এই সময় ।। মৃদুল হাজৰিকা
মুক্ত চিন্তা। একাদশ বছৰ।। ৪ৰ্থ সংখ্যা
সামগ্ৰীৰ মূল্য বাঢ়িছে
বাঢ়িবলৈ দিয়া,
অগ্নি সৌকাৰে
আমাৰ শৰীৰ পিহিছে,
পিহিবলৈ দিয়া,
ওস্তাদৰ খেলত জকমকীয়া বস্ত্ৰ
পিন্ধিবলৈ দিয়া,
খাবলৈ দিয়া সিহঁতক
মনৰ পূৰ্ণতাৰে
পিয়লা ভৰা মদিৰা
আগবঢ়াই দিয়া
স্বৰ্ণখচিত আসন,
মাথো তুমি নুজুখিবা
একেবাৰেই নুজুখিবা
মূল্য বৃদ্ধিৰ উচ্চতা।
নাগৰিকৰ বাৰু
কিমান উচ্চতা?
মূল্যৰ চৰা দামে
এই কথা নাভাৱে,
উচ্চতাৰ প্ৰতিযোগিতাত
আমি হেৰাই হেৰাই
কল্যাণকামী দেশৰ
জনতাৰ বুকুৰ স্পন্দন গজে
শতেক বীজৰ হতাশা।
সৌ পাহাৰৰ উচ্চতাক
ফেৰ মাৰিবলৈহে
মূল্য বৃদ্ধি
আজি সাজু,
আমাৰ উচ্চতা
ক্ৰমশঃ কমিছে
মান্যতাৰ অসাৰ স্বপ্ন
মাটিত মিলিছে।
গতিকে—
দেশখন জ্বলিছে জ্বলক
ৰাইজখন মৰিছে মৰক
সম্পদ হেৰুৱাই
গণতন্ত্ৰ উটিছে
ধনীকৰ
কোবাল সোঁতত।
তুমি
চকু মুদি চুই থাকা
দুশ্চিন্তাৰ সীমনা,
আমিও এলাহৰ শিতানত
হুমুনিয়াহ সলাই সলাই
চাই আছোঁ
আখলৰ মজিয়া,
ৰজাৰ দেশত
প্ৰজাৰ বেশেই এনেকুৱা
মাথো অপেক্ষাৰ বাট
যদিও দীঘলীয়া।
ৰৈ আছোঁ,
ৰৈ থাকিম, ৰৈ থাকা
শূন্যত মেলি লৈ দুহাত,
পেটত
যেতিয়ালৈকে নগজে
ভোকাগ্নি বীজৰ ধুমুহা।

