গ্রন্থ পৰিচয়নিবন্ধবিবিধ চিন্তা

কুইলিন কাকতিৰ শিশু উপন্যাস “অমনৰ অসম ভ্ৰমণ” : এটি নগৰীয়া শিশুৰ শিপাৰ সন্ধান…।। পল্লৱ হাজৰিকা

মুক্ত চিন্তা। দ্বাদশ বছৰ। প্ৰথম সংখ্যা

দীৰ্ঘদিন ধৰি কৰ্মসূত্ৰে দিল্লীত বসবাস কৰি অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত নিয়মীয়াকৈ নাৰীৰ অধিকাৰ আৰু লিংগ বৈষম্যৰ ওপৰত বিভিন্ন প্ৰৱন্ধ আদি লেখামেলা কৰি থকাৰ সমান্তৰালকৈ মৌলিক সাহিত্যৰ চৰ্চা কৰিবলৈ আৰম্ভ কৰা কুইলিন কাকতিৰ প্ৰথমখন শিশু উপন্যাস “অমনৰ অসম ভ্ৰমণ”। ৪৭ পৃষ্ঠাৰ এই শিশু উপন্যাসখন পঢ়ি যাওঁতে আমাৰ স্মৃতিকাতৰ মনটোক নিজৰ ল’ৰালিৰ বোকাপানীলৈ যেনেদৰে লৈ গ’ল তেনেদৰেই ঔপন্যাসিক কুইলিন কাকতিৰ সহজ ভাষাৰ বৰ্নণাই আন পাঠককো প্ৰথম পঠনতে স্মৃতিকাতৰ কৰিব বুলি মোৰ বিশ্বাস।

কৰ্মসূত্ৰে দিল্লীত বসবাস কৰা মাক দেউতাকৰ ‘অমন’ নামৰ শিশুটিয়ে নিজৰ ‘অৰ্ণালী’ পেহীয়েকৰ বিবাহ উপলক্ষে অসমলৈ আহি এখন নিভাজ অসমীয়া সমাজৰ আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, পুৰণি লোকক্ৰীড়া আদিৰ যি পৰম ঐশ্বৰ্যৰ লগত পৰিচিত হ’ল তাৰেই শিশু উপযোগী লিখন শৈলীৰ উপন্যাস “অমনৰ অসম ভ্ৰমণ”।

প্ৰকাশক, গল্পকাৰ  টুনুজ্যোতি গগৈয়ে ঔপন্যাসখনৰ পাতনি লিখোঁতে সঠিকভাৱেই কৈছে যে “এক ভ্রমণ-অনুভূতিক শিল্পৰূপ দিয়েই কুইলিন কাকতিৰ শিশু-উপন্যাস ‘অমনৰ অসম ভ্রমণ’ ৰচিত হৈছে। এই উপন্যাসখনত পিতৃৰ কৰ্মসূত্রে নতুন দিল্লীত বসবাস কৰা শিশু অমনৰ আত্মপৰিচয়ৰ সন্ধান আৰু নিজৰ শিপাৰ সৈতে পুনৰ সংযোগ স্থাপনৰ এক মনোজ্ঞ কাহিনী চিত্রিত হৈছে। অসমৰ মনোমোহা প্রকৃতি, সহজ-সৰল মানুহ, আন্তৰিক আতিথ্য, গ্রাম্য জীৱনৰ সুবাস, পৰম্পৰাগত খেল-ধেমালি, থলুৱা খাদ্যাভ্যাস, লোক-সংস্কৃতি আৰু চিৰায়ত মূল্যবোধৰ সৈতে পৰিচিত হৈ অমনে যি বিমল আনন্দ আৰু আত্মিক পৰিতৃপ্তি লভিছে, তাকেই লেখিকাই অতি সংবেদনশীল ভাষাৰে উপন্যাসখনত ফুটাই তুলিছে।”

এক ব্যক্তিগত আলাপত কুইলিন কাকতিয়ে আমাক কৈছিল যে মৌলিক সাহিত্যলৈ তেওঁৰ আগমণ বৰ দীঘলীয়া এতিয়াও হোৱা নাই তথাপিও এক কথাত মুক্ত সাংবাদিকতাৰ নিৰস আৰু তথ্য নিৰ্ভৰ লেখাত নিৰলসভাৱে কলম চলাই থাকিও কুইলিন মৌলিক সাহিত্য সৃষ্টিত যে প্ৰতিভাশালী সেয়া এই উপন্যাসখন পঢ়াৰ পাছত পাঠক নিশ্চিত হ’ব।

বিজ্ঞানসন্মতভাৱে শিশুৰ মনস্তত্ত্ব অধ্যয়নৰ জটিল পৰিধি অতিক্ৰমি ঔপন্যাসিক গৰাকীয়ে উপন্যাসখন শিশুয়ে আমনি নোপোৱাকৈ আৰু জটিল বাক্যচয়নৰ মেৰপাকত নোসোমোয়াকৈ লিখিছে যাতে তেওঁৰ লক্ষ্য শিশু বা চেমনীয়া পাঠকসকল উপকৃত হয় আৰু তেওঁলোক শিপাৰ সৈতে সংযুক্ত হৈ থাকে।

তাকে কৰিবলৈ যাওঁতে দিল্লীৰ দৰে এখন আধুনিক চহৰত থাকি উপন্যাসখনৰ নায়ক অমনৰ পিতৃ-মাতৃয়ে নিজৰ সংস্কৃতি, পৰম্পৰা আদিৰ প্ৰতি নিজৰ সন্তানক অনুসন্ধিৎসু কৰি তুলিবলৈ কৰা চেষ্টাই “আমাৰ ল’ৰাই অসমীয়া নাজানে জানা…” বুলি ফোঁপজহ মৰা অসমীয়া পিতৃ-মাতৃক নিশ্চয়কৈ কটাক্ষ কৰিব।

উপন্যাসখন লিখোঁতে ঔপন্যাসিকে উপন্যাসখনক কেইবাটাও চুটি চুটি অধ্যায়ত শিশুয়ে থাওকতে পঢ়িব পৰাকৈ ভাগ কৰিছে।

অসমলৈ বুলি ওলাইছে অমন, অমন অসমত উপস্থিত হ’ল, অমনে চেংগুটি খেলৰ বিষয়ে জানিলে, খেলপথাৰত তুকুৰ সৈতে অমন, অৰ্ণালী পেহীৰ বিয়া, অবতৰত অমনৰ কণী যুঁজ, অমনে ফৰ্মুটি মাৰিবলৈ শিকিলে : বাৰীৰ আম-লিচু খালে, জুম্পাৰ মোমায়েকৰ ঘৰলৈ, অসমৰ পৰা বিদায় ল’লে আমনে, দিল্লীৰ বন্ধুৰ সৈতে অসমৰ অভিজ্ঞতাৰ ভাগ-বতৰা।

“অসমলৈ বুলি ওলাইছে অমন” শীৰ্ষক প্ৰথম অধ্যায়টোৰ আৰম্ভণিতেই মূল চৰিত্ৰ অমনৰ পৰিচয় সুন্দৰকৈ দাঙি ধৰা হৈছে। দিল্লীৰ আধুনিক নগৰীয়া পৰিৱেশত ডাঙৰ হোৱা দহ বছৰীয়া অমনে প্ৰথমবাৰৰ বাবে দেউতাকৰ নিজা ভেটি অসমৰ বোকাখাতৰ জ্যোতিপুৰলৈ আহিবলৈ ওলাইছে।

অমন এগৰাকী নিষ্পাপ, ধেমেলীয়া আৰু নতুন বস্তুক জানিবলৈ আগ্ৰহী নগৰীয়া শিশু। ইণ্টাৰনেট বা ইনষ্টাগ্ৰাম ৰিলত দেখা হাঁহ-পোৱালী (duckling),পথাৰ আদি প্ৰত্যক্ষভাৱে চোৱাৰ বাবে তাৰ মনত যি উছাহ, সেয়াই এজন শিশুৰ স্বাভাৱিক মানসিকতাক সুন্দৰভাৱে প্ৰতিফলিত কৰিছে।

এখন শিশু উপন্যাস হিচাপে প্ৰথম অধ্যায়টোতেই স্পষ্ট হয় যে উপন্যাসখনৰ ভাষা অত্যন্ত সৰল, প্ৰঞ্জল আৰু সাৱলীল। কথোপকথনবোৰ স্বাভাৱিক আৰু জীৱন্ত হৈছে, যিয়ে পাঠকক কাহিনীটোৰ লগত সহজে ধৰি ৰাখিব পাৰিব। এই অধ্যাটোতেই আমি লগ পাওঁ অমনৰ মাক নীহাৰিকাক। যাক এগৰাকী সচেতন আৰু সংস্কাৰী অভিভাৱক ৰূপে দেখা পোৱা গৈছে। উচ্চপদস্থ চাকৰি কৰা সত্ত্বেও সন্তানক “শ্ব’ অফ” বা আধুনিক আড়ম্বৰৰ পৰা আঁতৰাই সাধাৰণভাৱে ডাঙৰ দীঘল কৰাৰ ইচ্ছা আৰু নিজৰ শিপাৰ প্ৰতি আদৰ গঢ়ি তোলাৰ প্ৰচেষ্টা মাকৰ কথাবাৰ্তাত স্পষ্ট। আনহাতে নগৰীয়া জীৱনৰ পৰা আঁতৰি নিজৰ থলুৱা কৃষ্টি-সংস্কৃতি, পৰম্পৰা আৰু গাঁৱৰ সামাজিক জীৱনৰ সৈতে নতুন প্ৰজন্মক চিনাকি কৰাই দিয়াৰ যি প্ৰয়াস, সেয়া এই অধ্যায়টোৰ মুখ্য আকর্ষণ।

দ্বিতীয় অধ্যায়টোত যাৰ শিৰোনাম দিয়া হৈছে “অমন অসমত উপস্থিত হ’ল”। এই অধ্যায়ত কাহিনীটোৱে এক নতুন আৰু উদ্দীপনাময় গতি লাভ কৰিছে। উৰাজাহাজেৰে যোৰহাটত অৱতৰণ কৰাৰ পৰা দেৰগাঁৱৰ বজাৰ আৰু তাৰ পিছত বোকাখাতৰ যৌথ পৰিয়ালটোৰ উষ্ম আদৰণিলৈকে প্ৰতিটো দৃশ্যই অসমীয়া গাঁৱলীয়া জীৱনৰ আপোন ভাবটোক উপস্থাপন কৰিছে। অমনহঁত ঘৰ পাওঁতে গোটেই পৰিয়ালটো (ডাঙৰ আইতাক, বৰদেউতা-বৰমা, খুড়া-খুড়ী, তুকু দাদা আৰু মণি বা) গেটৰ মুখতে ৰৈ থকা দৃশ্যটোৱে অসমীয়া পৰম্পৰাগত যৌথ পৰিয়ালৰ আন্তৰিকতাক সুন্দৰকৈ ফুটাই তুলিছে। “বৰপোনা” বুলি মৰমতে মতা সম্বোধনটোৱে পৰিয়ালটোৰ পুৰণি স্মৃতি আৰু স্নেহ ধৰি ৰাখিছে।‌ অসমীয়া সংস্কৃতিৰ এটা ডাঙৰ অংশ হৈছে আতিথ্য আৰু খোৱা-বোৱা। দেৰগাঁৱৰ বজাৰৰ জীয়া বৰালী মাছ, পনৌনুৱা শাক, পাৰৰ মাংসৰ জালুকীয়া, শুকলতিৰ খাৰ আদি প্ৰসংগই থলুৱা খাদ্য-সংস্কৃতিৰ এক নিখুঁত ছবি দাঙি ধৰিছে।

এই অধ্যায়ত অমনৰ চৰিত্ৰটো আৰু অধিক উজ্জ্বল হৈ পৰিছে। সি কেৱল এজন নিৰপেক্ষ দৰ্শক হৈ থকা নাই, বৰঞ্চ কাৰ্যতঃ প্ৰতিটো বস্তু শিকিবলৈ আৰু চাবলৈ ব্যগ্ৰ হৈ পৰিছে। মাক-দেউতাকৰ মুখত শুনা থলুৱা শাক-পাচলি (পনৌনুৱা, শুকলতি, মধুসোলেং) চকুৰে চোৱাৰ আৰু নামবোৰ মনত ৰাখি সুধি থকাৰ যি হেঁপাহ, সি তাৰ মনত থকা শিপাৰ প্ৰতি সুপ্ত আৰ্কষণকে প্ৰমাণ কৰে। দিল্লীত থাকিও মাক-দেউতাকে যে সন্তানক নিজৰ সংস্কাৰ, খাদ্য-সংস্কৃতি আৰু ভাষাৰ সৈতে মানসিকভাৱে বিচ্ছিন্ন হ’বলৈ দিয়া নাছিল, সেয়া অমনৰ কথা-বতৰাত স্পষ্ট। বৰমাকৰ মুখেদি প্ৰকাশ পোৱা প্ৰশংসাই প্ৰতিগৰাকী প্ৰবাসী অসমীয়া পিতৃ-মাতৃৰ বাবেই এক প্ৰেৰণাদায়ক বাৰ্তা বহন কৰিছে।

উপন্যাসখনৰ তৃতীয়টো অধ্যায় অৰ্থাৎ “অমনে চেংগুটি খেলৰ বিষয়ে জানিলে”ৰ  মূল বিষয়বস্তু হৈছে অসমৰ  লোক-খেল-ধেমালি। আজিকালিৰ শিশুসকল যিদৰে ডিজিটেল ক্ৰীড়া ভিডিঅ’ গেম, ম’বাইল ফোন বা কেৱল আনুষ্ঠানিক খেল ক্ৰিকেটত আৱদ্ধ, তাৰ বিপৰীতে প্ৰাকৃতিক সম্পদ (যেনে -শিলগুটি, ৰবাব টেঙা) ব্যৱহাৰ কৰি এসময়ত খেলা আনন্দদায়ক খেলবোৰৰ মহত্ত্ব ইয়াত ফুটাই তোলা হৈছে। নগৰীয়া পৰিৱেশত ডাঙৰ হোৱা অমনে ডাঙৰ মানুহে শিলগুটি লৈ খেলা দেখি প্ৰথমতে আচৰিত হৈছিল। কিন্তু মাক আৰু বৰমাকে বুজাই কোৱাৰ পাছত সি কোনো ধৰণৰ নেতিবাচক মনোভাব নাৰাখি তাৰ প্ৰতি আকৰ্ষিত হৈ পৰে আৰু নিজে খেলিবলৈ ইচ্ছা প্ৰকাশ কৰে। এয়া শিশু চৰিত্ৰটোৰ ইতিবাচক মনৰ মুকলি প্ৰতিফলন। মাতৃ নীহাৰিকা আৰু বৰমাকে সৰুকালৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে অতি মৰমেৰে খেলবিধৰ নিয়মবোৰ বুজাই দিছে। মাকৰ এই উষ্মতাই আমাৰ লোক-সংস্কৃতি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ হস্তান্তৰ হোৱাৰ প্ৰক্ৰিয়াটোক সুন্দৰকৈ দাঙি ধৰিছে। চেংগুটিৰ উপৰি কাবাডি, পিঠু, ইমান ইমান পানী, ৰুমাল চুৰি, কড়ি খেল আৰু ৰবাব টেঙাৰ ফুটবলৰ উল্লেখৰ দ্বাৰা ঔপন্যাসিকে অসমীয়া শৈশৱৰ এখনি লোক-সাংস্কৃতিক ছবি ফুটাই তুলিছে। অধ্যায়টোত বৰমাকৰ মুখেদি ‘চেংগুটি’ খেলৰ নিয়ম যিদৰে সৰলভাষাত বুজাই দিয়া হৈছে, ই কেৱল কাহিনীটোক আগবঢ়াই নিয়া নাই, বৰঞ্চ আজিৰ প্ৰজন্মৰ নতুন পঢ়ুৱৈৰ বাবেও এক তথ্যভিত্তিক আৰু শৈক্ষিক উপাদান যোগ কৰাত সহায় কৰিছে। নগৰীয়া পৰিৱেশত ডাঙৰ হোৱা অমনে যেতিয়া থলুৱা খেলৰ আনন্দ আৰু সোৱাদ পাবলৈ ধৰিছে, কাহিনীটোৱে নিজৰ মূল লক্ষ্য অৰ্থাৎ “শিপাৰ সৈতে সংযোগ”ৰ দিশে গতি কৰিছে।

“খেলপথাৰত তুকুৰ সৈতে অমন” শিৰোনামৰ চতুৰ্থ অধ্যায়টোৰ আৰম্ভণিতে চেংগুটি খেলৰ অভ্যাসৰ যোগেদি অমনৰ নমনীয়তা আৰু শিকাৰ হেঁপাহ দেখুওৱা হৈছে। তাৰ পিছত কাহিনীটো মুকলি পথাৰলৈ গতি কৰে – য’ত সি তুকুৰ বন্ধু-বান্ধৱীসকলৰ সৈতে প্ৰত্যক্ষভাৱে সম্পৰ্ক স্থাপন কৰে। ইয়াত আদিত্য নামৰ চৰিত্ৰটোয়ে যেতিয়া অমনক “দিল্লীত থকা হাই-ফাই” ল’ৰা বুলি ইতিকিং কৰিবলৈ চেষ্টা কৰে, অমনৰ খং উঠাৰ পৰিৱৰ্তে অতি নম্ৰভাৱে প্ৰত্যুত্তৰ দিয়ে। সি স্পষ্ট কৰে যে সি শিকাৰ বাবে আগ্ৰহী। অমনৰ এই আত্মবিশ্বাস আৰু নম্ৰতাই শিশুসকলৰ মনৰ বৈৰীতা মুহূৰ্ততে আঁতৰাই পেলায়। অধ্যায়টোত জুম্পাৰ চৰিত্ৰটোৰ জৰিয়তে অসমৰ ব’হাগ বিহুৰ পৰম্পৰাগত ‘কণী যুঁজ’ৰ নিয়ম, (যেনে – ‘সৈয়া’, ‘দৰ-দাম’) অতি প্ৰাঞ্জলকৈ উপস্থাপন কৰা হৈছে। এই অধ্যায়টোৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হৈছে – অসমৰ কণী যুঁজৰ সৈতে ইউৰোপৰ ইষ্টাৰ পৰ্বৰ ‘Egg Tapping’ৰ তুলনা। অমনে আমষ্টাৰডম ভ্ৰমণৰ স্মৃতি মনত পেলাই ইউৰোপীয় পৰম্পৰাৰ কথা কয়। ইয়াৰ দ্বাৰা ঔপন্যাসিকে দেখুৱাবলৈ চেষ্টা কৰিছে যে বিশ্বৰ ভিন্ন প্ৰান্তৰ লোক-সংস্কৃতিৰ মাজত এক অদ্ভুত মিল থাকে।

অমনে বিশ্বৰ ভৌগোলিক জ্ঞান ধাৰণ কৰিও নিজৰ থলুৱা সংস্কৃতিক হীন চকুৰে চোৱা নাই, বৰঞ্চ দুয়োখন সমাজৰ পৰম্পৰাক সমভাৱে শ্ৰদ্ধা কৰিছে। এই অধ্যায়টোৱে চহৰ আৰু গাঁৱৰ শিশুসকলৰ মাজত থকা অদৃশ্য প্ৰাচীৰখন ভাঙি এক নতুন বন্ধুত্ব আৰু সাংস্কৃতিক আদান-প্ৰদানৰ সেতু গঢ়ি তুলিছে।

অতি প্ৰাণৱন্ত, উৎসৱমুখৰ আৰু তথ্য সমৃদ্ধ হৈছে “অৰ্ণালী পেহীৰ বিয়া” শীৰ্ষক পঞ্চম অধ্যায়টো। এই অধ্যায়টোৰ মূল আকৰ্ষণ হৈছে অসমীয়া পৰম্পৰাগত বিয়াৰ জীৱন্ত উপস্থাপন। চহৰ বা মহানগৰৰ বেংকৱেট হল (Banquet hall) বা হোটেলত অনুষ্ঠিত কৰা আধুনিক বিয়াবোৰৰ বিপৰীতে, অসমৰ গাঁৱৰ ঘৰুৱা বিয়াৰ যি উদুলি-মুদুলি পৰিৱেশ, সম্পৰ্কীয় মানুহৰ সমাগম, কৌতূহল আৰু সাংস্কৃতিক ৰীতি-নীতি আদিৰ এক নিখুঁত ছবি ইয়াত প্ৰকাশ পাইছে। এই অধ্যায়টোত সৰল বাক্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ বিয়াৰ পৰম্পৰাক শিশুৰ বুজিব পৰাকৈ বুজাই দিয়া হৈছে। যেনে – দুণৰি আৰু পানী তোলা : দুণৰিৰ আকৃতি (জাপিটুপীয়াকৈ সঁজা ফুটা ফুটা থকা বাহঁ আৰু পিতলেৰে সজা এবিধ সঁজুলি ) আৰু পানী তোলা নীতিৰ তাৎপৰ্য মাতৃ নীহাৰিকাৰ জৰিয়তে সৰলভাৱে প্ৰকাশ পাইছে। বিয়া নাম আৰু সংৰক্ষণ : অমনে পানী তোলা আৰু নোৱাওতে গোৱা বিয়া নামবোৰ মাকৰ ম’বাইলত ৰেকৰ্ড কৰি ৰখা কাৰ্যটোৱে বুজাই যে আজিকালিৰ ডিজিটেল প্ৰজন্মই নিজৰ পৰম্পৰাক কেনেকৈ সংৰক্ষিত কৰি ৰাখিব পাৰে। চিঠি লিখাৰ পৰম্পৰা : কোনো কোনো অঞ্চলত জোৰোণৰ সময়ত খুলশালিয়েকে ভিনিহিয়েকলৈ নিমন্ত্ৰণী চিঠি লিখা ধেমেলীয়া পৰম্পৰাটোৰ সৈতে অমনে চিনাকি হোৱাৰ দৃশ্যটোৱে বিয়াৰ ধেমেলীয়া পৰিৱেশটোক ফুটাই তুলিছে। অধ্যায়টোৰ আৰম্ভণিতে অমনৰ মনটো কেৱল খেলপথাৰ আৰু তুকুৰ বন্ধুসকলৰ সৈতে বন্ধুত্ব স্থাপন কৰাৰ পিনেহে আছিল। কিন্তু লাহে লাহে বিয়া ঘৰৰ নীতি-নিয়ম, উষ্ম আদৰণি, আৰু মানুহৰ মৰমে তাৰ মন এনেদৰে মোহিত কৰিলে যে সি খেলাৰ কথা পাহৰি সম্পূৰ্ণভাৱে বিয়াৰ আনন্দত বিলীন হৈ পৰিল। ইফালে গাঁৱৰ এগৰাকী মহিলা আৰু নীহাৰিকাৰ কথোপকথনে (“নিজৰ শিপাডাল যাতে ধৰি ৰাখিব পাৰে, তাৰেই চেষ্টা কৰিছোঁ”) উপন্যাসখনৰ ঘাই বাৰ্তাটো পুনৰ স্পষ্ট কৰি দিয়ে।

“অবতৰত অমনৰ কণীযুঁজ” উপন্যাসখনৰ ষষ্ঠ অধ্যায়। এই অধ্যায়টোত লাহে লাহে চৰিত্ৰৰ পৈণতা আৰু একাগ্রতা দেখিবলৈ পোৱা যায়। উপন্যাসখনৰ মূল চৰিত্ৰ অমনৰ এক সুন্দৰ মানসিক ক্ৰমবিকাশ ঘটিছে লগতে প্ৰত্যাহ্বান স্বীকাৰ কৰিবলৈ শিকিছে অৰ্থাৎ কণী যুঁজত প্ৰথমবাৰতেই হাৰি যোৱা আৰু আদিত্যৰ ইতিকিং শুনিও অমনে খং কৰা নাই বা খেল এৰি পলাই যোৱা নাই। বৰঞ্চ সি ধৈৰ্য ধৰি আনৰ পৰা একাগ্ৰচিত্তে শিকিবলৈ চেষ্টা কৰিছে আৰু ধাৰাবাহিক প্ৰচেষ্টাৰ ফলত অৱশেষত পঞ্চম দিনা দলৰ আটাইতকৈ পাকৈত খেলুৱৈ আদিত্যক হৰুৱাই সি নিজৰ দক্ষতা প্ৰমাণ কৰিলে। অধ্যায়টোত চহৰীয়া বনাম গাঁৱলীয়া মানসিকতাৰ প্ৰাচীৰ ভংগ কৰিছে ঔপন্যাসিকে। আৰম্ভণিতে গাঁৱৰ শিশুসকলৰ (বিশেষকৈ আদিত্য আৰু বনজিতৰ) মনত ধাৰণা আছিল যে দিল্লীৰ পৰা অহা ল’ৰাই “ফুটনি” মাৰিব। কিন্তু অমনৰ সৰলতা, নম্ৰতা আৰু মৰমলগা ব্যৱহাৰে তেওঁলোকৰ এই ভুল ধাৰণা ভাঙি পেলালে। গাঁৱৰ শিশুসকলে তাক কেৱল আঁকোৱালি লোৱাই নহয়, বৰঞ্চ নিজৰ ভাগৰ কণী আনি দি আৰু জিকাৰ উল্লাস কৰি তাক সম্পূৰ্ণভাৱে নিজৰ ‘দল’ৰ অংশ কৰি ল’লে। এই অধ্যায়টোতে অমনহঁতে আম-লিচু পৰাৰ পৰিকল্পনা কৰিছে। আম আৰু লিচু গছৰ পৰা ফর্মুটি মাৰি বা ডাৰিকি লগাই পৰাৰ যি পৰিকল্পনা, সি অসমীয়া শিশুৰ শৈশৱৰ এক চিৰাচৰিত আৰু অতি মধুৰ স্মৃতি। ইয়াত জুম্পাৰ চৰিত্ৰটোৰ যোগেদি অভিভাৱকৰ নিৰ্দেশনা আৰু গছত উঠাৰ বিপদৰ কথা উল্লেখ কৰি ঔপন্যাসিকে শিশু পাঠকসকলৰ বাবে এক নিৰাপত্তামূলক বাৰ্তা সুন্দৰকৈ আগবঢ়াই দিছে। এই অধ্যায়টোৱে অমনক কেৱল বিয়াঘৰৰ আলহী কৰি নাৰাখি গাঁৱৰ শিশু সমাজখনৰ সৈতে একেবাৰে অভিন্ন কৰি তুলিলে। পৰৱৰ্তী অধ্যায়ত সিহঁতৰ এই নতুন আম-লিচু পৰাৰ অভিযাননো কেনেকুৱা হয়, তাক জানিবলৈ স্বাভাৱিকতেই পঢ়ুৱৈৰ কৌতূহল থাকিব।

“অমনে ফর্মুটি মাৰিবলৈ শিকিলে, বাৰীৰ আম-লিচু খালে।” এই সপ্তম অধ্যায়টোৱে উপন্যাসখনৰ মূল বাৰ্তা অৰ্থাৎ প্ৰকৃতি আৰু থলুৱা পৰিৱেশৰ মাজত শিশুৰ আত্মহাৰা ৰূপটোক অতি প্ৰাণৱন্তভাৱে তুলি ধৰিছে। মহানগৰীয়া চাৰিবেৰৰ আবদ্ধ জীৱনৰ বিপৰীতে গাঁৱৰ বাৰীত ফল-মূলেৰে ভৰি থকা গছ-গছনি, কেৰ্কেটুৱা আৰু ভাটোৰ উপস্থিতি দেখা পাই অমনৰ যি অসীম আনন্দ আৰু আশ্চৰ্য প্ৰকাশ পাইছে, সি প্ৰতিগৰাকী চহৰীয়া শিশুৰ স্বাভাৱিক কৌতূহলকে প্ৰতিফলিত কৰে। গছৰ পৰা ফল পাৰি খোৱাৰ যি নিভাজ সোৱাদ, সেয়া কেৱল বজাৰৰ পৰা কিনি খোৱা লিচু বা আমৰ সোৱাদৰ সৈতে মিলাব নোৱাৰি এই অনুভূতিটো উপন্যাসখনৰ মূল চৰিত্ৰ অমনে অতি সুন্দৰকৈ উপলব্ধি কৰিছে। অধ্যায়টোত গাঁৱৰ শিশুসকলৰ ব্যৱহাৰ আৰু সিহঁতৰ উদাৰতা বৰ মৰমলগাকৈ ধৰা পৰিছে। প্রদীপ্ত, তুকু, বনজিত আৰু আদিত্যই অমনক কেৱল লগত লৈ ফুৰাই নাই, বৰঞ্চ থলুৱা কৌশল যেনে ‘ডাৰিকি’ৰে ফল পৰা বা ‘ফর্মুটি’ মৰা আদি সৰু সৰু গ্ৰাম্য ক্ৰীড়াসমূহ শিকাবলৈ যত্ন কৰিছে। প্ৰথমবাৰ ফর্মুটি মাৰোঁতে ব্যৰ্থ হোৱাৰ পাছতো আদিত্যই নিজৰ অভিজ্ঞতাৰে অমনক যিদৰে উৎসাহিত কৰিলে, সি সিহঁতৰ মাজৰ নিকা বন্ধুত্ব আৰু আন্তৰিকতাক প্ৰমাণ কৰে। একেদৰে প্ৰদীপ্তৰ মাকৰ নেমুৰ চৰবত আৰু থলুৱা সোৱাদ ‘পানীপিঠা’ৰে কৰা আতিথ্যই অসমীয়া গাঁৱলীয়া সমাজৰ মৰম আৰু নিবিড়তা কাহিনীটোত সাৱলীলভাৱে সংযোজন কৰিছে। এই অধ্যায়টোৱে অমনক কেৱল এজন দৰ্শক কৰি নাৰাখি প্ৰকৃতিৰ একেবাৰে ওচৰ চপাই নিলে আৰু তাৰ শৈশৱক এক নতুন অভিজ্ঞতাই চহকী কৰি তুলিলে।

“জুম্পাৰ মোমায়েকৰ ঘৰলৈ” উপন্যাসখনৰ অষ্টম অধ্যায়। এই অধ্যায়ত অমনৰ যাত্ৰাই আন এক নতুন মাত্ৰা লাভ কৰা দেখা গৈছে। নগৰীয়া আবদ্ধ পৰিৱেশৰ বিপৰীতে গ্ৰাম্য প্ৰকৃতি আৰু জীৱ-জগতৰ অতি কাষ চপাৰ যি সুযোগ অমনে পাইছে, সেয়া অতি প্ৰাণৱন্তভাৱে ফুটাই তোলা হৈছে। অধ্যায়টোৰ আৰম্ভণিতে কাবাডি খেলত অমনৰ সফলতা আৰু সংগীতৰ ‘উশাহৰ ব্যায়াম’ক খেলত ব্যৱহাৰ কৰাৰ কৌশলে তাৰ বহুমুখী প্ৰতিভাক প্ৰকাশ কৰিছে। ইয়াৰ দ্বাৰা বন্ধুসকলৰ মাজত তাৰ গ্ৰহণযোগ্যতা আৰু সন্মান আৰু অধিক বৃদ্ধি পালে। জুম্পাৰ মোমায়েকৰ ঘৰলৈ কৰা এই ভ্ৰমণ কেৱল এক মনোৰঞ্জনমূলক যাত্ৰাই হৈ থকা নাই, বৰঞ্চ ই অমনৰ বাবে প্ৰত্যক্ষ জ্ঞান অৰ্জনৰ এক সুন্দৰ মাধ্যম হৈ পৰিছে। থলুৱা ছাগলী পোৱালী কোঁচত লোৱাৰ অনুভূতি, বিৰল ‘মামৈ তামোল’ গছৰ পৰিচয়, আৰু মাক-দেউতাকৰ মুখত শুনা ‘হাঁহ পোৱালী’ (ডাকলিং) আৰু কুকুৰাই উমনি দিয়াৰ দৃশ্য চকুৰে দেখাৰ সুযোগে তাৰ মনত অপাৰ আনন্দ আনি দিছে। বিশেষকৈ কুকুৰাই নিজৰ পোৱালীক ৰক্ষা কৰাৰ নীতি আৰু মাতৃত্বৰবোধৰ কথাটি শিশু চৰিত্ৰ মইনাৰ মুখেৰে উপস্থাপন কৰাটো অতি অৰ্থপূৰ্ণ হৈছে।

ইয়াৰ উপৰি, পুখুৰীত জাল মাৰি মাছ ধৰাৰ প্ৰসংগত উত্তৰ ভাৰত আৰু অসমৰ মাছ মৰা সঁজুলি বা পদ্ধতিৰ তুলনাই অমনৰ সংবেদনশীল দৰ্শনক প্ৰতিফলিত কৰে। পুখুৰীৰ পাৰৰ বোকাত ভৰি পিছলি আঁঠুলৈকে বোকা লগাৰ পাছতো অমনে দুখ পোৱাৰ পৰিৱৰ্তে হাঁহি-ধেমালিৰে সেই পৰিস্থিতিক গ্ৰহণ কৰা দৃশ্যটোৱে সি গ্ৰাম্য জীৱনৰ সৈতে কিমান স্বাভাৱিকভাৱে মিলি গৈছে, তাৰেই প্ৰমাণ দিয়ে। মোমায়েকৰ ঘৰৰ নিকা আতিথ্য আৰু পুখুৰীৰ মাছেৰে তৃপ্তিৰে কৰা আহাৰে অসমীয়া সামাজিক সম্পৰ্কৰ মধুৰ দিশটো উজ্জ্বল কৰি তুলিছে। সামগ্ৰিকভাৱে, এই অধ্যায়টোৱে অমনৰ “শিপাৰ সন্ধান”ৰ যাত্ৰাটোক আৰু এধাপ আগুৱাই লৈ গৈ তাক প্ৰকৃতি, পশু-পক্ষী আৰু গ্ৰাম্য জীৱনশৈলীৰ এক অভিন্ন অংশ কৰি তুলিলে।

“অসমৰপৰা বিদায় ল’লে অমনে” এই নৱম অধ্যায়টোত অমনৰ অসম ভ্ৰমণৰ অন্তিম পৰ্যায় চিত্ৰায়িত হৈছে। পোন্ধৰটা দিন কেনেকৈ আনন্দ-ধেমালিৰ মাজেৰে পাৰ হৈ গ’ল অমনে গমেই নাপালে। প্ৰথম অৱস্থাত কেৱল ইণ্টাৰনেট বা মাক-দেউতাকৰ মুখত শুনা কথাবোৰ চকুৰে চাবলৈ অহা অমনে যেতিয়া গাঁৱৰ বাস্তৱ জীৱনটো উপভোগ কৰিলে, তেতিয়া তাৰ মনত নিজৰ ঘৰ আৰু বোকা-পানীৰ প্ৰতি এক গভীৰ আকৰ্ষণ গঢ়ি উঠিল।

আদিত্য, বিতোপনহঁতে অমনক অহা ডিচেম্বৰত আহি পথাৰত চেঁচুৰ খন্দা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ যি আমন্ত্ৰণ জনালে, সেয়া অসমীয়া শীতকালৰ আন এক ধুনীয়া ছবিক প্ৰতিফলিত কৰে। গাঁৱৰ শিশুসকলে অমনক কেৱল এজন “দিল্লীৰ আলহী” হিচাপে নাৰাখি এজন অন্তৰংগ বন্ধু হিচাপে গ্ৰহণ কৰিলে। এই অধ্যায়টোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সামাজিক দিশটো হৈছে অমনৰ মাক-দেউতাকৰ স্বীকাৰোক্তি। অমনে গাঁৱত শিকিব পৰা অলেখ নতুন কথা আৰু আনন্দ দেখি মাকে অলপ অপৰাধবোধেৰে স্বীকাৰ কৰিলে যে ব্যস্ততাৰ অজুহাত দেখুৱাই সন্তানক বিদেশলৈ নিলেও নিজৰ শিপাৰ ওচৰলৈ অনা হোৱা নাছিল। অহা বেলিৰ পৰা সন্তানক “বোকা-পানী খচি ডাঙৰ হ’বলৈ শিকোৱা”ৰ যি সংকল্প মাকে ল’লে, সি প্ৰতিগৰাকী আধুনিক তথা প্ৰবাসী অভিভাৱকৰ বাবে এক সময়োপযোগী বাৰ্তা। এই অধ্যায়টোৱে মূলতঃ অমনক নিজৰ শিপাৰ সৈতে স্থায়ীভাৱে বান্ধি পেলালে আৰু পৰৱৰ্তী সময়ত সি এই সমগ্ৰ অভিজ্ঞতাক দিল্লীৰ বন্ধুসকলৰ মাজলৈ কঢ়িয়াই নিবলৈ মানসিকভাৱে প্ৰস্তুত হৈ উঠিল।

“দিল্লীৰ বন্ধুৰ সৈতে অসমৰ অভিজ্ঞতাৰ ভাগ-বতৰা’ – এই দশম অধ্যায়টোতে উপন্যাসখনৰ সামৰণি পৰিছে। ইয়াত উপন্যাসখনৰ অৰ্থ আৰু বাৰ্তা অধিক গভীৰ তথা পৰিপূৰ্ণ হৈ পৰিল। বিশেষকৈ থলুৱা সংস্কৃতি কেৱল অসমতেই সীমাবদ্ধ নাথাকি এজন শিশুৰ জৰিয়তে দিল্লীৰ দৰে মহানগৰীলৈ সম্প্ৰসাৰিত হোৱাৰ যি সুন্দৰ দৃশ্য চিত্ৰায়িত হৈছে, সি সঁচাকৈয়ে প্ৰশংসনীয়।

উপন্যাসখনৰ দহোটি অধ্যায়ৰ পৃথকে পৃথকে পৰ্যালোচনা কৰাৰ পাছত ক’বই লাগিব যে “অমৰ অসম ভ্ৰমণ” –  এই শিশু উপন্যাসখন এক সময়োপযোগী পটভূমিত ৰচিত আৰু অত্যন্ত আদৰণীয় আৰু প্ৰশংসনীয় সাহিত্যিক প্ৰয়াস। দিল্লীত বাস কৰা দহ বছৰীয়া শিশু অমনৰ অসম ভ্ৰমণ, নিজৰ থলুৱা শিপাৰ সৈতে পৰিচয় আৰু পৰৱৰ্তী সময়ত নিজৰ অভিজ্ঞতাক দিল্লীৰ বন্ধুসকলৰ মাজলৈ সম্প্ৰসাৰিত কৰাৰ কাহিনীয়েই হ’ল এই উপন্যাসখনৰ মূল উপজীব্য। উপন্যাসখনৰ কাহিনীভাগ অতি স্বাভাৱিক ছন্দত আগবাঢ়িছে। দিল্লীৰ কৃত্ৰিম, আধুনিক আৰু আবদ্ধ পৰিৱেশৰ পৰা আৰম্ভ হৈ যোৰহাট, দেৰগাঁও আৰু বোকাখাতৰ নিভাজ গাঁৱলীয়া পৰিৱেশ অতিক্ৰমি কাহিনীটো পুনৰ দিল্লীলৈ ঘূৰি আহিছে – যিয়ে এটি ছন্দোবদ্ধ বৃত্তাকাৰ ৰূপ গ্ৰহণ কৰিছে। উপন্যাসখনৰ মূল চৰিত্ৰ অমনৰ মনস্তত্ত্ব অতি সংবেদনশীলতাৰে অংকন কৰা হৈছে। অৱশ্যে ঔপন্যাসিকগৰাকীয়ে পৰৱৰ্তী সময়ত যদি উপন্যাসখন সংবৰ্ধন কৰিব খোজে তেতিয়া নিশ্চয়কৈ অমন চৰিত্ৰটোক অধিক বিকশিত কৰাৰ থল আছে। ইয়াত অমন কেৱল এজন কৌতূহলী নগৰীয়া শিশু নহয়, বৰঞ্চ নতুনক শিকিবলৈ ব্যগ্ৰ এক মুকলি মনৰ গৰাকী। প্ৰথম অৱস্থাত গাঁৱৰ ল’ৰা-ছোৱালীৰ ইতিকিং বা অপৰিচিত পৰিৱেশত অপ্ৰস্তুত হ’লেও, তাৰ অমায়িক ব্যৱহাৰ আৰু নম্ৰতাই অতি সোনকালে সকলোকে আপোন কৰি তোলে। কণীযুঁজত ধাৰাবাহিক পৰাজয়ৰ পাছতো হাৰ নামানি অৱশেষত সফলতা লাভ কৰা ঘটনাই তাৰ চৰিত্ৰৰ দৃঢ়তাক দাঙি ধৰিছে। উপন্যাসখনত অমনৰ মাক-দেউতাকৰ চৰিত্ৰই প্ৰবাসী অসমীয়া পিতৃ-মাতৃসকলৰ বাবে এক নতুন প্ৰেৰণা বহন কৰিছে। উচ্চ পদস্থ চাকৰি বা ব্যস্ততাৰ মাজতো সন্তানক কৃত্রিম আড়ম্বৰৰ পৰা দূৰত ৰাখি থলুৱা খাদ্য, ভাষা আৰু সংস্কাৰৰ শিক্ষা দিয়াৰ বাবে তেওঁলোকে কৰা প্ৰচেষ্টা প্ৰশংসনীয়। একেদৰে, সামৰণি অধ্যায়ত দিল্লীৰ বন্ধুসকলৰ অভিভাৱকসকলেও সন্তানৰ উৎসাহক আদৰণি জনাই হাঁহ-কণীৰ যোগাৰ কৰি দিয়া ঘটনাই শিশুৰ মানসিক বিকাশত অভিভাৱকৰ ইতিবাচক ভূমিকাক প্ৰতিফলিত কৰে।

এই উপন্যাসখনৰ আটাইতকৈ শক্তিশালী দিশটো হ’ল অসমৰ বৈচিত্ৰ্যময় লোক-সংস্কৃতি আৰু গ্ৰাম্য জীৱনৰ নিখুঁত চিত্রায়ন। ‘চেংগুটি’, ‘কাবাডি’, ‘আম-লিচুৰ ফৰ্মুটি মৰা’ আৰু ‘কণীযুঁজ’ আদি খেলসমূহৰ সুন্দৰ উপস্থাপন ইয়াত কৰা হৈছে। বিশ্বৰ বিভিন্ন খেলৰ (যেনে: ইউৰোপৰ ‘Egg Tapping’) সৈতে ইয়াৰ তুলনা কৰাৰ লগতে অন্তিম অধ্যায়ত অমনে দিল্লীৰ বন্ধুসকলৰ (সূৰজ, বিক্ৰম, হিয়া, নেইনা, মোহিত) মাজলৈ এই কণীযুঁজ পৰম্পৰা কঢ়িয়াই নিয়া দৃশ্যটো অতি তাৎপৰ্যপূৰ্ণ। নিৰামিষভোজী বন্ধু মোহিতে কণী নাখালেও বা কণীযুঁজ নেখেলিলেও দূৰৰ পৰা চাই আনন্দ ল’বলৈ সন্মত হোৱা দৃশ্যটোৱে শিশুসকলৰ মাজত থকা সহনশীলতা আৰু বৈচিত্ৰ্যক গ্ৰহণ কৰাৰ মানসিকতাক ধুনীয়াকৈ দাঙি ধৰিছে। পনৌনুৱা শাক, শুকলতিৰ খাৰ, পাৰৰ মাংস, জিয়া বৰালী মাছ, মামৈ তামোল, অৰ্ণালী পেহীৰ বিয়াৰ নোৱোৱা-ধোৱোৱা বা দুণৰি, আৰু পুখুৰীত জাল মাৰি মাছ ধৰা আদি সৰু সৰু দৃশ্যবোৰে উপন্যাসখনক এক সজীৱ থলুৱা সুবাস প্ৰদান কৰিছে। শিশু উপন্যাস হিচাপে ইয়াৰ ভাষা অতি প্ৰাঞ্জল, বাক্যগঠন সৰল আৰু কথোপকথনবোৰ চৰিত্ৰোপযোগী তথা জীৱন্ত। ক’তো কোনো অনাৱশ্যক নীতি-উপদেশৰ মেৰপাক নাই; ঘটনা আৰু চৰিত্ৰৰ স্বাভাৱিক আদান-প্ৰদানৰ জৰিয়তে  সংস্কৃতি ৰক্ষা আৰু প্ৰকৃতিপ্ৰেমৰ শিক্ষা স্বয়ংক্ৰিয়ভাৱে প্ৰকাশ পাইছে। উপন্যাসখনে এক গভীৰ বাৰ্তা প্ৰদান কৰে যে “সংস্কৃতি স্থৱিৰ নহয়, ই প্ৰৱাহমান।” এজন শিশুৱে নিজৰ শিপাক আৱিষ্কাৰ কৰাৰ পাছত সেয়া কেৱল নিজৰ ভিতৰতে আবদ্ধ নাৰাখি কেনেকৈ গোলকীয় বা ৰাষ্ট্ৰীয় পেক্ষাপটত প্ৰসাৰিত কৰিব পাৰে, তাৰ এক নিদৰ্শন হ’ল অমনৰ এই যাত্ৰা।

সামগ্ৰিকভাৱে, “অসমলৈ বুলি ওলাইছে অমন”ৰ পৰা আৰম্ভ কৰি “দিল্লীৰ বন্ধুৰ সৈতে অসমৰ অভিজ্ঞতাৰ ভাগ-বতৰা”লৈকে সম্পূৰ্ণ দহটা অধ্যায়ৰ এই উপন্যাসখন অসমীয়া শিশু সাহিত্যৰ জগতত এক নতুন মাত্ৰাৰ সংযোজন। নিজৰ শিপা, প্ৰকৃতি আৰু আত্মীয়তাৰ স্পৰ্শেৰে কেনেকৈ এজন শিশুৰ চৰিত্ৰক অধিক পৰিপূৰ্ণ কৰি তুলিব পাৰি আৰু সংস্কৃতিৰ আদান-প্ৰদান ঘটিব পাৰে, তাৰ এক উৎকৃষ্ট উদাহৰণ হ’ল এইখন উপন্যাস। আমাৰ নতুন প্ৰজন্ম তথা প্ৰত্যেকগৰাকী পিতৃ-মাতৃৰ বাবেই এই উপন্যাসখন সমানেই পাঠযোগ্য। শেষত প্ৰকাশক “দয় – কাও – ৰং” আৰু উপন্যাসখনৰ অন্তৰ্ভাগৰ চিত্ৰসমূহ সুন্দৰভাৱে অংকন কৰা শিশু চিত্ৰ শিল্পী আদৃতা মধুকল্য ধন্যবাদৰ পাত্ৰ। উপন্যাসখনৰ মূল্য : ১০০ টকা।

Leave a Reply

Your email address will not be published. Required fields are marked *