বৈজ্ঞানিক চিন্তাধাৰা আৰু যুক্তিৰে দৈনন্দিন জীৱনক অন্ধবিশ্বাসৰ পৰা দূৰৈত ৰাখোঁ আহক – (ডা০ ৰাজীৱ দাস)
এবাৰ নোবেল জয়ী বিজ্ঞানী নীল ব’ৰৰ (Niels Bohr) ঘৰলৈ এজন অতিথি আহিল। দুয়োজনৰ মাজত কথা বাৰ্তা হ’ল, আলাপৰ মাজতে অতিথিয়ে দেখিলে প্ৰথিতযশা বিজ্ঞানীজনাৰ দুৱাৰৰ কোণত ঘোঁৰাৰ ঠেং অকণমান ওলোমাই থোৱা আছে। অতিথিজন উৎসুক হ’ল, অলপ নিৰুৎসাহো হ’ল আৰু মনৰ ভাৱটো প্ৰকাশ নকৰি নোৱাৰিলে। “নীল, তোমাৰ দৰে এজন বিজ্ঞান জ্যোতিষ্কৰ ঘৰত এনে কথাই শোভা নাপায়”, উষ্মাৰে তেওঁ ক’লে। “নহয়”, নীল ব’ৰে ক’লে, “মই অন্ধবিশ্বাসী নহওঁ। কিন্তু, মই সৌভাগ্যৰ বাবে সেইটো আঁৰি থৈছোঁ।”
বিজ্ঞান আৰু অন্ধবিশ্বাসৰ মাজৰ দ্বন্দ যুগযুগান্তৰৰ পৰা চলি আহিছে। বিজ্ঞান হ’ল মতবাদ, সম্পৰীক্ষা আৰু যুক্তিনিষ্ঠতাৰ ওপৰত প্ৰতিষ্ঠিত। আৱেগ আৰু মৌলিক বিশ্বাসে বিজ্ঞানক পৰিচালনা কৰিব নোৱাৰে। কিন্তু অন্ধবিশ্বাস হ’ল জোৰকৈ বিশ্বাস কৰা, নিজৰ মনক সঠিক যুক্তিৰ বাহিৰত থৈ আৱেগৰে চলা এক ভ্ৰান্ত প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়া নিজৰ মনৰ মাজতে চলি থকালৈকে সমাজৰ বিশেষ ক্ষতি নহয়, কিন্তু যেতিয়াই এই ভ্ৰান্ত ধাৰণাবোৰে সমাজৰ অন্য দহজনক প্ৰভাৱাম্বিত কৰে তেতিয়াই ই সামাজিক ব্যাধিলৈ ৰূপান্তৰিত হয়। চিকিৎসা বিজ্ঞানত কিছুমান মনোৰোগৰ বিষয়ে বৰ্ণিত আছে। তাৰ ভিতৰত ‘অৱচেচিভ কম্পালচিভ ডিচঅৰ্ডাৰ’ (Obsessive compulsive disorder), হেলুচিনেচন (Hallucinations), ইলুজন (Illusion), গণ বিভ্ৰম বা হিষ্টিৰিয়া (Hysteria) আদিবোৰ মানসিক অৱস্থা আৰু উপসৰ্গই অন্ধবিশ্বাস বিয়পাৰ ক্ষেত্ৰত কিছু ভূমিকা পালন কৰে। উদাহৰণস্বৰূপে, তলৰ প্ৰসংগবোৰ উল্লেখ কৰিলোঁ।
১) কোনোবা এজন ব্যক্তিৰ বিশ্বাস হ’ল যে তেওঁ সপোনত কিবা দেখিলে বা বাস্তৱত কাষতে কাৰোবাক দেখি আছে বা কিবা এবিধ ৰোগৰ প্ৰতিকাৰ উদ্ভাৱন কৰিছে। চিজ’ফ্ৰেনিয়া ৰোগত আক্ৰান্ত মানুহ বহুত সময়ত এনেধৰণৰ মানসিক বিভ্ৰমৰ স্বীকাৰ হয়। যেতিয়া ব্যক্তিজনে ধৰ্ম আৰু শিক্ষাৰ অনগ্ৰসৰতাৰ সুযোগ লৈ তেওঁৰ মনৰ ভ্ৰান্ত ধাৰণাবোৰ সমাজত বিয়পাই দিয়ে, তেতিয়া এইবোৰ সামাজিক ব্যাধিলৈ ৰূপান্তৰিত হয়।
২) খুৱ পৰিষ্কাৰ পৰিচ্ছন্ন মানুহে কেতিয়াবা বাৰে বাৰে একেটা কামকে প্ৰয়োজনতকৈ বেছিকৈ কৰি থকা দেখা যায়। অৱচেচিভ কম্পালচিভ ডিচঅৰ্ডাৰ থকা মানুহে এনেধৰণৰ কামবোৰ কৰে।
৩) কেতিয়াবা গণ বিভ্ৰমে সামাজিক মাধ্যমৰ সহায়ত এনেধৰণে বিয়পি পৰে যে ইয়াক ৰোধ কৰাটো কঠিন হৈ পৰে। হিষ্টিৰীয়া নামৰ মানসিক ৰোগত আক্ৰান্ত ব্যক্তিয়ে নিজে ক’ব নোৱৰাকৈ এনে কিছুমান কাম কৰে যে তাক ঘৰৰ ব্যক্তিসকলে আই লম্ভা, ভগৱানে দেখা দিয়া বা তেনেধৰণৰ ৰূপ দি পূজা পাতল কৰে। মুখে মুখে কথাবোৰ বিয়পি গৈ খবৰৰ সন্ধানত ঘূৰি ফুৰা কিছুমান ইলেক্ট্ৰনিক মাধ্যমৰ সংবাদ দাতাৰ হাতত পৰেগৈ। ফলস্বৰূপে আকৌ এনেধৰণৰ ভ্ৰান্তিবোৰ ৰাইজৰ মাজত বেছিকৈ বিয়পি যায়। বহুলোকে আৰ্থিক, পাৰিবাৰিক আৰু ৰোগৰ পৰা পোৱা অশান্তিৰ পৰা পৰিত্ৰাণ পাবলৈ এওলোকৰ শৰণাপন্ন হয়। উদাহৰণস্বৰূপে মৰিগাঁৱৰ টিংকু ডেকাৰ কথা বা যোৰহাটৰ ৰুহানি বাবাৰ কথা উল্লেখ কৰিব পাৰি। আমি নিজেও চিকিৎসক হিচাপে চাক্ষুসে এনে বহু কৰ্ম কাণ্ড দেখিছোঁ।
৪) স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত হিষ্টিৰীয়া ৰোগ বৰকৈ দেখা পোৱা যায়। যদি প্ৰাৰ্থনা কৰি থকা সময়ত কোনোবা এগৰাকী ছাত্ৰী ঘৰৰ পৰা নোখোৱা নোবোৱাকৈ অহাৰ বাবে ‘ভেচ’ ভেগেল'(vaso-vagal) অৰ্থাৎ পাকস্থলীলৈ মূৰৰ পৰা সংযোগ স্থাপন কৰা স্নায়ু ডালৰ কৰ্ম বিসংগতি আৰু তেজত শৰ্কৰাৰ পৰিমাণ কম হোৱাৰ বাবে পৰি যাব পাৰে। তেওঁক দেখি হিষ্টিৰীয়াৰ স্বীকাৰ হৈ তেওঁৰ লগৰ দুগৰাকীমানো থিয় হৈ থকাৰ পৰা পৰি যাব পাৰে। আইৰণ খাওঁতেও বহুত বিদ্যালয়ত এনে ঘটনা হৈছিল। কিন্তু বিজ্ঞানসন্মত বিশ্লেষণ নকৰাকৈ বহুতে এনেবোৰ ঘটনাক ভূত দেখা বা আই ওলোৱা আদিৰ লগত জড়িত কৰি অপবিজ্ঞানক আৰু বিয়পাই তোলে।
৫) চিকিৎসা বিজ্ঞান এনে এক বিষয় য’ত নিৰন্তৰ গৱেষণা চলি থাকে। ৰোগসমূহৰ প্ৰকৃতি, বেমাৰ হোৱাৰ পথবোৰ, জিনৰ নতুন নতুন ৰূপান্তৰ, পৰিৱেশৰ প্ৰভাৱৰ ফলত ৰোগবোৰৰ প্ৰকাশৰ ধৰণ সলনি হৈ থাকে। তাতে ৰাইজৰ মাজত সজাগতা কম, চিকিৎসাৰ বৰ্ধিত খৰছ, ৰুগীয়া দেহাৰে “ক’লৈ যাও কি কৰোঁ” অৱস্থাৰ বাবে এই গোটেই সামগ্ৰিক ৰোগ পৰিচালনাৰ কথাবোৰত অপবিজ্ঞান আৰু অন্ধবিশ্বাসে ভিৰ কৰেহি। কোভিড-১৯ ৰোগৰ সময়ত কঁঠাল গুটি খোৱা, অলপ দিনৰ আগতে চকুৰ ৰোগ লেলাউটিৰ সহায়ত ভাল কৰিব পাৰি বুলি ৰাজহুৱা মাধ্যমত বিবৃতি দিয়া স্বয়ম্ভু চিকিৎসক আদিবোৰৰ প্ৰকৃত কাৰণ এনেধৰণে বিচাৰ কৰিব পাৰি। সকলোতকৈ ডাঙৰ কথা হ’ল যে অকল এল’পেথিক চিকিৎসাতহে পাৰ্শ্বক্ৰিয়া আছে বুলি প্ৰচাৰ কৰা বিভ্ৰম। ভাং বেছিকৈ খালে বা এসাজত দ্ৰোণ বন বেছিকৈ খালেও মানুহৰ দেহত পাৰ্শ্ব ক্ৰিয়া হয়। বহুৰোগৰ ঔষধত স্তে’ৰইদ জাতীয় যৌগ থাকে যিবোৰে আমাক অতি সোনকালে যন্ত্ৰণাৰ পৰা মুক্তি দিয়ে, কিন্তু বেছি দিন ব্যৱহাৰ কৰিলে এইবোৰ মাৰাত্মক হৈ পৰে। এল’পেথিক চিকিৎসা পদ্ধতিত এইবোৰ কথা লিপিবদ্ধ আছে, সেয়েহে মানুহে পাৰ্শ্ব ক্ৰিয়াৰ তথ্য সহজতে পায়। কিন্তু অন্যান্য চিকিৎসা পদ্ধতিটো স্তে’ৰইদৰ ব্যৱহাৰ হয়, সেইটো তথ্য চকুত সাধাৰণতে নপৰে।
এনেধৰণৰ বহুতো প্ৰসংগৰ অৱতাৰণা কৰিব পাৰি। কিন্তু, সকলোৰে শেষত এনেধৰণৰ অন্ধবিশ্বাস আৰু অপবিজ্ঞানৰ ক্ষেত্ৰত অন্যকেইটামান কাৰণো আছে। আটাইটকৈ ডাঙৰ কাৰণ হ’ল অৰ্থনীতি। আজিকালি ইলেক্ট্ৰনিক মাধ্যমৰ বিভিন্ন অনুষ্ঠানবোৰ আচলতে বিজ্ঞাপনহে। অৰ্থৰ বিনিময়ত তেনে “কমিচনড্” প্ৰগামবোৰ বিভিন্ন বাতৰি চেনেলবোৰে প্ৰচাৰ কৰে। দৰ্শকো পালে, টকা সিকিও পালে, সস্তীয়া জনপ্ৰিয়তাও বাঢ়িল। কিন্তু, ৰাইজৰ মাজত বিভ্ৰম বৃদ্ধি পালে। আকৌ কেতিয়াবা কাৰোবাক ডাইনী সজাই কুবুদ্ধিৰ মানুহে মাটি সম্পত্তি গ্ৰাস কৰিবলৈ বিচাৰে। হোজা অল্পশিক্ষিত মানুহৰ আৱেগক শিখণ্ডী সজাই তেওঁলোকে কাৰোবাক ডাইনী সজাই লৈ এক সামাজিক ব্যাধিৰ ৰূপ দিছে। গঁড় হত্যাৰ কথাটোও এনেধৰণৰ অপবিজ্ঞানৰে অন্য এক ৰূপ। গঁড়ৰ খৰ্গৰ পৰা যৌন হৰ্মন বৃদ্ধিৰ বাবে চীনদেশত দৰৱ প্ৰস্তুতকৰণৰ এখন ক’লা বজাৰ আছে, যিটো আচলতে অমূলক। কিন্তু গোটেই হাজাৰ কোটি টকাৰ অৰ্থনীতিৰ বাবেই এনেধৰণৰ অপবিজ্ঞানকে বিজ্ঞান সজাই লৈ গঁড়হত্যাৰ ক’লা বজাৰখন চলি আছে।
পোহৰৰ বাট কেনি?
বৈজ্ঞানিক মতাদৰ্শ বিজ্ঞানতকৈও শ্ৰেষ্ঠ। ধৰি লোৱা হওক এজন মানুহৰ শিক্ষা দীক্ষা বৰ বেছি নাই, কিন্তু নিজস্ব বুদ্ধিমত্তা আৰু জ্ঞানেৰে তেওঁ প্ৰতিটো বিষয়বস্তু বৈজ্ঞানিক দৃষ্টিভংগীৰে চালিজাৰি চায়। বিজ্ঞানৰ যিটো মত বা ভিত্তি, সেইটো তেওঁ দৈনন্দিন জীৱনৰ ৰুটিন, সামাজিক ব্যৱহাৰ আৰু কৰ্মপদ্ধতিত ব্যৱহাৰ কৰে। অৰ্থাৎ তেওঁৰ বৈজ্ঞানিক মতাদৰ্শ এক সাৰোগত কৰিব পৰা জীৱনাদৰ্শ।
কিন্তু কোনোবা এজন গণিতজ্ঞ বা প্ৰথিতযশা বিজ্ঞানী নিজৰ নিজৰ বৈজ্ঞানিক কৰ্মকাণ্ডৰ পথটোতহে যদি অভিজ্ঞ আৰু আদৰ্শ হয়, তেন্তে তেওঁৰ মতাদৰ্শ সামগ্ৰিকভাৱে বিজ্ঞানৰ পথাৰখনত শ্ৰেষ্ঠ নহ’বও পাৰে। তেওঁ হয়তো নিৰ্ভুলভাৱে চন্দ্ৰ আৰু পৃথিৱীৰ কক্ষপথৰ গণনা কৰিব পাৰিব পাৰে, কিন্তু তেওঁ দহো আঙুলিত দহোটা পাথৰ পিন্ধি থাকিলে তেওঁৰ বৈজ্ঞানিক মতাদৰ্শ জীৱনৰ ক্ষেত্ৰত একেবাৰে নৈষ্ঠিক বিজ্ঞানৰ নহ’বও পাৰে।
গেলিলিঅ’ গেলিলি এজন তেনেধৰণৰ জীৱন বীক্ষাৰ বিজ্ঞানী আছিল। ধৰ্মকেন্দ্ৰিক ৰাজনৈতিক শাসন ব্যৱস্থাৰ ওচৰত তেওঁ সেও নামানি প্ৰমাণ কৰি দেখুৱাইছিল যে পৃথিৱীয়েহে সূ্ৰ্যৰ চৌপাশে প্ৰদক্ষিণ কৰে। তেওঁৰ বিজ্ঞান দীক্ষাৰ কাষত সেইসময়ৰ গীৰ্জাকেন্দ্ৰিক ৰাজনৈতিক শাসনব্যৱস্থা কঁপি উঠিছিল। তেওঁক নিক্ষেপ কৰা হৈছিল কাৰাগাৰৰ অন্ধ কুঠৰীলৈ, তেওঁৰ চকু কাঢ়ি অনা হৈছিল। বিজ্ঞানৰ জয়যাত্ৰা অব্যাহত থকালৈকে তেওঁৰ বিজ্ঞান দীক্ষাৰ স্বৰ্ণতৰা সদায় উজলি থাকিব৷ (প্ৰসংগক্ৰমে অন্ধবিশ্বাস দূৰীকৰণৰ ক্ষেত্ৰত গেলিলিওৰ এখন বিখ্যাত কিতাপৰ নাম উল্লেখ কৰিলোঁ – “Dialogue Concerning the Two Chief World Systems by Galileo Galilei” (1632)।)
সামৰণি:
অন্ধবিশ্বাস অকল শিক্ষাৰ অনগ্ৰসৰতাৰ লগতে জড়িত নহয়। লুপথানচাৰ আকাশীজাহাজবোৰত যাত্ৰী বহা আসনৰ ক্ৰমাংকত ১৩ সংখ্যাৰ ক্ৰম নাই। বহুতো বিলাসী হোটেলত ১৩ সংখ্যাৰ মহলাটো উল্লেখ নকৰে। বহুতো ক্ষেত্ৰত অদৃষ্টৰ হাতত নিজৰ ভৱিষ্যৎ এৰি দিবলগীয়া হোৱা বাবে বহুতে নিজৰ মানসিক প্ৰশান্তি বা উৎকণ্ঠা দুৰ কৰিবলৈকে এনেধৰণৰ আঙঠি, মাদলি, নেমু-জলকীয়াৰ গাঁঠি বা অশ্বখুৰাৰ টুকুৰা আদিৰ ওচৰত সজ্ঞানে বা বৰ বেছি নভৱাকৈ আশ্ৰয় লয়। কিন্তু ইয়াৰ লগত যদি ইলুজন, হেলুচিনেচন, হিষ্টেৰীয়া আদি মানসিক অৱস্থাবোৰ যোগ হয়, তেন্তে এইবোৰ সামাজিক ব্যাধিলৈ ৰূপান্তৰিত হয়।
আমাৰ জীৱনত বৰ্তি থকা বহুতো সংস্কাৰ, কৰ্ম পদ্ধতি আৰু সামাজিক কৰ্ম কাণ্ডৰ এক বিজ্ঞানসন্মত দৃষ্টিভংগীৰে আলোচনা কৰা দৰকাৰ। দুটা এটা সৰু উদাহৰণ উল্লেখ কৰিব বিচাৰোঁ। জণ্ডিচ মানে হ’ল যকৃতৰ ৰোগৰ উপসৰ্গ। তেজ বেছিকৈ ভাঙি যকৃতৰ অসুখত বিলিৰুবিন নামৰ যৌগৰ পৰিমাণ বৃদ্ধি হ’লে প্ৰসাৱ আৰু চকুৰ ৰং হালধীয়া হয়। এই জণ্ডিচ বিভিন্ন কাৰণত হয়। ভাইৰাছে যকৃত সংক্ৰমণ কৰিলেও হয়। তেনেধৰণৰ ভাইৰাছৰ পৰা হোৱা ৰোগক আমি হেপাটাইটিছ ৰোগ এ, বি, চি, ডি ই আদি বিভিন্ন ভাগত ভগাব পাৰোঁ আৰু সকলোৰে ঔষধ পদ্ধতি বেলেগ বেলেগ। আমাৰ ইয়াত সাধাৰণতে গৰমৰ দিনত পানীৰ পৰা হেপাটাইটিছ এ হয়। ভাইৰাছৰ পৰা হোৱা বেমাৰবোৰ এক নিৰ্দিষ্ট সময়ত নিজে নিজেই ভাল হৈ যায়। অৰ্থাৎ যদি আমি ভালদৰে খোৱাবোৱা কৰোঁ, জিৰনি লওঁ, যকৃতৰ ওপৰত বেছিকৈ বোজা পৰা খাদ্য নাখাওঁ, তেতিয়া এইৰোগ এক নিৰ্দিষ্ট সময়ত ভাল হোৱাৰ সম্ভাৱনা থাকে। তাৰ বাবে হাতত চূণ সানি বেজালি কৰা, মাদলি পিন্ধা অন্ধবিশ্বাসবোৰৰ আশ্ৰয় নল’লেও হয়।
যিবোৰ বিষয়বস্তুক বিজ্ঞানসন্মত দৃষ্টিভংগীৰে বিশ্লেষণ কৰি এক সুনিৰ্দিষ্ট উত্তৰ পোৱা যায়, তাক ৰাইজে গ্ৰহণ কৰিব লাগে। নহ’লে এনে দুৰ্বল ভিত্তিৰ মনত অন্ধবিশ্বাসবোৰ এক সিদ্ধান্তৰ দৰে হৈ পৰে। (“Superstition is the religion of fibble mind.”)
(১) গণমাধ্যমৰ ক্ষেত্ৰত তেওলোকৰ নিজৰ এক বৈজ্ঞানিক ভিত্তি বিচাৰ কৰা আৰু তথ্যৰ প্ৰকৃত প্ৰসাৰ কৰাৰ বাবে নিৰ্দিষ্ট সম্পাদকীয় গোট থাকিব লাগে।
(২) বিদ্যালয়-মহাবিদ্যালয়সমুহত বৈজ্ঞানিক মতাদৰ্শ আৰু জীৱন বীক্ষাক কেনেদৰে দৈনন্দিন জীৱনৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰি, তাৰ ব্যৱস্থা ল’ব লাগে।
(৩) যিবোৰ ক্ষেত্ৰ যেনে সমাজৰ পৰা আঁতৰি থকা ব্যক্তি, দুখীয়া লোক, আলিবাটৰ শিশু, দুৰ্গম অঞ্চলৰ সমাজ আদিবোৰক লৈ সামাজিক সংগঠন, নেতৃস্থানীয় ব্যক্তি আৰু চৰকাৰী পৃষ্ঠপোষকতাৰ সামাজিক আঁচনিৰ ৰূপকাৰসকলে বিশেষ পদক্ষেপ ল’ব লাগে।
আৰু বহুতো সমাধান আছে, থাকিব। যেতিয়ালৈকে মনৰ জটিলতাৰ পাকবোৰে ৰোগৰ আকাৰ ল’ব, অনিশ্চয়তাৰ পৃথিৱীখনে আমাৰ মন আৰু জীৱন বীক্ষাক উৎসুক কৰি ৰাখিব; শিক্ষা আৰু সামাজিক প্ৰগতিয়ে সকলোকে আগুৰি নল’ব, তেতিয়ালৈকে অন্ধবিশ্বাস আৰু অপবিজ্ঞানৰ বীজবোৰে আমাৰ বিজ্ঞানমনস্কতাৰ ক্ষেত্ৰখন আউল লগাই থাকিব। লগত ৰাজনীতি আৰু ধৰ্মৰ উৰ্বৰমস্তিস্কহীন মালিকসকলৰ সহযোগে এই কৰ্মকাণ্ডবোৰ আৰু শক্তিশালী কৰি তুলি থাকিব।
কিন্তু তাৰ মাজতো আশাৰ বতৰা থাকে। আমি মাত্ৰ দৈনন্দিন জীৱনৰ প্ৰতিটো দিশ বিচাৰ বিবেচনা, বুদ্ধিমত্তা আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে বিচাৰ কৰিলেই হ’ল। ভৱিষ্যৎ প্ৰজন্মৰ হাততো আমি এই ভাৱধাৰা তুলি দিব পৰাকৈ তেওঁলোকক এক উপযুক্ত মঞ্চ, সমাজধাৰা আৰু দিশ দিলে অন্ধবিশ্বাস দূৰীকৰণ কৰি বিজ্ঞানসন্মত দৈনন্দিন চিন্তাধাৰাৰ ৰূপৰেখা অংকন কৰিব পাৰিম।