নিবন্ধবিজ্ঞান-প্ৰযুক্তি

পাই দিৱসৰ তাৎপৰ্য।।— ড° পৰমানন্দ মহন্ত

মুক্ত চিন্তা। একাদশ বছৰ।। তৃতীয় সংখ্যা

মাৰ্চ মাহৰ ১৪ তাৰিখৰ দিনটো পাই দিৱস হিচাপে পালন কৰা হয়। ‘পাই’ গ্ৰীক বৰ্ণমালাৰ এটা ৰাশি। বৃত্তৰ পৰিধি আৰু ইয়াৰ ব্যাসৰ অনুপাত বুজাবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। গ্ৰীক আখৰ পাই (π), গণিত আৰু পদাৰ্থ বিজ্ঞানৰ ছাত্রৰ বাবে অতিকৈ চিনাকি সংখ্যা। ইয়াৰ নির্দিষ্ট মান আছে, কিন্তু কোনেও লিখি শেষ কৰিব নোৱৰা এটা সংখ্যা। বিভিন্ন ভৌতিক ৰাশিৰ গণনাত ইয়াৰ মোটামোটি মান এটা লাগেই। এবাৰ গণিতৰ দাদা এজনে উপযাচি ক’লে— yes, I have a number. বাক্যটোত দশমিকৰ চতুৰ্থ ৰাশিলৈকে পাইৰ শুদ্ধ মান সোমাই আছে। কেনেকৈ? প্রতিটো শব্দত থকা আখৰৰ সংখ্যাটোক একোটা গাণিতিক ৰাশি বুলি ধৰিলে ‘পাই’ৰ মান ওলাই যাব। অর্থাৎ 3.1416  yes— 3 , I— 1 , have— 4 , a— 1, number— 6. সৰুতে গৰম কালি পুখুৰীৰ পাৰত গছৰ ছাঁত বহি পাচি খৰাহি বোৱা দেখিছিলোঁ। পাচি খৰাহিৰ বেৰটো দিওঁতে লগৰজনক বেৰৰ দীঘৰ জোখত চচা বাঁহৰ জোখ দিবলৈ গৈ দুয়ো মূৰৰ জোখৰ দীঘৰ তিনিগুণ আৰু দুআঙুলমান দীঘলকৈ কাটিবলগীয়া হয়। পাছত স্কুলত গম পালোঁ, পাইৰ মান বৃত্তৰ পৰিধি আৰু তাৰ ব্যাসৰ অনুপাতৰ সমান, সংখ্যা হিচাপে চমুকৈ পাই সমান সাত ভাগৰ বাইশ প্রায় 3.14 I সেয়েহে বছৰটোৰ তৃতীয়টো মাহ মার্চৰ 14 তাৰিখটো পাই দিৱস হিচাপে উদযাপিত হৈ আহিছে। প্রথমতে ১৯৬৮ চনত আমেৰিকাৰ মিউজিয়াম এটাত এজন পদার্থ বিজ্ঞানীৰ তৎপৰতাত পাই দিৱস উদযাপন কৰা হয়। তাৰ পাছত ২০০৯ চনত আমেৰিকাৰ সংসদে দিৱসটো গণিতৰ দিৱস হিচাপে পাতিবলৈ আৰম্ভ কৰে। তাৰপাছত ইউনেস্ক’ই (UNESCO) ‘ইণ্টাৰনেশ্বনেল ডে অৱ মেথমেটিক্স’ হিচাপে এই দিনটো উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি প্রতি বছৰে ১৪ মাৰ্চত এই দিৱস উদযাপন কৰে। পাইৰ আবির্ভাৱ সভ্যতাৰ লগে লগে বুলিব পাৰি। গ্ৰীছ সভ্যতাত ইউক্লিডৰ দিনৰ পৰা পাই সংখ্যাটোৱে মানুহৰ মগজুত তোলপাৰ লগাই আহিছে। নির্দিষ্ট বৃত্তৰ কালিৰ জোখত বর্গ এটা আঁকিব নোৱাৰি। প্রশ্নটোৰ উত্তৰত সমস্যা হ’ল এই সংখ্যাটোৰ কাৰণে। সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ গণিতজ্ঞ আৰ্কিমিডিছে সংখ্যাটোৰ মান উলিয়াবলৈ গৈ ক’লে যে ইয়াৰ মান তিনি সমষ্টি সাত ভাগৰ এক আৰু তিনি সমষ্টি একসত্তৰ ভাগৰ এঘাৰৰ ভিতৰত হ’ব লাগে। পিছে নির্দিষ্ট মানটো ক’ব নোৱাৰিলে। গণি অন্ত কৰিব নোৱৰা মান এটা। ইমান আকর্ষণ কিয় পাইক লৈ? প্রথমে দেখাত এটা অতি বিচিত্র সংখ্যা। পাছলৈ বিভিন্ন ভৌতিক ৰাশিৰ গণনাৰ লগত ওতপ্ৰোতভাৱে জড়িত ৰাশিটো গণিতৰ এক বিশেষ ক্ষেত্রৰ অধ্যয়নৰ কেন্দ্রবিন্দু। মানুহে কয়, গণিত বিজ্ঞানৰ ৰাণী। পিছে গণিতজ্ঞ সকলৰ মাজত কোৱা-কুই হয়, সংখ্যাতত্ত্ব (number theory)হে গণিতৰ ৰাণী বা মধ্যমণি। পাই সংখ্যাটোক লৈ সংখ্যাতত্ত্বত বিস্তৰ গুৰুত্বপূৰ্ণ অধ্যয়ন আছে। এই সমূহ অধ্যয়নৰ ফলত গণিত শাস্ত্রৰ সমৃদ্ধি প্রচুৰ হৈছে। ‘পাই’ উলামূলা সংখ্যা নহয়, এটা Transgentental সংখ্যা। সেই সংখ্যাটো আমাৰ চিনাকি +১ বা -১ৰ দৰে নহয়। ইহঁত পৰিমেয় সংখ্যা বা কোনো rational সংখ্যাও নহয়। কোনো বীজগণিতীয় সংখ্যাৰ মূল হিচাপে ইয়াক প্রকাশ কৰিব নোৱাৰি বাবেই পাইক transcendental সংখ্যা বা মূলাটিত সংখ্যা বুলি কোৱা হয়। গণিতত এনেকুৱা সংখ্যা আৰু বহুতো আছে। গণিতত প্রমাণ ঘাই বস্তু। পাইক transcendental সংখ্যা বুলি প্রমাণ কৰিবলৈও বহুত সময় লাগিছিল। জার্মানীৰ মিউনিখ ইউনিভাৰ্চিটিৰ লিনডেমান নামৰ গণিতজ্ঞ এজনে ১৮৮২ চনত দেখুৱালে যে পাই এটা transcendental সংখ্যা। কাৰণ ইয়াক বীজগণিতীয় সমীকৰণৰ মূল হিচাপে পাব নোৱাৰি। সংখ্যাটোৰ লগত ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ নাম জড়িত হৈ আছে। এই প্রতিভাধৰ গণিতজ্ঞজনে নিজে নিজে বহুতো গাণিতিক সূত্র আৱিস্কাৰ কৰি সকলোকে চমকৃত কৰিছিল। পাছলৈ ইংলেণ্ডৰ এগৰাকী গণিতজ্ঞ হার্ডিৰ চেষ্টাত কেমব্ৰিজ বিশ্ববিদ্যালয়ত ৰামানুজনক ভর্তি কৰায় আৰু বিদ্যায়তনিক শিক্ষাৰে শিক্ষিত কৰাৰ চেষ্টা কৰিছিল। কিন্তু কেমব্ৰিজলৈ যোৱাৰ আগতে ১৯১৪ চনতে ৰামানুজনে পাই সংখ্যাটো নিৰূপণ কৰিব পৰা ১৭ টা সূত্র লিখি উলিয়াইছিল। এই সূত্রবোৰ ব্যৱহাৰ কৰি দশমিকৰ পাছৰ তেৰ ত্ৰিলিয়ন সংখ্যালৈকে পাইৰ মান নিৰূপণ কৰিব পৰা পদ্ধতি আধুনিক কম্পিউটাৰত উলিয়াইছে। পাই দিৱসত ৰামানুজনৰ নাম সেয়েহে জড়িত হৈ আছে। আন আন গণিতজ্ঞইও পাইৰ মান নিৰূপণৰ সূত্র আগবঢ়াইছে। কিন্তু ৰামানুজনৰ সূত্ৰৰ সহায়ত অধিক ক্ষিপ্ৰতাৰে বীজগণিতীয় চিৰিজটোৰ আচল মানৰ ওচৰ চাপি যায়। কাৰণ ৰামানুজনে পাইৰ মান এটা বীজগণতীয় শ্রেণী হিচাপে প্রকাশ কৰিছিল। এই ৰাশিসমূহে পদাৰ্থ বিজ্ঞানৰ অতি শেহতীয়া ফলপ্ৰসু দিশ উন্মোচন কৰিছে বুলি ধাৰণা কৰা হৈছে। এই বছৰৰ পাই দিৱস উদযাপনৰ মূল বিষয়টো হ’ল— Mathematics and Hope, গণিত আৰু আশা। আচলতে আধুনিক জীৱনত গণিতৰ প্রভাৱ উপলব্ধি কৰাবলৈকে আন্তৰ্জাতিক অনুষ্ঠান ইউনেস্ক’ই পাই দিৱসটো International day of Mathematics হিচাপে উদযাপন কৰি আহিছে। সাধাৰণ হাট বজাৰৰ কথাই নাই। বিজ্ঞান, গণিত নহ’লে নচলে। বিশেষকৈ পদার্থ বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান আদি বিষয়বোৰৰ কাৰণে গণিতেই বিজ্ঞানৰ ভাষা, যাৰ লিপিয়েদি বিজ্ঞানৰ বিধি নিয়মবোৰ প্রকাশ কৰা হয়। সেই অর্থত গণিত বিজ্ঞানৰ সাৰ্বজনীন ভাষা— universal language ৷ এজন বিজ্ঞানীয়ে কৈছিলেই, Nature speaks through the language of mathematics, গণিতৰ ভাষাৰ মাজেদিয়েই প্রকৃতিয়ে কথা ক’ব খোজে। বহুতে প্রকৃতিক ঈশ্বৰৰ লগত সনা-পোটোকা কৰে, গতিকে কয়— গণিতৰ ভাষাই ঈশ্বৰৰ ভাষা।

কোনো কামত নহা বিমূর্ত ধাৰণা এসোপালৈ গণিতজ্ঞই যেন ধেমালিহে কৰি থাকে। গণিত কিবা কামত আহে নে, সেইবোৰক লৈ তেওঁলোকৰ একো খেয়াল নাই। কোৱা হয়, গণিতৰ সূত্ৰৰ লগত ব্যস্ত হৈ থাকোঁতেই গ্ৰীক গণিতজ্ঞ আৰ্কিমিডিছক পাৰস্যৰ আক্ৰমণকাৰী সৈন্যই হত্যা কৰিছিল। ছাৰ আইজাক নিউটন আৰু জাৰ্মানীৰ কার্ল গাউছক আৰ্কিমিডিছৰ সৈতে একে স্থানত ঠাই দিয়া হয়। কোনোবা বিশেষজ্ঞই লিখি যোৱা সূত্ৰবোৰ বহুত যুগৰ পাছত বিজ্ঞান অধ্যয়নৰ প্রধান হাতিয়াৰ হৈ পৰাটো নিতান্তই স্বাভাৱিক ঘটনা। তদুপৰি দৈনন্দিন জীৱনতো গণিতৰ অধ্যয়নে শৃংখলাবোধ আনে। মৌ-চাকৰ পৰা তাৰকামণ্ডল নিহাৰিকা গঠন এই সকলোবোৰ নিয়ন্ত্রিত হয় গাণিতিক সূত্ৰৰদ্বাৰা। সেয়েহে পাই দিৱস গুৰুত্বপূৰ্ণ আৰু প্রত্যেক বছৰে বেছি সমৃদ্ধিশালীভাৱে বিভিন্ন ঠাইত পাই দিৱস উদযাপন কৰা হয় আৰু পাই দিৱস উদযাপনৰ সূত্ৰেই আজি আমি এই আলোচনাত বহিছোঁ। পাই দিৱসৰ স্মৰণৰ লগত জড়িত আছে আন দুজন মহান পদার্থ বিজ্ঞানী নাম। আপেক্ষিকতাবাদ তত্ত্বৰ জনক আলবাৰ্ট আইনষ্টাইন, তেওঁৰ জন্মদিন ১৪ মার্চ। তেওঁৰ জন্ম হৈছিল জাৰ্মানীৰ ওল নামৰ সৰু চহৰ এখনত ১৮৭৯ চনত। কুৰি শতিকাৰ আৰম্ভণিতে যি দুটা নতুন তত্ত্বই আধুনিক পদার্থ বিজ্ঞানৰ ধ্যান ধাৰণালৈ যি পৰিৱর্তন আনিছিল সেই আপেক্ষিকতাবাদ তত্ত্ব আৰু কোৱাণ্টাম তত্ত্ব, এই দুয়োটা তত্ত্বৰ লগত আইনষ্টাইন জড়িত হ’লেও আপেক্ষিকতাবাদ আইনষ্টাইনৰ একক সৃষ্টি। নিউটনৰ মাধ্যাকৰ্ষণ তত্ত্বৰ পৰিশোধন কৰিলে আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদ তত্ত্বই। ইয়াক প্ৰয়োগ কৰিয়েই পৰৱৰ্তী জ্যোতিৰ্বিজ্ঞানী সকলে বিশ্বব্ৰহ্মাণ্ড সম্পৰ্কে বিস্তৃত অধ্যয়ন কৰিছে। আইনষ্টাইনক কুৰি শতিকাৰ শ্ৰেষ্ঠ পদাৰ্থ বিজ্ঞানী বুলি কোৱা হয়। আনজন পদাৰ্থবিদ জ্যোতিৰ্বিজ্ঞানী ষ্টিফেন হকিঙৰ নাম পাই দিৱসৰ দিনাই মনলৈ আহে। এই বৃটিছ বিজ্ঞানী গৰাকীৰ মৃত্যুৰ দিনটো হৈছে ১৪ মাৰ্চ, ২০১৮ চন৷ কেম্ব্ৰিজত এইজনা ব্যক্তিৰ মৃত্যু হয়। কুৰি শতিকাৰ শেষৰ দুটা দশকৰ পৰা ষ্টিফেন হকিঙৰ নাম বিজ্ঞানী সমাজতে কেৱল নহয়, সাধাৰণ মানুহৰ মাজতো প্ৰচাৰ হ’বলৈ ধৰে। প্ৰথম কথাটো হ’ল আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদ তত্ত্ব আৰু কোৱাণ্টাম তত্ত্বৰ প্ৰয়োগেৰে ষ্টিফেন হকিঙে কৃষ্ণ গহ্বৰ বা ব্লেক হলৰ বিস্তৃত ব্যাখ্যা আৰু আচৰণ সমূহ দাঙি ধৰিলে। তদুপৰি ১৯৮৮ চনত A Brief  history of Time নামৰ এখন অতি সুখপাঠ্য, লোকগদ্য বিজ্ঞানৰ পুথি লিখি তেওঁ সমগ্ৰ বিশ্বতে চাঞ্চল্যৰ সৃষ্টি কৰে। কিতাপখনে আধুনিক বিজ্ঞানৰ তাৎপৰ্য্যসমূহ ইমান সাৱলীল ৰূপত ব্যাখ্যা কৰি গৈছে যে বহুতদিনলৈকে কিতাপখন best Seller হৈ থাকিল। হকিঙৰ বিষয়ে ক’বলগীয়া ইয়াতকৈ উল্লেখযোগ্য কথাটো হ’ল যে তেওঁ গোটেই কর্মজীৱন, ১৯৬২ চনৰ পৰাই হুইলচেয়াৰত নির্বাক নিস্পন্দ হৈ কটাবলগীয়া হৈছিল। তেওঁক বিকল কৰি তোলা মটৰ নিউৰণ স্নায়ৱিক ৰোগটোৱে তেঁওক আৰু দুর্বল কৰি পেলাইছিল। স্নায়ুতন্ত্ৰই কাম নকৰা হৈছিল আৰু তেওঁ পেৰালাইছিছ ৰোগত ভূগিছিল। প্রতিভাধৰ, অদম্য সাহসী এই বিজ্ঞানী গৰাকী বিজ্ঞানৰ ক্ষেত্রখনত তাৰকা হৈ ৰ’ব।

পাই দিৱস উদযাপনৰ সময়ত পাইৰ লগতে এই কেইজন মহান ব্যক্তি ৰামানুজন, আইনষ্টাইন আৰু হকিঙৰ নামো স্মৰণ কৰোঁ আহক।

 

Leave a Reply

Your email address will not be published. Required fields are marked *