অনুবাদকবিতা

সূতপুত্ৰ ৰাধেয়ৰ কবিতা: অনুবাদ: ঋষিৰাজ সেন

মুক্ত চিন্তা। দ্বাদশ বছৰ। প্ৰথম সংখ্যা

কবি পৰিচয়: সূতপুত্ৰ ৰাধেয় বৰ্তমান ভাৰতত বাস কৰা এগৰাকী কবি যাৰ ইংৰাজী কবিতা বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনী, ব্লগ আৰু সংকলনত প্ৰকাশ হৈছে। তেওঁৰ শেহতীয়া ইংৰাজী কাব্য সংকলন Served Cold from the Refrigerator খন ২০২৬ বৰ্ষত Red River Press ৰ পৰা প্ৰকাশ পাইছে। কবি হিচাপে তেওঁ বিষয়বস্তুত নতুনত্বৰ সন্ধান কৰি ফুৰে আৰু প্ৰায়ে শৈলী, উপমা আৰু ভাষাৰ সৈতে সম্পৰীক্ষা কৰিবলৈ ভাল পায়।

চাহৰ কাপ

গাখীৰ-ৰঙী সুদৃঢ়
কফী হাউছৰ এই দেৱাল

উৰ্দ্ধপুৰুষীয় বিমূৰ্ত গৌৰৱ

গাড়ীৰ খিলখিলনি
ইস্ত্ৰি কৰা পোছাক পিন্ধি
গভীৰ চিন্তাত মগ্ন অভিজাত

সময় যেনেকৈ বাঢ়ে
বাঢ়ি গৈ থাকে
চাহৰ কাপ
*
তেজৰঙা পুষ্টিহীন হাতেৰে
লাহে লাহে আঁকে সি চাহৰ ছবি

প্ৰায়ে জৰাজীৰ্ণ হৈ পৰা জুপুৰীত
শান্তি বিচাৰি ফুৰে

মাতাল মানচিত্ৰ তাৰ মনৰ
বাগানৰ বান্ধত বন্দী

বতৰ সলনি হয়
কিন্তু কাষত সদায় থাকে
চাহৰ কাপ


Leave a Reply

Your email address will not be published. Required fields are marked *