৬ষ্ঠ বছৰ(প্ৰথম সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাষষ্ঠ বছৰ

অসমৰ বনৌষধি বিধি আৰু ইয়াৰ লগত জড়িত অন্ধবিশ্বাসসমূহ -(অঞ্জুমান ভৰদ্বাজ)

শস্য-শ্যামলা জীপাল দেশ অসম৷ অতীজৰে পৰা অসম ইয়াৰ প্ৰাকৃতিক সম্পদৰাজিৰ বাবে দেশী-বিদেশীলোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷ অসমৰ বুৰঞ্জীৰ লগতো এই প্ৰাকৃতিক সম্পদৰাজি আৰু বনৌষধি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে৷ ঐতিহাসিক অসমৰ ৰোগ-চিকিৎসাৰ বাবে বহু দূৰৰ পৰা অসমৰ বৈদ্য-কবিৰাজ সকলৰ ওচৰলৈ ৰোগী অহাৰ কথা ইতিহাসে সাক্ষ্য বহন কৰে৷ যিসমূহ বনৌষধিয়ে এসময়ত আন লোকৰ চিকিৎসাৰ মহৌষধ হিচাপে কাম দিছিল সেই বনৌষধিজাত সামগ্ৰীসমূহে আজিও অসমীয়া গাঁৱলীয়া সমাজত এক সুকীয়া স্থান বহন কৰি আহিছে৷ বহুতো বনৌষধিৰ গুণাগুণ বিজ্ঞান সুনিশ্চত কৰিছে যদিও বহুতো বনৌষধিৰ গুণাগুণ আজিও প্ৰশ্নৰ আৱৰ্ততেই আছে৷ ভাৰতত পোৱা বনৌষধিৰ সংখ্যা সঠিককৈ জনা নাযায় যদিও পৰম্পৰাগত চিকিৎসা পদ্ধতিত ব্যৱহাৰ হৈ অহা বনৌষধি ৩০০০-৮০০০ বিধ প্ৰজাতি বুলি ঠাৱৰ কৰা হয়৷ কোনো কোনো সূত্ৰই কয় যে ভাৰতীয় বনৌষধিৰ তথ্য-ভাণ্ডাৰত বৰ্তমানলৈ ৭২৬৩ বিধ বনৌষধিৰ উল্লেখ আছে৷ অৱশ্যে ভাৰতবৰ্ষত পোৱা প্ৰায় ৪৫,০০০ উদ্ভিদৰ ভিতৰত ৩৫,০০০-তকৈও অধিক উদ্ভিদ ঔষধি গুণসম্পন্ন বুলি দাবী কৰা হয় আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত ৰোগ নিৰাময়ৰ বাবে এনে বনৌষধিৰ ব্যৱহাৰ হয়৷

এই প্ৰসংগত অসমৰ গোলাঘাট জিলাৰ বাসিন্দা প্ৰয়াত গুণাৰাম খনিকৰৰ কথা উল্লেখ নকৰিলে ভুল কৰা হ’ব৷ তেখেতে নিজৰ ব্যক্তিগত উদ্যোগত “ভাৰতীয় পাৰম্পৰিক চিকিৎসাৰ আঞ্চলিক গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ” (Regional Research And Training Centre on Indian Traditional Treatment চমুকৈ RRTCITT) প্ৰতিষ্ঠা কৰি বনৌষধি জগতত এক অনবদ্য অৱদান আগবঢ়াই থৈ যায়৷ তেখেতে প্ৰস্তুত কৰি উলিওৱা বহুমূত্ৰ, বুকুৰ ধপধপনি, উচ্চৰক্তচাপ, পিত্তৰোগ, পেটৰ ঘাঁ, মেলিনা, কেঁচুমুৰীয়া, মৃগী, মেদবহুলতা, বাতবিষ আদি ৰোগৰ বন-দৰৱে দেশ-বিদেশত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ বনৌষধিৰ জৰিয়তে মানৱ-জীৱনৰ উত্তৰণৰ প্ৰচেষ্টা চলোৱাৰ বাবে তেখেতক “বনৌষধিৰ সম্ৰাট”, “মানৱ-মিত্ৰ”, “ভেষজ ৰত্ন”-ৰ দৰে সন্মানেৰেও বিভূষিত কৰা হৈছিল৷ কিন্তু দুখৰ কথা, বনৌষধিৰ গুণাগুণৰ কথাটো অতিৰঞ্জিত কৰি তাত অন্ধবিশ্বাস আৰু বিজ্ঞানবিহীনতাৰ পৰশ দিয়া হৈছে৷ আমি দেকিছিলোঁ এইখন অসমতেই স্বপ্ন কোঁৱৰ  নাম লৈ এজন যুৱকে বনৌষধি হিচাপে কৰ্কট ৰোগৰ দৰৱ বিক্ৰী কৰিছিল। এইখন অসমতে যকৃতৰ ৰোগত তেনে কুচিকিৎসাৰ বাবে এৰা গছৰ ৰস খাই  ৰোগীৰ মৃত্যুৰ ঘটাৰো উদাহৰণ আছে৷ তদুপৰি চকুত গৰুমূত্ৰ দি কেটৰেক্ট আঁতৰ কৰা, মিঠিগুটি তিয়াই খাই বিষৰ উপশম পোৱা আৰু পানী চোৱাই খোৱাৰ দৰে উদ্ভট চিকিৎসা-বিধান দিয়াৰ উদাহৰণো এই অসমতে বহুত আছে৷ গাঁৱলীয়া সমাজত বিয়া-সকাম আদি খাই যেতিয়া বদহজম হয়, তেতিয়া গাঁৱৰ বহুতেই তাক আখ্যা দিয়ে “মুখ-লগা” বুলি, তেওঁলোকৰ মতে আদা জৰা-ফুকাঁ কৰি খালে উপশম হয়। কিন্তু ইয়াৰ আঁৰৰ বিজ্ঞানখিনি কোনেও জানিবলৈ চেষ্টা নকৰে। আচলতে তেনে উপশমৰ কাৰণ মন্ত্ৰ-তন্ত্ৰ নহয়৷ সেইয়া হ’ল আদাৰ স্বাভাবিক উপকাৰিতা, আদাই পেটত বদহজম সৃষ্টি কৰা কাৰকসমূহ বাধা দি বদহজম হোৱাত বাধা দিয়ে৷ তদুপৰি নিম্ন ৰক্তচাপত (Low blood pressure) ভোগা লোকক জৰা-ফুকা কৰি যি পনীয়া ঔষধ দিয়ে, সেইয়া প্ৰকৃততে হ’ল মদাৰ, মানিমুনি, ভেদাইলতাৰ দৰে অত্যাধিক লৌহদ্ৰব্য থকা গছ-পাতৰ নিৰ্যাস। এইবোৰে আমাৰ দেহত লৌহজাত সামগ্ৰী কমিলে পুনৰ ক্ষীপ্ৰতাৰে বঢ়াত সহায় কৰে৷ এইবোৰ জৰা-ফুকা-মন্ত্ৰ হৈছে পৰম্পৰাগত ভেষজশাস্ত্ৰৰ লগত জড়িত হৈ থকা অন্ধবিশ্বাস৷ বহু সময়ত মানসিক বাধাগ্ৰস্থ লোকক বিহলঙনীৰ কোবাই জৰা হয়, যাক বনৌষধি চিকিৎসাৰ এক ভাগ বুলি অন্ধবিশ্বাসী আৰু কুঃসংস্কাৰীসকলে ক’ব বিচাৰে। এইটো এটা অতি ক্ষতিকাৰক ধাৰণা। বিহলঙনী গছৰ পাতৰ পৰা নিসঃৰিত ৰস চকুত সোমালে চকুৰ দৃষ্টিশক্তিও নষ্ট হ’ব পাৰে। বহুতো নি:সন্তান দম্পতীক গৰ্ভধাৰণৰ আশা দেখুৱাই বনৌষধি দিয়াৰ নামত যিকোনো গছৰ পাতৰ ৰস খুৱাই পইছা সৰকোৱাৰ নতুন বাট প্ৰশস্ত কৰিছে বহুতেই। কিন্তু আধুনিক চিকিৎসা-বিজ্ঞানে এইধৰণৰ কাণ্ডকাৰখানাৰ কেতিয়াও অনুমোদন নকৰে৷ বহুতো ৰাজনৈতিক নেতায়ো এনে জৰা-ফুকাৰ দৰে অন্ধবিশ্বাসত ৰাজনৈতিক ৰং সানিবলৈ চেষ্টা কৰিছে, যিয়ে মানুহৰ মাজত কৃত্ৰিম জনপ্ৰিয়তা সৃষ্টি কৰি বিজ্ঞানৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে৷ এইবোৰৰ উপৰিও বহুতে বনৌষধিৰ ক্লিনিক ঘৰতে খুলি কৰ্কট ৰোগৰ দৰৱৰ বিক্ৰীও আৰম্ভ কৰিছে। দুখৰ বিষয়, যিটো সময়ত সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকলে কভিড ৰোগৰ প্ৰতিষেধক উদ্ভাৱনৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে, সেই সময়ত এই অসমৰেই কোনো গাঁৱত এগৰাকী মহিলাই সপোনত দেখা বনৌষধিৰে প্ৰতিষেধক প্ৰস্তুত কৰি ব্যৱসায় আৰম্ভ কৰিছে। পৰিতাপৰ বিষয় এইটো যে মহিলাগৰাকীক এনেকুৱা ভুল বাৰ্তা সমাজলৈ প্ৰেৰণ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰাৰ সলনি তেওঁৰ তথাকথিত দৰৱ পৰীক্ষাগাৰলৈহে প্ৰেৰণ কৰা হৈছে৷ এনেবোৰ কাৰকৰ বাবেও অন্যান্য ৰাজ্যৰ তুলনাত অসমত অন্ধবিশ্বাসৰ লগত সম্পৰ্কিত নেতিবাচক ঘটনাৰ সংখ্য়া বহুত বেছি৷ লক্ষনীয় কথা, শিক্ষিত সমাজৰ দ্বাৰাও প্ৰায়ে এনে কামবোৰে অনুপ্ৰেৰণা পায়৷ উদাহৰণ স্বৰূপে সন্তানহীন চিকিৎসক দম্পতীয়ে সন্তান লাভৰ বাবে অখ্যাত গছৰ গুটি খোৱা, গছৰ শিপা ককাঁলত বন্ধাৰ দৰে ঘটনাও সংঘটিত হয়৷ এইসমূহ ভুল বাৰ্তা সমাজলৈ যাতে নাযায়, আৰু ভেষজবিদ্যাৰ লগত জড়িত অসৎ বেপাৰ যাতে বন্ধ হয়, সেইটো আমাৰ কাম্য৷ বাস্তু শাস্ত্ৰ, ভূমিপূজন  আদিৰ আয়োজক চৰকাৰৰ পৰা এইবোৰ ক্ষেত্ৰত জানোঁ কিবা ইতিবাচক কথা আশা কৰিব পাৰি? ধৰ্মতকৈ বিজ্ঞানক যিদিনাই দেশৰ উন্নতিৰ মূলমন্ত্ৰ হিচাপে ল’ব, যিদিনা মন্দিৰ-মছজিদলৈ ভোট বিচাৰিবলৈ নাযাব, দুৰ্নীতিমুক্ত ভাৰত বিচৰাৰ লগতে তাবিজ-ৰছী মুক্ত ভাৰত বিচাৰিব, যিদিনা মন্দিৰ-মছজিদৰ সলনি চিকিৎসালয় নিৰ্মাণৰ বিষয়ে দেশৰ মুৰব্বীসকলে গুৰুত্ত্ব দিব, তেতিয়াহে হয়তো কিছু সকাহ পোৱা যাব৷ কিন্তু এইসমূহ অন্ধবিশ্বাসৰ মাজতো বনৌষধিসমূহৰ উচিত ব্যৱহাৰে বহুতকে সকাহ দি আহিছে৷ বিজ্ঞানৰ ওপৰত আধাৰিত ভেষজবিদ্যাৰ প্ৰকৃতপক্ষে সদ্যব্যৱহাৰ হৈ অন্ধবিশ্বাস কুঃসংস্কাৰ মুক্ত সমাজ গঠন হওঁক এইয়াই কাম্য৷

Leave a Reply

Your email address will not be published. Required fields are marked *