই নাৰী কেডাৰসকলৰ কষ্ট পুৰুষ কেডাৰসকলতকৈ কোনোগুণে কম নাছিল অথচ কিমানগৰাকী নেত্ৰী আমাৰ পৰিচিত সেয়া নিশ্চয়কৈ মন কৰিবলগীয়া৷ সেই নেত্ৰীসকলৰ উপস্থিতি, গুৰুত্ব আৰু অৱস্থিতি কোনবিলাক কাৰণত অৱহেলিত হৈ ৰ’ল সেয়াও এক ডাঙৰ প্ৰশ্ন৷ সামাজিক জীৱনলৈ ঘূৰি অহাৰ পাছতহে সেই মহিলাসকলৰ সংঘাত প্ৰকৃত অৰ্থত আৰম্ভ হৈছিল বুলি ক’ব পাৰি কিয়নো তেওঁলোকে সমাজৰ মানুহৰ মাজত থাকিও সমাজ বৰ্হিভূত এক জীৱন যাপন কৰিবলগা হৈছিল৷ মিনতি হাজৰিকাৰ কোনো স্থায়ী ঠিকনা নাছিল৷ পৰিয়ালৰ লোকে তেওঁক গ্ৰহণ নকৰিলে কিন্তু জীৱনটো চলাই নিবলৈ তেওঁৰ কোনো মূলধনো নাছিল৷ তেওঁ অত্যন্ত নিম্নমানৰ ভাড়াঘৰত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছিল, চলিবলৈ চতুৰ্থবৰ্গৰ চাকৰি এটা কোনোমতে যোগাৰ কৰি লৈছিল আৰু তাৰ মাজতো সমাজৰ মানুহৰ চকুত সন্দেহজনক এক চৰিত্ৰৰ ভাবমূৰ্ত্তি এটা লৈ জীৱন যাপন কৰিছিল৷ এই ক্ষেত্ৰত ‘মূল সুঁতি’লৈ ঘূৰি অহা বা নহা পুৰুষ সতীৰ্থসকলৰ সৈতে তুলনামূলক দৃষ্টিৰে চালে এই নাৰী কেডাৰসকলৰ জীৱন কি পৰ্যায়লৈ অৱহেলিত হ’ল তাৰ এক আভাস পোৱা যায়৷ তেওঁলোকৰ জীৱন হৈ পৰিছিল প্ৰত্যাহ্বানমূলক, সংঘাতপূৰ্ণ আৰু অত্যন্ত অনিশ্চয়তাৰে ভৰা৷ তাৰ মাজতো তেওঁলোকে সংগঠনৰ আদৰ্শৰ প্ৰতি অনুগত হৈ আছিল৷ নিজকে সংগঠনৰ বিপ্লৱী বুলিয়েই অভিহিত কৰিছিল আৰু ৰাষ্ট্ৰৰ সৈতে ন্যায়িক যুঁজ এখন চলাই গৈ আছিল৷ এই নেত্ৰীসকল আছিল অবিচলিত৷ সংগঠনৰ প্ৰতি তেওঁলোকৰ অপৰিসীম আস্থা আছিল৷ তেওঁলোকে যুঁজি আছিল আৰু লগতে নিৰুদ্দেশ হোৱা সতীৰ্থৰ কাৰণেও সুদীৰ্ঘকাল বাট চাই ৰৈছিল যদিও তেওঁলোকেও জানিছিল ভৱিষ্যত কিমান অনিশ্চিত আছিল৷
উপন্যাসখনৰ আটাইতকৈ সংবেদনশীল বিষয়টো হৈছে এই গোটেই ঘটনাৰাজিৰ বলি হোৱা তেৰটিকৈ শিশুৰ মনস্তত্ত্বৰ কাহিনী৷ ভুটান কেম্পৰপৰা সাধাৰণ জীৱনলৈ ঘূৰি অহা আলফা কেডাৰসকলৰ সন্তানবিলাকৰ পৰৱৰ্তী সময়চোৱাত সামাজিক জীৱন-যাপনৰ ক্ষেত্ৰত সাংঘাতিক সমস্যাই দেখা দিছিল৷ সেই সময়ত যিসকল শিশু আছিল পৰৱৰ্তী বাইছ বছৰত প্ৰাপ্তবয়স্ক অৱস্থা পোৱালৈ তেওঁলোকৰ যাত্ৰা একেবাৰেই সহজ নাছিল৷ মানসিক উদ্বিগ্নতা,অনিশ্চয়তা আৰু শংকাৰ সৈতে অহৰহ যুঁজি যুঁজি যদিও তেওঁলোকে সাধাৰণ জীৱন এটাত মিলি যোৱাৰ আপ্ৰাণ চেষ্টা চলাইছিল প্ৰকৃততে এক গভীৰ মানসিক আঘাতৰপৰা (trauma) তেওঁলোক কোনোদিনেই মুক্ত হ’ব নোৱাৰিলে আৰু সেয়া তেওঁলোক জীয়াই থকা সমাজখনত খুবেই কঠিন আছিল৷ কোনো কোনোয়ে এই যুঁজখনত আগুৱাই যোৱাৰ শক্তি হেৰুৱাই পেলাইছিল, কোনোজনে অবৰ্ণনীয় পীড়া সহিব নোৱাৰি জীৱনৰপৰাই গুছি গৈছে৷ তাৰ মাজতো জীৱনে গতি কৰি আছে লগতে গৈ আছে মানসিকভাৱে বিধ্বস্ত এইসকল মানুহো৷ এক কঠিন সময়ত সংঘটিত সংগ্ৰাম-সংঘাতত মানসিকভাৱে ক্ষতবিক্ষত হৈছিল সেইসকল সন্তান৷ তেওঁলোকৰ ভৱিষ্যতৰ কাৰণেও পথবোৰ মুকলি নাছিল আৰু তেওঁবিলাকৰ মাকসকলৰ সামৰ্থও আছিল সীমিত৷ তাৰ মাজতো মিনতি হাজৰিকাই নিজৰ সন্তানৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছিল, এখন যুঁজ দিছিল৷ উপন্যাসৰ শেষৰছোৱালৈ তেওঁ কিছু পৰিমাণে সফলো হৈছিল৷ মাতুৰ ইচ্ছা অনুসৰিয়েই শ্বিলঙলৈ নাৰ্ছিং পঢ়িবলৈ তেওঁ মাতুক পঠিয়াই দিয়ে৷ মিনতি হাজৰিকা সফল হৈছে এগৰাকী মাতৃ হিচাপে আৰু এগৰাকী যুঁজাৰু নেত্ৰী হিচাপে৷
এইখিনিতে এটা উল্লেখযোগ্য কথা হ’ল যে গোটেই উপন্যাসখনতে মিনতি হাজৰিকাৰ নামটো কেৱল এবাৰেই উল্লেখ কৰা হৈছে আৰু সেয়া কাহিনীৰ শেষৰ ভাগলৈ৷ নতুন ঠাই এখনলৈ সম্পূৰ্ণ অকলে যাবলৈ ওলোৱা মাতুক যাবৰ পৰত তেওঁলোকৰে পুৰণি বন্ধু এগৰাকীয়ে সাহস যোগাবলৈ কয়, “হেমৰাজ গগৈৰ ছোৱালী তুমি৷ মনত ৰাখিবা” (পৃ, ২৬২)৷ তাৰ উত্তৰত মাতুৱে কয়, “মই মিনতি হাজৰিকাৰ ছোৱালীও হয় জেঠাই৷ বিপ্লৱী নেত্ৰী মিনতি হাজৰিকা৷ তোমালোকেও মাৰ কথা পাহৰি যোৱা” (পৃ, ২৬২)৷
অৰ্থাৎ মিনতি হাজৰিকাৰ অস্তিত্বক পাহৰিলে নহ’ব৷ এয়া নিশ্চয়কৈ ঔপন্যাসিক বৰগোহাঞিৰ নিজস্ব কৌশল যিয়ে সকলোকে পুনঃ মনত পেলাই দিয়ে যে মিনতি হাজৰিকাৰ ঐতিহাসিক গুৰুত্ব আছে৷ লগতে তেওঁ এইটোকো সোঁৱৰাই দিয়ে যে পুৰুষ কেডাৰসকলৰ সমান্তৰালকৈ মহিলা কেডাৰসকলৰো গুৰুত্ব অপৰিহাৰ্য৷ ইতিহাসত তেওঁলোক অৱহেলিত হৈছে কিন্তু তেওঁলোক আছিল একো একোজন যোগ্য নেত্ৰী আৰু তেখেতলোকৰ সংঘাতপূৰ্ণ জীৱনৰ মৰ্মন্তুদ বৃত্তান্ত লেখিকাই ‘নেত্ৰী’ৰ জৰিয়তে দিয়াৰ প্ৰয়াস কৰিছে৷ নাৰী কেডাৰসকলৰ গুৰুত্ব উপলব্ধি কৰিবলৈ যাওঁতে উপন্যাসখনে সশস্ত্ৰ সংগামী সংগঠনৰ পৰিকাঠামো, নেতৃত্বৰ দৰ্শন আৰু দুৰ্বলতা সম্পৰ্কীয় অৱহেলিত অথচ অতি গুৰুত্বপূৰ্ণ দিশ কিছুমান বৰগোহাঞিয়ে উন্মোচিত কৰিছে৷ বিয়াগোম পুৰুষ কেডাৰৰ ছাঁৰ আন্ধাৰকণত ৰৈ যোৱা কোনেও নেদেখা, বহুতেই নিচিনা এইসকল নেত্ৰীৰ জীৱন-কাহিনী পোহৰলৈ লৈ আনিবলৈ যাওঁতে লেখিকাই যি কষ্ট কৰিবলগীয়া হৈছে উপন্যাসখন পঢ়ি আৰু বুজি পোৱা সকলোৱে একেমুখে স্বীকাৰ কৰিব৷

