গল্প-কবিতা

আই, তোৰ কথা কোনে ভাবিছে? ।। হেমামণি দাস

মুক্ত চিন্তা। একাদশ বছৰ।। তৃতীয় সংখ্যা

(১)
আই,
তোৰ কথা কোনে ভাবিছে?
গোলকীয় উষ্ণতাত তোৰ দেহা দহিছে
হাওঁফাওঁ বিষাক্ত বায়ুয়ে ছানি ধৰিছে,
আবতৰীয়া জলবায়ুত
বুকুৰ বিষুৱীয় বৰফ গলিছে।
ক্ষোভবোৰ তোৰ গৰ্ভত লাভা হৈ জ্বলিছে।
তথাপিও আই,
তোৰ কথা কোনে ভাবিছে?
(২)
সকলো চোন নিজক লৈ ব্যস্ত
কোনোৱে কাঁটা তাঁৰেৰে
চাৰিসীমা বান্ধিছে,
তোৰ বুকু ফালি চিৰাচিৰ কৰি
ন-ন ৰাষ্ট্ৰ গঢ়িছে।
কূটনীতি, ৰাজনীতি,
আতংকবাদ, সন্ত্ৰাসবাদ
সকলোৱে উঠি পৰি লাগিছে
যেন তোৰ বুকুৰ
ভৌগোলিক মানচিত্ৰ বাৰে বাৰে
সলনি কৰাৰ প্ৰয়াস কৰিছে।
ৰুদ্ধদ্বাৰ বৈঠকবোৰত
ঘনে ঘনে সলনি হৈছে ৰণনীতি।
ষড়যন্ত্ৰ চলিছে, চক্ৰবেহু সাজিছে।
মাজে মাজে,
শক্তি প্ৰদৰ্শনৰ কুচ-কাৱাজো চলিছে।
চৌদিশে ঘৃণাৰ বিষবাষ্প উৰিছে।
হিংসা-প্ৰতিহিংসাৰ তূহঁজুইত
উমি উমি জ্বলিছে মানৱ সভ্যতা।
মহাপ্ৰলয়ৰ অশুভ সংকেত
বনজুইৰ দৰে বিয়পি পৰিছে।
শংকিত-কম্পিত জনতাই
ত্ৰাহি মধুসূদন গণিছে।
আই, তোৰ কথা কোনে ভাবিছে?
(৩)
এইবাৰ আমি জনতাই মহাযজ্ঞ পাতিম।
আই! তোৰ বুকুলৈ
শান্তি কোনবাটে আহে? গান্ধীক সুধিম,
সুধিম নেলছন মেণ্ডেলা আৰু
মাদাৰ টেৰেছাক ।
প্ৰয়োজনত,
মোলাইলৈ গৈ শিকি আহিম
তোক শীতল কৰাৰ তন্ত্ৰ ,
হাওঁফাওঁ নিকা কৰাৰ মহামন্ত্ৰ।
চিন্তা নকৰিবি আই,
এইবাৰ তোৰ কথা
তোক ভালপোৱা
সন্তানবোৰে ভাবিম।
তোৰ কথা ‘আমিবোৰে’ ভাবিব।

Leave a Reply

Your email address will not be published. Required fields are marked *