কেন্দ্ৰীয় নিবন্ধ

প্ৰথম ভাৰতীয় নাৰী চিকিৎসক কাদম্বিনী গাংগুলী ।। অদিতি বেজবৰুৱা

মুক্ত চিন্তা। একাদশ বছৰ।। তৃতীয় সংখ্যা

ঊনৈশ শতিকাৰ বঙ্গবাসী পত্রিকাৰ এটি সংখ্যা। এগৰাকী মহিলাই হাতত পত্রিকাখন তুলি ল’লে। প্রথম পৃষ্ঠাতেই তেওঁৰ চকু থৰ হৈ গ’ল। লাজ আৰু খঙত কাণ-মূৰ গৰম হৈ গ’ল। শুৱনি মহিলাগৰাকীৰ মুখখন ৰঙা হৈ পৰিল। এটা ভেড়াৰ ৰূপত এজন পুৰুষ। তাক ৰছীৰে বান্ধি ঘূৰাইছে এগৰাকী মহিলাই। তাৰ কাষতে ৰস লগাই প্রকাশ হৈছে মহিলাগৰাকীৰ খবৰ। ৰাতি ৰোগী চাবলৈ যোৱাৰ তুলনা কৰা হৈছে বাৰবনিতাৰ সৈতে। ফিজ দিলেই নগৰত পোৱা যাব যুৱতী ডাক্তৰৰ সেৱা। এক নিৰ্লজ্জ ইংগিত। সেই মহিলা চিকিৎসকগৰাকী আছিল ভাৰতৰ প্ৰথম মহিলা চিকিৎসক, ভাৰতবৰ্ষৰ প্ৰথম কলেজীয়া ছাত্রী, দক্ষিণ এছিয়াৰ প্ৰথম মহিলা স্নাতক কাদম্বিনী গাংগুলী। নাৰীমুক্তিৰ বাটকটীয়া এইগৰাকী মহিলাক তেওঁৰ স্বামী দ্বাৰকানাথ গাংগুলীয়ে নিজৰ সপোন পূৰণ কৰাৰ প্ৰতিটো খোজতে সক্রিয় সমর্থন যোগাইছিল, প্ৰেৰণা যোগাইছিল। সেয়ে তেওঁলোকক কৰা হৈছিল এনে নিৰ্লজ্জ উপলুঙা আৰু কটাক্ষ। তথাপি ৰক্ষণশীল সমাজৰ ৰঙা চকুলৈ কেৰেপ নকৰি, সকলো বাধা নিষেধ অতিক্রম কৰি কাদম্বিনীয়ে সমাজত নিজকে প্রতিষ্ঠা কৰিবলৈ সক্ষম হ’ল। এই কাহিনী কেৱল কাদম্বিনীৰ কাহিনী নহয়, সমগ্ৰ ভাৰতীয় নাৰীসত্তাৰ আত্মপ্ৰতিষ্ঠাৰ বাবে কৰা সংগ্ৰামৰ এক জীৱন্ত দলিল।

ঊনৈশ শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰা কুৰি শতিকাৰ প্ৰথমাৰ্ধ আছিল ভাৰতবৰ্ষৰ বৌদ্ধিক নৱজাগৰণৰ যুগ। এয়া আছিল আধুনিক ভাৰতবৰ্ষৰ আৰম্ভণি। এই নৱজাগৰণে ভাৰতবৰ্ষত পশ্চিমীয়া জ্ঞান-বিজ্ঞানক শিপাবলৈ আৰু বিকশিত হ’বলৈ সাৰ-জাবৰ দিলে। কিন্তু নাৰীৰ বাবে এই যাত্রা সুগম নাছিল। ১৮৫৭ চনতে কলিকতা বিশ্ববিদ্যালয় স্থাপিত হৈছিল যদিও ১৮৭৮ চনলৈকে ছোৱালীয়ে এই বিশ্ববিদ্যালয়ৰ এণ্ট্ৰেন্স পৰীক্ষাত বহিবলৈ অনুমতি পোৱা নাছিল। যথেষ্ট চেষ্টা কৰাৰ পাছত সৰলা দাস (কামিনী মোহন দাসৰ কন্যা) আৰু কাদম্বিনী বসু নামৰ দুগৰাকী ছাত্ৰীক ১৮৭৮ চনত কলিকতা বিশ্ববিদ্যালয়ে এণ্ট্ৰেন্স পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ অনুমতি প্রদান কৰে। এই কাদম্বিনী বসুৱেই ১৮৮৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বি এ পাছ কৰি গোটেই ব্ৰিটিছ সাম্ৰাজ্যৰ ভিতৰত প্ৰথম মহিলা স্নাতক হিচাপে পৰিগণিত হয়। তেওঁৰ লগতে আন এগৰাকী মহিলা চন্দ্রমুখী বসুৱেও স্নাতক উপাধি লাভ কৰে। ১৮৮৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত এই দুগৰাকী মহিলাক স্নাতক উপাধি দি কলিকতা বিশ্ববিদ্যালয়ে ইতিহাস ৰচনা কৰিছিল। কিয়নো ১৮২৬ চনত প্রতিষ্ঠা হোৱা লণ্ডন বিশ্ববিদ্যালয়ে ১৮৭৮ চনতহে মহিলাক ডিগ্রী দিয়া আৰম্ভ কৰিছিল। অক্সফোর্ড বিশ্ববিদ্যালয়ে কলিকতা বিশ্ববিদ্যালয়ত ছোৱালীৰ নামভৰ্তিৰ সুবিধা দিয়াৰ এবছৰৰ পাছত অর্থাৎ ১৮৭৯ চনতহে মহিলাক নামভৰ্তি কৰিবলৈ অনুমতি দিছিল। আনহাতে কেম্ব্রিজ বিশ্ববিদ্যালয়ে ১৮৮১ চনতহে ট্রিপ’জত (কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ সসন্মান দীক্ষান্ত পৰীক্ষা) বহিবলৈ মহিলাক অনুমতি দিছিল। গতিকে কলিকতা বিশ্ববিদ্যালয় মহিলা শিক্ষাৰ ক্ষেত্ৰত বাটকটীয়া আছিল।

কাদম্বিনী বসু আছিল ব্রজকিশোৰ বসুৰ কন্যা। বর্তমান বাংলাদেশৰ অন্তৰ্গত বৰিশালৰ বসু পৰিয়ালৰ সন্তান ব্রজকিশোৰ বসু ভাগলপুৰ হাইস্কুলৰ প্ৰধান শিক্ষক আছিল। মুকলি মনৰ ব্ৰজকিশোৰ বসু এজন উৎসাহী ব্রাহ্ম নেতা আছিল আৰু নাৰীমুক্তি আন্দোলনৰ এজন পথ প্রদর্শক আছিল। তেওঁ আৰু অভয়চৰণ মল্লিকে ভাগলপুৰত নাৰীমুক্তি আন্দোলনৰ সূচনা কৰিছিল। ১৮৬৩ চনতে তেওঁলোকৰ উদ্যোগত ভাগলপুৰ মহিলা সমিতি নামেৰে ভাৰতবৰ্ষৰ প্ৰথমটো মহিলা অনুষ্ঠান গঢ়ি উঠিছিল। এইটো স্বাভাৱিক আছিল যে এনে এজন শিক্ষাব্রতী, উদাৰ আৰু নাৰীৰ অধিকাৰ আৰু মুক্তিৰ বাবে চিন্তা কৰা ব্যক্তিৰ কন্যাই সোঁতৰ বিপৰীতে গৈ শিক্ষা লাভ কৰিবলৈ অনুপ্রাণিত হ’ল।

কাদম্বিনীয়ে বংগ বালিকা বিদ্যালয়ত শিক্ষা লাভ কৰিছিল। ১৮৪৯ চনত জন ইলিৱট বেথুনে স্থাপন কৰা বেথুন স্কুলৰ লগত বংগ মহিলা বিদ্যালয়ৰ ১৮৭৯ চনত একত্ৰীকৰণ কৰা হয়। এই একত্ৰীকৰণৰ পাছতে এই দুখন বিদ্যালয় মিলি বেথুন কলেজ আৰম্ভ হয়। আচলতে উচ্চ শিক্ষা লাভৰ কাৰণে কাদম্বিনী বসুৱে কৰা উদগ্র হেঁপাহৰ বাবেই চৰকাৰে এখন মহিলা কলেজ আৰম্ভ কৰাৰ চিন্তা কৰিছিল। সেই অনুক্রমেই ১৮৭৯ চনত বেথুন স্কুল আৰু বংগ মহিলা বিদ্যালয় মিলি বেথুন কলেজ আৰম্ভ হয়। নতুনকৈ আৰম্ভ কৰা এই কলেজত এফ.এ শ্রেণীত মাত্ৰ এগৰাকী ছাত্ৰী আছিল। তেওঁ আছিল কাদম্বিনী বসু। ১৮৮১ চনত কাদম্বিনীয়ে এফ.এ পাছ কৰাৰ পাছত বেথুন কলেজত পুনৰ একেগৰাকী ছাত্ৰীৰে সৈতে বি.এ শ্রেণী খোলা হ’ল। ১৮৮৩ চনত প্রবাসী বেংগলী চন্দ্রমুখী বসুও কাদম্বিনীৰ শ্ৰেণীত ভর্তি হ’ল আৰু সেই বছৰতে দুয়ো স্নাতক হৈ ওলাল।

ইতিমধ্যে ১৮৩৫ চনত ব্রিটিছ শাসিত ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাত বেংগল মেডিকেল কলেজ প্রতিষ্ঠা হৈছিল। গোটেই আফ্রিকা আৰু এছিয়া মহাদেশৰ ভিতৰত বেংগল মেডিকেল কলেজেই আধুনিক চিকিৎসাৰ (হিপ’ক্রেটিক ভেষজ বিদ্যা) প্রথমখন অনুষ্ঠান আছিল। কিন্তু এই মেডিকেল কলেজত ১৮৮৩ চনলৈকে মহিলাৰ প্ৰৱেশাধিকাৰ নাছিল। ১৮৮১ চনত এই কলেজৰ প্ৰৱেশ পৰীক্ষাত সফল হোৱাৰ পাছত জগদীশ চন্দ্ৰ বসুৰ পত্নী অবলা বসুৱে নামভৰ্তি কৰিবলৈ অনুমতি নাপালে। পিছৰ বছৰ তেওঁ মাদ্রাজ মেডিকেল কলেজত নামভৰ্তি কৰে যদিও বেয়া স্বাস্থ্যৰ বাবে শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰিলে।

কাদম্বিনী বসুৱে বি.এ. পাছ কৰাৰ পাছত মেডিকেল কলেজত নামভর্তি কৰিবলৈ ইচ্ছা কৰিলে। স্নাতক ডিগ্রী লাভ কৰাৰ পাছত কাদম্বিনীয়ে দ্বাৰকানাথ গংগোপাধ্যায় (গাংগুলী) (১৮৪৪-১৮৯৮) নামৰ এজন স্কুল শিক্ষকৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। দ্বাৰকানাথ গাংগুলীয়ে বংগ মহিলা বিদ্যালয়ত কাদম্বিনীক পঢ়াইছিল। তেওঁলোকৰ প্ৰণয় ঘটিত বিবাহ হৈছিল। ব্রাহ্মণ দ্বাৰকানাথৰ লগত হোৱা কায়স্থ কাদম্বিনীৰ অসবর্ণ বিবাহে সেই সময়ত ৰক্ষণশীল বঙালী সমাজত সমালোচনাৰ ঢৌ তুলিছিল। তাতে বিবাহৰ সময়ত বিপত্নীক দ্বাৰকানাথৰ বয়স আছিল ৩৯ আৰু কাদম্বিনীৰ বয়স আছিল ২১। এই বিবাহক বংগৰ নাৰী মুক্তি আন্দোলনৰ মাইলৰ খুটা বুলি ক’ব পাৰি। এই বিবাহৰ ফলস্বৰূপে দ্বাৰকানাথৰ সমৰ্থনত কাদম্বিনী গাংগুলী ভাৰতবৰ্ষৰ প্ৰথম মহিলা চিকিৎসক হৈ ওলাল। দ্বাৰকানাথ আছিল নাৰী শিক্ষাৰ অকলশৰীয়া সমর্থক। এইখিনিতে কাদম্বিনীৰ উচ্চ শিক্ষা লাভত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা দ্বাৰকানাথৰ বিষয়ে কিছু কথা কোৱাৰ আৱশ্যকতা অনুভৱ কৰা হৈছে। নাৰী শিক্ষাৰ বিস্তাৰৰ ক্ষেত্ৰত দ্বাৰকানাথ গাংগুলীৰ ভূমিকা উল্লেখযোগ্য। তেওঁ স্ত্রী-শিক্ষা আৰু নাৰীমুক্তিৰ হকে ভাৰতৰ নগৰে-চহৰে, গাঁৱে-ভুঞে বক্তৃতা দি ফুৰিছিল। তেওঁৰ এটা বিখ্যাত উক্তি আছিল-

‘না জাগিলে সব ভাৰত ললনা এ ভাৰত আৰ জাগে না জাগে না।’

দ্বাৰকানাথৰ মাক এগৰাকী অতি দৃঢ়মনা মহিলা আছিল। ১৭ বছৰ বয়সতে দ্বাৰকানাথে এজনী দুৰ্ভগীয়া কুলীন ব্রাহ্মণ মহিলাক সম্বন্ধীয়া লোকে হত্যা কৰাৰ কথা শুনি ছোৱালীৰ প্ৰতি থকা সমাজৰ অবিচাৰ আৰু নিষ্ঠুৰতাৰ বিৰুদ্ধে যুঁজ কৰাৰ প্ৰতিজ্ঞা কৰে। তদুপৰি তেওঁ নিজে কেতিয়াও বহু বিবাহ নকৰাৰ শপত লয়। তেওঁৰ বংশৰ ব্ৰাহ্মণসকলে ৩০/৪০ খনলৈকে বিবাহ কৰিছিল। কাৰণ ব্রাহ্মণ ছোৱালীবিলাকক সেই সময়ত কন্যাকাল হোৱাৰ আগতেই বিয়া দিয়া হৈছিল। গতিকে এনেকৈ কুমাৰী ছোৱালীক উদ্ধাৰ কৰিবৰ কাৰণে একোজন বয়সস্থ ব্রাহ্মণে ইজনীৰ পিছত সিজনী ছোৱালীৰ সৈতে বিবাহত বহিছিল। এইবোৰ দেখি শুনি আৰু কুমাৰী ছোৱালীবিলাকৰ দুখ-কষ্ট দেখি দ্বাৰকানাথে কেতিয়াও দুবাৰ বিয়া নকৰায় বুলি প্রতিজ্ঞা কৰিছিল। তেওঁ ঢাকাৰ পৰা ‘অবলা বান্ধব’ নামেৰে এখন সাপ্তাহিক কাগজ প্রকাশ কৰিছিল। ডেভিড কনফ নামৰ প্ৰখ্যাত ইতিহাসবিদজনে নাৰীমুক্তিৰ লক্ষ্যৰে প্ৰকাশ কৰা এনে জার্নেল পৃথিৱীৰ ভিতৰতে প্রথম বুলি মত প্ৰকাশ কৰিছে। পূর্ব বংগৰ গাঁও এখনত এবছৰৰ ভিতৰতে ৩৩ গৰাকী কুলীন মহিলাৰ আত্মহত্যা আৰু হত্যাৰ কাহিনী প্রকাশ কৰি তেওঁ বৌদ্ধিক তথা প্রগতিশীল সমাজত আলোড়নৰ সৃষ্টি কৰিছিল। ধৰ্ষণ আৰু ফুচুলাই অথবা লোভ দেখুৱাই কৰা যৌন সংগমৰ ফলত বিবাহপূর্বেই অবৈধ মাতৃত্বৰ বোজা ব’বলগীয়া হৈ মৃত্যুবৰণ কৰা এইসকল নাৰীৰ কৰুণ কাহিনীয়ে বহুতৰ বিবেকক জোঁকাৰি গৈছিল। ইতিমধ্যে ব্রাহ্মণসকলৰ মাজত অতি জনপ্রিয় হৈ পৰা ‘অবলা বান্ধব’ক লৈ ১৮৭০ চনত দ্বাৰকানাথ গাংগুলী কলিকতালৈ গুচি আহে। কেশব সেনৰ ব্ৰাহ্ম সমাজৰ প্ৰাৰ্থনা সভাত পৰ্দাৰ আঁৰত মহিলা বহা লৈ দ্বাৰকানাথে ধুমুহাৰ সৃষ্টি কৰিছিল।

তদুপৰি কেশৱ সেনৰ লগত মহিলাৰ উচ্চ শিক্ষা সম্পৰ্কত দ্বাৰকানাথ আৰু তেওঁৰ সহযোগীসকলৰ মত বিভেদ হয়। সেয়ে শিবনাথ শাস্ত্রী, নীলৰতন চৰকাৰ, দ্বাৰকানাথ গাংগুলী আদিয়ে ব্রাহ্ম সমাজৰ পৰা ফাটি সাধাৰণ ব্রাহ্ম সমাজ প্রতিষ্ঠা কৰিলে।

প্রথমা পত্নীৰ মৃত্যুৰ পাছত এটি কন্যাৰ সৈতে দ্বাৰকানাথ অকলশৰীয়া হ’ল। তেওঁ তেওঁতকৈ বাইশ বছৰ সৰু কাদম্বিনীৰ পাণি গ্রহণ কৰিলে। দ্বাৰকানাথে গোটেই জীৱন সহধর্মিণী কাদম্বিনীৰ সকলো ক্ষেত্রতে উৎসাহ যোগালে। মেডিকেল পঢ়িবলৈ ইচ্ছা কৰা কাদম্বিনীক দ্বাৰকানাথ আৰু তেওঁৰ সহযোগীসকলে সমর্থন দিলে। তেওঁলোকৰ আবেদন মর্মে বংগ দেশৰ গৱৰ্ণৰে এক নিদেৰ্শৰ জৰিয়তে ১৮৮৩ খ্রীষ্টাব্দত বেংগল মেডিকেল কলেজত মহিলাকো চিকিৎসা বিজ্ঞান অধ্যয়নৰ সুযোগ প্রদান কৰে। মেডিকেল কলেজ কর্তৃপক্ষই কৰা আপত্তি গৱৰ্ণৰে অগ্রাহ্য কৰিলে। ১৮৮৩ খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ সংখ্যাত ‘বঙ্গবন্ধু’ নামৰ আলোচনীখনত গৱৰ্ণৰৰ সিদ্ধান্তৰ পোনপটীয়া বিৰোধিতা নকৰিলেও এনেধৰণেৰে মন্তব্য প্রকাশ কৰিলে, “আমরা সেকালের বাঙ্গালী। যুৱক-যুৱতী একস্থানে ও একসঙ্গে বসিয়া শিক্ষা কৰিবে, এটি আমাদের বড় ভালো লাগে না। ইউরোপে ও আমেরিকাতে এই অৱস্থায় কি ঘটে বা নাঘটে, আমরা বড় জানি না, কিন্তু আমাদের দেশের বর্তমান অৱস্থায় ইহাতে অমঙ্গলের বেশ সম্ভাৱনা। এই নিয়মে বোধ হয়, অনেক স্ত্রী লোককে কলেজে পড়িবার অনুমতি দিতে অনিচ্ছুক হইবেন।” ‘বঙ্গবন্ধু’ৱে লগতে ভৱিষ্যৎ মহিলা চিকিৎসকসকলক সাৱধান বাণীও শুনালে, “নারী ডাক্তারেরা যেন স্ত্রী লোক ও শিশুদের পীড়া আরোগ্য বিষয়ে বিশেষ পটু হন ও ঐ কার্য্যে নিবিষ্ট থাকেন, সর্বসাধারণের পেছনে যেন না দৌড়ান। কোন কার্য্যের আরম্ভে বড় বড়াবাড়ি ভাল নহে।” ১৮৮৩ খ্ৰীষ্টাব্দৰ ২ জুলাইৰ আনন্দ বাজাৰ পত্রিকাত কাদম্বিনী গাংগুলীৰ কলিকতা মেডিকেল কলেজত ভর্তি হোৱাক লৈ মেডিকেল কলেজৰ শিক্ষকসকলে দর্শোৱা আপত্তিক সমর্থন কৰা হৈছিল।

যি কি নহওক, শেষত কাদম্বিনীৰ নামভৰ্তি হ’ল কিন্তু তেওঁৰ হাৰাশাস্তি তেতিয়াও শেষ নহ’ল। কেইজনমান শিক্ষকৰ পৰা কাদম্বিনীয়ে যেনেকুৱা ব্যৱহাৰ পাইছিল ভাবিলে এতিয়া আচৰিত লাগে। তেওঁলোক যেন প্রকৃততে শিক্ষক নাছিল। শিক্ষকৰ ৰূপ ধাৰী এনে ঈর্ষাপৰায়ণ বঙালী দানৱ অধ্যাপকে কাদম্বিনীক ব্যৱহাৰিক পৰীক্ষাত অনুত্তীৰ্ণ কৰালে। ১৮৮৬ চনত কাদম্বিনীক জি বি এম চি (গ্রেজুৱেট অৱ বেংগল মেডিকেল কলেজ) উপাধি প্রদান কৰা হ’ল। আমি আগতেই কৈছোঁ যে অধ্যাপকসকলৰ বহুতে মহিলা ডাক্তৰৰ ধাৰণাৰ বিৰোধিতা কৰিছিল। সেয়ে সকলো প্রশ্ন কাকততে পাছ কৰিও তেওঁ মেডিচিনৰ ব্যৱহাৰিক পৰীক্ষাত এক নম্বৰৰ বাবে ফেইল কৰিলে। এনেকৈয়ে পুৰুষৰ প্রতিহিংসাৰ বলি হ’ল কাদম্বিনী। সেয়ে তেওঁ এম বি (MB) উপাধি নাপাই GBSM উপাধিহে পালে। অর্থাৎ ‘গ্ৰেজুৱেট অৱ দি মেডিকেল কলেজ অর বেঙ্গল’ চার্টিফিকেটহে লাভ কৰিলে। ইয়াৰ পাছত ইডেন হস্পিতেলত কাম কৰাৰ সুযোগ পাইছিল যদিও তেওঁৰ এম.বি ডিগ্রী নথকাৰ কাৰণে তাত তেওঁক চিকিৎসকৰ মৰ্য্যদা দিয়া হোৱা নাছিল, নাৰ্ছৰ স্থানহে পাইছিল। ইয়াৰ পাছত কাদম্বিনীয়ে ঠিক কৰিলে যে তেওঁ ইংলেণ্ডলৈ গৈ বিদেশী ডিগ্রী অর্জন কৰি আহিব। দ্বাৰকানাথে তেওঁৰ এই সিদ্ধান্ত সমর্থন কৰিলে। ১৮৯৩ চনৰ ২৬ ফেব্ৰুৱাৰিত কাদম্বিনীয়ে মিছ পেশ্ব নামৰ এগৰাকী মহিলাৰ লগত অকলেই জাহাজত উঠি ইংলেণ্ডলৈ পাৰি দিলে। ঘৰত এৰি থৈ গ’ল কেইবাটাও ল’ৰা-ছোৱালী। একেবাৰে সৰু প্ৰভাতচন্দ্ৰৰ বয়স তেতিয়া মাত্ৰ এবছৰ। ইংলেণ্ডত তিনিমাহ থাকি এডিনবার্গ, গ্লাছগো আৰু ডাবলিনৰ পৰা ক্ৰমে LRCP, LRCS আৰু GEPS-ৰ চাৰ্টিফিকেট লৈ তেওঁ ভাৰতলৈ ঘূৰি আহিল।

পৃথিৱীৰ প্ৰথম মহিলা চিকিৎসকসকলৰ অন্যতম কাদম্বিনী গাংগুলী এগৰাকী মমতাময়ী আৰু দায়িত্বশীলা মাতৃ আৰু কৰ্তব্যপৰায়ণা পত্নী আছিল। তেওঁ লেডী ডাফৰিণ হাস্পাতালৰ ডাক্তৰ হিচাপে যোগদান কৰিলে। তিনিশ টকাৰ দৰমহাৰ এই চাকৰি কৰাৰ উপৰিও স্ত্রী-ৰোগ আৰু ধাত্রীবিদ্যা বিষয়ত ব্যক্তিগতভাৱে চিকিৎসা কৰিছিল।

নিজৰ যত্ন, দৃঢ়তা আৰু মনোবলেৰে এগৰাকী সফল চিকিৎসক হিচাপে তেওঁ নিজকে প্রতিষ্ঠা কৰিবলৈ সক্ষম হ’ল। ইতিমধ্যে তেওঁ পাঁচটা সন্তানৰ মাতৃ হৈছিল। মাতৃ আৰু পত্নী হিচাপে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ উপৰি দ্বাৰকানাথৰ খোজত খোজ মিলাই এগৰাকী সক্রিয় সমাজসেৱিকা হিচাপেও আত্মপ্রকাশ কৰিছিল। এগৰাকী নাৰীৰ এনে ব্যস্ততা, সফলতা আৰু পদমর্যাদাই যেন ৰক্ষণশীল আৰু হিংসাকুৰীয়া হিন্দু সমাজৰ আত্মম্ভৰিতাত প্রবল আঘাত হানিলে। ৰক্ষণশীল সমাজে তেওঁক সমালোচনাৰে ধৰাশায়ী কৰিছিল। বঙ্গ-বাসী নামৰ আলোচনীখনে আৰু এখোপ আগবাঢ়ি ১৮৯১ চনত কাদম্বিনীৰ ব্যক্তিগত চৰিত্ৰ সম্পৰ্কে কু-ৰুচিকৰ মন্তব্য প্ৰকাশ কৰি তেওঁক পৰোক্ষভাৱে বেশ্যা বুলি আখ্যা দিলে। অৱশ্যে দ্বাৰকানাথ গাংগুলী, শিৱনাথ শাস্ত্ৰী, নীলৰতন চৰকাৰ আদিয়ে এই কথা গুৰুত্ব সহকাৰে লৈ সম্পাদক মহেশ চন্দ্ৰ পালৰ বিৰুদ্ধে গোচৰ তৰি জয় লাভ কৰে। মহেশ চন্দ্ৰ পালক আদালতে এশ টকা জৰিমনা কৰাৰ লগতে ছমাহৰ কাৰাদণ্ড বিহিছিল। সমীক সমাজৰ নানা লাঞ্ছনা, গৰিহণা সহ্য কৰিও কাদম্বিনী নিজৰ লক্ষ্যৰ পৰা বিচলিত হোৱা নাছিল। আগতে উল্লেখ কৰা হৈছে যে ১৮৯২ চনত দ্বাৰকানাথৰ উৎসাহত নিজৰ পাঁচটা সন্তানক বায়েকৰ তত্ত্বাৱধানত ৰাখি উচ্চ শিক্ষাৰ উদ্দেশ্যে বিদেশলৈ পাৰি দিলে। এইদৰে তেওঁ বিদেশত বিভিন্ন স্নাতকোত্তৰ ডিপ্লমা লৈ স্বদেশলৈ ঘূৰি আহিল। তেওঁ আহি লেডী ডাফৰিণ হাস্পাতালত কিছু সময়ৰ বাবে কাম কৰিলে। পাছত তেওঁ প্ৰসৱ তত্ত্ব আৰু স্ত্রী-ৰোগৰ বৃত্তিগত চিকিৎসা প্রদান কৰিছিল। বৃত্তিগতভাৱে অতিশয় সফল এইগৰাকী মহিলাই তেওঁৰ মাতৃ আৰু গৃহিণী হিচাপে থকা দায়িত্বৰ প্ৰতি কেতিয়াও অৱহেলা কৰা নাছিল। বৰ্তমানৰ বৃত্তিজীৱী মহিলাসকলৰ বাবে তেওঁ আদর্শ হ’ব পাৰে। তেওঁ বিশ্বাস কৰিছিল চিকিৎসক, দার্শনিক ছাৰ উইলিয়াম ওছলাৰ (১৮৪৯-১৯১৯) সোণসেৰীয়া নীতিবাক্য- ‘চিকিৎসা এক মহান কলা, ই বেহা নহয়; এক আহ্বান, বৃত্তি নহয়, য’ত নিজৰ সহৃদয়তা আৰু বিচক্ষণতাই সমভাৱে কাম কৰে।’ (‘Medicine is an art, not a trade, a calling, not a business, a calling in which your heart will be used equally as much as your head’.) নিশাও কাদম্বিনী ফিটনত উঠি ৰোগী চাবলৈ গৈছিল। তদুপৰি তেওঁ নিয়মতিভাৱে অস্ত্রোপচাৰো কৰিছিল। সেই যুগতে তেওঁ ব্যক্তিগত চেম্বাৰ খুলি কাগজত বিজ্ঞাপন দিছিল।

কাদম্বিনীয়ে সক্রিয়ভাৱে সমাজ সংস্কাৰ আন্দোলনত অংশগ্রহণ কৰিছিল। ১৮৮৫ চনত স্থাপন হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ ১৮৮৯ চনত হোৱা পঞ্চম অধিৱেশনৰ মুকলি সভাত বক্তৃতা দি ভাৰতীয় জাতীয় কংগ্রেছত বক্তৃতা দিয়া প্রথমগৰাকী বেংগলী মহিলা হোৱাৰ সন্মান লাভ কৰিছিল। ভাৰতীয় জাতীয় কংগ্রেছত প্রথমবাৰৰ বাবে যোগ দিয়া ৬ গৰাকী মহিলা প্রতিনিধিৰ এগৰাকী আছিল। ১৯০৬ চনত বংগ বিভাজনৰ পাছত তেওঁ প্রতিবাদকল্পে মহিলা সম্মিলনৰ আয়োজন কৰিছিল। ১৯০৮ চনত দক্ষিণ আফ্ৰিকাত ভাৰতীয় শ্রমিকসকলৰ সপক্ষে হোৱা সত্যাগ্ৰহৰ সমৰ্থন কৰি সভা আয়োজন কৰাই নহয় তাত সভাপতিত্বও কৰিছিল। শ্ৰমিকসকলৰ সাহায্যৰ বাবে দান-বৰঙণি তুলিবলৈ তেওঁ এটা সংস্থাও গঠন কৰিছিল। চাহ শ্রমিকসকলক মালিক পক্ষই কৰা শোষণৰ বিৰুদ্ধে মাত মাতিছিল। স্বামী দ্বাৰকানাথে সেই সময়ত অসমৰ চাহ বাগিচাত চাহ শ্রমিক নিয়োগৰ প্ৰচলিত ব্যৱস্থাক গৰিহণা দিছিল। বিহাৰ আৰু উৰিষ্যাৰ কয়লাখনিবিলাকত মহিলা শ্রমিকৰ অৱস্থাৰ বুজ ল’বলৈ চৰকাৰে গঠন কৰা অনুসন্ধান সমিতিৰ সদস্য হিচাপে তেওঁ আৰু কবি কামিনী ৰয়ে বিহাৰ আৰু উৰিষ্যা ভ্ৰমণ কৰিছিল। ৫ টা সন্তানৰ মাতৃ কাদম্বিনীয়ে ঘৰখন দক্ষতাৰে চলোৱাৰ লগতে সুচিকর্মত বিশেষ নিপুণতা লাভ কৰিছিল।

আমেৰিকাৰ প্ৰখ্যাত ইতিহাসবিদ ডেভিড কপকে গাংগুলী দম্পতিৰ বিষয়ে লিখিছিল-‘ গাংগুলীৰ পত্নী কাদম্বিনী সেই সময়ৰ আটাইতকৈ গুণী, মুক্ত আৰু স্বাধীন ব্রাহ্মণ মহিলা আছিল। পাৰস্পৰিক মৰম, সংস্পৰ্শশীলতা, বুদ্ধিমত্তা আৰু প্ৰজ্ঞাৰ ওপৰত প্রতিষ্ঠিত তেওঁলোকৰ সম্পৰ্ক সকলো দিশৰ পৰা সম্পূর্ণ অগতানুগতিক আছিল। সমসাময়িক বেংগলী সমাজৰ ব্ৰাহ্ম আৰু খ্রীষ্টান মহিলাসকলৰ মাজতো এনে আদর্শ বিৰল আছিল। পৰিৱেশৰ উর্ধ্বলৈ যাব পৰা ক্ষমতা আৰু মানৱ সন্তান হিচাপে নিজৰ সম্ভাৱনা অনুভৱ কৰাটোৱে আদর্শগতভাৱে বেংগলী নাৰীৰ মুক্তিৰ চিন্তা কৰা সাধাৰণ ব্রাহ্মণসকলৰ মাজত তেওঁক আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিছিল। ১৮৮৮ চনৰ ২০ ফেব্ৰুৱাৰিত ফ্লোৰেন্স নাইটিংগেলে তেওঁৰ এগৰাকী বন্ধুলৈ লিখিছিল- ‘তুমি জানানে? ভাৰতৰ দৰে ৰক্ষণশীল দেশৰ এজনী ছোৱালী বিয়াৰ পাছত চিকিৎসাবিজ্ঞান পঢ়িছে আৰু এটা নে দুটা সন্তানৰ মাতৃ এইগৰাকী মহিলাই মাত্র তেৰ দিন (সন্তান জন্মৰ সময়ত) কলেজ ক্ষতি কৰিছে আৰু সম্ভৱত এটা শ্রেণীও ক্ষতি কৰা নাই।’ ‘Do you know or could you tell me anything about Mrs.Ganguly…(she) has already passed what is called the first licentiate in medical and surgery examination and is to go up for the final examination in March next. This young lady Mrs Ganguly married! and has had one, if not two children since. But she was absent only thirteen days for her lying in ill and did not miss, I believe, a single lecture!!!

কাদম্বিনী গাংগুলী ৰূপে-গুণে অনুপমা আছিল। তেওঁ শেহতীয়া আৰু চৌখিন সাজ-পাৰ পৰিধান কৰিছিল আৰু আমোদপ্রিয় স্বভাৱৰ আছিল। নিজৰ ব্যক্তিত্বৰ কাৰণে যি কোনো অনুষ্ঠানতে তেওঁ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। এনে আছিল কাদম্বিনী গাংগুলী। ৬২ বছৰ বয়সত কাদম্বিনীয়ে ইহ সংসাৰ ত্যাগ কৰিলে। জীৱনত অনেক প্রতিবন্ধকতা অতিক্রম কৰি লক্ষ্যস্থানত উপনীত হোৱা এইগৰাকী নাৰীয়ে তেওঁৰ পিছৰ প্ৰজন্মৰ নাৰীসকলৰ বাবে চিকিৎসা বিজ্ঞান পঢ়াৰ পথ সুগম কৰি থৈ গ’ল।

 

Leave a Reply

Your email address will not be published. Required fields are marked *