সমীৰ চৌধুৰীৰ লেঞ্চত ভূপেন হাজৰিকা
(অসমৰ এজন বিশিষ্ট আলোকচিত্ৰ শিল্পী সমীৰ চৌধুৰীয়ে ১৯৭৬ চনৰে পৰা কেইবাটাও দশক জুৰি ভূপেন হাজৰিকাৰ ৰাজহুৱা আৰু ব্যক্তিগত জীৱনৰ বহু মুহূৰ্তৰ ছবি নিজৰ কেমেৰাত বন্দী কৰি ৰাখিছিল। তাৰে কেইখনমান ফ’টোগ্ৰাফ ‘মুক্ত চিন্তা’ৰ ভূপেন হাজৰিকা এই বিশেষ সংখ্যাত প্ৰকাশ হৈছে। ভূপেন হাজৰিকাক আমি গান, কবিতা, সুৰ আৰু চলচ্চিত্ৰৰ মাজেৰে যিদৰে চিনি আহিছোঁ, সমীৰ চৌধুৰীৰ কেমেৰাত বন্দী হোৱা এই ছবিবোৰে সেই চিনাকিত আৰু কিছু নতুন দৃশ্য যোগ কৰিব বুলি আশা কৰিছোঁ। — সম্পাদকমণ্ডলী, মুক্ত চিন্তা।)
শিল্পীৰ টোকা: শৈশৱত নিজৰ অজ্ঞাতেই পৰিচিত হৈছিলোঁ কেমেৰাৰ লেন্সেৰে দেখা পৃথিবীখনৰ সৈতে। অসমত ফটোগ্রাফীৰ বাটকটীয়াসকলৰ অন্যতম, স্বাধীনতা যুঁজাৰু খুৰাদেউ ননী চৌধুৰীৰ আৰ্ট গেলাৰী ষ্টুডিঅ’তেই পাইছিলোঁ ফটোগ্রাফীৰ আদি পাঠ। লিৰিকি বিদাৰি চাইছিলোঁ ক’লা-বগা ফটো ধোৱা ডার্কৰুমৰ সা-সৰঞ্জাম। সেয়াই আৰম্ভণি। নানা ঘাত-প্রতিঘাতৰ পাছত এটা সময়ত গুৱাহাটী। শিশু পদ্যৰ এখন পুথিৰ বাবে তোলা মোৰ ফটো চাই কবি নৱকান্ত বৰুৱা ছাৰে পৰামৰ্শ দিলে-“তোমাৰ কামবোৰ ছিৰিয়াছ। অসমৰ সামাজিকভাবে দায়বদ্ধ লোকসকলৰ প্রফাইল ফটোগ্রাফী কৰিলে সিবিলাক অসমৰ সম্পদ হৈ ৰ’ব।” বৰুৱা ছাৰৰ উপদেশৰ পাছত প্রথমেই মনলৈ আহিল ভূপেনদাৰ কথা। চিনাকি নিজৰাপাৰৰ ঘৰলৈ গৈ ভূপেনদাক প্রস্তাব দিলো: ভূপেনদাই স্বভাবসুলভ হাঁহিৰে একেষাৰে সন্মতি দিলে। যেতিয়াই সুযোগ পাইছিলোঁ, ভূপেনদাৰ সৈতে থাকি তেওঁৰ বিভিন্ন মুহূৰ্তৰ ফটো তুলি গৈছিলো। দৌৰ মাৰিছিলো বিভিন্ন সময়ত অসমৰ বিভিন্ন প্রান্তলৈ। জুয়ে পোৰা তিৰাশীত ভূপেনদাৰ নেতৃত্বত উলিওৱা সমন্বয় যাত্রা মোৰ বাবে আছিল বিশেষ সময়। ভূপেনদাই কৈছিল- “জীৱনেই মানুহৰ শ্রেষ্ঠ সম্পদ, জীৱনৰ ফটোগ্রাফীৰে অসমৰ ৰঘু ৰায় হ’ব লাগিব।” মই পিছে হ’ব নোৱাৰিলোঁ। তথাপি ভূপেনদাৰ জীৱনৰ কেইটামান দশকত তোলা ফটোগ্রাফসমূহৰ নিৰ্বাচিত কেইখনমান ফটোৰেই তেখেতলৈ জনালোঁ মোৰ শ্ৰদ্ধাঞ্জলি।



























