সাংস্কৃতিক মহাৰণ ।। বৰ্ণালী বৰুৱা দাস
মুক্ত চিন্তা।একাদশ বছৰ।। ৫ম সংখ্যা
ব্যস্ত নগৰ-মহানগৰৰ তিনিআলিত বা গাঁৱৰ নিৰিবিলি আলিমূৰত আকাশৰ ফালে মূৰ তুলি চাইছে নে? দেখিব আকাশ আঁৰ কৰি ওলমি ৰোৱা ৰং-বিৰঙী বেনাৰ বা হৰ্ডিংবোৰৰ মাজত ‘মহাৰণ’ত ৰণ কৰিবলৈ ৰণুৱা বিচাৰি দিয়া আমন্ত্ৰণো কম নহয়। প্ৰথমে চৰকাৰী উদ্যোগত হোৱা ‘খেল-মহাৰণ’ৰ আমন্ত্ৰণ দেখিছিলোঁ। তাৰ পাছত আৰু ৰাইজ বহি থকা নাই। নাট-মহাৰণ, গান-মহাৰণ, আবৃত্তি-মহাৰণ ইত্যাদি ইত্যাদি বিভিন্ন ‘মহাৰণ’ত ভাগ ল’বলৈ নিতৌ ‘সাংস্কৃতিক ৰণুৱা’ক হাত বাউলি দিব লাগিছে। আকাশলৈ মূৰ তুলি আজিকালি চোৱাই নহয়। মূৰ গুজি থোৱা থাকে হাতৰ মুঠিত থকা ফ’ৰ জি-ফাইভ জিৰ মহাবিশ্বখনলৈ। গতিকে আকাশ আঁৰ কৰি বেনাৰবোৰ নেদেখিলেও হাতৰ ম’বাইলটোত এই ‘মহাৰণ’ৰ খবৰ নোপোৱাকৈ নাথাকে। তাত এই ‘মহাৰণ’বোৰ আৰু দূৰন্ত গতিত চলি থাকে। ‘সংগীত মহাৰণ’, ‘মিউজিক ৱাৰ’, ‘বেটল অব বেণ্ডচ’ আৰু কত কি! আজি এই ‘অবিৰাম মহাৰণ’বোৰত সংগীতৰ ভূমিকা আৰু কিছু আনুসংগিক প্ৰসংগৰ কথাই আলোচনা কৰিবলৈ লৈছোঁ।
আমেৰিকাৰ কিংবদন্তি লোকগায়ক-গীতিকাৰ উডি গাথ্ৰীয়ে নিজৰ গীটাৰখনত লিখি লৈছিল — This machine kills fascists. সংগীতক অন্যায়, ফেচিবাদ, বৈষম্য আৰু শোষণৰ বিৰুদ্ধে সংগ্ৰামৰ অস্ত্ৰ হিচাপে গ্ৰহণ কৰাৰ বাবে ই আছিল এক ৰাজনৈতিক-সাংস্কৃতিক ঘোষণা। সমাজত চলি থকা অন্যায়, বৈষম্য, শোষণ বঞ্চনা আদিৰ বিৰুদ্ধে সংগীতক অস্ত্ৰ ৰূপে প্ৰয়োগ কৰা এনে মহান শিল্পী যে কেৱল উডি গাথ্ৰীয়েই আছিল এনে নহয়। বিশ্বৰ বহু শিল্পীয়ে একেধৰণৰ ধাৰণাকে বিভিন্ন ভাষা আৰু প্ৰেক্ষাপটত প্ৰকাশ কৰিছে। চিলিৰ গণআন্দোলনৰ প্ৰতীক গায়ক ভিক্টৰ জাৰাই কৈছিল—“My song is not for praise or fame. My song is for the scaffold to reach the stars.” মোৰ গান প্ৰশংসা বা খ্যাতিৰ বাবে নহয়; মোৰ গান হৈছে মানুহক উচ্চতৰ স্বপ্নলৈ লৈ যোৱা এক মাধ্যম। নাইজেৰিয়াৰ সংগ্ৰামী শিল্পী ফেলা কুটিয়ে (Fela Kuti) সংগীতক ঔপনিৱেশিকতা, সামৰিক শাসন আৰু দুৰ্নীতিৰ বিৰুদ্ধে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। আড়ষ্টতাবিহীনভাৱে তেওঁ কৈছিল সংগীত হৈছে ভৱিষ্যতৰ অস্ত্ৰ — “Music is the weapon of the future.” বিশ্বৰ সাংস্কৃতিক ৰাজনৈতিক ইতিহাসত এনে অনেক উদাহৰণ সোণালী আখৰেৰে লিখা আছে। আমাৰ অসমৰ প্ৰেক্ষাপটতো একেটা পথেৰে বাট বুলিছিল জ্যোতি, বিষ্ণু, হেমাংগ, ভূপেন আদিয়ে। সংগীতৰ এই ধাৰাটো হৈছে গণ সংগীতৰ ধাৰা। অৱশ্যে এই কথাও সকলোৰে জ্ঞাত যে সংগীতক আত্মমগন শিল্পৰ ৰূপত আৰু মানুহৰ মাজত মনোৰঞ্জনৰ আহিলাৰ ৰূপত, — এই দুয়োটা ধৰণেৰে চৰ্চা কৰাৰ ধাৰাও অনাদি কালৰ পৰাই চলি আহিছে। কিন্তু মুক্ত বজাৰ অৰ্থনীতিৰ চৰম সীমাত উপনীত হোৱা বৰ্তমান সমাজত সংগীত বা সামগ্ৰিকভাৱে সমূহ সাংস্কৃতিক মূল্যবোধলৈ আমূল পৰিৱৰ্তন আহিছে। আধুনিক মুক্ত বজাৰ অৰ্থনীতি আৰু গণমাধ্যমৰ বিস্তাৰৰ লগে লগে সংগীতো এক বৃহৎ উদ্যোগত পৰিণত হৈছে। আজিৰ সংগীত কেৱল শিল্প নহয়; ই এক পণ্য, যাৰ উৎপাদন, বিপণন আৰু বিক্ৰী হয় বজাৰৰ নিয়ম অনুসৰি। বজাৰৰ এইটোৱেই অভ্ৰান্ত নিয়ম যে বস্তু এটা যিমানে বিক্ৰী হয়, সিমানেই সি মূল্যৱান বুলি স্বীকৃতি পায়। ফলস্বৰূপে কম সময়, কম শক্তি খৰচ কৰি সৰ্বাধিক মনোৰঞ্জন লাভ কৰাটোৱেই যেন সংগীতৰ গ্ৰাহকৰো একমাত্ৰ কাম্য হৈ পৰিল। গান এটাৰ কথাই মগজুত আঘাত কৰি থাকিব, নিৰ্মম বাস্তৱতাৰ সৈতে মুখামুখি কৰাব, সেই নিৰ্মম বাস্তৱতাৰ পৰা উদ্ধাৰ পোৱাৰ পথ বিচাৰিবলৈ বাধ্য হ’ব — এনেধৰণৰ পীড়াদায়ক (!) অভিজ্ঞতা লাভ কৰাতকৈ, ধনতান্ত্ৰিক ব্যৱস্থাই চেপি খুন্দি জৰ্জৰিত কৰা জীৱনটোত যিকণ সময় পোৱা যায় সেইকণত ক্ষন্তেকীয়া আমোদ-প্ৰমোদত মত্ত হৈ বাস্তৱক পাহৰি থকাতেই সকলো শ্ৰেণীৰ মানুহে শান্তি বিচাৰি পায়। এই কামটো পৰিকল্পিতভাৱেও কৰা হয়। সেয়েহে দিনে দিনে পাতলীয়া কথাৰ ৰীলেৰে সংস্কৃতিৰ বৰঘৰ চানি ধৰিছে। আন নালাগে সংগীত শিক্ষাৰ ক্ষেত্ৰতো বা যি কোনো কলা-শিক্ষাৰ ক্ষেত্ৰতো এই প্ৰৱণতাৰেই পয়োভৰ। এইবোৰৰ বাবে প্ৰয়োজন হোৱা ঐকান্তিক সাধনাৰ প্ৰশ্নটো এতিয়া অচল টকা হৈ পৰিছে। সন্তানৰ কণ্ঠত ‘সা’ ফুটিল কি নুফুটিল তাক প্ৰদৰ্শন কৰি ভিউৱাৰ্চ হিচাপ কৰাৰ কাম আৰম্ভ হৈয়েই যায়। তাৰ লগে লগে আহে আনক পিছ পেলাই আগবাঢ়ি যোৱা প্ৰতিযোগিতাৰ নিগনি দৌৰ। আজিকালি টেলিভিছন, সামাজিক মাধ্যম আৰু বিভিন্ন প্ৰতিযোগিতাৰ জৰিয়তে সংগীতক অধিকাংশ ক্ষেত্ৰতে এক প্ৰতিযোগিতামূলক দক্ষতা হিচাপে উপস্থাপন কৰা হয়। প্ৰথমেই উল্লেখ কৰা ‘সংগীত মহাৰণ’, ‘মিউজিক ৱাৰ’, ‘বেটল অৱ দ্য ব্যাণ্ডছ’ ‘ইণ্ডিয়ান আইডল’, ‘অসম আইডল’ আদি নামসমূহে অজানিতেই এটা বিশেষ মানসিকতা গঢ়ি তোলে— সংগীত যেন আত্মপ্ৰকাশ বা সমষ্টিগত সংস্কৃতিৰ মাধ্যম নহয়, বৰং নিজৰেই সতীৰ্থক পৰাস্ত কৰাৰ এক অস্ত্ৰহে। এনে অৱস্থাত সংগীতৰ মূল লক্ষ্য সহযোগিতা, সামাজিক সংযোগ আৰু মানৱীয় অনুভূতিৰ বিকাশৰ সলনি কেৱল জয়-পৰাজয়ত সীমাবদ্ধ হৈ পৰে।
ইয়াৰ লগত আৰু এটা প্ৰশ্ন জড়িত হৈ আছে। সি হৈছে সমাজৰ ‘মূল শত্ৰু’ক চিনাক্ত কৰাৰ প্ৰসংগটো। সমাজত দৰিদ্ৰতা, বৈষম্য, সাম্প্ৰদায়িকতা, লিংগ বৈষম্য, পৰিৱেশ ধ্বংস বা গণতান্ত্ৰিক অধিকাৰৰ সংকোচনৰ দৰে ডাঙৰ ডাঙৰ ব্যৱস্থাগত সমস্যা বিদ্যমান। কিন্তু সাংস্কৃতিক ক্ষেত্ৰত যদি সকলো শক্তি একে পেচাৰ শিল্পীৰ লগত প্ৰতিযোগিতাত ব্যয় হয়, তেন্তে সমাজৰ এই গভীৰ সমস্যাবোৰৰ ওপৰত মনোযোগ দিব কোনে? যাৰ পৰা সমাজে অধিক সংবেদনশীলতা আশা কৰে, যাৰ কণ্ঠত বা হাতত অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ বন্দুকতকৈও শক্তিশালী অস্ত্ৰ আছে সেইসকলে সদায় নিজৰ মাজতেই ‘মহাৰণ’ কৰি থাকিলে প্ৰকৃত সমস্যাৰ উৎপত্তিস্থললৈ অস্ত্ৰ পোনাব কোনে? নিজৰ মাজতে ‘মহাৰণ’ত ব্যস্ত কৰি ৰাখি সমাজৰ মূল সমস্যাৰ প্ৰতি আওকণীয়া কৰি পেলোৱাৰ যি পৰিকল্পিত কছৰৎ এচামে কৰাই আছে সেই শক্তিৰ বিৰুদ্ধে প্ৰকৃত ‘মহাৰণ’ কৰিব কোনে? নিজৰ হাতৰ গীটাৰখনক ফেচিষ্ট নিধন কৰাৰ যন্ত্ৰ বুলি দাবী কৰাৰ সাহসী মানসিকতা আমি এইসকল নিজৰ মাজতে ‘মহাৰণ’ত ব্যস্ত থকা ‘ৰণুৱা’ৰ পৰা আশা কৰিব পাৰিম জানো?
সেয়েহে প্ৰশ্নটো সংগীতত প্ৰতিযোগিতা থাকিব নে নাথাকিব, সেইটো নহয়। প্ৰশ্নটো হ’ল—আমাৰ সংগীতৰ লক্ষ্য কি? যদি সংগীত কেৱল ব্যক্তিগত খ্যাতি, বজাৰৰ চাহিদা বা সতীৰ্থক পিছ পেলোৱাৰ মাধ্যমত পৰিণত হয়, তেন্তে সি সমাজৰ ৰূপান্তৰৰ শক্তি হেৰুৱায়। কিন্তু যদি সংগীত মানুহৰ জীৱনৰ বাস্তৱতা, শোষণ-বঞ্চনা, বৈষম্য আৰু অন্যায়ৰ বিৰুদ্ধে মানুহক চিন্তা কৰিবলৈ, সংগঠিত হ’বলৈ আৰু সপোন দেখিবলৈ অনুপ্ৰাণিত কৰে, তেন্তে সি পুনৰ গণসংগীতৰ ঐতিহ্যলৈ উভতি যাব পাৰে।
আজিৰ সময়ত সেই ধাৰাটোক নতুন সামাজিক বাস্তৱতাৰ লগত সংযোগ কৰি আগুৱাই নিয়াৰ দায়িত্ব প্ৰগতিশীল চিন্তাৰ সাংস্কৃতিক কৰ্মীসকলৰ ওপৰতেই ন্যস্ত হৈ আছে। এই কাম ব্যক্তিগতভাৱে দুই এজন শিল্পীয়ে বিচ্ছিন্নভাৱে কৰিলে যথেষ্ট নহ’ব; সংগঠিত আৰু সুপৰিকল্পিত সাংস্কৃতিক প্ৰচেষ্টাৰেহে ই সম্ভৱ। কিয়নো সমাজত প্ৰকৃত ‘মহাৰণ’ নিজৰ মাজত নহয়—অন্যায়, বৈষম্য, সাম্প্ৰদায়িকতা, ফেচিবাদী প্ৰৱণতা আৰু মানুহক মানুহৰ পৰা বিচ্ছিন্ন কৰি পেলোৱা সকলো শক্তিৰ বিৰুদ্ধে। সেই মহাৰণত সংগীত পুনৰ এবাৰ অস্ত্ৰ হৈ উঠক—এই আশা আৰু দায়বদ্ধতাই হওক আমাৰ সাংস্কৃতিক যাত্ৰাৰ প্ৰেৰণা।

