তলাবন্ধ ।। ৰীতা বৰুৱা
মুক্ত চিন্তা। একাদশ বছৰ।। ৪ৰ্থ সংখ্যা
হঠাৎ তোমালোকে ক’লা
‘তলাবন্ধ’
আমি মানি ল’লোঁ
আমি আমাৰ ভৰিবোৰ বন্ধ কৰিলোঁ
আমি আমাৰ হাতবোৰ বন্ধ কৰিলোঁ
আমি আমাৰ চকুবোৰ বন্ধ কৰিলোঁ
আমি আমাৰ মুখবোৰ
মুখবোৰনো আমাৰ খোলা আছিল কেতিয়া!
আমি আমাৰ কাণবোৰ
কাণবোৰ কাণিদুৱৰীকৈ ৰাখিলোঁ তোমালোকৰ বাবে
বন্ধ কৰিলোঁ আমাৰ আশা, আকাংক্ষা
হেঁপাহৰ সকলো দুৱাৰ…
বন্ধ কৰিলোঁ আমি আনকি
আমাৰ পেটবোৰো
এদিন
দুদিন
তিনিদিন
……
……
তাৰপাছত?
তাৰপাছত
আমাৰ ভৰিবোৰে
তলা ভাঙিলে!

