কেন্দ্ৰীয় নিবন্ধ

চাভাৰকাৰ আৰু ভাৰতত সাম্প্ৰদায়িকতাবাদৰ এশ বছৰ  (প্ৰণৱজ্যোতি ডেকা)

হিন্দুসকলৰ স্বার্থৰক্ষা কৰিব লাগিলে অথবা হিন্দু ধৰ্মৰ গৌৰৱ ৰক্ষা কৰিব লাগিলে হিন্দুৰাষ্ট্র প্রতিষ্ঠা ভিন্ন আৰু কোনো উপায় নাই— এনে এক ধাৰণাকেই কেন্দ্ৰবিন্দু হিচাপে লৈ  অখিল ভাৰতীয় হিন্দু মহাসভাৰ জন্ম হৈছিল ১৯১৫ চনত হৰিদ্বাৰৰ কুম্ভমেলাত মদনমোহন মালব্যৰ নেতৃত্বত। তেৱেঁই আছিল হিন্দু মহাসভাৰ প্ৰথমজন সভাপতি। পৰৱৰ্তী সভাপতিসকলৰ ভিতৰত স্বামী শংকৰাচার্য, লালা লাজপত ৰায়, ৰাজা নৰেন্দ্রনাথ, ৰমানন্দ চ্যাটার্জী, বিনায়ক দামোদৰ চাভাৰকাৰ, শ্যামাপ্রসাদ মুখোপাধ্যায় ইত্যাদি ব্যক্তি।  উল্লেখযোগ্য যে ১৯২৫ চনৰ ২৭ ছেপ্টেম্বৰত বিনায়ক দামোদৰ চাভাৰকাৰৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ ডাঃ কেশব বলিৰাম হেডগেয়াৰে নাগপুৰত ৰাষ্ট্রীয় স্বয়ংসেবক সংঘ নামৰ এটা অৰাজনৈতিক সংগঠন প্রতিষ্ঠা কৰে।

হিন্দু কোন

বিনায়ক দামোদৰ চাভাৰকাৰৰ মতে, হিন্দু তেওঁলোক, যিসকলে ভাৰতবৰ্ষক পিতৃভূমি বুলি ভাবে, য’ত তেওঁলোকৰ পূৰ্ব পুৰুষে বসবাস কৰিছিল, য’ত তেওঁলোকৰ ধৰ্মৰ উৎপত্তি হৈছিল,  “তেওঁলোকৰ বাবে ভাৰত পিতৃভূমি আৰু পবিত্রভূমি উভয়ই”। ১৯২৩ চনত প্ৰকাশিত চাভাৰকাৰৰ হিন্দুত্ব নামৰ গ্ৰন্থখনে ভাৰতত হিন্দু জাতীয়তাবাদী ধাৰণাক জনপ্ৰিয় কৰাত প্ৰচুৰ ভূমিকা গ্ৰহণ কৰে।

হিন্দুৰাষ্ট্র’ৰ  ধাৰণা জোৰদাৰ হয় ১৯৩০-ৰ দশকৰ পৰা।  হিন্দু জাতী়য়তাবাদীসকলে হিন্দু ধর্মৰ  ধর্মীয় উপাদানতকৈ ভাৰত নামৰ ভৌগোলিক অস্তিত্বটোক পূণ্যভূমি বুলি জ্ঞান কৰিছিল আৰু আজিও কৰি আহিছে। ভাৰতীয় সনাতন সংস্কৃতিকেই একমাত্র জাতীয় ৰীতি-নীতি  হিচাবে গণ্য কৰা, সংস্কৃতৰ পৰা উদ্ভূত ভাষাত কথা কোৱা, এইবোৰেই আছিল হিন্দুৰাষ্ট্রৰ কাল্পনিক নাগৰিকৰ উপাদান। চাভাৰকাৰে “য’ত তেওঁলোকৰ ধৰ্মৰ উৎপত্তি হৈছিল” বুলি দি যোৱা তত্ত্বই হিন্দুত্বৰ ৰাজনীতিত বিস্তাৰ লাভ কৰে।

কাল্পনিক হিন্দুৰাষ্ট্ৰ

হিন্দু ধৰ্মৰ এই পৰিচিতি তৈয়াৰ হোৱাৰ মূল কাৰণ ৰাজনৈতিক আৰু ই অতি সহজে প্রভাবিত হৈছিল ভাৰতত প্ৰব্ৰজিত মুছলমানৰ অৱস্থিতিৰ জৰিয়তে। ১৯৩৮ চনত চাভাৰকাৰ হিন্দু মহাসভাৰ সভাপতি নিৰ্বাচিত হয়। হিন্দু মহাসভাৰ সভাপতিৰ দায়িত্ব পালন কৰি চাভাৰকৰে ভাৰতক হিন্দুৰাষ্ট্র হিচাবে আৰু হিন্দুসকলক হিন্দুজাতি হিচাপে ৰক্ষা কৰাৰ বাবে হিন্দুৰ  সামৰিকীকৰণত গুৰুত্ব দিয়ে। সেই বাবেই ১৯৪২ চনত ওয়ার্ধা অধিবেশনৰ জৰিয়তে এটা অদ্ভূত প্রস্তাব ব্রিটিছ ঔপনিবেশিক চৰকাৰক দিছিল,”তোমালোকে ভাৰত এৰিলেও  তোমালোকৰ সেনাবাহিনীক ইয়াতে থৈ যোৱা”। সেই সময়ত ভাৰতবৰ্ষৰ স্বাধীনতাক লৈ তেওঁলোক চিন্তিত নাছিল।

মুছলমানসকলৰ  পূণ্যভূমি যিহেতু মক্কা, হিন্দু জাতীয়তাবাদৰ প্রবক্তাসকলে সেয়েহে প্ৰচাৰ কৰিবলৈ ধৰিলে, ভাৰতৰ প্রতি সম্পূর্ণ অনুগত হ’বলৈ মুছলমানসকলৰ পক্ষে সম্ভব নহয়। মুছলমানসকলৰ ধর্মগ্রন্থ  আৰবী ভাষাত, গতিকে তেওঁলোকে ভাৰতীয়ত্বৰ দাবী জনাব নোৱাৰে। যিহেতু হিন্দুসকলে কোৱা ভাষাৰ মূল সংস্কৃত, গতিকে ভাৰতৰ উত্তৰাধিকাৰ হিচাবে কেৱল হিন্দুসকলেহে দাবী কৰিব পাৰে। কিন্তু ইমানৰ পিছতো হিন্দুত্ববাদীসকলে (সেই সময়ত) যি হিন্দু-ভাৰতৰ কল্পনা কৰিছিল, মুছলমান, খ্রিষ্টান, পাৰ্চী আদি লোকসকল থকাত তেওঁলোকে আপত্তি কৰা নাছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰাম আগবাঢ়ি যোৱাৰ লগে লগে হিন্দু জাতী়য়তাবাদী আন্দোলনো পিছপৰি নাথাকিল। প্ৰশ্ন উঠিল, হিন্দুসকলৰ অবস্থান কি হ’ব, আধিপত্য কিমান থাকিব, এই ধৰণৰ তৰ্ক-বিতৰ্কৰ পৰাই আৰম্ভ হয় আন এক ৰাজনীতি। মুছলমান বা খ্রিষ্টানৰ নাগৰিকত্ব সম্পূর্ণ অস্বীকাৰ কৰি ৰাষ্ট্র নিৰ্মাণৰ ধাৰণাটোৱে বৈধতা অর্জন কৰে ১৯৪০ চনৰ পৰা, ১৯৪৭-চনৰ ঠিক আগে আগে ই চৰম সীমাত উপনীত হয়। ধর্মৰ ভিত্তিত পাকিস্তান সৃষ্টিৰ পৰিকল্পনাই এনে এক পৰিসৰৰ সৃষ্টি কৰিলে, হিন্দুত্ববাদীসকলে ভাবিবলৈ ললে যে দেশ বিভাজনৰ পিছত ভাৰতত কেৱল হিন্দুসকলেহে থাকিব পাৰিব। কাল্পনিক ৰাষ্ট্ৰই বাস্তৱত জন্ম লাভ কৰাৰ প্রত্যাশাতে হিন্দুৰাষ্ট্র নিৰ্মাণৰ বাবে প্রস্তুতিও আৰম্ভ কৰিলে সংঘ পৰিয়ালে। হিন্দুত্ববাদীসকলে ভাবিছিল যদিহে জিন্নাই দাবী কৰা মতে ভাৰতৰ এটা অংশত মুছলমান ৰাজ্য হয়, তেন্তে আন অংশত হিন্দু ৰাজ্য প্ৰতিষ্ঠা হ’ব।

কিন্তু, ১৯৪৭-চনৰ স্বাধীনতা লাভৰ সময়ত হিন্দুৰাষ্ট্ৰ নিৰ্মাণৰ সেই সুযোগটো শেষ পৰ্যন্ত অথলে গ’ল বা সুযোগ ল’ব নোৱাৰিলে। ইয়াৰ মূল কাৰণ ধৰ্মনিৰপক্ষতাৰ পক্ষত গান্ধীজী, নেহেৰুকে ধৰি কংগ্ৰেছ আৰু ছচিয়েলিষ্টৰ অৱস্থান। ইয়াতে ক্ষোভিত হৈ তেওঁলোকে আৰু এটা ভুল কৰিলে, হিন্দুত্ববাদীসকলে জাতিৰ শত্ৰু আখ্যা দি  গান্ধীজীক হত্যা কৰিলে। যাৰ ফলত দেশ জুৰি নিষিদ্ধ হয় আৰ এছ এছ আৰু ভাৰতীয় জনতাই আৰ এছ এছক চিৰদিনৰ বাবে শত্ৰু জ্ঞান কৰিবলৈ লয়।

নেহৰু আছিল আৰ এছ এছ  প্ৰতি অধিক কঠোৰ। হিন্দুত্ববাদক প্ৰশ্ৰয় নিদিয়াৰ ক্ষেত্ৰত তেওঁৰ  অবস্থান প্রশ্নাতীত—সেই কাৰণেই হিন্দুত্ববাদৰ প্ৰবক্তাসকলে এতিয়াও নেহেৰুৰ নাম শুনিলে  প্ৰতিক্ৰিয়া ব্যক্ত কৰে, আনকি স্বাধীনতাৰ ৭৫ বছৰীয়া ভাষণত মোদীয়ে মুক্তি যুঁজাৰুসকলৰ প্ৰতি শ্ৰদ্ধা জনাওতে নেহৰুৰ নাম পৰ্যন্ত উচ্ছাৰণ কৰাৰ পৰা বিৰত থাকিল। এতিয়াও আধুনিক ভাৰতৰ নিৰ্মাতাগৰাকীৰ প্ৰতি ঘৃণাসূচক প্ৰৱণতা প্ৰদৰ্শন কৰে সংঘ পৰিবাৰৰ নেতাসকলে,  নেহৰুৰ প্ৰসংগ ওলালেই  আক্রমণাত্মক হৈ উঠে তেওঁলোকৰ প্ৰতিগৰাকী নেতা। কংগ্ৰেছ দলৰ পৰিয়ালকেন্দ্ৰিক ক্ষমতা দখলৰ বিৰুদ্ধে তেওঁলোকৰ যি জেহাদ, তাৰ অন্তৰালতো আছে নেহৰু বিদ্বেষৰ পুৰণি বেমাৰৰ পাৰ্শ্বক্ৰিয়া।

চাভাৰকাৰৰ চমু পৰিচয়

উভতি আহিছোঁ চাভাৰকাৰৰ প্ৰসংগলৈ। ১৯২৪ চনৰ ৬ জানুৱাৰীৰ দিনটো ভাৰতৰ ইতিহাসৰ এটা  কলা দিন কাৰণ ভাৰতৰ কোনো স্বাধীনতা সংগ্ৰামীয়ে এনেদৰে শত্ৰুৰ হাতত আত্মসমৰ্পন কৰি মুক্তি লাভ কৰা নাছিল। ভগৎ সিং আৰু অন্যান্য বহু বিপ্লৱীয়ে সুযোগ পায়ো ব্ৰিটিছৰ অনুকম্পা নিবিচাৰিলে আৰু ফাঁচী কাঠত প্ৰাণ আহুতি দিলে। কিন্তু বিনায়ক দামোদৰ চাভাৰকাৰে ব্ৰিটিছৰ অনুকম্পাত মুকলি আকাশৰ তললৈ আহি হিন্দুৰাষ্ট্ৰৰ সপোন বাস্তবায়িত  কৰিবলৈ তৎপৰ হৈ উঠিল। প্ৰশ্ন হয়, বিপ্লৱীৰ ৰূপত আত্মপ্ৰকাশ কৰা এজন ব্যক্তিয়ে যেতিয়া শত্ৰুপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰি যিখন দেশত ইংৰাজৰ ৰঙা চকুক ভয় নকৰি আপোচৰ সলনি আত্মত্যাগৰ পথ বাছি লোৱা ভগৎ সিঙৰ দৰে যোদ্ধাই বীৰৰ সন্মান পাই আহিছে, সেই একেখন দেশত চাভাৰকাৰৰ দৰে মাফিনামাত স্বাক্ষৰ কৰি জেলৰ পৰা ওলাবলৈ সক্ষম হোৱা  লোক এজন কিদৰে বীৰ হিচাবে আখ্যায়িত  হ’ব পাৰে?

১৮৮৩ চনত জন্মগ্ৰহন কৰা দামোদৰ চাভাৰকৰে হাইস্কুলত পঢ়ি থাকোতেই বিপ্লৱী কাম কাজত আত্মনিযোগ কৰিছিল তেওঁৰ ভাতৃ গণেশৰ সতে। ১৯০৬ চনত তেওঁ অভিনৱ ভাৰত ছছাইটি নামে উগ্ৰপন্থী সংগঠন গঢ়ি তোলে। মাত্ৰ ১২ বছৰ বয়সত তেওঁ  হিন্দু-মুছলিম দাংগাৰ সময়ত গাঁৱৰ মছজিদ আক্ৰমণত ছাত্ৰসকলক নেতৃত্ব দিছিল, কৈছিল, “আমি আমাৰ মছজিদটো ধ্বংস কৰিছোঁ”। পৰিপক্কতা লাভ কৰাৰ পিছতো চাভাৰকৰে এটা লেখাত শিৱাজীৰ মুখেৰে কোৱাইছে, “নালাগে ধন গজা হায়া মাজ, প্রিয়া জগতি এক যবনবধ (আমি ধন-সম্পদ বা হাতী ঘোঁৰা লালন-পালন নকৰোঁ, আমাৰ হৃদয়ে মাথোঁ বিচাৰে এটা যবন হত্যা)”। নকলেও হ’ব, যবন মানে তেওঁ মুছলমানৰ কথাই কৈছে।

লণ্ডনত আইন-শিক্ষা গ্ৰহণ কৰি থকা সময়ত ১৯১০ চনত ভাৰত আৰু লণ্ডনত ঘটা দুটা হত্যাকাণ্ডৰ ষড়যন্ত্ৰত বিনায়কৰ চাভাৰকাৰৰ হাত থকাৰ সন্দেহ হয়। তাৰে এটা হত্যাকাণ্ড হ’ল লণ্ডনৰ ইণ্ডিয়া অফিচৰ এ ডি চি ছাব উইলিয়াম কাৰ্জন উইলিৰ আৰু আনজন হ’ল নাছিকৰ জিলা দণ্ডাধীশ এম টি জেকচন। এই জেকচনেই চাভাৰকাৰক সন্ত্রাসমূলক কার্যত জড়িত থকাৰ অভিযোগৰ বিচাৰৰ দায়িত্বত আছিল। চাভাৰকাৰক ব্ৰিটেইন চৰকাৰে গ্ৰেপ্তাৰ কৰি বিচাৰৰ বাবে ভাৰতলৈ চালান দিয়ে। ব্ৰিটিছ শাসকে তেওঁক দোষী সাব্যস্ত কৰি পঞ্চাশ বছৰৰ বাবে  কাৰাদণ্ড বিহে আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ চেলুলাৰ জেললৈ স্থানান্তৰ কৰে। স্বাধীন ভাৰতক হিন্দুৰাষ্ট্ৰ হিচাপে চাব খোজা এইজন নেতা চেলুলাৰ জেলত আবদ্ধ হৈ হতাশগ্ৰস্থ হৈ পৰিল, বন্দীত্বৰ পৰা মুক্ত হোৱাৰ বাসনাত সহজ পথ বিচাৰি অস্থিৰ হৈ পৰিল। জেল জীৱনত তেওঁ ইমানেই অতিষ্ঠ হৈ পৰিল যে  ব্ৰিটিছ চৰকাৰে বান্ধি দিয়া যিকোনো চর্ত মানি ল’বলৈ চৰকাৰৰ প্ৰতি তেওঁ আবেদন জনালে যাৰ ভাষ্য এনে ধৰণৰ, “চৰকাৰে বিচৰা ধৰণেই সেৱা আগবঢ়াবলৈ মই প্রস্তুত। মই মোৰ বিবেক বুদ্ধিৰে কওঁ যে ভৱিষ্যতেও মোৰ আচৰণৰ কোনো তাৰতম্য নঘটিব। মোক জেলত বন্দী কৰি থলে চৰকাৰৰ একো লাভ নহ’ব। আপোনালোক  ক্ষমতাশালী, আপোনালোকেহে দয়া প্ৰদৰ্শন কৰিব পাৰে। সদায় দুষ্টামী কৰা ল’ৰাটো পাচত মাক-বাপেকৰ ওচৰলৈ উভতি নাহিনো আন ক’লৈ যাব? ঠিক তেনেধৰণেৰে ম‍ই চৰকাৰৰ ওচৰলৈ উভতি আহিব খুজিছোঁ। আশাকৰোঁ আপোনালোকে বিবেচনা কৰিব”।

(I am ready to serve the government in any capacity they like, for as my conversion is conscientious so I hope my future conduct would be, By keeping me in jail nothing can be got in comparison to what would be otherwise. They Mighty alone can afford to be merciful, and therefore where else can be the Prodigal son return but to parental doors of the government? Hoping your honour will kindly take into notion these points’…..)।

এনেদৰে তেওঁ ইংৰাজৰ কৰুণা ভিক্ষা কৰি প্ৰায় পাঁচখন চিঠি (mercy petition) লিখিছিল, প্ৰথম অৱস্থাত কোনোধৰনৰ গুৰুত্ব দিয়া নাছিল যদিও পিছলৈ ইংৰাজৰ মন কুমলিল। খুব সম্ভৱ ১৯২৩ চনত কাৰাগাৰৰ ভিতৰতে ছাভাৰকাৰে লিখি উলিওৱা Essentials of Hindutwa, এই গ্ৰন্থখনৰ জৰিয়তে ইংৰাজৰ বিশ্বাসভাজন হ’বলৈ সক্ষম হ’ল।  ছাভাৰকাৰৰ মত আৰু ৰাজনীতিৰ পৰিৱৰ্তনৰ ইংগিত পাই ব্ৰিটিছ প্ৰশাসকে ‘ইংৰাজৰ বিৰুদ্ধে কোনো কাম নকৰা’ৰ  এক চুক্তিৰ মাজেৰে ১৯২৪ চনৰ ৬ জানুৱাৰীত বিনায়ক দামোদৰ ছাভাৰকাৰে মুক্তি লাভ কৰিলে। ১৯৩৭ চনৰ পিছত তেওঁ প্ৰত্যক্ষভাৱে ৰাজনৈতিক কাম-কাজ কৰিবলৈ আৰম্ভ কৰে আৰু সমান্তৰালকৈ এগৰাকী শক্তিশালী বক্তা আৰু লেখক হিচাপেও প্ৰতিষ্ঠা লাভ কৰে, আৰু ব্ৰিটিছ সাম্ৰাজ্যবাদী শাসকৰ এজন বিশ্বস্ত সহচৰ আৰু ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ এজন প্রধান প্রতিপক্ষহে হৈ পৰিল।

গান্ধী হত্যাৰ ব্লুপ্ৰিণ্ট

ভাৰতৰ স্বাধীনতাৰ পাঁচ মাহ পিছত ১৪ জানুৱাৰী ১৯৪৮-ত হিন্দু মহাসভাৰ তিনি সদস্য— নাথুৰাম গডচে, নাৰায়ণ আপ্তে আৰু দিগম্বৰ বেজ (অস্ত্র ব্যবসায়ী, তেওঁ মহাসভাৰ নিয়মিত অস্ত্র যোগান ধৰোতা) বোম্বেৰ চাভাৰকাৰ সদনত মিলিত হয়। ল্যাৰি কলিন্স আৰু ডমিনিক ল্যাপিয়েৰৰ গ্ৰন্থ  ‘ফ্রিডম এট মিডনাইট’-ৰ তথ্য অনুসৰি নাৰায়ন আপ্তেৰ  হাতত থকা বন্দুক- হেণ্ড গ্রেনেড, ফিউজ তাঁৰ  দিটনেতৰ  সম্বলিত বেগটো লৈ গডচেৰ সতে ভিতৰলৈ দহ মিনিটৰ বাবে সোমাই যায়। সেইদিনাই মদললাল পাহওয়া আৰু  বিষ্ণু কাৰকাৰে উভয়েই আগতীয়াকৈ  চাভাৰকাৰক দেখা কৰিছিল। কলিন্স এবং ল্যাপিয়েৰৰ গ্ৰন্থত উল্লেখ আছে যে খঙাল পাঞ্জাৱী শৰণাৰ্থী মদনলালৰ পিঠিত থপৰিয়াই চাভাৰকাৰে উৎসাহ দিছিল “শুভ  কামত হাত দিবলৈ ওলাইছা, আগবাঢ়ি যোৱা”।

চাভাৰকাৰক লগ পোৱাৰ পিছত আপ্তেই দিগম্বৰ বেজক সুধিছিল, দিল্লীত সিহঁতৰ সৈতে  যোগ দিবলৈ তেওঁ ইচ্ছুক নে?

গান্ধী হত্যাৰ বিচাৰৰ সময়ত ষড়যন্ত্রৰ বিৱৰণী প্ৰকাশ কৰাৰ বিনিময়ত বেজক শাস্তিৰ পৰা ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়াত বেজে কৈছিল, “আপ্তেই মোক কৈছিল যে তাটিয়াৰাও (চাভাৰকাৰ)-এ সিদ্ধান্ত লৈ গান্ধীজী, জৱাহৰলাল  নেহৰু আৰু হুছেইন শ্বহীদ ছোহৰাওৱার্দীক (Huseyn Shaheed Suhrawardy) ‘সমাপ্ত’ কৰিবলৈ তেওঁলোকৰ হাতত দায়িত্ব অর্পণ কৰিছে”।

ৰাজ সাক্ষী হিচাপে বেজে কয় যে গডছেৰ ইচ্ছামতে ২য়বাৰ দৰ্শন কৰিবলৈ যাওঁতে আপ্তেই  বেজক ভূমি মহলাত অপেক্ষা কৰিবলৈ কৈ আপ্তে গডচেৰ সতে ওপৰ মহলালৈ যায় আৰু কিছু সময় পিছত যেতিয়া চাভাৰকাৰৰ সতে তললৈ নামি আহে, তেওঁলোকক শুভেচ্ছা জনাই কয়, “যশস্বী হউন ইয়া অৰ্থাৎ সফল হৈ উভতি আহা” (তথ্য The wire, May 29, 2017 by Pavan Kulkarni)।

গান্ধীহত্যাৰ চক্ৰান্তত অভিযুক্ত হয় নাৰায়ন আপ্তে আৰু নাথুৰাম গডচে, ৮নৱেম্বৰ ১৯৪৯-ত  দুয়োকে ফাঁচী দিয়া হয়। প্ৰমাণৰ অভাৱত ছাভাৰকাৰ, গোপাল গডচে, মদনলাল পাহৱা, বিষ্ণু কাৰকাৰেক মুক্তি দিয়া হয়।

৪২-ৰ আন্দোলন

৮ আগষ্ট, ১৯৪২-ৰ পৰা আৰম্ভ হোৱা কংগ্ৰেছৰ ভাৰত ত্যাগ আন্দোলনৰ কালছোৱাত  শতাধিক লোকক সেনা বাহিনীয়ে গুলীয়াই হত্যা কৰে। ত্ৰিৰংগা পতাকা হাতত লৈ যিসকল দেশপ্রেমিক ভাৰতীয়ই সমদল উলিয়াইছিল, তেওঁলোকক কোনো বাচ-বিচাৰ নোহোৱাকৈ হত্যা কৰা হৈছিল। হিন্দু মহাসভা আৰু আৰ এছ এছৰ অতি ঘনিষ্ঠ নামে জনাজাত মহীশূৰ ৰজাৰ  সশস্ত্র বাহিনীয়ে ত্রিৰংগাক অভিবাদন জানোৱাৰ বাবে যি ভয়ংকৰ গণহত্যাত ২২জন কংগ্ৰেছীক হত্যা কৰিছিল, ইতিহাসৰ পাতত সি সদায় কলংকিত অধ্যায় হিচাবে থাকি যাব।

উল্লেখযোগ্য যে কংগ্রেছক দেশবিৰোধী আৰু বেআইনী সংগঠন হিচাবে ঘোষণা কৰাৰ পিছত ব্রিটিছ প্রভুসকলে কেৱল হিন্দু মহাসভা আৰু মুছলিমলীগক কাম কৰি যোৱাৰ অনুমতি দিছিল।

আমি বহুতেই জানোঁ যে ১৯৪২ চনত কমিউনিষ্ট পার্টিয়ে  QIM (Quit India Movement)-ৰ  বিৰোধিতা কৰিছিল আৰু স্বাধীনতা সংগ্রামৰ ইতিহাসত গণঅভ্যুত্থানৰ এটি মহান পর্বৰ সৈতে আগবাঢ়ি যোৱাৰ সুযোগ নষ্ট কৰিছিল। উদ্দেশ্য আছিল দ্বিতীয় বিশ্বযুদ্ধৰ পৰিপ্ৰেক্ষিতত কমিউনিষ্টসকলে হিটলাৰৰ ফেচিজিমৰ পৰা দেশ তথা বিশ্বক ৰক্ষা কৰা আৰু সেই বাবেই তেওঁলোক মিত্ৰজোঁটৰ পক্ষত আছিল। কিন্তু তৎসত্তেও এক বিপুল সংখ্যক কমিউনিষ্ট কর্মীয়ে  ভাৰত ত্যাগ আন্দোলনত কংগ্ৰেছৰ মাজত থাকি অংশগ্ৰহণ কৰিছিল। ১৯২১ চনৰ প্ৰতিষ্ঠা কালৰে পৰা পূৰ্ণ স্বৰাজৰ দাবী তুলি অহা কমিউনিষ্ট পাৰ্টিয়ে পৰৱৰ্তী সময়ত এই ঐতিহসিক ভুলৰ বাবে ভাৰতীয় জনসাধাৰণৰ ওচৰত নিঃচর্ত ক্ষমা প্ৰাৰ্থনা কৰে। কিন্তু হিন্দুত্ববাদী শিবিৰে কেৱল ভাৰত ত্যাগৰ বিৰোধিতাই কৰা নাছিল, ঐতিহাসিক গণ অভ্যুত্থান দমনত ব্রিটিছ শাসকসকলক প্ৰত্যক্ষ ভাবে সমৰ্থন আগবঢ়াইছিল।

হিন্দু মহাসভা আৰু মুছলিম লীগ: এটা মুদ্ৰাৰ ইপিঠি সিপিঠি

ব্ৰিটিছ চৰকাৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত ক্ৰমাৎ প্ৰবল হৈ অহা স্বাধীনতা সংগ্রামক দুৰ্বল কৰিবলৈ মুছলিম লীগক যিমান গুৰুত্ব দিছিল, হিন্দু মহাসভাকো সিমানেই গুৰুত্ব দিবলৈ আৰম্ভ কৰিছিল। ১৯৩৭-৩৮ চনৰ পৰা এই দুই সংগঠনৰ কাম কাজ বহু পৰিমাণে বৃদ্ধি পালে। হিন্দু মহাসভাৰ ৰাষ্ট্ৰীয় সন্মিলনত মুকলিকৈ ঘোষণা কৰা হ’ল যে হিন্দু-মুছলমান দুটা পৃথক জাতি। আৰ এছ এছৰ মুৰব্বী গোলৱালকাৰো বহি নাথাকিল,  We or Our Nationhood Defined (১৯৩৯) শীৰ্ষক গ্ৰন্থ লিখি উলিয়ালে, যাক কোৱা হয় আৰ এছ এছ-ৰ বাইবেল বুলি।  এই গ্ৰন্থই জাতিৰ সংজ্ঞাই সলনি কৰি পেলালে।

আনফালে ১৯৪০ চনত লাহোৰ অধিবেশনত দ্বিজাতি তত্ত্বক মান্যতা দি মুছলিম লীগে মুছলিমৰ বাবে পৃথক গৃহভূমিৰ দাবী জনালে। হিন্দু স্বার্থ ৰক্ষাত হিন্দু মহাসভা নে কংগ্রেছ, কাৰ বেছি অবদান তাকে লৈ দ্বন্দ্ব প্ৰকট হৈ উঠে। ১৯৪৬ চনৰ ১৬ আগষ্টত মুছলিম লীগৰ আহ্বানত প্রত্যক্ষ সংগ্রাম দিৱসৰ পৰিণতিত কলকতাত ভয়াবহ হত্যাযজ্ঞ সংঘটিত হয়, ফলত দেশ বিভাজন স্পষ্ট হৈ পৰিল। ১৯৪৭ চনত ভাৰতবৰ্ষই ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে বিভাজিত হৈ  স্বাধীনতা লাভ কৰে আৰু পাকিস্তান স্বাধীন হ’ল ধৰ্মৰ ভিত্তিত। কোনোপধ্যেই হিন্দু ৰাষ্ট্ৰ হিচাবে স্বীকৃতি নাপাই হিন্দু মহাসভাৰ ভিতৰ চ’ৰাত তীব্ৰ জোকাৰণি উঠে আৰু তাৰ নেপথ্যত মহাত্মা গান্ধীৰ যে হাত আছিল, হিন্দুত্ববাদীসকলে সেইটো নুবুজাকৈ থকা নাছিল।

উল্লেখযোগ্য যে এক জাতি বনাম দ্বিজাতি সম্পৰ্কীয় বিষয় লৈ হিন্দু মহাসভা আৰু মুছলিমৰ মাজত কোনো সংঘাত নাছিল। দ্বিতীয় বিশ্বযুদ্ধত ভাৰতবাসীৰ অজ্ঞাতেই ভাৰতক যুদ্ধৰ এটা পক্ষ ঘোষণা কৰাত কংগ্ৰেছে তাৰ প্ৰতিবাদত প্রাদেশিক চৰকাৰসমূহৰ পৰা পদত্যাগ কৰিবলৈ আৰম্ভ কৰিছিল। সেই সুযোগতে যুটীয়াভাৱে হিন্দু মহাসভা আৰু মুছলিম লীগে ব্ৰিটিছ যুদ্ধ প্ৰচেষ্টাক সহযোগ কৰিবলৈ আগবাঢ়ি গৈছিল। মুছলিম লীগ আৰু হিন্দু মহাসভাৰ নেতাৰ যে বুজাবুজি আছিল তাৰ এটা প্ৰমাণ হ’ল স্বয়ং শ্যামা প্রসাদ মুখার্জী। লাহোৰত ১৯৪০ পৃথক মুছলমান ৰাজ্যৰ প্ৰভাৱ উত্থাপন কৰা ফজলুল হকৰ অধীনতে তেওঁ ১৯৪১-ত বংগৰ মন্ত্ৰী হৈ আছিল। পৰৱৰ্তী সময়ত দেশ বিভাজনক লৈ হোৱা ৰক্তাক্ত সংঘৰ্ষত নিহত হৈছিল নিৰীহ হিন্দু-মুছলমান-শিখ। মুছলিম লীগ, হিন্দু মহাসভাৰ কোনো নেতাৰ সংঘৰ্ষত মৃত্যু হোৱা নাছিল।

পেটেলৰ হিন্দু জাতীয়তাবাদ

বল্লভভাই পেটেলক লৈ বিগত কেইবছৰমানৰ পৰা হিন্দুত্ববাদীসকলে কিছু ৰাজনীতি কৰা দেখা গৈছে। পেটেলে দেশভাগত সমৰ্থন কৰিছিল বুলি কোৱা হয় কাৰণ পাকিস্তান সৃষ্টিৰ বিপক্ষে তেওঁ নেহেৰুৰ দৰে বিৰোধ কৰা নাছিল। তেওঁ মুছলিমসকলে পাকিস্তানলৈ যোৱাটো স্বাভাৱিক বুলি ভাবিছিল। কিন্তু, হিন্দুসকলৰ স্বার্থ ৰক্ষা কৰিবলৈ গৈ অন্যসকলৰ স্বার্থহানি কৰিব লাগিব বুলি তেওঁ কেতিয়াও ভবা নাছিল। দেশৰ ঐক্য বনাম আৰ এছ এছ-ৰ হিন্দুত্ববাদ, এই দ্বন্দ্বৰ মাজত পেটেল সদায় দৃঢ়ভাবেই থিয় দিছিল দেশৰ স্বাৰ্থত।

পেটেলৰ হিন্দু জাতীয়তাবাদৰ বিপৰীতে নেহৰুৰ ধর্মনিৰপেক্ষতাৰ কথা কোৱা হয়। ব্যক্তিগতভাৱে ধর্মৰ সৈতে নেহৰুৰ সম্পর্ক নাছিল, গতিকে হিন্দুত্ববাদীসকলে সুচতুৰভাৱে নেহৰুৰ ধর্মনিৰপেক্ষতাক নাস্তিকতা আৰু অধাৰ্মিক বুলি প্ৰচাৰ চলাই নেহৰু সম্পৰ্কত এখন ভুল ছবি সমাজলৈ প্ৰক্ষেপ কৰে। কিন্তু এই ক্ষেত্ৰত তেওঁলোকে চক্রবর্তী ৰাজাগোপালাচাৰীৰ  ধর্মনিৰপেক্ষতাৰ উদাহৰণ নিদিয়ে। ব্যক্তিগত জীৱনত পৰম ধার্মিক এই তামিল ব্রাহ্মণগৰাকী  ধর্মনিৰপেক্ষতাৰ প্রতি তেওঁৰ আনুগত্যক কোনো কাৰণতেই হেয় হ’বলৈ দিয়া নাই, অন্য ধৰ্মৰ প্ৰতি বৈষম্য তেওঁ মানি লোৱা নাছিল, ৰাজাগোপালাচাৰীৰ এই অবস্থান গান্ধীজীৰ একেবাৰে  নিকট, তাত কোনো সন্দেহ নাই। গান্ধী বা সেই সময়ৰ কংগ্ৰেছীসকলৰ মাজত হিন্দু সম্পৰ্কে মনোভাব বা সেই সময়ৰ ৰাজনীতিৰ সতে হিন্দুত্ববাদী ৰাজনীতিৰ পাৰ্থক্য বিচাৰিবলৈ বেছি টান নহয়। কিন্তু তাৰ মাজতো স্বাধীনতাৰ পিছৰ কালছোৱাত কংগ্রেছৰ মাজত থাকিয়েই যিসকল ব্যক্তি হিন্দুত্ববাদী ৰাজনীতিৰ নিকটত আছিল, তেওঁলোকক ‘হিন্দু সনাতনী’ হিচাবে চিহ্নিত কৰা হৈছিল। হিন্দু সনাতনীৰ মাজত আছিল ভাৰতৰ প্রথম ৰাষ্ট্রপতি ৰাজেন্দ্রপ্রসাদ আৰু  উত্তৰপ্রদেশৰ কংগ্রেছ নেতা পুৰুষোত্তম দাস টেণ্ডন আৰু কেইবাজনো। সোমনাথ মন্দিৰ  পুনর্নির্মাণৰ পিছত নেহৰুৰ অনুৰোধ অমান্য কৰিও ৰাষ্ট্রপতি ৰজেন্দ্রপ্রসাদে মন্দিৰ উদ্বোধন কৰিছিল। গোহত্যা বন্ধৰ ক্ষেত্ৰত দৃঢ়প্রতিজ্ঞ আছিল টেণ্ডন। কিন্তু ইমানৰ পিছতো হিন্দু ৰাজনীতি আৰু হিন্দুত্ববাদৰ যি ব্যবধান, হিন্দু সনাতনীসকলেও সেই ব্যবধানটো ৰক্ষা কৰি চলিছিল। সনাতনীসকলে হিন্দুসকলৰ উত্তৰণ বিচাৰিছিল সঁচা, কিন্তু তাৰ বাবে ভিন্ন ধর্মাবলম্বীসকলক হেয় প্ৰতিপন্ন কৰিব বা দেশৰ পৰা বিতাৰিত কৰিব বা নাগৰিকত্ব কাঢ়ি ল’ব, এনে কথা তেওঁলোকে মানি লোৱা নাছিল। বৰ্তমান সময়ত অৰবিন্দ কেজৰিৱালৰ কথাও ক’ব পাৰোঁ, তেওঁ এজন ধাৰ্মিক নেতা, কিন্তু  হিন্দুত্ববাদী নহয়।

সামৰণি

হিন্দু ৰাজনীতিৰ ক্ষেত্ৰ প্ৰস্তুত কৰাৰ মূলতেই হিন্দু ধর্মীয় আৱেগ বা হিন্দু ৰাজনীতিৰ একমাত্র প্রতিনিধি হিচাপে হিন্দুত্ববাদীসকল জনগণৰ ওচৰলৈ আগবাঢ়ি যোৱা আৰু তেওঁলোকৰ প্ৰধান  কামটোৱেই হৈছে উদাৰবাদী ধর্মনিৰপেক্ষতাক সমালোচনা কৰা। ভাৰতীয় জনতাৰ প্ৰাণৰো প্ৰাণৰ স্বাধীনতা আন্দোলনত কোনোধৰণৰ সহযোগ নথকা হিন্দুত্ববাদীৰ চাৰিকুৰি বছৰীয়া বিফল ইতিহাসৰ অবসান ঘটাই যোৱা শতিকাৰ শেষৰ ফালে আৰু এই শতিকাৰ আৰম্ভণিতে  নিৰ্বাচনৰ জৰিয়তে ভাৰতৰ শাসনতন্ত্ৰ হাতৰ মুঠিলৈ আনিছিল যদিও বিশেষ সুবিধা কৰিব নোৱাৰিলে। পিছৰ দুটা নিৰ্বাচনতো জনতাৰ ৰায় সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে গ’ল। পিছে কংগ্ৰেছৰ অপাৰদৰ্শিতা, দুৰ্নীতি আৰু পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰা মুক্ত কৰাৰ প্ৰতিশ্ৰুতি দি পৰৱৰ্তী সময়ত “আটচ্ছে দিন”-ৰ শ্লোগান আনিলে আৰু পৰিৱৰ্তন বিচাৰি থকা ভাৰতীয় জনসাধাৰণক মোহাচ্ছন্ন কৰি পুনৰ শাসন কৰাৰ সুযোগ লাভ কৰিলে দেশ আৰু জাতিৰ গৰিমাৰ প্ৰতি ভাবুকি অনা সাম্প্ৰদায়িকৃ হিন্দুত্ববাদীসকলে। ১৯৪৭ চনত স্বাধীনতাৰ কালছোৱাত সম্ভৱ হৈ নুঠা তেওঁলোকৰ সপোন বাস্তবায়িত কৰিবলৈ সেইসকলে অপেক্ষা কৰিবলগীয়া হ’ল সম্পূৰ্ণ এটা শতিকা। সময়ৰ সোঁতত গান্ধীজীৰ ৰামে পুনৰ বনবাস খাটিবলৈ অৰণ্য যাত্ৰা কৰিলে আৰু অযোধ্যা কাণ্ড, গোধ্ৰা কাণ্ডত জনপ্ৰিয় হৈ পৰা জয় চিয়া ৰাম আহি শাসনৰ গাদীত বহিল। গান্ধীজীৰ ৰাম আৰু ৰহিমৰ এক আৰু অভিন্ন আত্মাই ইজনে সিজনক বিচাৰি নোপোৱা হল। সেইদৰে বিজেপি-আৰ এছ এছ’-ৰ ৰাজনীতিত হিন্দু প্ৰীতি, হিন্দুস্বাৰ্থ ৰক্ষাৰ অৰ্থ  মুছলমানসকলৰ স্বার্থহানি কৰা। ইয়েই তেওঁলোকৰ মূল এজেণ্ডা। এনে এক পৰিস্থিতিৰ সমুখত  আজি চাভাৰকাৰক বীৰ সজোৱা হৈছে আৰু হিন্দুৰাষ্ট্ৰ নিৰ্মাণৰ লাইখুটা পুতিবলৈ সুযোগৰ সন্ধানত আছে। চাভাৰকাৰৰ হিন্দু-সংজ্ঞা প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নানা ধৰণৰ কৌশল অৱলম্বন  কৰা দেখা গৈছে। ৰাজনীতি হৈছে বিদ্বেষৰ আৰু ধৰ্মীয় সংকীৰ্ণতাৰ। হয়তো সংবিধানৰ পৰা ধৰ্মনিৰপেক্ষ আৰু সমাজবাদ শব্দটো আঁতৰাই পেলাবলৈ বেছি  দিন নাই।  মানৱীয় প্ৰমূল্যৰ মৃতদেহৰ ওপৰেদি ভাৰতবৰ্ষক অস্থিৰ কৰি তুলিবলৈ বিনায়ক দামোদৰ চাভাৰকাৰৰ পৰা নৰেন্দ্ৰ দামোদৰ মোদীলৈ হিন্দুত্ববাদী ৰাজনীতিৰ শতিকাজোৰা এনে  প্ৰচেষ্টাক যিদৰে বাধা দিয়া হৈছিল, এতিয়াও বাধা দিব পাৰিব লাগিব, ভাৰত ভূখণ্ডৰ পৰা তেওঁলোকৰ অস্তিত্ব বিলোপ কৰিব লাগিব। সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ হকে আৰু এখন স্বাধীনতা সংগ্ৰামৰ প্ৰয়োজনত কালিলৈ হয়তো আপুনিও ৰাজপথলৈ ওলাই আহিব লাগিব—এই কথা আজিয়েই ভাবি চোৱা দৰকাৰ।

(“গণশক্তি” আলোচনীত পূৰ্বে প্ৰকাশিত এই প্ৰবন্ধটো লেখকে “মুক্ত চিন্তা”-লৈ পুনৰ্প্ৰকাশৰ বাবে প্ৰেৰণ কৰিছে)

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *