কেন্দ্ৰীয় নিবন্ধনিবন্ধ

ভাষা, আধিপত্য আৰু ক্ষমতা (প্রথম অংশ) ।। ৰূপক বৰুৱা

মুক্ত চিন্তা। একাদশ বছৰ।। ৪ৰ্থ সংখ্যা

মার্ক্সবাদী বুদ্ধিজীবী এৰিক হবছবওমে (Eric Hobsbawm) কৈছে যে ভাষা লৈ যি ৰাজনীতি সেয়া অযুক্তিসংগত ৰাজনীতি। তেওঁ On Natonalism নামৰ গ্ৰন্থৰ ‘Tower of Babel’ নামৰ প্ৰবন্ধটোৰ শেষৰ পিনে এই মন্তব্য কৰিছে। কিন্তু ভাষা লৈ ৰাজনীতি বিশ্বৰ বিভিন্ন দেশত হৈ আছে। ভাষা মতাদর্শগতভাবে নিৰপেক্ষ নহয় আৰু গ্ৰামচিৰ মতে ই মধ্যশ্ৰেণীৰ আধিপত্য প্রতিষ্ঠাৰ লগত জড়িত। এনড্রি ময়ৰ (Andre Mayr)-লিখিছে- “As a practice of power, hegemony operates largely through language.” অসমত নিম্নবৰ্গৰ ইতিহাস চর্চাকাৰী ড° দেবব্রত শর্মাই কৈছে যে “ভাষা হৈছে প্রধানতঃ এক ৰাজনৈতিক প্রশ্ন”।

জার্মানীক ৰাষ্ট্ৰ হিচাপে গঢ়োঁতা বিচমার্কৰ নেতৃত্বত প্ৰুচিয়া সৈন্যবাহিনীয়ে ১৮৭০ চনত ফ্ৰান্সৰ ‘আলচাক্’ আৰু ‘ল’ৰেইন’ জিলা দুখন নিজৰ অধীনলৈ আনে। জিলা দুখন অধিকাৰ কৰিয়ে তাৰ বিদ্যালয়বোৰত ফৰাচী ভাষাৰ পৰিৱৰ্তে জার্মান ভাষাৰে শিক্ষা দিবলৈ নিদের্শ জাৰি কৰিলে। ইয়াৰ দ্বাৰা ৰাজনৈতিক আধিপত্য সাব্যস্ত কৰিবলৈ ভাষাৰ ওপৰত আক্রমণ কৰা হ’ল। সেই সময়ত ফৰাচী ভাষা ইউৰোপৰ মূল ভূ-খণ্ডৰ অভিজাত লোকসকলৰ (এলিট) সকলৰ সংযোগী ভাষা আছিল আৰু তেতিয়ালৈকে সমগ্র ইউৰোপত ফ্ৰান্সৰ সামৰিক আধিপত্য চলিছিল। বিচৰ্মাকৰ নেতৃত্বত জার্মানীৰ উত্থানে ফ্ৰান্সৰ আধিপত্যক সীমিত কৰি তোলে। এই ঘটনাক আলম কৰি লিখা ছুটি গল্প ‘Last Lesson’-ত ফৰাচী চুটিগল্পৰ লেখক আলফ’নেছ দোৱাদায়ে মূল চৰিত্ৰটোৰ মুখেৰে কোৱাইছে এনেদৰে —“it was the most beautiful language in the world- the clearest, the most logical, that we must guard it among us and never forget it because when people are enslaved, as long as they hold fast to their language, it is as if they had key to thier prison.” ইয়াৰ পৰা দেখা যায় কোনো এটা জাতিৰ ওপৰত ৰাজনৈতিক আৰু সাংস্কৃতিক আধিপত্য প্রতিষ্ঠা কৰিবলৈ সেই জাতিৰ ভাষাক আক্রমণ কৰা হয়। বিজয়ী জাতিয়ে পৰাজিত জাতিৰ ওপৰত নিজৰ ভাষা জাপি দি সেই আধিপত্য প্রতিষ্ঠা কৰিব বিচাৰে। আনহাতে পৰাজিত জাতিয়ে নিজৰ মুক্তি তথা অস্তিত্বৰ বাবে নিজ ভাষাক খামুচি সংগ্রাম কৰিব লাগে। কিন্তু বহুত ক্ষেত্রত দেখা যায় বিজয়ী জাতিৰ আধিপত্যক পৰাজিত জাতিটোৱে বলপ্রয়োগৰ অবিহনে মানি লয়। অৱদমিত জাতিটোৰ মনত ইয়াৰ প্ৰতি এক সম্মতি সৃষ্টি হয়। এই সন্মতিৰ সৃষ্টিৰ মূল আহিলা হ’ল ভাষা। আনহাতে এই সন্মতিৰ মধ্য-শ্ৰেণীটোৱে মানি লয় নিজৰ শ্ৰেণী স্বাৰ্থ বৰ্তাই ৰাখিবৰ বাবে আৰু বিজয়ী জাতিৰ ভাষা-সংস্কৃতি তেওঁলোকৰ কাৰণে হৈ পৰে শ্রেষ্ঠ।

বিজয়ী জাতিৰ ভাষা কোৱাটো হৈ পৰে মধ্য-শ্ৰেণীটোৰ সন্মানৰ লগত জড়িত। মধ্য-শ্ৰেণীটোৰ সন্মতিৰ (consent) বাবেই বিজয়ী শক্তিটোরে যিকোনো ক্ষেত্রতে আধিপত্য চলাব পাৰে।

ভাষা কেৱল যোগা-যোগৰ মাধ্যম নহয়, ই এখন সমাজৰ কৃষ্টি-সংস্কৃতি, বৌদ্ধিক, ঐতিহাসিক আৰু ৰাজনৈতিক চেতনাৰ বাহক হোৱাৰ লগতে এইবোৰৰ এটা উপাদানো আৰু এইবোৰক এটা নিৰ্দিষ্ট ৰূপ দিয়া আহিলা। ই সমাজ ব্যৱস্থাটোৰ Superstucture ও নহয় অথবা ভেটিও নহয়। ভাষা সৃষ্টি সমাজৰ ভেটি বা Superstucture গঠন হোৱা বহু আগতেই হৈছিল। সেইহে সমাজ-ব্যৱস্থাটোৰ ভেটি সলনি হৈ গ’লেই নিদিষ্ট ভাষা সলনি হৈ নাযায়। ৰাছিয়াৰ কমিউনিষ্ট নেতা যোচেফ স্টেলিনে সেয়হে কৈছে- “Language is a product of a series of many epoch, during which it is shaped enriched developed and polished. It lives much much longer than any base or any superstructure. The emer-gence and disappearance of not only one base and its super-structure but several bases and all corresponding superstruc-tures doesnot lead to the disappearance of given language and its structure or to the emergence of a new language with new vocabulary and grammar.” তেওঁ এই বুলিও কৈছে যে- The language is classless? কিন্তু সমাজৰ ক্ৰমবিকাশৰ এটা স্তৰত যেতিয়া জাতি-ৰাষ্ট্ৰ গঠন হ’ল তেতিয়া জাতীয় ভাষাৰ প্ৰয়োজন আহি পৰিল। কিন্তু সমাজৰ প্ৰভাৱশালী শ্ৰেণীটোৰ ভাষাইহে এই ক্ষেত্ৰত গুৰুত্ব পালে। এই প্রভাৱশালী মধ্যশ্রেণীটোৱে নিজৰ শ্ৰেণী-স্বাৰ্থ বৰ্তাই ৰাখিবলৈ ভাষাক আধিপাত্যৰ আহিলা হিচাপে ব্যৱহাৰ কৰে। নিম্নবৰ্গৰ ভাষাক অপসাৰিত কৰি মধ্যশ্রেণীয়ে মান্য ভাষা নিৰ্মাণৰ যোগেদি সমাজত নিৰংকুশ আধিপত্য প্রতিষ্ঠা কৰিব বিচাৰে। মধ্যশ্ৰেণীটোৰ বিশেষ ভুমিকাৰ বাবে ভাষাৰ ৰাজনীতি আৰু ক্ষমতা (power)ৰ লগত এটা প্রত্যক্ষ সমানুপাতিক সম্পর্ক দেখা যায়। জাতীয় ভাষা এটা গঢ়োতে যিসকল প্রভাৱশালী, যিসকল ক্ষমতাত থাকে বা ৰাজনীতি যাৰ সপক্ষে, সমাজত সেই সকলৰ কথিত ভাষাক মান্য ভাষাৰ ৰূপ দিয়া হয়। বহুভাষী ৰাষ্ট্ৰ এখনত যদিও সংযোজী-ভাষা (lingua franca) এটাক মান্য ভাষা ৰূপ দিয়া হয় তাতো প্রভাৱশালী সকলৰ ভাষিক উপাদানেৰে ই গঢ় লয়। ইয়াৰ দ্বাৰা তেওঁলোকে সমাজত আধিপত্য বিস্তাৰ কৰাত সুবিধা লাভ কৰে। গ্রাম্‌চিয়ে চৰকাৰৰ বা প্রভাৱশালী গোষ্ঠীৰ পৃষ্ঠপোষকতাত ভাষিক আধিপত্য ভাষাৰ মান্যীকৰণৰ দ্বাৰা কৰা হয় বুলি উল্লেখ কৰিছে। গ্রাম্‌চিয়ে ইটালীয়ান ভাষাৰ ক্ৰমবিকাশ আলোচনা কৰি ভাষা আৰু আধিপাত্যৰ মাজৰ সম্পর্ক বিশ্লেষণ কৰিছে। ইটালীয়ান ভাষা কুৰি শতিকাৰ আৰাম্ভণিতে ইটালীৰ জাতীয়তাবাদৰ উদ্ভৱ আৰু ইটালীৰ একত্ৰীকৰণৰ সময়তে গঢ় লয়। ১৮৬১ লৈকে ইটালীত কোনো মান্য ভাষা নাছিল। ইটালী একত্ৰিকৰণৰ পিছত ৰাজনেতা, এটা সময়ৰ চাৰডেনিয়াৰ প্ৰধান মন্ত্রী Massino d’Azeglio ঘোষণা কৰিছিল- “Italy is fact, now we need to make Italians” সেইহে সমগ্র ইটালীৰ বাবে প্রয়োজন হ’ল এটা জাতীয় ভাষা। ইটালীৰ ভাষিক একত্ৰীকৰণৰ বাবে Alessandro Manzoni-এ গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। Manzoni-ক  জনা গৈছিল প্রধানকৈ উপন্যাসিক হিচাপে। তেওঁৰ উল্লেখযোগ্য উপন্যাসখন হ’ল The Betrothed,সমগ্ৰ ইউৰোপৰ আটাইতকৈ বৃহৎ ঐতিহাসিক উপন্যাস। প্রথম অবস্থাত Manzoni-এ সাহিত্য সৃষ্টি ক্ষেত্রত ৰমন্যাসবাদী (Romanticist) দৃষ্টিভংগী গ্রহণ কৰিছিল। ৰমন্যাসবাদীসকলে কোৱা-“সাহিত্য জনসাধাৰণে দৈনন্দিন ব্যৱহাৰ কৰা মুখৰ ভাষাৰে ৰচিত হ’ব লাগে।” ইয়াক Manzoni-এ বিশ্বাস কৰাই নহয় তেওঁ ওপৰত উল্লেখিত উপন্যাসখন ইটালীৰ সাধাৰণ মনুহৰ মাজত প্রচলিত ভাষাৰেই লিখিছিল। কিন্তু Manzoni-ৰ ভাষা সম্পর্কে দৃষ্টিভঙ্গী অতি সোনকালে সলনি হ’ল। তেওঁ ক’লে যে ইটালীৰ জাতীয় ভাষা ফ্লোৰেন্সৰ শিক্ষিত লোক সকলে ব্যৱহাৰ কৰা ‘টাচকান’ (Tuscan) ভাষা হ’ব লাগে। ১৮৪০ চনত তেওঁ নিজৰ উপন্যাসখন Tuscan ভাষালৈ অনুবাদ কৰে। ইটালী একত্রীকৰণৰ সাত বছৰৰ পিছত ১৮৬৮ চনত Manzoni ক ইটালী ভাষা একত্রীকৰণৰ বাবে চৰকাৰে গঠন কৰা কমিচন এখনৰ প্ৰধান হিচাপে নিযুক্তি দিয়ে। ইয়াৰ উদ্দেশ্য আছিল নতুনকৈ হোৱা ইটালীৰ জাতীয় ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰ ঘটোৱা। মাৰ্ক্সবাদী বুদ্ধিজীৱী গ্রামচি আছিল Manzoniৰ কৃত্রিমভাষা নিৰ্মাণৰ বিৰোধী। তেওঁ prison-note book-ত লিখিছে- “That not even can be created artificially, by order of the state, that the Italian language was being formed by itself and would be formed only in so far as the shared life of the nation gave rise to numerous and stable contact be-tween various parts of the nation.”

ইটালিয়ান ভাষাৰ মান্যীকৰণত টাচকান (Tuscan) ভাষা কিয় মূল ভাষা হৈ পৰিল? গ্রাম্‌চিয়ে ইটালি ভাষাৰ মান্যীকৰণৰ কথা আলোচনা কৰিবলৈ যাওঁতে দক্ষিণৰ সমস্যা কথা উল্লেখ কৰিছে। ইটালীৰ উত্তৰ অঞ্চল আৰু দক্ষিণ অঞ্চলৰ মাজত বহু বছৰ ধৰি সংঘাত চলি আছিল। উত্তৰ আছিল অর্থনৈতিকভাবে সমৃদ্ধিশালী আৰু দক্ষিণ অঞ্চল আছিল পিছপৰা। দক্ষিণ অঞ্চল পিছপৰি থকা কাৰণে ইয়াৰ বাসিন্দা সকলকো ইটালীত হীন দৃষ্টিৰে চাইছিল। ইটালীৰ একত্ৰীকৰণত উত্তৰ আৰু দক্ষিণৰ সংঘাতে নেতিবাচক প্রভাৱ পেলাইছিল। “The South is ball and Chain which prevents the social development of Italy from progressive more rapidly.” এনেধৰণৰ কথা সেই সময়ত প্রচলিত আছিল। কিন্তু গ্রাম্‌চিয়ে ইয়াৰ প্ৰতিবাদ কৰি লিখিছিল- “South is not bacward but that its problem and lack of development were in part the result of policies that supported capitalist development of the north.” তেওঁ দেখুৱাইছে কেনেকৈ চৰকাৰে লোৱা কৰ-নীতিয়ে উত্তৰৰ উদ্যোগপতিসকলক উপকৃত কৰিছিল আৰু দক্ষিণৰ কৃষকসকলৰ ওপৰত বিৰূপ প্রভাৱ পেলাইছিল। ইটালীৰ দক্ষিণ অঞ্চল, চিচিলি আৰু চাৰডেনিয়াৰ ভাষা আছিল টাচকান (Tuscan) ভাষাৰ পৰা বহুত বেলেগ। ইটালীৰ একত্ৰীকৰণৰ পিছত যেতিয়া টাচকান ভাষাক মান্যীকৰণৰ যোগেদি জাতীয়  ভাষাৰ ৰূপ দি উত্তৰৰ আধিপত্যক নিৰকুংশ কৰা হ’ল। দক্ষিণৰ অভিজাতসকলৰ সম্মতি ইয়াত উল্লেখযোগ্য। সেইহে গ্রামচিয়ে আধিপত্য (Hegemony)ৰ ক্ষেত্ৰত সন্মতি (consent)-এ কেনেদৰে কাম কৰে তাক দেখুৱাইছে। তেওঁ ভাষা আধিপত্যৰ ক্ষেত্ৰত Normative আৰু Spontaneous নামৰ দুই ধৰণৰ ব্যাকৰণে কেনেদৰে কাম কৰে সেই কথা উল্লেখ কৰিছে। গ্রাম্‌চিৰ মতে প্রত্যেক ভাষাৰ নিজস্ব ব্যাকৰণ থাকে। ই স্বতঃস্ফূর্ত (spontaneous) আৰু Spontaneous (স্বতঃস্ফূত) Grammar হ’ল সেইবোৰ বাক্যৰ গাঁথনি বা নিয়ম- যাক আমি কথা কওঁতে অনুসৰণ কৰোঁ আৰু ইয়াক স্বাভাৱিক, স্বতঃস্ফূর্তভাবে আৰু অসচেতনভাবে কৰা হয়।গ্রাম্‌চিয়ে কৈছে- “There is the grammar in language itself, by which one speaks ‘according to grammar’ without knowing it-.’ Spontaneous Grammar”ৰৰ বিষয়ে কওঁতে গ্রামচিয়ে Spontaneity (স্বতঃস্ফূর্ততা)ৰ বিষয়ে আলোচনা কৰিছে। তেওঁ Spontaneity (স্বতঃস্ফূর্ততা) কেনেদৰে নিম্নবৰ্গৰ লগত সম্পর্ক আছে তাক উল্লেখ কৰিছে। তেওঁ কৈছে- “It may be said that spotaneity is therefore the characteristics of the history of the subaltern classes and peripheral elements; these have not achieved any conciousness of the class ‘for itself and consequently it never occurs to thern that their history might be some value in leaving” আনহাতে গ্রাম্‌চিয়ে Nomative Grammar-ৰ সংজ্ঞা আগবঢ়াইছে এনেদৰে- “Normative Grammar is being made of ‘reciprocal monitoring’, reciprocal teaching and reciprocal ‘censhorship’ ‘express in such question’ as ‘what did you mean to say’ ‘What do you mean?’ ‘Make yourself clear”।

এনেদৰে ‘Normative grammar’ ভাষা মান্যীকৰণৰ লগত জড়িত হৈ পৰে যি ভাষা সাধাৰণ মানুহৰ মুখৰ ভাষাৰ লগত নিমিলে। ইয়াক বিদ্যালয়ত শিকিব লগা হয়। চৰকাৰে অভিধান, ব্যাকৰণ আদি প্রকাশ কৰি ইয়াৰ পৃষ্ঠপোষকতা কৰে। ইটালীয়ান ভাষা মান্যীকৰণত ইটালীৰ চৰকাৰে পৃষ্ঠপোষকতা কৰিছিল। Manzoni-ৰ নেতৃত্বত ইটালীৰ ভাষাৰ অভিধান, ব্যাকৰণ প্ৰণয়ন কৰা হৈছিল। ইটালীৰ বিভিন্ন ঠাইৰ বিদ্যালয়বোৰত ফ্লোৰেন্সৰ শিক্ষিত যুৱকসকলক শিক্ষক হিচাপে নিয়োগ কৰিছিল। কিন্তু গ্রাম্‌চিয়ে ভাষাৰ মান্যীকৰণক নাকচ কৰা নাই। তেওঁৰ মতে এই মান্যীকৰণৰ ভেটি হ’ব লাগে- Spontaneous Grammar (স্বতঃস্ফূর্ত)। (উৎস: Language and Hegemony in Gramsci by Peter Ives)।

ভাষা এটা কেৱল ভাব প্রকাশৰ কাৰণে বেছি সুবিধাজনক হ’ব বুলি বা ভাষা এটাত নিহিত হৈ থকা সৌন্দৰ্যৰ কাৰণেই ইয়াৰ প্ৰসাৰ হয় বুলি ক’ব নোৱাৰি। ভাষা এটা প্ৰসাৰৰ লগত ‘ক্ষমতা’ (power)ৰ কথা জড়িত হৈ থাকে। ৰাজনৈতিক, অর্থনৈতিক আৰু সামৰিক ক্ষমতাত যি শক্তিশালী সেই সকলৰ ভাষাই প্রাধান্য পায়। সেয়ে ক’ব পৰি সম্রাজ্যবাদী শক্তি ভাষা প্ৰসাৰৰ এটা উল্লেখযোগ্য কাৰণ। ইউৰোপত যেতিয়া ফৰাচীসকলৰ এক শক্তিশালী সাম্রাজ্যবাদী শক্তি ৰূপে উদ্ভৱ হৈছিল তেতিয়া ফৰাচী ভাষা সংযোগী ভাষা হিচাপে গুৰুত্ব পালে। ভাষা আধিপত্যৰ বাবে বেলজিয়ামত ফৰাচী ভাষী আৰু ডাচ্ ভাষীসকলৰ মাজত ডেৰ শতিকা ধৰি সংঘাত চলি আছে। নেপ’লিয়নে বেলজিয়াম অধিকাৰ কৰা পিছত তাত চৰকাৰী ভাষা হিচাপে ফৰাচী ভাষা প্ৰৱৰ্তন কৰে। ইয়াৰ আগতে মুঠ জনসংখ্যাৰ সৰহ সংখ্যক লোকে জার্মানিক ভাষা আৰু আন কথিত ভাষা (dialects) কৈছিল। ফৰাচী ভাষা তেওঁলোকৰ কাৰণে অচিনাকি আছিল। কিন্তু অতি সোনকালে ফৰাচী ভাষা অভিজাত শ্ৰেণীৰ ভাষা হৈ পৰিল। নেপলিয়নৰ পিছত ভিয়েনা কংগ্রেছে ১৮১৫ চনত নেদাৰলেণ্ড, লুক্সেমবার্গ আৰু বেলজিয়ামক লৈ বাফাৰ ৰাষ্ট্ৰ গঠন কৰে। ১৮৯৫ চনত বেলজিয়ামে এই বাফাৰ ৰাষ্ট্ৰ (নেদাৰলেণ্ডচ) পৰা স্বাধীনতা লাভ কৰে। স্বাধীনতাৰ পিছৰ পৰাই বেলজিয়ামত ডাচভাষীসকলৰ প্ৰতি ফৰাচীভাষী প্রশাসন প্রতিক্রিয়াশীল আছিল। বেলজিয়ামৰ এজন সহ-প্রতিষ্ঠাপক Charles Rogier-এ সেই সময়ৰ বেলজিয়ামৰ এজন মন্ত্রীলৈ লিখিছিল এনেদৰে- “The first prin-ciple of a good administration are based upon the exclusive use of one language and it is evident that the only language of the Belgium shoud be French. In order to achieve this result, It is necessary that all.” ফৰাচীভাষীসকলৰ ডাচভাষীসকলৰ প্রতি ঘৃণা কেনে পর্যায় পাইছিল তাক ১৮৩৮ চনত বেলজিয়ামৰ অন্য এজন সহ-প্রতিষ্ঠাপক Alexander Gendebienৰ ঘোষণাত পোৱা যায়। “Flemish were one of the more inferior races on the earth just like the negroes.” নেদাৰলেণ্ডৰ পৰা স্বাধীনতা লাভ কৰা সময়ত ব্ৰুচেলচত মুঠ জনসংখ্যাৰ ৯৫ শতাংশ লোকে ডাচ ভাষা কৈছিল। কিন্তু লাহে লাহে ব্রুচেলছত ডাচভাষীৰ সংখ্যা কমি যায়। বেলজিয়ামত অভিজাত ফৰাচীভাষীসকল অতি প্রভাৱশালী হৈ পৰে। তেওঁলোকেই সাহিত্য-সংস্কৃতি আৰু অর্থনীতি ক্ষেত্রত আধিপত্য চলাই আছিল। ফৰাচীভাষা চৰকাৰী ভাষা আছিল আৰু মান্য ভাষা হিচাপে গণ্য কৰা হৈছিল। সংখ্যাত ডাচভাষীসকল সৰহ আছিল। কিন্তু ৰাজনীতি বা আন ক্ষেত্ৰবোৰতো তেওঁলোকৰ কোনো প্রভাব নাছিল। এটা সময়ত এই ডাচভাষীসকলৰ মাজৰ পৰা অভিজাত মধ্যশ্রেণী এটা উদ্ভৱ হয়। এই অভিজাত মধ্যশ্রেণীটো উদ্ভৱ হোৱা মূল কাৰণেই হ’ল তেওঁলোকৰ ফৰাচী ভাষা ওপৰত থকা দখল। এই ফ্লেমিছ অভিজাতসকলৰ নেতৃত্বত ফ্লেমিষ্ট জাতীয়তাবাদৰ উদ্ভৱ হয় আৰু ই ফৰাচীভাষীসকলৰ আধিপত্যৰ বিৰূদ্ধে এক আন্দোলন গঢ়ি তোলে। ফ্লেমিছসকল সংখ্যাত সৰহ হোৱা হোৱা হেতুকে এই আন্দোলনে শক্তিশালী ৰূপ লয়। এই আন্দোলনৰ যোগেদি ফ্লেমিছসকলে সংখ্যাগৰিষ্ঠৰ আধিপত্য প্রতিষ্ঠা কৰিব বিচাৰিছিল। কিন্তু সমগ্র দেশখনত ডাচভাষীসকল সংখ্যাগৰিষ্ঠ কিন্তু ৰাজধানী ক্ৰছেলছত ফৰাচীভাষীসকলহে সংখ্যাগৰিষ্ঠ। ডাচভাষী আৰু ফৰাচীভাষীসকলৰ মাজৰ সংঘাত ১৯৫০-৬০ৰ মাজৰ সময় ছোৱাত তীব্র হৈ পৰে। দুয়োটা সম্প্রদায়ে বেলজিয়ামত প্রধানকৈ ব্রুছেলছত নিজৰ আধিপত্য প্রতিষ্ঠা কৰিব বিচাৰিছিল। দেশখন দুভাগ হোৱা দাবীও উঠিছিল। এই যুঁজ আছিল প্রধান কৈ দুটা সম্প্ৰদায়ৰ মধ্যশ্ৰেণীটোৰ ‘ক্ষমতা’ক লৈ। কিন্তু ১৯৭০ চনৰ পৰা ১৯৯৩ চনৰ ভিতৰত বেলজিয়ামৰ সংবিধান চাৰিবাৰ সংশোধন কৰি ক্ষমতা বিতৰণ এনে ধৰণে কৰিলে যে দুয়োটা ভাষিক সম্প্রদায় সমভাবে ক্ষমতাৰ অংশীদাৰ হয় আৰু  দীঘলীয়া সমস্যা শান্তিপূৰ্ণভাবে সমাধান কৰে। কিন্তু শ্রীলংকাত ভাষা সমস্যাই এক জটিল ৰূপ লৈছিল। শ্রীলংকাত স্বাধীনতাৰ আগতে তিনিটা ভাষাৰ প্ৰচলন আছিল-সিংহলি, তামিল আৰু ইংৰাজী। স্বাধীনতাৰ পিছত শ্রীলংকাত গণতন্ত্ৰৰ নামত সিংহলিসকলৰ সংখ্যাগৰিষ্ঠৰ একনায়কত্ববাদ চলিছিল। সংখ্যালঘু তামিলসকল সকলো অধিকাৰৰ পৰা বঞ্চিত হ’ল। এই সংখ্যাগৰিষ্ঠ একনায়কত্ববাদ ইংৰাজৰ ঔপনিবেশিক শাসনতকৈও নিষ্ঠুৰ আছিল।১৯৫০ চনত সিংহলি ভাষাক চৰকাৰী ভাষা কৰা হয় আৰু ই তামিলসকলক অসন্তুষ্ট কৰি তোলে। ইয়াৰ ফলতেই শ্রীলংকাত ছয় দশতকৈ অধিক কাল গোষ্ঠীগত সংঘর্ষ চলে। তামিলসকলে স্বাধীন তামিল ৰাষ্ট্ৰ দাবীৰে প্ৰভাকৰণৰ  নেতৃত্বত সশস্ত্র সংগ্রাম চলে। একশৈলিক সংস্কৃতি আৰু একক ভাষা প্রতিষ্ঠা কৰাৰ স্বাৰ্থত সিংহলি চৰকাৰে বৃহৎ গণহত্যাৰে আৰু নিষ্ঠুৰভাবে এই সংগ্রাম দমন কৰে। সামৰিক শক্তি ব্যৱহাৰ কৰি সিংহলি সকলে শ্ৰীলংকাত নিজৰ আধিপত্য বৰ্তাই ৰাখে।

বর্তমান সমগ্র বিশ্বত আধিপত্য বিস্তাৰ কৰি ভাষিক সাম্ৰাজ্যবাদ প্ৰতিষ্ঠা কৰা ভাষাটো হ’ল ইংৰাজী। এটা ক্ষুদ্র দ্বীপৰ বাসিন্দাসকলৰ ভাষা  প্রায় সমগ্র বিশ্ব বিয়পি পৰা মূলতেই হ’ল ‘ক্ষমতা’ (power)।এই  ইংৰাজী ভাষাৰ আধিপত্য কাৰণ হ’ল ব্রিটেইনে এটা সময়ত সমগ্র বিশ্ব জুৰি গঢ়ি তোলা উপনিৱেশ, আনহাতে ব্রিটেইন আৰু আমেৰিকাৰ সমগ্র বিশ্বত সামৰিক, অর্থনৈতিক শক্তি হিচাপে থকা আধিপত্য। বর্তমান ব্রিটেইন ইমান শক্তিশালী নহয় যদিও বিশ্বৰ ৰাজনীতি আৰু সমাজনীতিত ইয়াৰ প্রভাৱ শেষ হৈ যোৱা নাই। আনহাতে আমেৰিকা বর্তমানেও এক বৃহৎ সামৰিক, ৰাজনৈতিক আৰু অর্থনৈতিক শক্তি। এক বৃহৎ শক্তি হোৱা লগতে ইংৰাজী ভাষাক  উপনিৱেশিকতাৰ স্বাৰ্থত সমগ্র বিশ্বত প্ৰসাৰ ঘটাবলৈ দুই শক্তি পৰিকল্পনা কৰিয়েই অগবাঢ়িছিল। নব্য-ঔপনিৱেশবাদৰ মূল আহিলাই যেন ইংৰাজী ভাষা। ইয়াক Robert Philipsonsয়ে Linguistic Imperialism বুলিছে। তেওঁ কৈছে-“Linguistic imperialism is the dominance of English… asserted and maintained by the establishment and continuous reconstitution of structural and cultural inequalities between English and other languages.”ব্রিটিছ প্রধান মন্ত্রী উইনষ্টইন চার্চিলৰ ভাষাত ইয়াৰ প্রতিধ্বনিয়েই শুনা যায়। তেওঁ কৈছিল- “I like to think of British and Americans moving about freely over each other wide estates with hardly a sense of being foreigners to one an-other. But I do not see why we should not try to spread our common language even widely throughout the globe and without seeking selfish advantage over any, posses ourselves of this invaluable amenity and birth right. -such plans offer for better prizes than taking away other people’s provinces or lands or grinding them down in exploitation. The empires of the future are the empires of the mind.” (উৎস-Robert Philipsons) ব্ৰিটিছ কাউন্সিলৰ Annual ৰিপ’ৰ্টয কাউন্সিলৰ চেয়াৰমেনে ইংৰাজী ভাষাটোক উত্তৰ সাগৰৰ খাৰুৱা তেলতকৈ মূল্যবান সম্পদ বুলিছে। (উৎস-Robert Phillipsons) এটা সময়ত ব্রিটেইনে আফ্রিকাৰ বিভিন্ন দেশত, এচিয়াৰ ভাৰতকে ধৰি বিভিন্ন দেশত উপনিৱেশ পাতিছিল। আমেৰিকালৈও ইংৰাজসকল এক ঔপনিবেশিক শক্তি হিচাপে গৈছিল। ব্রিটিছতসকলতকৈ আগতেই স্পেনিছসকলে আমেৰিকাত উপনিৱেশ পাতিছিলগৈ। কিন্তু স্পেনিজ ভাষাটো আমেৰিকাত দ্বিতীয় কথিত ভাষাহে। আগতেই সেই উপনিৱেশবোৰত নিজৰ স্বাৰ্থত ইংৰাজসকলে ইংৰাজী ভাষা প্রচলন কৰিছিল। কিন্তু আমেৰিকানসকলে ব্রিটিছ ঔপনিৱেশৰ  পৰা স্বাধীনতা লাভ কৰাই নহয় ব্রিটিছ ইংৰাজী ভাষাটোতকৈ এটা পৃথক আমেৰিকান ইংৰাজী ভাষা হিচাপে গঢ়ি তোলে। ১৭৮১ চনত আমেৰিকাৰ স্বাধীনতা ঘোষণা পত্রৰ (The Declaration of Independence of America) এজন স্বাক্ষৰকাৰী John Witherspoon আমেৰিকাই গ্রহণ কৰিব লগা ভাষানীতিৰ ওপৰত কৈছে এনেদৰে- “The language of America should not imitate the scots, otherwise they merely become a local acent. We should be completly separated from the kingdom of great Britain, looking for a standard for our own pronunciation  habits rather than continuing to rely on the islands residents .আমেৰিকাই সকলো দিশত ব্রিটিছ আধিপত্যৰ পৰা মুক্ত হ’ব বিচাৰিছিল। ভাৰতৰ দৰে দেশত বিজেতাৰ ভাষা হিচাপে ইংৰাজী ভাষাই বিশেষ গুৰুত্ব পাইছিল। এইবোৰ দেশত উদ্ভৱ হোৱা মধ্যশ্ৰেণীটোৱে নিজৰ স্বাৰ্থ ৰক্ষাৰ স্বাৰ্থত বিজেতাৰ লগত সহমতত (con-sent) থাকে আৰু সকলো ক্ষেত্ৰত বিজেতাৰ আধিপত্য মানি চলে। আধিপত্যৰ বাবে শক্তিও প্রয়োগ কৰা হয়। এৰিক হবওমে (Eric Hobsbawm)-এ তেওঁৰ On Nationalism গ্রন্থত কৈছে যে ভিন্ন জনগোষ্ঠী বাস কৰা আৰু বহুভাষী ৰাষ্ট্ৰ এখনত মাথোঁ এটা ভাষা প্রচলন কৰিবলৈ বলপ্রয়োগ বা গণ-হত্যা কৰিব লাগিব। তেওঁ কৈছে- “Let us be clear, In the absence of a willingness to change languages national linguistic homogeneity in multi-ethnic and multi-lingual areas can be achieved only by mass compulsion, expulsion or genocide.”

তাকেই যে হৈছিল আমেৰিকাত। এটা সময়ত আমেৰিকাত ৩০০টা মান ভাষা আছিল। বর্তমান প্রায় ১৫০টা মান ভাষাহে আছে। এই ভাষা বিলুপ্তিৰ কাৰণ ইংৰাজী ভাষাৰ আধিপত্য। স্বাধীনতাৰ পিছতেই আমেৰিকাত এক আমেৰিকান জাতীয় সংস্কৃতি গঢ়া স্বার্থত এটা জাতীয় ভাষা হিচাপে ইংৰাজী ভাষাক প্রাধান্য দি আদিবাসী ইণ্ডিয়ানসকলৰ ভাষাক নিঃশেষ কৰিবলৈ বল প্রয়োগৰ (Force) আশ্রয় লৈছিল। John Jay-এ কৈছিল- “America must be a nation of the same language, religion, behaviour and customs.” ইয়াৰ বাবে Civilization Fund Act 1889 নামৰ এখন আইন প্রণয়ন কৰে। আদিবাসী ইণ্ডিয়ানসকলক আৰু তেওঁলোকৰ ভাষাক আমেৰিকানসকলে অসভ্য বৰ্ষৰ বুলি বিবেচনা কৰিছিল। তেওঁলোকৰ নীতি আছিল ‘Kill the Indian save the man.’ U.S.A-এ তেতিয়া পশ্চিম অঞ্চল দখল কৰিছিল সামৰিক শক্তিয়ে আৰু বলপ্রয়োগ কৰিছিল মাথোঁ এটা ভাষা প্ৰচলনৰ কাৰণে। চৰকাৰী পুঁজিয়ে বার্ডিং স্কুল স্থাপন কৰি নেটিভ্ ইণ্ডিয়ানসকলৰ কণকণ ল’ৰা-ছোৱালীবোৰক জোৰ কৰি তাত ৰাখি ইংৰাজী ভাষা শিক্ষা দিছিল। সিহঁতৰ নিজা ভাষাটো ক’বলৈ দিয়া হোৱা নাছিল। ১৯২৫ চনলৈকে প্রায় ৩৬৭খন এনে স্কুল প্রতিষ্ঠা কৰিছিল আৰু ৬০,৮৮৯টি ইণ্ডিয়ান শিশুক তাত ৰখা হৈছিল। এনেদৰে মুঠ ইণ্ডিয়ান শিশুৰ প্রায় ৮৩ শতাংশক এই বর্ডিং স্কুলবোৰ ৰখা হৈছিল। (উৎস-The New York Times, April15 2010) উদ্দেশ্য আছিল সিহঁতক নিজ ভাষা-সংস্কৃতিৰ পৰা বিচ্ছিন্ন কৰা আৰু এই ভাষা-সংস্কৃতিৰ উত্তৰাধিকাৰী বিলুপ্তি ঘটোৱা।

(অহা সংখ্যাত দ্বিতীয় অংশটো প্রকাশ পাব)

Leave a Reply

Your email address will not be published. Required fields are marked *